নৰকাসুৰ আছিল অসুৰ বংশৰ প্ৰথম ৰজা । এইজনকেই প্রাগজ্যোতিৰ ৰাজ্যৰ পুৰণি স্থাপনকর্তা বুলি কোৱা হয় । ঐতিহাসিক দৃষ্টিকোণত নৰকাসুৰ অনার্য অর্থাৎ মঙ্গেলীয় অথবা দ্রাবিড় জাতিৰ লােক আছিল কাৰণে তেওঁক অসুৰ বােলা হৈছিল । পশ্চিমে কৰতােয়া শাস্ত্ৰবােৰত নৰকৰ বিষয়ে বিভিন্ন আখ্যান আছে । কালিকা পুৰাণত নৰকাসুৰৰ উৎপত্তি , তেওঁৰ প্ৰাগজ্যোতিষপুৰ লাভ আৰু শ্ৰীকৃষ্ণৰদ্বাৰা তেওঁৰ বিনাশ আদি কথা পােৱা যায়।নৰকেবিদেহত বা মিথিলাত জনক ৰজাৰ লগত থাকি ডাঙৰ - দীঘল হয় আৰু তাতে থাকি উপযুক্ত শিক্ষকৰ পৰা শিক্ষা লাভ কৰিছিল । প্রাগজ্যোতিষত ৰজা ঘটক কিৰাত বৰ অত্যাচাৰী হৈ উঠাত আৰু প্রজাবিলাকে তেওঁৰ সলনি এজন উপযুক্ত ৰজা বিচৰাত নৰকাসুৰে বিদেহ বা মিথিলাৰ পৰা আহি কিৰাত ৰজাক বধ কৰি ৰাজপাট আৰােহণ কৰে । মিথিলাত কোনাে কাৰণত ৰজাৰ অসন্তুষ্টিৰ বাবে পলাই আহি পূর্বফালে যাত্রা কৰি দেশৰ অৱস্থাৰ সুযােগ লৈ প্ৰাগজ্যোতিষৰ সিংহাসন অধিকাৰ কৰি ৰাজপাটত বহে । ৰজা হােৱাৰ পিছত নৰকে পশ্চিমৰপৰা ব্রাহ্মণ সজ্জন আৰু আর্য জাতিৰ উচ্চ বংশৰ লােক আনি কামৰূপত বহুৱায় । নৰকাসুৰেই প্রথমে নীলাচল পাহাৰত কামাখ্যা দেৱীৰ পূজাৰ হকে মন্দিৰ নিৰ্মাণ কৰিছিল বুলি জনা যায় । প্রথম কালছােৱাত নৰকে বৰ সুখ্যাতিৰে দেশ শাসন কৰি প্ৰজাক আকর্ষণ কৰি ব্রাহ্মণ - সজ্জনৰ প্রতি সুব্যৱহাৰ কৰিছিল । তেওঁ এজন বৰ ধার্মিক ৰজা আছিল । ৰৱৰ্তী সময়ত নৰক একচ্ছত্ৰী ৰজা হৈ আগৰ সংস্কাৰ এৰি ক্রমান্বয়ে দাম্ভিক আৰু অহঙ্কাৰী হৈ আছিল । আগৰ আৰ্য সংস্কাৰ পৰিত্যাগ কৰি আসুৰিক স্বভাৱ ল’লে । ব্রাহ্মণ - সজ্জন প্রতি সম্মান এৰি তেওঁ নিজে পূজা কৰা মাতৃৰূপী কামাখ্যা গােসাইনীকো বিয়াহে কৰাবলৈ বিচাৰিলে । নৰকৰ বিধর্মী কামৰ বাবে আৰু অত্যাচাৰী হােৱাৰ কাৰণে দ্বাৰকাপতি শ্রীকৃষ্ণ দ্বাৰকাৰপৰা আহি যুদ্ধত নৰকক বধ কৰে আৰু পুতেক ভগদত্তক প্ৰাগজ্যোতিষৰ ৰজা পাতে । ঐতিহাসিক দৃষ্টিকোণত ত্রেতা আৰু দ্বাপৰ যুগত একেজন ৰজাই ৰাজত্ব কৰাটো খুব এটা বিশ্বাসযােগ্য বিষয় নহয় । ঐতিহাসিকসকলৰ মতে নৰক নামটো উপাধিহে