ভৰা শাওণ: সেউজী ধৰণী ধুনীয়া।

- ময়ুৰী শইকীয়া,

চতুৰ্থ ষান্মাসিক,

অৰ্থনীতি বিভাগ,

দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়


এখন গ্ৰাম্য সমাজ, এনেই খেতিৰ দিন অৰ্থাৎ শাওন মাহ আৰম্ভ হওঁ হওঁ।কৃষক,ৰোৱনী তথা গাঁৱৰ মানুহৰ গাত তত নাই।সোনকালে কঠিয়াতলীৰ পৰা কঠিয়া তুলি কেনেকৈ মাটিকেইডৰা ৰুব পাৰে তাৰেই চিন্তা সকলোৰে। কিয়নো পথাৰৰ দাঁতি-কাষৰীয়া নৈৰ বান কোন সময়ত কাষ চাপে কোনেও নাজানে।সেয়ে এওঁলোকৰ যেন এতিয়া সময়ৰ অভাৱ। সাধাৰণ তথা ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুৰ মাজতে সুখ বিচাৰি পোৱা সেই কৃষিজীৱী লোকসকল সঁচাই সৰলমনৰ অধিকাৰী।দুবেলা -দুমুঠিৰ যোগাৰ, ল'ৰা ছোৱালীৰ পঢ়াৰ যাৱতীয় খা- খৰচ, বস্তু বাহিনী গোটাই ল'ব পাৰিলেই যেন তেওঁলোক চিন্তামুক্ত। ঠিক সেইদৰে পৰিয়ালসমূহৰ মহিলাসকলেও যেন ৰান্ধনীশালৰ যা- যোগাৰ ভালকৈ কৰাৰ পৰা গৰু -গাইৰ জা-জঞ্জাল সামৰালৈকে দিনটোৰ ঘৰুৱা কাম -কাজ সামৰিব পাৰিলেই যেন সফল। পিছে এনেহেন ভৰপক খেতিৰ দিনত খেতিয়কসকলে সোনকালেই শোৱা-পাটি এৰি ৰাতিপুৱাই উঠি গৰুকেইটাক লৈ পথাৰলৈ বুলি কান্ধত নাঙল লৈ ৰাওনা হয়।এইসময়ত সকলোৱে নিজ নিজ মাটিত সেউজী ধৰণী সুন্দৰ ৰূপে সজাই সোণগুটিৰে উপচাই পেলোৱাৰ সপোন ৰচে।

ভূঁই ৰুবলৈ যিদিনা প্ৰথম আৰম্ভণি কৰে সেইদিনটোত কোনো কোনো ঠাইত ন- ভূঁই উৎসৱ পালন কৰে। আনন্দোল্লাসৰ মাজেৰে যদিও এই দিনটো উদযাপন কৰা হয় তথাপি ভূঁই ৰোৱা উৎসৱৰ উদ্দেশ্যে হ'ল যে অনাগত দিনবোৰত সকলোৰে কৃষিভূমি সোণগুটিৰে উপচি পৰে আৰু পোক- পতংগৰ দৰে অন্য কোনোৱেই যাতে অনিষ্ট সাধন কৰিব নোৱাৰে। সেই লক্ষ্যৰে সকলোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। নিজৰ ভূমিত সৃষ্টিৰ গজালি মেল খাই সমগ্ৰ ধৰিত্ৰী মাতৃ চিৰসেউজ হৈ পৰে আৰু সপোনবোৰো যেন সোণালী হৈ জিলিকি উঠে সকলোৱে যেন তাৰেই কামনা কৰে। এইদৰে শাওনৰ পৰাই ভূঁই ৰোৱা আৰম্ভ কৰে যদিও বহু সময়ত দেখা দিয়া প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানীৰ ফলত অলপ পলমকৈ হ'লেও কৃষি-কাৰ্যৰ আৰম্ভ কৰা দেখা যায়। বিশেষকৈ এনেদৰে শাওণৰ পথাৰৰ প্ৰখৰ ৰ'দত ভূঁই ৰুই থকা ৰোৱনীসকলৰ মনত যি উদ্যম, হেঁপাহ আৰু প্ৰাপ্তিৰ আশা সেইসমূহৰ বাবে ৰʼদৰ তাপেও কোনো প্ৰভাৱ পেলাব নোৱাৰে। তেওঁলোকৰ মনত যি আনন্দ দেখা যায়,পথাৰৰ দাঁতি-কাষৰীয়া আলিত বহি হাতত চাহ জলপান নাইবা পানী দিয়া ভাতৰ সোৱাদ লৈ হাঁহিৰ খিলখিলনি তোলে সেই সমূহ দেখিলে এনে লাগে যেন ৰ'দৰ তাপেও ইমান উত্তাপ নিদিয়ে যিমান তেওঁলোকৰ হাঁহিবোৰে মুক্ত,সৰলতাৰ এছাটি বতাহ বোৱাই আনে।

মুঠৰ ওপৰত শাওণ মাহ, এক মাহেই নহয় ,ই কৃষিজীৱি লোকৰ আশাৰ ৰেঙনি আৰু ভৱিষ্যত সপোনে পোখা মেলা হেঁপাহ, আশাৰ পথাৰ,যʼত নেকি অংকুৰিত হয় বীজৰ। গতিকে এই আনন্দ,সৰলতাৰে পৰিপূৰ্ণ সাধাৰণ সেউজপ্ৰিয় জনগণৰ মাজত শান্তিৰ বতাহ বোৱাই অনা শাও সঁচাই সৃষ্টিৰ এক ৰূপ।বোকা মাটিৰ গোন্ধ,মুকলি আকাশ আৰু এজাক চিৰসেউজৰ প্ৰেমিক, সঁচাই আমাৰ সেউজী ধৰণী ধুনীয়া।

গীতিকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীতত আছে—

" সেউজী সেউজী সেউজী অʼ

সেউজী ধৰণী ধুনীয়া".........।