আমাৰ পৰিবেশ
প্রঃ কিছুমান পদার্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কিয় হয়।
উঃ মানুহে দৈনন্দিন ব্যৱহাৰ কৰা বস্তুবিলাক সাধাৰণতে জৈবিক আৰু অজৈবিক হিচাপে বিভক্ত। ইয়াৰে কিছুমান পদার্থ জৈবিক প্রক্রিয়াৰে সৰল পর্যায়লৈ পৰিৱৰ্তন হয়। এইবােৰকে জীৱ নিম্নিকৰণ পদার্থ বােলে। কিছুমান পদার্থ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পর্যায়লৈ সলনি নহয় বাবে এইবােৰক জীৱ অনিম্নিকৰণ পদার্থ বােলে।
প্র : জীৱ নিম্নিকৰণ পদার্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনাে দুটা সম্ভাৱনাৰ বিষয়ে লিখা।
উঃ জীৱ নিম্নিকৰণ পদার্থবােৰৰ পাচনৰ ফলত এইবােৰৰ পৰা মাখি আদিয়ে বেমাৰৰ বীজাণু কঢ়িয়াই আৰু খাদ্যবস্তুৰ যােগেদি মানুহৰ শৰীৰলৈ গৈ বাহকজনিত ৰােগ বিয়পায়। এই পদার্থবােৰৰ পচনৰ ফলত অসহ্যকৰ গেছ উৎপন্ন হয় আৰু বায়ু প্ৰদূষণ হয়।
প্র : জীৱ অনিম্নিকৰণ পদার্থই পৰিৱেশত প্রভাৱ পেলাব পৰা যিকোনাে দুটা সম্ভাৱনাৰ বিষয়ে লিখা।
উঃ জীৱ অনিম্নিকৰণ পদার্থবােৰ হৈছে মানুহে সৃষ্টি কৰা আৱৰ্জনা। এই পদার্থসমূহে পৰিৱেশত তলত দিয়া ধৰণে প্রভাৱ পেলায়-
(ক) কিছুমান জীৱ অনিম্নিকৰণ পদার্থই মানুহৰ খাদ্য শৃংখলত সােমাই মানুহৰ স্বাস্থ্যৰ অবনতি ঘটায়।
(খ) এই পদার্থবােৰে মাটিৰ লগত মিহলি হৈ মাটিৰ উৰ্বৰতা নষ্ট কৰে। এই পদার্থবােৰে অসহ্যকৰ গেছ নির্গমন কৰি বায়ু প্ৰদূষিত কৰে।
প্র : পৌষ্টিক স্তৰ কি? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।
উঃ এক নির্দিষ্ট সংখ্যক প্রাণীৰ মাজত খাদ্য প্রবাহেই খাদ্য শৃংখল। ইয়াত খাদ্যৰ পৰিবহণ বিভিন্ন স্তৰত সংঘটিত হয়। এই স্তৰবােৰক পৌষ্টিক স্তৰ বােলে।
উদাহৰণস্বৰূপে ঘাঁহনি এডৰা লােৱা হ’ল-
ঘাঁহনি → পােক-পৰুৱা →মাছ →চৰাই
এই শৃংখলটোত ঘাঁহ উৎপাদক হােৱা বাবে ইয়াক প্রথম স্তৰত ৰখা হৈছে। মাছ পতংগভােজী হােৱা বাবে ইয়াক তৃতীয় স্তৰত ৰখা হৈছে আৰু চৰাই হ’ল উচ্চ স্তৰৰ মাংসভােজী সেইবাবে ইয়াক চতুর্থ স্তৰত ৰখা হৈছে।
প্র : পৰিস্থিতি তন্ত্রত বিয়ােজকৰ ভূমিকা কি?
উঃ বিয়ােজকে অনুজীৱৰ জটিল জৈৱ পদার্থবােৰক আৰু জীবিত প্ৰট’প্লাজমবােৰ সৰল অণুলৈ ভঙাত সহায় কৰে। এই অনুবােৰ মাটিৰ লগত মিহলি হৈ মাটিৰ গুণাগুণ বৃদ্ধি কৰে এইদৰে বিয়ােজকে পৰিৱেশ বিশুদ্ধ কৰে।
প্র : অজন কি আৰু ই কোন পৰিস্থিতি তন্ত্রত কেনেদৰে প্ৰভাৱ পেলায়?
উঃ অজন হ’ল তিনিটা অক্সিজেন পৰমাণুৰে গঠিত। ইয়াৰ সংকেত O3 সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি আৰু অক্সিজেনৰ মাজত বিক্রিয়া সংঘটিত হৈ এই গেছৰ সৃষ্টি হয়। পৰিস্থিতি তন্ত্ৰত ইয়াৰ প্ৰভাৱ-
(ক) সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক ই পৃথিৱীত প্রৱেশত বাধা দিয়ে। এই বেঙুনীয়া ৰশ্মিয়ে মানুহৰ কৰ্কট ৰােগ সৃষ্টি কৰাৰ লগতে ৰােগৰ প্ৰতিৰােধ ক্ষমতা নােহােৱা কৰে।
(খ) অ’জন স্তৰৰ অৱক্ষয়ে গােলকীয় উষ্ণতাৰ ওপৰত প্ৰভাৱ পেলায়।
প্রঃ পেলনীয়া আৱৰ্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্রহণ কৰিবা? ইয়াৰ যিকোনাে দুটা পদ্ধতিৰ বিষয়ে লিখা।
উঃ তলত দিয়া পদ্ধতিৰ সহায়ত পেলনীয়া আৱৰ্জনৰ সমস্যা হ্রাস কৰিব পাৰি-
(ক) জীৱ অনিন্নিকৰণ পদার্থ যেনে—প্লাষ্টিক, পলিথিন আদিবােৰ য’তে ত’তে পেলাই নাৰাখি এইবােৰ জ্বলাই দিব লাগে।
(খ) জীৱ নিম্নিকৰণ পদার্থবােৰৰ পৰা প্রয়ােজনীয় জৈৱ গেছ আহৰণৰ বাবে উপযােগী কৰি তােলা দৰকাৰ।
প্র : তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে?
(ক) ঘাহ, ফুল আৰু চামৰা (খ) ঘাঁহ, কাঠ আৰু প্লাষ্টিক (গ) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস (ঘ) পিঠা, কাঠ আৰু ঘাঁহ
উঃ (ক), (গ) আৰু (ঘ)
প্র : তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে?
