প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা
প্র : পৰিৱেশ হিতৈষী হ’বলৈ তােমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা ?
উঃ পৰিৱেশ হিতৈষী হবলৈ তলত দিয়া অভ্যাস গঢ়ি তুলিব লাগে।
(ক) য’তে ত’তে আৱৰ্জনা পেলাব নালাগে।
(খ) ব্যৱহাৰ নকৰা অৱস্থাত বিজুলী বাতি, পাংখা আদি বন্ধ কৰিব লাগে।
(গ) খাদ্য অপচয় কৰিব নালাগে।
(ঘ) প্লাষ্টিকৰ মােনা ব্যৱহাৰ কৰিব নালাগে ইত্যাদি।
প্র : ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰা সুবিধা কি হ’ব পাৰে?
উঃ ক্ষন্তেকীয়া উদ্দেশ্যেৰে আহৰণ কৰা সম্পদে বৃহৎ সংখ্যক জনসংখ্যাৰ চাহিদা পূৰণ কৰিব পাৰে। এইদৰে আহৰণ কৰা সম্পদে ঔদ্যোগিক আৰু অর্থনৈতিক উন্নয়নৰ লগতে পৰিৱেশৰ সংৰক্ষণ কৰিব পাৰে। ক্ষন্তেকীয়া সম্পদ আহৰণে অধিক লাভালাভ দিব পাৰে।
প্রঃ সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীর্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পার্থক্য কৰিবা?
উঃ ক্ষন্তেকীয়া উদ্দেশ্যেৰে আহৰণ কৰা সম্পদে বর্তমান প্ৰজন্মক লাভান্বিত কৰে যদিও পৰৱর্তী প্রজন্মৰ বাবে প্রয়ােজনীয় সম্পদৰ নাটনি কৰে।
আনহাতে, দীর্ঘম্যাদী ব্যৱহাৰে বৰ্তমানৰ প্ৰজন্মৰ প্রয়ােজনীয়তা পুৰণ কৰাৰ লগতে ভৱিষ্যতৰ প্ৰজন্মৰ বাবেও সম্পদ সংৰক্ষণৰ ব্যৱস্থা ৰাখে।
প্র : বন আৰু বন্যপ্রাণীসমূহক কিয় সংৰক্ষণ কৰিব লাগে?
উঃ বন আৰু বন্যপ্রাণীৰ সংৰক্ষণে তলত দিয়া ধৰণে সহায় কৰে—
(ক) বন আৰু বন্য প্রাণীয়েই হৈছে জৈৱ বিচিত্রতা, জৈৱ- বৈচিত্র্য অটুত ৰাখি পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যত্য ৰক্ষা কৰে।
(খ) বৰষুণ বৃদ্ধি আৰু জলবায়ু স্বাভাৱিক কৰি ৰখাত সহায় কৰে।
(গ) মানুহ আৰু আন প্ৰাণীৰ খাদ্য আৰু আশ্রয়স্থল যােগানত সহায়ক হয়।
(ঘ) বিয়ােজনৰ পিছত ভূমিত পুষ্টি যােগানৰ ক্ষেত্ৰত সহায় কৰে।
(ঙ) ৰাষ্ট্ৰীয় অর্থনৈতিক আৰু সামাজিক বিকাশ সুনিশ্চিত কৰাত সহায় কৰে।
প্র : বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা।
উঃ বনাঞ্চল সংৰক্ষণ অকল চৰকাৰৰে দায়িত্ব নহয়। জনসাধাৰণৰ সহযােগ অবিহনে বনাঞ্চল সংৰক্ষণ সম্ভৱ নহয়। বহুতাে জনগােষ্ঠীয় লােকৰ জীৱন বনাঞ্চলতে প্রধানকৈ নিৰ্ভৰশীল। সেয়ে তেনে লােকৰ আর্থ-সামাজিক তথা সাংস্কৃতিক দিশ বৰ্তাই ৰাখিবলৈ বনাঞ্চলক সুৰক্ষিত কৰিবই লাগিব। বনাঞ্চল সংৰক্ষণৰ বাবে প্রথমে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। বনাঞ্চল যে পাৰিপাৰ্শ্বিক পৰিৱেশ সন্তুলন কৰি ৰখাত অপৰিহাৰ্য সেয়া প্রত্যেকজন লােকে অনুধাৱন কৰি বনাঞ্চল ধ্বংস ৰােধ কৰি গছ পুলি ৰােপণ কৰিব লাগিব। গছ-গছনি অবিহনে বন্যপ্রাণীৰ জীৱনলৈ ভয়ানক সংকট নামি আহিব। বনাঞ্চল সুৰক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে বা এন, জি, অ’ৰ বোৰে ক্ৰমে শােভাযাত্রা, চাইকেল ৰেলি, বাটৰ নাট আদিৰ দ্বাৰা সৰ্বসাধাৰণক প্রকৃতি সুৰক্ষাৰ বার্তা দিব পাৰে।
প্রঃ তােমালােকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবােৰ বিচাৰি উলিওৱা।
উ : পুখুৰী, সৰু সৰু খাল-বিল খান্দি, পানীৰ সংৰক্ষক নির্মাণ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰা হয়।
প্রঃ পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবােৰৰ মাজত তুলনা কৰা।
উঃ পাহাৰীয়া অঞ্চলত নদীবােৰত বান্ধ দি পাইপৰ সহায়েৰে পানী সমতল অঞ্চললৈ নিয়া হয়। এইবােৰ অঞ্চলত পানী সংৰক্ষক বনাই বৰষুণৰ পানী সঞ্চয় কৰে। সমতল অঞ্চলত বৰষুণৰ পানী নদী, কৃত্রিম হ্রদ, নিজৰা আদিৰ পৰা পানী ব্যৱহাৰ কৰে।
প্রঃ তােমালােকৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ বিচাৰি উলিওৱা। সকলাে মানুহ বাস কৰা সেই অঞ্চলত পানী প্ৰচুৰ পৰিমাণে পায়নে?
