হোমেন বৰগোহাঞিদেৱৰ "পিতা-পুত্ৰ"

-এটি আলোচনা


✍️ লিপিকা কলিতা

পাণ্ডু মহাবিদ্যালয়


আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দীঘ বাণী অনুষ্ঠানটিত তেওঁ কৈছিল - 'মই লিখিবৰ কাৰণে জীয়াই থাকোঁ আৰু জীয়াই থাকিবৰ কাৰণে লিখোঁ'। সমস্ত জীৱন সাহিত্যৰ নামত উছৰ্গা কৰা সাহিত্যিকজনৰ প্ৰতিটো লেখাই চুই যায় মানুহৰ অন্তৰাত্মা । লেখক হিচাপে তেওঁৰ ব্যক্তিত্ব সুকীয়া। তেওঁৰ সাহিত্য সৃষ্টিত পাঠকে সদায় নতুনত্বৰ সোৱাদ পায়। তেওঁ হৈছে আমাৰ সকলোৰে পৰিচিত খেয়ালী মনৰ হোমেন বৰগোহাঞি ছাৰ।

এখন অগতানুগতিক উপন্যাস, নাম 'পিতা-পুত্ৰ'। এই উপন্যাসখনৰ বাবে তেওঁ ১৯৭৮ চনত সাহিত্য অকাডেমি সন্মান লাভ কৰিছিল।

'পিতা-পুত্ৰ' উপন্যাসখন এতিয়ালৈ তিনিবাৰমান পঢ়িলো। এই উপন্যাসখনক আত্মজীৱনীমূলক উপন্যাস হিচাপে বিবেচনা কৰিব পাৰি। যিখন সমাজত থাকি বৰগোহাঞি ছাৰ ডাঙৰ-দীঘল হৈছে, তেওঁৰ বয়সৰ লগে লগে সমাজ খনত ঘটা কেতবোৰ পৰিৱৰ্তনৰ ছবি এই উপন্যাসখনত দেখুৱাবলৈ যত্ন কৰিছে।

ম'হঘূলি গাঁৱৰ মধ্যমণিস্বৰূপ শিৱনাথ ফুকন। অঞ্চলটোৰ আটাইতকৈ ধনী ব্যক্তি। প্ৰৌঢ়ত্বৰ দুৱাৰডলিত থিয় হৈও তেওঁ বিচাৰে পুনৰ এৰি অহা শৈশৱৰ জগতখনক। গন্ধবিলাসী শিৱনাথৰ নাকৰ আগত শেৱালি, কলমৌ, পকা ধানৰ গোন্ধ।

পৰাধীনতাৰ দেশখনত থকা ম'হঘূলিবাসীয়ে স্বাধীনতাৰ বাবে ব্যাকুল। ইতিমধ্যে সমাজত গঢ়ি উঠিছে অন্যায়, অত্যাচাৰ, শোষণৰ প্ৰতীক হিচাপে দেখা দিয়া ৰেব মহাজনহঁতৰ দৰে দালালবোৰ। ইহঁতবোৰক এসেকা দিবলৈ যেন গাঁৱৰ ভোলা-ৰামেশ্বৰহতক স্বাধীনতা লাগে। সিহঁতে নাজানে স্বাধীনতাই দেশলৈ বা সিহঁতৰ জীৱনলৈ কি পৰিৱৰ্তন লৈ আহিব। সিহঁতে জানে পৰাধীনতাৰ অপমানৰ কথা, স্বাধীন হ'ব পৰাটো গৰ্বৰ কথা।পৰাধীনতাৰ অভিশাপত পিছপৰি থকা গাওঁবোৰৰ ছবি উপন্যাসখনৰ মাজেৰে দেখুৱাবলৈ চেষ্টা কৰিছে। স্বাধীনতাই গাওঁখনলৈ স্থায়ী সুবিধা আৰু সৌন্দৰ্যতা লৈ আহিব এইয়া ম'হঘূলিবাসীৰ আশা। সিহঁতেও মুক্ত হ'ব বিচাৰে দমন, শোষণ আৰু দাসত্বৰ শিকলিৰ পৰা।

