ঠিক মাৰ দৰে.......


চিৰঞ্জীতা বৰা

কটন বিশ্ববিদ্যালয়


"নীলা, ভাত খাঁওতে ভৰিকেইটা কিয় জোকাৰি থাক'?

দেউতাৰে বেয়া পায়...."

"নীলা, তই ইমান জোৰেৰে কিয় হাঁহ?

দেউতাৰে বেয়া পায়..."

"নীলা কথাবোৰ সোনকালে কৈ শেষ কৰিব নোৱাৰ?

দেউতাৰৰ সময় নাই।"

--- আইতা আৰু আইতাৰ- " এই দেউতাৰে বেয়া পায়, দেউতাৰে কেনেকৈ কৰিব, দেউতাৰক সুধি ল', দেউতাৰে ক'লেহে হ'ব "- কথাকেইটা খুব ভাল বন্ধু। একদম এৰিবই নোখোজে।


নহয়, নহয়। আপুনি ভুল নুবুজিব ; দেউতাই কোনো কাৰণতে এইবোৰ কথা মোক নকয়। আইতাৰ অবিহনে কথাকেইটা আধৰুৱা আৰু কথাকেইটাৰ অবিহনে আইতা আধৰুৱা।

মই আৰু দেউতা ইয়াৰ মাজে মধ্যেই চলি থাকো; আৰু এই ভৰ নিশাখন এনেবোৰ কথা মনত পৰাতো মোৰ বাবে একো অস্বাভাৱিক নহয়।

আজি বতৰটো গোমা। ডাৱৰবোৰ নামিছে। কিজানিবা বৰষুণ এজাক আহিব।জোনাকে ৰহন সানিছেহি খিড়িকীৰ ফাঁকেৰে... লগত মাজনিশাৰ মাদকতা অলপ চিকুণ পোহৰ।

দেউতা হয়তো শুৱা নাই, চিগাৰেটৰ ধোঁৱা উৰুৱাই হয়তো পাহৰিব খুজিছে দিনটোৰ ক্লান্তি।উঠি যাবৰ মন গ'ল। কিন্তু.... আমনি কৰাৰ ইচ্ছাও নাই; কিজানি দেউতাই কান্দিছে! সেইবাবেই মই উঠি যোৱা নাই।

এয়া দেউতাৰ বাবে, মোৰ বাবে একো অস্বাভাৱিক বুলিবলৈ নাই। নিশা বহু দুপৰলৈ দেউতা নোশুৱে আৰু মই দেউতা নোশুৱালৈ মই শুব নোৱাৰোঁ।

মই উঠি যোৱা নাই- দেউতাই কান্দক। অলপ নিজৰ কৰি লওক সময়বোৰ। দেউতাইও জানে মই শুৱা নাই; কিন্তু নিশাবোৰৰ বোজা বহুত তেওঁৰ বাবে, সেইবাবে তেওঁ ও উঠি অহা নাই। এই যে ইকাটি- সিকাটি কৰি আছো, বিচনাখনৰ ইটো পাৰেই মাৰ ডায়েৰীখন আছে।

বৰষুণ জাক নামিল,খিড়িকীৰে হাতখন উলিয়াই চুই চালো মাৰ প্ৰিয় বৰষুণজাক। আজি ১৬ বছৰে শব্দবোৰ মুখস্থ হৈ গৈছে... বৰ্ণবোৰ চিনাকি, বাক্যবোৰ আপোন... আমনি নালাগে। মাত্ৰ শব্দহীন কোলাহল।

বৰষুণৰ শব্দত দেউতাৰ চকুপানী মিলি গৈছে।মণিব নোৱাৰি। কিন্তু মই জানো দেউতাই কান্দিছে। মোৰ মুখখন দেখিলে দেউতাই এতিয়াও জগত পাহৰিব। মাত্ৰ দেউতাক অলপ কান্দিবলৈ দিছোঁ। মাজে মাজে কন্দাতো ভাল।মাৰ ভাষাত-"ভালপাঁও বাবেই টো কান্দিব পাৰোঁ, কান্দিব নোৱাৰা হোৱাকৈ মোক আহত নকৰিবা।"

সেইবাবেই মই উঠি যোৱা নাই। কেতিয়াবা ভাবোঁ, মাৰ সলনি মোক পাই, দেউতাৰ বাৰু কেনে লাগে? মোক কোনোদিন কোৱা নাই, দেউতাই মাক কিমান ভালপায়! লুকাই চুৰকৈ দেউতাই প্ৰায়েই মাৰ ফটোৰ সৈতে মোক মিলাই চায়। মই মাৰ দৰেই, জোঙা নাক,আয়ত চকু।মাৰ পৰা পাব লগা মৰমখিনি দেউতাই দুগুণ কৰি উভতাই দিছে মোক।

আজিও মই জোৰকৈ হাঁহিলে আইতাই কয়- "নীলা,নেহাঁহিবি এনেকৈ;দেউতাৰে বেয়া পায়।" মায়েও বোলে খুব জোৰেৰে হাঁহিছিল। আগতে ভাবিছিলো আৰু এনেকৈ নেহাঁহো, যিহেতু দেউতাই বেয়া পায়। কিন্তু ৰবই নোৱাৰোঁ- মই মাৰ দৰেই যে। লাহে লাহে দেখিলোঁ, মই তেনেকৈ হাঁহিলে দেউতাইও মিচিক কৈ হাঁহি এটা মাৰে।

বৰষুণৰ লগত খেলি- খেলি এই মাজনিশা মই আকৌ এবাৰ জোৰেৰে হাঁহিলো, ঠিক মাৰ দৰে.... দেউতা সোমাই আহিল। বৰষুণে মোক খোলা খিড়িকীৰ ফাঁকেৰে আহি ভালেখিনি তিতালে। মই নাজানিলো। দেউতাই খিড়িকীখন জপাই দিলে শব্দ নকৰাকৈ।যাঁওতে কৈ গ'ল- নীলা, বহুত ৰাতি হ'ল। ইমানেই......

মোৰ নাম নীলা নহয়। মায়ে দি গৈছিল- জাহ্নৱী দুৱৰা। মায়ে কবিতা লিখিছিল; নদীৰ কথা আছিল মাৰ কবিতাত আৰু দেউতাই নীলা বুলি মাতে,মাক বিচাৰি।

দেউতা যোৱালৈ চাই থাকিলো। তেওঁ ঘূৰি এবাৰ হাঁহিলে। হয়তো আকৌ এবাৰ মোক মাৰ দৰে বুলি লৈ মাৰ কাষত বহুৱালে।

মই জানো, দেউতা এতিয়া শুব। আজিও অলপ দেৰি হ'ল!!!