১৭৮৯ চনত ফ্রান্সত যি বিপ্লৱ সংঘটিত হৈছিল সেই বিপ্লৱ ফৰাচী বিপ্লৱ হিচাপে পৰিচিত । এই বিপ্লৱ বিশ্বৰ ইতিহাসৰ এক যুগান্তকাৰী ঘটনা । এই বিপ্লৱ ফ্রান্সত আৰম্ভ হৈছিল যদিও ইয়াৰ প্ৰভাৱ সমগ্র ইউৰােপতে পৰিছিল । এই বিপ্লবে ফ্রান্সৰ লগতে সমগ্র ইউৰােপৰে সামাজিক , অর্থনৈতিক , ৰাজনৈতিক , সাংস্কৃতিক আদি সকলাে দিশতে আমূল পৰিৱৰ্তন আনিছিল । এই বিপ্লৱে ইউৰােপত এক নতুন যুগৰ সূচনা কৰিছিল । এই বিপ্লৱৰ প্ৰধান বাণী “ স্বাধীনতা , সমতা আৰু ভাতৃত্ব'ই ( Liberty , Equality and Fraternity ) ইউৰােপক আধুনিক যুগৰ ফালে আগুৱাই নিছিল । ফৰাচী বিপ্লৱে কেবল ইউৰােপৰ দেশসমূহতে প্রভাৱ পেলােৱা নাছিল , সমগ্র বিশ্বতে এই বিপ্লৱৰ প্রভাৱ সুদূৰ প্ৰসাৰী আছিল । সেই সময়ৰ ফ্ৰান্সৰ শাসনকর্তা ষষ্ঠদশ লুই আৰু তেওঁৰ পত্নী ৰাণী মেৰী এন্টনিয়েটৰ ( Louis xvi and Queen Marie Antoniette ) শাসনত অতীষ্ঠ হৈ ফ্রান্সৰ জনসাধাৰণে এই বিপ্লৱৰ আৰম্ভণী কৰিছিল । অৱশ্যে এই বিপ্লৱে হঠাতে সংঘটিত হােৱা তথা প্রতিষ্ঠিত শাসনৰ বিৰুদ্ধে হঠাতে কৰা এক বিক্ষোভ নাছিল । বছৰ ধৰি চলা ৰাজনৈতিক , সামাজিক , অর্থনৈতিক আদি বৈষম্যৰ ফলত পঞ্জীভূত ক্ষোভৰ বহির্ঘকাশ হিচাপে এই বিপ্লৱৰ সূচনা হৈছিল , কাৰণ বিপ্লৱৰ পৰিধি অতিশয় বিশাল ) বহুক্ষেত্ৰত বিদ্রোহ আৰু বিপ্লৱ একাকাৰ হৈ পৰিলেও প্রকৃততে দুয়ােৰে লক্ষ্য , আদর্শ আৰু পৰিকল্পনাৰ যথেষ্ট পার্থক্য দেখিবলৈ পােৱা যায় । বিদ্রোহ সমূহ বিশেষ পৰিস্থিতিত তথা বিশেষ নির্দিষ্ট কাৰণত কোনাে ভৌগােলিক পৰিসীমাৰ ভিতৰত সংঘটিত হয় । কিন্তু বিপ্লৱ এক ব্যাপক অথত বাৱহাৰ হয় । বিপ্লৱৰ লক্ষ্য ৰাজনৈতিক , অর্থনৈতিক , সামাজিক তথা সাংস্কৃতিক পৰিবৰ্তন । বিদ্রোহ কোনাে সাময়িক উত্তেজনাৰ ফলত হঠাতে সংঘটিত হােৱাৰ লগতে ইয়াৰ প্ৰভাৱ সীমিত হয় । আনহাতে বিপ্লৱ দীর্ঘদিনীয়া ক্ষোভ , হতাশা , শােষণ , নির্যাতন , বঞ্চনা আদিৰ ফলত হয় আৰু ইয়াৰ প্রভাৱ সুদূৰপ্ৰসাৰী । বিপ্লৱত সকলাে মানুহৰ স্বতঃস্ফূর্ত সহাৰি থাকে । বিপ্লৱে কোনাে । এখন দেশৰ ৰাজনৈতিক , অর্থনৈতিক , সামাজিক আৰু সাংস্কৃতিক দিশত আমূল পৰিৱর্তন আনি এক নতুন সমাজ প্রতিষ্ঠা কৰে , খৃঃ ষষ্ঠদশ শতিকাৰ পৰাই বুৰবন বংশৰ ( Bourbon dynasty ) ৰজাসকলে ফ্রান্সত শাসন চলাইছিল । কিন্তু এই বংশৰ সম্রাট চতুর্দশ লুইৰ ( Louis xiv ) উত্তৰাধিকাৰী সকল ক্রমে দুর্বল আৰু অকমৰ্ণ হৈ পৰিছিল । বিশেষকৈ ফ্ৰান্সৰ সম্রাট ষষ্ঠদশ লুই ( Louis xvi ) আছিল অত্যন্ত অকামিলা , দুর্বল আৰু বিলাসী । ফ্রান্সত এনে দুর্বল শাসকসকলৰ সুবিধা লৈ দুর্নীতিপয়ন তথা WICHTIO ( Corrupted and Burocratic administrative system ) শাসনতন্ত্র অতিশয় শক্তিশালী হৈ পৰিছিল । বহুবছৰ ধৰি চলা ফ্ৰান্সৰ এনে শাসন । ব্যৱস্থাই জনসাধাৰণক অতীষ্ঠ কৰি তুলিছিল । ফ্রান্সৰ ৰাজনৈতিক ক্ষেত্ৰত বহুবছৰ ধৰি যাজক আৰু অভিজাত শ্রেণীয়ে আধিপত্য বিস্তাৰ কৰিছিল । তেওঁলােকে সামাজিক ক্ষেত্ৰতত অধিক সুবিধা লাভ কৰি সামাজিক বৈষম্যৰ সৃষ্টি কৰিছিল । এনেদৰে উচ্চশ্রেণীৰ লােকসকলে সকলাে সুবিধা লাভ কৰাৰ ফলত অর্থনৈতিক ক্ষেত্ৰতাে সর্বসাধাৰণ লােকৰ যথেষ্ট ক্ষতি হৈছিল ৷ বছৰ ধৰি চলা এনে অত্যাচাৰী শাসন আৰু শােষণৰ ফলত ফ্রান্সৰ জনসাধাৰণ বিক্ষুব্ধ হৈ উঠি তাৰ পৰিবৰ্তন বিচাৰি এই বিপ্লৱৰ আৰম্ভণী কৰিছিল ।
I. পুৰণি শাসন প্রণালীৰ সংকট ( Crisis of the ancient Regime )
ফৰাচী বিপ্লৱ আছিল পূৰণি শাসন প্রণালীৰ বিৰুদ্ধে কৰা এক সৱল তথা সফল বিপ্লৱ । এই বিপ্লৱে ফ্ৰান্সৰ প্ৰাচীন ৰাজনৈতিক স্বেচ্ছাচাৰিতা , আমােলাতান্ত্রিক দুর্নীতি আৰু সামাজিক তথা অর্থনৈতিক বৈষম্যৰ ওৰ পেলাইছিল । সমগ্র বিশ্বক অনুপ্রাণিত কৰা এই বিপ্লৱ আছিল এক সর্বাত্মক বিপ্লৱ । খৃঃ অষ্টাদশ শতিকাত ইউৰােপৰ প্ৰায়বােৰ দেশৰে ৰাজনৈতিক , সামাজিক আৰু অর্থনৈতিক অৱস্থা প্রায় একেই আছিল । তথাপি । বছৰ ধহি ফ্ৰান্সৰ ৰাজনৈতিক , সামাজিক আৰু অর্থনৈতিক ক্ষেত্ৰত এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি হৈছিল যাৰ ফলত ইউৰােপৰ অন্য দেশৰ সলনি ফ্রান্সতহে এই বিপ্লৱৰ সূত্রপাত হৈছিল । ফ্রান্সত এই বিপ্লৱ হােৱাত বিভিন্ন কাৰকে সহায় কৰিছিল । ফ্রান্সক বিপ্লৱৰ পথলৈ আগুৱাই নিয়া এই কাৰকসমূহ তথা ফ্ৰান্সৰ পুৰণি শাসন প্রণালী । প্রধান সংকটসমূহ আছিল
১. ৰাজনৈতিক অৱস্থা ( Political Condition )
২. অত্যাচাৰী শাসন ( Autocratic Rule ) .
৩ , সামাজিক বৈষম্য ( Social Differences )
৪ , প্রশাসনীয় খেলিমেলি ( Inefficient Administration ) ,
৫ , সম্রাটৰ দুর্বলতা ( Weakness of Emperor ) ।
৬ , দুর্বল অর্থনীতি ( Weak Economy )
৭. মধ্যবিত্ত শ্রেণীৰ আবিৰ্ভাৱ ( Emergence of Middle Class )
৮ , আসোঁৱাহপূর্ণ বিচাৰ ব্যৱস্থা ( Defects in Judiciarry )
৯. বিত্তীয় অপব্যৱহাৰ ( Waste of Wealth ) .
