সাম্প্ৰতিক

ধনবৰ ভূঞা

কলিয়াবৰ


ক)

নাঙঠ পোছাক পিন্ধি

পানীবোৰে সেওঁতা ফালে,

শিলবোৰ

একো একোটা পৰিপক্ক দৰ্শক...


খ)

শিলত গা ঘঁহাই

পানীবোৰ গাভৰু হয়,

ঢৌত ৰোপিত হয় বনৰীয়া ফুল

সমাধিলৈ বুলি...