দেৱাললিখন

-প্ৰিয়ম দি জ্যোৎস্না

স্নাতক দ্বিতীয় ষান্মাসিক,

বুৰঞ্জী বিভাগ,

কটন বিশ্ববিদ্যালয়


দুটা কোঠাৰ ভাড়াঘৰটোত প্ৰায় এটা দশকেই অতিক্ৰম কৰিলোঁ। সুশান্তৰ স'তে বিয়া হোৱাৰ দুমাহৰ পাছতে মিলন নগৰৰ ভাড়াঘৰটোলৈ আহিছিলো। একমাত্ৰ সন্তান বুমনৰো আঠ বছৰ হ'ল। গাঁৱৰ আচল ঘৰখনৰ পৰা সুশান্তই শিক্ষকতা কৰা হাইস্কুলখনলৈ দূৰত্ব প্ৰায় বাৰ কি.মি। সুশান্তৰ সীমিত উপাৰ্জনেৰে মাটি এডোখৰ লোৱা সহজ কথা নহয় বুলি জানিয়েই দুকোঠলীয়া ভাড়াঘৰটোক লৈ তেওঁৰ ওচৰত কোনো অভিযোগ উত্থাপন নকৰাকৈ ইমানদিন পাৰ কৰি দিলো। ভাড়াঘৰত থকা মানুহৰ ব্যক্তিগত স্বাধীনতা বুলি একো কথা নাথাকে। অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে লিখাৰ দৰে আমি যেন দ্বিতীয় শ্ৰেণীৰ নাগৰিকহে। নানা অসুবিধাৰ স'তে এডজাষ্টমেন্ট আৰু কম্প্ৰ'মাইজ--এই দুটা কৰিবই লাগিব। বাৰে বাৰে ইঠাইৰ পৰা সিঠাইলৈ বস্তু-বাহানি লৈ ফুৰাৰ আলৈ-আথানি। মালিকক কমপ্লেইন দিবও নোৱাৰি।হঠাতে যদি কৈ দিয়ে--"অসুবিধা পাইছে যদি গুচি যাওক। ঢেৰ ভাড়াঘৰ পাব। টকাটোহে আচল কথা। নিজৰ সামৰ্থ্য অনুযায়ীহে সুবিধা ভোগ কৰিবলৈ পাব। " কেইবাবাৰো ভাড়া বাঢ়িল। ঘৰটোৱে হ'লে চূণ-তেলৰ স্পৰ্শকণো নাপালে। বাথৰূম আৰু লেট্ৰিনৰ দুৱাৰ পচি গৈছে। ঢকা এটাৰ সমান জোৰ পৰিলেই যেন খণ্ড-বিখণ্ড হৈ পৰিব । নিজৰে অসুবিধা হোৱাৰ ভয়ত প্ৰয়োজনতকৈ অধিক সতৰ্কতাৰে দুৱাৰ খোলা-মেলা কৰিবলগীয়া হয়। মালিকৰ স'তে একেখন বাৰাণ্ডা আৰু চোতাল হোৱাৰ বাবে গৰমৰ দিনত অকণমান ৰ'দৰ উমাল স্পৰ্শ পোৱাৰ পৰাও আমি বঞ্চিত।

"আলহী আহিলে বুমনৰ পঢ়া-শুনাত অসুবিধা হয়। " --সুশান্তৰ এই কথাষাৰে যেন উদ্দীপকৰ কাম কৰিলে। ভাড়াঘৰটোত থাকি তেঁৱো যে আমনি পাইছে এই অসন্তুষ্টিটো ধৰা পেলাব পাৰি মই উৎসাহেৰে ক'লো--"বুমন আৰু তুমি স্কুললৈ ওলাই যোৱাৰ পাছত মই যে কেনেকৈ কাৰাগাৰৰ কয়দীসদৃশ জীৱনৰ পাৰ কৰিবলগীয়া হয়। মাটি এডোখৰ ওচৰে-পাঁজৰে চোৱা। ওচৰ-চুবুৰীয়াৰ লগত স্বাধীনভাৱে মিলা-মিচা কৰাৰ পৰিৱেশ এটাও পাম। "

