লেন্ড অফ্ গড্ ' : দেৱ ভূমি হিমাচল প্ৰদেশলৈ যাত্ৰা


নিৰঞ্জন ভূঞা

দিল্লী বিশ্ববিদ্যালয়

দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ পাছৰে পৰা লগৰ বন্ধু বৰ্গৰ সৈতে একেলগে ফুৰিবলৈ যাম বুলি পৰিকল্পনা কৰি থকা হৈছিল। যথেষ্ট আলাপ আলোচনাৰ পাছত আমি মাৰ্চ মাহৰ মিড্ ছেমিষ্টাৰ ব্ৰেকৰ সময়তে ফুৰিবলৈ যোৱাটো থিৰ কৰিলোঁ।



পূৰ্বনিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰি যোৱা মাৰ্চ মাহৰ ৭ তাৰিখে আমি হিমাচল প্ৰদেশলৈ ভ্ৰমণ কৰিলোঁ। কʼৰণা ভাইৰাছৰ আতংকৰ বাবে যাত্ৰা কৰাৰ আগমূহুৰ্তত দুখ এটাই হেঁচা মাৰি ধৰিছিল। তথাপিও সেই সময়ত কʼৰণাই ভাৰতত ভয়ংকৰ ৰূপ দেখুওৱা নাছিল বাবেই বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত যোৱাটো থিৰ কৰিলোঁ। সন্ধিয়া ঠিক ৭ বজাৰ লগে লগে আমি ৬ গৰাকী বন্ধু দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনত লগ হ'লো আৰু ৭.৩০ বজাৰ লগে লগে আমাৰ যাত্ৰা আৰম্ভ হল। দিল্লীৰ পৰা হিমাচল প্ৰদেশৰ কাচললৈ আমাৰ পোনপটীয়া যাত্ৰা আছিল, দূৰত্ব প্ৰায় ৫১৪ কি মি। বাছত গ'লে প্ৰায় ১২ - ১৩ ঘণ্টাৰ বাট। আমি নিশা যাত্ৰা কৰাৰ বাবেই বাট- পথৰ সৌন্দৰ্য্য বৰ এটা উপভোগ কৰিবলৈ নাপালো। যি হওক, প্ৰায় নিশা ১২ বজাত আমি হাৰিয়ানাৰ আম্বালাৰ হোটেল ৰয়েল পেলেচত উপস্থিত হ'লো। তাতে খোৱা বোৱা কৰাৰ পিছত আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু অৱশেষত অপেক্ষাৰ অন্ত পৰিল, ০৮/০৩/২০ তাৰিখে ৰাতিপুৱা ৭.৪৫ বজাত আমি হিমাচল প্ৰদেশৰ কাচলত উপস্থিত হ'লো। বাছৰ পৰা নামিয়েই প্ৰকৃতিৰ বুকুত সোমোৱা যেন অনুভৱ হল। বৰফাবৃত সুউচ্চ পৰ্বতমালা, সুন্দৰ আকাশ, শীতল বায়ু আৰু কিনকিনীয়া বৰষুণ জাকে যেন মন টো পৰিষ্কাৰ কৰি তুলিলে। হিমাচল প্ৰদেশৰ প্ৰাকৃতিক পৰিবেশত মুগ্ধ হৈ আমি আমাৰ কেম্পৰ ফালে যাত্ৰা আৰম্ভ কৰিলোঁ। প্ৰায় ১ ঘণ্টা ট্ৰেকিং কৰাৰ পিছত আমি পাৰ্বতী নৈৰ পাৰৰ কেম্পত উপস্থিত হ'লো। ইমান দিনে ফটোত দেখি থকা পৰিবেশ নিজ চকুৰে দেখা পাই আনন্দত আত্মহাৰা হোৱাৰ দৰে হৈ সেইদিনা নিশা তাতে কটালোঁ। ০ ডিগ্ৰী শীত আৰু নৈৰ কুলু- কুলু শব্দই নিশাটো আৰু সতেজ কৰি তুলিলে। তাৰ পিছদিনা অৰ্থাৎ ০৯/০৩/২০ তাৰিখে, ৯ মান বজাত আমি টছ নামৰ পাহাৰীয়া গাওঁ খনলৈ বুলি ৰাওনা হ'লো। টছ খন কাচলৰ পৰা প্ৰায় ২,৪০০ মিটাৰ উচ্চতাত অৱস্থিত। টাটা চুমো ত যাওঁতে আমাৰ প্ৰায় ১ ঘণ্টা লাগিল। পাহাৰৰ অকোৱা -পকোৱা ৰাস্তাৰ সোৱাদ বাৰুকৈয়ে অনুভৱ হ'ল। প্ৰায় ১০:১০ বজাত আমি টছত উপস্থিত হ'লো, আৰু বৰফাবৃত ঠাই দেখি মন্ত্ৰমুগ্ধ হৈ পৰিলোঁ। অলপ ফুৰা -চকা কৰি এটা কথা অনুভৱ হ'ল যে তাৰ মানুহখিনি যথেষ্ট অমায়িক আৰু শান্তিপ্ৰিয়। সন্ধিয়াৰ পৰত সকলোৱে একেলগ হৈ গান -নাচৰ অনুষ্ঠানৰ আয়োজন কৰিলোঁ, তাৰ স্থানীয় বাসিন্দাসকলেও