(ক) ঘাঁহ, ঘেহু আৰু আম (খ) ঘাঁহ, ছাগলী আৰু মানুহ (গ) ছাগলী, গৰু আৰু হাতী (ঘ) ঘাঁহ, মাছ আৰু মানুহ
উ : (খ) ঘাঁহ, ছাগলী আৰু মানুহ
প্রঃ তলত উল্লেখ কৰা বিলাকৰ কোনকেইটা পৰিৱেশৰ অনুকূল অভ্যাসৰ অন্তর্ভুক্ত?
(ক) দোকান বজাৰ কৰিবলৈ যাওঁতে হাতত কাপােৰৰ মােনা লৈ যােৱা অভ্যাস
(খ) অপ্রয়ােজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ বন্ধ কৰি ৰখা অভ্যাস।
(গ) তােমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱর্তে তুমি নিজে খােজ কাঢ়ি যােৱা অভ্যাস।
(ঘ) ওপৰৰ আটাইকেইটা অভ্যাস।
উঃ (ঘ) ওপৰৰ আটাইকেইটা অভ্যাস।
প্রঃ ১১। পৌষ্টিক স্তৰ কি? উদাহৰণসহ এটা শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।
উঃ এটা খাদ্যজালত খাদ্যৰ স্থানান্তৰৰ যিবােৰ স্তৰ থাকে তাকে পৌষ্টিক স্তৰ বােলে। যেনে-
খাদ্যজালঃ খাদ্য-শৃংখলবােৰৰ মাজত বহুতাে শাখা- প্রশাখা থাকে। শাখা-প্রশাখাৰে গঠিত খাদ্য-শৃংখল জটিল হয়। এনে জটিল খাদ্য-শৃংখলকে খাদ্যজাল বােলে। উদাহৰণ হিচাপে সেউজীয়া উদ্ভিদ বা শস্য নিগনিয়ে খায়, নিগনিক চিলনীয়ে খায়। আনহাতে নিগনিক সাপে খায়, সাপক চিলনীয়ে খায়। আকৌ শস্য পতঙ্গই খায়, ভেকুলীয়ে পতঙ্গ খায়, সাপে ভেকুলী খায় আৰু চিলনীয়ে সাপক খায়।
প্র : বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলােবিলাক জীৱক ধ্বংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্ৰভাৱ পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনাে হানি নােহােৱাকৈ যি কোনাে এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱ আঁতৰাব পাৰিমনে?
উঃ একে প্ৰভাৱ পৰিব। উৎপাদক ধ্বংস কৰিলে তৃণভােজী প্রাণী জীয়াই থাকিব। তৃণভােজী ধ্বংস কৰিলে উৎপাদকৰ পৰিমাণ বাঢ়িব, ফলত মাংসভােজী প্ৰাণীৰ খাদ্যৰ অভাৱ হ’ব। মাংসভােজী ধ্বংস কৰিলে তৃণভােজীৰ পৰিমাণ বাঢ়ি যাব। পৰিস্থিতি তন্ত্ৰৰ যিকোনাে এটা স্তৰৰ সকলােবিলাক জীৱ আঁতৰালে পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হ’ব।
প্রঃ জৈৱিক বিৱর্ধক বুলিলে কি বুজা? পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হ’বনে?
উঃ জীৱ অনিম্নিকৰণ ৰাসায়নিক পদার্থৰ ব্যৱহাৰে ক্রমান্বয়ে খাদ্য শৃংখলৰ বিভিন্ন স্তৰৰ গাঢ়তা বঢ়োৱাকে জৈবিক বিৱর্ধক বােলা হয়। এই ৰাসায়নিক পদার্থবােৰৰ গাঢ়তা বেলেগ বেলেগ পুষ্টি স্তৰত বেলেগ বেলেগ হয়। প্রথম ভৰ ইয়াৰ গঢ়তা একেবাৰে কম আৰু শেষৰ স্তৰত ইয়াৰ গাঢ়তা বেচি হয়।
প্রঃ আমি সৃষ্টি কৰা জীৱ অনিন্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হ’ব পাৰে।
উঃ আমি সৃষ্টি কৰা জীৱ অনিন্নিকৰণ পদার্থবিলাকৰ পৰা তলত দিয়া সমস্যাবােৰ সৃষ্টি হ’ব পাৰে
(ক) এইবােৰে মাটিৰ গুণাগুণ বিনষ্ট কৰে। (খ) পৰিস্থিতিত ভাৰসাম্য বিনষ্ট কৰে। (গ) পৰিৱেশ প্ৰদূষিত কৰে।
প্রঃ আমি সৃষ্টি কৰা আৱৰ্জনা বিলাকৰ সকলােবিলাকেই যদি জীৱ নিন্নিকৰণ পদার্থ হয় তেনেহ’লে পৰিৱেশৰ ওপৰত একো প্ৰভাৱ নপৰাকৈ থাকিবনে?
উ : আমি সৃষ্টি কৰা সকলােবিলাক পদার্থ যদি জীৱ নিন্নিকৰণ পদার্থ হয় তেন্তে এইবােৰে পৰিৱেশৰ ওপৰত খুব কম সময়ৰ বাবে প্ৰভাৱ পেলাব। অণুজীৱৰ ক্রিয়া ধীৰ গতিত হােৱা বাবে সামান্য পৰিমাণে, বায়ু আৰু পানী প্ৰদূষিত কৰে যদিও এই প্রদূষণ দীর্ঘকালীন নহয়!
প্রঃ বিয়ােজক কাক বােলে?
উঃ যিবােৰ অনুজীৱই মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বর্জিত পদার্থবিলাক সৰল পর্যায়লৈ পৰিৱৰ্তন কৰিব পাৰে সেইবোেৰ অনুজীৱক যিয়ােজক বােলে।।
প্রঃ অ’জন স্তৰ কি আৰু ইয়াৰ কেনেকৈ অৱক্ষয় ঘটিছে?
উ : অজন হ’ল বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা ত্রিপাৰমাণৱিক অক্সিজেন অণুৰ গঠন। উচ্চ শক্তিসম্পন্ন অতি বেঙুনীয়া ৰশ্মিয়ে বায়ুৰ উচ্চস্তৰৰ অক্সিজেনৰ লগত বিক্রিয়া কৰি অজন অণু সৃষ্টি কৰে!