--"মিলন নগৰত চাৰিকোঠাৰ পুৰণি ঘৰ এটাৰ স'তে মাটি তিনি কঠা পাইছো। মালিকক লগ পোৱা নাই যদিও তেওঁৰ সম্বন্ধীয় এজন মানুহ পাঁচ লাখত ৰাজী হৈছে বিক্ৰী কৰিবলৈ। মেনেজ কৰিব নোৱাৰাতহে কথাটো তোমাক কোৱা নাই। " সুশান্তই সিদ্ধান্ত ল'ব নোৱৰা কথাটোত প্ৰত্যয়ৰ প্ৰতিবিম্ব দেখিলো। দৃঢ়ভাৱে তেওঁক ক'লো--"পাৰিবা বুজিছা, বেংকৰ ল'ন এটা লোৱা। "

--"চাওঁ কি কৰিব পাৰো। "--এইবাৰ সুশান্তৰ নিৰুত্তাপ উত্তৰ।

পাঁচ লাখ টকা একেলগে তেওঁ কেনেকৈ যোগাৰ কৰিব! দুখ আৰু সহানুভূতিৰে তেওঁৰ প্ৰতি মোৰ মনটো আৰ্দ্ৰ হৈ পৰিল। কিন্তু ঘৰ এটাৰ প্ৰয়োজনীয়তাই আগতকৈ তীব্ৰ ৰূপত মোৰ মন-মগজুত খোপনি পুতিলে। ঘৰ এটাত আত্মীয়তাৰ লগতে স্বাধীনতা প্ৰাপ্তিৰ ৰাগিত মই এশ শতাংশ নিশ্চিত হ'লো যে এইবাৰ আমাৰ এটা নিজৰ ঘৰ হ'বই।হঠাতে যেন সোণবৰণীয়া ৰ'দ এজাকে শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰি মোৰ মন-মগজুক উমাল কৰি তুলিলে। স্নিগ্ধ বতাহৰ অমলিন স্পৰ্শ পাই সাতোৰঙী সপোনৰ ৰামধেনু এখন যেন শূণ্যত উপঙি আছে!ঘৰ এটা মানে জানো কেৱল ৰ'দ-বৰষুণ আৰু শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পাব পৰা এক নিৰাপদ আশ্ৰয়? জীৱশ্রেষ্ঠ মানুহৰ বাবে ঘৰখনেই প্ৰেমময় পৃথিৱী। শান্তিৰ স্বৰ্গ । আপোনজনৰ নিবিড় সান্নিধ্যত থাকি মৰম-চেনেহ, আৱেগ-অনুভূতিৰে পৰিপূৰ্ণ সজীৱ আৰু প্ৰাণৱন্ত ক্ষুদ্ৰ পৃথিৱী এখনৰ আলফুলীয়া ছবি এখনক ঘৰ এটাই জীৱন্ত কৰি তোলে। কিমান যে প্ৰৱল ইচ্ছা,ৰং-বিৰঙৰ সপোনক বাস্তৱায়িত কৰিবলৈ আপোন ঘৰখনত অনন্য সাহস আৰু অদম্য শক্তি গোটাব পাৰি! অপ্ৰতিৰোধ্য প্ৰত্যাহ্বানক গ্ৰহণ কৰিও দুঃসহ অভিযান চলাই যাবলৈ মানুহে দৃশ্যমান ঘৰৰ সৰু সৰু কোঠালিতে দুৰ্দমনীয় অদৃশ্য শক্তি গোটায় । "To strive, to seek, to find and not to yield".

