First Essay Competition: January 2022
Submission link, deadline: January 3, 2022
এছ্.কে.চি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ৱেবিনাৰ চিৰিজ: প্ৰথম ৰচনা প্ৰতিযোগিতা
অসমীয়া সাহিত্যত ব্যতিক্ৰমী ধাৰাৰ সূচনা কৰা "সৌৰভ কুমাৰ চলিহা" অসমীয়া সাহিত্যজগতৰ এক প্ৰসিদ্ধ নাম৷ সাহিত্য অকাডেমি আৰু অসম উপত্যকা সাহিত্য বঁটাপ্ৰাপক চলিহাদেৱ ব্যক্তিগত জীৱনত এজন পদাৰ্থবিদ বিচাপে কৰ্মৰত আছিল আৰু ইয়াৰ আভাস তেখেতৰ লিখনিসমূহত পোৱা যায়৷
সৌৰভ কুমাৰ চলিহাদেৱৰ পৰা অনুপ্ৰাণিত হৈ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন বিষয় সাঙুৰি তেওঁৰ নামেৰেই সতাঁৰ মাধ্যমত চলি অহা “সৌৰভ কুমাৰ চলিহা বিজ্ঞান আৰু প্ৰুযুক্তিবিদ্যা জালোচনাচক্ৰ“ বা “এছ্.কে.চি. বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ৱেবিনাৰ ছিৰিজ“ৰ আৰম্ভ হৈছিল ২০২০ চনৰ গ্ৰীষ্মকালত৷ জুশালৰ আড্ডাৰ আৰ্হিৰ এই ৱেবিনাৰসমূহত প্ৰধানতঃ বিশেষজ্ঞসকলে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিষয়ত চলি থকা ভিন ভিন গৱেষণাসমূহ সমাজৰ বিভিন্ন বয়সৰ শ্ৰোতাৰ বোধগম্য হোৱাকৈ সহজ-সৰল ভাষাত উপস্থাপন কৰে৷ এই আলোচনাসমূহ ভিডিঅ’ আকাৰত বাণীৱদ্ধ কৰা হয় আৰু আলোচনাৰ শেষত সেইসমূহ ইউটিউবত মুকলি কৰি দিয়াৰ উপৰিও SKCST.org ৰ জালস্থানত উপলভ্য কৰা হয়৷
সমাজৰ বিভিন্ন বয়সৰ শ্ৰোতাৰ বোধগম্য হোৱাকৈ বৈজ্ঞানিক লিখনিৰ বাবে উদ্গনি যোগাবলৈ, SKCST এ প্ৰথমবাৰৰ বাবে এক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে, য’ত প্ৰতিযোগীসকলে ইতিমধ্যে সম্প্ৰচাৰ হৈ যোৱা যিকোনো এক আলোচনাক মূল বিষয় হিচাপে বাচনি কৰি প্ৰতিযোগিতাত ভাগ ল’ব পাৰিব৷ এই ৰচনাসমূহ (১০০০ শব্দৰ ভিতৰত) সম্পূৰ্ণ শুদ্ধ আৰু নিভাঁজ অসমীয়া ভাষাত লিখাটো বাধ্যতামূলক৷
এই প্ৰতিযোগিতাত মাধ্যমিক স্তৰত পঢ়ি থকা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আদি কৰি গৱেষক ছাত্ৰ-ছাত্ৰীসকললৈকে ভাগ ল’ব পাৰিব৷ প্ৰতিযোগীসকলৰ সুবিধাৰ্থে এই প্ৰতিযোগিতাক দুটা শাখাত ভগাই দিয়া হৈছে:
(১) প্ৰথম শাখাত ভাগ লোৱা প্ৰতিযোগীসকলে ৰচনাৰ বিষয়বস্তুক উচ্চতৰ মাধ্যমিকৰ (দশমমানৰ) ছাত্ৰ-ছাত্ৰীৰ পৰা আদি কৰি স্নাতক পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বোধগম্য হোৱাকৈ সাৱলীলভাৱে লিখাটো বাধ্যতামূলক,
(২) দ্বিতীয় শাখাত ভাগ লোৱা প্ৰতিযোগীসকলে ৰচনাৰ বিষয়বস্তুক প্ৰাথমিক শাখাত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ পৰা আদি কৰি উচ্চ মাধ্যমিকৰ (ষষ্ঠমানলৈ) ছাত্ৰ-ছাত্ৰীৰ বোধগম্য হোৱাকৈ সাৱলীলভাৱে লিখাটো বাধ্যতামূলক৷
একোজন প্ৰতিযোগীয়ে দুটা বিভিন্ন বিষয় বাচনি কৰি দুয়োটা শাখাতে ভাগ ল’ব পাৰে৷ ৰচনাসমূহ আমাৰ জালস্থানলৈ গৈ এই লিংক ব্যৱহাৰ কৰি জমা দিব পাৰিব, জমা দিয়াৰ শেষ তাৰিখ হৈছে ৩ জানুৱাৰী, ২০২২৷ ৰচনাসমূহ মানদণ্ড আৰু শুদ্ধ বানানৰ ওপৰত ভিত্তি কৰি বাচনি কৰা হ’ব আৰু মাঘৰ বিহুৰ সময়ত বিজয়ীসকলৰ নাম ঘোষণা কৰা হ’ব৷ ইয়াৰ লগতে অনলাইন আলোচনী ’সাহিত্য ডট অৰ্গ’ আৰু SKCST ৰ মাজত হোৱা চুক্তি অনুসাৰে নিৰ্বাচিত কিছুমান ৰচনা ’সাহিত্য ডট অৰ্গ’ৰ মাঘৰ বিহুৰ সংস্কৰণত প্ৰকাশ কৰা হ’ব৷
ইমেইল যোগাযোগ: SKC.ScTech@gmail.com
******************************
ৰচনাসমূহ জমা দিওঁতে নিম্নোক্ত চৰ্তসমূহ মন কৰিব;
# ৰচনাৰ শিৰোনামা আৰু জালোচনাৰ শিৰোনামা একে হ’ব লাগিব আৰু শিৰোনামাৰ তলত নিজৰ নাম, ঠিকনা দিব লাগিব৷
# ৰচনাসমূহ ১০০০ শব্দৰ ভিতৰত লিখিব লাগিব৷
# ৰচনাসমূহ সহজ ভাষাত লিখিব লাগিব, কঠিন শব্দ পৰিহাৰ কৰিব লাগিব আৰু সাধাৰণ পঢ়ুৱৈৰ বোধগম্য হোৱাকৈ পৰিষ্কাৰ ভাষাত লিখিব লাগিব৷
#এজন প্ৰতিযোগীয়ে বিভিন্ন বিষয় বাচনি কৰি এক বা ততোধিক ৰচনা জমা দিব পাৰিব৷
#ৰচনাসমূহ MS Word বা PDF আৰ্হিত জমা দিব লাগিব, আন আৰ্হিৰ লেখা গ্ৰহণ কৰা নহ’ব৷
(সহজ ভাষাত বিজ্ঞানভিত্তিক ৰচনা লিখনৰ উদাহৰণৰ বাবে এই লিংক ব্যৱহাৰ কৰিব পাৰে)