ভাৰতবৰ্ষই স্বাধীনতা পালে। আশা-হেঁপাহেৰে ভাৰতবৰ্ষক ইংৰাজৰ হাতৰ পৰা মোকলাই আনিবলৈ সমগ্ৰ দেশবাসীয়ে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে। কিন্তু স্বাধীনতাৰ পিছৰ ছবিখন যেন আৰু ভয়াবহ ৰূপত দাঙি ধৰা হৈছে। গোটেই সমাজখন অনুশাসনহীনতাই ছানি ধৰিলে। যিয়ে লংকালৈ যাব, সিয়ে ৰাৱণ হ'ব। মণ্ডলৰ চাকৰি বাদ দি ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰা দেশকৰ্মী কেশৱ সন্দিকৈ, সমাজ শোষণকাৰী ৰেব মহাজন, দাৰোগাহঁতৰ একান্তই ঘনিষ্ঠ হ'ল।

ম'হঘূলি নৈত বান আহি খেতি-পথাৰ বুৰাই পেলায়। পেটৰ জুইকুৰা নুমুৱাবলৈ কঁঠাল, পচলা খাইথকা মানুহখিনিলৈ যেতিয়া চৰকাৰী সাহাৰ্য আহে, কেশৱ মণ্ডলহেন মানুহে মানুহ চাই (কংগ্ৰেছ সভাপতি পদত তেওঁক ভোট দিয়াসকল) সাহাৰ্য বিলায়। এয়াই বিচাৰিছিল নে ম'হঘূলিবাসীয়ে ? স্বৰাজৰ উদ্দেশ্য এয়াই নেকি ?

উপন্যাসখনত বৰগোহাঞি ছাৰে ম'হঘূলিৰ ওচৰৰ কৈৱৰ্ত গাঁৱৰ দুখীয়া মাছমৰীয়া সম্প্ৰদায়টোৰ মানুহখিনিৰ বিষয়ে কিছু কথা লিখিছে। অন্যান্য সম্প্ৰদায়ৰ মানুহৰ মনত কৈৱৰ্তসকলৰ প্ৰতি যেন এক ঘৃণাৰ ভাব আছে সেই কথা বৰগোহাঞি ছাৰৰ এই উপন্যাসখন পঢ়িয়ে বুজিব পাৰি। সঁচাকৈয়ে প্ৰশ্ন হয় ইমান লাঞ্ছনা বঞ্চনা তেওঁলোকৰ প্ৰাপ্য নে ? নে সমাজত শিক্ষিত মানুহৰ অভাৱ।

এসময়ৰ শিৱনাথৰ ঘৰৰ হালোৱা কতীয়া কৈৱৰ্ত গাঁৱৰ। সি এটা কানীয়া। এদিনাখন যেতিয়া কতীয়া হাল বাবলৈ অহা নাছিল শিৱনাথ ওলাইছিলগৈ তাৰ ঘৰত। ভগা-চিগা জুপুৰি এটা , দুৰ্গন্ধময় পৰিৱেশ। এপাল ল'ৰা ছোৱালীক এমুঠি ভাতকে যোগাৰ কৰি দিব নোৱাৰা কতীয়াই কানি খাই গোটেই পইচা খৰচ কৰে। উপন্যাসখনত কানিয়ে কেনেদৰে এখন সংসাৰ ধ্বংস কৰি পেলাই তাকেই দেখুৱাব বিচৰা হৈছে ।কেনেদৰে কতীয়াৰ দৰে ছাল চিগা ভিকহুৰ তেজ শুহি শুহি কানিবেপাৰীবোৰ ৰজা হৈছে। চোৰাং মদৰ বেহাই লাহে লাহে যে সমাজখন ধ্বংসৰ বাটলৈ লৈ যাব সেয়া নিশ্চিত।

