নাৰী-নিৰ্যাতন আৰু সৱলীকৰন


মৃগাক্ষী ভট্টাচাৰ্য্য

ৰঙিয়া শিক্ষক প্ৰশিক্ষণ

মহাবিদ্যালয়

নাৰী নামটোতেই যেন লুকাই আছে সৌন্দৰ্য্য,সাহস,মমতা আৰু ত্যাগ।যি আমাৰ জীৱনৰ নিয়ন্ত্ৰন আৰু প্ৰেৰণাৰ উৎস।

সৃষ্টিৰ আৰম্ভনিতে সৃষ্টিকৰ্তাই হয়তো নাৰীক মমতাময়ী কৰি সৃষ্টি কৰিছিল।এগৰাকী নাৰী কাৰোবাৰ বাবে মাতৃ,কাৰোবাৰ বাবে প্ৰেয়সী আৰু আন কাৰোবাৰ বাবে পত্নী হ'ব পাৰে।

এজনী ছোৱালীয়ে যৌৱনপ্ৰাপ্তিৰ লগে লগে নিজৰ ঘৰখনক বিদায় দি আন এখন ঘৰক আপোন কৰি ল'বলগীয়া হয়।সঁচাকৈয়ে নাৰীসকলে নিজৰ মান -অভিমান সৰ্বস্ব ত্যাগ কৰি নিজক আনৰ নামত সপি দিবলগীয়া হয় নেকি?নাৰী ইমানেই শক্তিশালী যে দুৰ্গা,কালী,লক্ষ্মী,সৰস্বতী ৰূপত উপাসনা কৰে পুৰুষসকলে।বৈদিক যুগৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে ইতিহাসত জিলিকি থকা দ্ৰৌপদী,মীৰাবাঈ,মাদাৰ টেৰেছা,কল্পনা চাওলাকে ধৰি ভালেমান বিদূষী নাৰীৰ নাম চিৰস্মৰণীয়।

নাৰী এক মানৱযন্ত্ৰ।ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে যাৱতীয় সমস্ত কাম যেনে:কাপোৰ ধোৱা,ৰন্ধন,বাচন ধোৱা,ইত্যাদি নিয়াৰিকৈ কৰি পৰিয়ালৰ ৰুচি-অভিৰুচিৰ চিন্তা কৰিব লগা হয়।ইয়াৰ উপৰিও অতিথি আপ্যায়ন আছেই।

নাৰী মেনেজ মাষ্টৰ।স্বামীয়ে ঘৰ চলাবলৈ দিয়া কেইটিমান টকাৰে সকলোবোৰ মেনেজ কৰি ঘৰখন সুচাৰুৰূপে পৰিচালনা কৰে।

নাৰী মমতাময়ী।সমাজখনত বিলাই গৈছে কেৱল মাতৃত্বৰ মমতা। পুৰুষৰ তুলনাত অধিক শক্তিশালী আৰু ধৈৰ্য্যশীল।সেয়েহে কিজানি গৰ্ভধাৰণ আৰু প্ৰসৱৰ ক্ষমতা প্ৰদান কৰিছে প্ৰকৃতিয়ে।দুখ-বেদনাক আৱৰি সন্তানৰ লগতে পৰিয়ালটোক মৰমৰ দোলৰে বান্ধি ৰাখিব পাৰে।মাকৰ মমতাৰ পৰশতেই সন্তান এটিয়ে সাহস আৰু প্ৰেৰণা পায়।

নাৰী হ’ল শক্তিৰ আধাৰ ; নাৰী শক্তি জাগ্ৰত হ’লে তাক প্ৰতিহত কৰাৰ ক্ষমতা কাৰো নাই। নাৰীৰ কৰাল মূৰ্ত্তি দেখিলে সাধাৰণ নৰমণিচ বাদেই দেৱতাও ত্ৰস্তমান হয়। মহিমাময়ী আদ্যাশক্তি দেৱী দুৰ্গা এই নাৰী শক্তিৰে এটি ৰূপ,যি ৰূপে দেৱতাৰো অবাধ্য প্ৰৱল প্ৰতাপী মহিষাসুৰক মষিমূৰ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল।