O2 → 0+0
0+02 → 03 (অজন)
বর্তমান উচ্চহাৰত নিৰ্গত হােৱা CFC গেছে অজন স্তৰত বিন্ধাৰ সৃষ্টি কৰি ইয়াৰ অৱক্ষয় ঘটাইছে।
প্রঃ কৃষিত প্রয়ােগ কৰা কীটনাশক দ্ৰব্যবােৰে কেনেকৈ আমাক প্ৰভাৱান্বিত কৰে- ব্যাখ্যা কৰা।
উঃ কৃষি কার্যত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য আদি ব্যৱহাৰৰ পাছত অৱশিষ্ট কিছু অংশ মাটিত থাকি যায় বা কিছু পৰিমাণে পানীত মিহলি হয়। মাটিত থকাখিনি উদ্ভিদে পানী আৰু খনিজ লৱণ শােষণ প্রক্রিয়াৰ লগতে সিহঁতৰ দেহত প্ৰৱেশ ঘটে। একেদৰে পানীত থকাখিনি জলজ উদ্ভিদ বা প্রাণীৰ দেহলৈ যায়। এই ক্ষতিকাৰক ৰাসায়নিক পদার্থবিলাক খাদ্য শৃংখলত প্রৱেশ ঘটি খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰত জমা হয়। সেই কাৰণে আমাৰ খাদ্য শস্য যেনে- ধান, ঘেহু, ফল-মূল, মাছ-মাংস আদিত কিছু পৰিমাণে কীটনাশক পদার্থ অবশিষ্ট পােৱা যায়।
প্রঃ তলৰ কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয়?
(a) পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা (b) পুৰণি ফটা কাপােৰ (c) প্লাষ্টিকৰ মােনা। (d) পুৰণি বাতৰি কাকত
উঃ (c) প্লাষ্টিকৰ মােনা।
প্রঃ তলত দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনীয়া দ্রব্য।
(a) পলিথিনৰ মােনা (b) আমৰ বাকলি (c) ফালি যােৱা চামৰাৰ মােনা (d) প্লাষ্টিকৰ বটল
উ : (b) আমৰ বাকলি।
প্র : বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জনে ___ক বাধা দিয়ে
(a) অৱলােহিত (b) দৃশ্যমান পােহৰ (c) অতিবেঙুণীয়া ৰশ্মি (d) (a) আৰু (c) দুয়ােটা।
উ : (c) অতিবেঙুণীয়া ৰশ্মি।
প্রঃ তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে—
(a) ঘাঁহ, ফুল আৰু চামৰা। (b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক। (c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস। (d) পিঠা, কাঠ আৰু ঘাঁহ।
উ : (a), (c) আৰু (d)
অতিৰিক্ত প্ৰশ্নোত্তৰ
শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
1. তলৰ কোনবিধ পদাৰ্থ জীৱ নিম্নীকৰণ অযোগ্য—
(a) কাঠ।
(b) কাগজ।
(c) কপাহী কাপোৰ।
(d) প্লাষ্টিক।
উত্তৰঃ (d) প্লাষ্টিক।
2. তলৰ কোনবিধ এটা কৃত্ৰিম পৰিৱেশতন্ত্ৰ —
(a) বাগিছা।
(b) পুখুৰী।
(c) হ্রদ।
(d) অৰণ্য।
উত্তৰঃ (a) বাগিছা।
3. তলৰ কোনবিধ জীৱক উৎপাদক বুলিব পাৰি—
(a) বেক্টেৰিয়া।
(b) ভেঁকুৰ।
(c) নীল-সেউজ শেলাই।
(d) তৃণভোজী প্রাণী।
উত্তৰঃ (c) নীল-সেউজ শেলাই।
4. তলৰ কোনবিধ জীৱে বিয়োজকৰ ভূমিকা পালন কৰে—
(a) নীল-সেউজ শেলাই।
b) বেক্টেৰিয়া।
(c) সেউজীয়া উদ্ভিদ।
(d) পৰজীৱী প্ৰাণী।
উত্তৰঃ (b) বেক্টেৰিয়া।
5. স্বপোষী জীৱ বা উৎপাদকবোৰ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত—
(a) প্রথম।
(b) দ্বিতীয়।
(c) তৃতীয়।
(d) চতুর্থ।
উত্তৰঃ (a) প্রথম।
6. তৃণভোজী প্রাণী বা প্রাথমিক উপভোক্তাসমূহ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত—
(a) প্রথম।
(b) দ্বিতীয়।
(c) তৃতীয়।
(d) চতুর্থ।
উত্তৰঃ(b) দ্বিতীয়।
7. সৰু মাংসভোজী প্রাণী বা গৌণ উপভোক্তাসমূহ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত—
(a) প্রথম।
(b) দ্বিতীয়।
(c) তৃতীয়।
(d) চতুর্থ।
উত্তৰঃ (c) তৃতীয়।
8. চতুর্থ পৌষ্টিক স্তৰত তলৰ কোনবোধ প্ৰাণীক ৰখা হয়—
(a) স্বপোষী জীৱ।
(b) সৰু মাংসভোজী প্রাণী।
(c) ডাঙৰ মাংসভোজী প্রাণী।
(d) তৃণভোজী প্রাণী।
উত্তৰঃ (c) ডাঙৰ মাংসভোজী প্রাণী।
9. সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ কিমান শতাংশ শক্তিক আৱদ্ধ কৰি খাদ্য শক্তিলৈ পৰিবৰ্তন কৰে।
(a) 10%
(b) 1%
(c) 90%
(d) 100%
উত্তৰঃ (b) 1%
10. উপভোক্তাৰ এটা পৰ্যায়ৰ পৰা পৰৱৰ্তী পৰ্যায়লৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান হ’ল—