উঃ আমাৰ অঞ্চলত থকা পানীৰ উৎসৱােৰ হ’ল — বিল, নদ-নদী, পুখুৰী, দমকল, জান জুৰি অদি। ইয়াৰােপৰি চৰকাৰী পানী যােগান বিভাগেও সময়ে সময়ে পানী যােগান ধৰে। খৰালি কালত পানীৰ কিছু পৰিমাণে নাটনি হয় । সেই সময়ত সকলো মানুহে প্ৰচুৰ পৰিমাণে প্রয়োজনীয় পানী নাপায়।
প্রঃ ১০। পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰামৰ্শ আগবঢ়াবা?
উঃ পৰামৰ্শবােৰ হৈছে
(ক) পুৰণি বাল্ব ঠাহত CFL ব্যবহাৰ কৰা।
(খ) প্রয়ােজনত গেছ বা বৈদ্যুতিক শক্তিৰ বিপৰীতে সৌৰ শক্তি ব্যৱহাৰ কৰা।।
(গ) প্লাষ্টিকৰ সামগ্রী পুনৰাবৰ্তন কৰি পুনৰ ব্যৱহাৰ কৰা।
(ঘ) পুনৰ ব্যৱহাৰযোগ্য আচবাব ব্যবহাৰ ।
প্রঃ ১১। পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তােমালােকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিবৰ্তন পৰামৰ্শৰ দিবা।
উঃ পৰামৰ্শবােৰ হৈছে–
(ক) বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব।
(খ) পানী আৰু বিদ্যুতৰ অপচয় ৰােধ কৰাৰ ক্ষেত্ৰত ব্যবস্থা গ্রহণ।
(গ) সৌৰ শক্তিৰ ব্যৱহাৰ।
(ঘ) বিদ্যালয় চৌহদত বৃক্ষ ৰােপণ।
প্রঃ ১২। এই অধ্যায়নত আমি দেখিলো বন আৰু বন্যপ্রাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ আছে। এইবােৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদ ব্যবস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পাৰি কতৃত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা ?
উঃ বনাঞ্চল আৰু বন্যপ্রাণীৰ চাৰিটা অংশীদাৰ হ’ল- স্থানীয় লােক, বনবিভাগ, ঔদ্যোগপতি আৰু বন্যপ্রাণী আৰু প্রকৃতিক সচেতন লােক। যিসকল লােক বনাঞ্চলৰ পতি কাষৰীয়া অঞ্চলত বাস কৰে সেইসকল লােকে বন্য আইন মানি চলা উচিত। এইলােকসকলে সেই অঞ্চলৰ হাবিত থকা জীৱ- জন্তুৰ আচৰণ আৰু অৱলম্বন, গছ-গছনিৰ অৱস্থানৰ বিষয়ে জ্ঞাত। গতিকে এইসকল লােকক বনাঞ্চল সুৰক্ষাৰ দায়িত্ব অর্পন কৰিলে এই সম্পদবোৰ সুৰক্ষিত হৈ থাকিব।
প্রঃ ১৩। তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনার দায়িত্ব লবা-
(ক) বন আৰু বন্যপ্রাণী (খ) জল সম্পদ গ) কয়লা আৰু পেট্রলিয়াম
উ : (ক) বন আৰু কন্যপ্রাণী :
(১) জৈৱবৈচিত্র্য সংৰক্ষণৰ ওপৰত মই গুৰুত্ব প্রদান কৰিম।
(২) অন্যায়ভাৱে গছ-গছনি কটা বন্ধ কৰাৰ ব্যৱস্থা ল’ম।
(৩) বন্য আৰু বন্য প্রাণীক সুৰক্ষা কৰিম।
(খ) জল সম্পদ :
(১) ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধ কৰি ৰাখিম।
(২) কেৱল খােৱাৰ উপযােগী পানীহে ব্যৱহাৰ কৰিম।
(৩) জল সম্পদৰ বিষয়ে মানুহৰ মাজত সজাগতা আনিম আৰু জল প্ৰদূষণৰ ভয়াবহতা মানুহৰ মাজত প্ৰচাৰ কৰিম।
গ) কয়লা আৰু পেট্রলিয়াম :
(১) বিদ্যুৎ ৰাহি কৰিবলৈ CFL ব্যৱহাৰ কৰিম।
(২) অপ্রয়ােজনীয় বৈদ্যুতিক সামগ্রী ব্যৱহাৰ নকৰোঁ।
(৩) কলয়া আৰু পেট্রলিয়ামৰ সলনি সৌৰ শক্তি আৰু বায়ু শক্তি ব্যৱহাৰ কৰিম। যানবাহনত CNG ব্যৱহাৰ কৰিম।
প্রঃ আমি বনাঞ্চল আৰু বন্য প্রাণীসমূহ কিয় সংৰক্ষণ কৰি লাগে?
উঃ বনাঞ্চল হ’ল জৈৱ বৈচিত্ৰতাৰ মিলন ভূমি। নানান জীৱ-জন্তুৰ বাসস্থান হৈছে বনাঞ্চল। বনাঞ্চল সংৰক্ষণৰ মূল লক্ষ্য হৈছে, জৈৱ বৈচিত্ৰতা ৰক্ষা কৰা। কাৰণ জৈৱ বৈচিত্ৰতা ধ্বংসই পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতাত বিঘিনি ঘটাই জীৱই জীয়াই থকাৰ বাবে অনকূল পৰিৱেশৰ সৃষ্টি কৰে। বানপানী আৰু মাটিৰ খনন ৰােধ কৰিবলৈ আমি বনাঞ্চল সংৰক্ষণ কৰিব লাগে। ইয়াৰােপৰি ভৱিষ্যত প্রজন্মৰ বাবে এইবােৰ সংৰক্ষণ কৰাটো আমাৰ অতি প্রয়ােজনীয়। বনাঞ্চল ধবংসৰ ফলত নানান প্রজাতিৰ জীৱ-জন্তু লুপ্ত প্রায় হৈ আহিছে। গতিকে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ বনাঞ্চল আৰু ইয়াৰ জীৱ-জন্তু সংৰক্ষণ কৰিব লাগে।
প্র : ১৫। চীপকো আন্দোলনৰ লাভবােৰ উল্লেখ কৰা।
উঃ চীপকো আন্দোলনৰ লাভবােৰ হ’ল-
(ক) স্থানীয় মানুহে বনজ দ্রব্যৰ পৰা উৎপন্ন বস্ত্র প্রচুৰ পৰিমাণে পায়।
(খ) বন্যজন্তু আৰু প্রকৃতি সুৰক্ষিত হয়।
(গ) জলজ সম্পদ, ভূমিজ সম্পদ আৰু বায়বীয় সম্পদৰ গুণগত মান উন্নত হৈছে।
প্রঃ ১৬। প্রাকৃতিক সম্পদ কি?
