বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্রিয়া
অতি চমু প্রশ্নোত্তৰ
1. কোন গৰাকী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল যে ধাতুৰ পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হ’লে ইয়াৰ চাৰিওফালে এখন চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হয়?
উত্তৰঃ হান্স খ্রিষ্টিয়ান অ’ৰষ্টেডে।
2. চৌম্বক ক্ষেত্ৰ কাক বোলে?
উত্তৰঃ চুম্বক এডালৰ চাৰিওফালৰ যি অঞ্চলত চুম্বকডালৰ বল অনুভূত হয়, তাক চুম্বকডালৰ চৌম্বক ক্ষেত্র বোলা হয়।
3. চৌম্বক ক্ষেত্ৰৰেখা বা বলৰেখা কি?
উত্তৰঃ এখন চৌম্বক ক্ষেত্ৰত মুক্তভাৱে বিচৰণ কৰিব পৰা এটা কাল্পনিক উত্তৰ মেৰুৱে গতি কৰা পথসমূহ নিৰ্দেশ কৰা ৰেখাবোৰক চৌম্বক ক্ষেত্ৰৰেখা বা বলৰেখা বোলা হয়।
4. চৌম্বক ক্ষেত্র এখনৰ কোনো বিন্দুত চৌম্বক ক্ষেত্ৰৰ দিশ কেনেদৰে নিৰ্ণয় কৰা হয়?
উত্তৰঃ চৌম্বক ক্ষেত্ৰ এখনৰ কোনো এটা বিন্দুত ৰখা দিগদৰ্শন যন্ত্ৰৰ কাঁটাৰ উত্তৰ মেৰুটোৱে নিৰ্দেশ কৰা দিশকেই উক্ত বিন্দুত চৌম্বক ক্ষেত্ৰৰ দিশ হিচাপে গণ্য কৰা হয়।
5. চৌম্বক বলৰেখাবোৰ কিয় বন্ধ বক্র?
উত্তৰঃ কাৰণ, চুম্বক এডালৰ বহির্ভাগত চৌম্বক বলৰেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে। আনহাতে চুম্বকডালৰ অন্তৰ্ভাগত এই চৌম্বক বলৰেখাবোৰৰ দিশ চুম্বকৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয়। সেইবাবে চৌম্বক বলৰেখাবোৰক বন্ধ বক্ৰ বুলি গণ্য কৰা হয়।
6. প্রবাহযুক্ত পোন পৰিবাহী এডালৰ চাৰিওফালে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ দিশ কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশৰ ওপৰত।
7. প্রবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ হোৱা নীতিটোৰ নাম কি?
উত্তৰঃ সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।
8. প্রবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক বলৰেখাৰ অৱয়ব / আৰ্হি কেনেকুৱা?
উত্তৰঃ প্রবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক বলৰেখাসমূহ পৰিবাহীডালক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কিছুমান ঐককেন্দ্রিক বৃত্ত। এই বৃত্তসমূহ থকা সমতলখনৰ লম্বভাৱে আৰু বৃত্তসমূহৰ উমৈহতীয়া কেন্দ্ৰটোৰ মাজেৰে পৰিবাহীডাল পাৰ হৈ যায়।
9. প্রবাহযুক্ত পৰিবাহী এডালৰ চাৰিওফালে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ কোনো প্রদত্ত বিন্দুত চৌম্বক ক্ষেত্ৰৰ প্রাবল্য কেনেদৰে সলনি হ’ব যদি পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ মান বঢ়োৱা হয়?
উত্তৰঃ প্রদত্ত বিন্দুত চৌম্বক ক্ষেত্ৰৰ প্রাবল্যৰ মানো বাঢ়িব।
10. পৰিবাহীৰ পৰা দূৰত্ব বঢ়াৰ লগে লগে কোনো পৰিবাহীৰ প্ৰদত্ত প্রবাহে সৃষ্টি কৰা চৌম্বক ক্ষেত্ৰৰ মান কেনেদৰে সলনি হ’ব?
উত্তৰঃ দূৰত্ব বঢ়াৰ লগে লগে চৌম্বক ক্ষেত্ৰৰ মান কমি যাব।
পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ
Q. 1. দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয়?
Ans. দণ্ডচুম্বক এডালৰ চাৰিওফালে এটা চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। এই চুম্বক ক্ষেত্ৰৰ প্ৰভাৱতেই চুম্বকডালৰ ওচৰত ৰখা দিগ্দর্শন যন্ত্ৰৰ কাঁটাডালৰ বিক্ষেপণ ঘটে।
পাঠভিত্তিক প্রশ্নোত্তৰ:
Q.1. এডাল দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবোৰ অংকন কৰা।
Ans.
Q.2. চৌম্বক বলৰেখাৰ ধৰ্মসমূহ তালিকাভুক্ত কৰা।
Ans. চুম্বকীয় ক্ষেত্ৰৰ বলৰেখাৰ তিনিটা ধৰ্ম হ’ল—
[i] চুম্বকৰ প্রত্যেক বলৰেখাই উত্তৰ মেৰুত উৎপন্ন হৈ দক্ষিণ মেৰুত শেষ হয়।
[ii] চুম্বকীয় ক্ষেত্ৰৰ বলৰেখাবোৰ অৱিচ্ছিন্ন ৰেখা।
[iii] চুম্বকৰ বলৰেখাই কেতিয়াও এডালে আনডালৰ সৈতে কটাকটি নকৰে।
Q. 3. দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে?
Ans. চুম্বকৰ অৱস্থিতি সাপেক্ষে এটা নির্দিষ্ট বিন্দুত বলৰেখাৰ দিশ নির্দিষ্ট। অর্থাৎ একেটা বিন্দুত, একে সময়তে চুম্বক ক্ষেত্ৰৰ বলৰেখা দুটা ভিন্ন দিশত থাকিব নোৱাৰে। সেইবাবে দুডাল বলৰেখাই কেতিয়াও কটাকটি নকৰে।
পাঠভিত্তিক প্রশ্নোত্তৰ:
Q. 1. এখন টেবুলৰ সমতলত তাঁৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা। ধৰা হওঁক ঘড়ীৰ কাঁটাৰ দিশত ইয়াৰ মাজেৰে প্ৰৱাহ চালিত হৈছে। কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰা।
Ans. এটা কাৰ্ডবৰ্ডত দুটা বিন্ধা কৰা হ’ল, বিন্ধা দুটাৰ ভিতৰদি পৰিবাহী তাঁৰ সুমুৱাই এটা কুণ্ডলী সৃষ্টি কৰা হ’ল। কুণ্ডলীটোৰ দুটা মূৰৰ সৈতে বেটাৰীৰ দুটা প্ৰান্ত সংযোগ কৰা হ’ল। আৰু ব’ৰ্ডৰ ওপৰত লোৰগুৰি দিয়া হ’ল। এতিয়া ছুইচ অন কৰি প্ৰবাহ আৰম্ভ কৰা হ’ল। এতিয়া বৰ্ডৰ লোৰ গুৰিৰ সজ্জাটো পৰ্যবেক্ষণ কৰা হ’ল। যদি বিদ্যুৎ প্ৰৱাহৰ ফালে আমি ব’ৰ্ডটো ঘূৰাওঁ তেন্তে লোৰ গুৰিবোৰৰ বিক্ষেপণ মেক্সওৱেলৰ সোঁহতীয়া নিয়ম অনুসৰি প্ৰবাহৰ ফালে হ’ব।
Q.2. এটা প্ৰদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম। ইয়াক প্ৰদৰ্শন কৰি চিত্র অংকন কৰা।
Ans. এখন ক্ষেত্রত সুষম চৌম্বক ক্ষেত্র বিৰাজ কৰে। ইয়াক সমদূৰত্বত থকা। কিছুমান সমান্তৰাল ৰেখা দ্বাৰা প্রদর্শন কৰা যায়।
Q.3. শুদ্ধ উত্তৰ বাছি উলিওৱা।
প্রবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্র
(a) শূন্য।
(b) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে কমি থাকে।
(c) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে বাড়ে।
(d) সকলো বিন্দুতে একে থাকে।
Ans. (d) সকলো বিন্দুতে একে থাকে।
পাঠভিত্তিক প্রশ্নোত্তৰ:
Q.1. চৌম্বক ক্ষেত্ৰত মুক্তভাবে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ’ব পাৰে? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে)
(a) ভৰ।
(b) দ্রুতি।
(c) বেগ।
(d) ভৰবেগ।
Ans. (c) বেগ আৰু (d) ভৰবেগ।
Q.2. ক্রিয়াকলাপ 13.7 AB দণ্ডৰ সৰণ কেনেদৰে প্রভাবিত হ’ব যদি
[i] AB দণ্ডত প্রবাহ বৃদ্ধি কৰা হয়।
[ii] পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰা হয়।আৰু
[iii] AB দণ্ডৰ দৈর্ঘ্য বৃদ্ধি কৰা হয়?
Ans. [i] AB বিদ্যুৎ প্রবাহ বৃদ্ধি কৰিলে, ইয়াৰ সৰণও বৃদ্ধি হ’ব।
[ii] যদি এটা শক্তিশালী অশ্ব-ঘুৰাকৃতি চুগ্ধক ব্যৱহাৰ কৰা হয়, ভেস্তে AB দণ্ডটোৰ সৰণ বৃদ্ধি হ’ব।
[iii] যদি AB দণ্ডৰ দৈর্ঘ্য বৃদ্ধি কৰা হয়, তেন্তে ইয়াৰ উপৰ প্ৰযুক্ত বলৰ পৰিমাণ আৰু দণ্ডটোৰ সৰণও বৃদ্ধি হ’ব।
Q. 3. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল। চৌম্বক ক্ষেত্ৰৰ দিশ হ’ব–
(a) দক্ষিণমুৱা।
(b) পূৱমুৱা।
(c) নিম্নমুখী।
(d) উর্দ্ধমুখী।
Ans. (d) উর্দ্ধমুখী।
পাঠভিত্তিক প্রশ্নোত্তৰ:
Q. 1. ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা।
Ans.
বাঁওহাতৰ বুঢ়া, প্ৰথমা আৰু মধ্যমা আঙুলি তিনিটা পৰস্পৰ লম্ব দিশত মেলি দিলে প্রথমা আৰু মধ্যমা আঙুলিয়ে যদি ক্রমে চুম্বকক্ষেত্র আৰু বিদ্যুত প্রবাহৰ দিশ সূচায়, তেনেহ’লে বুঢ়া আঙুলিটো পৰিবাহী ডালৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ সুচাব।
বিদ্যুত প্ৰবাহৰ দিশ আৰু চৌম্বক ক্ষেত্ৰৰ অভিমুখ জনা থাকিলে চুম্বকৰ ক্ৰিয়াত বিদ্যুতবাহী পৰিবাহী এডালৰ কোন দিশত বিক্ষেপণ হ’ব ফ্লেমিঙৰ বাঁও হতীয়া নীতিৰ পৰা জনা যায়।
Q.2. বৈদ্যুতিক মটৰৰ মূলনীতিটো কি?