(a) 1%
(b) 20%
(c) 40%
(d) 10%
উত্তৰঃ (d) 10%
পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ
Q. 1. কিছুমান পদার্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কিয় হয়?
Ans. যিবিলাক পদাৰ্থৰ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পর্যায়লৈ পৰিৱৰ্তন হয় তেনেবিলাক পদার্থক জীব নিম্নিকৰণ (Biodegradable) পদার্থ বুলি কোৱা হয়। যিবিলাক পদার্থ এনে জৈৱিক প্ৰক্ৰিয়াৰে সবল পর্যায়লৈ সলনি নহল সেই পদার্থখিনিয়েই হ’ল জীৱ অনিগ্নিকা (Non Biodegradable) পদার্থ। এনে জীব অনিগ্নিকৰণ পদার্থবিলাকেই পৰিবেশত নিষ্ক্রিয় বা সাধাৰণভাবে থাকি যাব পাৰে আৰু ইয়েই পৰিবেশ তন্ত্রৰ জীৱবিলাকক বা কাৰকবিলাকক বিভিন্ন প্ৰকাৰে অপকাৰ কৰে।
Q.2. জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাৰ পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা
Ans. [i] জীৱ নিম্নিকৰণ বস্তু ক্ষয় নোহোৱা কাৰণে মাটিৰ লগত মিহলি নহয়, গতিকে ই মাটিৰ উৰ্বৰাশক্তি কমাই দি পৰিবেশ প্ৰদূষণ কৰে।
[ii] জীৱ নিম্নিকৰণ বস্তুবোৰৰ ওপৰত মাখিবোৰ কণী নিয়ে আৰু মাখিৰ পৰা ৰোগ বিস্তাৰ কৰে।
Q. 3. জীৱ অনিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যি কোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা৷
Ans. [i] জীৱ অনিম্নিকৰণ বস্তুবোৰ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা ক্ষয়প্রাপ্ত নহয় আৰু পৰিবেশতন্ত্ৰত জনা হৈ পৰিবেশ প্ৰদূষিত কৰে। ইয়াৰ ফলত বহু জীবজন্তু মৃত্যুমুখত পৰে।
[ii] এই বস্তুবোৰ জনা হৈ পানী আৰু মাটি প্ৰদূষিত কৰে। যেনে— কীটনাশক দ্ৰৱ্য, প্লাষ্টিক আদি।
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. পৌষ্টিক স্তৰ কি? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।
Ans. জীৱবিলাকৰ ইটোৱে সিটোক ভক্ষণ কৰাৰ ওপৰত ভিত্তি কৰি সিহঁতক শৃংখলিতভাৱে সজোৱা হৈছে। সেই জীৱবিলাকেই বিভিন্ন জীবীয় স্তৰত ভাগ হৈ খাদ্য শৃংখল গঠন কৰে। খাদ্যশৃংখলবোৰৰ মাজত বহুতো শাখা-প্রশাখা থাকে। শাখা-প্রশাখাৰে গঠিত খাদ্যশৃংখল জটিল হয়। এনে জটিল খাদ্যশৃংখলকে খাদ্যজাল বোলা হয়। খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰকেই একোটা পৌষ্টিক স্তৰ হিচাবে গণ্য কৰা হয়।
স্ব-পোষী জীৱ বা উৎপাদকসমূহ হ’ল পৌষ্টিক স্তৰৰ প্ৰথমটো স্তৰ। ইহঁতে সৌৰশক্তিক স্থিৰীকৰণ কৰি সেই শক্তিক খাদ্য শৃংখলৰ আন পৌষ্ঠিক স্তৰৰ উপভোক্তা বা পৰপোষী জীৱবিলাকলৈ বন্টন কৰে। খাদ্য শৃংখলৰ পৌষ্টিক ঔৰবিলাকৰ অন্তৰ্গত তৃণভোজী প্রাণী বা প্রাথমিক উপভোক্তাবোৰ হ’ল দ্বিতীয় স্তৰৰ,
সৰু সৰু প্ৰাণী বা দ্বিতীয়ক উপভোক্তাবিলাক তৃতীয় স্তবৰ আৰু ডাঙৰ প্ৰাণী বা তৃতীয়ক উপভোক্তাবিলাক চতুর্থ পৌষ্টিক স্তৰৰ জীৱ।
Q.2. পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি?
Ans. যিবোৰ অণুজীবই জীৱদেহৰ মৃত অংগৰ পচন ঘটাই মাটিত মিহলাই দিয়ে সেইবোৰক বিয়োজক বোলে। বিয়োজক জটিল যৌগবোৰ ভাঙি সবল অণুত পৰিণত কৰে। এইবোৰ মৃতজীৱী। যেনে- ভেকুৰ, কিছুমান বেক্টেৰিয়া বালানীফৰা আদি। বিয়োজকবোৰে পৰিবেশ বিশুদ্ধ কৰে, মাটিৰ ঊৰ্ধৰা শক্তি বৃদ্ধি কৰে।
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. অজ’ন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্রভাব পেলায়?
Ans. অজ’ন (Ozone) হ’ল অক্সিজেনৰ তিনিটা পৰমাণু দ্বাৰা গঠিত। এটা মৌল ইয়াৰ সংকেত হ’ল O₃
O₂ + O —-→ O₃ (অজ’ন)
পৃথিবীৰ বায়ুমণ্ডলৰ উপৰিভাগত বিভিন্ন গেছ সমূহৰ এটা আৱৰণে পৃথিৱীক বাহিৰৰ মহাবিশ্বৰ বিভিন্ন ধৰণৰ বিষাক্ত ৰশ্মিৰ পৰা ৰক্ষা কৰি থাকে। এই স্তৰৰ অ’জন গেছ সূৰ্যৰ পৰা বিকিৰণ হোৱা অতি বেঙুনীয়া বশ্মি সমূহ পৃথিৱীলৈ অহাত বাধা দিয়ে বিষাক্ত ৰশ্মিসমূহ পৃথিৱীত যদি আহি পৰে তেন্তে জীৱসমূহ ধ্বংস হব পাৰে। এনেদৰে পৃথিবীৰ বায়ুমণ্ডলৰ উপৰিভাগৰ অৰ্জন স্তব পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰক ৰক্ষা কৰি আছে।
Q.2. পেলনীয়া আবৰ্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্রহণ কৰিবা? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা।
Ans. পেলনীয়া পদাৰ্থবোৰৰ সমস্যা দূৰ কৰাৰ বাবে প্ৰয়োগ কৰা দুটা পদ্ধতি হ’ল–
[i] পেলনীয়া পদাৰ্থবোৰ (জাৱৰ) পেলোৱাৰ পূৰ্বে পদাৰ্থবোৰৰ পৰা জীৱক্ষয়িষ্ণু আৰু জীৱ অক্ষয়িষ্ণু বস্তুবোৰক পৃথক কৰিব লাগিব।
[ii] যিবোৰ পদাৰ্থ পুনৰ্বাৰ ব্যৱহাৰ কৰিব পাৰি, সেইবোৰ পদার্থ পৃথক কৰিব লাগে। যেনে– কাগজ, কাঁচ, ধাতু আৰু ৰাবাৰ আদি।
পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰ
Q. 1. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে?
(a) ঘাঁহ, ফুল আৰু চামৰা।
(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক।
(c) ফল মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস।
(d) পিঠা, কাঠ আৰু ঘাঁহ।
Ans. (a). (c) আৰু (d)
Q. 2. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে?
(a) ঘাঁহ, ঘেঁহ আৰু আম।
(b) ঘাঁহ, ছাগলী আৰু মানুহ।
(c) ছাগলী, গৰু আৰু হাতী।
(d) ঘাঁহ, মাছ আৰু ছাগলী।
Ans. (b) ঘাঁহ, ছাগলী আৰু মানুহ ।
Q. 3. তলত উল্লেখ কৰা বিলাকৰ কোনকেইটা পৰিৱেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত?
(a) দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা।
(b) অপ্রয়োজনীয়ভাবে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস।
(c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস।
(d) ওপৰৰ আটাইকেইটা অভ্যাস।
Ans. (a) দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস।
Q. 4. কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব?
Ans. যদি এটা পৌষ্টিক স্তৰৰ সকলো জীৱক ধ্বংস কৰা হয় তেন্তে, পৰবর্তী খাদ্যজালৰ জীৱও ধ্বংস হ’ব। কাৰণ খাদ্যৰ বাবে পৰস্পৰ পৰস্পৰৰ ওপৰত নির্ভৰশীল। ইয়াৰ প্ৰভাৱ পৰিবেশৰ ওপৰত পৰিব।
Q. 5. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাব পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাব পাৰিমনে?
Ans. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক ধ্বংস কৰিলে প্ৰত্যেক পৌষ্ঠিক স্তৰকে তাৰ ফলাফল ভুঞ্জিব লাগিব। এটা পৌষ্টিক স্তৰৰ এটা জীৱক ধ্বংস কৰিলে, ইয়াৰ প্ৰভাৱ জীৱমণ্ডলৰ ওপৰ পৰিব। যেনে– উদ্ভিদ → ফৰিং → ভেকুলী → সাপ → চিলনী। এই খাদ্যশৃঙ্খলত, যদি ফৰিং ধ্বংস কৰা হয়, তেন্তে ভেকুলী জীয়াই থাকিব কিন্তু ঘাঁহৰ পৰিমাণ বৃদ্ধি পাব।
আকৌ, যদি সাপক আঁতৰোৱা হয়, তেন্তে ভেকুলীৰ সংখ্যা বৃদ্ধি পাব। ফলস্বরূপে, জীৱমণ্ডলৰ ওপৰত এটা বেয়া প্রভাৱ পৰিব। গতিকে এটা পৌষ্টিক স্তৰৰ ধ্বংস বা অনিষ্ট হলে সকলোখিনি গৌষ্টিক স্তৰকেই তাৰ ফলাফল ভুঞ্জিব লাগিব।
নহয়, পৰিস্থিতি তন্ত্ৰৰ একো হানি নকৰাকৈ এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱৰ আঁতৰোৱাটো সম্ভৱ নহয়।
Q.6. জৈবিক বিবর্ধক বুলিলে কি বুজা? পৰিস্থিতি ভদ্ভৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্রভাৱ বেলেগ বেলেগ হবনে?
Ans. মাটিৰ উর্বৰাশক্তি বৃদ্ধিৰ বাবে ৰাসায়নিক সাৰ আৰু শস্যৰক্ষাৰ বাবে কীটনাশক দ্রব্য ব্যবহাৰ কৰা যায়। এই বাসায়নিক দ্রব্যবোৰ বৰষুণৰ পানীৰ লগত মাটিত নাইবা জলাশতে জমা হয়। মাটিৰ পৰা উদ্ভিদে পানী আৰু খনিজ পদার্থন মাধ্যমে এই বাসায়নিক পদার্থবোধ শোষণ কৰি লয়। এই প্রকাবে নাসায়নিক দ্রব্যবোধ খাদ্য-জালত প্রবেশ করে। যিহেতু এই ৰাসায়নিক দ্রব্যবোৰ অৱনমনযোগ্য নহয়, সেইকাৰণে খাদ্য-জালত জমা হৈ থাকে। খাদ্য-জালৰ উচ্চস্তৰে মানুহ অৱস্থান কৰে, সেয়ে সৰ্ব্বাধিক বাসায়নিক দ্ৰৱাবোৰ মানুহৰ শৰীৰত জমা হয়। এই ঘটনাক জৈৱিক বিবর্ধক (Biological magnification) বোলে। এই বিবর্ধক বিভিন্ন স্তৰত বিভিন্ন হয়। উচ্চ স্তৰত ইয়াৰ গাঢ়তা সবাতোকৈ বেছী আৰু নিম্নতম স্তৰত এই ৰাসায়নিক পদার্থ কম জমা হয়।
Q.7. আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে?
Ans. জীব অনিম্নিকৰণ পদাৰ্থবোৰ কিছুমান সমস্যাৰ সৃষ্টি কৰে। সমস্যাবোৰ হ’ল—
[i] যিহেতু জীৱ অনিম্নিকৰণ বৰ্জিত বস্তুবোৰক সবলীকৃত পদাৰ্থত বিভক্ত কৰা নেযায়, সেইকাৰণে জীবমণ্ডলত সঞ্চিত হৈ পৰিস্থিতি তত্ত্বৰ ভাৰসাম্যতা ব্যাহত কৰে।
[ii] এইবোৰ ৰোগৰ সৃষ্টি কৰে।
[iii] এইবোৰ জীৱ-বিষয়ক জৈৱিক বিবৰ্ধকৰ সৃষ্টি কৰে।
Q. 8. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলে পৰিবেশৰ ওপৰত একো প্রভাৱ নপৰাকৈ থাকিবনে?
Ans. যদি সকলো আবর্জনা বা বর্জিত পদার্থবোৰ সবলীকৃত পদাৰ্থলৈ পৰিৱৰ্তন কৰি বেলেগ কামত লগোৱা যায়, তেতিয়া সেইবোৰ বৰ্জিত পদাৰ্থবোৰৰ প্ৰভাৱ পৰিবেশেৰ ওপৰত নপৰে। কিন্তু আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোখিনিই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেন্তে ই পৰিবেশেৰ ওপৰত মাৰাত্মক কুপ্রভাৱ বিস্তাৰ কৰিব।
পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ
Q.1. বায়ু, মাটি, পানী আৰু জীৱৰ প্ৰত্যেকৰে বিভিন্ন নিজস্ব ক্রিয়া-কলাপ আৰু পৰস্পৰৰ মাজত থকা সম্পৰ্কৰ সংহতিকে কি বোলে?