উপন্যাসখনৰ দ্বিতীয় পৰ্বত ম'হঘূলি গাওঁখনলৈ পৰম্পৰা নিয়ম নীতিলৈ যি পৰিবৰ্তনৰ ঢৌ আহিল সেয়া বহুতৰে কল্পনাৰো বাহিৰত। গৰু বিহুৰ ৰাতি শিৱনাথ ফুকনৰ চোতালত প্ৰথম ঢোলৰ চাপ পৰাৰ পিছতহে হুঁচৰি গোৱাৰ পৰ্ব আৰম্ভ হয়।কিন্তু এইবাৰ যে সম্পূৰ্ণ বিপৰীত। পাণ-তামোল, গামোচা লৈ সাজু হৈ থকা শিৱনাথৰ পৰিয়ালে যেতিয়া তাইনৰ ঘৰত ঢোলত চাপ দি হুঁচৰি গোৱা কাণত পৰে, তেওঁলোকৰ মন মগজুত আৰম্ভ হোৱা শীতল যুদ্ধখনৰ কথা বৰ্ণনা নকৰাকৈয়ে অনুমান কৰিব পাৰি।মনৰ পীড়াত হুঁচৰিৰ দলৰ আগত আশীৰ্বাদ নোলোৱা শিৱনাথৰ পৰিয়ালক পিছদিনাই সমাজৰ পৰা এঘৰীয়া কৰা হয়।এয়া যে ঈশান কোণত ব্ৰজগৰ্ভ মেঘৰ প্ৰথমটো গৰ্জন মাত্ৰ।

ম'হঘূলি লাহে লাহে উন্নত হৈ এখন সৰু চহৰ হ'ল। গাঁৱখনৰ আদৰ্শ অনুশাসনৰ জৰিডাল ছিগি যাবলৈ বেছি দিন নালাগিল।

উপন্যাসখনৰ তৃতীয় পৰ্বটিত ম'হঘূলিৰ ক্ষুদ্ৰ জগতখনত মান- মৰ্যাদাৰ উচ্চতম শিখৰত বিৰাজ কৰা শিৱনাথ ফুকনক সেই চূড়ান্ত নিসংগ, যন্ত্ৰনাত দগ্ধ ছবিখন লিখিবলৈ লেখকে যত্ন কৰিছে।শিৱনাথ পাঁচটা লৰা ছোৱালীৰ বাপেক। বৰপুত্ৰ গৌৰীনাথ ইঞ্জিনীয়াৰিং চতুৰ্থ বাৰ্ষিকৰ ছাত্ৰ।মাজুপুত্ৰ কালিনাথ চহৰৰ চৰকাৰী হাইস্কুলত পঢ়ে আৰু সৰুপুত্ৰ লক্ষ্মীনাথ, সি পঢ়া শুনা মস্ত গাধ, স্বভাৱ চৰিত্ৰয়ো গুণ্ডা প্ৰকৃতিৰ। দুজনী ছোৱালী ৰম্ভা আৰু সাবিত্ৰী। ৰম্ভা বসন্ত ৰোগত ভুগি মুখত এতিয়াও আইৰ সাজ আৰু তাইৰ চকু এটাও বেয়া হোৱাত শিৱনাথক এই চিন্তাই খুলি খাই তাইৰ বিয়া বাৰুৰ কথা ভাবি। খেতি পথাৰৰ অৰ্জনেৰে শিৱনাথে ল'ৰা কেইটাক পঢ়ুৱাই আছে ।

চৰকাৰে ম'হঘূলি নৈত মথাউৰি বান্ধি দিয়াত, ৰাইজে তাতে খেতি-বাতি কৰিবলৈ লোৱাত আধি লোৱা মানুহৰ অভাৱত শিৱনাথৰ খেতি মাটি ছন পৰে। স্বাধীনতা হালোৱা দুখীয়া মানুহৰ কাৰণে অথলে যোৱা নাই - এই কথাত শিৱনাথ পতিয়ন যায়।