নাৰী সহনশীল আৰু নমনীয়।জন্মৰ ঘৰখন এৰি থৈ আহি নিজৰ সপোনবোৰ জলাঞ্জলি দিয়ে কেৱল আনৰ স্বাৰ্থসিদ্ধিৰ বাবে। চিৰদিনৰ কাৰণে মোকাবিলা কৰিব লগা হয় নিজৰ জীৱনৰ লগত।পৰিয়ালৰ অভিযোগবোৰ শুনিলেও নিজৰ দায়িত্বক কেতিয়াও অৱহেলা নকৰে।লোকৰ সুখৰ বাবে, নিজৰ দুখ বেদনাকো পাহৰি, হাঁহি মুখেৰে নিজৰ জীৱন পাৰ কৰিব পাৰে ।নিজে দুখত থাকিলেও লোকৰ দুখৰ সমভাগী হ'বলৈ কেতিয়াঁও কুন্ঠাবোধ নকৰাজনীয়েই এগৰাকী মহীয়সী নাৰী।

গতিকে এখন সুখৰ সংসাৰ গঢ়াত নাৰীগৰাকীৰ প্ৰভাৱ অপৰিসীম। গৃহিণীৰ উপৰিও নাৰীক কোৱা হয় ঘৰৰ লখিমী। এখন ঘৰলৈ আন এখন ঘৰৰ পৰা ছোৱালীজনীক ‘লখিমী বোৱাৰী’ হিচাপে আদৰি অনা হয়। ন ঘৰখনৰ লগত নিজক খাপ খুৱাই সকলোকে মনত সন্তোষ লগাই নিজৰ পতিৰ লগত সৌহাদ্যপূৰ্ণ ব্যৱহাৰ আৰু সহযোগিতাৰে আগবাঢ়ি গ’লে সংসাৰত কেতিয়াও ঘূণে ধৰিব নোৱাৰে।অৱশ্যে ইয়াৰ বাবে ঘৰখনৰ বা স্বামীৰ সহযোগিতাও সমানেই প্ৰয়োজনীয়।বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভূত সফলতাৰ অন্তত শিক্ষাৰ দ্ৰুত প্ৰসাৰে সমাজখনলৈ এটা পৰিবৰ্তনৰ জোঁৱাৰ আনিছে।মানুহৰ চিন্তাচৰ্চাৰ বিকাশ হৈছে,যাৰ ফলত কেৱল ঘৰৰ চাৰিবেৰৰ সীমাবদ্ধতাক নেওঁচি নাৰীসকল আত্মপৰিচয় সৃষ্টিত একাত্ম হ'ব পাৰিছে ।মনুৱে কৈছিল-শৈশৱ আৰু কিশোৰকালত নাৰী পিতৃৰ অধীনত,যৌৱনত স্বামীৰ অধীনত আৰু বৃদ্ধকালত নাৰীয়ে পুত্ৰৰ অধীনত জীৱন-যাপন কৰিবলগীয়া হয়।বৰ্তমানযুগত নাৰীয়ে সমাজৰ সেই এলান্ধুকলীয়া ধ্যানধাৰনাক আওঁকান কৰি নিজকে শিক্ষা-দীক্ষাৰে শিক্ষিত কৰি স্বাৱলম্বী হৈ পৰিয়ালৰ আৰ্থিক দিশটোক সহায় আগবঢ়াবলৈ সক্ষম হৈছে।স্বামীৰ ওপৰত সংসাৰৰ সমস্ত বোজা জাপি দি বিলাসীতা কটোৱাৰ চিন্তা বৰ্তমান শিক্ষিত নাৰীয়ে নাভাবে।বৰ্তমানযুগত নাৰীয়ে ঘৰখনৰ সমস্ত কাম-কাজ চলোৱাৰ উপৰিও কৰ্মস্হানলৈ ওলাই যায়।তাতো সঠিকভাৱে কাাম চলাই নিয়ে।তথাপিও কিন্তু নাৰীয়ে কেতিয়াও হাৰ মানিবলগীয়া হোৱা নাই।পুৰুষৰ সমানে সমানে নাৰীয়ে আগৱাঢ়ি গৈছে। এখন সুস্থ সৱল সমাজ গঢ়িবলৈ হ’লে নাৰীক যথোচিত সন্মান আৰু মৰ্যাদা দিব লাগিব।আজিৰ নাৰী পুৰুষতকৈ কোনো গুণে কম নহয়।নাৰী অবলা কিম্বা দুৰ্বলা নহয়।

