দানৱ আৰু কিৰাত বংশ ( Danav and Kirat Dynasty ) : মহাভাৰত , পুৰাণ আদি মহাকাব্যত প্রাগজ্যোতিষ দেশক ‘ ম্লেচ্ছ দেশ ’ বা ‘ অসুৰৰ দেশ ’ বুলি বিশ্লেষণ কৰা হৈছে । আর্যসকলে মঙ্গোলীয় প্রভৃতি জাতিৰ লােকসকলক ‘ ম্লেচ্ছ ’ , ‘ দানৱ ’ ‘ অসুৰ আদি বুলি নাম দিছিল । প্ৰাগজ্যোতিষত দানৱ বংশীৰ ৰজাই সর্বপ্রথমে শাসন কৰিছিল । দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম মহীৰঙ্গ দানৱ । গুৱাহাটীৰ দক্ষিণে বেলতলাত ময়ৰংগ নামে এখন পর্বত আছে । মহীৰঙ্গ দানৱৰ নামৰপৰাই পর্বতখনৰ এই নাম হােৱা বুলি বহুতে ক'ব খােজে । ময়ৰংগ মঙ্গোলীয় শব্দ আৰু প্রাচীন কালত বড়াে জাতিৰ মানুহেৰে এই দেশ ভৰি আছিল । ময়ৰংগ শব্দয়েই সংস্কৃত ভাষাত মহীৰঙ্গ হৈছে । মহীৰঙ্গৰ পিছত ক্রমে হাটকাসুৰ , সম্বৰাসুৰ , ৰত্নাসুৰ । দানৱ বংশৰ পিছত কিৰাতবংশীয় ঘটক কিৰাত নামে ৰজাই প্রাগজ্যোতিষত শাসন কৰিছিল । দৰাচলতে , কিতসকলাে মঙ্গোলীয়া জাতিৰেই এটা ভাগ । ত্ৰিপুৰা ৰাজৰ পুৰণি নাম কিৰাত ৰাজ্য আছিল বুলি বহুতে ক'ব খােজে । ঘটক কিৰাত এজন ৰ স্বভাৱৰ ৰজা আছিল ।
উৎস: অসমৰ ইতিহাস চৰ্চা। (নিৰঞ্জন চন্দ্ৰ পাঠক/গুপ্তজিৎ পাঠক)
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।