হুমুনিয়াহ
ভাৰতী শৰ্মা
গুৱাহাটী
—" মা মা আমাৰ এইবাৰ বিশ্বকৰ্মা পূজা পাতিবানে?"
আঠবছৰীয়া ৰিহানৰ প্ৰশ্নত মাক গীতাই খোজকাঢ়ি থকাৰ মাজতে ক'লে—"নাপাতো বোপাই, দেশত যিটো গতিত ক'ৰণাৰ ভয়াবহ ৰূপ দেখিবলৈ পাইছোঁ পূজা পাতি আৰু সেইবোৰ চপাই লবলৈ মন নাই!"
ৰিহান আৰু মাকৰ কথাখিনি শুনি পথৰ দাঁতিত শেষবাৰৰ বাবে বিশ্বকৰ্মাৰ মূৰ্ত্তিত হাতৰ পৰশ দি থকা হৰেনৰ বুকুয়েদি যেন এপাট অস্ত্ৰহে সৰকি গৈছিল ।হৰেনে ৰিহান আৰু মাকৰ ফালে চাই এটা দীঘলীয়াকৈ হুমুনিয়াহ এৰিছিল ।