আজিৰ নাৰী পুৰুষৰ সমানেই সাহিত্য-সংস্কৃতি,অভিনয়,ৰাজনীতি,ক্ৰীড়া আদি সকলো ক্ষেত্ৰত দক্ষতাৰে আগবাঢ়ি গৈছে।তথাপিও কিন্তু যিখন দেশক ভাৰত মাতা বুলি সকলো ভাৰতীয়ই শিৰ নত কৰে,তাৰ মাজৰে কোনোবাই আকৌ নাৰীক ডাইনী সজাই হত্যা কৰা,যুৱতীক ধৰ্ষনৰ নিচিনা জঘন্য কাণ্ড কৰিবলৈ কুন্ঠাবোধ নকৰে।এইবোৰ সচাকৈয়েই হৃদয়বিদাৰক ঘটনা।এই ঘটনাৰ আমি নিৰৱ দৰ্শক নেকি বাৰু!

ন্যায়বিচাৰক সকলে হত্যাকাৰীবোৰক যদি উচিত শাস্তি প্ৰদান কৰিলেহেঁতেন ,দুনাই তেনেবোৰ ঘটনা হ'বলৈ নাপালেহেঁতেন।যিহেতু সমগ্ৰ নাৰীজাতিৰে সকলোবোৰ সমস্যা,গতিকে ইয়াক নিৰ্মূল কৰাত নাৰীয়েই ভূমিকা ল'ব লাগিব। কিয়নো নাৰী হৈছে সৌন্দৰ্যৰ প্ৰতীক৷ নাৰীৰ ওপৰতে নিৰ্ভৰ কৰে এটি পৰিয়াল, সন্তানৰ জীৱন আৰু সমাজখন৷ সেয়েহে নিজৰ চৰিত্ৰত কালিমা সনা উচিত নহয়৷দেশৰ প্ৰগতিৰ স্বাৰ্থতে নাৰীক সম্পূৰ্ণ নিৰাপদ কৰিবলৈ দেশৰ প্ৰতিগৰাকী নাৰীয়ে শিক্ষিত হব লাগিব।শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে প্ৰতিগৰাকী নাৰীয়ে বুজি পালে এখন বিকশিত দেশ গঢ়িব পৰা যাব।