১০. উদং ৰাজভঁৰাল ( Empty Treasury ) ইত্যাদি ।
১. ৰাজনৈতিক অবস্থা ( Political Conditions )
ফ্রান্সৰ শাসনব্যবস্থা “ দৈৱ অধিকাৰ ” ৰ ( Divine Right Theory ) নীতিৰ ওপৰত প্রতিষ্ঠিত আছিল । তেওঁলােকে ৰজাক ঈশ্বৰপ্ৰেৰিত দূত হিচাপে বিশ্বাস কৰাৰ লগতে ৰজাৰ ঈশ্বৰ প্রদত্ত ক্ষমতাক মানি লৈছিল । সেই শাসন ব্যৱস্থাত ৰজা আছিল সর্বোচ্চ ক্ষমতাৰ অধিকাৰী । আনহাতে , শাসনৰ কোনাে নির্ধাৰিত নীতি নাছিল । ৰজাই নিজ ইচ্ছামতে শাসনব্যৱ - ছা পৰিচালিত কৰিছিল । ফ্রান্সৰ বুৰবন বংশৰ ( Bourbon Dynasty ) ৰজাসকল প্রথম অবস্থাত সুদক্ষ শাসক আছিল । কিন্তু চতুর্দশ লুইৰ ( Louis xiv ) পাছৰ ফ্ৰান্সৰ বুৰবা বংশৰ সম্রাটসকল ক্রমে দুর্বল আৰু অকামিল হৈ আহিবলৈ আৰম্ভ কৰে । এই শাসকসকলৰ অকর্মণ্যতা আৰু দুর্বলতাৰ সুবিধা লৈ ফ্রান্স আমােলাতান্ত্রিক শাসনব্যবস্থা দুর্নীতিগ্রস্ত হৈ পৰে । বহুবছৰ ধৰি ফ্ৰান্সত শাসনৰ নামত শােষণ আৰু অত্যাচাৰ চলি থকা পৰিলক্ষিত হয় । ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে পুৰণি শাসন প্রণালীত ফ্ৰান্সৰ লােকসকল ৰাজনৈতিকভাৱে দুটা ভাগত ভাগ হৈ পৰা যেন পৰিলক্ষিত হয়
( ক ) সুবিধা পােৱা লােকসকল ( Opportunists ) আৰু
( খ ) সুবিধাৰ পৰা বঞ্চিতসকল ( Non - Opportunists ) ।
সুবিধা পােৱাসকলৰ ভিতৰত আছিল ৰজা , যাজকশ্রেণী আৰু অভিজাতসকল । আনহাতে , সুবিধাৰ পৰা বঞ্চিতসকল আছিল কৃষক , শ্রমিক আৰু মধ্যবিত্ত লােকসকল ।। ফ্রান্সৰ মুঠ জনসংখ্যাৰ শতকৰা এভাগ লােকৰে গঠিত সুবিধা পােৱা অর্থাৎ সুবিধাভােগী । যাজক আৰু অভিজাতসকলে দেশৰ সকলােবােৰ উচ্চ পদবী লাভ কৰিছিল । তেওঁলােকৰ সম্পত্তি আছিল অজস্র । কম কষ্টত অধিক সুবিধা লাভ কৰা এই লােকসকলে অত্যন্ত বিলাসী আৰু আড়ম্বৰপূর্ণ জীৱন যাপন কৰিছিল । ইয়াৰ বিপৰীতে সুবিধাৰ পৰা বঞ্চিত লােকসকলে অতি কষ্টৰ জীৱন যাপন কৰিবলগীয়াত পৰিছিল । অত্যন্ত কৰ বােজা আৰু শােষণৰ ফলত এই লােকস জুৰুলা হৈ পৰিছিল । তদুপৰি অষ্টাদশ শতিকাত হােৱা কেইবাখনাে যুদ্ধত ফ্ৰান্সৰ পৰাজয় হােৱাৰ ফলত ফ্রান্স শাসন প্রণালীৰ ফোপােল স্বৰূপ ওলাই পৰিছিল । সেয়েহে এনে দুর্বল , অকামিলা ,স্বেচ্ছাচাৰী শাসন প্রণালীৰ অৱসান ঘটাই ফ্ৰান্সৰ জনসাধাৰণে এই নতুন শাসন ব্যবস্থা প্ৰৱৰ্তন কৰাৰ বাবে আগ্রহী হৈ উঠিছিল ।
২ , অত্যাচাৰী শাসন ( Autocratic Rule )
ফৰাচী বিপ্লৱৰ প্ৰাক - মুহূৰ্তত ফৰাচী শাসকসকল অত্যন্ত অত্যাচাৰী হৈ উঠিছিল । ফ্রান্সৰ বুৰবন বংশৰ সম্রাট চতুর্দশ লুইৰ ( Louis xiv ) মৃত্যুৰ পাছৰ পৰাই ফৰাচী । ৰাজতন্ত্রৰ অৱনতি ঘটিছিল । পঞ্চদশ লুইৰ ৰাজত্বকাল বিভিন্ন দুর্নীতি মাৰু সামৰিক অকৃতকার্যতাৰে ভৰি পৰিছিল । তদুপৰি নিজৰ দুর্বলতা আৰু অক্ষমতাক ঢাকি বাবে চতুর্দশ লুইৰ পাছৰ ফৰাচী সম্রাটসকলে নিজৰ “ ঈশ্বৰ প্রেৰিত ' দূত ” মতবাদ সুবিধা লৈ নিজ ইচ্ছামতে শাসন তৈয়াৰ কৰি অত্যাচাৰী হৈ উঠিছিল । ফৰাচী । সম্রাটসকলৰ এনে দুর্বলতা আৰু অকর্মণ্যতাৰ সুবিধা লৈ যাজক আৰু অভিজাত শ্রেণীও অত্যাচাৰী তথা সুবিধাবাদী হৈ পৰিছিল । সম্রাট পঞ্চদশ ই আৰু ষষ্ঠদশ লুইয়ে আমােলাতন্ত্রক ( Burocratic system ) নিয়ন্ত্রণ কৰিবলৈ সম্পূর্ণ অসমর্থ । হােৱা দেখা গৈছিল । ফলত এই দুয়ােজন সম্রাট প্রজাৰ অপ্রিয়ভাজন হৈ পৰিছিল । সম্রাট ষষ্ঠদশ লুই তেওঁৰ পত্নী মেৰী এন্টনিয়েটৰ প্রতি অত্যন্ত অনুগত্য আছিল আৰু ৰাণীয়েও সম্রাটৰ অতি বিশ্বাসভাজন হৈ ৰাজশক্তিৰ অপব্যৱহাৰ কৰিছিল । ফলত সম্রাট যষ্ঠদশ লুই আৰু মেৰী এন্টনিয়েটৰ অত্যাচাৰ আৰু অপশাসনব্য ফ্রান্সৰ প্ৰজাসকল । সম্পূৰ্ণৰূপে অতীষ্ঠ হৈ পৰি তেওঁলােকৰ শাসনৰ অৱসান ঘটাৰ বাবে ফৰাচী বিপ্লৱ আৰম্ভ কৰিছিল ।
৩. সামাজিক বৈষম্য ( Social Differences )
প্রাচীন শাসন প্রণালীত ফ্ৰান্সৰ সমাজখন তিনিটা সম্প্রদায়েৰে গঠিত হােৱা পৰিলক্ষিত হয় । ইয়াৰ প্ৰতিটো সম্প্রদায়ক একোটা এষ্টেট ( Estate ) বুলি কোৱা হৈছিল । ইয়াৰ প্রথম এষ্টেটত আছিল যাজকসকল , দ্বিতীয় এষ্টেটত আছিল । অভিজাতসকল । মধ্যবিত্ত লােকসকল , কৃষক , শ্রমজীৱী লােক , শিল্পী আৰু সাধাৰণ লােকসকলক লৈ ফ্রান্সৰ তৃতীয় এষ্টেট গঠিত হৈছিল । ইয়াৰে প্রথম দুটা এষ্টেট আছিল সুবিধাভােগী শ্রেণী ( Priviledge Class ) আৰু তৃতীয় সম্প্রদায়টো আছিল । অধিকাৰবিহীন শ্রেণী ( Non - Priviledge Class ) । ফ্রান্সৰ মুঠ জনসংখ্যাৰ শতকৰা এভাগ মাত্র লােক প্রথম আৰু দ্বিতীয় এষ্টেটৰ লােক আছিল , এই যাজক আৰু অভিজাতসকলে সমাজৰ সকলাে সুবিধা লাভ কৰিছিল । দেশৰ সকলােবােৰ উচ্চপদবী । তেওঁলােকে লাভ কৰিছিল । এই দুই সম্প্রদায়ৰ লােকসকল আছিল দেশৰ অজস্র সম্পত্তিৰ গৰাকী । তদুপৰি যাজকসকলৰ ধৰ্মীয় আধিপত্যৰ বাবে সমাজত উচ্চ স্থান আৰু সকলাে ক্ষেত্রতে উচ্চ অগ্রাধিকাৰ লাভ কৰিছিল । ইয়াৰ বিপৰীতে শতক নিৰানব্বৈ ভাগ জনসংখ্যাৰে গঠিত তৃতীয় এষ্টেটৰ লােকসকল সকলাে সুবিধাৰ পৰা বঞ্চিত হৈছিল । তেওঁলােক বহুক্ষেত্রত শিক্ষা - দীক্ষাত আগবঢ়া আছিল যদিও সমাজত তেওঁলােকৰ কোনাে ধৰণৰ স্থান বা সন্মান নাছিল । ফলত ফ্ৰান্সৰ সমাজৰ এই সুবিধা ভােগী আৰু সুবিধাৰ পৰা বঞ্চিতসকলৰ মাজত ঘৃণাৰ ভাব সৃষ্টি হৈছিল । ফ্রান্স সময়ৰ অগ্ৰগতিৰ লগে লগে অধিকাৰৰ পৰা বঞ্চিত লােকসকলে নিজৰ অধিকাৰৰ দাবী তুলি বিপ্লৱৰ আৰম্ভণী কৰিছিল । ফ্রান্সৰ নিম্ন শ্রেণীৰ লােকসকলে সম - অধিকাৰৰ দাবীত বিপ্লৱৰ প্রতি সঁহাৰি জনাইছিল । এই লােকসকলে সামন্তবাদীয় আদর্শত চলা ফ্ৰান্সৰ এই সমাজ ব্যৱস্থাৰ সম্পূর্ণ পৰিৱৰ্তন বিচাৰিছিল । সেয়েহে তেওঁলােকৰ মূল বাণী আছিল “ স্বাধীনতা , সমতা আৰু ভাতৃত্ব ” । ফ্রান্সৰ পুৰণি শাসন প্রণালীত থকা এনে সামাজিক বৈষম্যৰ ফলত ফ্রান্সৰ সমাজখনত সম্পূৰ্ণৰূপে ঘুণে ধৰিছিল আৰু ই ফ্রান্সত বিপ্লৱ হােৱাত অৰিহণা যােগাইছিল ।
