সমুজ্জ্বল শৰ্মা
কটন ৰাজ্যিক বিশ্ববিদ্যালয়
অসম আন্দোলন! প্ৰতিজন প্ৰকৃত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এক সুবৰ্ণ অতীত।শেহতীয়াকৈ অসমবাসীয়ে প্ৰত্যক্ষ কৰা 'কা'আন্দোলনৰ লেখীয়াই অথচ দ্বিমতহীন আন এক আন্দোলন আছিল অসম আন্দোলন।অসম ছাত্ৰ সন্মিলনৰ বাল্যাৱস্থাৰ পৰা একলা-দুকলাকৈ বাঢ়ি আহি গঢ় লোৱা সদৌ অসম ছাত্ৰ সন্থা আৰু অসমত বিদেশী বিতাড়ণ সমস্যা দূৰ কৰিবলৈ এই ছাত্ৰশক্তিয়ে লোৱা উদ্যমৰ এক শক্তিশালী বান্ধোন আছিল অসম আন্দোলন।১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ এই বিশেষ সময়ছোৱা আছিল অসমীয়া জাতিৰ সপোন-দিঠকৰ মাজৰ এখন আটোমটোকাৰিকৈ বন্ধা সেঁতু।এই সময়ছোৱাতেই এহাতে বন্দুক লৈ এচাম নৱপ্ৰজন্মই বছৰ বছৰ ধৰি সহ্য কৰি অহা গ্লানি-লাঞ্ছনাৰ ওৰ বিচাৰি স্বাধীন অসমৰ স্বপ্ন লৈ গতি কৰিছিল জংঘললৈ,আকৌ আন এচাম যুৱকে কুণ্ঠাবোধ কৰা নাছিল অসমী আইৰ সুৰক্ষাৰ হকে বুকুত গুলি পাতি ল'বলৈ।কালান্তত ৮৬০ জন শ্বহীদৰ ডেকা তেজেৰে ৰাঙলী হৈছিল অসমী আইৰ বুকু, পোৱা-নোপোৱাৰ দোমোজাত থিয় হৈ ৰৈছিল অসমীয়া জনগণ।আকৌ আনফালে অসমে হেৰুৱাইছিল স্বাধীন অসমৰ স্বপ্নদৰ্শী অগণিত অইন এচাম অসমীয়া ডেকাক।অসম চুক্তি স্বাক্ষৰিত হ'ল,বহু নেতা মন্ত্ৰী হ'ল,শুদা হ'ল বহু মাতৃৰ বুকু,কিন্তু তথাপিও জ্বলি ৰ'ল এক জলন্ত শিখা,সপোনৰ স্বাধীন অসমৰ।
অসম আন্দোলনৰ এই সুদীৰ্ঘ সংগ্ৰামী সময়ছোৱাৰ সঠিকভাৱে বিশ্লেষণ কৰিবলৈ আগবাঢ়িলে এই কথা অনস্বীকাৰ্য যে আলফাৰ জন্মৰো পটভূমি আছিল অসম আন্দোলন।অসম আন্দোলন আৰু আলফাৰ এই নৈতিক আদৰ্শবিৰোধী অথচ সমান্তৰাল উদ্দেশ্যধৰ্মী সংগ্ৰাম আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে সাইলাখ একে।ভাৰতৰ স্বাধীনতা সংগ্ৰামটো সমান্তৰাল উদ্দেশ্যধৰ্মী অথচ পৰস্পৰ আদৰ্শবিৰোধী সশস্ত্ৰ(বসুপন্থী) আৰু অহিংসাবাদী(গান্ধীবাদী) এই দুই গোটৰ অৱস্থিতি পৰিলক্ষিত হৈছিল।ইতিহাসৰ পাঠ খুঁচৰিলে এই কথাও অতি স্পষ্টভাৱে পৰিলক্ষিত হয় যে অসম আন্দোলনৰ কেতবোৰ মূল তত্ত্বৰো বিকাশ ঘটিছিল আলফাৰ উত্থানৰ পৰৱৰ্তী সময়তহে।গতিকে এই কথা ক'লে ভুল কোৱা নহ'ব যে আলফাই যিদৰে অসম আন্দোলনৰ পটভূমিত নিজৰ ভেটি শক্তিশালী কৰিবলৈ উঠি-পৰি লাগিছিল,ঠিক তেনেদৰেই অসম আন্দোলনৰ নেতৃবৰ্গইও আলফাৰ উত্থানৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰি আন্দোলনকেন্দ্ৰিক তত্ত্বৰ বিকাশ ঘটাইছিল।