আমাক যোগ দিয়াৰ বাবে নথৈ আনন্দিত হ'লো। পিছদিনা ৰাতিপুৱা আকৌ টছৰ কিছু অঞ্চল ফুৰিলোঁ, তাৰ স্থানীয় স্কুল এখনলৈ গৈ সৰু ল'ৰা ছোৱালীৰ সৈতে অলপ সময় পাৰ কৰিলোঁ, স্থানীয় ৰাইজৰ সৈতে একেলগে ফাকুৱাও খেলিলোঁ ( সেইদিনা হলি আছিল) । এক কথাত ক'বলৈ হ'লে টছত পাৰ কৰা সেই বিশেষ দিন দুটাত লাভ কৰা আতিথ্যই আমাক আপ্লুত কৰি তুলিলে। দিনটো তাতে ফুৰা চকা কৰাৰ পাছত, সন্ধিয়া ৫ বজাত আমি পুৰণি মনালি ( অল্ড মানালি) ৰ দিশে যাত্ৰা আৰম্ভ কৰিলোঁ। টছৰ পৰা পুৰণি মনালিলৈ দূৰত্ব প্ৰায় ১০৩ কি মি, স্থানীয় বাছত ৩.৩০ ঘণ্টা মান লাগে। আমি যিহেতু পূৰ্বেই হোটেল ঠিক কৰি ৰাখিছিলো সেয়েহে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈয়ে আমি পুৰণি মনালিত নিশাটো পাৰ কৰিলোঁ। ঠিক পিছদিনা মানে ১১/০৩/২০ তাৰিখে, ৰাতিপুৱা ৮.৩০ বজাত আমি মনালিৰ প্ৰসিদ্ধ ঠাই চালং ভেলীলৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। হিমাচল প্ৰদেশলৈ অহাৰ মজাতো আচলতে চালং ভেলীতহে পোৱা গল। সম্পূৰ্ণ ৰূপে বৰফৰে আবৃত ঠাই দেখি বৰফত খেলা দীৰ্ঘদিনীয়া সপোন বাস্তব হোৱা যেন লাগিল। - ৩ ডিগ্ৰী চেলচিয়াছ ত আমি বৰফৰ উপৰত বাগৰি পৰিলোঁ আৰু আমনি নলগা পৰ্যন্ত চালং ভেলীৰ মনোমোহা পৰিবেশ উপভোগ কৰিলোঁ। লগতে বৰফৰ মাজেৰে প্ৰায় ১ ঘণ্টা ট্ৰেকিং কৰি সুউচ্চ পৰ্বতমালা ত অৱস্থিত শিৱ মন্দিৰ দৰ্শন কৰিলোঁ। সন্ধিয়া ৫.৩০ বজাৰ লগে লগে আমি সালঙ ভেলী ত্যাগ কৰিলোঁ আৰু ইনোভাত উঠি পুনৰ মনালি পালোহি। নিশাৰ মনালিৰ সুন্দৰ পৰিৱেশে যেন আমাক সম্পূৰ্ণ ৰূপে মোহিত কৰি তুলিলে। মানালিৰ প্ৰসিদ্ধ মল ৰোডৰ ৰঙীন বজাৰ খনে আমাক আকৰ্ষিত কৰিলে আৰু আমি হেঁপাহ নপলোৱালৈ তাত বিভিন্ন ধৰণৰ বজাৰ কৰিলোঁ আৰু স্থানীয় খাদ্যাভাষৰ সোৱাদ ললোঁ। নিশাটো মনালিতে পাৰ কৰি পিছদিনা অৰ্থাৎ ১২/০৩/২০ তাৰিখে ৰাতিপুৱা ৭ বজাত আমি হিদিম্বা দেৱী মন্দিৰ দৰ্শন কৰিলোঁ। ইমান দিনে ভীমৰ পত্নী হিদিম্বা বুলি শুনি আছিলোঁ যদিও তেখেতৰ স্বনিৰ্মিত মন্দিৰ দৰ্শন কৰিবলৈ পায় আনন্দিত হ'লো। আৰু ইয়াৰ লগে লগেই আমাৰ হিমাচল প্ৰদেশৰ যাত্ৰাৰ অৱসান ঘটিল। সময়ৰ অভাৱৰ বাবে মনিকৰ্ণিকা লৈ যোৱা নহ'ল আৰু আমি দুপৰীয়া ৩ মান বজাত মনালিক বিদায় দি বাছেৰে পুনৰ দিল্লীলৈ ৰাওনা হলো।১৩/০৩/২০ তাৰিখে আমি সুকলমে দিল্লীৰ আনন্দ বিহাৰ ষ্টেচন পালোহি।


যথেষ্ট ফূৰ্তিৰে আমি সেই দিন কেইটা পাৰ কৰিলোঁ। হিমাচল প্ৰদেশ খন আমি ভবাতকৈও ধুনীয়া। বৰফত ফূৰ্তি কৰা হেঁপাহো পূৰ্ণ হ'ল। এক সম্পূৰ্ণ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত দিন কেইটা পাৰ কৰা বাবেই নিজকে সতেজ আৰু সুস্থ যেন অনুভৱ কৰিলোঁ। এইদৰেই এটা ৰোমাঞ্চকৰ যাত্ৰাৰ সমাপ্তি ঘটিল। আমাৰ এই যাত্ৰা কালত অনুভৱ কৰা তিতা মিঠা অভিজ্ঞতা বোৰ চিৰ স্মৰণীয় হৈ ৰ'ব।