উঃ যিবােৰ সম্পদ প্ৰকৃতিৰ বুকুত পােৱা যায় বা যিবােৰ সম্পদ প্রকৃতিয়ে যােগান ধৰে, সেইবােৰক প্রাকৃতিক সম্পদ বােলে। যেনে- খনিজ সম্পদ, বনজ সম্পদ, জলজ সম্পদ, সামুদ্রিক সম্পদ, ভূমিজ সম্পদ।
প্রঃ ১৭। সেউজ গৃহ কি ?
উঃ বায়ুমণ্ডলত থকা কিছুমান বিশেষ গেছক সেউজ গৃহ বােলা হয়। এই গেছবােৰ হৈছে CO2,CH4 নাইট্রাছ অক্সাইড আৰু ক্ল’ৰ’ ফ্লৰ কাৰ্বন।
প্রঃ ১৮। আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যবস্থাপনা কৰা উচিত- আলােচনা কৰা।
উঃ আমি ব্যৱহাৰ কৰা প্রায় সকলােবােৰ বস্তু যেনে- ঘৰুৱা আচ-বাব, খাদ্য বস্তু, কাপােৰ, পুতলা, যান- বাহন আদিত ব্যৱহৃত হােৱা সকলাে বস্তু আমি পৃথিৱীত উপলব্ধ সম্পদসমূহৰ পৰাই আহৰণ কৰো। আমি আমাৰ সম্পদৰাজি ব্যৱস্থাপনা কৰিব লাগে কিয়নাে সকলাে সম্পদ অসীম নহয়। মানুহৰ জনস্বাস্থ্যৰ উন্নতিৰ কাৰণে জনসংখ্যা বৃদ্ধি হৈ সম্পদবােৰৰ চাহিদা বৃদ্ধি পাইছে। সেই কাৰণে প্রাকৃতিক সম্পদসমূহ অপৰিকল্পিতভাৱে ব্যৱহাৰ নকৰি মানৱ জাতিৰ বর্তমান তথা ভৱিষ্যত প্রয়োজন পূৰণৰ বাৰে ইয়াৰ ব্যৱস্থাপনা কৰিব লাগে। লগতে সমতুল মানৱ জাতিৰ বিকাশ নিশ্চিত কৰিব লাগে। আমাৰ যাতে সম্পদ অপচয় নহয় তাৰ বাবে বিশেষ দৃষ্টি ৰখা দৰকাৰ। উদাহৰণস্বৰূপে ধাতুৰ খনন ধাতু মল নিগত হৈ পৰিৱেশ প্ৰদূষিত হয় গতিকে সম্পদৰ পৰিকল্পিত ব্যৱস্থাৰ বাবে আবর্জনাৰ নিৰাপদ নিষ্কাষণৰ প্রয়ােজন।
প্রঃ১৯। পৰিবেশৰক্ষাৰ ক্ষেত্ৰত হাসকৰণ, পুনঃচক্ৰীয়কৰণ পূনঃব্যৱহাৰৰ গুৰুত্ব কি লিখা।
উঃ পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হাসকৰণ, পুনঃচক্রীয়কা আৰু পূনঃব্যৱহাৰৰ যথেষ্ট গুৰুত্ব আছে।
পূনঃচক্ৰীয়কৰণ (Recycle): পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত পুনঃচক্ৰীয়কৰণ প্রক্রিয়া অতি গুৰুত্বপূর্ণ। এবাৰ ব্যৱহাৰ হৈ যােৱাৰ পিছত সামগ্রীবােৰ পেলাই নিদি
পুনঃচক্ৰীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা পুনব্যৱহাৰ কৰিব পাৰি। এই প্রক্রিয়াত প্রথমে জীব নিন্মিকৰণ আৰু জীৱ অনিন্মিকৰণ পদার্থবােৰ পৃথক কৰি লােৱা হয়। তাৰে জীৱ অনিন্মিকৰণ পদার্থৰ যিবােৰ উপযােগী যেনে- প্লাষ্টিক, কাচ আৰু ধাতবীয় বস্তু আদি পুনঃচক্ৰীয়কৰণৰ দ্বাৰা নতুন সামগ্রীলৈ ৰূপান্তৰ কৰিব পাৰি। ইয়াৰােপৰি কাগজৰ পুনঃচক্ৰীয়কৰণৰ দ্বাৰা পৰিৱেত সূপভাৱ পৰে।
পূনর্ব্যৱহাৰ (Reuse): পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত পুনঃচক্রীয় কৰণতকৈ পুনর্ব্যৱহাৰ বেছি উপযােগী। পুনঃচক্রীয় প্ৰক্ৰিয়াত শক্তিৰ অপচয় হয়। কিন্তু পুনর্ব্যৱহাৰত কোনাে ধৰণৰ শক্তিৰ অপচয় নহয় । এবাৰ ব্যৱহৃত লেফাফাবােৰ পেলাই নিদি পুনর্ব্যৱহাৰ কৰিব পাৰি। জাম, জেলিৰ বটলবােৰ ব্যৱহাৰৰ পিছত পেলাই নিদি পাকঘৰত অন্য সামগ্ৰী ৰখাত ব্যৱহাৰ কৰিব পাৰি।
অতি চমু প্রশ্নোত্তৰ
1. দুটি প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া।
উত্তৰঃ বায়ু, পানী।
2. ‘গংগা নদীৰ কাৰ্যকৰী আঁচনি’ প্ৰকল্পটো কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰঃ 1985 চনত।
3. ‘গংগা নদীৰ কাৰ্যকৰী আঁচনি’ কিয় স্থাপন কৰা হৈছিল?