মাটিৰ মালিক ডাঃ দিলীপ বৰুৱা দিল্লীৰ পৰা আহি ওলালেহি। তেওঁ ক'লে--"সুশান্ত কলেজৰ বন্ধু হিচাপে মাটিখিনি বেচিবলৈহে নহয়, দিবলৈহে আহিছোঁ। বন্ধুৰ ঘৰলৈ বুলি আহোঁতে আপোন ঘৰখনৰ অলেখ সোণসেৰীয়া স্মৃতিক ৰোমন্থন কৰিব পাৰিম।"

ডাঃ বৰুৱাৰ আত্মীয়তাত আমি মুগ্ধ হৈছিলো। দুদিনৰ ভিতৰত কিবা প্ৰকাৰে এক লাখ টকা যোগাৰ কৰি সুশান্তই তেওঁক দিছিল। চাৰি লাখ টকাত সম্পূর্ণ বন্দৱস্ত হৈছিল আৰু তেওঁ আমাক আমাৰ সুবিধামতেহে তেওঁলৈ টকা পঠিয়াবলৈ কৈ গৈছিল।এমাহৰ ভিতৰতে সুশান্তই ঘৰটো নতুন কৰি পেলালে। বেৰ আৰু দুৱাৰ খিৰিকীত ৰং দিয়াৰ বাদে বিশেষ একো কৰিব লগা নহ'ল। ঠাইখনৰ মানুহৰ প্ৰকাণ্ড প্ৰকাণ্ড দুমহলীয়া- ঘৰবোৰৰ তুলনাত আমাৰ ঘৰটো জুপুৰিসদৃশ যেন লাগে। তথাপি এয়াই আমাৰ বাবে সৰগ হৈ পৰিল।ভাৰাঘৰটোত অনবৰতে শৃংখলিত আৰু নিয়ন্ত্রিত হৈ থাকিবলগীয়া বুমনে নিজৰ ইচ্ছামতে লৰা-ঢপৰা কৰিবলৈ এটা আপোন ঘৰ পালে।ৰ'দঘাই চোতাল এখনত সি শালিকা চৰাই কেইটামানক মূঢ়ি, বিস্কুট দি বন্ধু পতাৰ সুযোগ পালে। পূব আৰু পশ্চিম দিগন্তৰ হেঙুলীয়া বেলিৰ সৌন্দর্য উপভোগ কৰিব নোৱাৰিলেও আমাৰ নিৰ্দিষ্ট সীমাৰ মাটিৰ ওপৰৰ আকাশখনক নিজৰ বুলি দাবী কৰিব পৰা হ'লো।

(২)

আমাৰ ঘৰৰ সীমাৰ তিনিটা দিশত তিনিখন প্ৰকাণ্ড দেৱাল।কেৱল পশ্চিম দিশত পুৰণা জেওৰা এখনে আমাৰ সীমা নিৰ্ধাৰণ কৰিছিল। সুশান্তই তাৰ ঠাইত নতুন জেওৰাখন দিয়াৰ দিনা প্ৰতিবেশী ঠিকাদাৰ হাজৰিকাই ক'লে-- "মাটিডোখৰ ময়ে ল'ম বুলি ৱাল মৰা নাছিলোঁ। আপুনিতো ভীষণ লাকী। তিনিওফালে তিনিঘৰে প্ৰকাণ্ড ৱাল মাৰি আপোনাক সহায় কৰি দিছেই। গতিকে জেওৰা এখন দিয়াতকৈ ৱাল এখন গাঁঠি দিয়ক বুজিছে। "

হাজৰিকাৰ ঘৰৰ কাম কৰা ছোৱালীজনীয়ে জাৱৰ-জোঁথৰবোৰ সাৰি আনি আমাৰ জেওৰাৰ সীমাত গোটোৱা হ'ল। কেতিয়াবা ফুটাই দি সৰকায়ো দিয়ে। হাজৰিকানী বাইদেউক এদিন দেখুৱালত ক'লে--"ৱালখন মাৰি দিয়া। এবছৰে তোমালোকে ৱাল মাৰিবা বুলি বাট চালোঁ। ক'ত পাৰিবা? এল পি স্কুলৰ নিচিনা পুৰণি ঘৰটোত বাস কৰা মানুহে আধুনিক চিন্তা-চৰ্চা কৰিব ক'ত পাৰিবাহে? তুমিতো নাদৰ ভেকুলীৰ দৰে সেইটোতে সোমাই থাকা। "