Ans. পৰিবেশ।
Q.2. জীৱমণ্ডল কাক বোলে? জীৱৰ বাসস্থান অনুসাৰে কৰা জীৱমণ্ডলৰ ভাগবোৰৰ বিষয়ে লিখা।
Ans. পৃথিৱীৰ যি অংশত জীব থাকে সেই অংশকে জীৱমণ্ডল বোলে। জীৱৰ বাসস্থান অনুসাৰে জীৱমণ্ডলক জলমণ্ডল, স্থলমণ্ডল আৰু বায়ুমণ্ডল এই তিনি ভাগত বিভক্ত কৰা হয়।
জলমণ্ডল: সাগৰ, মহাসাগৰ, নদ-নদী, খাল-বিল, হ্রদ-জলাশয় আদিক লৈ গঠিত হৈছে জলমণ্ডল। জলমণ্ডলত জন্মা জীৱবোৰক জলজ জীৱ বোলে।
স্থলমণ্ডল: পৃথিৱী পৃষ্ঠৰ শিল, মাটি, বৰফ আদিক লৈ গঠিত হৈছে স্থলমণ্ডল। স্থলমণ্ডলত বাস কৰা জীবসমূহক স্থলজ জীব বোলা হয়।
বায়ুমণ্ডল: জল আৰু স্থলমগুলক আৱৰি থকা গেছীয় পদাৰ্থৰ সমষ্টিকে বায়ুমণ্ডল বোলে। বায়ুমণ্ডলত বসবাস কৰা জীৱসমূহক বায়বীয় জীৱ বোলা হয়।
Q. 3. পৰিস্থিতিতন্ত্ৰ বুলিলে কি বুজা? অজৈৱিক আৰু জৈৱিক পৰিৱেশ মানে কি?
Ans. জীৱ, জীৱৰ বাসস্থান আৰু সিহঁতৰ পৰিৱেশক একেলগে পৰিস্থিতিতন্ত্র বুলি কোৱা হয়।
অজৈৱিক পৰিৱেশ: বায়ু-পানী-মাটি আৰু সৌৰশক্তিৰ দ্বাৰা অজৈৱিক পৰিৱেশ সৃষ্টি হয়।
জৈৱিক পৰিৱেশ: কোনো এটা অঞ্চলত বসবাস কৰা সকলোবোৰ প্ৰাণী, চৰাই-চিৰিকটি, আৰু গছ-বন সেই পৰিস্থিতিতন্ত্ৰৰ জৈৱিক পৰিৱেশ।
Q. 4. জৈৱিক পৰিৱেশৰ প্ৰধান উপাদান কি কি? সেইবোৰৰ বিষয়ে বহলাই লিখা।
Ans. জৈৱিক পৰিৱেশৰ প্ৰধান উপাদানকেইটা হ’ল–
[i] উৎপাদক।
[ii] ভক্ষক।আৰু
[iii] বিয়োজক।
[i] উৎপাদক: জীৱমণ্ডলৰ সেউজীয়া উদ্ভিদ হ’ল উৎপাদক। সেউজীয়া উদ্ভিদে সৌৰশক্তিৰ সহায়ত পানী আৰু কার্বন ডাই-অক্সাইডৰ উপস্থিতিত কার্বহাইড্রেট জাতীয় খাদ্য প্রস্তুত কৰে। এই খাদ্য উদ্ভিদৰ দেহত সঞ্চিত থাকে। জীবমণ্ডলৰ বাকী আটাইবোৰ প্ৰাণী এই খাদ্যৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নির্ভরশীল। অর্থাৎ সেউজীয়া উদ্ভিদেই হ’ল উৎপাদক।
[ii] ভক্ষক: যিবোৰ উদ্ভিস আৰু প্ৰাণীয়ে প্রত্যক্ষ বা পরোক্ষভাবে উৎপাদক অর্থাৎ সেউজীয়া উদ্ভিদ ভক্ষণ কৰি জীয়াই থাকে সেইবোৰ ভক্ষ। উদ্ভিদভোজী প্রাণী যেনে-গৰু-ছাগলী, হাতী-যৌবা আদি প্ৰাণীয়ে প্রত্যক্ষভাৱে উদ্ভিদ যাই জীয়াই থাকে। এইবোৰক প্রথম শ্ৰেণীৰ ভক্ষক বোলে। আনহাতে যিবোৰ প্ৰাণীয়ে উদ্ভিদভোজী প্রাণী খাই জীৱন নিৰ্বাহ কৰে সেই প্ৰাণীক মাংসভোজী বোলা হয়। আনহাতে যিবোৰ প্রাণীয়ে উদ্ভিদো খায়, অইন প্রাণীও যায় সেইবোধক সর্বভোজী বোলে। এইবোৰৰ পৰিস্থিতি সাপেক্ষে মুখ্য বা গৌণ ভক্ষক বোলে।
[iii] বিয়োজক: যিবোৰ অণুজীৱই জীবদেহৰ মৃত অংগৰ পচন ঘটাই মাটিত মিহলাই দিয়ে সেইবোৰক বিয়োজক বোলে। বিয়োজক জটিল যৌগবোৰ ভাঙি সৰল অণুত পৰিণত কৰে। এইবোৰ মৃতজীবী। যেনে— ভেঁকুৰ, কিছুমান বেক্টেৰিয়া বালান’কৰা আদি। বিয়োজকবোৰে পৰিৱেশ বিশুদ্ধ কৰে, মাটিৰ উর্বৰা শক্তি বৃদ্ধি কৰে।
Q.5. আবাস মানে কি? সূক্ষ্ম আবাস বুলিলে কি বুজা?