আলফাৰ মুকলি উত্থানৰ পূৰ্বলৈকে অসম আন্দোলনৰ নেতৃবৰ্গই মাথো অসমত অবৈধ বিদেশীৰ সমস্যাৰ কথাৰেই কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাত ব্যস্ত আছিল;কিন্তু আলফাৰ উত্থানৰ পৰৱৰ্তী সময়ত আলফাৰ সংগ্ৰামৰ পৰা আন্দোলনৰ তত্ব আহৰণ কৰি অসম আন্দোলনৰ নেতৃবৰ্গই অসমত কেন্দ্ৰৰ যি আভ্যন্তৰীণ ঔপনিবেশিকতা,তাৰ বিৰুদ্ধে স্পষ্টকৈ মাত মাতিছিল।
অসম আন্দোলনৰ পটভূমিৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি এই কথা মনত ৰখা উচিত যে অসম আন্দোলনৰ দগমগীয়া জুইকুৰা হঠাতে প্ৰস্ফুটিত হোৱা জুই নাছিল,প্ৰতিজন প্ৰকৃত অসমীয়াৰ অন্তৰত এই জুইকুৰা কোনোবাদিনাৰ পৰাই জ্বলি আছিল।তাৰ মাথো বহিঃপ্ৰকাশ ঘটিছিল ১৯৭৯ চনত;১৯৭৯ চনৰ ২৮ মাৰ্চৰ দিনা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যু হয়।তেওঁৰ মৃত্যুৰ পিছত মঙলদৈ সমষ্টিত উপ-নিৰ্বাচন চলাবলৈ যেতিয়া ভাৰতীয় নিৰ্বাচন আয়োগে যো-জা চলাই,তেতিয়াই অসমলৈ অবৈধ বিদেশী আগ্ৰাসনৰ এক ভয়ংকৰ তথ্য চৰকাৰী সূত্ৰৰ দ্বাৰা প্ৰকাশিত হয়।অসম পুলিচৰ সীমান্ত শাখাৰ তৎকালীন ডি আই জি আৰু সীমান্ত শাখাৰ তৎকালীন আৰক্ষী অধীক্ষক প্ৰেমকান্ত মহন্তই মঙলদৈ মহকুমাৰ ছাত্ৰ সন্থাক যোগান ধৰা এই তথ্যানুসাৰে ১৯৬৭ চনৰ ভোটাৰ তালিকাত নাম নথকা প্ৰায় ৪৫,০০০ সন্দেহজনক লোকৰ নাম ১৯৭৭ চনৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।পৰৱৰ্তী সময়ত মঙলদৈ ছাত্ৰ সন্থাৰ পৰা এই খবৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ ওচৰলৈ প্ৰেৰণ কৰা হয় আৰু পৰিণতিত অসম ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ হেমাহি আৰু দুৰ্নীতিৰ বিৰুদ্ধে আছুৱে ১৯৭৯ চনৰ ২৪ মে তাৰিখে বাতৰিকাকতৰ বিবৃতিযোগে ৮ জুন তাৰিখে সৰ্বাত্মক অসম বন্ধ পালন কৰাৰ বাবে অসমৰ ৰাইজক আহ্বান জনায়।এয়াই আছিল অসম আন্দোলনৰ আৰম্ভনি,পৰৱৰ্তী সময়ত আছুৱে নেতৃত্ব লোৱা এই আন্দোলনৰ সৈতে অসমৰ আন আন জাতীয় সংগঠনসমূহো জড়িত হয়।সমকালীন ভাৱে একে বৰ্ষৰ ৭ এপ্ৰিল তাৰিখে শিৱসাগৰৰ তলাতল ঘৰত উজনি অসমৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰায় বিশজন যুৱকৰ মাজত চলা এক দীঘলীয়া আলোচনাৰ অন্তত জন্ম হ'ল ভাৰতৰ ৰাষ্ট্ৰবাদী নীতিৰ বিৰোধী তথা অসমৰ সাৰ্বভৌমত্বৰ দাবীৰ অনুপন্থী সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা।এই দীঘলীয়া আলোচনাত এক কথা থিৰাং কৰা হৈছিল যে অসম কোনোদিন ভাৰতৰ অংগ নাছিল আৰু সেয়েহে ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি অসমে ভাৰত ৰাষ্ট্ৰৰ পৰা প্ৰাপ্য নায্য কোনোদিনেই লাভ নকৰে,তদুপৰি অহিংসা নীতিৰে অস্ত্ৰ-শস্ত্ৰবিনে অসমক ভাৰতৰ পৰা স্বাধীন কৰোৱা সম্ভৱ নহয়;গতিকে নিশ্চিতভাৱে এই সংগ্ৰাম হ'ব সশস্ত্ৰ আৰু দীৰ্ঘম্যাদী,আলফাৰ প্ৰতিজন সদস্য নৈতিকভাৱে এই সংগ্ৰামৰ প্ৰতি জীৱনৰ শেষবিন্দু ৰক্তপৰ্যন্ত দায়বদ্ধ থাকিব।
অসম আন্দোলনৰ সময়ত আছুৰ মজিয়াত স্বাভাৱিকতেই চৰকাৰবিৰোধী ভালেমান নেতা-পালিনেতাৰ প্ৰৱেশ ঘটিছিল।পৰস্পৰ আদর্শবিৰোধী এনে ন-আছুৰ একাংশ আছিল বাওঁপন্থী আদৰ্শত বিশ্বাসী,আকৌ আন একাংশ অসমীয়া জাতীয়তাবাদী প্ৰবীণ সদস্য আছিল সোপন্থী আদৰ্শত বিশ্বাসী।স্বাভাৱিকতেই একেখন মজিয়াতেই এই দুই আদৰ্শৰ মতবিৰোধ হৈছিল;যি সময়ত আছুৰ প্ৰবীণ সদস্যসকলে ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লৈছিল,একেই সময়ত আন একাংশ নবীন কত্তৰ বাওঁপন্থী সদস্যৰ ধাৰণা আছিল যে ভাৰতীয় সাংবিধানিক গণ্ডী অসমৰ ক্ষেত্ৰত যথেষ্ট সংকীৰ্ণ আৰু অসমে দীৰ্ঘসময়তো ইয়াৰ পৰা বিশেষ সুফল লাভ নকৰিব।আলফাৰ নীতি-আদৰ্শৰ সৈতে এই বাওঁপন্থী আদৰ্শত বিশ্বাসী আছুৰ সদস্যসকলৰ যথেষ্ট মিল আছিল,যাৰ বাবে তেওঁলোকৰ বহুতেই আছু ত্যাগ কৰি পৰৱৰ্তী সময়ত সশস্ত্ৰ সংগ্ৰামৰ পথটো আঁকোৱালি লৈছিল।এনেদৰেই আগবাঢ়িছিল সংগ্ৰাম,এচামে ৰাজপথত প্ৰতিবাদৰ মাজত আৰক্ষীৰ গুলি বুকুত পাতি লৈছিল আৰু আন এচামে জঙ্গলৰ মাজত আৰক্ষীৰ সৈতে মুখামুখি সংঘর্ষত লিপ্ত হৈছিল।
এক দীৰ্ঘম্যাদী পৰিক্ৰমাৰ অন্তত আৰু প্ৰায় ৮৬০ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে অসম চুক্তি স্বাক্ষৰিত হয়,যদিও এইক্ষেত্ৰত পাৰস্পৰিক বুজাবুজিৰে আছুৰ কিছু দাবীৰ সৈতে আপোচ কৰা হৈছিল।সমকালীন ভাৱে আৰম্ভ হোৱা আলফাৰ একেই সংগ্ৰাম কিন্তু বৰ্তমানলৈ চলি আছে; যদিও আলফাৰ সেই পূৰ্বৰ জনপ্ৰিয়তা এতিয়া অসমৰ ৰাইজৰ মাজত নাই,তৎসত্বেও আজিলৈ কিন্তু আলফাই কোনো ক্ষেত্ৰতেই চৰকাৰৰ সৈতে আপোচ কৰা নাই।