হাজৰিকানী বাইদেউ আঞ্চলিক মহিলা সমিতিৰ সভানেত্ৰী হিচাপে নামজ্বলা নাৰী। মেট্ৰিক পাছ কৰিয়েই বিয়া হোৱা মানুহজনীয়ে আনুষ্ঠানিক শিক্ষা আৰু গ্ৰহণ নকৰিলে। দুয়োটা পুতেক বাহিৰত থাকে। এটা মুম্বাইত আৰু আনটো দিল্লীত। সমাজৰ বিভিন্ন উন্নয়নমূলক কামৰ সৈতে জড়িত হাজৰিকানী বাইদেউ সমাজসেৱিকা হিচাপে এই অঞ্চলত জনাজাত। ঘৰৰ কাম কৰা ছোৱালীজনীকে বহুতৰ মাজৰ পৰা তেওঁ নিৰ্বাচন কৰি অনা বুলি কয়। এদিন দুপৰীয়া চাহ খাবলৈ মাতোতে আহি তেওঁ অপ্ৰয়োজনত কাৰো ঘৰলৈ তেওঁ যে নাযায় তাকো ক'লে।

--"অৱশ্যে শইকীয়া বুঢ়াৰ ঘৰলৈ মাজে মাজে মই যাওঁ। কলেজৰ অধ্যাপক আছিল। গ'লেই এডভোকেট পুতেক-বোৱাৰীয়েকৰ বদনাম ৰটে। আউটডেটেড মানুহ। " কৈ কৈ হাজৰিকানী বাইদেউয়ে চাহ কাপত চুমুক মাৰিলে।

প্ৰথম চিনাকিতে শইকীয়া খুৰাৰ প্ৰতি শ্ৰদ্ধাত মই মূৰ দোঁৱাইছিলো। সাধাৰণ কথা-বতৰাতে অসমীয়া সাহিত্যৰ অধ্যাপকজনৰ জীৱন-দৰ্শনৰ উমান পাইছিলোঁ--"মানুহবোৰে নিজে নিজৰ চাৰিওফালে এক অদৃশ্য কাৰাগাৰৰ সৃষ্টি কৰি লয়। আত্মপ্ৰৱঞ্চনাৰ জৰিয়তে আৱেগ-অনুভূতিবোৰ শৃংখলিত কৰিবলৈ যাওঁতে ক্ৰমান্বয়ে আমি নিজৰ পৰাই দূৰলৈ নিৰ্বাসিত হৈ পৰাৰ দুৰাৱস্থা হ'বগৈ। " মাজে মাজে তেওঁৰ কথাত আকৌ বৃদ্ধত্বৰ প্ৰতি থকা তেওঁৰ প্ৰৱল ক্ষোভ প্ৰকাশ পায়--"বৃদ্ধাৱস্থা এতিয়া এক ভয়ংকৰ যন্ত্রণা। চফল ডেকা ল'ৰা এটাই এই সত্তৰ বছৰীয়া মানুহটোৰ লগত বৈচিত্র্যহীন জীৱন কটাব লগা হৈছে। সিও এটা চাকৰিহে কৰিছে। জীৱন আৰু জীৱিকাৰ স্বাৰ্থত সি মোক আলপৈচান ধৰিছে। তাক আজিকালি আমনি কৰি থাকিবলৈ মোৰ মন নাযায়। ক্ৰমান্বয়ে সিও যেন মোৰ পৰা পলাবলৈ চেষ্টা কৰিছে, তেনেকুৱা ভাৱ এটা মোৰ মনলৈ আহে। কামৰ মাজতো বিনোদন লাগে দিয়াচোন। তাক টি . ভি অলপ চাবলৈ দি মই তোমাৰ ওচৰলৈ আহোঁ। অকণমান ওলাই আহি দু-আষাৰ কথা পাতিলে অলপ ভাল লাগে দিয়াচোন। "

দহদিন হ'ল। শইকীয়া খুৰা অহা নাই। কাম কৰা ল'ৰাটোক এদিন লগ পাই তেওঁৰ অসুখ-বিখুস হৈছে নেকি সুধিলোঁ। ল'ৰাটোৱে ক'লে--"বুঢ়াটোৰ কথা পাহৰি যোৱাৰ বেমাৰটো হৈছে কিছুদিনৰ পৰা। যাৰ-তাৰ ঘৰত সোমাই বেবেৰিবাং বকে। মাজে মাজে মোকো "তই কোন" বুলি চিঞৰ মাৰি উঠে। ছাৰ-বাইদেৱে ওলাই অহাটো বন্ধ কৰি দিছে। "

বাৰণ্ডাত বহি থকা মানুহজনে গেইট খোলা শব্দটো শুনিয়েই থিয় হ'ল আৰু দূৰৰ পৰাই মোলৈ চাই হাঁহিলে। মই তেওঁৰ ওচৰ পাওঁ মানেই মুখখনত ক'লা ডাৱৰ এচপৰা উপচাই তেওঁ ক'লে--"মাজনী , এই যে বৃহৎ বৃহৎ দেৱালবোৰ দেখিছা তাতেই তোমাৰ দৃষ্টিশক্তি সীমাবদ্ধ কৰি ৰাখিবা। পুৰণি মূল্যবোধক ধৰি ৰাখিব বিচাৰিলে আধুনিক যুগত তুমি হাৰি যাবা। হৃদয়ৰ আৱেগ-অনুভূতিক কবৰ দি বাহ্যিক চিকমিকনিৰে তোমাক আটাইতকৈ সুখী মানুহ বুলি জাহিৰ কৰাৰ কিটিপ শিকিব পাৰিলেই তুমি এইখন পৃথিৱীত তিষ্ঠি থাকিব পাৰিবা। মোৰ ভৰিত অদৃশ্য শিকলি।এই শিকলি ছিঙাৰ সাধ্য মোৰ নাই। কেৱল বয়সৰ ভৰতে মই অইনৰ ওপৰত নিৰ্ভৰশীল। "

তথাকথিত প্ৰগতিশীল, উচ্চশিক্ষিত পুতেক-বোৱাৰীয়েকৰ প্ৰতি একো অভিযোগ নকৰাকৈ তেওঁলোকৰ অবৰ্তমানতে শইকীয়া খুৰা দুমাহৰ পাছত ঢুকাইছিল। তিনিটা প্ৰকাণ্ড অট্টালিকা আৰু ছয়খন দেৱাল দেই থৈ এক অদৃশ্য সাঁকোৱেদি নীৰৱে বগুৱা বাই মই শইকীয়া খুৰাক অন্তিম শ্ৰদ্ধা জনাইছিলোঁ।

নিসংগ দ্বীপ এটাত আঁঠুত মূৰ গুজি তললৈ চাই চাই মাটিৰ স'তে মিহলি হৈ গ'ল শইকীয়া খুৰা!সৎ, আদৰ্শৱান ব্যক্তিজনক শ্ৰদ্ধা জনাই লিখা কেইবাটাও লেখা বাতৰিকাকতত পঢ়িবলৈ পালো। বোৱাৰীয়েকে লিখিলে--"বটবৃক্ষৰ দৰে ছাঁ দি থকা শহুৰ দেউতাৰ সান্নিধ্যত। " হাজৰিকানী বাইদেৱে লিখিলে, "মোৰ প্ৰিয় প্ৰতিৱেশীজন। " হাজৰিকানী বাইদেৱে সুধিলে--"মোৰ লেখাটো কেনে পালা? সাংবাদিক এজনে লিখি দিলে বুজিছা। "

(৩)