সভ্যতা আৰু সংস্কৃতিৰ বিকাশ ঘটা স্বত্তেও জাতি ব্যৱস্থাই আমাৰ সমাজত এতিয়াও প্ৰাধান্য পায়। জাতি ব্যৱস্থা ভাৰতীয় সমাজৰ বাবে অভিশাপস্বৰূপ ।কৈৱৰ্তসকলৰ প্ৰতি শিৱনাথ ফুকনৰ মনোভাৱক তেওঁৰ বৰপুত্ৰই তীব্ৰ বিৰোধিতা কৰে। গৌৰীনাথৰ পছন্দৰ ছোৱালীজনী কৈৱৰ্ত কুল জাতৰ। সমাজত প্ৰচলিত এই কু-প্ৰথাৰ অৱসান ঘটোৱাই গৌৰীনাথৰ লক্ষ্য। সি তাৰ নিজৰ বিবেক আদৰ্শৰে আগবাঢ়িবলৈ বিচাৰে। সমাজ পৰিত্যাগ কৰিব নোৱাৰা, সমাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব নোৱাৰা শিৱনাথে গৌৰীনাথকে পৰিত্যাগ কৰা দেখিবলৈ পোৱা যায় ।

উপন্যাসখনৰ দেবেৰা বুঢ়াৰ চৰিত্ৰটিয়ে জোঁকাৰি যায়। খেতি মাটি বন্ধকত থৈ চহৰত পঢ়োৱা বৰপুত্ৰ নবীন হাকিম হ'ল। টকা পইচা দূৰৰ কথা, চিঠি এখনকে নাহে বাপেকৰ ওচৰলৈ। সত্তৰ বছৰ বয়সটো মূঢ়নী মাটিত হাল বাই ভাত মুঠি যোগাৰ কৰে। ইয়াতকৈ দুখজনক কথা আৰু কি হ'ব পাৰে। বৃদ্ধ জীৱন এনেকৈ পাৰ কৰিবলৈকেহে নেকি তাক সুশিক্ষিত কৰিলে। সাম্প্ৰতিক সময়ত ই যে এটা জ্বলন্ত সমস্যা। পঢ়ি শুনি চহৰত চাকৰি কৰি তাতে থিতাপি লোৱা নবীনহঁতৰ দৰে চাকৰিয়ালে গাঁওখনক অৱহেলা কৰিবলৈ লয়। বৃদ্ধ মাক বাপেকৰ কণাৰ লাখুটি হোৱা বাদেই, বোজাৰ দৰেহে ভাবে।

উপন্যাসখনৰ চতুৰ্থ পৰ্বটিত ম'হঘূলিলৈ আকস্মিক আৰু অভাৱনীয় পৰিৱৰ্তন আহে। গধূলি গাঁওখনৰ ঠায়ে ঠায়ে মদৰ আড্ডা। প্ৰাচীন নীতি-নিয়ম আৰু সংস্কাৰৰ ভেটা ভাঙি যেন মহাপ্লাৱনৰহে সৃষ্টি হ'ল। এটা এটা প্ৰচণ্ড আঘাতে শিৱনাথক জোঁকাৰি যায়। তেওঁৰ সৰুপুত্ৰ লক্ষ্মীনাথ ম'হঘূলিৰ আটাইতকৈ ডাঙৰ মদাহী হ'ল। লক্ষ্মীনাথে জীৱনৰ বিৰুদ্ধেই বিদ্ৰোহ কৰি কৰি আত্মনাশৰ পথ বাছি লৈছে।