উত্তৰঃ গংগা নদীৰ পানী অতিকৈ প্ৰদূষিত হোৱাৰ কাৰণে।
4. গংগা নদীৰ কাৰ্যকৰী আঁচনি কি?
উত্তৰঃ গংগা নদীৰ পানীক প্ৰদূষণমুক্ত কৰিবলৈ ১৯৮৫ চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা এটা প্ৰকল্প।
5. পানীত কোনবিধ বেক্টেৰিয়াৰ উপস্থিতিয়ে ৰোগ সৃষ্টিকাৰী অণুজীৱৰ দ্বাৰা পানী প্ৰদূষিত হোৱাটো সূচায়?
উত্তৰঃ ক’লিফ’ৰ্ম।
6. তোমাৰ ঘৰলৈ যোগান ধৰা পানীৰ pH সহজে পৰীক্ষা কৰিবলৈ তুমি কি আহিলা ব্যৱহাৰ কৰিবা?
উত্তৰঃ সাৰ্বজনীন সূচক বা লিটমাছ কাগজ।
7. পৰিৱেশৰ সুৰক্ষাৰ বাবে তিনিটা R ৰ নীতি কি?
উত্তৰঃ হ্ৰাসকৰণ, পুনঃচক্রীয়কৰণ, পুনঃ ব্যৱহাৰ।
8. হ্রাসকৰণে কি বুজায়?
উত্তৰঃ ইয়াৰ অৰ্থ হৈছে আমি বিভিন্ন দ্ৰব্য আৰু শক্তি ন্যূনতম পৰিমাণত ব্যৱহাৰ কৰা উচিত।
9. পুনঃচক্ৰীয়কৰণে কি বুজায়?
উত্তৰঃ ই বুজায় যে আমি বিভিন্ন দ্রব্য যেনে প্লাষ্টিক, কাগজ, কাঁচ আৰু ধাতুৰ সামগ্ৰীসমূহ সংগ্ৰহ কৰি সিহঁতৰ পৰা প্ৰয়োজনীয় সামগ্ৰীসমূহ প্ৰস্তুত কৰো, যাৰ ফলত নতুনকৈ প্লাষ্টিক, কাগজ, কাঁচ আদিৰ সংশ্লেষণ বা ধাতুৰ আহৰণ কৰাটো হ্ৰাস হয়।
10. পুনঃ ব্যৱহাৰে কি বুজায়?
উত্তৰঃ ই বুজায় যে আমি বস্তুবোৰ পুনঃ পুনঃ ব্যৱহাৰ কৰো।
পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ
Q. 1. পৰিবেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰা?
Ans. পৰিবেশ দূষণমুক্ত কৰাৰ বাবে–
[i] আবর্জনাবোৰ য’তে ত’তে পেলাব নেলাগে। নির্দিষ্ট ঠাইত জমা কৰি আৰু সেইবোৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আঁতৰাই দিয়াৰ ব্যৱস্থা কৰা উচিত।
[ii] পলিথিন মোনাৰ পৰিবর্তে পাটৰ দ্বাৰা তৈৰি মোনা ব্যৱহাৰ কৰিব লাগে।
[iii] মুকলি বা অস্বাস্থ্যকৰ পৰিৱেশত মল-মূত্র ত্যাগ নকৰি উন্নত মানৰ শৌচালয় সাজি লবলৈ ব্যৱস্থা কৰিব লাগে।
[iv] যথেষ্ট পৰিমাণে বৃক্ষৰোপণ কৰি নিৰ্মল বায়ুৰ ব্যৱস্থা কৰিব লাগে।
[v] ঘৰ আৰু চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগে।
Q. 2. ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হ’ব পাৰে?
Ans. সম্পদ হৈছে ব্যবহার্য সামগ্রীর প্রয়োজন পূৰণৰ উৎস। ইয়াৰ নষ্ট কৰাৰ অর্থই হ’ল সম্পদৰ অপব্যৱহাৰ আৰু পৃথিবীৰ ক্ষতি সাধন কৰা। অর্থাৎ ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ আমাৰ তথা পৃথিবীৰ ক্ষতিয়েই সাধন কৰিব।
Q. 3. সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পার্থক্য কৰিবা?
Ans. দীর্ঘ মেয়াদী ইন্দ্ৰিয়-গ্ৰাহ্য প্রকল্পে ব্যৱস্থাপনাৰ দ্বাৰা প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰৰ এটা হিচাপ পোৱা যায়। কিন্তু স্বল্প মেয়াদী প্রকল্পৰ মাধ্যমে প্রাকৃতিক সম্পদৰ অপব্যৱহাৰৰ হিচাপ ভালদৰে পোৱা নেযায়। দীর্ঘম্যাদী প্রকল্পৰ দ্বাৰা ভবিষ্যত প্ৰজন্ম ইয়াৰ পৰা লাভবান হ’ব আৰু পৰিবেশ প্ৰদূষণ হ্রাস পাব। গতিকে স্বল্পম্যাদী প্রকল্পে পৰোক্ষে আমাৰ ক্ষতি সাধন কৰে।
Q. 4. সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে বুলি কিয় ভাবা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে?
Ans. যদি সম্পদৰ নিৰপেক্ষ বিতৰণ হয়, তেতিয়া প্ৰতিজন ব্যক্তিৰ নিকট সম্পদ সহজ উপায়ে পোৱা যাব আৰু সম্পদ মূল্য সূলভ হ’ব। যিসকল মানুহৰ অকল টকাৰ দৰকাৰ, সিহঁতে প্রাকৃতিক সম্পদৰ বিৰুদ্ধে কাম কৰে। সিহঁতে প্রকৃতিক ধ্বংসৰ পথে ঠেলি দিয়ে।
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. বন আৰু বন্যপ্রাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে?