Ans. বৈদ্যুতিক মটৰ এনে এটা সঁজুলি, যিয়ে বিদ্যুৎ শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰিত কৰে। বিদ্যুৎপ্রবাহী পৰিবাহী এটাক চুম্বক ক্ষেত্ৰত স্থাপন কৰিলে ইয়াৰ ওপৰত এটা চৌম্বক বলে ক্রিয়া কৰে, যাৰ দিশ “ফ্লেমিডৰ বাওঁহতীয়া নীতি” নামৰ এটা নীতি অনুসৰণ কৰি উলিয়াব পাৰি।
বিদ্যুত প্রবাহী পৰিবাহী এডালৰ (চুম্বকক্ষেত্ৰত স্থাপিত) ওপৰত চুম্বকক্ষেত্রই ক্রিয়া কৰা বলৰ প্ৰয়োগ কৰি বিদ্যুত শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰ কৰাই হ বৈদ্যুতিক মটৰৰ নীতি।
Q. 3. বৈদ্যুতিক মটৰ, আঙঠিৰ ভূমিকা কি?
Ans. বৈদ্যুতিক মটৰত স্পিলট্ ৰিঙৰ বা আঙঠিৰ সহায়ত ইয়াৰ কুণ্ডলীৰ মাজেৰে হোৱা প্ৰৱাহৰ দিশ পর্যায়ক্রমে বিপৰীতমুখী কৰা হয়। ইয়াৰ ফলত কুণ্ডলীটো সদায় একেটা দিশত ঘূৰি থাকে।
পাঠভিত্তিক প্রশ্নোত্তৰ:
Q. 1. কুণ্ডলীত প্রবাহ আৱিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা।
Ans. যেতিয়া কুণ্ডলী 1-ত বিদ্যুৎ প্ৰৱাহৰ পৰিৱৰ্তন কৰা হয়, তেতিয়া কুণ্ডলী 2-ত আৱিষ্ট প্ৰবাহৰ সৃষ্টি হয়। ইয়াৰ এটা ব্যাখ্যা তলত দিয়া হ’ল:
কুণ্ডলী এটাৰ মাজেৰে পাৰ হৈ যোৱা চুম্বকীয় ক্ষেত্ৰৰেখাৰ সলনি ঘটাই তাত এটা ক্ষণস্থায়ী বিদ্যুৎ প্ৰৱাহৰ সৃষ্টি কৰা পৰিঘটনাটোক বিদ্যুৎ-চুম্বকীয় আবেশ বোলা হয়। সৃষ্টি হোৱা বিদ্যুৎ প্ৰৱাহ আৰু বিভৱ ভেদক ক্রমান্বয়ে আৱিষ্ট প্ৰবাহ আৰু আৱিষ্ট বিভৱ ভেদ বোলা হয়। বিদ্যুৎ-চুম্বকীয় পৰিঘটনাটো এটা সাধাৰণ পৰীক্ষাৰ সহায়ত বর্ণনা কৰিব পাৰি।
পৰীক্ষা: লোহাৰ এমুঠি দীঘল গজালৰ ওপৰত তামৰ অন্তৰিত তাঁৰেৰে বহুতো পাক থকা দুটা কুণ্ডলী বনোৱা হ’ল। প্ৰথমটো কুণ্ডলী এটা বেটাৰী, এটা এমিটাৰ আৰু এটা ছুইচৰ লগত আৰু দ্বিতীয়টো কুণ্ডলীত মাত্র এটা সংবেদনশীল গেলভেন মিটাৰ সংযোগ কৰা হ’ল। এতিয়া প্রথম কুণ্ডলীত ছুইচটো দিয়াৰ লগে লগে দেখা গ’ল যে দ্বিতীয় কুণ্ডলীটোৰ গেলভেন মিটাৰে তাৎক্ষণিক বিক্ষেপণ দেখুৱাইছে আৰু প্ৰথম কুণ্ডলীটোত প্ৰৱাহে স্থিৰ মান পোৱাৰ লগে লগে দ্বিতীয় কুণ্ডলীটোত বিক্ষেপণ নোহোৱা হৈ কাঁটাডাল আকৌ মধ্য বিন্দুলৈ ঘূৰি আহিছে। একেদৰে প্রথম কুণ্ডলীটোত যেতিয়া ছুইচটো অফ কৰা হয় তেতিয়া গেলভেন মিটাৰে বিক্ষেপণ দেখায় কিন্তু বিপৰীত দিশত আৰু প্ৰথম কুণ্ডলীত প্ৰৱাহ শূন্য হোৱাৰ লগে লগে দ্বিতীয় কুণ্ডলীতো বিক্ষেপণ নোহোৱা হয়।
মন্তব্য: প্রথম কুণ্ডলীটোত যেতিয়া ছুইচটো দিয়া হয় তেতিয়া তাত বিদ্যুৎ প্রবাহ শূন্যৰপৰা বাঢ়ি গৈ এটা স্থিৰ মান পায়। এই সময়ছোৱাত বিদ্যুৎ প্রবাহে সৃষ্টি কৰা চুম্বক ক্ষেত্ৰখনৰ ক্ষেত্ৰৰেখাৰ সংখ্যাও বাঢ়ি থাকে। চুম্বক ক্ষেত্ৰৰেখাৰ এই বৃদ্ধি অকল প্রথম কুণ্ডলীতে নহয়। দ্বিতীয় কুণ্ডলীটো যিহেতু কাষতে আছে গতিকে তাৰ মাজেৰেও এই ক্ষেত্ৰৰেখাবোৰ পাৰ হৈ যায় আৰু ফলত ক্ষেত্ৰৰেখাৰ বৃদ্ধিও কুণ্ডলীৰ মাজেৰেও হয়। সেয়েহে দ্বিতীয় কুণ্ডলীত থকা গেলভেন’মিটাৰটোৰ এটা তাৎক্ষণিক বিক্ষেপণ হয়। প্রথম কুণ্ডলীত প্রবাহে যেতিয়া স্থিৰ মান পায়; তেতিয়া ক্ষেত্ৰৰেখাৰ আৰু সলনি নহয়, ফলত গেলভেন মিটাৰৰ বিক্ষেপণো নোহোৱা হয়। আকৌ যেতিয়া প্রথম কুণ্ডলীত ছুইচটো অফ কৰি দিয়া হয়, প্ৰৱাহে স্থিৰ মানৰপৰা গৈ শূন্য মান পায়। বিদ্যুৎ প্রবাহ কমাৰ লগে লগে চুম্বক ক্ষেত্ৰৰেখাৰ মানো কমি যায়। এই হ্রাস প্রথম আৰু দ্বিতীয় দুয়োটা কুণ্ডলীৰ মাজেৰেই ঘটে। গতিকে দ্বিতীয় কুণ্ডলীটোত এটা প্ৰৱাহ আবিষ্ট হয় যিটোৰ কাৰণে গেলভেন মিটাৰে বিক্ষেপণ দেখায়। গতিকে দুয়োটা ক্ষেত্ৰতেই দেখা যায় কুণ্ডলীটোৰ মাজেৰে তৎক্ষণিক বিদ্যুৎ প্রবাহ সৃষ্টি হোৱাৰ কাৰণ হ’ল কুণ্ডলীৰ মাজেৰে পাৰ হৈ যোৱা চুম্বকীয় ক্ষেত্ৰৰেখাৰ সলনি ঘটোৱা ধৰ্ম।
পাঠভিত্তিক প্রশ্নোত্তৰ:
Q. 1. এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা।
Ans. বিদ্যুৎ চুম্বকীয় আবেশ সূত্র প্রয়োগ কৰি বিদ্যুৎ উৎপাদক জেনেৰেটৰত যান্ত্রিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা হয়।
Q. 2. প্রত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা।
Ans. প্রত্যক্ষ প্ৰৱাহৰ উৎস হল বিদ্যুৎ উৎপাদক জেনেৰেটৰ ডায়নাম’ আৰু বেটাৰী।
Q. 3. পৰিবৰ্তী প্রবাহ কোনবিলাক উৎসই উৎপাদন কৰে।
Ans. পৰিবর্তী বিদ্যুৎপ্রবাহ উৎপাদক, আৰ্মেচাৰত পৰিবৰ্তী প্রবাহ উৎপাদন কৰে।
Q. 4. শুদ্ধটো বাছি উলিওৱা।
তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্র এখনত ঘূৰোৱা হৈছে। আবিষ্ট প্ৰবাহৰ দিশ প্রতি–
(a) দুপাকত সলনি হ’ব।
(b) এপাকত সলনি হ’ব।
(c) আধা পাকত সলনি হ’ব।
(d) এশকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব।
Ans. (c) আধা পাকত সলনি হ’ব।
পাঠভিত্তিক প্রশ্নোত্তৰ:
Q. 1. বৈদ্যুতিক বর্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা।
Ans. বৈদ্যুতিক বর্তনী আৰু বৈদ্যুতিক সঁজুলি ৰক্ষা করা যায় (নিৰাপত্তা ব্যবস্থা গ্ৰহণ কৰা যায়)।
[i] ভূমি সংযোগী তাঁর (Earthing)।আৰু
[ii] ফিউজ ব্যৱহাৰ কৰি।
Q. 2. এটা বৈদ্যুতিক ওভেনৰ ক্ষমতা 2KW আৰু ইয়াক 5A প্রবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ (220 V ৰ) লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা? আলোচনা কৰা।
Ans. প্রশ্নানুযায়ী, P = 2 KW = 2000 W
V = 220 V
I = 5A
∴ P = V × I
⇒ 2000 W = 220 V × 5A
⇒ 2000 V = 1100 V
ইয়াত, 2000 V = 1100 V. অর্থাৎ ক্ষমতা আৰু VI একে নহয়। গতিকে বর্তনীত প্রৱাহৰ মান নিরাপদ সীমাতকৈ বেছি হ’লে বৈদ্যুতিক আঘাত জনিত দুর্ঘটনা ঘটে।
