মই পাগলী হয়
প্ৰনৱ স্নিগ্ধ জোনাক
গুৱাহাটী
মই পাগলী হয়।
কিন্তু সমাজৰ কলংক নহয়। নিষ্ঠুৰ নিয়তি নিষ্ঠুৰ, সময়ে কোবাই কোবাই সজাইছে মোক পাগলী।
ময়ো এখন
সাধাৰণ ঘৰৰ সৰু পৰিয়ালৰ কন্যাই আছিলোঁ। কিন্তু মোক আঁচুৰি খাইছিল এচাম পাষণ্ডই।
মোৰ দেউতা আৰু মাৰ একমাত্ৰ নয়নৰ মণি আছিলোঁ মই। দেউতা হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত আছিল। উপায়হীন হৈ মাটি বাৰী বিক্ৰী কৰি দেউতাৰ চিকিৎসা অব্যাহত ৰাখিছিলোঁ।
কিন্তু নিষ্ঠুৰ নিয়তিৰ লিখনিত দেউতাক বচাব নোৱাৰিলোঁ। সকলো জহি খহি গৈছিল। তথাপিও মাই কিন্তু মোক সমাজৰ পৰা বচাই ৰাখিছিল। মাই কৈছিল, "আইজনী ! অ' আইজনী চাই চিতি চলিবি। মানৱৰ ভেশত আজি কালি দানৱ ঘূৰে। তোৰ বাহিৰে মোৰ শূণ্য পৃথিৱী। "
মোৰ আজিও মনত পৰে সেই ভয়ংকৰ নিশাটো। দুই অসহায় নাৰী দেখি এজাক ভোকাতুৰ কুকুৰ জপিয়াই পৰিছিল নিশাৰ অন্ধকাৰত। মোৰ আইক ডিঙি চেপি হত্যা কৰিছিল মোৰ চকুৰ আগত। গোটেই নিশা হিংস্ৰ জন্তুৰ দৰে আঁচুৰি আঁচুৰি ছিঙি পেলাইছিল মোৰ শৰীৰৰ বস্ত্ৰ। বতাহত টনা আঁজোৰা হোৱা গোলাপৰ দৰে।মই চিঞৰিছিলো, মোৰ অসহ্যকৰ যন্ত্ৰণাৰ বাবে নহয়,মোৰ আইৰ দপদপকৈ জ্বলি থকা কোমল গাৰ ছালবোৰ দেখি।ওৰেটো নিশা মোৰ শৰীৰৰ কোমল মাংস বিক্ৰী হৈছিল এখন কুকুৰৰ বজাৰত। নিশাৰ সময় মোৰ কৰুণ চিঞৰ শুনিবলৈ ওচৰত কোনো নাছিল।
শেষত অচলাৱস্থাত পেলাই থৈ গৈছিল মোক। ডাষ্টবিনত পেলোৱা আৱৰ্জনাৰ দৰে। সেই ভয়ংকৰ নিশাটো মনত পৰিলে আজিও মোৰ বুকু কপি উঠে। যদিও মই জীয়াই আছিলো সমাজৰ তিৰস্কাৰ প্ৰতাৰণাবোৰে প্ৰতিদিনেই জীৱনটো ধৰ্ষণ কৰিছিল। সমাজৰ পৰা পোৱা অসহনীয় ঠেকা ,কু দৃষ্টি ,প্ৰতাৰণাবোৰে মোক বাটৰ পাগলী সজালে।
মই পাগলী নহয়। মাথোঁ পাগলৰ দৰে ঘুৰিলে হয়টো পুনৰ ধৰ্ষণৰ বলী নহ'ম।