কোচৰ প্রাচীনত্ব ঃ আজি কালি কোচ ওৰফে ৰাজবংশী এটা জাতি বা উপজাতি হিচাপে পৰিচিত । সুদূৰ অতীতত ই এটা বৃহৎ গােষ্ঠী বা মহাজাতিহে আছিল আৰু সমগ্র এচিয়া মহাদেশৰ অগ্ৰণী লােক গােষ্ঠী ৰূপে পূবে কম্বােদিয়াৰ পৰা আৰম্ভ কৰি পশ্চিমে এচিয়া মাইন’ৰ , বেবীলন , চিৰিয়া পর্যন্ত বিস্তৃত হৈ পৰিছিল । এওঁলােকৰ পশ্চিম ভাৰতীয় শাখাটোৱে ইউৰােপত প্রথম সভ্যতা বিস্তাৰ কৰিছিল বুলি ঝগবেদ , গ্ৰীচ দেশৰ বুৰঞ্জী আদি বিভিন্ন তথ্য পাতিৰ পৰা সুপ্রমাণিত হৈছে । প্রাচ্য বিদ্যা মহার্ণৱ , সিদ্ধান্ত বাৰিধি , তত্ত্বচিন্তামণি নগেন্দ্র নাথ বসু মহাশয়ৰ ইং ১৯২২ চনত প্রকাশিত Social History of Kamrup বােলা বিখ্যাত গ্রন্থত প্রাচীন কোচ সকলৰ বিষয়ে যিবােৰ গৌৰৱােজ্জ্বল তথ্য - পাতি আছে , সেইবােৰ চিন্তা চচ্চা কৰিলে আজিৰ একবিংশ শতিকাৰ দুৱাৰ দলিত উপস্থিত হােৱা কম্পিউটাৰ কেন্দ্রীক শিক্ষিত যুৱক যুৱতীয়ে হতবাক হােৱাৰ উপক্রম । দেখা যায় ‘ কোচ ' শব্দটো তুলনামূলক ভাবে মধ্যযুগৰ পৰাহে বেছি ব্যৱহৃত । প্রাচীন তথ্য - পাতিৰ পৰা জনা যায় আৰ্য্য পণ্ডিত সকলৰ বিভিন্ন গ্রন্থ সমূহত এই কোচ সকলৰ পূৰ্বপুৰুষ সকল দৈত্য - দানৱ - অসুৰ কালকেয় , নিবাত , কুবাচ আদি নামেৰে ভূষিত হৈছিল । মুঠতে ভাৰতত আৰ্য কৃষ্টিৰ সৃষ্টি আৰু আৰ্য্যলােক গােষ্ঠীৰ উদ্ভৱ হােৱাৰ পিছত প্রাচীন ভাৰতৰ আদিমবাসী সকলক অনাৰ্য্য , দ্রাবিড় আদি নামেৰে মােটামােটি ভাবে চিহ্নিত কৰিছিল আৰু পৰৱৰ্তী কালত আৰ্য্যকৃষ্টিৰ দৃষ্টিত সমাজত বর্ণ বিভাগ হােৱাত প্রাচীন ভাৰতীয় লােকসকলৰ বেছিভাগেই শূদ্র ’ শ্ৰেণীত পৰিণত হৈছিল । এই কোচসকল শূদ্র ' হােৱাৰ পূৰ্বতে অর্থাৎ আৰ্য সমাজ গঠনৰ পূৰ্বতে বৃহৎ বড় অঞ্চলৰ আজিকালিৰ তিব্বত মালভূমিৰ নামনি ভাগৰ আদিম অধিবাসী আছিল । এওঁলােকে লা বড় , হৰ বড় , কোচ - বড় , তি - বড় আদি বিভিন্ন বড় অঞ্চলৰ আদিম বাসিন্দা হােৱাৰ বাবেই সামগ্রিক ভাবে বড়াে অঞ্চলৰ বা বড়াে গােষ্ঠীৰ লােক বুলি জনাজাত । পৰৱৰ্ত্তী কালত ফৈদ হিচাবে মঙ্গোলীয় গােষ্ঠীৰ অন্তর্ভূক্ত হােৱাৰ বাবেই এওঁলােক মঙ্গোলীয় বুলিও অভিহিত । মুঠতে যি সময়ত বড় ' শব্দ বর্ষ ' শব্দলৈ ৰূপান্তৰিত হােৱা নাছিল , যি সময়ত ভাৰত + বর্ষ অর্থাৎ ভাৰতবর্ষ হােৱা নাছিল বৰং জম্বুদীপ হে আছিল , যি সময়ত আজিকালিৰ বাংলাদেশ আৰু পশ্চিমবঙ্গ প্রদেশ অঞ্চল সাগৰৰ গৰ্ভত আছিল , গাৰােপাহাৰ শ্ৰেণীৰ নাম মন্দাচল আছিল , কৰােৱা গঙ্গাৰ ( নদীৰ ) পানী আৰু লৌহিত্য নদীৰ পানী একাকাৰ হৈ পূৰ্ব্ব সমূদ্র বা