প্ৰশ্ন ১: আপোনাৰ দৃষ্টিত কবিতা সৃষ্টিৰ আঁৰৰ ৰহস্য কি?
বৰ্মন: কবি হোৱাৰ দুৰাকাংক্ষা!
প্ৰশ্ন ২: কবিতাই সমাজ পৰিৱৰ্তন কৰে, আপুনি এই কথাষাৰ বিশ্বাস কৰেনে?
বৰ্মন: কবিতাই মানুহৰ অন্তৰজগতৰ পৰিবৰ্তন সাধন কৰে।মানসিকতাত প্ৰভাৱ পেলায়।ইয়াৰ প্ৰভাৱ ধীৰ।সময় সাপেক্ষে ই পৰিবৰ্তনৰ বতাহ তীব্ৰতৰ কৰিব পাৰে।
প্ৰশ্ন ৩: আপোনাৰ দৃষ্টিত অনুজ কবি এজনে কেনেদৰে সৃষ্টিৰ পথাৰখন কৰ্ষণ কৰা উচিত?
বৰ্মন: গভীৰ মনোযোগেৰে কবিতাৰ অধ্যয়নেৰে,পৰম্পৰাৰ ওচৰত ঋণী হৈ ,নৈৰ্ব্যক্তিক হৈ নতুন কাব্য ভাষাৰ আবিষ্কাৰৰ সাধনাৰে।
প্ৰশ্ন ৪: দেখা যায় যে, এজন সফল কবিয়ে আন এজন বিফল কবিৰ কবিতা প্ৰায়ে নপঢ়ে আৰু নপঢ়াকৈয়ে কবিতাটিৰ ওপৰত বিৰূপ মন্তব্য প্ৰদান কৰে। এজন সফল কবি হিচাপে সেই বিফল কবিজনক আগবঢ়াই নিবলৈ আপুনি কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব?
বৰ্মন: কাৰ কবিতা কোনে পঢ়িব সেই কথাত কোনেও কাকো হস্তক্ষেপ কৰিব নোৱাৰে ।ভাল কবিতা হ'লে সকলোৱে পঢ়িব।বেয়া কবিতা কোনেও নপঢ়ে ।কবিৰ সফল বিফল কোনে নিৰূপণ কৰিব?কবিৰ নিজৰ সৃষ্টিৰ ওপৰত নিজৰে দায়িত্ব অধিক।এজন কবিয়ে নিজৰ কবিতাৰ উত্তৰণৰ বাবে নিজে কষ্ট কৰিব লাগিব-অধ্যয়ণ পৰ্যবেক্ষণ সকলোতে গভীৰ মনোনিবেশেৰে ।জ্যেষ্ঠ বা শ্ৰেষ্ঠ জনৰ ঘৰৰ দুৱাৰমুখত ৰৈ নহয় ।