আপুনি জানেনে ?


👉Virgin Hyperloop এ পৃথিৱীৰ প্ৰথমটি hyperloop ভাৰতৰ মুম্বাই আৰু পুনেক সংযোগ কৰি স্থাপন কৰিব ।যাৰ ফলত প্ৰতি ১০০মাইল যাত্ৰা মাত্ৰ ৩৫ মিনিটতে সম্পন্ন কৰিবলৈ সক্ষম হব ।


👉 Google DeepMind AI- এ স্তন কেঞ্চাৰ ধৰা পেলাবলৈ সক্ষম হৈছে । 1000 ৰ ওপৰত মেমগ্ৰামবোৰ পঢ়ি AI এ radiologist ত কৈও সূক্ষ্মভাৱে আৰু সম্পূৰ্ণ সঠিককৈ এই কাম কৰি তুলিবলৈ সক্ষম হৈছে ।


👉 Bluetooth 4 আৰু 5 ডিভাইছবোৰত এটা নতুন অসুবিধাই দেখা দিছে আৰু সেইটো হ'ল যে এই ডিভাইছবোৰত যিকোনো ডিভাইছ সংযোগ হৈ পৰে আৰু তাৰফলত malware আদি সোমাই দুষ্কৃতিকাৰীয়ে আপোনাৰ বহুমূলীয়া ডাটা চোৰ কৰিব পাৰে ।


👉 আপোনাৰ গাড়ীৰ ৰিম'টৰ যদি আপুনি frequency বঢ়াবলৈ বিচাৰে তেতিয়াহলে আপুনি আপোনাৰ থুঁতৰিত ৰিম'টটো লগাই ৰিম'টৰ normal frequency diameter ৰ বাহিৰত গৈ ব্যৱহাৰ কৰি চাওক আপোনাৰ মগজু antenna ৰ কাম কৰি ইয়াৰ frequency বঢ়াই দিব ।


👉ভৱিষ্যতে আপোনাৰ ম'বাইলৰ বেটাৰীৰ চাৰ্জ হয়তো কেতিয়াও শেষ নহ'ব পাৰে।কোৱাণ্টাম বেটাৰীৰ দ্বাৰা এই কথা সক্ষম হৈ উঠিব বুলি পদাৰ্থ বিজ্ঞানী সকলে "Loss Free Excitonic Quantum Battery" শীৰ্ষক গৱেষণা The Journal of Physical Chemistry C ত প্ৰকাশ কৰে ।


👉 ধুমুহাৰ পৰা বিদ্যুৎশক্তি এয়া কাৰ্যকৰী কৰি তুলিছে জাপানৰ বিজ্ঞানীসকলে Challenergy নামৰ প্ৰতিষ্ঠানটিয়ে Magnus Vertical Axis Wind Turbine ৰ সহায়ত বতাহৰ ঘূৰ্ণিশক্তিক আৱদ্ধ কৰি এই কাম কৰি তুলিবলৈ সক্ষম হৈছে ।


👉 ভৱিষ্যতে আপুনি ভাৰ্চুৱেল ৰিয়েলেটিক synthetic skin ৰ জৰিয়তে অনুভৱ কৰিব পাৰিব । École Polytechnique Fédérale de Lausanne's (EPFL) Reconfigurable Robotics Lab (RRL) and the Laboratory for Soft Bioelectronic Interfaces (LSBI) ৰ বিজ্ঞানীসকলৰ অধ্যাৱসায়ৰ ফলত এই গৱেষণা ফলপ্ৰসূ হৈ উঠিছে ।


👉 Contact lenses ত যদি আপুনি পঢ়ি থকা ডাটাসমূহ জমা কৰিব পৰা হয় কেনে হ'ব । এয়া হয়তো অহা ৫ বছৰৰ ভিতৰত বিজ্ঞানী সকলে সাধাৰণ জনগণৰ বাবে মুকলি কৰি দিব । ইতিমধ্যে ইয়াৰ Snap Inc আৰু Magic Leap One এ তেওঁলোকৰ AR Headset এয়া সৰ্বপ্ৰথম মুকলি কৰিব বুলি কথা দিছে ।


👉 আপোনাৰ দুচকীয়া বাহনৰ দুৰ্ঘটনাৰ পৰিমাণ হয়তো ভৱিষ্যতে একেবাৰে নাইকিয়া হৈ যাব পাৰে আৰু এই কাম কৰি তুলিব Bike Gyro য়ে।