আৰু কেইবাজনাে ৰজাই নৰক উপাধি লৈ এই অঞ্চলত ৰাজত্ব কৰিছিল । বৈদিক আর্য সভ্যতা আৰু সংস্কৃতিৰ সংস্পশলৈ অহা আৰু কামাখ্যা দেৱীৰ পূজা প্রবর্তন কৰা ধার্মিক নৰক আৰু পিছৰ অনার্য স্বভাৱৰ , দুষ্ট আৰু অত্যাচাৰী নৰক একেজন মানুহ হ'ব নােৱাৰে । দৰাচলতে , পিছৰজন নককহে অসুৰ বা ম্লেচ্ছ বােলা হৈছিল । নৰকাসুৰ যে এজন বৰ পৰাক্ৰমী ৰজা আছিল এই কথা কোনেও অশ্বীকাৰ কৰিব নােৱাৰে । গুৱাহাটীৰ ওচৰে - পাজৰে নথকা নৰকাসুৰ পবর্ত , আদি , গড় আদিয়ে আজিও নৰকাসুৰৰ ইতিহাস ৰক্ষা কৰি আছে । প্রবাদ আছে যে , ধৰিত্ৰী বা ভূমিৰ সন্তানকাৰণেই নৰকৰ বংশক ভৌমবংশ নাম দিয়া হৈছে ।
উৎস: অসমৰ ইতিহাস চৰ্চা। (নিৰঞ্জন চন্দ্ৰ পাঠক/গুপ্তজিৎ পাঠক)
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
নৰকৰ পিছত পুতেক ভগদত্ত ৰজা হয় । অনার্য হলেও ভগদত্তৰ বৈদিক ধর্ম আৰু আচাৰ নীতিৰ প্রতি অনুৰাগ আছিল । মহাভাৰতৰ মতে তেওঁ এজন পৰম বৈষ্ণৱ আছিল । বলবীর্যত তেওঁক ইন্দ্ৰৰ সমকক্ষ বুলি কোৱা হয় । মহাভাৰতত ভগদত্তৰ বিষয়ে জানিব পাৰি । তেওঁৰ জীয়েক ভানুমতীক দুর্যোধনে বিয়া কৰাইছিল । কুৰুক্ষেত্র মহাৰণত ভগদত্তই ষাঠি হাজাৰ সৈন্য আৰু বহু হাতী লৈ কৌৰৱপক্ষত যােগ দিছিল । এই যুদ্ধত মহাপৰাক্ৰমেৰে যুঁজি শেষতে অর্জুনৰ হাতত নিহত হৈছিল । ভগদত্তৰ সৈন্যবাহিনীত কিৰাত আৰু চীনা সৈন্য থকাৰ কথা জানিব পাৰি । কুৰক্ষেত্ৰৰ যুদ্ধৰ সময়ত তেওঁ অতিশয় বয়ােবৃদ্ধ ৷ আছিল । তেওঁৰ দিনত প্রাগজ্যোতিষৰ সীমা বহুদূৰলৈকে বিস্তৃত আছিল আৰু চীন দেশৰাে এটা অংশ এই ৰাজ্যৰ অন্তভুক্ত আছিল । গুৱাহাটীৰ দীর্ঘলীপুখুৰী তেৱেঁই খন্দাইছিল বুলি প্রবাদ আছে । ভগদত্তৰ পিছত তেওঁৰ পুতেক আৰু কিছুমানৰ মতে ভায়েক বজ্রদত্ত প্রাগজ্যোতিষৰ ৰজা হয় । এইজনা বৰ বাম্বলী আৰু প্ৰতাপী ৰজা আছিল । মহাৰাজ যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা ধৰি পাণ্ডর হাতত পৰাজিত হােৱাৰ কথা জানিব পাৰি । বজ্রদত্তৰ পিছৰ ৰজাসকলৰ বিশেষ বিশ্লেষণ এতিয়ালৈকে উদ্ধাৰিত হােৱা নাই । নৰক বংশৰ উনৈশজন ৰজাই ৰাজত্ব কৰাৰ পিছত এই বংশৰ পতন হয় ।