লােহিত সাগৰ ( Red Sea ) ৰূপে গণ্য আছিল ; সেই সময়তেই বৃহৎ বড় ( অর্থাৎ ভূমি বা বর্ষ ) অঞ্চলৰ আদিমবাসী । সকলেই ক্রমশঃ বিভিন্ন পাৰ্ব্বাত্য দ্বাৰবােৰেদি অর্থাৎ সমগ্র ভূটান ডুৱাচ অঞ্চলেদি আৰু কোছি , গণ্ডকী , মেছি ত্রিস্রোতসি কতােৱা , সােণকোষ , চাম্পা , গাভৰু ( আই ) মানাহ , বেকী , পাগলাদিয়া , বৰনদী , ধনশিৰি , সুবর্ণশিৰি , ডিহিং , ডিবং , বহ্মপুত্র আদি বিভিন্ন নদ - নদীৰ ভটিয়নি পানীবাটে ক্রমে দক্ষিণলৈ নামি আহি বসতি কৰিবলৈ লৈছিল । এই উত্তৰাঞ্চলৰ পৰা বিভিন্ন দলপতিৰ নেতৃত্বত নামি অহা এটা ঠেঙুলিৰ ভিতৰৰ পৰাই পৰৱৰ্তী কালত মহাভাৰতত বর্ণিত কুৰুক্ষেত্র যুদ্ধক্ষেত্ৰত ‘ ঘটোৎকোচ ’ নামৰ বীৰজনা আচলতে ঘাত ফৈদৰ উত্তৰৰ কোচহে ( ঘাত + উৎ + কোচ ) আছিল । সেইদৰে বিখ্যাত শােণিতপুৰৰ মহাপৰাক্ৰমী বাণ ৰজাৰ সেনাপতি মহাব্দুচ জননা কোচ গােষ্ঠীৰেই আছিল । কিৰাতি ঘটক ৰজা জনাে বৃহৎ বড়াে গােষ্ঠীৰেই নৃপতি আছিল । মুঠতে প্রাচীন কামৰূপৰ নৃপতিসকল যে উত্তৰ - পূৱ ভাৰতৰ প্রাচীন কোচৰেই বংশধৰ আছিল , এই গ্রন্থখনিৰ বিভিন্ন অধ্যায়ত সু - প্রমাণিত হৈছে । পূর্ব ভাৰতৰ এই প্রাচীন কোচ সকলক বেদ , ভাগৱত পুৰাণ আৰু বিদেশী পণ্ডিত সকলৰ বৰ্ণনাত ‘ পানি কোচ ’ নামেৰেও উল্লেখিত হৈছিল । ' পানিকোচ ’ উপাধি ব্যৱহাৰ কৰা খিলঞ্জীয়া কোচ মানুহ আজিৰ বিংশ শতিকাতাে প্রাক্তন গােৱালপাৰা জিলাৰ দক্ষিণ পাৰত , গাৰােপাহাৰ জিলাত , শােণিতপুৰৰ বিশ্বনাথ চতিয়া অঞ্চলত বহুতাে আৰু ভাৰতৰ দক্ষিণ পশ্চিম অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু তাৰে পৰাই শেষত এছিয়া মাইনৰ অঞ্চলত গৈ ভূমধ্য সাগৰত , চিৰিয়াত , বেবিলনত পানি সভ্যতা ওৰফে ফানি বা ফানিষ্ক ওৰফে Phoenix সভ্যতাৰ পাতনি মেলিছিল । দেশী - বিদেশী বহুতাে পণ্ডিতৰ লিখিত তথ্যাৱলীত ইয়াৰ উল্লেখ আছে ; বিশেষকৈ পণ্ডিত প্ৰবৰ নগেন্দ্র নাথ বসু মহাশয়ৰ বিখ্যাত গৱেষণা গ্রন্থ Social History of Kamrup নামৰ গ্ৰন্থত । আজিকালি এই পানিকোচ সকলে ' পানি ' পৰিত্যাগ কৰি কেৱল কোচ আৰু অতি সাম্প্রতিক কালত ‘ কোচ ' উপাধিও পৰিত্যাগ কৰি আধুনিক আৰ্য্যমূলীয় উপাধি ব্যৱহাৰ কৰিবলৈ লােৱাৰ ফলত গােষ্ঠী জ্ঞাপক উপাধি প্রায় নাই বুলিলেই হয় । আত্মৰক্ষা আৰু আত্মপ্রতিষ্ঠাৰ বাটত উত্তৰৰ কোচ সকল বিভিন্ন দুৱাৰ বা দ্বাৰ বােৰেদি । কেনেকৈ কামৰূপ কামতা অসমত প্ৰৱেশ কৰিছিল আৰু এইদৰে নামনিলৈ নামি অহাৰ বাটত তেওঁলােক কিমান বিপদ - আপদ , যুদ্ধ - বিগ্রহৰ সন্মুখীন হৈছিল তাৰ দীঘলীয়া ইতিহাস