কলেজীয়া জীৱনৰ শেষৰটো শিক্ষামূলক ভ্ৰমণ


-সুকন্যা গাৰ্গী শইকীয়া

দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়,

যোৰহাট


মই ফুৰি ভাল পাওঁ। ফুৰাটো মোৰ বাবে এটা হ'বীৰ দৰে। কলেজৰ তিনিওটা বছৰে শিক্ষামূলক ভ্ৰমণত যোৱাৰ সুবিধা পালোঁ। গতিকে এতিয়া শেষৰটো শিক্ষামূলক ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰিব লৈছোঁ।

পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কুল্লু- মানালী, দিল্লী আৰু চণ্ডীগড় ভ্ৰমণ ১৬ /১২/২০১৯ তাৰিখত আছিল। কা আন্দোলনৰ বাবে অসমৰ পৰিস্থিতিৰ বাবে ৰেলসমূহ বাতিল কৰাত আমাৰ কাৰ্যসূচীটোও বাতিল হৈছিল। ফুৰিবলৈ যাবলৈ নাপাম বুলি দুখ এটাই হেঁচা মাৰি ধৰিছিল। কাৰণ বহুত দিনৰ আগৰ পৰাই ভাবি আছিলোঁ এইটো কৰিম, সেইটো কৰিম। বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত আমাৰ যাত্ৰাৰ দিনটো আহিল। ০২/০১/২০২০ তাৰিখে কুল্লু - মানালি অভিমুখে আমাৰ যাত্ৰা আৰম্ভ হয়। প্ৰথমে আমাৰ ৬০ জনীয়া দলটো কলেজত গোট খাই তাৰ পৰাই মৰিয়নী ষ্টেচনলৈ লৈ যোৱা হ'ল।ৰাজধানী এক্সপ্ৰেছ নিৰ্ধাৰিত সময়তকৈ দুঘণ্টা পলমকৈ অহাত নিশা ১২:৩০ত আমাৰ যাত্ৰা আৰম্ভ হ'ল। ০৪/০১/২০২০ ৰ দিনৰ ১২ বজাত আমি দিল্লীৰ নিৰ্দিষ্ট কৰি থোৱা হোটেলখন পালোগৈ। গধূলি ৬ মান বজাত মেট্ৰো ট্ৰেইনত উঠি ইণ্ডিয়া গেট চাবলৈ গ'লো। ০৫/০১/২০২০ পুৱা ৬:৩০ তে ট্ৰেইনেৰে আগ্ৰালৈ গ'লো। সেইদিনা ৰাতিও দিল্লীয়ে ফুৰা হৈছিল। ০৬/০১/২০২০ তাৰিখে দিনৰ ১২ বজাত দিল্লী এৰি চণ্ডীগড় অভিমুখে যাত্ৰা আৰম্ভ কৰিলো। চণ্ডীগড়লৈ যাবলৈ দিল্লী ষ্টেচনলৈ যোৱাৰ পথত আমি ট্ৰেফিক জামত ফচিছিলোঁ।আমি মাত্ৰ সাতজনী ছোৱালী থাকি গৈছিলোঁ, বাকীবোৰ ইতিমধ্যে ট্ৰেইনত উঠিছিলগৈ।আমাৰ গাইডে গ্ৰুপত মেছজ দি আছিল ,প্লেটফৰ্ম ১০ ত ট্ৰেইন ৰৈ আছে, সোনকালে আহা।আমি প্লেটফৰ্ম ১০ ৰ সম্পূৰ্ণ বিপৰীত দিশত গুচি গৈছিলোঁ, ইমান ডাঙৰ ষ্টেচন এটাত দিকবিদিক হেৰুৱাই কান্দিমনে - হাঁহিম লাগিছিল, ইফালে বেগবোৰটো আছেই।এজন কুলিক সুধিলোঁ, কোনফালে প্লেটফৰ্ম ১০ ,তেওঁ বুজাই দিয়ামতে যোৱাত ভাগ্য ভাল আছিল আমি যেনেতেনে ট্ৰেইনত উঠিলোগৈ, তেতিয়াহে উশাহ যেন ঘূৰি আহিছিল। আমি চণ্ডীগড় পাওঁতে নিশা আঠ মান বাজিছিল। তাত আমাৰ বাবে বাছ সাজু কৰি থোৱা আছিল। তাতে আমাক বজাৰ কৰিবলৈ দিয়া হৈছিল।