উৎস: অসমৰ ইতিহাস চৰ্চা। (নিৰঞ্জন চন্দ্ৰ পাঠক/গুপ্তজিৎ পাঠক)
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
পুৰণি অসমৰ বহুকেইখন তাম্রলিপিত ভগদত্তৰ উত্তৰাধিকাৰী ৰূপে বজ্রদত্তৰনাম পােৱা যায় । উক্ত লিপিবােৰৰ কেতবােৰত বজ্ৰদত্তক ভগদত্তৰ ভাতৃ আৰু কিছুমানত পুত্ৰ বুলি জানিব পাৰি । বাণভট্টৰ অমূল্য গ্রন্থ হর্ষচৰিতত ভগদত্তৰ পিছত ক্রমে পুষ্পদত্ত আৰু বজ্রদত্ত প্রাগজ্যোতিষৰ ৰজা হয় বুলি উল্লেখ পােৱা যায় । আনহাতে আন কিছুমানৰ মতে , মহাভাৰত যুদ্ধত নকুলৰ হাতত মৃত্যু ঘটা কৃতপজ্ঞ নামৰ ভগদত্তৰ পুত্ৰজনেই পুষ্পদত্ত বুলি জানিব পাৰি । অতএব , ভগদত্তৰ মৃত্যুত পুষ্পদত্তৰ ভাতৃ বজ্রদত্তই প্রাগজ্যোতিষৰ ৰাজপাট লাভ কৰে । বজ্রদত্ত | এজন বলী আৰু প্ৰৱল প্ৰভাৱশালী ৰজা আছিল । উল্লেখযােগ্য যে , কুৰুক্ষেত্ৰৰ ৰণত বিজয়ৰ পৰৱর্তী সময়ত যুধিষ্ঠিৰে নিজকে সম্রাট বুলি ঘােষণা কৰিবলৈ অশ্বমেধ যজ্ঞৰ আয়ােজন কৰিছিল । কিন্তু বজ্রদত্তই পিতৃ ভগদত্তৰ পদ অনুসৰণ কৰি যুদ্ধ নকৰাকৈ যুধিষ্ঠিৰক সম্রাট বুলি স্বীকাৰ কৰা নাছিল আৰু তিনি দিনৰ তয়াময়া ৰণৰ পৰিসমাপ্তিতহে বজ্রদত্তই যুধিষ্ঠিৰৰ সার্বভৌমত্ব স্বীকাৰ কৰিছিল ।
উৎস: অসমৰ ইতিহাস চৰ্চা। (নিৰঞ্জন চন্দ্ৰ পাঠক/গুপ্তজিৎ পাঠক)
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
উল্লেখযােগ্য যে , কামৰূপ ৰাজ্যৰ সৌমাৰ পীঠত থকা কুণ্ডিল্য বা বিদর্ভ শীর্ষক ৰাজ্যত ভীষ্মক নামেৰে এজন ৰজাই শাসন কৰিছিল । সম্প্রতি শদিয়া অঞ্চলেই তেতিয়াৰ বিদর্ভ ৰাজ্য বুলি কোৱা হৈছিল । সেই ৰাজ্যৰ ৰাজধানীৰ নাম আছিল কুণ্ডিল নগৰ । শদিয়াৰ ওচৰৰ কুণ্ডিল নামৰ নদীয়ে বর্তমানেও সেই পুৰণি নামৰ স্মৃতি বহন কৰিছে । শদিয়া নগৰৰ প্রায় চৌব্বিশ মাইল উত্তৰ দিশত দিক্ৰং আৰু দিবাং নৈৰ মধ্যভাগত এতিয়াও এখন পুৰণি নগৰৰ ভগ্নাৱশেষ দেখা পােৱা যায় । দেৱালবােৰ বৰ বেছি ওখ নহয় , সেইবােৰ বৰ ভাল অৱস্থাত আছে । এই দেবালবােৰৰ তলৰ অংশ কাটি উলিওৱা শিলেৰে আৰু ওপৰৰ অংশ ইটাৰে নির্মিত হৈছিল । তাৰ ওচৰতে চাৰিটা বিশাল পুখুৰী আৰু ডাঙৰ পকীঘৰৰ ভগ্নাৱশেষ পৰি আছে । ভাগৱত পুৰাণত ভীষ্মক নামৰ এজন ৰজাৰ বিশ্লেষণ পােৱা যায় । তেওঁৰ ৰাজধানী বিদর্ভ ৰাজ্যত আছিল বুলি কোৱা হয় । বিদভ ৰাজ্য সম্প্রতি বিৰাৰ ৰাজ্যৰ সৈতে একে । কাহিনী মতে ভীষ্মক ৰজাৰ ৰাজ্য বিদর্ভ সৌমাৰ পীঠৰ একেবাৰে পূব দিশত এতিয়াৰ শদিয়া অঞ্চল আৰু তাৰ আশে - পাশে বিস্তৃতভাৱে অৱস্থিত আছিল । প্রাচীন কালত ভীষ্মক নামেৰে দুজন ৰজা আছিল এজনৰ ৰাজ্য আছিল অসমত আৰু আনজনৰ বিৰাৰত । সম্ভৱতঃ দুয়াে হয়তাে একে সময়ৰ নহ'বও পাৰে । সম্প্রতি শদিয়া অঞ্চলত প্রাচীন কালত বিদর্ভ বা কুণ্ডিল ৰাজ্য আছিল । এই ৰাজ্য সৌমাৰ পীঠৰ অন্তত আছিল । ভীষ্মক এই ৰাজ্যৰে ৰজা আছিল । তেওঁ এজন মহা প্রতাপী ৰজা আছিল । তেওঁৰ পাঁচজন পুত্ৰ আৰু ৰুক্মিণী নামৰে এগৰাকী পৰমা সুন্দৰী কন্যা আছিল । রুক্মিণীয়ে দ্বাৰকেশ্বৰ শ্ৰীকৃষ্ণক মনতে পতি বৰণ কৰিছিল । আনহাতে ভীষ্মকৰ জীয়াৰী ৰুক্মিণীৰ ৰূপ আৰু কীৰ্তিৰ কথা শ্রীকৃষ্ণৰাে গম পাইছিল । শ্রীকৃষ্ণয়াে ৰুক্মিণীৰ দৰে সৰ্বগুণী এগৰাকীক নিজৰ পত্নীৰূপে পাবলৈ ইচ্ছা কৰিছিল । ৰুক্মিণীৰ ককায়েক কক্সবীৰ চেদী ৰাজ্যৰ ৰজা শিশুপালৰ সৈতেহে ৰুক্মিণীৰ বিয়াৰ ঠিক কৰিছিল । ৰুক্মিণীয়ে বিয়াৰ দিন ঠিক হােৱা জানি ভীষ্মক ৰজাৰ পুৰােহিত বেদনিধিৰ হতুৱাই শ্রীকৃষ্ণলৈ ভিতৰি খবৰ পঠিয়ালে । শ্রীকৃষ্ণই উক্ত খবৰ পাই সৈন্য - সামন্তসহ দ্বাৰকাৰ পৰা কুণ্ডিল নগৰলৈ যাত্ৰা কৰিলে আৰু বিয়াৰ দিনাখন হঠাতে কুণ্ডিল নগৰীত উপস্থিত হৈ ৰুক্মিণীক স্বয়ম্বৰ সভাৰ পৰা হৰণ কৰি লৈ যাবলৈ ওলাল । ৰুক্মিণীৰ ককায়েক আৰু বিয়াত উপস্থিত থকা ৰজাসকলৰ সৈতে শ্ৰীকৃষ্ণৰ এখন যুদ্ধ লাগে । ৰণত শ্রীকৃষ্ণই বিৰােধী দলক পৰাজিত কৰে আৰু কুণ্ডিল নগৰতে নগৰবাসীৰ আনন্দ - হুলস্থূলৰ মাজতে ৰুক্মিণীক বিয়া কৰাই দ্বাৰকালৈ উভটি যায় । উক্ত ঘটনাক কেন্দ্রবিন্দু হিচাবে লৈ মহাপুৰুষ শ্ৰীশঙ্কৰদেৱে ৰুক্মিণী হৰণ নাটক প্রণয়ন কৰিছিল । সম্প্রতি অসমৰ বিবাহ অনুষ্ঠানত ৰুক্মিণী হৰণৰ গীত - পদ গােৱা শুনা যায় । শদিয়াৰ প্রায় ৪০ মাইল পূবে কুণ্ডিল নৈৰি দাঁতিত এতিয়াও এখন পুৰণি নগৰৰ ভগ্নাৱশেষ দেখিবলৈ পােৱা যায় । শ্ৰীমন্ত শংকৰদেৱৰ ৰুক্মিণীৰ হৰণ নাটত ৰুক্মিণীৰ ঘটনা বর্ণনা কৰা আছে । শ্ৰীকৃষ্ণৰ নাতিয়েক আছিল অনিৰুদ্ধ । অতএব , শ্ৰীকৃষ্ণৰ ৰুক্মিণী হৰণৰ এই ঘটনা নিশ্চয় উদাহৰণৰ আগতে ঘটিছিল ।
উৎস: অসমৰ ইতিহাস চৰ্চা। (নিৰঞ্জন চন্দ্ৰ পাঠক/গুপ্তজিৎ পাঠক)
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
ভাগৱত আৰু বিষ্ণু পুৰাণত বাণ শীর্ষক এজন ৰজাৰ বিশ্লেষণ পােৱা যায় । বাণ শােণিতপুৰৰ বিখ্যাত ৰজা বালিৰ ডাঙৰ পুতেক আছিল । বলিৰ মৃত্যুৰ পিছত তেওঁ শােণিতপুৰৰ ৰজা হয় । শােণিতপুৰ , সম্প্রতি তেজপুৰ বাণ ৰজাৰ ৰাজধানী আছিল বুলি বিভিন্ন কাহিনী আছে । কালিকা পুৰাণত উল্লেখ আছে , যি সময়ত প্ৰাগজ্যোতিষ ৰাজ্যত নৰকে শাসন কৰিছিল । উক্ত সময়ত শােণিতপুৰত বাণ ৰজাই শাসন কৰিছিল । বাণ আৰু নৰক দুয়ােজনৰ সম্পৰ্কবৰ ভাল আছিল । বাণ ৰজা শিবৰ একান্ত ভক্ত আছিল । বাণ ৰজাৰ বহুকেইজন পুত্র আৰু উষা নামে এগৰাকী পৰম ৰূপৱতী কন্যা আছিল বুলি আখ্যানত পােৱা যায় । উষা গাভৰু হােৱাত পিতৃ বাণ ৰজাই উষানগৰ নামে এখন নৱনগৰ সৃষ্টি কৰি তাৰ চাৰিওফালে অগ্নিগড় নামে দুর্ভেদ্য গড় সজাই সুৰক্ষিত কৰি তাৰ ভিতৰত উষাক ৰখাৰ ব্যৱস্থা কৰিলে । অগ্নিগড়ৰ উষাই চিত্রলেখাকে ধৰি আন আন বান্ধৱীসকলৰ সৈতে বাস কৰিছিল । তাৰ ভিতৰলৈ বাহিৰৰ কোনাে পুৰুষে প্রৱেশ কৰিব পৰা নাছিল । অগ্নিগড়ৰ ভিতৰত উষাই পুজা কৰিবৰ কাৰণে ভৈৰৱী দেৱীৰ মন্দিৰ বাণ ৰজাই নির্মাণ কৰিছিল । শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কোঁৱৰে গাভৰু উষাৰ ৰূপ আৰু গুণৰ কথা শুনি তেওঁক পত্নী হিচারে পাবলৈ বিচাৰিছিল । আনহাতে উযাইয়াে অনিৰুদ্ধ কৌৰৱক স্বামী হিচাবে পাবলৈ বিচাৰিছিল । চিত্রলেখা চিত্র বিদ্যাত পাৰ্গত আছিল । তেওঁ দেরতা , ৰজা - মহাৰজা আদি জগতৰ সকলােৰে দৃশ্য আঁকি সখীয়েক উষাক দেখুৱাইছিল । যদুবংশৰ ছবি আর্কোতে অনিৰুদ্ধৰ ছবি দেখি উষাই সখীয়েকক তেওঁ সপােনতে দেখা ডেকাজন বুলি কৈছিল । চিত্রলেখাই নাৰদ মুনিৰ পৰা শিক্ষা লৈ শৈলীৰে দ্বাৰকাৰ পৰা অনিৰুদ্ধ কোঁৱৰক শােণিতপুৰলৈ অনাই অগ্নিগড়ৰ ভিতৰত উষা আৰু অনিৰুদ্ধৰ গন্ধৰ্ব্বমতে বিয়া পাতি দিছিল । অগ্নিগড়ৰ ভিতৰত কেইদিনমান থকাৰ পিছত বাণৰ হাতত অনিৰুদ্ধ কোঁৱৰ বন্দী হ’ল । ককাদেউতাক শ্রীকৃষ্ণই উক্ত খবৰ পাই শােণিতপুৰলৈ যাত্ৰা কৰিলে । বাণৰ লগত শ্ৰীকৃষ্ণৰ এখন ৰণ হ'ল । বাণ ৰজা শিৱভক্ত আছিল । ভক্তকৰক্ষা কৰিবলৈ স্বয়ং মহাদেরেও বাণৰ সপক্ষে শ্রীকৃষ্ণৰ লগত যুঁজ দিলে । অতএব , উক্ত ৰণক হৰি - হৰৰ ৰণ বুলি কোৱা হয় । ৰণত বাণ ৰজা পৰাজিত হ’ল আৰু ভালেসংখ্যকেই মৃত্যুমুখত পৰিল । মানুহৰ তেজ নদী হৈ বৈ গৈছিল । উক্ত সময়ৰে পৰা উষাৰনগৰৰ নাম হ'ল শােণিতপুৰ । সম্প্রতি এয়া তেজপুৰ নগৰ বুলি জনা যায় । যুদ্ধত পৰাজয় বৰণ কৰি বাণে অনিৰুদ্ধক বন্দী অৱস্থাৰ পৰা মুকলি কৰি দিলে আৰু শ্ৰীকৃষ্ণৰ লগত এক সম্পর্ক গঢ়িলে । পৰৱৰ্তী সময়ত শ্রীকৃষ্ণই উষা আৰু অনিৰুদ্ধক দ্বাৰকালৈ নি বিয়া পাতিলে । উক্ত উষ হৰণৰ কাহিনীক কেন্দ্রবিন্দু হিচাবে লৈ অসমীয়া কবি শ্রীচন্দ ভাৰতীয় কুমাৰ হৰণ আৰু পীতাম্বৰ দ্বিজে উষা পৰিণয় নামৰ কাব্য পুথি প্রণয়ন কৰিছে । পুৰণি স্মৃতি আৰু কাহিনীৰে ভৰপূৰ আবৃত্ত তেজপুৰ এতিয়াৰ নগৰ । প্রাচীন তেজপুৰ নগৰৰ ভগ্নাৱশেষ , শিলত কটা মূৰ্ত্তি পুৰণি শিলালিপি আৰু পুখুৰী আদিয়ে এতিয়াও বিৰাজমান । তেজপুৰৰ এমাইলমান পশ্চিমে বাণ ৰজাৰ দিনৰ এটা পুখুৰী আছে আৰু উক্ত অঞ্চলত বাণৰজাৰ মন্ত্রী কুভাণ্ডৰ নাম অনুসৰি কুণ্ড নামৰাে আন এটা পুখুৰী আছে ।
উৎস: অসমৰ ইতিহাস চৰ্চা। (নিৰঞ্জন চন্দ্ৰ পাঠক/গুপ্তজিৎ পাঠক)
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
ভালুক আছিল বাণৰ নাতিয়েক । ভালুকে বালি - পাৰাৰ ওচৰত অকা পাহাৰৰ দাঁতিত ভালুকপুং শীর্ষক অঞ্চলত ৰাজধানী পাতিছিল । সম্প্রতি অকা জাতিৰ মানুহবিলাকে নিজৰ এই ভালুক ৰজাৰ বংশধৰ বুলি ক'ব খােজে
উৎস: অসমৰ ইতিহাস চৰ্চা। (নিৰঞ্জন চন্দ্ৰ পাঠক/গুপ্তজিৎ পাঠক)
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।