কিতাপ পঢ়ি অনুভৱ
-অপৰাজিতা হাজৰিকা
স্নাতক তৃতীয় ষান্মাসিক
নৰ্থ লখিমপুৰ মহাবিদ্যালয়
সুদীৰ্ঘ জীৱন সংগ্ৰামৰ সৈতে সহৱাস কৰা আৰু কল্পনাতীত জটিলতাৰে জীৱন সমৃদ্ধ হৈ থকা এগৰাকী নাৰীৰ জীৱন,যৌৱন আৰু বৃদ্ধাৱস্থাক অংকণ কৰা অনুৰাধা শৰ্মা পূজাৰীৰ এখন চিৰন্তন সেউজ উপন্যাস "জলছবি"। জলছবিত লেখিকাই প্ৰতিফলিত কৰিছে প্ৰত্যেক মানুহৰে জীৱনৰ চৰম সত্য। উপন্যাসখনৰ আৰম্ভণিতে ব্যক্তিগত অনুভৱত অনুৰাধা শৰ্মা পূজাৰীয়ে লিখিছে—"জীৱনক লৈ
মানুহৰ তৃষ্ণাৰ অন্ত নাই। পৃথিৱীত মানুহৰ গঢ় আয়ুস বাঢ়িছে।বৃদ্ধকালক প্ৰতিৰোধ কৰাৰ ঔষধ ,ব্যায়ামৰ নিত্য নতুন চৰ্চা হৈছে। কিন্তু সুদীৰ্ঘ জীৱনে মানুহক পৰিতৃপ্তি আৰু সন্তষ্টি কিমান দিব পাৰে!"
১/ জলছবিত বৰ্ণিত হৈছে অসীম ধৈৰ্য্য ,দৃঢ়তা আৰু সাহসেৰে সাগৰসম জটিলতাক স্বীকাৰ কৰি থমকি নোৰোৱা এগৰাকী নাৰী—সুবৰ্ণজ্যোতি দেৱী। তেওঁ কবিতা লিখিছিল,ডায়েৰি লিখিছিল। তেওঁৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰে লিপিবদ্ধ ডায়েৰি দুখন তেওঁৰ ল'ৰা ছোৱালীকেইটাই গল্প পঢ়াৰ দৰে পঢ়ি তৃপ্তিও লভিছিল। অন্য এখন ডায়েৰিৰ পাতত বৰ্ণিত আছিল তেওঁৰ জীৱনৰ বহুতো কঠিন আৰু দুখ-যন্ত্ৰণাৰ জীয়া ছবি।
২/ কিশোৰীকালতেই অন্য এখন ঘৰৰ দায়িত্ব কান্ধ পাতি লোৱা সুবৰ্ণজ্যোতিৰ স্বামীৰ গৃহত আৰম্ভ হৈছিল জীৱনৰ এক নতুন অধ্যায়। সাংসাৰিক বান্ধোনত সোমাই পৰা সুবৰ্ণজ্যোতিয়ে স্বামীৰ সহায়ত বহুতো কিতাপৰ সুবাস পাইছিল, পুথিগত বিদ্যাও তেওঁ স্বামীৰ সহায়তে অৰ্জন কৰিছিল। বৈবাহিক জীৱনত দুয়ো দুয়োৰে সাৰথি হৈ পৰিছিল। তেওঁলোকৰ নিঃস্বাৰ্থ প্ৰেমৰ স্বাক্ষৰ হিচাপে তিনিটি সন্তানে তেওঁলোকৰ সাংসাৰিক জীৱন পৰিপূৰ্ণ কৰিছিল। কিন্তু তৃতীয় সন্তানটিৰ জন্মৰ আঠমাহৰ পিছতেই এটি দুৰ্ঘটনাত সুবৰ্ণৰ স্বামী ৰমেশে জ্ঞান হেৰুৱাই ৰূপান্তৰিত হৈছিল এটি জীৱন্ত মৃতদেহলৈ! স্বামীৰ এই