দীঘল দুপৰীয়াটোত বাৰাণ্ডাখনত অকলে বহি আছিলো। শালিকা চৰাই এহালে ঠোঁটত সৰু-সুৰা কিবা-কিবি লৈ ক'ৰবাত থৈ অহা-যোৱা কৰি আছে। চৰাইহালক নিৰাপদে থাকিবলৈ বাহ এটা লাগে। সিঁহতৰ চেনেহৰ আশ্ৰয়স্থল বিচাৰি ইফালে-সিফালে চাওঁতে জেওৰাখনৰ ওচৰতে থকা নিমগছ এজোপাত শালিকাহালক দেখিলোঁ।গছজোপাৰ ডাঙৰ ডাল এটা কিজানি পচি ভাঙিছিল। শালিকাহালে তাৰে সুযোগ লৈ তাত প্ৰেমময় ঘৰ এটা নিৰ্মাণৰ সপোন ৰচিছে। নিমজোপাৰ প্ৰতি মই কৃতজ্ঞ হৈ পৰিলো। অকৃত্রিম এখন প্ৰেমৰ ছবি। পৃথিৱীৰ কোনো আধুনিকতাই ঢুকি নোপোৱা এহাল আদৰ্শ প্ৰেমিক-প্ৰেমিকা। শালিকাহালৰ উমাল সান্নিধ্যই মোৰ নিচিনা নিসংগ মানুহজনীৰ ভিতৰখনক যেন এক অবুজ উষ্ণতা প্ৰদান কৰিলে।সেই উষ্ণতাখিনিক নিৰ্ভেজাল প্ৰাচীন অনুভৱেৰে সাৱটি ল'বলৈ লওঁতেই হাজৰিকানী বাইদেউৰ চিঞৰ শুনিবলৈ পালোঁ--"তুমি আমাৰ ঘৰৰ ফালে কি চাই আছা? শিক্ষকৰ জাত। টোকোনাৰ জাত। ৱাল এখন মাৰিব নোৱাৰিলা ইমান দিনে। মই ঠিকেই ধৰিছিলোঁ, আমাৰ ঘৰৰ বদনামবোৰ তুমিয়েই উলিয়াইছা। কাম কৰা ছোৱালীজনী ধুনীয়া হ'ল বুলিয়েই ইমানবোৰ বদনাম উলিয়াব লাগেনে? সমাজত এওঁৰ নাম আছে। পুলিচ -সাংবাদিকবোৰ এওঁৰ বন্ধু। টকা নোপোৱাৰ বাবেই সেই বদমাছ সাংবাদিকটোৱে মিছাকৈ সেইখন কাকতত লিখি দিলে। তাকো মই মেনেজ কৰিম। "

শালিকা চৰাইহালে একো নুবুজিলে। ময়ো পৰিস্থিতি বেয়া হ'ব বুলি সিঁহতক জুমি চাবলৈ এৰিলো যদিও সিহঁতৰ অবুজ ভাষাৰ মধুৰ চিঁচিঁয়নি শুনি থাকিলোঁ। হাজৰিকানী বাইদেউৰ আস্ফালনৰ কাৰণ মই জানিছিলো।

(৪)

হাজৰিকানী বাইদেউৰ ঘৰত কাম কৰা ছোৱালীজনী তেওঁলোকৰ ঘৰত কোনো নথকাৰ সুযোগত এদিন মোৰ ওচৰলৈ আহিছিল। অতি নিৰ্লজ্জৰ দৰে তাই নিজৰ গাটো উদঙাই দেখুৱালে। হাজৰিকাৰ যৌন নিৰ্যাতন আৰু হাজৰিকানীৰ মাৰ-পিটৰ দীৰ্ঘদিনীয়া বিশ্লেষণ তাইৰ উদং গাটোত খোদিত হৈ ৰৈছিল। তাইক কোনো কাৰণতে এৰি নিদিয়া হাজৰিকাই তাইৰ বিধৱা মাকক তিনি কোঠাৰ এটা পকাঘৰ দান কৰিছে। ভায়েকৰ সমস্ত পঢ়াৰ খৰচ বহন কৰিছে। পুলিচৰ ওচৰলৈ যাওঁতে পুলিচৰ ওপৰৱালা এজনে কৈছিল--"মিছাকৈ কথাবোৰ নুলিয়াবি। তই বহুত সুখত আছ'। " পুলিচৰ ওচৰলৈ যোৱাৰ কথা গম পাই হাজৰিকাই তাইক ভয় খোৱাইছিল--"ঐ ছোৱালী, চুপ থাকিবি।নহ'লে গোটেই পৰিয়ালটোৱে মৰিবি। "