Q. 3. ঘৰুৱা বৈদ্যুতিক বর্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল’বা?
Ans. আমি দৈনন্দিন জীৱনত বৈদ্যুতিক বর্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ প্রদত্ত সাৱধানতা অবলম্বন কৰা উচিত; যেনে—
[i] সদায় ঘৰৰ মূল চুইচ (Main switch) ক’ত আছে সেইটো জনা উচিত। ঘৰৰ বৈদুতিক ক্ৰটিৰ কাৰণে বর্তনীৰ কোনো অংশত জুই লাগিলে বা স্ফুলিঙ্গ দেখা গলে তৎক্ষণাৎ সাবধানে মূল চুইছটো বন্ধ কৰি দিব লাগে।
[ii] ঘৰৰ বৈদ্যুতিক বর্তনীত তাঁৰ যন্ত্রপাতিৰ সংযোগ ঢিলা হ’লৈ অথবা বিদ্যুৎ পৰিবহণ কৰা তাঁৰৰ সৈতে যন্ত্রপাতিৰ সংযোগ ঢিলা হ’লে অথবা বিদ্যুৎ পৰিবহণ কৰা তাঁৰ নষ্ট হ’লে স্ফুলিঙ্গ হ’ব পাৰে। এনে ধৰণৰ যন্ত্রপাতি মেৰামতি নকৰাকৈ ব্যৱহাৰ কৰিব নালাগে।
[iii] ঘৰৰ বৈদ্যুতিক বর্তনীৰ সৈতে ভূমি সংযোগী তাঁৰৰ সংযোগ ৰাখিব লাগে। ই হ’ল এবিধ সুৰক্ষা ব্যৱস্থা। বৈদ্যুতিক ইস্ত্রি, পাউৰুটি সেকা সঁজুলি, টেবুল ফেন, ৰেফ্রিজাৰেটৰ আদিৰ দৰে ধাতুৰে নিৰ্মিত শৰীৰৰ সঁজুলিবোৰৰ ক্ষেত্ৰত এই ব্যৱস্থা অতিশয় প্রয়োজনীয়। সঁজুলিৰ ধাতুৰ শৰীৰ ভূমি সংযোগী তাঁৰৰ লগত সংলগ্ন কৰা হয়; ই প্ৰবাহক ভূমিলৈ কম ৰোধৰ পৰিবাহী পথ এটাৰ গিান ধৰে। সঁজুলিৰ ধাতুৰ শৰীৰলৈ এই ব্যৱস্থাত প্রবাহ নিঃসাৰিত হ’লৈ ধাতুৰ শৰীৰৰ বিভৱ ভূমিৰ সৈতে একে কৰি ৰাখে, ফলত ব্যৱহাৰকাৰীয়ে অনুভৱ কৰা বৈদ্যুতিক আঘাত (electric shock) সিমান প্রচণ্ড নহ’ব পাৰে। আৰু বৰ্তনীত জুই লগাৰ পৰা ৰক্ষা কৰে।
[iv] ফিউজ তাঁৰ ঘৰুৱা বৰ্তনী এটাৰ গুৰুত্বপূর্ণ অংশ। বর্তনীত প্রবাহ অত্যাধিক হলে ফিউজ তাঁৰ কাটি গৈ বৰ্তনীত প্রবাহ বন্ধ হৈ যায় আৰু বৰ্তনীক সুৰক্ষা প্ৰদান কৰে।
পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ:
Q. 1. তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বর্ণনা কৰে?
(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত।
(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত।
(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত।
(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্র থকা এককেন্দ্রীক বৃত্তৰে গঠিত।
Ans. (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।
Q. 2. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে–
(a) বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া
(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্ৰক্ৰিয়া।
(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া
(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূর্ণনৰ প্ৰক্ৰিয়া।
Ans. (d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূর্ণনৰ প্ৰক্ৰিয়া।
Q. 3. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক–
(a) জেনেৰেটৰ বোলা হয়।
(b) গেলভেন মিটাৰ বোলা হয়।
(c) এমিটাৰ বোলা হয়
(d) মটৰ বোলা হয়।
Ans. (a) জেনেৰেটৰ বোলা হয়।
Q. 4. পৰিবর্তী প্রবাহ জেনেৰেটৰ আৰু প্রত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পার্থক্যটো হৈছে–
(a) পৰিবৰ্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে।
(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে।
(c) পৰিৱৰ্তী প্রবাহ জেনেৰ্টেৰে উচ্চ বিভবভেদ উৎপন্ন কৰে।
(d) পৰিবৰ্তী প্রবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্ পৰিবৰ্ত্তক থাকে।
Ans. (d) পৰিৱর্তী প্রবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্ পৰিবৰ্ত্তক থাকে।
Q. 5. বর্তী (Short Circuit) হোৱাৰ সময়ত বৰ্ত্তনীটোত প্ৰবাহ
(a) বুজন পৰিমাণে কমি যায়।
(b) সলনি নহয়।
(c) বুজন পৰিমাণে বৃদ্ধি পায়।
(d) অবিৰ্তভাবে সলনি হয়।
Ans. (c) বুজন পৰিমাণে বৃদ্ধি পায়।
Q. 6. তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা।
(a) এটা বৈদ্যুতিক মটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।
Ans. ভুল। শুদ্ধ— এটা বৈদ্যুতিক মটৰে বিদ্যুৎ শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰিত কৰে।
(b) এটা বৈদ্যুতিক জেনেৰেটেৰে বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কার্য সম্পাদন কৰে।
Ans. শুদ্ধ।
(c) এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ’ব।
Ans. শুদ্ধ
(d) সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে।
Ans. ভুল। শুদ্ধ – সেউজীয়া অন্তৰ্কৰ তাঁৰক সাধাৰণতে ভূমি সংযোগী তাঁৰ বোলে।
Q. 7. চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।
Ans. চৌম্বকক্ষেত্র সৃষ্টিৰ বাবে গ্ৰহণ কৰা পদ্ধতিবোৰ হ’ল—
[i] দণ্ড-চুম্বক, অশ্ব-খুৰাকৃতি চুম্বক বা গোলাকৃতি চুম্বক ব্যৱহাৰ কৰি কৰিব পাৰি ৷
[ii] পৰিবাহী তাঁৰৰ মাজেৰে বিদ্যুৎ প্রবাহ চালনা কৰি কৰিব পাৰি।
[iii] চলেনইডৰ মাজেৰে বিদ্যুৎ প্ৰৱাহ চালনা কৰি চুম্বক ক্ষেত্র সৃষ্টি কৰিব পাৰি
Q. 8. চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণা কৰিব পাৰিবানে? ব্যাখ্যা কৰা।
Ans. দীঘল অন্তৰিত তাঁৰ এডালক বৃত্তাকাৰ পাকত পকাই থাকিলে স্প্রিং সদৃশ যি কুণ্ডলীৰ সৃষ্টি হয় তাক চলেনইড বোলে। চলেনইডৰ এটা মূৰ দক্ষিণমেক আৰু আনটো মূৰ উত্তৰ মেক। এটা দণ্ড-চুম্বকৰ দক্ষিণমেক চলেনইডৰ এটা মূৰত আনিলে যদি বিকর্ষণ ঘটে, তেতিয়া ধৰিব লাগিব চলেনইডৰ এই মূৰটো দক্ষিণ মেরু। তেনে হলে আনটো মূৰ হ’ব উত্তৰ মেক। এই তাঁৰৰ মাজেদি বিদ্যুৎ প্রবাহ চালনা কৰি চৌম্বক ক্ষেত্র সৃষ্টি কৰিব পাৰি।
Q.9. চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সর্ব্বোচ্চ হয়?
Ans, ফ্লেমিঙৰ বাঁওহতীয়া নীতি অনুযায়ী, এটা পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে যি চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় সিহঁত পৰম্পৰ লম্বভাবে অবস্থান কৰিলে সবাতোকৈ বেছী বা সর্বোচ্চ বল পোৱা যায়।
Q. 10. ধৰা হওঁক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছা। ইলেকট্রনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ অনুভূমিকভাবে আহিছে। এই কিৰণ এডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিদ্যুত প্রবাহিত হৈছে। চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব?
Ans. বিদ্যুৎপ্রবাহৰ ফ্লেমিঙৰ বাঁওহতীয়া নীতি (ওপৰত চোৱা) অনুযায়ী চুম্বক ক্ষেত্ৰৰ দিশ তলৰ পিনে (downwards) হ’ব।
Q. 11. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকন কৰা। ইয়াৰ মূলনীতি আৰু কার্যপ্রণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আউঠিৰ কাম কি?
Ans. বৈদ্যুতিক মটৰৰ নীতি: বিদ্যুত প্রবাহী পৰিবাহী এডালৰ (চুম্বকক্ষেত্ৰত স্থাপিত) ওপৰত চুম্বকক্ষেত্ৰই ক্রিয়া কৰা বলৰ প্ৰয়োগ কৰি বিদ্যুত শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰ কৰাই হ’ল বৈদ্যুতিক মটৰৰ নীতি।
কার্যপ্রণালী: এটা আয়তাকার ফ্রেম ABCD ওপৰত পৰিবাহী তাঁৰৰ কুণ্ডলী এটাৰে বহু পাক দি এখন আয়তাকাৰ কুণ্ডলী বনোৱা হ’ল। এইখন এডাল চুম্বকৰ দুই মেকৰ মাজত স্থাপন কৰা হ’ল। XY হ’ল দু’ভাগত ভাগ কৰা বৃত্তাকাৰ এটা আঙুঠি। তাঁৰৰ কুণ্ডলীটোৰ দুইমূৰ দু’ভাগত ভাগ কৰা আঙঠি দুটাৰ লগত যুক্ত কৰা হ’ল। ইয়াকেই ফলা আঙঠি বাস্প্লিট্ ৰিং বোলে। ফলা আঙঠি বা, স্প্লিট ৰিংখন পৰিবাহীৰে নিৰ্মিত ব্ৰাছ C₁ আৰু C₂ ৰ মাজত এনে ভাবে সংযোগ কৰা হয় যাতে ৰিংটো ঘূৰাৰ সময়ত ব্ৰাছদ্বয়ৰ গাদি পিচলি যাব পাৰে, কিন্তু সংযোগ বিচ্ছিন্ন নহয় যেন। C₁ আৰু C₂ ব্রাছদ্বয় বিদ্যুত কোষৰ দুই মেৰুৰ লগত যুক্ত কৰা হল। বর্তনীত বিদ্যুত প্রবাহ চালিত কৰিলে AB আৰু CD বাহু দুডালত সমান আৰু বিপৰীতমুখী বলে ক্রিয়া কৰে। যুগ্ম বলম্বয়ৰ প্ৰভাৱত ফলা আঙুঠি বা, স্প্লিট ৰিংক ধৰি কুণ্ডলীটোৰ ঘূর্ণন আৰম্ভ হয়। গোটেই ব্যৱস্থাটো এনেদৰে কৰা হয়, কুণ্ডলীটো আধা পথ ঘুৰাৰ পিছত ব্ৰাছ C₁, C₂ আৰু স্প্লিট ৰিংৰ সহায়ত বিদ্যুত প্রবাহৰ গতি বিপৰীতমুখী হয় যাতে বল যুগ্ম কুণ্ডলীটোক একেই দিশত ঘূৰাই থাকে। বর্তনীটোৰ বিদ্যুত শক্তিৰ পৰা কুণ্ডলীটোৰ দ্বাৰা লাভ কৰা গতিশক্তিয়ে ঘূর্ণন গতি উৎপন্ন করে। এই ঘূর্ণন গতি শক্তিক বিভিন্ন সঁজুলি ঘুৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়।
ফলা আঙঠি বা স্প্লিট ৰিং পৰিবৰ্তকটোৰ মূল কাম হ’ল, ইয়াৰ সহায়ত বিদ্যুত প্ৰবাহৰ অভিমুখ সলনি কৰি কুণ্ডলীটোক যাতে সদায় একেই দিশত ঘূৰাব পাৰি।
Q.12. বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলিৰ নাম লিখা।
Ans. বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰা বৈদ্যুতিক সঁজুলি হ’ল— ইলেকট্রিক ফেন (পখা), পানী ওপৰলৈ তোলাৰ পাম্প, ৰেকৰ্ড প্লেয়াৰ, টেপ ৰেকৰ্ডাৰ, ওৱাচিং মেচিন আদি।
Q. 13. অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা গেলভেন মিটাৰ এটাৰ লগত সংযোগ কৰা হৈছে। যদি এডাল দণ্ড চুম্বক
[i] কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে।
[ii] কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে।
[iii] কুণ্ডলীৰ অন্তৰ্ভাগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হ’ব?
