শুকুলা প্ৰেম
শুকুলা প্ৰেম
চম্পক কাকতি
সহকাৰী অধ্যাপক
শ্ৰীৰাম একাডেমী
পদুলিৰ কাঞ্চন জোপাক সুধিবা
কিমান বাৰ গনিলো মোৰ প্ৰেমৰ পাহিবোৰ
তোমাৰ অপেক্ষাত ।
তোমাৰ মৌন হাঁহিৰ ভৰে
চুহি যাওঁক
মোৰ কলিজাৰ মিঠা তেজ ।
চকুহালে বিচাৰে তোমাৰ
ওঁঠৰ কক্ষপথ,যাৰ কেন্দ্ৰ
যৌৱন।
ঘন ডাৱৰৰ মাজত মই বিচাৰি পাওঁ
ভালপোবাৰ সূৰ্য্য, নাজানো সেয়া মেঘ নে কেশ ।
তোমাৰ হাতৰ স্পৰ্শত সতেজ হওঁক
মোৰ যন্ত্ৰনাবিলাসী মাদক বাসনা !