অভিশপ্ত সন্ধ্যা
পৰিস্মিতা নাথ
তৃতীয় ষাণ্মাসিক
সন্দিকৈ ছোৱালী মহাবিদ্যালয়
দবা-শংখৰ ধ্বনিৰে সাৰ পালে তাই
গভীৰ নিদ্ৰাৰ পৰা নহয় , এক অভিশপ্ত বাস্তৱৰ পৰা ।
তাইৰ সুকোমল গাদীখনৰ পৰা নহয় ,
মণিকূটৰ দেৱালৰ সিপাৰে থকা শিলৰ শৰ্য্যাৰ পৰা ।
ইউনিফৰ্ম যোৰক আলিঙ্গন কৰি থকা এসোঁতা তেজে, তাইৰ চকুৰ আগত দাঙি ধৰিলে অসহ্যকৰ বাস্তৱ ।
সন্ধ্যা ক্ষণত নাচি থকা জোনাকীৰ পোহৰত জিলিকি উঠিল মানৱৰূপী দানৱৰ আঁচোৰবোৰ ।।
দেহত অংকিত নিষিদ্ধ আনন্দৰ নক্সাবোৰে
তাইক যেন নিমিষতে গ্ৰাস কৰিলে।
এই ধুমুহাই উৰুৱাই
লৈ গ'ল তাইৰ জীবনৰ কলিফুলপাহি ।
বিশ্বাসৰ কবৰ খান্দিলে এই মহাপ্ৰলয়ে তাইৰ হৃদয়ত।
তাইৰ অন্তৰত এতিয়া মাথো এটায়েই গান --
ক'ত সমাজ ? ক'ত সমাধান ?
ক'ত বিচাৰক ? ক'ত বিচাৰ ?
আৰু তাতে ন্যায়ে সুধি যায়
---ক'ত মই? ক'ত মই?