দিয়াটো এই গ্রন্থখনিত সম্ভৱ নহয় । প্রাচীন কামৰূপৰ উত্তৰ পূৰ্বাংশ । পৰা বিস্তাৰ লাভ কৰা প্রাচীন কোচ সকলৰ সংক্ৰান্তত প্রাচীন পন্থী গাঁৱলীয়া কোচ । জনগােষ্ঠীৰ লােকসকলৰ মাজত এটি বেদনা দায়ক লােকগীত ঠায়ে ঠায়ে শুনা গৈছিল । লােকগীতটি তথ্যপূর্ণ হােৱাৰ উপৰিও ঐতিহাসিক দিশত অতি মূল্যবান । লােকগীতটিৰ আৰম্ভণি অংশ এনে ধৰণৰ
“ হলুন লুঙা হাছং
চামন্দং বান্দৰ
কোচা মিঞাও চিঞাও
কোচা আমৈ নাম্প্রঙঔ ... ইত্যাদি ”
সাম্প্রতিক গাৰাে ৰাভা আৰু প্রাচীন পন্থী কোচ সকলৰ ভিতৰত বৰ্ত্তমানে প্রায় অপ্রচলিত এই লােক - গীতটিৰ সৰলীকৃত ৰূপটোৰ অথত তেওঁলােকৰ প্ৰব্ৰজনৰ পথ আৰু বিৱৰণীকে পােৱা যায় । হুলুন ’ নামৰ এটা হ্রদৰ পাৰত থকা এখন ঠাইৰ নাম । বৰ্ত্তমান উত্তৰ - পূৱ চীনৰ মঙ্গোলীয়াৰ এটা ৰেল ষ্টেচন আৰু নগৰ আৰু ইয়াৰ আধুনিক নাম ‘ হুইলা ' , ' লুঙা'ও বর্তমান হােৱাংহাে নদীৰ পাৰত থকা নগৰ আৰু বৰ্ত্তমান নাম ‘ লােৱাঙ ' ; ' হাছং ’ শব্দৰ অৰ্থ ওখ মাটি বা পৰ্বতীয়া ভূমিত বাস কৰা মানুহকো বুজায় । অসমৰ উত্তৰ ভাগত থকা আঁকা নামৰ জনজাতিৰ মানুহবােৰে নিজকে ‘ হাছং ” অর্থাৎ মানুহ বুলি কয় । বর্তমানাে উত্তৰ - পূৱ ভাৰত আৰু বাংলাদেশত ‘ হাজং ’ নামৰ এটা উপজাতি আছে । সাম্প্রতিক বড়াে ভাষাত হা + জৌ = হাজৌ অর্থাৎ ওখ মাটিক বুজোৱা হয় । এই হাজৌৰ পৰাই বৰ্ত্তমান ‘ হাজো ’ নগৰী হৈছে , আৰু ইয়াৰ একালৰ ৰজাজনক ' হাজু ' ৰজা বা শৈলজ ' বােলা হৈছিল । একালত হাজো অঞ্চল কোচ সকলৰ লীলা ভূমি আছিল । চামং আৰু বামন্দং দুখনি ঠাইৰ নাম । বর্তমান অসমৰ তিনিচুকীয়া নগৰৰ উত্তৰত আৰু সদিয়াৰ পৰা প্ৰায় ৫২৫ কিলােমিটাৰ দূৰত অৱস্থিত । চামন্দ আছিল মেকং নদীৰ তীৰৱৰ্ত্তী আৰু আজিকালি ইয়াৰ নাম চাদো । বামন্দং বর্তমান অৰুণাচল প্রদেশৰ অন্তৰ্গত নগৰ বমদিলা ' । ' কোচা মিঞাও চিএাও ’ শব্দৰ অৰ্থ কোচৰ পুৰুষ মানুহ সকল প্রতিপক্ষৰ যুদ্ধত নিহত হৈছিল । ফলত ' কোচা আমৈ ' অর্থাৎ কোচৰ আমৈ সকল ( তিৰােতা সকল ) বিমােৰত পৰিছিল , নাম্প্রঙঔ অৱস্থাত পৰি পথহাৰা উৱাদিহ নােপােৱা হৈছিল । বর্তমান অপ্রচলিত বেদনা বিধুৰ এই লােকগীতটিৰ অন্তৰালত আত্মপ্রতিষ্ঠাৰ বাবে বহুতাে কোচ যােদ্ধাই কিদৰে প্রতিকূল প্ৰকৃতিৰ বিৰুদ্ধে প্রতিদ্বন্দী প্রতিপক্ষৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ নিম্নভূমিলৈ বিস্তাৰিত হৈছিল , তাৰেই কৰুণ সাঙ্কেতিক চিত্র এখনি প্রতিভাত হৈছে এই লােকগীতটিত ।
