জাতীয় সত্বা আৰু অসম জাতীয় বিদ্যালয়: এক সামগ্ৰিক অৱলোকন

-ঋত্বিক ৰূপম শৰ্মা

সহকাৰী অধ্যাপক

সমাজতত্ত্ব বিভাগ

গুৱাহাটী বিশ্ববিদ্যালয়।


জাতীয় সত্বাৰ বহিঃপ্ৰকাশেই হ'ল এটা জাতিৰ হৃদপিণ্ড স্বৰূপ। ভাষা , সাহিত্য ,সংস্কৃতি ,সভ্যতা আদিৰ ডোলেৰে বান্ধ খাই থকা আৱেগেই হ'ল জাতিৰ সত্বা । যেতিয়াই এটা জাতিৰ সত্বাৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহে, ঠিক তেতিয়াই সেই জাতিৰ মানসিক বিকাশৰ জেউতি বা প্ৰতিবিম্বই সেই ভাবুকিৰ সন্মুখত শক্তিশালীভাৱে থিয় হয়।জাতি এটাৰ বিকাশৰ জেউতি প্ৰণালীবদ্ধভাৱে কঢ়িয়াই নিয়াত ভাষাৰ ভূমিকা অপৰিহাৰ্য্য।এটা ভাষা কেৱল যাদৃচ্ছিক প্ৰকাশভংগীৰ প্ৰতিফলনেই নহয় ,এটা জাতিৰ জাতীয় সত্বাৰো প্ৰতিফলক ।ভাষা চৈতন্য অবিহনে জাতীয়- চৈতন্যৰ অস্তিত্বও কল্পনাতীত।যেতিয়ালৈ এটা ভাষা জীয়াই থাকিব তেতিয়ালৈহে এটা সংস্কৃতি জীয়াই থাকিব আৰু তেতিয়ালৈকে এটা ভাষাৰ সংস্কৃতি জীয়াই থাকিব তেতিয়ালৈহে এটা জাতিৰ অস্তিত্ব থাকিব গতিকে এটা জাতিৰ জাতীয় সত্বাৰ ঘাই শিপাডালেই হ'ল ভাষা।এটা জাতিৰ ধমনীলৈ জাতীয় সত্বা প্ৰবাহিত কৰাৰ গুৰু দ্বায়িত্ব কান্ধত লৈ ১৯৯৪ বৰ্ষত গুৱাহাটীৰ মাজমজিয়াত সৃষ্টি হ'ল আমাৰ সকলোৰে মৰমৰ বিদ্যালয়---" অসম জাতীয় বিদ্যালয়"। বিজ্ঞানসন্মত শিক্ষা প্ৰণালীৰ দ্বাৰা নৱপ্ৰজন্মৰ মাজত ভাষা সংস্কৃতিৰ প্ৰসাৰৰ জাতীয় দ্বায়িত্বৰ লগতে একো একোগৰাকী "অসমীয়া" জাতীয় ভাৱাপন্ন সু-নাগৰিক তৈয়াৰ কৰাৰ প্ৰচেষ্টা ১৯৯৪ চনৰ পৰাই বিদ্যালয়খনে অব্যাহত ৰাখিছে।যেতিয়াই আমাৰ সত্বাটোৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ কোনো কাৰক গঢ় লৈ উঠিছে ,তেতিয়াই তাৰ প্ৰত্যুত্তৰ হিচাপে আমাৰ বিদ্যালয় -- অসম জাতীয় বিদ্যালয় সদায় আমাৰ জাতিটোৰ সন্মুখত থিয় দিছে আৰু ভৱিষ্যতেও থিয় দি যাব । ভাষা হ'ল এটি জাতিৰ ঘাই শিপা আৰু সংস্কৃতি হ'ল গা-গছ , এই দুবিধৰ সংযোগত গঢ় লোৱা ব্যৱহাৰিক শক্তি সৃষ্টি নহ'লে চলাচল আৰু পৰিৱেশৰ কামত এটা বোৱতী সুঁতিৰ দৰে নহৈ এটা জাতি হৈ পৰিব অনিশ্চিত আৰু উদ্দেশ্যবিহীন এটা বন্ধ জলাশয়ৰ দৰে ।