Ans. [i] যদি দণ্ড চুম্বক কুণ্ডলীৰ পিছফালে ক্ষিপ্রগতিতে ঠেলি দিয়া হয়, তেতিয়া ক্ষণস্থায়ী বিভৱভেদৰ সৃষ্টি হয়।
[ii] যদি কুণ্ডলীৰ ভিতৰৰ পৰা চুম্বকদণ্ডটো আঁতৰাই নিয়া হয় তেতিয়া বিভৱভেদৰ সৃষ্টি হয়।
[iii] যদি দণ্ড-চুম্বকটো কুণ্ডলীটোৰ ভিতৰত স্থিৰ থাকে তেতিয়া বিভৱভেদৰ সৃষ্টি নহয়।
Q. 14. দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্রবাহ পৰিবৰ্ত্তন হ’লে B কুণ্ডলীত প্রবাহ আৱিষ্ট হ’বনে? কাৰণ দর্শোৱা।
Ans. কুণ্ডলী-A ত প্ৰৱাহিত বিদ্যুতৰ পৰিৱৰ্তন কৰিলে, কিছু পৰিমাণৰ আৱিষ্ট বিদ্যুৎ B-ত সৃষ্টি হয়। ইয়াৰ কাৰণ হ’ল— যেতিয়া কুণ্ডলী A-ত বিদ্যুৎ প্রবাহিত কৰা হয় তেতিয়া ইয়াৰ চাৰিওফালৰ চুম্বকক্ষেত্ৰৰও পৰিৱৰ্তন ঘটে। আকৌ, যিহেতু কুণ্ডলী B, কুণ্ডলী A-ৰ অতি নিকটে ৰখা হৈছে, সেই কাৰণে কুণ্ডলী B-ৰ চাৰিওফালৰ চুম্বকীয় বলৰেখাৰও পৰিৱৰ্তন ঘটে। অর্থাৎ কুণ্ডলী B-ত আৱিষ্ট বিদ্যুতৰ সৃষ্টি হয়।
Q. 15. [i] প্রবাহযুক্ত পোন পৰিবাহীৰ কেউকাষে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ।
[ii] চৌম্বক ক্ষেত্র এখনৰ লম্বভাৱে স্থাপন কৰা প্ৰৱাহযুক্ত পোন পৰিবাহী এডালে অনুভব কৰা বল।আৰু
[iii] চৌম্বক ক্ষেত্র এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নির্ণয় কৰাৰ নিয়ম উল্লেখ কৰা।
Ans. [i]-ৰ ক্ষেত্ৰত মেক্সৱেলৰ সোঁহতীয়া বুঢ়া আঙুলীৰ নীতি ব্যবহৃত হয়।
[ii]-ৰ ক্ষেত্ৰত ফ্লেমিঙৰ বাঁওহতীয়া নীতি ব্যৱহৃত হয়।
[iii]-ৰ ক্ষেত্ৰত ফ্লেমিঙৰ সোঁহতীয় বুঢ়া আঙুলীৰ নীতি ব্যবহৃত হয়। (নীতিবোৰৰ ব্যাখ্যা ওপৰত চোৱা।)
Q. 16. চিহ্নিত চিত্ৰৰ সহায়ত এটা বিদ্যুৎ উৎপাদকৰ কাৰ্যনীতি আৰু কার্যপ্রণালী বর্ণনা কৰা। ইয়াত ব্ৰাচদুডালৰ কাম কি? [N. B. অনুশীলনীৰ প্ৰশ্ন 11 আৰু প্ৰ. 16 পাঠ্যপুথি অনুসৰি একেই প্রশ্ন। সেইবাবে 16 নম্বৰ প্ৰশ্নটো বেলেগকৈ দিয়া হ’ল। ]
Ans. নীতি: বিদ্যুত উৎপাদক এটা যান্ত্রিক কৌশল যত বিদ্যুত চুম্বকীয় আবেশ সূত্ৰ প্ৰয়োগ কৰি যান্ত্রিক শক্তিক বিদ্যুত শক্তিলৈ ৰূপান্তৰিত কৰা হয়। বিদ্যুত উৎপাদক দুই প্ৰকাৰৰ। (i) পৰিবৰ্তী বিদ্যুত উৎপাদক বা প্রত্যাবর্তক (A. C. Generator) যিয়ে পৰিবর্তী প্রবাহ উৎপাদন কৰে আৰু (ii) একমুখী বিদ্যুৎ উৎপাদক অথবা ডাইনেম (D.C. Generator or Dynamo) যিয়ে একমুখী বিদ্যুত প্রবাহ উৎপাদন কৰে।
পৰিবর্তী বিদ্যুত উৎপাদক মূলত: সুষম চৌম্বকক্ষেত্ৰত ঘূর্ণায়মান এটা কুণ্ডলী। পৰিবর্তী বিদ্যুত উৎপাদকৰ মূল উপাদান বোৰ হ’ল-
(i) আৰ্মেচাৰ এটা ফ্লেম বা চুঙাৰ ওপৰত অন্তৰিত
পৰিবাহী তাঁৰৰ পাক দি বনোৱা এটা ঘূর্ণীয়মান কুণ্ডলী।
(ii) শক্তিশালী এডাল চুম্বক।
(iii) পৰিবর্তক বা commutator ই হ’ল দুটা ঘূৰণীয়া পৃথক ধাতৱ আঙুঠি S₁ S₂-ৰ সমষ্টি। আঙুঠি দুটা কুণ্ডলীটোৰ মূৰ দুটাৰ লগত সংযোগ কৰা থাকে। কুণ্ডলীটো ঘুৰাৰ লগে লগে আঙুঠি দুটাও ঘুৰে।
(iv) দুডাল সংযোগী ব্ৰাছ B₁ B₂ । দুটা আঙুঠি (b₁, b₂) ব্ৰাছ ডালৰ (B₁ B₂) ওপৰত পিছলি ঘূৰিব পাৰে।
কাৰ্য্যপ্রণালী: আৰ্মেচাৰখনক চুম্বকৰ দুই মেৰুৰ মাজত স্থাপন করা হয়। আর্মেচাৰৰ দুই মুৰ পৰিবৰ্ত্তক (or commutator) আঙুঠি দুটাৰ (b₁ b₂) লগত সংযুক্ত কৰা হয়। যিয়ে আর্মেচাৰৰ সৈতে ঘূৰে। বিশেষ যান্ত্ৰিক ব্যৱস্থাৰে আৰ্মেচাৰটোক ঘুৰোৱা হয়। টাৰবাইনত উষ্ণ ভাপৰ সম্প্ৰসাৰণৰ জৰিয়তে সম্পাদিত কাৰ্য্যৰপৰা বাণিজ্যিক উৎপাদকৰ ক্ষেত্ৰত যান্ত্রিক ঘূর্ণন সৃষ্টি কৰা হয়। আর্মেচাৰৰ তাঁৰ ডালত কুণ্ডলীটোৰ ঘূর্ণনৰ সময়ত কুণ্ডলী ভেদি চুম্বক ক্ষেত্ৰৰেখাৰ সলনি হয়। ফলত ফেৰাডেৰ নীতি অনুসৰি কুণ্ডলীটোৰ দুই মূৰত এটা বিভেদভেদ আবিষ্ট হয়। প্রথম অর্ধ ঘূর্ণন কালত আবিষ্ট বিদ্যুত এটাদিশত প্রবাহিত হয় আৰু দ্বিতীয় অর্ধ ঘূর্ণন কালত আবিষ্ট বিদ্যুৎ বিপরীত দিশত প্রবাহিত হয়। অর্থাৎ এই উৎপাদকৰ পৰা এক পৰিবর্তী বিদ্যুত প্ৰৱাহ পোৱা যায়। সংযোগী ব্ৰাছত (Bi By) আবিষ্ট বিভৱভেদ (ভল্টেজ) পৰিলক্ষিত হয়।
একমুখী বিদ্যুত উৎপাদক (D. C. Generator) আৰু পৰিবৰ্তী বিদ্যুত উৎপাদকৰ (A. C. Generator) গঠন প্রণালী প্রায় একেই; এটা মাথোন পার্থক্য আছে, সেইটো হ’ল একমুখী বিদ্যুত উৎপাদকত দুটা শিপ ৰিংৰ সলনি এটা দ্বিখণ্ডিত ৰিংৰ (স্প্লিট) ৰিং পৰিবৰ্তক বা Commutator) হিচাপে ব্যৱহাৰ কৰা হয়। কুণ্ডলীটো ঘূৰাৰ লগে লগে ইয়াত এটা পৰিবর্তী বিভবভেদ (ভল্টেজ) আবিষ্ট হয়। কিন্তু কুণ্ডলীটোত বিদ্যুত প্রবাহৰ দিশ সলনিৰ লগে পৰিবৰ্তকৰ কম্যুটেটৰৰ অৰ্ধ বলয় দুটা ব্ৰাছন্বয়ৰ সংযোগস্থলত সমমেঝতু বজায় থাকে। অর্থাৎ কুণ্ডলীটোৰ ঘূর্ণনৰ সময়ত এডাল মেক সদায় ধনাত্মক আৰু আনটো সদায় ঋণাত্মক থাকে। এনেদৰে ব্ৰাছ দুটাত একমুখী বিদ্যুত উৎপাদক ভল্টেজ পায়। সেইবাবে ব্ৰাছদ্বয়ৰ লগত যুক্ত বহিবর্তনীত সদায় একমুখী বিদ্যুত প্রবাহ হয়। একক স্প্লিটৰিং বিদ্যুৎ প্রবাহ সংৰক্ষণ কাৰ্য্যৰ জৰিয়তে এ. সি ভল্টেজ আৰু এ. সি. বিদ্যুত প্রবাহ ক্রমাৎ ডি. সি. ভল্টেজ আৰু ডি.চি. বিদ্যুত প্রবাহলৈ ৰূপান্তৰিত হয়।