গোটেই নিশাটো যাত্ৰা কৰাৰ পিছত ০৭/০১/২০২০ তাৰিখে দিনৰ ১২ মান বজাত আমি মানালী পালোগৈ। আমাৰ বাছখন আমি থাকিবলগীয়া হোটেললৈকে যাব নোৱাৰাত পুনৰ টাটাচুমুত ১৫ কিলোমিটাৰ মান যাবলগীয়া হৈছিল। প্ৰথম বাৰৰ বাবে বৰফৰ বৰষুণ অনুভৱ কৰিছিলোঁ। ইমানেই বৰফ পৰিছিল যে আমাৰ আঁঠুলৈকে বৰফত সোমাই পৰিছিলোঁ। সেইদিনা আমাক বজাৰ কৰিবলৈ দিছিল। ০৮/০১/২০২০ আমাক চৌলাং ভেলি আৰু ৰৌটাং পাছ লৈ যোৱা হৈছিল। কিন্তু মাজ বাটতে আমাক পুলিচে যাবলৈ নিদিলে, সেই দুয়োডোখৰ ঠাইলৈ যোৱা পথত যথেষ্ট বৰফ পৰাত পথছোৱা বিপদসংকুল হৈ পৰিছে বুলি আমাক জনায়।আমাৰ আশাত লগে লগে চেঁচাপানী পৰিল। ৰাস্তাতে আমি বৰফৰ লগত ধেমালি কৰিলোঁ । উভতি আহি আমাক হিডিম্বা মন্দিৰ,গায়ত্ৰী মন্দিৰলৈ যোৱা হৈছিল।০৯/০১/২০২০ তাৰিখে কুল্লুৰ বিয়াছ নদীত ৰিভাৰ ৰাফটিং কৰোৱা হৈছিল। সেইদিনাৰ আবেলিয়ে আমি কুল্লু- মানালী এৰি চণ্ডীগড়লৈ উভতিছিলো।১০/০১/২০২০ ৰ পুৱতি নিশা ৩:০০ বজাত আমি চণ্ডীগড়ৰ ষ্টেচন পাই পুনৰ দিল্লী অভিমুখে যাত্ৰা কৰিবলৈ সাজু হ'লো। তাতো একে গতি হৈছিল।পলমকৈ ষ্টেছন পোৱাত একেবাৰে খৰধৰকৈ ট্ৰেইন ধৰিব পাৰিলো। দিনৰ ৯:০০ ত দিল্লী ষ্টেছন পাই দিনটোৰ বাবে ষ্টেচনতে ৱেটিং ৰুম লোৱা হৈছিল, কাৰণ ৰাতিলৈ আমাৰ অসমলৈ ঘূৰি অহাৰ ট্ৰেইন আছিল।সেইদিনা সোমবাৰ আছিল, লালকিল্লা, লটাছ টেম্পোল সকলো বন্ধ আছিল।গতিকে আমি কুটুবমিনাৰকে চাবলৈ গ'লো। তাৰ পৰা আহি সৰোজিনী মাৰ্কেটত সকলোৱে বজাৰ কৰিলে।সেইদিনা মেট্ৰো ট্ৰেইনত ইমান বেছি ভিৰ আছিল যে থিয় হবলৈকে ঠাই নাছিল।অশেষ কষ্টৰে ২০ মিনিট মান থিয় হৈ আহি দিল্লী ষ্টেছন পালোহি।অৱশেষত আমি ১৩/০১/২০২০ তাৰিখে আমাৰ দলটো সুকলমে অসম পালোহি।

যথেষ্ট আনন্দ কৰিব পাৰিলোঁ এই যাত্ৰাটোত । বৰফত স্ফূৰ্তি কৰাৰ হেঁপাহ পূৰ্ণ হ'ল।পৰিয়ালৰ মানুহে ডাঙৰ বেগ লৈ নাযাবলৈ কোৱা স্বত্তেও নিজৰ মনক আগ স্থান দি ট্ৰলী, পিঠিত এটা বেগ লৈ দৌৰ মাৰি যেতিয়া ট্ৰেইনত উঠিব লাগে, লিফ্ট নথকা ষ্টেছনত যেতিয়া কেইবাটাও প্লেটফৰ্ম বগাব লাগে তেতিয়া ঘৰৰ মানুহে কোৱা কথালৈ মনত পৰে আৰু কান্দিবলৈ মন যায়। নিৰ্ধাৰিত সময়তকৈ ট্ৰেইনবোৰ পলম হোৱা ঘটনাই যাত্ৰাটোত তিতা-টেঙা খোৱাইছিল। মুঠৰ ওপৰত এটা ৰোমাঞ্চকৰ অভিজ্ঞতা, স্মৃতি আৰু পাহৰিব নোৱাৰা অনুভৱ।