৪. প্রশাসনীয় খেলিমেলি ( Inefficient administration )
ফ্ৰান্সৰ পুৰণি শাসন প্রণালীত প্রশাসনৰ সকলাে ক্ষেত্ৰতে চূড়ান্ত খেলিমেলি হােৱা দেখা গৈছিল । ধমহি শাসনৰ ক্ষেত্ৰত বিশেষ নিয়ন্ত্রণ কৰা দেখা গৈছিল । তদুপৰি আইন , বিচাৰ , শিক্ষা , সামৰিক আদি বিভাগসমূহৰ যথেষ্ট বিশৃংখলতা আছিল । এই বিভাগসমূহৰ মাজত কোনাে ধৰণৰ সমন্বয় নাছিল আৰু শাসকৰ দুৰ্বলতাৰ সুবিধা লৈ প্রতিটো বিভাগে নিজৰ ইচ্ছামতে নীতি নিৰ্দ্ধাৰণ কৰা আৰম্ভ কৰিছিল । আনহাতে , একোটা বিভাগৰে নীতিসমূহ বেলেগ বেলেগ ঠাইত ভিন্ন ধৰণৰ হােৱা দেখা গৈছিল । কৰ - কাটুল আৰু শুল্ক বাৱস্থাৰ কোনাে নির্ধাৰিত নীতি নাছিল । কোষ ব্যৱস্থা আৰু মুদ্রা ব্যবস্থা যথেষ্ট বিসংগতিপূর্ণ হৈ পৰিছিল । ফলত প্রশাসনিক ক্ষেত্ৰত সমগ্র ফ্রান্সত এক অৰাজকতা আৰু বিশৃংখলতাই বিৰাজ কৰিছিল । ষষ্ঠদশ লুই সম্পূর্ণরূপে উচ্চশ্রেণীৰ লােকসকলৰ প্ৰভাৱত থাকিছিল । সম্রাটৰ দুর্বলতা আৰু প্রশাসনিক অপৰিপক্কতাৰ সম্পূর্ণ সুযােগ আমােলাতই গ্রহণ কৰিছিল । ফ্রান্সৰ শাসন প্রণালীৰ এনে আমােলাতান্ত্রিক নিয়ন্ত্রণে | সাধাৰণ প্রাক যথেষ্ট হাৰাশাস্তি দিছিল । সেই সময়ত প্রয়ােগ হােৱা বিভিন্ন আইনসমূহে কেৱল যাজক আৰু অভিজাতসকলৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখিছিল । সম্রাটেও ইচ্ছামতে আইন আৰু বিচাৰৰ ব্যৱহাৰ কৰিছিল । এনেদৰে শাসক আৰু আমােলা তথা উচ্চশ্রেণীৰ লােকসকলে সুবিধা অনুসৰি ক্ষমতা আইনৰ অপপ্রয়ােগ কৰিছিল । ইয়াৰ যত সাধাৰণ প্ৰজান অবস্থা ভয়ংকৰ হৈ উঠাৰ লগতে শিক্ষিত মধ্যবিত্তসকলে ইয়াৰ পৰিৱর্তনৰ বাবে চিন্তা - চৰ্চা আৰম্ভ কৰিছিল ।
৫. সম্রাটৰ দুর্বলতা ( Weakness of Emperor )
চতুর্দশ লুইৰ পাছৰ ফ্ৰান্সৰ বুৰঞ্চন বংশৰ সম্রাটসকল অতিশয় দুর্বল আৰু অকামিলা আছিল । তেওঁলােকে ৰাজকার্যৰ ফালে সম্পূর্ণরূপে পিঠি দি এক আড়ম্বৰপূৰ্ণ আৰু বিলাসী জীবন যাপন কৰা পৰিলক্ষিত হৈছিল । তদুপৰি তেওঁলােক আছিল সম্পূর্ণরূপে উচ্চশ্রেণীৰ নিয়ন্ত্রণাধীন । যৰাচী বিপ্লৱ সংঘটিত হােৱাৰ সময়ত ফ্রান্সত শাসন কৰি থকা বুৰবন বংশৰ সম্রাট যষ্ঠদশ লুই আছিল অত্যন্ত অকর্মণ্য আৰু দুর্বল । তদুপৰি তেওঁৰ প্রশাসনিক কার্যত সকলাে ক্ষেত্ৰতে ৰাণী মেৰী এন্টনিয়েটে হস্তক্ষেপ কৰা দেখা গৈছিল । ষষ্টদশ লুইৰ এনে তিৰােতাসেৰুৱা স্বভাৱৰ বাবেই তেওঁৰ জীৱনলৈ । চরম বিপর্যয় নামি আহিছিল । সম্রাট যষ্ঠদশ লুইৰ দুজন সুদক্ষ মন্ত্রী আছিল টার্গো ( Targo ) আৰু নেকাৰ ( Nacker ) । কিন্তু ফ্ৰান্সৰ হিত চিন্তা কৰিবলৈ গৈ এই সুদক্ষ ব্যক্তি বাজৰােষত পৰি প্ৰশাসনৰপৰা খেদা খাব লগা অৱস্থা হৈছিল । মন্ত্রী টার্গোরে ফ্রান্সন অর্থনৈতিক অবস্থা বিশ্লেষণ কৰি বাস্তৱ কাৰ্যপন্থা হিচাপে এক নতুন কৰ ব্যৱস্থা ( Tax ) তৈয়াৰ কৰিছিল । তেওঁ সৰ্বসাধাৰণ লােকৰ ওপৰত কৰৰ বােজা কমাই দিয়াৰ লগতে যাজক আৰু অভিজাতসকলৰ ওপৰত কৰ লগােৱাৰ প্ৰভাৱ দাখিল কৰিছিল । নন্তু ইয়াৰ ফল হিতে বিপৰীতহে হােৱা দেখা গৈছিল । টার্গোৰ এই নতুন আঁচনিৰ বাবে তেওঁ উচ্চশ্রেণীৰ ৰােষত পৰি নিজৰ মন্ত্রিত্ব হেৰুৱাবলগীয়া হৈছিল । ষষ্ঠদশ লুইৰ অন্য এজন সুদক্ষ মন্ত্রী নেকাৰে ৰজাৰ আয় - ব্যয়ৰ ন প্রতিবেদন প্রকাশ কৰি উলিয়াইছিল । পিছে ইয়াৰ পৰিণতিস্বৰূপে তেওঁ ৰাণী এ য়েটৰ ৰােষত পৰিবলগীয়া হৈছিল । কাৰণ ৰাজকোষৰ অধিক ধন ৰাণীয়ে নিজৰ বিলাসিতাৰ বাবে খৰচ কৰিছিল । সেয়েহে চতুৰ ৰাণী এণ্টনিয়েটে সম্ৰাটৰ হতুৱাই নেকাৰকো আঁতৰাই পঠাইছিল । টার্গো আৰু নেকাৰৰ প্ৰতি কৰা ব্যৱহাৰে ফ্ৰান্সৰ জনসাধাৰণৰ আগত সম্রাটৰ দুর্বলতা সম্পূর্ণকৈ উদঙাই দেখুৱাইছিল । সম্রাটৰ ৰাণী আৰু উচ্চশ্রেণীৰ প্ৰতি থকা এই দুর্বলতাই ফ্ৰান্সৰ প্রজাক অতিষ্ঠ কৰি তুলিছিল । সেয়েহে তেওঁলােকে এনে পুৰণি ৰাজতান্ত্রিক শাসন প্রণালীৰ সলনি সর্বসাধাৰণৰ উপযােগী তথা ফ্রান্সৰ মংগলকামী শাসন প্রতিষ্ঠাৰ বাবে তৎপৰ হৈ উঠিছিল ।
৬. দুর্বল অর্থনীতি ( Weak Economy )
ফ্রান্সত পুৰণি শাসন ব্যৱস্থাত অর্থনৈতিক দিশত বিভিন্ন বিসংগতি দেখা পােৱা গৈছিল । সমাজৰ যাজক আৰু অভিজাত শ্রেণীয়ে সকলো সুবিধা লাভ কৰিছিল । যাজকসকল আছিল সম্পূর্ণ কমুক্ত । আনহাতে , অভিজাতসকলে নামমাত্ৰহে কৰ দিব লাগিছিল । দেশৰ প্ৰায়বােৰ সম্পদ এই শ্রেণীটোৰ নিয়ন্ত্ৰণত আছিল । এই উচ্চশ্রেণীৰ লােকসকল আছিল অজস্র সম্পত্তিৰ গৰাকী । অথচ তেওঁলােকে কোনাে গঠনমূলক কাম কৰাৰ বিপৰীতে সম্পূর্ণ বিলাসী আৰু আড়ম্বৰপূর্ণ জীৱন যাপনত ব্যস্ত হৈ পৰিছিল । ইয়াৰ বিপৰীতে দেশৰ নিৰানব্বৈ শতাংশৰে ভৰা সাধাৰণ প্ৰজাৰ আর্থিক অৱস্থা অত্যন্ত শােকলগা আছিল । দেশৰ শতকৰা নব্বৈভাগ কৰ এই তৃতীয় এষ্টেটৰ লােকসকলে বহন কৰিব লাগিছিল । সাধাৰণ খেতিয়ক , শ্রমিক আৰু মধ্যবিত্তসকলে । বিভিন্ন প্রত্যক্ষ আৰু পৰােক্ষ কৰ দিবলগীয়া হৈছিল । সেই সময়ত প্রচলিত প্রধান কৰসমূহ আছিল ৰজাক দিবলগীয়া কৰ , ধর্মীয় কৰ , ভূ - স্বামী বা অভিজাতসকলক দিবলগীয়া কৰ , নিত্য ব্যৱহার্য বস্তুৰ ওপৰত কৰ ইত্যাদি কৰ দিয়াৰ উপৰি এই লােকসকলে মাটিৰ মালিকক গা - খাটনিও কৰি দিব লাগিছিল । সামৰিক নিৰাপত্তাৰ নামতে বছেৰেকীয়া কৰ দিব লাগিছিল । মুঠ উৎপন্নৰ দহ ভাগৰ এক অংশ ধৰ্মৰ নামত দিব লাগিছিল । ৰজাক দিবলগীয়া , খাজনাৰ কোনাে নির্ধাৰিত নিৰিখ নাছিল । কৰ সংগ্ৰহৰ বাবে এক বিশেষ শ্রেণীৰ লােকক নিযুক্তি দিয়া হৈছিল । এই লােকস আছিল অত্যন্ত দুর্নীতি পৰায়ণ । তেওঁলােকে প্ৰজাৰ ওপৰত অতি অত্যাচাৰ কৰি জোৰ - জুলুম অধিক কৰ সংগ্ৰহ কৰিছিল । কিন্তু সংগৃহীত কৰৰ এক মােটা অংশ নিজৰ বাবে ৰাখি কম পৰিমাণৰ কৰহে ৰাজকোষত জমা দিছিল । প্রশাসনৰ দুৰ্বলতাৰ সুবিধা হৈ ফ্রান্সৰ অৰ্থনীতিৰ ক্ষেত্ৰত এনে অৰাজকতা বিৰাজ কৰিছিল । কৃষকৰ আয় প্রায় আশী শতাংশ ৰজা আৰু উচ্চশ্রেণীকে দিবলগীয়া হােৱাত সাধাৰণ প্ৰজাৰ যথেষ্ট আর্থিক নাটনি হৈছিল । ৰ পৰিমাণ বৃদ্ধিৰ লগে লগে বস্তুৰ মূল্যও বৃদ্ধি হৈ পৰিছিল যাৰ ফলত সাধাৰণ প্ৰজাৰ মূৰতহে মাধমাৰ পৰিছিল । তদুপৰি বৈদেশিক নীতিৰ ক্ষেত্ৰত কেইবাখনাে যুদ্ধত ফ্রান্সৰ যথেষ্ট ক্ষতি হৈছিল । এনে অযথা খৰচ আৰু
৭ , মধ্যবিত্ত শ্ৰেণীৰ আবিৰ্ভাৱ ( Emergence of Middle Class )
মধ্যবিত্ত শ্রেণীৰ আবির্ভাবে ফ্রান্সৰ পুৰণি শাসন প্রণালীত উল্লেখযােগ্য প্রভাৱ বিস্তাৰ ক্ৰাৰ লগতে এনে বিসংগতিপূর্ণ আৰু স্বৈচ্ছাৰী শাসনৰ পৰিৱর্তনৰ জোৱাৰ অনাত যথেষ্ট পৰিমাণে অৰিহণা যােগাইছিল । খৃঃ অষ্টাদশ শতিকাৰ পৰা ফ্ৰান্সৰ শিল্প । বাণিজ্যৰ উন্নতি হােৱাৰ ফলত এই মধ্যবিত্ত শ্রেণীটোৰ আর্বিভাৱ হৈছিল । এই শ্রেণীটো আছিল শিক্ষিত শ্রেণী । ফৰাচী বিপ্লৱৰ প্ৰাকক্ষণত এই শ্রেণীটোৰ সংখ্যা , সম্পদ আদি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল । কিন্তু এই শ্রেণীৰ লােকসকলৰ কোনােধৰণৰ সামাজিক মর্যাদা নাছিল । বৌদ্ধিক দিশত আগবঢ়া এই লােকসকলে ফ্ৰান্সৰ ৰাষ্ট্ৰব্যৱস্থা , সমাজব্যবস্থা আৰু অর্থনৈতিক দিশৰ বাস্তব বিশ্লেষণ কৰি চাইছিল । ৰাজ্যৰ দুর্বল অর্থনীতি , অধিক কৰ বােজা , ৰাজভঁৰালৰ অর্থ অপচয় আদিৰ বাবে তেওঁলােকে সজাগ হৈ উঠিছিল । এই মধ্যবিত্ত শ্রেণীটোরে ফ্রান্সৰ ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ বিচাৰিছিল । ফ্ৰান্সৰ সমাজত থকা সামাজিক বৈষম্য আঁই এই শিক্ষিত শ্ৰেণীটোৱে এক সু শৃংখল সমাজ ব্যবস্থা গঢ়ি তুলিব বিচাৰিছিল । কিন্তু ফ্ৰান্সৰ ৰাষ্ট্ৰব্যৱস্থাৰ দুর্নীতি , সুবিধাবাদী , চতুৰ উচ্চশ্রেণীৰ লােকসকলে এই মধ্যবিত্ত শ্রেণীৰ বিপক্ষে থিয় দিছিল । সেয়েহে উচ্চশিক্ষিত , বৌদ্ধিক দিশত আগবঢ়া তথা পৰিৱৰ্তনকামী এই মধ্যবিত্ত শ্রেণীটো সর্বসাধাৰণ কৃষক , শ্রমিক আদিৰ লগ লাগি যাচী বিপ্লৱৰ আৰম্ভণী কৰিছিল ।
৮. আসোঁৱাহপূর্ণ বিচাৰব্যবস্থা ( Defects of Judiciarry )
ফ্রান্সৰ বিচাৰ ব্যৱস্থাত যথেষ্ট আসোঁৱাহ পৰিলক্ষিত হয় । ফ্ৰান্সৰ পুৰণি শাসন ব্যৱস্থাত বিচাৰকসকলক বংশানুক্রমিকভাৱে নিযুক্তি দিয়া হৈছিল । ফলত তেওঁলােকৰ কার্যক্ষমতা , প্রতিভা , দক্ষতা , যােগ্যতা আদি গুণসমূহ তুলনামূলকভাৱে কমি অহা দেখা গৈছিল । ফৰাচী বিপ্লৱৰ আগমুহূৰ্তত ফ্ৰান্সৰ বিচাৰ বিভাগ সম্পূৰ্ণৰূপে দুর্নীতিগ্রস্ত হৈ পৰিছিল । বিচাৰ আৰু শাস্তিৰ ওপৰত কোনো নির্দিষ্ট নীতি নির্ধাৰণ কৰা হােৱা নাছিল । যলত বিচাৰকসকলে নিজৰ সুবিধা অনুসৰি বিচাৰ ক্ষমতাৰ অপপ্রয়ােগ কৰিছিল । বিচাৰৰ সকলো দিশ কেৱল ৰজা আৰু উচ্চশ্রেণীৰ ফালেহে সদয় আছিল । ৰজাৰ বিৰুদ্ধে ন্যায় বিচাৰ বিচৰাটো প্রায় অসম্ভৱৰ দ . " হৈ পৰিছিল । তদুপৰি অভিজাতসকলেও ৰজাৰ পৰা এক বিশেষ অনুমতি ( Letter of Cachet ) যিকোনো লােকক ইচ্ছামতে বন্দী কৰিব পাৰিছিল । এতে অনুমতিদ্বাৰা গ্রেপ্তাৰ কৰা লােকসকলক অনির্দিষ্ট কাললৈ বন্দী কৰি ৰাখিব পাৰিছিল । এনে বিসংগতিপূর্ণ বিচাৰ ব্যৱস্থাই সাধাৰণ প্ৰজাক অতীষ্ঠ কৰি তুলিছিল ।
৯. বিত্তীয় অপব্যৱহাৰ ( Waste of Wealth )
ফৰাচী বিপ্লৱৰ আগমুহূৰ্তত ফ্রান্সত বিত্তীয় ক্ষেত্ৰত যথেষ্ট , অপব্যৱহাৰ হােৱা দেখা যায় । অষ্টাদশ শতিকাত ফ্রান্সে কেইবাখনাে যুদ্ধত যােগদান কৰি অযথা ধনৰ ব্যয় কৰিছিল । ফ্ৰান্সৰ ৰাজভঁৰাল উদং কৰা সেই যুদ্ধসমূহ আছিল
( ক ) স্পেইনৰ সিংহাসনৰ বাবে হােৱা যুদ্ধ ( ১৭১২-১৩ খৃঃ )
( খ ) অষ্ট্ৰিয়ৰ উত্তৰাধিকাৰী যুদ্ধ ( ১৭৪০-৪৮ খৃঃ )
( গ ) সাতবছৰীয়া যুদ্ধ ( ১৭৫৬-১৭৬৩ খৃঃ )
( ঘ ) আমেৰিকাৰ স্বাধীনতা যুদ্ধ ( ১৭৭৫-৮৩ ) ইত্যাদি ।
এই যুদ্ধসমূহত ফ্রান্সৰ যথেষ্ট অর্থ ব্যয় হােৱাৰ লগতে ৰাজভঁৰাল প্রায় উদং হৈ পৰিছিল ।
১০. উদং ৰাজভঁৰাল ( Empty Treasury )
ফ্রান্সত ষষ্ঠদশ লুইৰ ৰাজত্বকালত ৰাজভঁৰাল একেবাৰে উদং হৈ পৰিছিল । ফ্রান্সৰ এই দেউলীয়া অৱস্থাৰ প্ৰধান কাৰণ আছিল—