Ans. জীৱসমূহে বাস কৰিবৰ বাবে লগা সকলোবোৰ ভৌতিক পৰিৱেশ থকা নির্দিষ্ট ঠাইকে আবাস বোলা হয়। যেনে– জলমণ্ডল, স্থলমণ্ডল আদি। আবাসস্থলৰ কিছুমান ক্ষুদ্র অঞ্চলক সুক্ষ্ম আবাস বোলে। যেনে— পুখুৰী এটাৰ পানীৰে ওপৰৰ অংশ বা তলিৰ বোকা অংশক সূক্ষ্ম আবাস বোলা হয়।
Q.6. জীব সম্প্রদায় ঝাক বোলে? উদাহৰণসহ বুজাই লিখা।
Ans. পৰিস্থিতিতত্ত্ব এটাত একেলগে বাস কৰা বিভিন্ন আবাদীৰ সমষ্টিকে এটা জীর সম্প্রদায় বোলে। যেনে— পুখুৰী এটাত বসবাস কৰা বিভিন্ন মাছ, জলজ উদ্ভিদ, প্রাণী আদি লগ হৈ জলজ জীৱৰ সম্প্রদায় সৃষ্টি হৈছে।
Q.7. জীৱমণ্ডল, আবাসস্থল পৰিস্থিতিতন্ত্ৰ আৰু আবাদী কাক বোলে বুজাই লিখা৷
Ans. [i] জীৱমণ্ডল: পৃথিৱীৰ যি অংশত জীৱ থাকে সেই অংশকে জীৱমণ্ডল বোলা হয়। পৃথিৱীপৃষ্ঠৰ বায়ু, পানী আৰু মাটি, এই সকলোতে জীবই বাস কৰে। জীবনসাগৰ পৰা 9 কিমি. ওপৰলৈ আৰু 11 কিমি. তললৈ বিস্তৃত।
[ii] বাসভূমি বা আবাসস্থল: কোনো ঠাই জীৱৰ অনুকূল হ’লে সেই ঠাইত বাস। সাপযোগী তেনে ঠাইক বাসভূমি বা আবাসস্থল বোলে। যোন — মাছৰ বাসভূমি পানী, চৰাইৰ বাসভূমি গছ।
[iii] পৰিস্থিতিতন্ত্র: আবাসস্থল, ইয়াৰ বাসিন্দাসমূহ আৰু তাৰ পরিবেশ লগহৈ এটা পৰিস্থিতিতাৰ সৃষ্টি কৰে। যেনে– পুখুৰী, মাছ, জলজ উদ্ভিদ, পানী, পানীত দ্রবীভূত লবণ আৰু অক্সিজেন লগ হৈ এটা পৰিস্থিতিতন্ত্রণ সৃষ্টি হয়।
[iv] আবাদী: কোনো এটা পৰিস্থিতিঘ্নত একেলগে দলবদ্ধভাবে বাস কৰি নিজৰ মাতে বংশ বৃদ্ধি কৰা একে প্রজাতিৰ মুঠ জীব সংখ্যাকে আবাদী বা জীৱসমষ্টি বোলে। প্রত্যেক আবাদীৰ কিছুমান নিজস্ব বৈশিষ্ট্য থাকে। এইবোৰৰ ভিতৰত প্ৰধান হ’ল বংশবৃদ্ধি, বাসভূমির প্রসাৰ আৰু ঘনত্ব।
Q.8. খাদ্যশৃংখল আৰু খাদ্য পিৰামিড বুলিলে কি বুজা?
Ans. খাদ্যশৃংখল: জীবক থাকিবলৈ খাদ্যৰ আৱশ্যক। খাদ্যত নিহিত হৈ থাকে শক্তি। এই শক্তি এটা জীৱৰ পৰা আন এটা জীৱলৈ প্রবাহিত হয়। ইয়াকে খাদ্যশৃংখল বোলে। খাদ্যশৃংখলৰ আৰম্ভণিৰ জীৱবিধ হৈছে উৎপাদক অর্থাৎ সেউজীয়া উদ্ভিদ। উদ্ভিদেই হৈছে সকলো প্ৰকাৰ খাদ্যৰ মূল উৎস। যেনে— ঘাঁহনিৰ ঘাঁহ খাই তৃণভোজী পহু জীয়াই থাকে। আনহাতে পহু খাই জীয়াই থাকে মাংসভোজী প্রাণী বাঘ, সিংহ আদি।
অর্থাৎ সেউজীয়া উদ্ভিদ → পহু → সিংহ, এটা খাদ্যশৃংখল।
এইদৰে, উদ্ভদ → ফৰিং → ভেকুলী → সাপ → চিলনী আন এটা খাদ্যশৃংখল।
■ খাদ্য পিৰামিড: খাদ্যশৃংখলৰ এটা বৈশিষ্ট্য হ’ল ইয়াৰ শীৰ্যভাগলৈ ক্রমান্বয়ে প্রজাতিৰ সংখ্যা হ্রাস হ’বলৈ ধৰে। উদাহৰণ হিচাপে এখন হাবিত থকা উদ্ভিদৰ তুলনাত নিগনিৰ সংখ্যা কম, নিগনিৰ তুলনাত সাপৰ সংখ্যা কম, সাপৰ তুলনাত চিলনীৰ সংখ্যা কম। এইদৰে খাদ্যশৃংখলৰ প্ৰতিনিধিবোৰ পর্যায়ক্রমে অংকন কৰিলে এটা পিৰামিডৰ আকৃতি লয়। ইয়াক খাদ্য পিৰামিড বোলা হয়।
(ক) সেউজীয়া উদ্ভিদক পৰিস্থিতি তন্ত্ৰত কি বোলা হয়?