Ans. বন সংৰক্ষণ কৰা উচিত, কাৰণ—
[i] উদ্ভিদ আৰু জীবজন্তু শ্বাসকাৰ্য্যৰ সময়ত CO₂ গেছ বায়ুমণ্ডলত এৰি দিয়ে। বনাঞ্চল এই CO₂ গেছ গ্ৰহণ কৰি সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য তৈয়াৰ কৰে আৰু বায়ুমণ্ডলত O₂ এৰি দিয়ে। এই প্ৰকাৰে গছ-গছনি বায়ুমণ্ডল সতেজ ৰাখে।
[ii] বনাঞ্চলৰ উদ্ভিদবোৰ ডাঙৰ শিলাবোৰ, মাটিৰ কণিকাসমূহক টানকৈ ধৰি ৰাখে। এই প্ৰকাৰে উদ্ভিদ সমূহ মাটিক ক্ষণীভবনৰ পৰা ৰক্ষা কৰে।
[iii] বনাঞ্চলৰ উদ্ভিদবোৰে পোষক দ্ৰৱাবোৰ চক্রাকাৰে আৱৰ্তিত কবি আকৌ মাটিলৈ প্ৰেৰণ কৰি মাটিৰ উৰ্বৰতা ৰক্ষা কৰে।
[iv] বনাঞ্চল ভূ-পৃষ্ঠত পানীৰ পৰিমাণ বৃদ্ধি কৰে।
[v] বনাঞ্চল জীৱ-জন্তুক বাসস্থান প্রদান কৰে।
[vi] বনাঞ্চলৰ পৰা ঔষধ, ঔষধী, গাম আদি পোৱা যায়।
বন্য-প্ৰাণীসমূহক সংৰক্ষণ কৰা অতি প্রয়োজন কাৰণবোৰ হ’ল—
[i] ই পৰিস্থিতি তন্ত্ৰক ৰক্ষা কৰে।
iii] গৰু আদি চৰোৱাৰ ফলত মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি পায়।
[iii] বনাঞ্চল পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখে।
[iv] বনাঞ্চলত থকা জীৱ-জন্তু সুৰক্ষিত হয়।
[v] বন্যপ্ৰাণীসমূহ পৰিস্থিতিতন্ত্ৰ ৰক্ষা কৰে।
Q. 2. বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা।
Ans. বনাঞ্চল ৰক্ষাৰ বাবে কিছুমান পৰামৰ্শ তলত দিয়া হ’ল–
[i] বনাঞ্চলত জুই লগা নিয়ন্ত্ৰণ কৰিব লাগিব।
[ii] গছ-গছনি কটা, হাবি জ্বলোৱা আৰু অৰণ্য, ধ্বংসকৰণ বন্ধ কৰিব লাগিব।
[iii] বনাঞ্চলৰ অধিবাসীক প্রশিক্ষণ দিব লাগে যাৰ দ্বাৰা তেওঁলোকে বনাঞ্চল ৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’ব পাবে।
[iv] বৃক্ষৰোপণৰ দ্বাৰা বনাঞ্চলৰ সৃষ্টি কৰি মূল্যবান উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ কৰি বনাঞ্চল ধ্বংস ৰোধ কৰিব পাৰি।
পাঠভিত্তিক প্রশ্নোত্তৰ
Q.1. তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওৱা।
Ans. নদীত বান্ধ দি পানী সংৰক্ষণ কৰা হয়। বিভিন্ন দল, সংগঠনসমূহে বৃহৎ নদীবান্ধৰ বিকল্প হিচাপে পুৰণিকলায়া পানী সঞ্চয়নৰ পদ্ধতিৰে কাম কৰি আহিছে।
কিছুমান সম্প্রদায়ে যায় এশ মান পৰম্পৰাগত পদ্ধতিৰে পানী সংৰক্ষণ কৰি আহিছে। মাটিত গাঁত খান্দি বা হ্রদ বান্ধি মাটিৰ জলভাগ আবদ্ধ কৰি, ঠায়ে ঠায়ে জলবিভাজিকা নিৰ্মাণ কৰি, বিভিন্ন প্রকাৰেৰে মাটিৰে নাইবা শিলেৰে পাৰ বান্ধি পানী সংৰক্ষণ কৰে, বালি আৰু চুণেৰে অলাধাৰ নিৰ্মাণ কৰা খবৰ চালত পানী জমা কৰিবলৈ ব্যৱস্থাপনা কৰা হয়। এনে কৰাৰ ফলত ভুগতৰ জলভাগৰ স্তৰ বৃদ্ধি হৈছে আৰু আনকি নদীয়েও পুনর্জীবন লাভ কৰিছে। আমাৰ অঞ্চলত হ্ৰদ বান্ধি জলভাগ সঞ্চয়ন কৰা হয়।
Q.2. পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা।
Ans. পাহাৰ-পর্বতত থকা জল-সঞ্চয়ন পদ্ধতিতকৈ সমতল আৰু মালভূমি অঞ্চলত থকা জল-সপ্তদান পদ্ধতি পৃথক। যেনে, হিমাচল প্রদেশৰ পাহাৰী অঞ্চলত থকা স্থানীয় জলসিঞ্চন ব্যৱস্থাত, লোকৰ দ্বাৰা তৈৰি কেনেলৰ মাধ্যমে পানী গ্রামব শস্যক্ষেতত দিয়া হয়, কিন্তু সমতল অঞ্চলত পানী নানা প্ৰকাৰ জলাধাৰত জমা ৰখা
হয়। আৰু এই পানী সময়মতে শস্যক্ষেতত দিয়া হয়।
Q.3. তোমালোকৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ বিচাৰি উলিওৱা সকলো মানুহ বাস কৰা সেই অঞ্চলত পানী প্ৰচুৰ পৰিমাণে পাইনে?