Q. 17. এটা বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) কেতিয়া সংঘটিত হয়?
Ans. বর্তনীৰ প্ৰবাহ অত্যাধিক হ’লে (Overloading) ফিউজ তাঁৰে সজুঁলিবোৰ আৰু বৰ্তনীটোক নষ্ট হৈ যোৱাৰ পৰা ৰক্ষা কৰে। সঙ্গীব আৰু উদাসীন তাঁৰৰ অবাঞ্চিত সংযোগ ঘটিলে বোজা অত্যাধিক হয়। (তাৰ দুডালৰ অন্তৰণ নষ্ট হলে বৈদ্যুতিক সঁজুলি ত্রুটিপূর্ণ হ’লে এনে হয়) এনে অৱস্থাত বর্তনীর প্রবাহ হঠাতে গুণ বাড়ি যায়। ইয়াকে বর্তনী (Short Circuit) বোলে হিচাপতকৈ উচ্চ মানৰ প্ৰবাহ প্ৰতিৰোধ কৰি ফিউজ তাঁৰে বৈদ্যুতিক বর্তনী আৰু সজুঁলিবোৰক সম্ভৱপৰ অনিষ্টৰ পৰা ৰক্ষা কৰে।
Q. 18. ভূমি সংলগ্ন তাৰৰ কাম কি? পাতুন সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্রয়োজন কি?
Ans. ভূমিসংলগ্ন তাঁৰ (earth wire) ব্যৱহাৰ কৰাৰ প্ৰধান কাৰণ হ’ল বৈদ্যুতিক সঁজুলিবোৰৰ সুৰক্ষা। এই সংযোগ তাঁর এটাত কম বোধৰ এটা বোধক লগোৱা হয়। প্ৰৱাহৰ কাৰণে। যদি কোনো কাৰণত বিদ্যুৎ শক্তিৰ নিগৰি (Leakage) ঘটে, তেতিয়া ব্যৱহাৰ কৰা ধাতুৰ সঁজুলিত কোনো বিদ্যুৎ নাহে। কাৰণ নিগৰি হোৱা বিদ্যুৎ মাটিৰ তলত ৩টি যায় আৰু মাটি আৰু সঁজুলিৰ মাজত বিভব সেদ একে ৰাখে।
পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ:
■ অতি সংক্ষিপ্তকে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া:
Q.1. বিদ্যুত প্রবাহী তাঁৰৰ ওচৰলৈ চুম্বকশলা আনিলে ইয়াৰ কিয় বিক্ষেপণ ঘটে?
Ans. বিদ্যুতবাহী-পৰিবাহীৰ চাৰিওদিশত এটা চুম্বক ক্ষেত্র উৎপন্ন হয়। সেয়েহে বিদ্যুত প্রবাহী তাঁৰৰ ওচৰলৈ চুম্বকশলা আনিলে ইয়াৰ বিক্ষেপণ ঘটে।
Q.2. এডাল পোন বিদ্যুত প্রবাহী পৰিবাহীৰ ওচৰত চুম্বকীয় ক্ষেত্ৰৰেখাবোৰৰ আকৃতি কেনেকুৱা হ’ব?
Ans. বিদ্যুত প্রবাহী পোন পৰিবাহীৰ ওচৰত সৃষ্টি হোৱা চুম্বকীয় ক্ষেত্র বেখাবোৰৰ আকৃতি কেইটামান এককেন্দ্রীয় বা ঐককেন্দ্রিয় বৃত্তৰ দৰে হ’ব— যিবোৰৰ সমতলৰ লম্বভাৱে আৰু সিঁহতৰ সমূহীয়া কেন্দ্ৰৰ মাজেৰে তাঁৰ ডাল পাৰ হৈ যায়।
Q.3. উর্দ্ধ দিশত বিদ্যুত প্রবাহ হৈ থকা এডাল উলম্ব পৰিবাহী চুম্বকক্ষেত্র এখনত ৰখা হৈছে। যদি চুম্বকক্ষেত্ৰ খনৰ দিশ পশ্চিমৰ পৰা পূবলৈ হয়, পৰিবাহী ডালৰ ওপৰত ক্রিয়া কৰা বলৰ দিশ কি হ’ব?
Ans. পৰিবাহী ডালৰ ওপৰত ক্রিয়া কৰা বলৰ দিশ পূৱৰ পৰা পশ্চিমলৈ হ’ব।
Q.4. বিদ্যুত প্রবাহী এডাল পৰিবাহী এখন চুম্বক ক্ষেত্ৰৰ সৈতে সমান্তৰালভাৱে ৰাখিলে, পৰিবাহী ডালৰ ওপৰত ক্রিয়া কৰা বলৰ দিশ কি হ’ব?
Ans. বিদ্যুতবাহী এডাল পৰিকাবাহীক কোনো চুম্বক ক্ষেত্ৰৰ সৈতে সমান্তৰালভাৱে স্থাপন কৰা হ’লৈ পৰিবাহীটো কোনো বল অনুভৱ নকৰে। কাৰণ এনেক্ষেত্ৰত চুম্বক বলৰ পৰিমাণ শূন্য।
Q.5. সোঁহাতীয়া বুঢ়া আঙুলিৰ নিয়মৰ কাৰ্য্যকাৰিতা কি?
Ans. চুম্বক ক্ষেত্ৰৰ দিশ মনত ৰাখিবলৈ সোঁহাতীয়া বুঢ়া আঙুলিৰ নিয়ম অনুসৰণ কৰা হয়। অর্থাৎ বিদ্যুত প্রবাহৰ দিশত সোঁহাতৰ বুঢ়া আঙুলিটো টোৱাই প্রবাহী তাঁৰ ডাল মুঠি মাৰি ধৰাৰ কল্পনা কৰিলে বাকীবোৰ আঙুলি কি দিশত পাক খায় সেই দিশতেই চুম্বক ক্ষেত্ৰখনৰ দিশ সূচাব।
Q.6. বিদ্যুত চুম্বকৰ মেৰু সলনি কৰিবলৈ কি কৰিবা?
Ans. বিদ্যুত প্ৰৱাহৰ দিশ সলনি কৰি বিদ্যুত চুম্বকৰ মেৰু দুটা সলনি কৰা যায়।
Q.7. চুম্বক ক্ষেত্র এখনত বিচৰণ কৰি থকা নিউট্রন (এটি আধানহীন কণা যাৰ ভৰ প্ৰটনৰ সৈতে একে) এটাৰ ওপৰত কোনো বলে ক্রিয়া কৰিবনে?
Ans. চুম্বকক্ষেত্ৰত বিচৰণ কৰি থকা নিউট্রন কণাটো গতিশীল হ’লেও আধানহীন হোৱা বাবে কোনো বল অনুভব নকৰে অর্থাৎ কোনো বলে ক্রিয়া নকৰিব।
Q.৪. তোমালকে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এনে দুবিধ সঁজুলিৰ নাম উল্লেখ কৰা য’ত বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰা হয়।
Ans. আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰো এনে দুবিধ বৈদ্যুতিক মটৰ হ’ল-
(i) বৈদ্যুতিক ফেন বা পংখা।
(ii) পাম্প (পানী তোলাৰ মেচিন) ইয়াৰ বাহিৰেও কাপোৰ ধোৱা মেচিন, ৰেফ্রিজাৰেটৰ, মিক্সাৰ আদি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা হয়।
Q.9. চুম্বক ক্ষেত্ৰত ৰখা স্থিৰ আধানৰ ওপৰত কোনো চুম্বক বলে ক্ৰিয়া কৰিবনে?
Ans. চুম্বক ক্ষেত্ৰত ৰখা স্থিৰ বিদ্যুত আধানৰ ওপৰত কোনো চুম্বক বলে ক্রিয়া নকৰে।
Q.10. পশ্চিম দিশ অভিমুখী অনুভূমিক চুম্বকক্ষেত্ৰত এটা ইলেকট্রন উত্তৰ দিশত অনুভূমিকভাৱে গৈ থাকিলে ইলেকট্রনটোৰ ওপৰত চৌম্বিক বলে কোন্ দিশত ক্রিয়া কৰিব?
Ans. চুম্বক বলৰ দিশ হ’ব আধানৰ গতিৰ দিশত আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত লম্ব দিশত।
Q.11. চুম্বক ক্ষেত্রই আধানৰ ওপৰত ক্রিয়া কৰা বলৰ নীতিৰ আধাৰত নিৰ্মাণ কৰা দুবিধ সঁজুলিৰ নাম উল্লেখ কৰা।
Ans. চুম্বক ক্ষেত্ৰই আধানৰ ওপৰত ক্রিয়া কৰা বলৰ উল্লেখযোগ্য দুটা প্রয়োগ হ’ল—
(i) টেলিভিছন সেট।
(ii) হাইক্লট্রিন (cyclotron) বা কণিকা ভুৰক যন্ত্র। হাইকুট্রনত অতি উচ্চ শক্তিলৈ ত্বরিত করা হয়। আমাৰ দেশত কলকাতার চাহা ইন্সটিটিউট অব্ নিউক্লিয়াৰ ফিল্মিত তেনেকুৱা এটা ত্বৰক যন্ত্র আছে।
■ তলৰ প্ৰশ্নসমূহৰ সংক্ষিপ্ত উত্তৰ দিয়া:
Q.1. বৈদ্যুতিক মটৰ আৰু বিদ্যুত উৎপাদকৰ মাজৰ মূল পার্থক্যটো কি?
