নানকাটা বিস্কুট ৰেচিপি
নানকাটা বিস্কুট ৰেচিপি
মালবিকা দাস
মালবিকা দাস
তৃতীয় ষান্মাষিক
তৃতীয় ষান্মাষিক
জে.বি আইন মহাবিদ্যালয়
জে.বি আইন মহাবিদ্যালয়
সামগ্ৰী :
সামগ্ৰী :
এক কাপ ঘী/বাটাৰ
এক কাপ ঘী/বাটাৰ
ডেৰ কাপ গুৰি চেনি
ডেৰ কাপ গুৰি চেনি
এক কাপ আটা/ময়দা
এক কাপ আটা/ময়দা
এক কাপ বেচন
এক কাপ বেচন
ড্রাই ফ্রুটস
ড্রাই ফ্রুটস
এতিয়া ১ কাপ ঘী/বাটাৰ আৰু ডেৰ কাপ গুৰি চেনি লৈ গোটেইখিনি ভালদৰে মিহলি কৰিব লাগিব। ঘী/বাটাৰ আৰু গুৰি চেনিখিনি ৫/৬ মিনিটমান ভালদৰে ফেটি ল'ব লাগিব।

তাৰপিছত ১ কাপ আটা/ময়দা লৈ সেই কাপটো জোখাৰে ১ কাপ বেচন লৈ গোটেইখিনি ভালদৰে চালি লৈ একেলগে মিহলি কৰি দিব লাগিব। ২ মিনিটমানৰ কাৰণে হাতেৰে গোটেইখিনি ভালদৰে মঠি লৈ এটা ড' বনাব লাগিব

(ৰুটি বনাবলৈ যেনেকৈ আটা মৰা হয় ঠিক তেনেকৈ কৰিলেই হ'ল)।

ড'টো ভাঙি দিলে ষ্টিকি হব নালাগে। এতিয়া ড'টোৰ পৰা সৰু সৰু লাড়ু বনাই মাজত অলপ চেপেটা কৰি (পেৰাটোৰ নিচিনা) তাৰে ভিতৰত ড্রাই ফ্রুটস দিব পাৰে। ড্রাই ফ্রুটসটো অপ্সনেল হয়, নিদিলেও কথা নাই। মই জেলি আৰু কিচমিচ দিছো।

বিস্কুটকেইটা কেৰাহীতো বনাব পাৰে নাইবা অভেনতো বনাব পাৰে। এতিয়া কেৰাহীত বনাবলৈ প্ৰথমে এখন প্লেটত অলপ ঘী সানি লৈ তাতে বিস্কুটকেইটা থৈ দিলে হ'ল। আৰু অভেনত বনাবলৈয়ো এখন প্লেটত অলপ ঘী সানি লৈ তাৰে ওপৰত বিস্কুটকেইটা দিলে হ'ল। বিস্কুটখিনি অলপ গেপ কৰি থ'ব লাগে যাতে ইটো সিটোৰ গাত লাগি নধৰে।

কেৰাহীত বনাবলৈ কেৰাহীটোৰ ওপৰত এখন থাল থৈ মিডিয়াম ফ্লেমত গেছটো দি ১০ মিনিটৰ কাৰণে কেৰাহীটো গৰম হ'ব দিব লাগিব। কেৰাহীটো প্রিহিট হোৱা পিছত কেৰাহীটোৰ ভিতৰত এডাল ষ্টেন্ড দি তাৰ ওপৰত বিস্কুটৰ প্লেটখন বহাই দি কেৰাহীটো ঢাকি দিলেই হ'ল। ঢাকনিখনৰ ওপৰত ওজন থকা বস্তু এটা দিলে হ'ল যাতে গৰমখিনি ওলাই আহিব নোৱাৰে। আৰু গেছটো একেবাৰে কম কৰি ১০/১২ মিনিট বেক হ'ব দিব লাগিব আৰু মাইক্ৰ'ৱেভত বেক কৰিবলৈ কনভেকচন ম'ড অন কৰি ১০ মিনিটৰ কাৰণে প্রিহিট হ'ব লৈ দিব লাগিব। প্রিহিট হোৱা পিছত মাইক্ৰ'ৱেভটোত ৰেকডাল থৈ তাৰ ওপৰত বিস্কুটৰ প্লেটখন বহাই দিব লাগিব। এতিয়া কনভেকচন ম'ডত ১৮০ ডিগ্ৰীত ১৫ মিনিটৰ কাৰণে বেক হব দিব লাগিব আৰু ১৫ মিনিটৰ পিছত নানকাটা বিস্কুট তৈয়াৰ হৈ যাব।