নিৰ্মম আৰু কৰুণ অৱস্থাই সুবৰ্ণৰ জীৱনৰ গতি হঠাৎ অহা ভূমিকম্পই সকলো তল-ওপৰ কৰাৰ দৰে সলনি কৰি পেলাইছিল। সৰ্বস্ব ত্যাগ কৰি স্বামীৰ জীৱন ৰক্ষা কৰিবলৈ চিকিৎসকৰ পৰামৰ্শমতে সুবৰ্ণজ্যোতিয়ে আৰম্ভ কৰিছিল জাহাজ যাত্ৰা। শিশুৰ দৰে হৈ পৰা অচেতন স্বামীক পৰিচৰ্যা কৰি সমুদ্ৰৰ বুকুত তেওঁ দিন কটাবলৈ ধৰিছিল।জোনাক ৰাতি সমুদ্ৰৰ ঢৌবোৰত তেনেই কম বয়সীয়া সুবৰ্ণই সমৰ্পণ কৰিছিল জীৱনৰ বিষাদবোধ।
৩/ জলছবিত সুবৰ্ণজ্যোতিৰ সত্তাটি বিভিন্ন সময়ত প্ৰকাশ পাইছে তেওঁৰ গভীৰ আত্মবিশ্বাসক
কেন্দ্ৰ কৰি। কঠিন যন্ত্ৰণাময় দিনবোৰতেই সুবৰ্ণজ্যোতিয়ে আবিষ্কাৰ কৰিছে বহুতো আপোন মানুহৰ চিনাকি মুখবোৰৰ আঁৰত লুকাই থকা বিষাক্ত আৰু স্বাৰ্থপৰ মুখবোৰ। জীৱন মৰণৰ সন্ধিক্ষণত থকা স্বামীৰ জীৱন ৰক্ষা কৰিবলৈ নিজৰ জীৱন সমৰ্পণ কৰা সুবৰ্ণজ্যোতিয়ে পাকঘুৰণি খাই বাৰে বাৰে যি চাকনৈয়াত সোমাইছে ,সেই চাকনৈয়াই তেওঁক এগৰাকী সৰলমনা নাৰীৰ পৰা এগৰাকী গভীৰ আত্মবিশ্বাসী ,দৃঢ় নাৰীলৈ ৰূপান্তৰিত কৰিছে।সমস্যাৰ সমাধানে সুবৰ্ণজ্যোতিক সাহসী কৰি তুলিছে।
৪/ ৰমেশক এসময়ত সুস্থ কৰি স্বদেশ ভূমিলৈ সুবৰ্ণজ্যোতিয়ে ওভতাই আনিছিল। স্বামীক মৃত্যুমুখৰ
পৰা কাঢ়ি আনিবলৈ সুবৰ্ণই সন্তান বিসৰ্জন দিছিল। পিছে একে মাতৃৰ সন্তান ৰমেশৰ ভাতৃসকলে ৰমেশৰ সা-সম্পত্তিৰ লোভ সম্বৰণ কৰিব নোৱাৰি ৰমেশৰ জীৱন কাঢ়ি নিয়াৰ কু-বুদ্ধি ৰচনা কৰিলে,ৰমেশৰ মগজুত সুবৰ্ণৰ বিৰুদ্ধে বিদ্বেষৰ বিষক্ৰিয়া সৃষ্টি কৰালে। সুবৰ্ণজ্যোতিয়ে লাহে লাহে অনুভৱ কৰিবলৈ ধৰিলে এইজন ৰমেশৰ মাজত যেন তেওঁৰ প্ৰেমিক স্বামীজনৰ অস্তিত্ব নাই। সুবৰ্ণজ্যোতিৰ যেন নিসংগতাই একমাত্ৰ সংগী হৈ পৰিল। এসময়ত জীৱনৰ প্ৰত্যেকটো জটিলতাৰ সন্মুখীন হৈ তাৰ সঠিক উত্তৰ দিব পৰাকৈ থকা মানসিক শক্তিৰ অধিকাৰিণী সুবৰ্ণজ্যোতিয়ে নিসংগতাক জয় কৰি জীৱন উদ্যাপন কৰাত ক'ৰবাত যেন বিফল হ'ল!
