ক'ভিডৰ ভয়াবহতাতকৈ সদ্য প্ৰত্যাৱৰ্তিত শ্ৰমিকৰ জীৱন ক্ৰমাৎ দুৰ্বিসহ হৈ পৰিছে। শোচনীয় ভাৱে অসমত সংস্হাপনৰ এশ এবুৰি সমস্যা। ফলস্বৰূপে ভাত মুঠিৰ সন্ধানতে বহুলোক বহিঃ ৰাজ্যৰ বিভিন্ন কোম্পানী, ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল। কিন্তু সমগ্ৰ দেশজুৰি কৰ'ণাৰ আতংকৰ লগে লগে কেৰেলা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, দিল্লী , অন্ধ্ৰ প্ৰদেশ প্ৰমুখ্যে ৰাজ্যসমূহত থকা লোকসকল কাৰ্যহীন হৈ পৰাৰ লগে লগে ৰে'ল বা অন্যান্য মাধ্যমেৰে স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰে। সমস্যাটো আহিল এইখিনিত যে তেওঁলোক ঘূৰি আহিল হয়, কিন্তু অসমত তেওঁলোকৰ বাবে জীৱিকাৰ পৰ্যাপ্ত ব্যৱস্থা আছে জানো ? এবেলাৰ ভোক মৰিলে পিছবেলালৈ বাট চোৱা লোকসকলে সম্প্ৰতি চৰম দুখ আৰু দৰিদ্ৰতাৰ মাজেৰে অতিবাহিত কৰিব লগা হৈছে। পৰৱৰ্তী সময়ত ই এক ভাবিব নোৱাৰা ভীষণ সমস্যাৰূপে দেখা দিব। খাতি খোৱা এই লোকসকলৰ জমাধন বুলিবলৈ যি আছিল, সেয়া প্ৰায় শেষ হ'ল। প্ৰব্ৰজিত শ্ৰমিকৰ আধাতকৈ বেছি অংশৰ লোক কল- কাৰখানা অথবা নিৰ্মাণ প্ৰতিষ্ঠানত কৰ্মৰত বনুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ চিকিউৰিটি গাৰ্ড। পূৰ্বতে বহিঃ ৰাজ্যত কৰ্মৰত এই চাম লোকে নিজে তিনি- চাৰিমাহৰ মূৰে মূৰে ঘৰলৈ টকা পঠিয়াই আছিল। আন একাংশই আত্মসহায়ক গোট সমূহৰ সহায়ত কম সুদত ঋণ লৈ ঘৰুৱা আৰ্থিক অনাটনসমূহ দূৰ কৰি চলি আছিল। কিন্তু বৰ্তমান কৰ'ণাজনিত সমস্যাৰ পৰিপ্ৰেক্ষিতত তেওঁ লোক কৰ্মহীন হৈ পৰাত সাংঘাতিক সমস্যাৰ সন্মুখীন হৈছে। ভাইৰাছ ৰোধৰ বাবে চৰকাৰে দেশজুৰি তলাবন্ধ প্ৰক্ৰিয়া বলবৎ কৰিছে। কিন্তু প্ৰত্যাৱৰ্তিত শ্ৰমিকৰ সংস্হাপনৰ ক্ষেত্ৰত চৰকাৰ বিশেষ আগবাঢ়ি অহা দেখা পোৱা হোৱা নাই। অসমত তেওঁলোকৰ বাবে জীৱিকাৰ উপায় বুলিবলৈ কেৱল কৃষিয়ে আছে বুলি ক'লেও ভুল নহয়। উদ্যোগতো আঙুলিৰ মূৰত গণিব পৰা। এই প্ৰব্ৰজিত শ্ৰমিক সকলক তাৎক্ষণিক ভাৱে এম জি এনৰেগাৰ জৱকাৰ্ড প্ৰদান কৰি এনৰেগাৰ কামৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক নিৰ্দেশ দিছিল যদিও আশী শতাংশ প্ৰব্ৰজিত শ্ৰমিকেই এনৰেগাৰ কাম লাভ কৰা নাই। তাৰোপৰি এনৰেগাৰ কামৰ দৈনিক হাজিৰা ন্যূনতম হোৱা হেতুকে বহুতেই জৱকাৰ্ড বিচাৰি আবেদনেই নকৰিলে।তেঁওলোকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। খাবলৈ ভাত নাই; কৰিবলৈ কাম নাই। শেষত বহুতে আকৌ বহিঃ ৰাজ্যলৈ উভতি যোৱাৰে চিন্তা কৰিছে।
প্ৰতিদিনে পৰিস্থিতিৰ ভয়াবহতা বাঢ়ি গৈ আছে। এফালে আক্ৰান্তৰ সংখ্যা, মৃত্যুৰ হিচাপ কেৱল যোগ হৈছে; আনফালে নিৰ্বাচনৰ উতলা বতাহ। যোগ- বিয়োগৰ অংকত ক্ৰমাৎ স্হিৰতা হেৰুৱাইছে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ প্ৰব্ৰজিত শ্ৰমিক সকলে।
কোভিডৰ অশান্তিৰ মাজতে ঘৰতে বহি হুমুনিয়াহ কাঢ়ি থকাৰ কোনোবা এটা দিনতে The youths mind ৰ সৈতে জড়িত হৈ বৰ্তমান উৎসাহনৰ সৈতে এক এৰাব নোৱাৰা সম্পৰ্কেৰে বান্ধ খাই পৰো। চৌদিশৰ পৰিস্হিতি আওকাণ কৰি নিজে লিখা, অন্যসকলৰ লেখাসমূহ সংগ্ৰহ কৰা আদি কামৰ লগতে গল্প, কবিতা, প্ৰবন্ধৰ মাজতে সময়বোৰ পাৰ হৈ গৈছে। শেষত এই মহামাৰীৰ অন্ত পৰক; সকলো ভালে থাকক।