সোঁৱৰণিৰ অৱগুণ্ঠন


নিহাৰ ৰঞ্জন ভূঞা

দৰং মহাবিদ্যালয়


হৃদয়ৰ কলতান শুনি হাহিছোঁ মই

টেবুলত পৰি ৰোৱা উকা কাগজখনৰ

উদাসীনতা উপলব্ধি কৰিছো,

শুনিছোঁ মতলীয়া সুৰৰ কাব্যিক গুণগুণনি

নিনাদ হীন কণ্ঠৰ কথকতা গলানী।

হেৰুৱা নিস্তব্ধতা এতিয়া আপোন,

আধৰুৱা কবিতাৰ উচুপনি

ফাগুনী বৰণৰ নিবিড় অগণী।

এৰাবাটৰ মই অনুজ পথিক

ঠিকনা বিহীন যাত্ৰাৰ

যাযাবৰী সময়ৰ পদপথৰ প্ৰেমিক।

হাবাথুৰি মোৰ সংগ,

প্ৰত্যাহাৰ মোৰ অন্ত

সুৰতান মোৰ মন্ত্ৰ।

লুপ্ত নৈত ডুব যোৱা মোৰ কণ্ঠ

আহ্লাদিত কৌতূহলৰ নিমাত স্বপ্ন।

প্ৰান্তে প্ৰান্তে ঘুৰা মোৰ কল্পনা

এতিয়া চাৰিবেৰৰ লেওঁত নষ্ট।

শেতেলিত লিপিকাৰ অশ্ৰু নিৰ্বিকাৰ

শান্তিৰ আওঁতাত সমাধিৰ অধিকাৰ

উৰি উৰি যোৱা আত্মাৰ স্থিৰতা

লাহে লাহে প্ৰতিশ্ৰুতি ভঙাৰ হাহাকাৰ।।