( ক ) দুর্বল , অকামিলা আৰু অযােগ্য শাসক ।
( খ ) যাজক আৰু অভিজাত শ্ৰেণীৰ সুবিধাভােগী স্বভাৱ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত অহেতুক নিয়ন্ত্রণ ।
( গ ) কৰ সংগ্ৰহকাৰী বিষয়াসকলৰ দুর্নীতি ।
( ঘ ) বৈদেশিক ক্ষেত্ৰত বিভিন্ন যুদ্ধত ফ্ৰান্সৰ যােগদান তথা অযথা ব্যয় ।
( ঙ ) মন্ত্রী টার্গো আৰু নেকাৰৰ অর্থনৈতিক আচনিৰ প্রয়ােগত ব্যর্থতা ।
( চ ) ৰাণী মেৰী এন্টনিয়েটৰ ব্যয়বহুল জীবন যাপন আৰু বিলাসিতাৰ বাবে কৰা অত্যধিক ব্যয় ।
১৭৮৬ চনলৈ ফ্ৰান্সৰ ধাৰৰ পৰিমাণ আছিল চৈধ্যশ নিযুত ডলাৰতকৈও অধিক । সেয়েহে কোনেও নতুনকৈ ধাৰ নিদিয়াৰ ফলত ফ্রান্সৰ ৰাজভঁৰাল উদং হৈ পৰিছিল ।
II . বুদ্ধিজীৱীৰ প্ৰৱাহ ( Intellectual Currents )
বুদ্ধিজীৱীৰ প্রৱাহে ফৰাচী বিপ্লৱ সংঘটিত হােৱাত ইন্ধনৰ কাম কৰিছিল । চতুর্দশ লুইৰ ৰাজত্বকালৰ পাছৰ পৰাই ফ্ৰান্সৰ ৰাজনৈতিক , অর্থনৈতিক , সামাজিক , ধর্মীয় আদি সকলাে ক্ষেত্রতে চৰম বিশৃংখতা আৰু অৰাজকতাই দেখা দিছিল । অকর্মণ্য আৰু দুর্বল শাসকসকলৰ সুবিধা লৈ ফ্রান্সৰ আমােলাতান্ত্রিক ব্যৱস্থা স্বেচ্ছাচাৰী আৰু দুর্নীতিপৰায়ণ হৈ পৰিছিল । সুবিধাভােগী যাজক আৰু অভিজাতসকলৰ অত্যাচাৰ উৎপীড়ন আৰু দুর্নীতিৰ ফলত সাধাৰণ লােক অবস্থা শােচনীয় হৈ পৰিছিল । অত্যধিক কৰৰ বােজা , সামাজিক অসমতা , ধর্মীয় গােড়ামি - অন্ধবিশ্বাস আদিৰ ফলত সাধাৰণ শ্রেণী অর্থাৎ তৃতীয় এষ্টেটৰ লােকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল । এনে । সময়তে শিক্ষিত মধ্যবিত্ত শ্রেণীৰ আৱিভারে এই তৃতীয় এষ্টেটৰ লােকসকলৰ মনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল । এই মধ্যবিত্ত তথা শিক্ষিত লােকসকলক বুদ্ধিজীৱীসকলে সম্পূর্ণভাৱে প্ৰভাৱিত কৰিছিল ।
ফ্রান্সত ফৰাচী বিপ্লৱ সংঘটিত হােৱাৰ আগমুহুর্তত হােৱা বুদ্ধিজীৱীৰ প্রৱাহে ফৰাচী লােকসকলৰ বৈপ্লবিক চেতনা জাগ্রত কৰি তুলিছিল । ফৰাচী দার্শনিক আৰু বিদেশী দার্শনিকসকলক লিখনিসমূহে ফৰাচীসকলৰ মাজত এক আলােড়ন সৃষ্টি কৰা পৰিলক্ষিত হৈছিল । এই চিন্তাবিদসব উচ্চমানবিশিষ্ট সাহিত্য আৰু বৈপ্লৱিক ভাবধাৰাই জনসাধাৰণক বিপ্লৱৰ জৰিয়তে ৰাজনৈতিক , অর্থনৈতিক , সামাজিক আৰু ধর্মীয় পৰিবর্তন । অনাৰ বাবে যথেষ্ট অনুপ্রাণিত কৰি তুলিছিল । অষ্টাদশ শতিকাৰ এই ফৰাচী চিন্তাবিদ আৰু লেখকসকলে ফ্রান্সৰ প্ৰচলিত ৰাজনীতি , অর্থনীতি আৰু সমাজনীতিৰ কটু সমালােচনা কৰি সেইবােৰৰ প্রতি সাধাৰণ প্ৰজাৰ দৃষ্টি আকর্ষণ কৰিছিল । ফৰাচী বুদ্ধিজীৱাসকলৰ এনে লিখনীসমূহে ফ্ৰান্সৰ সৰ্বসাধাৰণ লােকৰ ওপৰত প্রত্যক্ষ আৰু পৰােক্ষ দুয়ােধৰণেই প্রভাৱ পেলাইছিল । ইয়াৰদ্বাৰা ফৰাচী জনসাধাৰণে মনৰ ভাব মুকলিভাৱে প্ৰকাশ কৰাৰ লগতে বহুদিনৰ পৰা তেওঁলােকৰ মনত পুঞ্জীভূত হৈ থকা ক্ষোভৰ বহিপ্রকাশ ঘটি বিপ্লৱ সংঘটিত হােৱাত সহায় কৰিছিল । ফৰাচী বিপ্লৱৰ প্রাক মুহূৰ্তত ফ্রান্সত হােৱা এই দার্শনিকৰ প্রৱাহে ফৰাচী লােকসকলক বিপ্লৱৰ বাবে মানসিকভাবে প্রস্তুত কৰি তুলিছিল । এই দার্শনিকসকলৰ লিখনীয়ে ফৰাচী বিপ্লৱত পথ প্রদর্শকৰ কাম কৰিছিল বুলিও ক'ব পাৰি ।
ফৰাচী বিপ্লৱৰ আগমুহূৰ্তত ফ্রান্সত বুদ্ধিজীৱীৰ যি প্ৰৱাহ পৰিলক্ষিত হৈছিল , , সেই সময়ৰ কেইজনমান উল্লেখযােগ্য দার্শনিক হ'ল– ভল্টেয়াৰ ( Voltaire ) , ডিডেৰ ( Didero ' ) , মন্টেঙ্কু ( Montesquieu ) , ৰুছ ' ( Rousseau ) , টার্গো ( Targo ) , হাবাক ( Molbak ) , কুৱেজানে ( Quesnay ) ইত্যাদি । আনহাতে বিদেশী দার্শনিক আড়ম স্মিথ ( Adom Simith ) . বেনহাম ( Bentham ) আদি বুদ্ধিজীৱীৰ লিখনিয়েও ফ্রান্স লােকসকলক প্ৰভাৱিত কৰিছিল ।
ভল্টেয়াৰে তেওঁৰ লেখাৰ জৰিয়তে প্রচলিত ধর্মব্যৱস্থাৰ কটু সমালােচনা কৰিছিল । তেওঁ যাজকসকলৰ দুৰ্নীতিৰ কঠোৰ সমালােচনা কৰাৰ লগতে প্রচলিত অন্ধবিশ্বাসসমূহৰ সম্পূর্ণ বিৰােধিতা কৰিছিল । তেওঁ ব্যংগাত্মক লেখাৰদ্বাৰা যাজক আৰু অভিজাতসকলে লােৱা সুবিধাসমূহৰ প্রতি জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰিছিল । এই সুবিধাভােগী । লােকসকলৰ অন্যায় আৰু দুর্নীতিৰ বিৰুদ্ধে তেওঁৰ লেখাই জনসাধাৰণক সজাগ কৰি তােলাৰ লগতে এই প্রচলিত ব্যৱস্থাৰ পৰিবৰ্তন বিচাৰি বিপ্লৱ কৰাৰ বাবে অনুপ্রাণিত কৰিছিল । ভল্টেয়াৰে ধৰ্মতকৈ যুক্তিক অধিক গুৰুত্ব দিছিল । আনহাতে , হলবার্ক নামৰ অন্য এজন দার্শনিকে সকলাে অনৰ্থৰ মূল কাৰণ ধর্ম বুলি প্ৰচাৰ আৰম্ভ কৰিছিল । বুদ্ধিজীৱী কুৱেজানে , ডানে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপ উঠাই দি ব্যৱসায়ৰ ক্ষেত্ৰত ব্যক্তিক সম্পূর্ণ স্বাধীনতা দিয়াৰ বাবে মতবাদ আগবঢ়াইছিল ।
মন্টেস্কু আছিল এজন ৰাজনৈতিক দার্শনিক তথা বুদ্ধিজীৱী । তেওঁৰ দুখন উল্লেখযােগ্য লেখা হ'ল— “ পাৰ্চী চিঠি " ( The Persian Letters ) আৰু “ ব্যবস্থা । নীতিৰ তত্ত্ব ” ( The Spirit of the Laws ) । মণ্টেৰ ৰাজনৈতিক মতবাদৰ আটাইতকৈ উল্লেখযােগ্য নীতিটো আছিল “ ক্ষমতা বিভাজন নীতি ” ( The Theory of Separation of Powers ) । এই নীতিৰদ্বাৰা তেওঁ ৰাষ্ট্ৰৰ ক্ষমতাক তিনিটা বিভাগত ভাগ কৰি প্রতিটো বিভাগকে সমান মর্যাদা আৰু স্বাধীনভারে কাম কৰিবলৈ দিয়াৰ মত আগবঢ়াইছিল । মন্টেস্কুৰ মতে ৰাষ্ট্রৰ ক্ষমতাৰ এই তিনিটা বিভাগ হ'ল—