Ans. আমাৰ অঞ্চলৰ বিশুদ্ধ পানীৰ উৎস হ’ল পৌৰনিগমৰ দ্বাৰা যোগান ধৰা পানী। আৰু নদীনাদ, কুঁৱা আদিৰ পৰা পানী সংগ্ৰহ কৰি, বিশুদ্ধ কৰি ব্যৱহাৰ কৰা হয়। কিন্তু গ্রীষ্মকালত জলপৃষ্ঠ নামি যোৱাৰ বাবে পানীৰ অভাৱ ঘটে।
পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ
Q. 1. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামর্শ আগবঢ়াবা?
Ans. পৰিবেশর ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰৰ পৰিবেশ সুস্থ ৰখাৰ বাবে তলত দিয়া পৰামৰ্শবোৰ হ’ল–
[1] পানীৰ অপচয় কম কৰাৰ বাবে টেপ (taps) ভালদৰে বন্ধ কৰিব লাগে, কাপৰ-ধোৱা মেচিনত ব্যবহৃত পানী আকৌ ব্যৱহাৰ কৰা।
[ii] প্রয়োজনত CFL বাল্ব ব্যৱহাৰ কৰিব লাগে।
[ii] সৌৰ কুকাৰ, সৌৰজল উত্তাপক ব্যৱহাৰ কৰিব লাগে।
[iv] বিদ্যুৎ শক্তিৰ বাবে সৌৰকোষ ব্যৱহাৰ কৰিব লাগে।
[v] যিবোৰ বস্তু পুনৰায় ব্যৱহাৰ কৰা যায়, সেইবোৰ বস্তু পেলাব নেলাগে।
Q. 2. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিবৰ্ত্তনৰ পৰামৰ্শ দিবা?
Ans. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে আমাৰ বিদ্যালয়ৰ পৰিবেশ সংৰক্ষণৰ উপায়বোৰ হ’ল
[i] বৰ্জিত কাগজবোৰ আকৌ ব্যৱহাৰ কৰিব লাগে। প্লাষ্টিক কম ব্যৱহাৰ কৰিবলৈ ছাত্র-ছাত্রীক উপদেশ দিব লাগে।
[ii] বিদ্যালয়ৰ চতুষ্পার্শ্বে বৃক্ষ ৰোপণ কৰিব লাগে।
[iii] গছৰ পাত, ফলমূল আৰু শাক্পাচলিৰ বাকলি বোৰৰ পচন ঘটাই জৈৱসাৰ তৈৰি কৰিব লাগে।
[iv] স্কুল ঘৰত অধিক সংখ্যক খিড়িকী ৰাখিব লাগে, যাতে অধিক সূৰ্যৰ পোহৰ আহিব পাৰে।
[v] মাজে মাজে বিদ্যালয়ত পৰিবেশ সম্পর্কে সজাগতাৰ বাবে আলোচনা কৰিব লাগে।
Q. 3. এই অধ্যায়ত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ আছে। এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ, বিষয়ে সিদ্ধান্ত ল’ব পৰা কৰ্তৃত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা?
Ans. বন্যপ্রাণী আৰু বনাঞ্চল ৰক্ষণাবেক্ষণৰ বাবে প্রধানতঃ চাৰিধৰণৰ অংশীদাৰ বা ৰক্ষাকাৰী হ’ল–
[i] বনাঞ্চলৰ চাৰিওকাষৰ মানুহসকল আৰু সিহঁতে বনাঞ্চলত উৎপন্ন হোৱা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে।
[ii] বনজ সম্পদ সংৰক্ষণকাৰী চৰকাৰী ব্যক্তিসকল
[iii] সৰু-ডাঙৰ ঔদ্যোগিক সংস্থা, যিবোৰ বনজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰে।
[iv] প্রকৃতিবিদ সকলে প্রকৃতিক সংৰক্ষণ কৰিব বিচাৰে, সিহঁতৰ মূল্যবান উপদেশৰ মাধ্যমে।
মই ভাবোঁ বনাঞ্চলৰ চাৰিওকাষৰ অধিবাসী সকলোক বনজ সম্পদৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দিব লাগে। কাৰণ, সিহঁতে বংশপৰম্পৰায় এই অঞ্চলত বসবাস কৰিব আৰু সিহঁতে বনাঞ্চলৰ ভালবেয়া ভালদৰে বুজি পাব।
Q. 4. ভল সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনার দায়িত্ব ল’বা–
(a) বন আৰু বন্যপ্রাণী।
(b) জলসম্পদ।
(c) কয়লা আৰু পেট্রলিয়াম।
Ans. (a) বন আৰু বন্যপ্রাণী: কম কাগজ ব্যৱহাৰ কৰিব লাগে। কাৰণ গছৰ পৰা কাগজ তৈয়াৰ হয়। জীব-জন্ত হত্যা কৰি নোমযুক্ত ছাল (fur), ছামৰা, দীঘলীয়া দাঁত, শিং আদিৰ পৰা নানা ধৰণৰ বস্তু তৈয়াৰ কৰা হয়। এই বস্তুবোৰ ক্ৰয় কৰিব নেলাগে। চোৰাং চিকাৰী আদিৰ বিরুদ্ধে সজাগতা সৃষ্টি কৰিব লাগে।
(b) জলসম্পদ: পানীৰ অপচয় বন্ধ কৰিব লাগে। খেতিবাতিৰ কাৰণে বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে। মানুহক পানী সংৰক্ষণৰ বাবে সচেতন কৰিব লাগে।
(c) কয়লা আৰু পেট্ৰলিয়াম: চৰকাৰী যান-বাহন ব্যৱহাৰ কৰা উচিত। যানবাহনত CNG ব্যৱহাৰ কৰিব লাগে। বৈদ্যুতিক বাঘ, বাতি, ফেন আদি যেতিয়া প্রয়োজন নহয়, তেতিয়া চুইচ্ বন্ধ কৰি ৰখা উচিত। কম হিটাৰ, বাতানুকুল যন্ত্র কম ব্যৱহাৰ কৰা উচিত। ফলস্বৰূপে কয়লা আৰু পেট্ৰ’লিয়াম কম খৰচ হ’ব। বিদ্যুতৰ অপচয় বন্ধ কৰিব লাগে।