Ans. সেউজীয়া উদ্ভিদক পৰিস্থিতি তন্ত্ৰত উৎপাদক (প্রাথমিক উৎপাদক) বোলা হয়।
(খ) পৰিস্থিতি তন্ত্র এটাৰ উদাহৰণ দিয়া।
Ans. পৰিস্থিতি তন্ত্রৰ এটা উদাহৰণ হ’ল অৰণ্য।
Q.9 পার্থক্য লিখা:
(ক) উৎপাদক আৰু উপভোক্তা।
(খ) খাদ্য শৃংখল আৰু খাদ্যজাল।
Ans. (ক) উৎপাদক আক উপভোক্তাৰ পার্থক্য—
উৎপাদক
উপভোক্তা
[i] উৎপাদকে খাদ্য প্রস্তুত কৰে।
[i] উপভোক্তাই খাদ্যৰ বাবে উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰে।
[ii] উপভোক্তা নহ’লেও উৎপাদক (গছ-গছনি) জীয়াই থাকিব পাৰে।
[ii] উৎপাদক নহ’লে উপভোক্তা জীয়াই থাকিব নোৱাৰে।
(খ) খাদ্য শৃংখল আৰু খাদ্য জালৰ পার্থক্য–
খাদ্য শৃংখল
খাদ্য জাল
[i] পৰিস্থিতি তদ্ভুত এটা প্রাণীয়ে যেতিয়া আন এটা প্রাণীক যায় তেতিয়া সৃষ্টি হোৱা (পোৱা) শৃংখলক খাদ্য শৃংখল বোলে।
[i] খাদ্যশৃংখল বিভিন্ন পথেৰে অগ্ৰসৰ হোৱাৰ ফলত জীৱৰ পৰস্পৰৰ খাদ্য সংযোজী যি জালৰ সৃষ্টি কৰে সেয়াই খাদ্য জাল।
[ii] খাদ্য শৃংখল খাদ্য জালৰ ওপৰত নির্ভৰ নকৰে।
[ii] একাধিক খাদ্য শৃংখল মিলিত হৈ খাদ্য জালৰ সৃষ্টি কৰে; অর্থাৎ খাদ্য জাল খাদ্য শৃংখলৰ ওপৰত নির্ভৰ কৰে।
Q. 10. কাৰণ দর্শোৱা:
(ক) উৎপাদক অবিহনে এটা খাদ্য শৃংখল সম্পূর্ণ নহয়।
(খ) উদ্যোগ বৃদ্ধিয়ে পৰিৱেশ বিনষ্ট কৰে।
Ans. (ক) উৎপাদক অবিহনে এটা খাদ্য শৃংখল সম্পূৰ্ণ নহয়: এটা পৰিস্তিতি তন্ত্ৰত প্রাণীবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰে খাদ্যৰ বাবে। যিকোনো উপভোক্তাই খাদ্যৰ বাবে তাৰ নিকটতম উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰে। জীৱজগতত খাদ্য উৎপাদন কৰিব পৰা ক্ষমতা একমাত্র সেউজীয়া উদ্ভিদবোৰৰহে আছে। সেই বাবে এইবোৰ উৎপাদক আৰু যিকোনো খাদ্য শৃংখল এই উৎপাদক অবিহনে সম্পূর্ণ নহয়।
(খ) উদ্যোগ বৃদ্ধিয়ে পৰিবেশ বিনষ্ট কৰে: মানৱ সভ্যতাৰ অগ্ৰগতি আৰু জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে উদ্যোগ বৃদ্ধিও ঘটিছে। বিভিন্ন চাহিদা পূৰণৰ বাবে উদ্যোগৰ আৱশ্যক। কিন্তু উদ্যোগ স্থাপনৰ ফলত বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটে। এই প্ৰদূষণৰ ফলতো বহুতো প্রাণী আৰু উদ্ভিদৰ বৃদ্ধিত ব্যাঘাত ঘটে। কিছুমান প্রজাতি ইতিমধ্যে বিলুপ্ত হৈছে। জীৱৰ বৃদ্ধিৰ ব্যাঘাত ঘটিলে খাদ্য শৃংখলত ব্যাঘাত জন্মে আৰু তাৰ কুপ্রভাব পৰিৱেশৰ ওপৰত পৰে; অর্থাৎ পৰিবেশ বিনষ্ট হয়।
Q. 11. কোনবোৰ প্ৰাকৃতিক কাৰকে পৰিবেশৰ অনিষ্ট কৰে? পৰিবেশক ৰক্ষা কৰাৰ কাৰণে আমি কি কৰিব পাৰোঁ?
Ans. আগ্নেয়গিৰি উদ্গীৰণত নির্গত হোৱা ধোঁৱা-ধূলি, গেছীয় পদার্থ ; প্রচণ্ড সৌৰ উদ্গীৰণ (Solar Flare) ৰ বাবে নিৰ্গত হোৱা তীব্র গতিসম্পন্ন ফ’টন কণা আৰু বিজুলী ঢেৰেকণিত নির্গত হোৱা নাইট্রিক অক্সাইড (NO) ইত্যাদি প্রাকৃতিক পৰিঘটনাৰ বাবে অ’জন স্তৰৰ অৱক্ষয় ঘটিব পাৰে।
তলত উল্লেখ কৰা মানুহৰ কিছুমান কার্যকলাপ সীমিত আৰু কিছুমান পদাৰ্থৰ ব্যৱহাৰ ৰোধ বা নিয়ন্ত্রণ কৰিব লাগিব।
[i] ক্ল’ৰক্ল’ৰ কাৰ্বন (বা চমুকৈ CFC)-ৰ ব্যৱহাৰ ৰোধ বা নিয়ন্ত্রণ কৰিব লাগিব।
[ii] পশুধন পালন সীমিতকৰণ কৰিব লাগিব কাৰণ ইতিমধ্যে জানিব পৰা গৈছে যে পশুধনৰ পৰাও যথেষ্ট পৰিমাণে মিথেন (CH₄) নির্গত হয়।
[iii] ঔদ্যোগিক ৰাসায়নিক পদার্থ যেনে ক্ল’ৰ’ফুৰ কাৰ্বন, মিথাইল টেট্রাক্ল’ৰাইড আদিৰ ব্যৱহাৰ বোধ বা নিয়ন্ত্রণ কৰিব লাগিব।
[iv] শস্য পথাৰত ছটিওৱা ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য, অপতৃণ নাশক ভ্রব্য আদিৰ ব্যৱহাৰ ৰোধ বা নিয়ন্ত্রণ কৰিব লাগিব।
[v] অতি দ্রুত গতিৰ আকাশীয়ানত ব্যৱহৃত ইন্ধনৰ দহনৰ ফলত নিৰ্গত গেচীয় পদার্থও অ’জ’ন স্তৰৰ অৱক্ষয়ৰ এক কাৰণ বুলি জানিব পৰা গৈছে। সেয়েহে ইয়াৰ বিকল্প পদ্ধতি উদ্ভাৱন কৰিব লাগিব।
[vi] পৰিমাণবিক পৰীক্ষাত নির্গত হোৱা ধোঁৱা, ধূলি আৰু গেছীয় পদার্থও অ’জ’ন স্তৰৰ অৱক্ষয়ৰ এক কাৰণ বুলি জানিব পৰা গৈছে। সেয়েহে ইয়াৰ পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্ৰত নিয়ন্ত্রণ কৰিব লাগিব।