ঈশ্বৰসৰ্বস্ব

‌‌ নীলপৱন বৰা


মই ঈশ্বৰ

দাউদাউকৈ জ্বলে জ্বলি ৰোৱা জুই

জীৱনৰ জনমৰ আঁৰৰ

মই ঈশ্বৰ।।

মোৰ হাতত ছিগি খলপে খলপে সৰি পৰে

মোৰ হাতৰ কাঠপুতলা,

মই হাঁহি হাঁহি নিজৰ সৃষ্টিৰ ধ্বংসৰ অন্নপ্ৰাসন পাতো

মই ঈশ্বৰ।।

ধ্বংস ক'ত! ধ্বংসটো নাছিল!

নহন্যতে হন্যমানে শৰীৰে বুলি গাই গ'লো

মোৰ অনিৰ্বাপিত যজ্ঞৰ আৰম্ভণি গীত

ভুল ব্যাখ্যা পৰি ৰ'ল মণিকূটৰ কুঠৰিত

ধুলি মোহাৰি মেলি লয় গীতা!

মই ঈশ্বৰ।।

নাভিৰ‌ পৰা অথবা আদি অনাদি মোহাৰি

স্বয়ম্ভূ কোনো ডম্বৰুৰ ধ্বনি

আগমন সমাগম নিগমনৰ

পৰিবৰ্তন বিৰ্বতন সংবৰ্তনৰ

মই ঈশ্বৰ।।

শব্দ ব্ৰহ্মৰ শব্দৰ নিশব্দ কোনো ঘিট্‌মিটনি

আৰ্শীবাদ অভিশাপৰ ঈশ্বৰ নহয়

নহয় কোনো কুৰুক্ষেত্ৰৰ অথবা ত্ৰিপুৰান্তকাৰী

মই ঈশ্বৰ।।

মানৱ ইতিহাসৰ চিত্ৰলেখা

স্বাপ্নিক কোনো সময়াতীত

মই কলি

মই কল্কি

যক্ষ ৰক্ষ অসুৰৰ অট্টহাস্য

মই ভুলৰ শেষ সোঁৱৰণ

শেষ শুধৰণ;

মই ঈশ্বৰ,মানৱৰ কল্পনাৰ

মনৰ যন্ত্ৰণাৰ

মই ঈশ্বৰ!

মোৰ ঔৰসত

মোৰ শ্মশান।।