সকলোবোৰ কথা শুনি মই লাহেকৈ তাইক কৈছিলো--"তই যা, আৰু কোনোদিনেই নাহিবি। মোৰ এতিয়া ঢেৰ কাম আছে। তই যা। "

তললৈ মূৰ কৰি তাই গুচি গৈছিল। তাইক দেখা পোৱালৈকে খিৰিকীখনেৰে মই তাইক চাই ৰৈছিলোঁ। কিমান নিষ্ঠুৰ মই! তাইক সহায় কৰিবলৈ মই অপাৰগ।ময়ো তেতিয়াহ'লে শইকীয়া খুৰাই কোৱাৰ দৰে নিষ্ঠুৰ হ'ব পৰাকৈ আধুনিকতম বিদ্যা আয়ত্ত কৰি আধুনিক মানুহৰ শাৰীলৈ উন্নীত হ'লো!

(৫)

বুমনেও যে চৰাইকেইটালৈ চাই থাকে সেই কথাটো হয়তো হাজৰিকানীয়ে আৱিষ্কাৰ কৰিছিল। এদিন মানুহ এজন লগাই তেওঁ নিম গছজোপা কাটি পেলালে। বুমনৰ আলসুৱা মনটোৱে চিঞৰি উঠিল--"অ' বৰমা, শালিকা চৰাইকেইটা ক'ত থাকিব? এইকেইটা আমাৰ শালিকা। গছজোপা নাকাটিবা। "

অতি নিৰ্দয়ভাৱে কাণত কাণফুলি পিন্ধা, চুলি বন্ধা , ডিঙিত কাঠৰ দৰে কিবা এসোপা ওলোমাই পিন্ধি থকা হাজৰিকাৰ মুম্বাইৰ পৰা আহি থকা পুতেকটোৱে শালিকাহালৰ পোৱালি দুটাক গছকি মাৰি পেলাইছিল। মাক-বাপেকহালে যে কিমান ইনাইছিল-বিনাইছিল! এজাক শালিকা গোট খাইছিলহি। সিহঁতৰ শ্লোগানেৰে যেন কঁপি উঠিছিল চুবুৰীটো!

শালিকা চৰাইহাল ক'লৈ গ'ল আমি নাজানিলো। দুমাহৰ ভিতৰতে বাঁহৰ জেওৰাখন উঘালি সুশান্তই মাতি অনা মিস্ত্রীয়ে এখন প্ৰকাণ্ড দেৱাল বান্ধিছিল।

(৬)

--"আপোনালোকৰ ওচৰৰ ৰমেন হাজৰিকাৰ ঘৰত এজনী ছোৱালীৰ ৰহস্যজনক মৃত্যু হৈছে। আপোনালোকে কিবা জানে নেকি? "

--"ওহোঁ, আমি একোকে নাজানো।

--আপোনালোকে সন্দেহজনক কিবা দেখা পাইছিল নেকি? "

- "আমাৰ দুয়োঘৰৰ মাজত থকা এই ৱালখনৰ বাবে একোকে নেদেখি। একো ক'ব নোৱাৰিম। বেয়া নাপাব'।

--"নাই, একো নাই। আমনি কৰাৰ বাবে বেয়া নাপাব'। ধন্যবাদ। "

পুলিচজন গ'লগৈ।আৰু মই নীৰৱে-নিমাতে দেৱালখনলৈ চাই ৰ'লো।