দক্ষিণ - পশ্চিম এচিয়া আৰু ইউৰােপৰ কোচসকল ঃ পূৰ্ব্বদেশ , প্রাগজ্যোতিষ , প্রাচীন কামৰূপৰ পানি কোচ ওৰফে কোচ সকলে লােহিত সাগৰ অর্থাৎ ব্রহ্মপুত্র নদৰ উপত্যকা অঞ্চলৰ পৰা বিস্তৃত হৈ ক্রমশঃ পশ্চিম ভাৰত হৈ এচিয়া মাইনৰ অঞ্চললৈ একে দিনাই বিয়পি পৰা নাছিল । তেওঁলােক আচলতে তেতিয়াৰ বুদ্ধিজীৱী লােক সমষ্টিৰ অর্থাৎ আৰ্য্য নামক লােক সমষ্টিৰ ষড়যন্ত্রত সিন্ধু নগৰৰ অৱবাহিকা অঞ্চলত থিতাপি ল'বলৈ বাধ্য হৈছিল । সিন্ধুনদৰ অৱবাহিকা অঞ্চলক ৰসাতল ( ৰসা নদীৰ তল ৰসাতল ) বা পাতাল বুলিও আখ্যা দিয়া হৈছিল । এই বসা নদী খােচান অঞ্চল হৈ অৱগন ওৰফে আফগানিস্তান অতিক্রম কৰি সিন্ধুনদৰ মােহনাত মিলিত হৈ যি জলাতন অঞ্চলৰ সৃষ্টি কৰিছিল , সেই অঞ্চলেই হৈছে ৰসাতল ’ বা পাতাল । আৰ্য সকলে অনাৰ্য্য বলি ৰজাক প্ৰতাৰণা কৰি এই পাতাল বা ৰসাতল অঞ্চললৈ । খেদি দিছিল । এয়েই সম্ভৱতঃ বলিচলন বা বামন অৱতাৰৰ মুল কাহিনীৰ পট ভূমি । প্রাচীন কামৰূপৰ শ্ৰেষ্ঠ বণিক বা সদাগৰ চান্দ সদাগৰাে আচলতে পানি কোচেই আছিল । প্রাচীন কামৰূপৰ পানিকোচ ওৰফে কোচসকলৰ একাংশই পশ্চিমৰ সিন্ধু অঞ্চল অতিক্ৰম কৰি ইউৰােপৰ দুৱাৰ মুখস্বৰূপ বেবীলনত , চিৰিয়াত আৰু ভূমধ্য সাগৰ অঞ্চলত পৰাক্ৰমী হৈ উঠিছিল বাবেই তেওঁলােকক পানিক - ফোনিষ্ক ওৰফে Phoe nix সভ্যতাৰ গুড়ি ধৰোতা ৰূপে আৰু ভূমধ্য সাগৰীয় অঞ্চলত দৌৰাত্ম্য কৰিছিল বাবেই এই কোচ সকলক ' বহিঃজগতৰ এক অসুৰৰ দল ’ ( A group of demons from the upper air ) ৰূপে অভিহিত কৰিছিল । এইবােৰ কথা ভাৰতীয় গৱেষক পণ্ডিত সকলৰ উপৰিও গ্ৰীচ দেশৰ খৃঃপূঃ ৫ ম শতিকাৰ অন্যতম বুৰঞ্জীবিদ তথা গৱেষক সাহিত্যিক হিৰেডিটাচৰ গ্ৰন্থতে উল্লেখ আছে । প্রকাশ যে আৰ্য সকলেও আদিতে এই পানিকোচ বা কোচ সকলৰ পৰাই গাে - পালন আৰু দুধ - দৈ - ঘি উৎপাদনৰ জ্ঞান শিকিছিল যে তাৰ প্ৰমাণ ঋক বেদৰ ৪ র্থ অধ্যায় ৫৮ : ৪ পটলত আছে । আৰ্য্য সকলে আদিতে এই কোচ সকলক ধ্বংস কৰিবৰ বাবে সকলাে ধৰণৰ ৰাজস্থা কৌশল অবলম্বন কৰিছিল । আৰ্য সকলে পিতৃমেধ যজ্ঞ কৰাৰ সময়ত যজ্ঞাগ্নিত প্রথম আহুতি প্রদানৰ সময়ত মন্ত্র উচ্চাৰণ কৰিছিল- “ হে দেৱতাৰ শত্ৰু কোচ সকল ( পানিকোচ ) ! তােমালােক ধ্বংস হােৱা ( অপেতাে ইয়ংতু পনয়ােমুম্বাৱা দেববাপিয়ববাঃ । ঋগ্বেদ ; বাৎসায়ন সংহিতা ৩৫ : ১ ) । এয়ে আছিল কোচৰ অতীতৰ । বেদনা বিধুৰ কাহিনীৰ পটভূমি ।