Q. 5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা?
Ans. 1. আমাৰ প্ৰাকৃতিক সম্পদ যেনে বন আৰু বন্যপ্রাণী পানী, কয়লা, আৰু পেট্রলিয়াম ইন্ধনসমূহ সুপরিকল্পিতভাবে ব্যৱহাৰ কৰিব লাগে।
2. তিনিটা নীতি ‘Reduce’, ‘Reuse,’ আৰু ‘Recycle’ ৰ দ্বাৰা পৰিবেশৰ ওপৰত হেঁচা কম কৰিব পাৰো।
[i] মকৰা (Reduce): প্রয়োজন অনুযায়ী লাইট, ফেন আদি ব্যৱহাৰ কৰিব লাগে। যানবাহন কম ব্যৱহাৰ কৰা উচিত।
[ii] পুনৰাৱৰ্তন (Recycle): প্লাষ্টিক, কাগজ, মাছ আৰু ধাতু আদি সংগ্রহ কৰি এই বস্তুৰে বেলেগ বস্তু তৈৰি কৰি আকৌ ব্যৱহাৰ্য কৰিব পাৰি।
[iii] পুনর্ব্যৱহাৰ (Reuse): ই পুনৰাৱৰ্তনতকৈ উত্তম। যেনে; এটা ব্যবহৃত থাম ওলোটাই আকৌ ব্যৱহাৰ কৰিব পাৰি। প্লাস্টিক আৰু কাঁচৰ পাত্র, বটল আদি পুনৰায় ব্যৱহাৰ কৰা যায়।
3. জলসম্পদসমূহক নিয়ন্ত্রণ কৰি ৰাখিলে জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু পৰিবেশৰ উন্নতি হয়। বৃহৎ নদীবান্ধৰ সলনি স্থানীয় পৰম্পৰাগত পদ্ধতিবে পানীৰ সঞ্চয়ন কৰিব লাগে। স্থানীয় সম্পদৰ নিয়ন্ত্রণৰ দায়িত্ব স্থানীয় জনসাধাৰণৰ ওপৰত ন্যস্ত কৰিব লাগে।
4. জীৱাশ্ম-ইন্ধন, কয়লা, আৰু পেট্রলিয়াম এসময়ত শূন্য হৈ যাব। কাৰণ এইবোৰ আমি দহন কৰি আছো। এইবোৰ দহনৰ ফলত পৰিবেশ প্ৰদূষণ হৈ আছে। সেইকাৰণে এই সম্পদবোৰ সুবিবেচনাৰে ব্যৱহাৰ কৰিব লাগে।
Q. 6. যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছা তাৰ এটা তালিকা প্রস্তুত কৰা (পাঁচটাকৈ)।
(a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ।
(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি।
Ans. (a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে:
[i] অপ্রয়োজনত লাইট আৰু ফেন আদিৰ চুইচ্ বন্ধ কৰি ৰাখিছিল।
[ii] CFL বাতি ব্যৱহাৰ কৰিছিল।
[iii] চৰকাৰী যানবাহন বেছীকৈ ব্যৱহাৰ কৰিছিল।
[iv] গা-ধোৱাৰ বাবে প্ৰয়োজনানুযায়ী পানী ব্যৱহাৰ কৰিছিল।
[v] পৰিবেশ সংৰক্ষণৰ বাবে মাজে সময়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আলোচনা চক্ৰৰ ব্যৱস্থা কৰিছিল।
(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধিৰ কাৰণে—
[i] কাগজ অপচয় কৰা নাই।
[ii] য’তে য’তে জাৱৰ জোথৰ পেলোৱা নাই।
[iii] প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰা নাই।
[iv] খাদ্যৰ শাক-পাচলিৰ অপচয় কৰা নাই।
[v] ৰন্ধনৰ বাবে ঘৰত সৌৰ চুলা ব্যৱহাৰ কৰিছিল।
Q. 7. এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তোমালোকৰ জীৱন শৈলীৰ কি পৰিবৰ্তন কৰিবা?
Ans. প্রাকৃতিক সম্পদ সংৰক্ষণৰ বাবে তলত দিয়া ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগে। যেনে–
[i] কয়লা আৰু পেট্ৰ’লিয়ামৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব।
[ii] যানবাহনত CNG ব্যৱহাৰ কৰিব লাগিব।
[iii] বৈদ্যুতিক যন্ত্রপাতি কমকৈ ব্যৱহাৰ কৰিব লাগিব।
[iv] পানী, কাগজ আদিৰ অপচয় কৰিব নেলাগে।
[v] জীবজন্তৰ নোমযুক্ত ছামৰা (fur) দীঘলীয়া দাঁত, শিং ইত্যাদি দ্বাৰা তৈৰি বস্তুবোৰ ব্যৱহাৰ কৰিব নেলাগে।
পাঠভিত্তিক অতিরিক্ত প্রশ্নোত্তৰ
Q.1. প্রাকৃতিক সম্পদ কি?
Ans. যিবোৰ সম্পদ প্ৰকৃতিৰ বুকুত পোৱা যায় বা যিবোৰ সম্পদ প্রকৃতিয়ে যোগান ধৰে সেইবোবক প্রাকৃতিক সম্পদ বোলে। যেনে— জলজ সম্পদ, ভূমিজ সম্পদ, খনিজ সম্পদ, বনজ সম্পদ, সামুদ্রিক সম্পদ আদি।
Q.2. সেউজ গৃহ কি?