( ক ) আইন পালিকা ( Legislature )
( খ ) ন্যায়পালিকা ( Justiciary )
( গ ) কাৰ্যপালিকা ( Exceutive )
ফৰাচী বিপ্লৱৰ আগমুহূৰ্তত ফ্রান্সত বুদ্ধিজীৱী প্রৱাহে জনসাধাৰণক বিপ্লৱৰ পথলৈ আগুৱাই আহিবৰ বাবে যি অনুপ্ৰেৰণা যােগাইছিল , সেইসকল বুদ্ধিজীৱীৰ ভিতৰত এজন উল্লেখযােগ্য লােক আছিল জীন জেক ৰুছে ( Jean Jaques Rousseau ) । ৰুছােৰ দুখন উল্লেখযােগ্য গ্রন্থ আছিল “ অৰিজিন অব ইনইকুৱেলিটি অ মেন ” ( Origin of Inequality of Men ) আৰু " সামাজিক চুক্তি " ( Contract Social ) । ৰুছােৱে মানৱ স্বত্ব ঘােষণা ( Declaration | Rights of Man ) কৰি ফ্রান্সৰ জনসাধাৰণক সম্পূৰ্ণৰূপে প্ৰভাৱিত কৰিছিল । তেওঁ কৈছিল যে , “ প্রত্যেক মানুহেই জন্মত স্বাধীন কিন্তু প্রত্যেকেই দাসত্বৰ শিকলিত আবদ্ধ ” ( Man is born free but everywhere he is in chain ) ) ।
বিদেশী চিন্তাবিদসকলৰ লেখায়াে ফ্রান্সৰ বুদ্ধিজীৱীৰ প্রৱাহক অধিক সফল কৰি তােলাৰ লগতে ফ্ৰান্সৰ শিক্ষিত মধ্যবিত্ত শ্রেণীৰ লােকসকলক বিপ্লৱৰ বাবে অনুপ্রাণিত কৰি তুলিছিল । এই লােকসকল আড়ম স্মিথৰ “ ৱেলথ অব দ্য নেচ ” ( Wealth of the Nations ) আৰু বেনথামৰ “ প্রিন্সিপছ অব লেজিচলেচন ” ( Principles of Legislation ) নামৰ গ্ৰন্থৰদ্বাৰা যথেষ্ট পৰিমাণে প্রভাৱিত হৈছিল । ইংলেণ্ডৰ গৌৰৱময় । বিপ্লৱ , আমেৰিকাৰ স্বাধীনতা সংগ্রাম আদিৰ বিষয়ে লেখাই ফ্ৰান্সৰ লােকসকলক বিশেষভাবে প্রভাৱিত কৰিছিল ।
বেছিভাগ ঐতিহাসিকৰ মতে ফৰাচী বিপ্লৱত ইন্ধন যােগােৱা আটাইতকৈ বলিষ্ঠ কাৰণটো আছিল বুদ্ধিজীৱীৰ প্রৱাহ । কাৰণ জোৰ প্ৰয়ােগ বা অস্ত্র - শস্ত্ৰৰে যি জয় কৰা হয় সেই জয় ক্ষণস্থায়ী । এইদৰে হােৱা জয়ৰ যিকোনাে মুহূর্ততে ফল ওলােটা হ’ব পাৰে । কিন্তু বাস্তৱ ক্ষেত্ৰত কলমৰ জোৰ তৰােৱালৰ জোৰতকৈ বহুত বেছি । কলমেৰে মানুহৰ অন্তৰ জয় কৰি সেই জয় চিৰস্থায়ী কৰিব পাৰি । ফৰাচী বুদ্ধিজীৱীসকলৰ কলমৰ ধাৰেৰে ফৰাচী লােকসকলৰ মনত যি সাঁচ বহুৱাইছিল তাৰ ফলস্বৰূপেই । ফুচী বিপ্লৱ সংঘটিত হৈছিল ।
III . সামাজিক শ্ৰেণীৰ অংশগ্রহণ ( Participation of Social Classes )
ফৰাচী বিপ্লৱৰ আটাইতকৈ তাৎপর্যপূর্ণ দিশটো আছিল সামাজিক শ্ৰেণীৰ অংশ গ্রহণ । ফৰাচী বিপ্লর কোনাে এক নির্দিষ্ট কাৰণত হঠাতে সংঘটিত হােৱা এক বিক্ষোভ নাছিল । বহুবছৰ ধৰি পুঞ্জীভূত হৈ থকা বহু ক্ষোভৰ বহিপ্ৰকাশৰ ফলত এই বিপ্লৱৰ আৰম্ভণি হৈছিল । চতুর্দশ লুইৰ ৰাজত্বকালৰ পৰাই ফ্ৰান্সৰ ৰাজনৈতিক , সামাজিক আৰু অর্থনৈতিক দিশত অৱনতি ঘটা আৰম্ভ হৈছিল । চতুর্দশ লুইৰ দিনত ফ্রান্সে কেইবাখনাে যুদ্ধত বহির্দেশৰ হাতত পৰাস্ত হৈছিল । এই পৰাজয়ৰ উপৰি এনে যুদ্ধবােৰত যথেষ্ট খৰচ হােৱাৰ ফলত ফ্ৰান্সৰ অর্থনৈতিক ক্ষতি হৈছিল । তেওঁৰ পৰৱৰ্তী সম্রাট পঞ্চদশ লুই অত্যন্ত বিলাসী আছিল । ৰাষ্ট্ৰৰ অৰ্থনীতিৰ উন্নয়নৰ পৰিকল্পনাৰ সলনি তেওঁ কেৱল অযথা খৰচ কৰি ৰাজকোষ উদং কৰাতহে ব্যস্ত হােৱা দেখা গৈছিল । পৰৱর্তী সময়ছােৱাত সম্রাট ষষ্ঠদশ লুইৰ পত্নী মেৰী এন্টনিয়েটৰ বিলাসী জীৱন তথা ৰাজপৰিয়াল আৰু উচ্চশ্রেণীৰ লােকসকলৰ আড়ম্বৰপূর্ণ জীৱন প্ৰণালীত ফ্রান্স । ৰাজকোষ প্রায় উদং হৈ পৰিছিল । কৰৰ প্ৰচণ্ড বােজাত সাধাৰণ প্ৰজাৰ অৱস্থা শােচনীয় । হৈ পৰিছিল । সম্রাট ষষ্ঠদশ লুইৰ দুজন সুদক্ষ মন্ত্রী টার্গো আৰু নেকাৰে ফ্রান্স । অর্থনৈতিক উন্নয়নৰ বাবে বাস্তৱ আৰু সময়ােপযােগী পৰিকল্পনা প্রস্তুত কৰিছিল যদিও উচ্চশ্রেণী আৰু ৰাণীৰ হস্তক্ষেপত সেই পৰিকল্পনাই বাস্তৱত ৰূপায়িত হােৱাটো দূৰৰে কথা , বৰং এই দুয়ােজন লােকেই মন্ত্রিত্ব হেৰুৱাবলগীয়াত পৰিছিল । এই সময়ছােৱাত ফ্রান্সৰ ৰাজনৈতিক ক্ষেত্ৰত সম্পূৰ্ণৰূপে যাজক আৰু অভিজাত শ্রেণীৰ প্ৰভাৱ পৰিছিল । সামাজিক ক্ষেত্ৰটো তেওঁলােকে সকলাে সুবিধা লাভ কৰিছিল । অর্থনৈতিক ক্ষেত্ৰত ফ্রান্সৰ অৱস্থা তেনেই দেউলীয়া হৈ পৰিছিল । দেশৰ শতকৰা নিৰানব্বৈ ভাগ জনসংখ্যাৰে গঠিত সাধাৰণ শ্ৰেণীৰ লােকৰ অৱস্থা সকলাে দিশৰ পৰাই ভয়ংকৰ হৈ উঠিছিল । এনে সময়তে ফ্রান্সত দার্শনিক , চিন্তাবিদ তথা বুদ্ধিজীৱীসকলৰ যি প্রবাহ বৈছিল , তাৰদ্বাৰা মধ্যবিত্ত শিক্ষিত শ্ৰেণীটো অনুপ্রাণিত হৈছিল । এই দার্শনিকসকলৰ শিকণিয়ে জনসাধাৰণৰ মনত বহুদিনৰ পৰা ঘূপ খাই থকা ক্ষোভ , হতাশা , নিৰাশা আদিক জোকাৰি বিপ্লৱী কৰি তুলিছিল । সেয়েহে ফ্ৰান্সৰ সাধাৰণ শ্ৰেণীৰ লােকসকলে প্রচলিত ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰি বিপ্লৱৰ পথ বাছি লৈছিল । ফ্ৰান্সৰ সম্রাট যষ্ঠদশ লুইৰ দিনত ফ্রান্সৰ অর্থনীতিৰ যি চৰম অবনতি ঘটিছিল তাৰ পৰিত্ৰাণ বিচাৰি সম্রাট সর্বসাধাৰণ ৰাইজৰ ওচৰ চাপিবলৈ বাধ্য হৈছিল । ষষ্ঠদশ লুইয়ে ফ্ৰান্সৰ অর্থনৈতিক সমস্যাৰ সমাধানৰ বাবে জাতীয় প্রতিনিধি সভাৰ আহ্বান কৰিবলৈ বাধ্য হৈছিল । এই সভাৰ আহ্বানৰ ফলত ফ্রান্সৰ সামাজিক শ্রেণীটোৱে নিজৰ দাবী , অধিকাৰ , ন্যায্যপ্রাপ্তি আদিৰ বাবে মাত মাতিবলৈ সুবিধা পাইছিল । ১৭৮৯ চনত ফ্রান্সত জাতীয় প্রতিনিধি সভা আহ্বানৰ লগে লগেই আনুষ্ঠানিকভাবে ফ্ৰান্সৰ সামাজিক শ্রেণীৰ ৰাজনৈতিক , অর্থনৈতিক , সামাজিক আদি ক্ষেত্ৰত পৰিৱৰ্তনৰ দাবী তীব্র হৈ পৰিছিল আৰু ইয়াৰ পৰিণতি স্বৰূপে ফৰাচী বিপ্লৱ আৰম্ভ হৈছিল । ফৰাচী বিপ্লবত সামাজিক শ্ৰেণীৰ অংশ গ্রহণৰ উল্লেখযােগ্য পদক্ষেপসমূহ আছিল—