৫/ সমগ্ৰ জীৱনকালত বিভিন্ন অভিজ্ঞতাৰে পুষ্ট হৈ , আনন্দ-বিষাদৰ বিশাল স্মৃতি কঢ়িয়াই ফুৰা সুবৰ্ণজ্যোতিয়ে যেতিয়া বাৰ্ধক্যৰ ফালে গতি কৰিছিল , তেতিয়া তেওঁৰ স্মৃতি বিভ্ৰম হ'বলৈ ধৰিছিল। পুত্ৰ-কন্যা, বোৱাৰী,নাতি-নাতিনীৰে পৰিপূৰ্ণ হৈ থকা ঘৰখনত আদৰ-যত্নৰ মাজত থাকিও সুবৰ্ণজ্যোতি নিসংগতাবোধত ভুগিছিল। নিজৰ পৰিচয় বিচাৰি তেওঁ পুত্ৰ-কন্যাৰ টোপনি কাঢ়িছিল।বৃদ্ধাৱস্থাত শাৰীৰিক যন্ত্ৰণাই তেওঁক চেপিছিল তথাপিও তেওঁ মৃত্যু বিচৰা নাছিল। সুস্থ হৈ জীৱনৰ অনাগত দিনবোৰত উদ্যাপন কৰাৰ তীব্ৰ হেঁপাহে জীৱনৰ চিৰন্তন সত্য মৃত্যুক তেওঁৰ পৰা আঁতৰাই ৰাখিছিল। অন্যায় ,স্বাৰ্থপৰতা,বিষাদৰ সৈতে যুদ্ধ কৰি ভাগৰি নপৰা মানুহজনীয়ে জীৱনৰ যুদ্ধখনত কোনোপধ্যেই হাৰ মানি ল'বলৈ বিচৰা নাই। কিন্তু মৰণৰো নিজা ইচ্ছা-অনিচ্ছা থাকে। নিজৰ ঘৰ ,নিজৰ মানুহখিনি আৰু নিজক বিচাৰি ফুৰা সুবৰ্ণজ্যোতিৰ ক্লান্ত আত্মাই তেওঁৰ অজ্ঞাতে মুক্তি বিচাৰি এদিন শৰীৰ ত্যাগ কৰিলে।
সুবৰ্ণজ্যোতি দেৱী নামৰ সত্তাটিক উপলব্ধি কৰিবলৈ উপন্যাসখনৰ শেষান্তত লেখিকাই উল্লেখ কৰা কথাকেইটাই যথেষ্ট— "সুবৰ্ণজ্যোতি দেৱী সংসাৰ ,পৰিয়ালৰ মায়াৰ বন্দী এগৰাকী সাধাৰণ গৃহিনী আছিল। তেওঁ সমাজখনো চাইছিল নিজৰ অকৃত্ৰিম দৃষ্টিভংগীৰে।ককাই-ভনীবোৰ চেনেহৰ মায়াত বন্দী হৈ থাকক,স্বামী-পত্নীবোৰ প্ৰেমৰ মায়াৰ আলিংগনবদ্ধ হৈ থাকক, চুবুৰীয়া-আত্মীয়বোৰে সহায়-সহানুভূতিৰ এনাজৰীৰে বান্ধ খাই পৰক —এই মায়াৰ অমৃতেৰে জীৱন সমৃদ্ধ কৰিব খোজা সুবৰ্ণজ্যোতিৰ চকুৰ আগত সময় ক্ষিপ্ৰভাৱে সলনি হৈ গৈছিল। তেওঁ বিচৰা সময়, তেওঁ বিচৰা কথাবোৰ অচল হৈ পৰিছিল। জীৱনৰ ভগ্নাৱশেষবোৰ জোৰা লগাবলৈ গৈ মানসিক যুদ্ধত তেওঁ ক্ষত-বিক্ষত হৈ পৰিছিল।"...........
সুবৰ্ণজ্যোতিৰ প্ৰিয় ৰঙৰ কাপোৰ,চুৱেটাৰ,আলোৱান,
বেগ,চেণ্ডেলবোৰ সুবৰ্ণজ্যোতিৰ জীৱনৰ ভগ্নাৱশেষ হৈ পৰি ৰৈছিল। এইবোৰ তেওঁ অত্যন্ত যত্নেৰে ৰাখিছিল, ভৱিষ্যতৰ সুন্দৰ দিন এটাত পুনৰ পিন্ধিব বুলিয়েই। অথচ এই কাপোৰবোৰে তেওঁৰ শৰীৰৰ স্পৰ্শই নাপালে। অৱশেষত চিন্তাশূণ্য হৈ ফুটপাথ আৰু ৰে'ল ষ্টেচনত বহি ৰোৱা বহু বৃদ্ধ নৰ-নাৰীক সুবৰ্ণজ্যোতিয়ে আলফুলেৰে সাঁচি ৰখা কাপোৰবোৰ লেখিকাই দান কৰিছে। কাপোৰ-কানি দিবলৈ আহি বৃদ্ধ নৰ-নাৰীৰ সৈতে কথা পাতি লেখিকা শিয়ৰি উঠিছে। তেওঁলোকে নিজৰ নাম-ঠিকনা একোৱেই নাজানে!প্ৰত্যেকেই যেন এলজেইমাৰে জুৰুলা কৰা একো-একোগৰাকী সুবৰ্ণজ্যোতি।
জলছবি হৈছে প্ৰত্যেক মানুহৰে জীৱনৰ দাপোণ। উপন্যাসখন পঢ়ি প্ৰত্যেকেই এবাৰ হ'লেও ভুমুকি মাৰিব তেওঁৰ অতীতলৈ অথবা অনাগত ভবিষ্যতলৈ। প্ৰত্যেকেই উপলব্ধি কৰিব জীৱনবোধ। জীৱন-মৰণৰ ৰহস্য।
লেখিকাৰ ভাষাৰে–
"জীৱন, মৃত্যুৰ বাবেই নেকি ইমান বিশাল আয়োজন!