শিৱনাথৰ একমাত্ৰ আশা আছিল কালিনাথ। তাৰ ওপৰতো ভৰসা কৰিবলৈ সাহস হোৱা নাছিল শিৱনাথৰ। এম.এ. আধৰুৱা কৰি সি ঘৰমুৱা হৈছিল গাঁওখনৰ উন্নতিৰ হকে কাম কৰিবলৈ। যিবোৰে চোৰাং মদৰ পোহাৰ মেলি ম'হঘূলিক নৰককুণ্ডত পৰিণত কৰিলে, উঠি অহা নতুন প্ৰজন্মক ধ্বংসৰ মাজলৈ ঠেলি দিলে সিহঁতক সমাজৰ মাজৰ পৰা আঁতৰাই পঠাবলৈ কালিনাথ কঠোৰ ব্রতত ব্ৰতী হোৱা দেখিবলৈ পোৱা গৈছে।

উপন্যাসখন পঢ়োঁতেই বুজি পোৱা গৈছে কালিনাথৰ সপোনবোৰ বিলাসিতাপূৰ্ণ নাছিল। তাৰ হেঁপাহ বুঢ়া বয়সত দেউতাকক সংগ দিব, খেতি পথাৰ চম্ভালিব। পাৰিলে গাঁওৰ স্কুলখনতে মাষ্টৰৰ চাকৰি এটা যোগাৰ কৰি ল'ব। কালিনাথে বন্ধু দিবাকৰৰ সহায়ত ম'হঘূলিত চোৰাং মদৰ কাৰবাৰ বন্ধ কৰিবলৈ চেষ্টা চলোৱাৰ কথাই শিৱনাথৰ মনত আশাৰ জেউতি চৰা দেখা যায়। কালিনাথৰ সৎ উদ্দেশ্যক শিৱনাথে সন্মান কৰে।

দুৰ্নীতিপৰায়ন বিষয়াৰ বিৰুদ্ধে যুঁজ, চোৰাং মদৰ বেহা বন্ধ কৰিবলৈ কালিনাথ ৰাজধানীলৈও গৈছিল যদিও হাৰি গৈছিল। কালিনাথ আৰু ম'হঘূলিবাসী,ক্ষমতা পৰায়ন বিষয়াসকলৰ যুঁজত জয়ী হোৱা নাছিল।

কালিনাথৰ এসময়ৰ সহপাঠী বাঙালী বন্ধু সৌমিত্ৰৰ লক্ষ্য সুকীয়া - বিপ্লৱৰ পথেৰে পৃথিৱীখন নতুন সাঁচত নতুনকৈ নিৰ্মান কৰা। সৌমিত্ৰৰ আহ্বান— কালিনাথেও সশস্ত্ৰ বিপ্লৱত যোগ দি শোষণহীন মুক্তসমাজ প্ৰতিষ্ঠাত অৰিহণা আগবঢ়াওক। কিন্তু কালিনাথৰ মতে,মুক্তসমাজ গঢ়িবলৈ একেটাই পথ হ'ব নোৱাৰে, অইন পথো আছে। সৌমিত্ৰৰ মতে, বিপ্লৱৰ পথ মাথোঁ এটাই, যেনেকৈ তিৰোতাৰ গৰ্ভৱতী পথ মাত্ৰ একেটাই ।

শেষত যেনিবা নক্সাল পন্থী সশস্ত্ৰ বিদ্ৰোহত সৌমিত্ৰ জেইলত বন্দী হ'ল আৰু কালিনাথ ১৯৭২ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰূপে বিধানসভালৈ নিৰ্বাচিত হৈ মন্ত্ৰীত্ব পদ লাভ কৰে। সৌমিত্ৰ আৰু কালিনাথ - দুয়ো দুখন কাৰাগাৰত বন্দী।

সমাজত উৎপত্তি হোৱা সামাজিক সমস্যাবোৰ, লেতেৰা অৱৰ্জনাবোৰ আঁতৰাই সমাজখনত স্বচ্ছ কৰি তুলিবলৈ এজন লোকে কেনে ভূমিকা লোৱা উচিত সেয়া বৰগোহাঞি ছাৰে স্পষ্টভাৱে তুলি ধৰিছে।


[ লিখোঁতে হয়তো অনেক দোষ ক্ৰুটি হব পাৰে, তাৰ বাবে ক্ষমাৰ প্ৰাৰ্থী ]