অন্তিম মিলন

Nitumoni Das


সৌৱা।

বগা চুৰীয়া চোলাযোৰ পিন্ধি

কাঞ্চন-নাহৰ গছৰ মাজেৰে

জোনধন আহিছে,

শেৱালীয়ে নিয়ৰসনা দুবৰিত

দলিচা পাৰি দিছে।

হাতত কেবাটাও ৰঙা গোলাপৰ থোপা

ওঁঠত মৃদু হাঁহি,

চকুত অপেক্ষাৰ বিষাদ,

মুখমণ্ডলত ব্যাকুলতাৰ চিন লৈ

তেঁও ৰৈ আছে।

কিন্তু তেওঁক আদৰিবলৈ

তৰাৱতিহে নাই।

জোনধন অহাৰ খবৰ

তেওঁ পোৱাগৈ নাই নে!

জোনৰ উশাহো চিনি পোৱা তৰাই

জোনৰ মনৰ বাৰ্তা নাপাবনে!

হয়তো..

প্ৰিয়জনক লগ পোৱাৰ হেঁপাহত

চাগে নিলাভৰ কোলাত মেঘৰ আঁৰ লৈছে,

তৰাৱতিৰ দেশৰ বৃন্দাবনত চাগে

তৰাই হেঁপাহ পলুৱাই নাচিছে,

কল্পতৰুৰ কেতেকী হৈ পৰিছে।

অতদিনে তৈয়াৰ কৰি সযতনে থোৱা

কেনভাচখন লৈ,

কঁহুৱা-বন বিচাৰি

তুলিকা তৈয়াৰ কৰিছে,

পখিলাবোৰে তৰাৰ কোলাত বিভিন্ন ৰঙৰ টোপোলা দি গৈছে।

জোনধনৰ মনৰ বাৰ্তা পায়েই

তৰাৱতিৰ দেশে ন-কইনা সাজিছে।

অন্তিম মিলনৰ এই মধুৰ বেলাত

জোনালিয়ে তেওঁলোকৰ প্ৰেমৰ বাটত

জোনাক ছতিয়াইছে

তৰাৰ সলাজ হাঁহিত ফুল বৰষিছে,

বকুলেৰে ভৰা পথেৰে আগুৱাই

জোনধনক আদৰিলে তৰাৱতীৰ দেশলৈ।