পুনৰ জনম

Biju Lahan


পুনৰ জনম


আকৌ আহিম মই

সোণালী পথাৰত আইৰ সাতোৰঙী কোলাত শুবলৈ

তেতিয়া হয়তো নাথাকিব এতিয়াৰ দৰে সাতোৰঙী ৰামধেনুক ঢাকি থকা তেজ-বীৰ্ষৰ কলীয়া ডাৱৰবোৰ।

বৰ ঘৃণনীয় আছিল।

সৌ সিদিনা দেখা শতজনী নিৰ্ভয়াৰ তেজ পি খোৱা

কুকুৰৰ জাকৰ গেঙনিবোৰ

কাইলৈ হয়তো সৰি পৰিব

সিহঁতৰ দীঘল দীঘল জিভাবোৰ।

মই আকৌ আহিম

সোণালী আইৰ পথাৰত সঁচাকৈয়ে সোণগুটি ফুলা দিনত

আকাশখন তেতিয়া সেউজীয়া হ'ব,

সেই দিন আহক সোনকালে

মোৰ হাতৰ মুঠিৰ আশাবোৰে প্ৰাণ পাওক।