সুখ


দায়েনা পাচনী

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ

নৰ্থ বেংক মহাবিদ্যালয়, ঘিলামৰা

ক্লাছ শেষৰ লগে লগেই জোৎস্না দৌৰি আহি তুলিকাৰ ওচৰত ৰ'লহি।

— "তুলিকা তই আজিৰ ন'টছ খিনি মোক দেচোন, মই কালিলৈকে দি দিম তোক।"

—"অ,ঠিক আছে, এই খন ল।" তুলিকাই সামান্য সংকোচ ভাৱেৰে কলে।

— "ধন্যবাদ তুলিকা, তই নহ'লে মোৰ কি হ'ব।" সামান্য সন্তুষ্টিৰে হাঁহি এটা মাৰি জোৎস্নাই ক'লে।

—"অই তই কাইলৈ আমাৰ ঘৰলৈ আহিব লাগিব দেই, কাইলৈ মোৰ বাৰ্থদে। আবেলি আহিবি, মোৰ লগৰবোৰো আহিব।"

—"অ ঠিক আছে, যাম দে।" তুলিকাই কথাষাৰ কৈ ঘৰৰ ফালে মুখ কৰিলে।

ঘৰ গৈ নোপোৱালৈকে গোটেই ৰাস্তাটো তাই ধেৰ কিবা-কিবি ভাবি গ'ল। জোৎস্নাই যে তাইৰ প্ৰতিটো জন্মদিনতে কে'ক কাটে সেই কথাই তুলিকাৰ মনত বাৰুকৈয়ে আঘাত দিয়ে। কেৱল জোৎস্নাই নহয়, তুলিকাৰ প্ৰায় ভাগ বন্ধু বান্ধৱীয়ে এনেদৰেই জন্মদিন পালন কৰে। তাইৰো মন যায় , তেনেধৰণে জন্মদিন পালন কৰিবলৈ। কিন্তু তাই এনেবোৰ কথা কেতিয়াও তাইৰ মাক দেউতাকৰ আগত প্ৰকাশ কৰিব নিবিচাৰে। তাই বুজি পায় জীৱন কি! জীৱন কিমান সংগ্ৰামময়! তাই জন্মদিনৰ দিনা নামঘৰলৈ আগবঢ়োৱা চাকি গছি চায়েই সুখী হ'বলৈ চেষ্টা কৰে।প্ৰায় ৮ বছৰৰ পাছত, তাই এতিয়া এগৰাকী প্ৰখ্যাত উকীল।