বৰ্তমান অসমীয়া জাতি আৰু ইয়াৰ চাৰিওকাষ এক দোদুল্যমান পৰিৱেশৰ মাজত আৱদ্ধ।কলনিদিত সামাজিক পৰিৱেশৰ বাতাবৰণে সকলোৰে মাজত অসমীয়া জাতিৰ ভৱিষ্যত সম্পৰ্কে এক সংশয়ৰ সৃষ্টি কৰিছে । এই সংশয়ৰ মাজতো এক আশাৰ সপোন হিচাপে যেন জিলিকি আছে অসম জাতীয় বিদ্যালয়।জাতিটোৰ এই সংকটৰ কালটোত এক নীৰৱ - বিনয়ৰ ৰূপেৰে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাত্মক বিকাশৰ (Over all development) জৰিয়তে অসম জাতীয় বিদ্যালয়ে সৃষ্টি কৰিছে ' এজাক ৰণুৱা ' ,১৯৯৪ বৰ্ষৰ পৰাই ছাত্ৰ-ছাত্ৰীৰূপী এই সাংস্কৃতিক ৰণুৱা সকলে সমাজৰ বিভিন্ন ক্ষেত্ৰত সুখ্যাতিৰে অৱদান আগবঢ়াইছে। ছাত্ৰ-ছাত্ৰী সকলক অকল শৈক্ষিক বাতাবৰণৰ মাজেতে আৱদ্ধ নাৰাখি অসম জাতীয় বিদ্যালয়ে চেষ্টা কৰিছে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন চৰিত্ৰৰ বিকাশত। কিয়নো , এগৰাকী ব্যক্তিৰ চৰিত্ৰ নিৰ্ধাৰণ কৰা গুণসমূহেই এটা জাতিৰ চৰিত্ৰও নিৰ্ধাৰণ কৰে। চৰিত্ৰৱান বুলি বিবেচিত হ'বলৈ হ'লে তেওঁলোকে শ্ৰদ্ধাশীল,নিয়মানুৱৰ্তী ,আত্মসংযমশীল আৰু কৰ্তব্যপৰায়ণ হোৱাটো বাঞ্ছনীয়। ছাত্ৰ-ছাত্ৰী সকলক অকল শৈক্ষিক বাতাবৰণৰে আৱদ্ধ কৰি নাৰাখি এই গুণসমূহৰ প্ৰলেপ তেওঁলোকৰ মাজত আগৱঢ়াবলৈ বিদ্যালয়খন বদ্ধপৰিকৰ।সেয়ে হয়তো অসম জাতীয় বিদ্যালয় জাতিটোৰ বাবে ইমান আপোন। জাতিৰ সংকটৰ কালছোৱাত সেয়ে অতি আশাৰে অসম জাতীয় বিদ্যালয়লৈ বাট চাই আছে।আৰু এই আশা- প্ৰত্যাশাৰ ভাৰখন যাতে বলিষ্ঠভাৱে কঢ়িয়াই নি অসম জাতীয় বিদ্যালয়ে ঠিক এতিয়াৰ দৰেই অদূৰ ভবিষ্যতেও অসমীয়া জাতিৰ জাতীয় সত্তা চিৰপ্ৰবাহমান হোৱাত বলিষ্ঠ ভাৱে আগভাগ লয়। জাতিটোক ভালপোৱা সকলোৰে সেয়াই প্ৰত্যাশা । এক বিদ্যালয় পৰিয়ালৰ এক সদস্য হিচাপে আমাৰো প্ৰত্যাশা এই যাত্ৰা যেন কাহানিও থমকি নৰওক ,বৰঞ্চ চিৰপ্ৰবাহিত হওঁক আগতকৈ অধিক গতিশীলভাৱে । চৰৈয়তী ।।চৰৈয়তী।।