Ans. বৈদ্যুতিক মটৰ আৰু বিদ্যুত উৎপাদকৰ মাজৰ মূল পার্থক্যটো হ’ল, বৈদ্যুতিক মটৰত বিদ্যুত শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। আনহাতে, এটা বিদ্যুত উৎপাদক যান্ত্রিক শক্তিক বিদ্যুতশক্তিলৈ ৰূপান্তৰিত কৰে।
Q.2. বিদ্যুত চুম্বকৰ মজ্জজ্জহিচাপে কোমল লোহা ব্যৱহাৰ কৰা হয়, কিন্তু তীখা কিয় ব্যৱহাৰ কৰা নহয়?
Ans. যে পদাৰ্থৰ চৌম্বক প্রবণতা যিমান বেছি, সেই পদার্থকে সিমান সহজতে চুম্বকিত বা চৌম্বকত্ব প্রাপ্ত করা যায়। কোমল লোহাৰ চৌম্বক প্রবণতা তীখাতকৈ বেছি সেয়েহে কোনো চৌম্বক ক্ষেত্ৰত কোমল লোহা আৰু তীষা ৰাখিলে তীবাতকৈ কোমল লোহা বেছি চুম্বকিত হ’ব। ইয়াৰ বাহিৰেও কোমল লোহাৰ ভেদক্ষমতা বা ভেদ্যতা তীৰাতকৈ বেছি। অর্থাৎ কোমল লোহাৰ মাজেদি তীখাতকৈ বেছি সংখ্যক চৌম্বক বল ৰেখা প্রবেশ কৰিব পাৰে। আৰু ডাঙৰ এটা উল্লেখযোগ্য কাৰণ হ’ল, বিদ্যুত চুম্বকৰ মজ্জা হিচাপে কোমল লোহা ব্যৱহাৰ কৰিলে তিয়া দৰকাৰ তেতিয়াহে তাক বিদ্যুত চুম্বকত পৰিণত কৰা যায়। প্রয়োজন নহ’লে বিদ্যুত প্রবাহ বন্ধ কৰি দি কোমল লোহাৰ চৌম্বকশক্তি বিলোপ কৰা যায়। কিন্তু তীখাৰ ক্ষেত্ৰত বিদ্যুত প্রবাহ দ্বাৰা সেইটোক এবাৰ চুম্বকত্ব পৰিণত কৰা হ’লে বিদ্যুত প্রবাহ বন্ধ কৰি দিলেও তাৰ চৌম্বক শক্তি নষ্ট কৰা নাযায়— চৌম্বকত্ব থাকি যায়। এই সকল কাৰণৰ বাবেহে বিদ্যুত চুম্বকৰ মজ্জা হিচাপে কোমল লোহা ব্যৱহাৰ কৰা হয়।
Q.3. ফোডেৰ বিদ্যুত চুম্বকীয় আবেশৰ নীতিটো লিখা।
Ans. ফেৰাডেৰ বিদ্যুত চুম্বকীয় আবেশৰ নীতিটো হ’ল, পৰিবাহী কুণ্ডলী এটাৰ মাজেৰে যোৱা চুম্বক ক্ষেত্ৰৰেখাৰ তিয়াই সলনি হয়, তেতিয়াই কুন্ডলীটোত এক ক্ষণস্থায়ী বিভৱভেদ আবিষ্ট হয় বা কুণ্ডলীত তাৎক্ষণিক বিদ্যুত প্রবাহ প্রেৰণ কৰে। যিমান সময়লৈ ধৰি কুণ্ডলীটোত চুম্বক ক্ষেত্ৰৰেখাৰ সলনি হৈ থাকে সিমান সময়লৈকে এই আবিষ্ট বিভবভেদ থাকে। আবিষ্ট বিভৱভেদৰ মান কুন্ডলীটোৰ মাজেৰে বি চুম্বকীয় ক্ষেত্ৰৰেখাৰ সলনিৰ হাৰৰ সমানুপাতিক।
Q.4. এডাল পোন পৰিবাহীৰ তলত স্বাভাবিকভাবে উত্তৰ-দক্ষিণ মুৱাকৈ থকা মুক্ত চুম্বকশলা এডাল ৰখা হৈছে। এতিয়া পৰিবাহীডালৰ মাজেৰে বিদ্যুত প্রবাহিত কৰাৰ পিছতো দেখা গ’ল, চুম্বক শলাৰ ডালৰ কোনো বিক্ষেপণ ঘটা নাই। ইয়াৰ কাৰণ দর্শোবা।
Ans. আমি জানোঁ তড়িৎবাহী পৰিবাহী চৌম্বক ক্ষেত্ৰৰ লগত সমান্তৰালভাৱে থাকিলে তাৰ ওপৰত কোনো বলে ক্রিয়া নকৰে। ইয়াত চুম্বকশলা ডালটো এডাল পোন পৰিবাহীৰ তলত ৰখা হৈছে যিয়ে উত্তৰ-দক্ষিণ দিশ নির্দেশ কৰিছে; যাৰ ফলত পৰিবাহী ডালৰ মাজেৰে বিদ্যুত প্ৰৱাহৰ ফলত গতিশীল আধানৰ দিশ হ’ব চৌম্বকক্ষেত্ৰৰ সমান্তৰাল। সেয়েহে পৰিবাহীডালটোত বিদ্যুত প্ৰৱাহ হোৱা সত্ত্বেও চুম্বকশলা ডালৰ কোনো বিক্ষেপণ নঘটে।
[ এই ক্ষেত্ৰত বিদ্যুতবাহী পৰিবাহী ডাল আৰু চৌম্বকক্ষেত্ৰৰ মধ্যবর্তী কোণৰ মান শূন্য, সেয়েহে চুম্বক বলৰ মানো শূন্য। ]
Q.5. নিম্নতম (ন্যূনতম) কি কি তথ্যৰ ওপৰত ভিত্তিত কৰি আমি সচল আধানৰ ওপৰত ক্রিয়া কৰা চুম্বকীয় বলৰ দিশ নির্ণয় কৰিব পাৰোঁ?
Ans. কোনো সচল বা গতিশীল আধানৰ ওপৰত ক্ৰিয়া কৰা চুম্বকীয় বলৰ দিশ নিৰ্ণয় কৰাৰ বাবে নিম্নতম বা ন্যূনতম সচল আধানৰ দিশ অর্থাৎ বিদ্যুত প্রবাহৰ দিশ আৰু চৌম্বকক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰা প্রয়োজন।
Q.6. ছলেনয়ড মানে কি বুজা? ছলেনয়ড এটাৰ মাজেৰে বিদ্যুত প্ৰৱাহ হ’লে উৎপন্ন হোৱা চুম্বকক্ষেত্ৰখনৰ এটা পৰিষ্কাৰ চিত্র অংকন কৰা। এই চুম্বকক্ষেত্ৰখনৰ মেৰু কেনেকৈ নিৰ্ণয় কৰিবা?
Ans. দীঘল অন্তৰিত তাঁৰ এডালক বৃত্তাকাৰ পাকত পকাই থাকিলে স্প্রিং আকৃতিৰ যি কুণ্ডলীৰ সৃষ্টি হয় তাকে ছলেনয়ড বোলে।
সাধাৰণতে কোনো অপৰিবাহী ফোপালা কুণ্ডাকৃতি নলীৰ ওপৰত তাঁৰ ডালক মেৰিওৱা হয়। ছলেনয়ডৰ মাজেৰে বিদ্যুত প্রবাহিত কৰিলে ই এডাল দন্ড চুম্বকৰ দৰে কাম কৰে। এডাল দত্ত চুম্বকৰ দৰে কুণ্ডলীৰ এটা মুৰ উত্তবমেক আৰু আনটো মূৰ দক্ষিণমেক কুণ্ডলীৰ বাহিৰত চুম্বকক্ষেত্র ৰেখাবোৰ উত্তৰ মেকৰ পৰা দক্ষিণ মেকলৈ আৰু কুণ্ডলীৰ ভিতৰত ৰেখাবোৰ দক্ষিণ মেৰুৰপৰা উত্তৰ মেৰুলৈ যায়। যিহেতু বিদ্যুত কুণ্ডলীটোৰ সকলো পাকৰ মাজেৰে একেই
দিশত প্রবাহিত হয়, সেই কাৰণত ছলেনয়ডৰ চুম্বকক্ষেত্ৰ প্ৰতিটো পাকেৰে উৎপন হোৱা চুম্বকক্ষেত্ৰৰ সমষ্টিৰ সমান। বিদ্যুৎ প্রবাহ বন্ধ কৰি দিয়াৰ লগে লগে ছলেনয়ডৰ চুম্বক ক্ষেত্রখনো নোহোৱা হয়।
■ ছলেনয়ডৰ মেৰু নির্ণয়:
ছলেনয়ডটোৰ কোনটো মুৰ উত্তৰ আৰু কোনটো মুৰ দক্ষিণমেক হ’ব সেইটো জনাৰ বাবে এটা সুন্দৰ প্ৰণালী আছে। ছলেনয়ডটোৰ্ পাকবোৰৰ মাজেৰে যিটো দিশত বিদ্যুত প্রবাহিত হৈ আছে সেই দিশত আঙুলি কেইটা পাক থুৱাই সোঁহাতেৰে ছলেনয়ডটো খামোচি মাৰি ধৰাৰ কথা কল্পনা কৰা হ’ল। এতিয়া বুঢ়া আঙুলিটোৱে ছলেনয়ডৰ যিটো মূৰৰ ফালে পেলাই থাকিব সেই মুৰটো হ’ব উত্তৰমেক আৰু আনটো মুৰ হ’ব দক্ষিণমেৰু।
Q.7. এটা বৰ্তনীত ছুইচ দিয়া আৰু ছুইচ বন্ধ কৰা সময়ত কাষতে থকা বর্তনী এটাত কিয় বিদ্যুত প্রবাহৰ সৃষ্টি হয় বর্ণনা কৰা।