Ans. বায়ুমণ্ডলত থকা কিছুমান বিশেষ গেছক সেউজগৃহ গেছ বুলি কোৱা হয়। এই গেছবোৰ হৈছে– CO₂, CH₄, নাইটাছ অক্সাইড আৰু ক্ল’ৰফ্ল’ৰ কাৰ্বন।
Q. 3. জীৱাশ্ম ইন্ধন কি?
Ans. নিযুত নিযুত বছৰৰ আগতে মাটিৰ তলত পোত যোৱা উদ্ভিদ আৰু প্ৰাণীৰ পৰা সৃষ্টি হোৱা ইন্ধনক জীবাশ্ম ইন্ধন বুলি কোৱা হয়। কয়লা, পেট্রালিয়াম, প্রাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধনৰ উদাহৰণ।
Q. 4. বন্যজীৱন (Wild life) কি? বন্য জীৱনৰ উপকাৰীতা উল্লেখ কৰা।
Ans. বনাঞ্চলত সকলো জীব-জন্তু আৰু গছ-গছনিৰ বৃদ্ধি আৰু জীৱনযাত্রাক বন্য-জীৱন বোলে। এই বন্য-জীৱনত সিহঁতে স্বাভাবিকভাবে বৃদ্ধি আৰু বিকাশ ঘটায়।
বন্য জীৱনৰ উপকাৰীতা:
[i] জীবমণ্ডলৰ ভাৰসাম্যতা ৰক্ষা কৰে।
[ii] পৰিবেশৰ ভাৰসাম্যতা ৰক্ষা কৰে।
Q.5. জল সঞ্চয়ন কাক বোলে? ইয়াৰ দুটা সুবিধা উল্লেখ কৰা।
Ans. এটা জলাধাৰত পানী জমা কৰাকে জলসঞ্চয়ন বোলে। ইয়াৰ দুটা উপকাৰীতা হ’ল-
[i] জমা কৰা পানী জলসিধানত ব্যৱহাৰ হয়।
[ii] শাক-পাচলিৰ বৃদ্ধিৰ বাবে এই পানী যোগান ধৰা হয়।
Q. 6. ‘চিপ্কো আন্দোলন’ কোনে আৰম্ভ কৰিছিল?
Ans. সুন্দৰীলাল ৱহগুণা।
Q.7. কয়লা আৰু পেট্ৰ’লিয়ামৰ মূল উপাদানবোৰৰ নাম লিখা।
Ans. কার্বন, নাইট্রজেন, হাইড্ৰ’জেন আৰু ছালফাৰ।
Q. 8. 3R (3 R’S) নীতিটো কি?
Ans. 3R-ৰ নীতি হ’ল– পৰিবেশ সংৰক্ষণৰ ব্যবহার হ্রাস (Reduce), পুনবাৱৰ্তন (Recycle) আৰু পুনর্ব্যৱহাৰ কৰিব লাগিব।
Q. 9. বৃহৎ কৃত্রিম বান্ধ বুলিলে কি বুজা? ইয়াৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে লিখা।
Ans. বৃহৎ কৃত্রিম বান্ধ বুলিলে প্রাকৃতিকভাৱে সৃষ্টি হোৱা নদ-নদীক উৎপত্তি স্থলতে বা অন্য ঠাইত কৃত্রিমভাবে বান্ধ দি পানী সংৰক্ষণ কৰাকে বুজায়। এই কৃত্রিম বান্ধ বিলাকৰ যেনেদৰে উপকাৰিতা আছে ঠিক তেনেদৰে অপকাৰিতাও আছে।
বৃহৎ কৃত্রিম বান্ধৰ উপকাৰিতা:
[i] সংৰক্ষিত বান্ধৰ পানী নিয়মিত হাৰত নির্গমণৰ ব্যৱস্থা কৰি বিদ্যুৎ উৎপাদন কৰিব পাৰি।
[ii] কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰি।
[iii] এনে বান্ধৰ পানী পাইপেৰে সংবহন কৰোৱাই নগৰ-মহানগৰলৈ পানী যোগান কৰিব পাৰি।
বৃহৎ কৃত্রিম বান্ধৰ অপকাৰিতা: যিহেতু এনে বৃহৎ কৃত্রিম বান্ধবিলাক নদ-নদীৰ উৎপত্তিৰ উৎস স্থলতে নিৰ্মাণ কৰা হয় সেয়েহে সেই অঞ্চলৰ বনভূমি নাশৰ লগতে জীৱ-বৈচিত্র্য হ্রাস বা বিলুপ্তি ঘটে। ফলত পৰিৱেশৰ ভাৰসাম্য বাধাগ্রস্ত হয়। তদুপৰি সেই অঞ্চলত বসবাস কৰি থকা জনসাধাৰণক অন্য ঠাইলৈ স্থানান্তৰিত কৰিব লগা হয়।
Q. 10. জীৱাশ্ম ইন্ধন সংৰক্ষণৰ বাবে তুমি কি কি উপদেশ দিবা।
Ans: জীৱাশ্ম ইন্ধন সংৰক্ষণৰ কৰাৰ উপায়সমূহ
[i] জীৱাশ্ম ইন যেন লালা আৰু পেট্রলিয়াম। আমি যদি বিদ্যুতৰ ব্যৱহাৰ কমকৈ কৰোঁ বা অপপ্রয়োগ নকৰো তেতিয়া কয়লাৰ ব্যৱহাৰ আপোনা আপুনি কমি যাব বা সংৰক্ষণ হ’ব।
[ii] জীৱাশ্ম ইন্ধনৰ দ্বাৰা চালিত ব্যক্তিগত যান-বাহনবিলাক অপ্রয়োজনীয় কাৰণত নচলালে পেট্রল, ডিজেল আদিৰ সংৰক্ষণ হ’ব।
Q. 11. ৰাজস্থান আৰু মহাৰাষ্ট্ৰত ব্যৱহাৰ কৰা জল-সঞ্চয়ন পদ্ধতিসমূহৰ নাম উল্লেখ কৰা।
Ans. ৰাজস্থানত খাদিনস্ (Khadins) আৰু মহাৰাষ্ট্ৰত বান্ধাৰাস্ (Bandharas) আৰু টালস্ (tals)।
Q. 12. অমৃতা দেৱীৰ স্মৰণত ভাৰত চৰকাৰ দ্বাৰা প্ৰদত্ত পুৰস্কাৰটোৰ নাম উল্লেখ কৰা।
Ans. অমৃতা দেৱী বীশনৈ (Amrita Devi Bishnoi) ৰাষ্ট্ৰীয় পুৰস্কাৰ বন্য প্রাণী সংৰক্ষণৰ বাবে।