● জাতীয় প্রতিনিধি সভাৰ আহ্বান ( Meeting of State General )
ষষ্ঠদশ লুইৰ ৰাজত্বকালত ফ্ৰান্সৰ অর্থনৈতিক অৱস্থা ইমানেই শােচনীয় হৈ পৰিছিল যে তাৰপৰা পৰিত্ৰাণ বিচাৰি তেওঁ ১৭৬ বছৰৰ পাছত ফ্রান্সত জাতীয় প্রতিনিধি সভাৰ আহ্বান কৰিবলৈ বাধ্য হৈছিল । এই জাতীয় সভা বা জাতীয় প্রতিনিধি সভাত তিনিখন সদন আছিল
ক ) যাজক শ্ৰেণীৰ প্রতিনিধিক লৈ গঠিত হৈছিল প্রথম সদন ( First Estate )
খ ) অভিজাতসকল লৈ গঠিত হৈছিল দ্বিতীয় সদন ( Second Estate ) আৰু
গ ) সৰ্বসাধাৰণ লােকৰ প্রতিনিধিৰে গঠিত হৈছিল তৃতীয় সদন ( Third Estate )
এই প্রতিখন সদনৰে একোটাকৈ ভােট দিয়াৰ অধিকাৰ আছিল । আনহাতে , কোনাে সদস্যৰে ব্যক্তিগত ভােটাধিকাৰ নাছিল । এইখন সভাতে উচ্চশ্রেণীৰ লােকসকলৰ প্রভূত্ব চলিছিল । কাৰণ বিশেষ সিদ্ধান্ত ল'বৰ ক্ষেত্ৰত প্ৰথম আৰু দ্বিতীয় সদনে । একপক্ষ হৈ ভােট দিছিল । ফলত তৃতীয় এষ্টেটৰ কোনাে মত গ্ৰহণ কৰিব পৰা নহৈছিল আৰু এই সদন সংখ্যালঘিষ্ঠ হিচাপে পৰিগণিত হৈছিল ।
সম্রাট ষষ্টদশ লুইয়ে ষ্টেট জেনেৰেল আহ্বান কৰি যাজক শ্ৰেণীৰ পৰা তিনিশ , অভিজাত শ্রেণীৰ পৰা তিনিশ আৰু মধ্যবিত্ত কৃষক - শ্রমিক শ্রেণীৰ পৰা ছয়শ প্রতিনিধিক নিজ নিজ অঞ্চলৰ পৰা অভাৱ - অভিযােগৰ একোখন আর্জি ( Cahiers ) লৈ আহিবলৈ । নির্দেশ দিছিল । ১৭৮৯ চনৰ ৫ মে'ত ভার্চাইত জাতীয় প্রতিনিধি সভা অনুষ্ঠিত হৈছিল । কিন্তু সেইখিনি সময়তে সভাৰ প্রতিনিধিসকলৰ নিজৰ মাজতে মতবিৰােধ আৰম্ভ হয় । কাৰণ এই সভাত প্রতিটো শ্ৰেণীৰ লােক একেলগে বহি আলােচনা কৰিবনে প্রতিটো । শ্ৰেণীৰ সদস্যই পৃথক পৃথককৈ আলােচনাত বহিব তাৰ কোনাে স্পষ্ট নির্দেশনা নাছিল । আলােচনাৰ ক্ষেত্ৰ আৰু ভােট দিয়াৰ ক্ষমতাক লৈ এই প্রতিনিধিসকলৰ মাজত তুমুল বাক - বিতণ্ডা আৰম্ভ হয় । ফলত জাতীয় প্রতিনিধি সভাই ফ্ৰান্সৰ অর্থনৈতিক উন্নয়নৰ পৰিকল্পনাৰ সলনি নিজৰ আভ্যন্তৰীণ বিবাদ নিষ্পত্তিতহে মনােনিৱেশ কৰে ।
● জাতীয় সভাৰ দাবী ( Demand for National Assembly )
সাধাৰণ সভা ( Estates General ) আহ্বান কৰাৰ ফলত যি মতবিৰােধ চলি । আছিল , সেইখিনি সময়তে তৃতীয় শ্রেণীৰ প্রতিনিধিসকলে মত প্রকাশ কৰিছিল যে সাধাৰণ সভাখন কেৱল সামন্তসকলৰ অনুষ্ঠান নহয় । ই হ’ল সমগ্ৰ ফৰাচীসকলৰ প্রতিনিধিক লৈ গঠন হােৱা এক জাতীয় সভা ( National Assembly ) । গতিকে প্রতিটো শ্ৰেণীৰ লােক একলগ হৈ এই সভাত বহা উচিত আৰু প্ৰতিজন প্রতিনিধিৰে একোটাকৈ ভােটদান ক্ষমতা থাকিব লাগে । তৃতীয় শ্রেণীৰ এই মতক প্রথম আৰু দ্বিতীয় শ্রেণীৰ প্রতিনিধিসকলে ঘােৰ বিৰােধিতা কৰিছিল । কাৰণ প্ৰতিজন সদস্য । ভােটদান ক্ষমতা থাকিলে তৃতীয় শ্রেণীৰ হাতলৈ ক্ষমতা যােৱাৰ সম্ভাৱনীয়তা থাকিব পাৰে । পূৰ্বৰ ব্যৱস্থা মতে প্রথম আৰু দ্বিতীয় শ্রেণীটো সকলাে সিদ্ধান্তৰ ক্ষেত্ৰতে একমত হােৱাত সকলাে ক্ষমতা আৰু সুবিধা তেওঁলােকেই লাভ কৰি আহিছিল । কিন্তু যাজক আৰু অভিজাতসকলৰ এই বাধা নামানি তৃতীয় শ্ৰেণীৰ সদস্যসকলে নিজকে জাতীয় সভা ( National Assembly ) হিচাপে ঘােষণা কৰে । তেওঁলােকে আন দুটা । শ্ৰেণীৰ সদস্যসকলকো এই জাতীয় সভাত যােগদান কৰিবলৈ আহ্বান জনায় । আনহাতে , প্রথম শ্রেণীৰ যাজক আৰু দ্বিতীয় শ্রেণীৰ অভিজাতসকলৰ মাজতাে নিজৰ পদবীলৈ উচ্চ - নীচ ভাব আছিল । সেয়েহে তেওঁলােকৰ বহুতেই তৃতীয় শ্রেণীৰ মত প্রতি সমর্থন জনায় । তৃতীয় শ্রেণীৰ আহ্বানত সমর্থন জনােৱা উচ্চ শ্রেণীৰ দুজন উল্লেখযােগ্য লােক আছিল মিলু ( Mirabeau ) আৰু লাফায়েট ( Lafayette ) । মিৰাবু আৰু লাফায়েটৰ লগতে বহু উচ্চশ্রেণীৰ লােকে তৃতীয় শ্রেণীৰ লগত লগ লাগে । উপায়ন্তৰ হৈ সম্রাটে প্রথম আৰু দ্বিতীয় শ্রেণীৰ লােকসকলক তৃতীয় শ্রেণীৰ লগত একেলগে সভাত বহিবলৈ নির্দেশ দিয়ে । এই নির্দেশ আছিল ফৰাচী সর্বসাধাৰণৰ বিজয়ৰ প্ৰথম পদক্ষেপ । ১৭৮৯ চনৰ ২০ জুনৰ দিনা ভার্চাইৰ সভাঘৰ বন্ধ থকাৰ কাৰণে টেনিচ খেল পথাৰতে সাধাৰণ সভাৰ সদস্যসকল মিলিত হৈছিল । ফ্রান্সৰ ৰাজনীতিত সামাজিক শ্ৰেণীৰ অংশগ্ৰহণৰ এই সময়ছােৱাৰ পৰাই ফৰাচী বিপ্লৱ প্ৰকৃততে আৰম্ভ হৈছিল বুলি ক’ব পৰা যায় । ১৭৮৯ চনৰ ২৭ জুনত সম্রাট ষষ্ঠদশ লুইয়ে তিনিওখন সদনক একেলগে বহিবলৈ নির্দেশ দিয়ে । তদুপৰি প্ৰতিজন সদস্যৰ বাবে একোটাকৈ ভােটদানৰ ব্যৱস্থা কৰা হয় । এনেদৰেই সামাজিক শ্ৰেণীৰ অংশ গ্ৰহণৰ ফলত বহুবছৰ ধৰি ফ্রান্স নিষ্পেষিত নিপিড়ীত জনতাই নিজৰ প্রাপ্য বিচাৰি বিপ্লৱৰ পথত আগুৱাই যায় । সম্রাট ষষ্ঠদশ লুইয়েও সামাজিক শ্রেণীৰ এই অংশ গ্রহণক স্বীকাৰ কৰিবলৈ বাধ্য হৈ তেওঁলােকৰ দাবী মানি লয় ।
● বাষ্টিলৰ পতন ( Fall of Bastille ) :