Ans. যেতিয়া প্রথম বর্তনীত ছুইচ দিয়া হয় অর্থাৎ অন কৰা হয় তেতিয়া এমিটাৰত পৰিলক্ষিত হয়, বিদ্যুত প্রবাহ শূন্যৰ পৰা এটা স্থিৰমাত্ৰালৈ পায়গৈ। এই সময় ছোৱাত বিদ্যুত প্রবাহৰ পৰিমাণ বৃদ্ধি হ’লে বিদ্যুত প্রবাহৰ উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰয়ো শূন্যৰ পৰা এটা স্থিৰ সর্বোচ্চ মান লাভ কৰে। তেতিয়া কাষতে থকা দ্বিতীয় কোনো কুণ্ডলীৰ মাজেৰে অতিক্ৰম কৰা চুম্বকক্ষেত্র ৰেখাৰ পৰিমাণ বৃদ্ধি পায় আৰু কুণ্ডলীটো বিদ্যুতেনে আদিষ্ট হয়। তিয়া প্রথম কুণ্ডলীত বিদ্যুত প্রবাহমাত্রা স্থিৰ হয়, চুম্বক ক্ষেত্ৰৰেখাৰ কোনো সলনি নহয়। সেইবাবে আবিষ্ট বিদ্যুত আৰু ভল্টেজ অদৃশ্য হৈ পৰে।
এতিয়া বৰ্তনীৰ ছুইচ বন্ধ কৰিলে অর্থাৎ অফ্ কৰিলে বিদ্যুত প্রবাহ স্থিৰমাত্ৰাৰ পৰা নামি আহি শূন্যলৈ পায়গৈ। ফলত চুম্বক সর্বোচ্চ মানৰ পৰা শূনলৈ নামি আহে। চুম্বক ক্ষেত্ৰৰেখাৰ হ্ৰাস দ্বিতীয় কুণ্ডলীটোতো ঘটে, তেতিয়া দ্বিতীয় কাষতে থকা কুণ্ডলীতত আকৌ আবিষ্ট বিদ্যুত উৎপন্ন হয়। অর্থাৎ দেখা গৈছে, কুন্ডলীৰ মাজেৰে অতিক্ৰম কৰা চুম্বকক্ষেত্ৰ ৰেখাৰ সলনিৰ বাবে কুণ্ডলীটোত তাৎক্ষণিক বিদ্যুত উৎপন্ন হয়। উৎপন্ন হোৱা বিদ্যুতক আবিষ্ট বিদ্যুত বোলে। সেয়েহে বর্তনীৰ ছুইচ দিয়া আৰু বন্ধ কৰা সময়ত ওচৰতে থকা কোনো কুণ্ডলীত আবিষ্ট বিদ্যুত প্রবাহ উৎপন্ন হয়।
Q.৪. বিদ্যুত চুম্বকীয় আবেশ বুলিলে কি বুজা? বিদ্যুত চুম্বকীয় আবেশৰ পৰিঘটনাটো প্ৰদৰ্শন কৰিব পৰাকৈ এটা পৰীক্ষা বর্ণনা কৰা।
Ans. বিদ্যুত চুম্বকীয় আবেশ: কোনো বন্ধ কুণ্ডলী এটাৰ মাজেৰে পাৰ হৈ যোৱা চুম্বকীয় ক্ষেত্ৰৰেখাৰ সলনি ঘটাই তাত এটা ক্ষণস্থায়ী বিদ্যুৎ প্রবাহৰ সৃষ্টি কৰাৰ পৰিঘটনাটোক বিদ্যুত চুম্বকীয় আবেশ বোলে।
পৰীক্ষা: তামৰ কিছুমান অন্তৰিত তাঁৰেৰে বহুতো পাকযুক্ত এটা কুণ্ডলী তৈয়াৰ কৰি তাঁৰৰ দুটা মূৰ এটা সংবেদনশীল গেলভেন মিটাৰৰ লগত যুক্ত কৰা হ’ল। এতিয়া এডাল শক্তিশালী চুম্বকৰ এটা মূৰ (ধৰিলোৱা হ’ল উত্তৰমেৰু) দ্রুত গতিত কুণ্ডলীটোৰ কাষতে লোৱা হ’লে দেখা যাব, গেলভেন মিটাৰৰ কাঁটাডালৰ হঠাতে এফালে বিক্ষেপণ ঘটিছে আৰু চুম্বক ডাল থৈ দিয়াৰ
লগে লগে বিক্ষেপণ নহ’ল আৰু কাঁটাডাল আকৌ আগৰ অৱস্থনিত উভটি আহিল। উত্তমেৰুৰ পৰিবৰ্তে দক্ষিণমেৰ ব্যৱহাৰ কৰিলে অনুৰূপ ফল পোৱা যায়। কিন্তু কাঁটাডালৰ বিক্ষেপণৰ দিশ বিপৰীতমুখী হয়। চুম্বকডাল স্থিৰ ৰাখি কুণ্ডলীটোক দ্রুত চুম্বকডালৰ কাষত লৈ গ’লে বা চুম্বকডাল আঁতৰাই নিলে একেই ফল পোৱা যায়। কুণ্ডলীটো আৰু চুম্বকডাল স্থিৰ অৱস্থাত থাকিলে বা উভয়কে একেই দিশত একেই বেগত গতি কৰালে গেলভেন ‘মিটাৰৰ কাঁটাডালৰ কোনো বিক্ষেপণ নঘটে। অর্থাৎ কুগুলীটো আৰু চুম্বক ডালৰ মাজত আপেক্ষিক গতি থাকিলেহে কাঁটাডালৰ বিক্ষেপণ হয়। গেলভেন’ মিটাৰৰ বিক্ষেপণ ঘটাবলৈ কুণ্ডলীটোত বিভৱ ভেদৰ সৃষ্টি হোৱাটো প্রয়োজন। অর্থাৎ এই পৰীক্ষাৰ পৰা আমি এই সিদ্ধান্তত উপনীত হ’ব পাৰো, চুম্বক ডাল আৰু কুণ্ডলীটোৰ মাজত আপেক্ষিক গতিৰ বাবে এটা ক্ষণস্থায়ী বিভৱ ভেদন সৃষ্টি হয় আৰু কুণ্ডলীটোত বিদ্যুত প্ৰৱাহৰ সৃষ্টি হয়। আপেক্ষিক গতি নোহোৱা হোৱাৰ লগে লগে বিভৱ ভেদ আৰু বিদ্যুত প্রবাহ দুয়োটাই নোহোৱা হ’ব।
Q.9. বিদ্যুত প্রবাহ উৎপাদক এটা নিৰ্মাণ কৰোতে পদার্থ বিজ্ঞানৰ কোনটো নীতি ব্যৱহাৰ কৰা হয়? পৰিবর্তী বিদ্যুত উৎপাদকৰ এটি পৰিপাটি আৰু চিহ্নযুক্ত চিত্র অংকন কৰা।
Ans. বিদ্যুত উৎপাদক এটা যান্ত্রিক ব্যবস্থা য’ত বিদ্যুত চুম্বকীয় আবেশ সূত্র প্রয়োগেৰে যান্ত্রিক শক্তিক বিদ্যুত শক্তিলৈ ৰূপান্তৰিত কৰা হয়। পৰিবৰ্তী বিদ্যুত উৎপাদকৰ (A. C. Generator) চিত্র :
Q.10. বিদ্যুত প্রবাহী পৰিবাহীৰ চুম্বকক্ষেত্ৰৰ সৃষ্টি কৰে এই ঘটনাটো প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
Ans. কোনো পৰিবাহী তাঁৰ ডালৰ মাজেদি বিদ্যুত প্রবাহিত হ’লে, বিদ্যুতবাহী পৰিবাহী ডালটোৰ চাৰিওপিনে চুম্বক ক্ষেত্র উৎপন্ন হয়, ই এটা সহজ পৰীক্ষাৰ দ্বাৰা কর্ণনা কৰা হ’ল।
পৰীক্ষা: তামৰ অন্তৰিত এডাল দীঘল তাঁৰ, এটা বেটাৰী, এটা চুম্বকশলা আৰু এটা ছুইছৰ সহায়ত বর্তনী গঠন কৰা হ’ল (চিত্ৰৰ দৰে)। বর্তনীটোত তামৰ তাঁৰ ডালটো উত্তৰ-দক্ষিণে মুৱাকৈ হৈ থাকে। চুম্বক শলাডালটো তাৰ ডালৰ তলত ৰখা হ’ল। ওচৰত অন্য কোনো চুম্বক নে থাকিলে শলাডালটো উত্তৰ-দক্ষিণ দিশ নির্ণয় এতিয়া ছুইছৰ সহায়ত বর্তনীতে বিদ্যুত প্রবাহ চালিত কৰিলে দেখা যাব যে, চুম্বকশলাকা ডালটোৰ উত্তৰ দক্ষিণ অৱস্থানৰপৰা দিশৰ বিচ্যুতি ঘটিছে।
অর্থাৎ চুম্বক শলাভালটোৰ বিক্ষেপণ হৈ আছে। যদি বিদ্যুত প্রবাহ তাঁৰ ডালৰ A-ৰ পৰা B-ৰ দিশলৈ যায় (অর্থাৎ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুৰ দিশলৈ হয়) শলাডালৰ উত্তৰ মেক পশ্চিম দিশলৈ ঘূৰি যাব। এতিয়া বিদ্যুত প্রবাহ বন্ধ কৰিলে দেখা যাব যে, শলাডালটো তৎক্ষণাৎ আগৰ অৱস্থানলৈ আহিছে। এতিয়া শলাডালটো তাঁৰ ডালৰ ওপৰ ফালে বহুওৱা হ’ল আৰু বিদ্যুত প্রবাহ চালিত কৰাৰ পিছত দেখা গ’ল শলাভালটো পূব দিশত ঘূৰি গৈ আছে। একেই পদ্ধতিত বিদ্যুত প্রবাহৰ দিশ সলনি কৰি অৰ্থাৎ B-ৰ পৰা A-ৰ দিশলৈ বিদ্যুত প্রবাহিত কৰিলে দেখা যাব শলাডালৰ বিক্ষেপণ সম্পূর্ণ বিপৰীত দিশত হৈ আছে।
সিদ্ধান্ত: যিহেতু ওচৰে-পাজৰে আৰু বেলেগ কোনো চুম্বক ৰখা নাছিল আৰু পৰিবাহী তাঁৰ ডালত বিদ্যুত প্ৰৱাহৰ লগে লগে চুম্বকশলাৰ বিক্ষেপণ ঘটিছে, অর্থাৎ বিদ্যুৎ প্ৰবাহৰ ফলত চুম্বক ক্ষেত্র সৃষ্টি হৈছে। আকৌ, বিদ্যুৎ প্রবাহ বন্ধ হ’লেহে শলাডাল আগৰ অর্থাৎ উত্তৰ-দক্ষিণ অবস্থানলৈ আহিছে। ইয়াৰ দ্বারা প্রমাণ হয় যে চুম্বকক্ষেত্র লুপ্ত হৈছে বা নাইকীয়া হৈ পৰিছে অর্থাৎ চুম্বকত্ব হেৰুৱাইছে।