আন আন জনজাতিৰ সৈতে সম্পর্ক : সাম্প্রতিক কালৰ কোচ - ৰাজবংশী সকলৰ উৎপত্তি আৰু বিৱৰ্ত্তনৰ বিভিন্ন দিশ প্রাচীন আৰু আধুনিক তথ্যাৱলীৰ ওপৰত নিৰ্ভৰ কৰি এই গ্রন্থখনিৰ কেবাটাও অধ্যায়ত আলােচনা কৰা হৈছে । গতিকে এই কোচ ৰাজবংশী সকলৰ সৈতে আনগােষ্ঠীৰ সম্পর্ক কিমান নিবিড় , তাৰাে এটি থুলমুল পৰিচয় দিয়াটো উচিত বুলি ভাবি তলত কিছু আলােচনা কৰা হ'ল । সৰ্ব্ব প্রথমতে কোচৰ সৈতে কোচাৰিৰ সম্পৰ্কৰ কথাকেই ধৰা যাওক । শব্দতত্ত্ব আৰু ভাষাৰ দিশৰ পৰা দেখা যায় কোচ ’ শব্দৰ লগত ‘ হাৰি শব্দৰ যােগত কোচাৰি হােৱাত কোনাে আপত্তি নাই । বড়াে ভাষাত ‘ হাৰি ' শব্দৰ অৰ্থ বংশধৰ । গতিকে কোচাৰি সকল কোচৰেই বংশধৰ অর্থাৎ সমগগাষ্ঠীয় । ইয়ার এটা ভৌগােলিক ব্যাখ্যাও আছে । পৃথিৱীৰ মুধচ বা মানুহৰ আদিম বাসস্থান ৰূপে পৰিজ্ঞাত তিব্বত অঞ্চলত থকা বিভিন্ন বড় অঞ্চলৰ পৰা ক্ৰমে দক্ষিণৰ নামনিলৈ নামি অহা বৃহৎ বড়াে গােষ্ঠীৰ মানুহ বিলাকে প্রয়ােজনৰ তাগিদাত বৰ অসমলৈ বা ভূটান দুৱাৰ অঞ্চললৈ নামি অহাৰ সময়ত উত্তৰ বিহাৰৰ মাজেদি ক্রমে দক্ষিণলৈ ৰৈ থকা বিখ্যাত কোচি বা কুশি নদীৰ ভটিয়নী পানী বাটে নামি আহিছিল আৰু কোচি নদীৰ দুয়ােপাৰে প্লাবিত হােৱাৰ ফলত সাৰুৱা হােৱা দুয়ােকুলে বসবাস কৰি থকা কোচ মানুহবিলাকৰ বৃদ্ধি হােৱাত তাৰেই এটি ঠেঙুলি কোচি নদীৰ পূৰ্বাংশত থকা মেছি নদীৰ পাৰলৈ গুছি আহিছিল । এই মেছি নদীৰ পাৰত নতুনকৈ বসবাস কৰি থকা পূৰ্বৰ কোচৰ বংশধৰ সকলেই ‘ কোচাৰি ' নাম পায় । আনহাতে এই কোচাৰি সকলে মেছি নদীৰ পাৰত বসবাস কৰাৰ বাবেই পৰবৰ্তী কালত এই চাম মানুহ ‘ মেছ ' নামে পৰিচিত হয় । সেয়ে ‘ মেছ ’ নামৰ কোচাৰি মানুহ কেৱল পূৰ্বৰ গােৱালপাৰা জিলা আৰু পশ্চিমে কোচবিহাৰ জলপাইগুড়ি , মালদা , দিনাজপুৰ , পূর্ণিয়া অঞ্চলতে প্রধানতঃ দেখিবলৈ পােৱা গৈছিল । অসমৰ অইন অইন জিলাত যদিহে ‘ মেছ ’ মানুহ আছে , তেন্তে তেওঁলােক উক্ত পশ্চিম অসমৰ বা প্রাক্তন কোচবিহাৰ ৰাজ্যৰ পৰাই প্রব্রজিত হােৱা । ১৬ শ শতিকাত মহাৰাজ বিশ্বসিংহৰ দিনত বেছিভাগ কোচেই আনুষ্ঠানিক আৰু সদৰি ভাবে হিন্দু । মতবাদত দীক্ষিত হৈ আৰ্য্যকৃষ্টিৰ ধাৰক পালক আৰু বাহকৰ ভূমিকা লােৱাৰ ফলত কোচ সকলে নিজৰ ভাষা কৃষ্টি পােষাক - পাতি এৰি দি প্রথম শ্রেণীৰ হিন্দুত পৰিণত হয় আৰু আৰ্য্যাচাৰ গ্ৰহণ কৰি ৰাজাৰ বংশধৰ হিচাপে অৱেশষত নিজকে ক্ষত্রিয় । বুলি পৰিচয় দানে গৌৰৱ অনুভৱ কৰে । এই কোচসকল ক্ষত্রিয় হােৱাৰ ক্ষেত্ৰত তােষামােদকাৰী বুদ্ধিজীৱীসকলৰ ভাষাৰ লিখিত গ্রন্থাৱলীও কম দায়ী নাছিল । যি সকল কোচে আৰ্য্যক্ষত্রিয়ত পৰিণত হৈছিল , তেওঁলােকৰ তুলনাত আৰ্য্যাচাৰ গ্রহণ নকৰা কোচ বা মেছ সকলে নিজৰ পূৰ্বৰ ভাষা কৃষ্টি ৰীতি - নীতিক আঁকোৱালি থাকিল , যদিও কোচ - কোচাৰিসকল মূলতঃ একেই । মেছ ' শব্দৰ সৃষ্টি সংস্কৃত শ্লেছ'ৰ পৰা উদ্ভৱ হােৱা নাই ঃ ই বুদ্ধিজীৱী সকলৰ অপব্যখ্যাহে । সেইদৰে ৰাভাসকলাে কোচৰেই বংশধৰ । ' ৰাভা ' শব্দটোৰ উৎপত্তি হৈছে আটং গাৰাে সকলৰ ভাষা ‘ বাবা ’ বা ' ৰাৱা ' শব্দৰ পৰা । ' বাবা ' শব্দৰ প্রকৃত অর্থ ‘ আমন্ত্রিত । আটং গাৰাে সকলে ব্রহ্মপুত্র নদৰ উত্তৰ পাৰৰ পৰা কোচ গােষ্ঠীৰ বহুতাে লােকক দক্ষিণ পাৰত থকা গাৰাে বস্তী অঞ্চললৈ আমন্ত্রণ কৰি নিছিল । এই আমন্ত্রণ কৰি নিয়া লােকসকলক পূৰ্বৰ গাৰাে সকলে সহজতে চিনাক্ত কৰিবৰ বাবে ৰাবা ' নামে অভিহিত কৰিছিল । এই ‘ বাবা ’ শব্দৰ পৰাই উচ্চাৰণৰ বিৱৰ্ত্তনৰ ফলত ৰাভা হয়গৈ আৰু ৰাভা সকল সময়ত এটা উপগােষ্ঠীত পৰিণত হ'বলৈ পায় । আচলতে এওঁলােক পূৰ্বতে কোচেই আছিল । আটং গাৰাে সকলে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা কোচ পুৰুষ বহুতকেই আমন্ত্রণ কৰি নিয়াৰ অৱশ্যে এটা ঐতিহাসিক কাৰণ আছিল । সংক্ষেপে ক'বলৈ হ'লে আত্মপ্রতিষ্ঠা আৰু আত্মৰক্ষাৰ নিৰ্মৰ্ম সংগ্ৰামত পাহাৰৰ টিলাত বসবাস কৰা গাৰাে সকলৰ বিশেষকৈ আটং গাৰাে সকলৰ সৈতে পাহাৰৰ সাৰুৱা জীপাল ঘােলাঘুলি বােৰত খেতি - বাতিৰ সুচল থকা ঘােপা বা গুহা বাসী গাৰাে সকলৰ নিতান্ত অর্থনৈতিক কাৰণত অতি ভয়ানক আৰু দীর্ঘদিনীয়া ৰক্তাক্ত সংগ্রাম হৈছিল । ইয়াৰ ফলত বহুতাে । সমর্থবান পুরুষ মানুহৰ ক্ষয় হৈছিল বাবেই খেতি - বাতি , কাম কাজ আৰু সমাজ পাতনিৰ বাবে মাতৃ প্রধান গাৰাে সকলে একে গােষ্ঠীৰ পুৰুষ মানুহকেই নিমন্ত্রণ কৰি নিবলৈ বাধ্য হৈছিল । এই ভয়ানক যুদ্ধৰ তিক্ত , স্মৃতি গাৰােপাহাৰৰ পুৰণি মানুহবােৰৰ স্মৃতিত আজিও বিদ্যমান আৰু উক্ত ঘটনা বর্তমান সাধু বা উপকথাত পৰিণত আৰু প্রচলিত । সেয়ে ৰাবাৰ পৰা ৰাভাত পৰিণত হােৱা উপজাতিৰ লােকৰ সৈতে কোচ সকলৰ বিয়া বাৰু আজিও প্রচলিত । বৃটিচৰ যুগত আনকি স্বাধীন ভাৰততা বহুতাে কোচ ডেকাই ' ৰাভা ' উপাধি গ্রহণ পূর্বক ভাৰতীয় সৈন্য বাহিনীত নাম ভৰ্ত্তি হােৱাৰ উদাহৰণ প্ৰচুৰ আছে । মুঠতে কোচ আৰু ৰাভাৰ মাজত মৌলিক কোনাে পার্থক্য নাই । এতিয়া দেখা যাওঁক গাৰাে সকল প্রকৃততে কোন ? একে আষাৰতে ক'ব পাৰি । এই গাৰাে সকলাে আচলতে নৃতত্ত্ব , গােষ্ঠীগত আৰু কৃষ্টিগত ফালৰ পৰা পানি কোচ বা কোচৰ পৰা পৃথক নাছিল আৰু নহয় । আচলতে গাৰােপাহাৰৰ নামটো বেছিদিনৰ প্রাচীন নহয় । ইয়াৰ পূৰ্বৰ নাম আছিল মন্দাচল পৰ্বতমালা । পূৰ্বতে কোচ সকলেই । ইয়াত ৰাজত্ব কৰিছিল আৰু তেওঁলােকৰ প্রাচীন নেতাজনৰ নাম আছিল গাৰা কোচ । এই