জীৱন
তাবাচ্চুম ইছলাম বৰা
গাড়ী খনৰ পৰা ধুনীয়া ছোৱালী এজনীয়ে ডাঙৰ ডাঙৰ পাত্ৰ দুটা নমোৱা দেখি দুখীয়া বস্তিটোৰ সৰু ল'ৰা ছোৱালী কেইটামানে বৰ নিমগ্ন হৈ চাবলৈ ধৰিলে। ছোৱালী জনীয়ে ড্ৰাইভাৰ জনক প্লাষ্টিকৰ পাত কেইখনমান মাটিত পাৰিবলৈ দি পাত্ৰটোৰ পৰা ভাত আৰু মাংস দি গ'ল। বস্তিটোৰ মানুহ এজনীয়ে উৎকণ্ঠা ৰখাব নোৱাৰি ওলাই আহি সুধিলে - "কি কৰিছে বাইদেউ ?" ছোৱালী জনীয়ে ক'লে "লকডাউনত ৰাস্তাৰ কুকুৰ মেকুৰী বোৰৰ বৰ কষ্ট হৈছে , সেই বাবে সিহঁতৰ কাৰণে খোৱা লৈ আহিছোঁ।"
তিনি চাৰি মাহে কোনোমতে এবেলা নিমখে ভাতে খাই থকা নিজৰ ল'ৰা ছোৱালী কেইটাৰ মুখ কেইখন মানুহ জনীৰ চকুৰ আগত ভাঁহিবলৈ ধৰিলে। তাই ততালিকে পলিথিনৰ মোনা এটা লৈ আহি ক'লে—" বাইদেউ বেয়া নাপায় যদি অলপ মাংসৰ জোল ইয়াতে দিয়ক চোন আমাৰ গলিত কেইটামান কুকুৰ আছে, সিহঁতৰো বৰ কষ্ট হৈছে।" মাকৰ আচলত ধৰি ৰৈ থকা ল'ৰা ছোৱালী কেইটাই অবাক হৈ মাকৰ মুখৰ ফালে চাবলৈ ধৰিলে।