আকাশ

Nilpawan Borah


আকাশ



আস উস কিবা কোৱা জন্তুটোৰ গৰম লাগিল

জঠৰ জহত শুকান পৰিল উশাহনলী

পানী নাই নাই পানী

চিঞৰ ফালি কোনো নুবুজা ভাষাৰ আকাশলৈ চাই চৰম ভৎসনা

আকাশক চৰম গালি গালাজ

আকাশক কৰ্কথনা

আকাশক কাতৰ প্ৰাৰ্থনা

পানী দে


অথচ আকাশ বুলিবলৈ একো‌ নাই।।


এটা ৰাজপথ

এটা মৃতদেহ

এটা চিঞৰ

এজনী মাক

এজাক মানুহ

এখন আকাশ

আকাশলৈ প্ৰশ্ন

আকাশলৈ ক্ষোভ

আকাশ চাই বিলাপ

আকাশত থকা জনলৈ গৈছে নে কথাবোৰ?



আকাশ বুলি একো নাই


আঙুলিয়ে চুই চুই তৰাবোৰ গণিছে সিহঁতে

আকাশ চাই আকাশ হোৱাৰ মন

আকাশ এক হাবিয়াস

আকাশ এক বিশ্বাস

আকাশ চাই সপোন‌ ৰচে আকাশ এক প্ৰলোভন


আকাশ বুলি কত আয়োজন

অথচ আকাশ বুলি একো নাই!


আকাশ বুলি একো নাই

আকাশ এক মিছা আশ্বাস

আকাশ নিজক দিয়া এটা ফাকি

আকাশ সকলো হেৰুৱাই আকৌ আৰম্ভ কৰাৰো বিশ্বাস

আকাশ গালি

আকাশ হাঁহি

আকাশ বুলি একো নাই

অথচ আকাশৰ প্ৰয়োজনীয়তা আছে।।