গাৰা কোচৰ নামৰ পৰাই অৱশেষত গাৰাে পাহাৰৰ নামকৰণ কৰা হয় আৰু আন । এজন বিখ্যাত নেতা ডুৰা কোচে যি খণ্ড ঠাইত কিল্লা বা দুর্গ নির্মাণ কৰিছিল , সেয়ে । ডুৰা কোচৰ কিল্লা নামেৰে জনাজাত । উক্ত অঞ্চলৰ থলুৱা কোচ সকলৰ উচ্চাৰণত ‘ ডুৰা ' শব্দটো তুৰা'ত পৰিণত হােৱাৰ ফলত সদৰ ঠাই ডুৰা আজিকালি ' তুতি পৰিণত হৈছিল । গাৰােপাহাৰ অঞ্চলৰ বিভিন্ন পুঞ্জী বা টিলাত বিভিন্ন মাতৃৰ আশ্ৰয়ত যি লােক সমষ্টি গঢ়ি উঠিছিল , সেইসকলক এওঁলােকৰ থলুৱা ভাষাত মান্দাই বা মানদেহ অর্থাৎ মানুহ বুলি কোৱা হৈছিল । বিভিন্ন শ্রেণীৰ মান্দাই বা পাহাৰীয়া মানুহবােৰৰ ভিতৰত , কোচ আৰু ৰাভা সকলৰ ভিতৰত সৌ সিদিনালৈকে অর্থাৎ ইংৰাজ অহাৰ আগ পর্যন্ত এটা নিবিড় আৰু সু - সম্পর্ক আনকি বিয়াবাৰুও হৈছিল । গাৰােপাহাৰ অঞ্চল বা পূৰ্বৰ মন্দাচল অঞ্চলৰ বিভিন্ন পাহাৰীয়া টিং বা টিলাত যিবােৰ লােক বাস কৰিছিল ; তেওঁলােকে পাহাৰত উঠা - নামা কৰাৰ বাবে দুয়ােখন হাত মুকলি ৰাখিব লগা হৈছিল । গতিকে মাল বস্তু বা সৰু সৰু ল'ৰা - ছােৱালীবােৰক কঢ়িয়াবৰ বাবে পিঠিত বােকোচা বা বােকা বান্ধি হাত দুখনি মুকলি কৰি ৰাখিছিল । এই দৃশ্যটোকেই কবি কল্পনাত আৰ্য্য পণ্ডিত সকলে সংস্কৃত ভাষাত পৰ্বতৰ টিঙত বাস কৰা মানুহবােৰকেই গৰুড় চৰাই ৰূপে চিত্রিত কৰিছিল । সেই পাহাৰৰ ঘােপা ঘােলা - ঘুলিত বসবাসকাৰী লােক সকলক গুহাবাসী সৰ্পৰ সৈতে তুলনা কৰিছিল । আৰু মহাভাৰতত উল্লেখিত গৰুড় আৰু সৰ্পৰ যুদ্ধখন অঙ্কিত কৰিছিল । এই সন্দৰ্ভত জৰুকাৰ মুনিৰ সৰ্পৰ্যজ্ঞৰ কথা বিশেষ প্রণিধানযােগ্য ।
এইদৰে সমগ্র গাৰাে পাহাৰ শ্ৰেণীৰ পূর্ব ভাগত থকা ক্রমে কোচিয়া । ( কোচ + ইয়া ) ওৰফে খােচিয়া বা খাচিয়া সকলে য'ত বসবাস কৰিছিল , সেই অঞ্চলটোত এসময়ত কচ বা খচ ৰাজ্য নামে জনাজাত আছিল । আধুনিক কালত কোচিয়া , জয়ন্তীয়া , লালুং , মিছিং , দেউৰী , হাজং , মদাহী , প্রাক্তন চুতিয়া আদি সকলাে এসময়ত বৃহৎ কোচ গােষ্ঠীৰেই অন্তর্ভূক্ত আছিল । সুমা অর্থাৎ বৰবত্র নদীৰ পৰা আৰম্ভ কৰি সমগ্ৰ সুৰমা উপত্যকা তথা পার্বত্য চিটাগঙ্গা পর্যন্ত অঞ্চলত যিবােৰ আদিম বাসী আছিল আনকি ‘ মগেৰ মুলুকেৰ দেশ ’ অর্থাৎ মগ জাতীয় লােকৰ প্রাধান্য থকা বৌদ্ধ মতাৱলম্বী লােক সকলাে বিশেষকৈ চাঁদগয়া বা চট্টগ্রামৰ পৰা আধুনিক অসমলৈ আহি বসবাস কৰা মগ আৰু বৰুৱা বৌদ্ধ সকলেও নিজকে কোচ ৰাজবংশী গােষ্ঠীৰ লােক বুলি পৰিচয় দিয়ে । সাম্প্রতিক অসম বেঙ্গলত বসবাস কৰা বৰুৱা - মগ - বৌদ্ধ সঙঘই কেন্দ্রীয় চৰকাৰ আৰু অসম বেঙ্গল