ডিচিবি : এক অনুভৱ
স্বপ্নালী পাতৰ
সহ: সাধাৰণ সম্পাদিকা
পদাৰ্থ বিজ্ঞান বিভাগ
নাৰীৰ উচ্চ শিক্ষাৰ অগ্ৰগতিৰ বাবে উজনি অসমৰ প্ৰথম প্ৰয়াস যোৰহাটস্থিত দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ। যোৰহাটৰ বীৰ পুৰুষ ৰায়বাহাদুৰ দেৱীচৰণ বৰুৱাৰ চাৰি পুত্ৰ ক্ৰমে হেৰম্ব প্ৰসাদ বৰুৱা,উমাচৰণ বৰুৱা,দেৱপ্ৰসাদ বৰুৱা আৰু বিষ্ণুপ্ৰসাদ বৰুৱাৰ অশেষ কষ্ট, ত্যাগ আৰু অনুদানেৰে ১৯৫৫ চনত এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰা হয়। স্ত্ৰীৰ উচ্চ শিক্ষাৰ বাবে প্ৰতিষ্ঠা কৰা এই মহাবিদ্যালয়খন বৰ্তমান উজনি অসমৰে নহয় সমগ্ৰ অসমৰে উজ্বল নক্ষত্ৰ স্বৰূপ।
প্ৰতিবছৰে শ শ পখিলাই দুচকুত অযুত স্বপ্ন লৈ জ্ঞানৰ পাপৰি বিচাৰি এই মহাবিদ্যালয়খনলৈ আহে। মইয়ো সপোনৰ ঠিকনা বিচাৰি ২০১৬ চনত এই মহাবিদ্যালয়খনলৈ আহিছিলো। মোৰ প্ৰথম পৰিচয় আছিল উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ এগৰাকী ছাত্ৰী হিচাপে। বৰ্তমানৰ পৰিচয় পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্ৰী আৰু ২০১৯-২০ বৰ্ষৰ ছাত্ৰী একতা সভাৰ সহ: সাধাৰণ সম্পাদিকা হিচাপে। ডিচিবি মোৰ দৰে শ শ তৰুণীৰ স্বপ্ন দিঠকত পৰিণত কৰাৰ ক্ষেত্ৰ। জীৱনৰ পাঠ শিকাৰ অনুষ্ঠান। ডিচিবিয়ে মোক জ্ঞান দিছে,ডিচিবিয়ে মোক এটা পৰিয়াল দিছে,"দেৱী নিৱাসৰ" দৰে মৰম অনুশাসনৰ ঘৰ দিছে।ডিচিবি, প্ৰত্যেক গৰাকী ডিচিবিয়ানৰ আবেগ,ডিচিবিয়ানৰ স্বাভীমান।শিক্ষাগুৰু সকলৰ তৎপৰতা আৰু ছাত্ৰী সকলৰ একাগ্ৰতা,অধ্যৱসায় গুণৰ বাবে মহাবিদ্যালয়খনে শিক্ষা, সংস্কৃতি সকলো দিশতে নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে। তদুপৰি মহাবিদ্যালয়খনত বিৰাজ কৰা সামাজিক, মানসিক পৰিবেশেও শৈক্ষিক দিশত আগুৱাই যোৱাত সহায় কৰিছে।
ডিচিবি কলেজৰ প্ৰত্যেকজনী বেঙুনীয়া পখিলাৰ এক নিজা পৰিচয় আছে।নিজা আত্মগৌৰৱ আছে।এই পৰিচয় সদায় অটুট থাকক আৰু ইতিহাসৰ পাতত মচিব নোৱাৰাকৈ জিলিকি ৰওঁক ডিচিবি।
জয়তু ডিচিবি ছাত্ৰী মহাবিদ্যালয়।
জয়তু ডিচিবিয়ান।