অর্থাৎ এই পৰীক্ষাৰে প্ৰমাণ হয় যে, তাঁৰ এডালৰ মাজেৰে বিদ্যুত প্রবাহিত হ’লে পৰিবাহী তাঁর ডালৰ চাৰিওপিনে চুম্বক ক্ষেত্র উৎপন্ন হয়।
Q.11. অৰষ্টেডৰ পৰীক্ষাটো কি আছিল? এই পৰীক্ষাটোৱে কেনেকৈ বিদ্যুত আৰু চুম্বকত্বৰ ওপৰত থকা আমাৰ ধাৰণা সলনি কৰিলে, তাৰ চমু আভাস এটা দিয়া।
Ans. ডানিছ পদার্থবিদ অৰষ্টেড পৰীক্ষাৰ দ্বাৰা প্ৰথম প্ৰমাণ কৰিছিল যে, বিদ্যুত প্রবাহ চালিত পৰিবাহীৰ কাষত থকা চুম্বকশলা এডালৰ বিক্ষেপণ ঘটে অর্থাৎ চুম্বকক্ষেত্র এটা সৃষ্টি হয়।
অৰস্টেডৰ পৰীক্ষা: (i) এটা উল্লম্ব ঔত্তৰ ওপৰত চুম্বকশলা এডাল উত্তৰ-দক্ষিণ অনুভূমিক অৱস্থানত ৰখা হ’ল। চুম্বক শলাডালটো নিজ অক্ষৰ ওপৰত বাধাহীনভাৱে মুৰিব পাৰে। এই অৱস্থাত দেখা গ’ল, চুম্বকশলা ডালটো উত্তৰ-দক্ষিণ মুৱাকৈ অৱস্থান কৰিছে।
(ii) চুম্বক শলাডালটোৰ ওপৰত ইয়াৰ সমান্তৰালভাৱে পৰিবাহী তাঁৰ এডাল AB ৰখা হ’ল। AB তাঁৰ ডালটোৰ সৈতে বেটাৰী এটা, চাবি এটা আৰু পৰিবৰ্তনশীল ৰোধ এটা যোগ কৰা হ’ল।
(iii) তাঁৰ এডালৰ মাজেৰে এতিয়া A ৰ পৰা B লৈ বিদ্যুত প্রবাহ কৰিলে দেখা যায় যে শলাকা ডালটো বিক্ষিপ্ত হৈ তাৰ ডালৰ দৈৰ্ঘ্যৰ অভিলম্ব দিশত যাওঁতে বিচাৰিছে। কিন্তু ভূ-চুম্বক ক্ষেত্ৰৰ প্ৰভাৱৰ ফলত চুম্বক শলাডালটো তাঁব-ডালটোৰ সৈতে লম্বভাবে অৱস্থান নকৰি তির্যকভাবে অৱস্থান কৰিছে। এতিয়া বিদ্যুত প্ৰৱাহৰ মান বৃদ্ধি কৰিলে ই আৰু বেছিকৈ ঘূৰি যায়৷ আকৌ চুম্বকশলাডালটোৰপৰা তাঁৰডালটোক আঁতৰালে শলাডালটা আকৌ আগৰ অৱস্থানত ঘুৰি আহিব।
(iv) এতিয়া পৰিবাহী ডালৰ মাজেৰে B-ৰ পৰা A যদি বিদ্যুত প্ৰৱাহ পঠোৱা হয়, তেন্তে শলাডালটোৰ উত্তৰ মেৰুৰ বিক্ষেপণ আগৰ অৱস্থানৰ পৰা বিপৰীত দিশলৈ হ’ব।
এতিয়া পৰিবাহী তাঁৰ ডালটোৰ অৱস্থান যদি চুম্বক শলাডালটোৰ ওপৰত হয় আৰু বিদ্যুত প্রবাহ যদি উত্তৰৰ পৰা দক্ষিণলৈ অর্থাৎ (B → A), তেতিয়া হ’লে উত্তৰ-মেৰুৰ বিক্ষেপণৰ অভিমুখ হ’ব পূবদিশলৈ আৰু বিদ্যুত প্রবাহ যদি দক্ষিণৰ পৰা উত্তৰলৈ হয় অর্থাৎ (A → B), তেতিয়া উত্তৰমেৰ বিক্ষেপণৰ অভিমুখ হ’ব পশ্চিমদিশলৈ।
আনহাতে, যদি পৰিবাহী তাঁৰ ডালটোৰ অৱস্থান চুম্বক শলাডালটোৰ তলত হয়। আৰু বিদ্যুত প্রবাহ দক্ষিণৰ পৰা উত্তৰলৈ (A → B) হয়, তেতিয়া চুম্বক শলা ডালটোৰ উত্তৰমেৰুৰ বিক্ষেপণৰ অভিমুখ হ’ব পূৱ দিশলৈ। আকৌ, পৰিবাহী তাঁৰডালটো যদি একেই অৱস্থানত ৰখা হয় আৰু বিদ্যুত প্রবাহ যদি উত্তৰৰ পৰা দক্ষিণলৈ (B → A)
হয়, তেতিয়া চুম্বক শলা ডালটোৰ উত্তৰ-মেৰুৰ বিক্ষেপণৰ অভিমুখ হ’ব পূৱ দিশলৈ।
সিদ্ধান্ত: অৰস্টেডৰ এই পৰীক্ষাৰ পৰা বিদ্যুত আৰু চুম্বকত্বৰ মাজত যে পাৰস্পৰিক সম্বন্ধ আছে সেই সম্পর্কত আমাৰ ধাৰণা স্পষ্ট হয়। এই পৰীক্ষাৰ দ্বাৰা প্রমাণ হয় যে,–
(i) কোনো পৰিবাহীৰ মাজেৰে বিদ্যুত প্রবাহিত হলে বিদ্যুতবাহী তাঁৰ ডালৰ চাৰিও দিশত এটা চুম্বকক্ষেত্র উৎপন্ন হয়।
(ii) চুম্বক ক্ষেত্র কিমান প্ৰৱল হ’ব সিটো নিৰ্ভৰ কৰে বিদ্যুত প্রবাহৰ পৰিমাণৰ ওপৰত। এই পৰিমাণ বৃদ্ধি হ’লে চুম্বকক্ষেত্ৰৰ প্ৰাৱল্য বিদ্যুত প্রবাহৰ সমানুপাতিক।
(iii) পৰিবাহীডাল উৎপন্ন হোৱা চুম্বকক্ষেত্ৰ আৰু প্ৰবাহৰ দিশ পৰস্পৰ লম্বভাৱে ক্রিয়া কৰে।
Q.12. বিদ্যুত প্ৰৱাহী পৰিবাহী এডাল চুম্বকক্ষেত্ৰত ৰাখিলে তাৰ ওপৰত বলে ক্রিয়া কৰে। এই কথাটো প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
Ans. 1821 চনৰ বৰদিনৰ দিনা মাইকেল ফেৰাডে নামৰ ইংৰাজ পদার্থবিদ এগৰাকীয়ে আবিষ্কাৰ কৰিলে যে সঁচাকৈয়ে চুম্বকক্ষেত্রই বিদ্যুত প্রবাহী তাঁৰ ডালৰ ওপৰত বল প্রয়োগ কৰে। এই বলক আমি চৌম্বিক বল বা চুম্বকীয় বল বুলি কওঁ। এই চৌম্বিক বলৰ বিশেষত্ব হ’ল এই যে, ই সদায় চুম্বকক্ষেত্ৰ আৰু তাঁর ডাল উভয়ৰে লম্বভাবে থাকি তাঁর ডালৰ ওপৰত পার্শ্বভাবে ক্রিয়া কৰে। পৰীক্ষাৰ দ্বাৰা এই বলৰ বিষয়ে বুজিবলৈ তলত দিয়া কাৰ্যটো কৰিব লাগে।
পৰীক্ষা: এটা সৰু তামৰ তাঁৰডাল W যাৰ এটা মূৰ এটা হুকত H আৱদ্ধ আৰু আনটো মূৰ পাৰদৰ M-ৰ ভিতৰত নিমজ্জিত কৰি ওপত্তি ৰখা হৈছে (চিত্ৰৰ দৰে)। এডাল দত্ত চুম্বকৰ উত্তৰ মেক পাবদ ভেদ কৰি কাচৰ নলী (T) এটাৰ মাজত মূৰটো ওখকৈ ৰখা হৈছে আৰু দক্ষিণ মেক কাচনলীটোৰ বাহিৰত আছে। বেটাৰী B-ৰ সহায়ত তাঁৰ ডালেৰে তড়িৎপ্ৰৱাহ পঠালে তাঁর ডালটো উত্তৰ মেৰুক কেন্দ্ৰকৰি ঘূৰিব ধৰে। তড়িৎ প্রবাহৰ অভিমুখ ওলোটাই দিলে তাঁৰ ডালটো বিপৰীত দিশত ঘূৰিব। ইয়াত তাঁৰডালটো তড়িৎবাহী হোৱাৰ ফলত আৰু দত্ত-চুম্বকৰ উত্তৰ মেৰুৰ চৌম্বক ক্ষেত্ৰত স্থাপিত হোৱাত, তাৰডালটো বল এটা অনুভব কৰে আৰু উত্তৰ মেৰক কেন্দ্ৰ কৰি ঘূৰিবলৈ ধৰিব। দণ্ড চুম্বকৰ দক্ষিণমেৰু তাঁৰডালৰপৰা আঁতৰত থকাত তাঁৰ ডালটোৰ ওপৰত সেই মেৰুৰ কোনো প্রভাৱ নপৰে।
Q.13. বিদ্যুৎ চুম্বক মানে কি? বিদ্যুৎ চুম্বক প্রস্তুত কৰিবলৈ তুমি কেনে ধৰণৰ পদার্থ নির্বাচন কৰিবা?
Ans. ছলেনয়ডত বিদ্যুত প্ৰৱাহ চালিত কৰি কোনো চৌম্বক বা চুম্বকীয় পদাৰ্থৰ পৰা ক্ষণস্থায়ীভাৱে প্ৰস্তুত কৰা চুম্বকক বিদ্যুত চুম্বক বোলে। বিদ্যুত প্রবাহ নোহোৱা হ’লে লগে লগে বিদ্যুত-চুম্বকডালে চুম্বকত্ব হেৰুৱাব।
বিদ্যুত চুম্বক প্রস্তুত কৰিবৰ কাৰণে কোমল লোহা এবিধ উৎকৃষ্ট উপাদান। ইয়াৰ প্রধান কাৰণ এই যে, কোমল লোহাক যিমান সহজতে চুম্বকিত কৰিব পাৰি আৰু সিমান সহজতহে ইয়াক বিচুম্বকিতো কৰিব পৰা যায়।
***********