চৰকাৰলৈ প্রদান কৰা স্মাৰক পত্ৰ বােৰত তেওঁলােকে নিজকে ৰাজবংশী পিতৃ আৰু ব্ৰহ্মদেশৰ মাতৃৰ । মিলনত হােৱা বংশদ্ভৱ বুলি উল্লেখ কৰিছে । কোচ মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ৰ দেশ বিজয়ৰ সময়ত উজনি অসম আৰু ত্ৰিপুৰা মণিপুৰ আদি অঞ্চলত যিবােৰ । কোচ - ৰাজবংশী যােদ্ধা গৈছিল , সেইবােৰৰ বহুতেই নিজ দেশলৈ উভতি নাহি বিজিত দেশ বােৰতেই স্থানীয় তিৰােতাৰ সৈতে ঘৰ - সংসাৰ কৰি থাকিছিল বাবে কোচ ৰাজবংশী গােষ্ঠীৰ লােক সমগ্ৰ উত্তৰ পূৰ্ব্ব ভাৰতত দেখা পােৱা যায় । কোচ ৰাজবংশী সকলৰ এই বাস্তৱ বিস্কৃতিক অৱজ্ঞা কৰিব নােৱাৰি । আৰ্য্যাচাৰৰ উপাসক , পূজা - পদ্ধতি আৰু সমাজ ব্যৱস্থাৰ পৃষ্ঠপােষক বুদ্ধিজীৱী পুৰােহিত শ্ৰেণীটোৱে সেয়ে অৱশেষত কোচলৈ উন্নীত হােৱাৰ এটা শাস্ত্রীয় ব্যৱস্থা দিছিল । ব্যৱস্থাটো আছিল মদাহী লালুং - কোচাৰি ইত্যাদি বিভিন্ন উপজাতিৰ লােকক প্রথমতে শৰণ ভােজন । কৰাই ‘ শৰণীয়া কৰি লৈছিল । ইয়াৰ পিছত এই শৰণীয়া সকলক কোচলৈ উন্নীত কৰিছিল । শেষত এই কোচ সকলকো পুনৰায় সংস্কাৰ সাধন কৰাই সম্পূর্ণ আৰ্য্যশ্রেণীলৈ উন্নীত কৰি ৰাজবংশী আৰু ক্ষত্রিয় শ্রেণীলৈ প্রমােচন দিছিল । এই ব্যৱস্থাৰ সমর্থন দাঙি ধৰে সাম্প্ৰতিকে সামাজিক আন্দোলন চলাই থকা সদৌ অসম “ কোচ - ৰাজবংশী ক্ষত্রিয় ” সন্মিলনীৰ নামাকৰণটোৱেই । সেইদৰে উত্তৰৰ ভূটান আৰু নেপালৰ আদিমবাসী নেৱাৰ , তামাং , লিম্বু , জাথা আদি উপগােষ্ঠীৰ লােক সকলৰ সৈতেও কোচৰ অতি নিবিড় সম্পর্ক আছিল আৰু দেশী - বিদেশী পণ্ডিত সকলেও কোচ সকলক তেওঁলােকৰ সমগােষ্ঠীয় বুলি মন্তব্য দাঙি ধৰিছে । তলত দেশী বিদেশী বহুতাে পণ্ডিতৰ কেতবােৰ উক্তি দাঙি ধৰা হ'ল ; যাৰ দ্বাৰা কোচ আৰু অন্যান্য উপগােষ্ঠীৰ লােকৰ সু - সম্পর্কৰ ইঙ্গিত পােৱা যায় । এই বৃহৎ কোচ মহাগােষ্ঠীৰ - যাৰ প্রাচীন প্রভাৱ পূৱে সুদূৰ কাম্বােদিয়াৰ পৰা আৰম্ভ কৰি পশ্চিমে আৰৱ পৰ্য্যন্ত , উত্তৰে হিমালয়ৰ পাদদেশৰ পৰা আৰম্ভ কৰি দক্ষিণে সাগৰলৈকে বিস্তৃত থকাৰ বাবে বৃহৎ কোচ মহাগােষ্ঠীৰ আৰাধ্য দেৱতা মহাদেৱ ওৰফে শিৱ আৰু দেৱী পার্বতী ওৰফে দুর্গা , সতী ইলাৱতীৰ প্ৰভাৱ দেখা গৈছিল । পৰৱৰ্তী কালত বৌদ্ধ , খৃষ্টান , মুছলমান আৰু ব্রাহ্মণ্যবাদৰ বিস্তৃতি ঘটাত মহাদের পার্বতীৰ প্ৰভাৱ স্নান হােৱাৰ লগে লগে কোচ সকলাে ছিন্ন ভিন্ন হৈ আপােন পাহৰা আৰু চিনিব নােৱাৰা হৈ পৰে ।
লেখক: খাঁ চৌধুৰী আমানতউল্লা আহমদ।
অনুবাদ: অঞ্জন শৰ্মা।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।