নাৰী স্বাধীনতা আৰু নাৰী মুক্তিৰ কথা যিমানেই কোৱা নহওক কিয়।বৰ্তমান সমাজত নাৰীৰ স্হান দুখ লগাকৈয়ে নিম্ন।বাৰে বাৰে দেশখনত লাঞ্ছিত হ'বলগীয়া হৈছে নাৰীয়ে। আচলতে মানুহক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ জীৱ বুলি কয়।সেইসকলেই নিজৰ বিচাৰ বুদ্ধিৰ বিবেচনা কৰিব নাজানে নেকি?যাৰ বাবে এনেবোৰ পাশৱিক কাণ্ড কৰিবলৈ অলপো কুন্ঠাবোধ নকৰে।পৃথিৱীখনত ভগবানে ভাল কাম কৰিবলৈ পঠাইছে।গতিকে মানুহ হিচাপে জীয়াই থাকিবলৈ শিকক।নাৰীৰ জৰিয়তেই পৃথিৱী দেখিব পাইছে আৰু সেই নাৰীকে জঘন্য কাণ্ড কৰিব।এবাৰ নিজৰ মা বা ভন্টিৰ কথা ভাবি চাব।এনেকুৱা নপুংসকৰ বাবে একোগৰাকী নাৰী সুৰক্ষিত হ'ব পৰা নাই। আমাৰ সমাজখন যদিও পুৰুষ প্ৰধান, তথাপিও পুৰুষৰ সমানে সমানে নাৰীক আগবঢ়াই নিবলৈ পুৰুষ আৰু নাৰী উভয়ে উভয়ক সন্মান কৰিব জানিব লাগিব৷ এগৰাকী নাৰী যে কাৰােবাৰ মাতৃ, ভগ্নী বা পত্নী হ’ব পাৰে সেই কথা পুৰুষজনেও উপলব্ধি কৰিব পাৰিব লাগিব৷এলান্ধুকলীয়া চিন্তা-চৰ্চা আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ এখন লিংগ বৈষম্যহীন নতুন সমাজ গঢ়ি তুলিব পাৰিব লাগিব৷সমাজত খাপ নোখোৱা অপ-পৰম্পৰাৰ মানসিকতাক বিসৰ্জন দিব পাৰিব লাগিব৷ আমাৰ সমাজত বহুতে বিধবা মহিলাক অমঙ্গলৰ চিন বুলি গণ্য কৰে৷এই ক্ষেত্ৰত কিছু পৰিমাণে আমাৰ মহিলা সকলাে জগৰীয়া৷ইয়াৰ উপৰিও বহুতে মাক-দেউতাকে বংশৰক্ষাৰ স্বাৰ্থত ছোৱালী সন্তানতকৈ লৰা সন্তানকহে প্ৰাধান্য দিয়া দেখা যায়।আনহাতে সমাজত ছোৱালীৰ সংস্কাৰৰ যিমান প্ৰয়োজন ল'ৰাবোৰৰ ক্ষেত্ৰতো যদি সংস্কাৰ আৰু দায়িত্ব বুজনি দিলেহেঁতেন তেতিয়া চাগে সমাজত বৃদ্ধাশ্ৰমৰ সংখ্যা কমি গ'লহেঁতেন। প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই ভাৰতবাসীক সকিয়াই দিছে যে-"বেটী বচাও,বেটী পঢ়াও"।আজিৰ কন্যা ভৱিষ্যৎ দেশৰ নাগৰিক।সকলো দিশতে নাৰীক আগবাঢ়ি যাবলৈ সুবিধাকণ দিয়া উচিত।ভ্ৰূণ হত্যা আদিৰ নিচিনা অপৰাধী কামবোৰ নিৰ্মূল কৰি এখন নিকা সমাজ গঢ়াৰ বাবে নাৰীসকলক দায়িত্ব অৰ্পন কৰিব লাগে।নাৰীসকলক যদি সকলো দিশতে অগ্ৰাধিকাৰ দিয়া হয়,তেন্তে দেশত সংঘটিত অপৰাধবোৰ লাহে লাহে পৰিসাম হ'লহেঁতেন।

সামৰণিত কও যে নাৰী যিহেতু বটবৃক্ষস্বৰূপ,নাৰীৰো সকলো দিশ সবল কৰিব পৰা ক্ষমতা আছে,গতিকে সকলো নাৰীক আত্মসন্মান প্ৰদান কৰক।অকণমান মগজু ব্যৱহাৰ কৰক আৰু হত্যা,ধৰ্ষণ আদিৰ পৰা মুক্ত কৰি স্বাধীনভাৱে জীয়াই থাকিবলৈ দিয়ক।কেৱল বাতৰি কাকত বা ফেচবুক,হোৱাটচ্ এপত গৰিয়সী, মহিয়সী বিভিন্ন বিশেষণেৰে বিভূষিত কৰাৰ পৰিৱৰ্তে সঁচা অৰ্থত নাৰীক সন্মান প্ৰদান কৰে যেন৷ পুৰুষ আৰু মহিলা মিলি এখন সুস্থ-সবল সমাজ গঢ়াৰ ক্ষেত্ৰত সংকল্প লও আহক।