ষষ্ঠদশ লুইয়ে ষ্টেট জেনেৰেল আহ্বান কৰাৰ পাছৰ পৰাই বিভিন্ন লােকৰ পেৰিচত সমাগম হৈছিল । এনেদৰে হােৱা বিভিন্নজনৰ উপস্থিতিয়ে পেৰিচৰ পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছিল । সম্রাটৰ কার্যাৱলীয়ে ইতিমধ্যে সর্বসাধাৰণ লােকসকলক বিদ্রোহী কৰি তুলিছিল । পেৰিচ আৰু ভাৰ্চাইৰ চাৰিওকাষে সৈন্যবাহিনী মােতায়েন কৰাৰ ফলত ৰজাৰ কার্যাৱলীৰ ওপৰত জনতাৰ সন্দেহ ঘনীভূত হ’বলৈ আৰম্ভ কৰে । সম্রাটে সৈন্যবাহিনীৰ হতুৱাই সংবিধান সভাখন কৰি দিব বুলি আৰু জাতীয় সভাৰ সদস্যসকলক বন্দী কৰিব বুলি সকলােৰে মনত সন্দেহৰ উদ্রেক হয় । ইফালে জনসাধাৰণৰ আশ্রয় স্থান আছিল সম্রাটৰ ভতিজাক ডিউক অব্ অন্সেৰ ( Duke of Orleans ) বাসগৃহ ( Royal Palace ) । অলেন্সে নিজৰ স্বার্থসিদ্ধিৰ বাবে বিপ্লৱীসকলক সমর্থন জনাইছিল । এনে পৰিস্থিতি চলি থাকোতেই বিখ্যাত বিপ্লৱী নেতা ডেচমুলিচে ৰয়েল পেলেচলৈ গৈ সকলাে লােককে অস্ত্র - শস্ত্র গােটাবলৈ আহ্বান জনায় । পেৰিচ চহৰত থকা কিছুমান ৰাজকীয় সৈনিকেও সর্বসাধাৰণৰ পক্ষ অৱলম্বন কৰে । পেৰিচৰ জাতীয় সভাই সৈন্য অপসাৰণৰ বাবে সম্রাটক অনুৰােধ জনাইছিল যদিও সম্রাটে এই অনুৰােধ প্রত্যাখ্যান কৰে । তদুপৰি আনৰ প্ৰৰােচনাত পৰি সম্রাটে মন্ত্রী নেকাবকে ব্যস্ত কৰে । সম্রাট এনে কার্যত অতীষ্ঠ হৈ ফ্ৰান্সৰ জনতাই সম্রাটৰ বিৰুদ্ধে হাতত অস্ত্র তুলি লবলৈ বাধ্য হয় । তেওঁলােকে ১৭৮৯ চনৰ ১৪ জুলাইৰ দিনা ৰজাৰ স্বেচ্ছাচাৰিতাৰ প্রতীক তথা ৰাজনৈতিক বন্দী ৰখা বেষ্টিল দুর্গ আক্রমণ কৰি ধ্বংস কৰে আৰু তাৰ সকলাে বন্দীক মুক্ত কৰি দিয়ে ( ফ্রান্সৰ সৰ্বসাধাৰণ জনতাই এই বাষ্টিল দুর্গটো বুকন বংশৰ স্বেচ্ছাচাৰিতাৰ প্রতীক হিচাপে গণ্য কৰিছিল । সেয়েহে , এই দুর্গৰ পতন ফৰাচী বিপ্লৱৰ এক সফল পদক্ষেপ তথা ফ্রান্সৰ ইতিহাসৰ এক উল্লেখযােগ্য ঘটনা । বাষ্টিলৰ পতনত ফৰাচীবাসী । অতি আনন্দিত হৈ উঠাৰ লগতে ১৪ জুলাই দিনটো ফ্ৰান্সৰ জাতীয় দিবস পালন কৰিবলৈ লয় ।
● পেৰিচ কমিউন ( Paris Commune )
ফ্ৰান্সৰ ইতিহাসত বাষ্টিল পতনৰ যথেষ্ট গুরুত্ব আছে । এই দুর্গ পতনৰ পাছতে পেৰিচৰ জনতাই পেৰিচ নগৰ দখল কৰি তাত গণতন্ত্ৰৰ ভিত্তিত শাসন প্রতিষ্ঠা কৰে । সম্রাট ষষ্ঠদশ লুইয়ে ১৭৮৯ চনৰ ১৫ জুলাইত পেৰিচৰ পৰা সৈন্য অপসাৰণ কৰে আৰু ১৬ জুলাইত নেকাৰক পুনৰ নিযুক্তি দিয়ে । ১৭ জুলাইত তেওঁ পেৰিচত গৈ উপস্থিত হৈ ফ্ৰান্সৰ নতুন জাতীয় পতাকাখনক অভিবাদন জনায় । এনেদৰেই ফ্রান্স পুৰণি শাসন ব্যৱস্থাৰ ৰাজতন্ত্রত খহনীয়া আৰম্ভ হ'বলৈ ধৰে । পেৰিচ নগৰখনৰ পৰিচালনাৰ বাবে নগৰৰ বিভিন্ন ঠাইৰ পৰা নির্বাচিত প্রতিনিধিসকলক লৈ কমিউন ( Paris Commune ) গঠন কৰা হয় । লেফায়েটৰ নেতৃত্বত এক জাতীয় বাহিনী ( National Groups ) গঠন কৰা হয় । পেৰিচৰ উদাহৰণ ফ্ৰান্সৰ অন্যান্য ঠাইৰ লােকসকলেও গ্রহণ কৰে । বহুঠাইত সর্বসাধাৰণ ৰাইজে শাসক প্ৰভুৰ বিৰুদ্ধে হাতত অস্ত্র তুলি লৈ তেওঁলােকৰ ওপৰত আক্রমণ চলায় । ফ্ৰান্সৰ সৰ্বসাধাৰণৰ এনে বিপ্লবী কার্যকলাপৰ ফলত বহুতাে অভিজাত লােকে ফ্রান্স এৰি পলাই যায় । আনহাতে , বহুতাে । চতুৰ অভিজাত লােকে আগতীয়াকৈ নিজৰ পূৰ্বৰ সুবিধাসমূহ পৰিত্যাগ কৰি সৰ্বসাধাৰণ লােকৰ লগত যােগদান কৰে । ফলত কম সময়ৰ ভিতৰতে সামাজিক বৈষম্য বহুখিনি দূৰ হয় । সামাজিক শ্ৰেণীৰ অংশ গ্রহণে ফৰাচী বিপ্লৱক সফলতাৰ দিশত অধিক ক্ষীপ্রতাৰে আগুৱাই নিয়ে ।
● ভার্চাই সমদল ( March of Versailles )
সাধাৰণ সভাৰ আহ্বান কৰাৰ পাছৰে পৰা ফৰাচী বিপ্লৱীসকলে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছিল , সেই পদক্ষেপসমূহে ফ্ৰান্সৰ অৰ্থনীতিৰ কোনােধৰণৰ পৰিবৰ্তন আনিব পৰা নাছিল । এই সভাই কৰা সংস্কাৰসমূহে সর্বসাধাৰণ ৰাইজৰ খাদ্যৰ অভাৱ আৰু অসন্তুষ্টি দূৰ কৰিব পৰা নাছিল । পেৰিচৰ জনসাধাৰণে সম্রাটক ভার্চাইৰ সলনি পেৰিচত থকাটো বিচাৰিছিল । কাৰণ ওচৰত থাকিলে সম্রাটক সহজে অভাৱ - অভিযােগবােৰ জনাই থাকিব পৰা যাব । ইতিমধ্যে ফ্রান্সাৰ অর্থনৈতিক অৱস্থা ইমান বেয়া পায় । পাইছিলগৈ যে সাধাৰণ প্ৰজাই এখন ৰুটিৰ বাবেও হাহাকাৰ কৰিব লগা হৈছিল । খাদ্য অভাৱ সকলাে ঠাইতে প্রকট হৈ উঠিছিল । অৱশেষত এনে পৰিস্থিতিত অতীষ্ঠ হৈ ১৭৮৯ চনৰ ৫ অক্টোবৰ তাৰিখে ফ্ৰান্সৰ ক্ষুধার্ত নাৰীয়ে হাতত লাখুটি লৈ ভাৰ্চাই অভিমুখে যাত্রা কৰিছিল । তেওঁলােকৰ দাবী আছিল এখন ৰুটি । তেওঁলােকে ভার্চাইৰ ৰাজপ্রসাদ ঘেৰাও কৰে । তেওঁলােকে বজাৰাণীক বাজপ্রাসাদৰ পৰা ওলাই আহি সমদলত যােগ দিবলৈ বাধ্য কৰায় । সেইদিনাই পেৰিচৰ সাধাৰণ শ্ৰেণীৰ তিৰােতাৰবাৰে ভার্চাইৰ পৰা ৰজা ষষ্টদশ লুই আৰু ৰাণী মেৰী এন্টনিয়েটক সমদল কৰি পেৰিচলৈ লৈ আহে । ইয়াৰ লগে লগে ভার্চাইত থকা সংবিধান সভাত পেৰিচলৈ উঠি আহে । ষষ্ঠদশ লুই আৰু ৰাণী মেৰী এণ্টনিয়েটক পেৰিচৰ টুইলাৰি প্রাসাদত নজৰ বন্দী কৰি বখা হয় ।
● সাংবিধানিক সভা ( Constituent Assembly ) :
১৭৮৯ চনত ফ্রান্সত জাতীয় সভাৰ কার্যাবলী আৰম্ভ হােৱাৰ পাছত এই সভাই সাংবিধানিক সভা নাম লয় ( Constitued Assembly ) । এই জাতীয় সাংবিধানিক সভাই ১৭৮৯ চনৰ অক্টোবৰৰ পৰা ১৭৯১ চনৰ ছেপ্টেম্বৰলৈ বহুতাে গুরুত্বপূর্ণ কাম কৰিছিল । ইয়াৰ প্রধান কার্যাৱলীসমূহ আছিল—
১. শ্রেণীবৈষম্য দূৰীকৰণ ঃ সুবিধাভােগী শ্রেণীটোৱে বহুবছৰ ধৰি ভােগ কৰি থকা সুবিধাসমূহ উঠাই দি ফ্রান্সত থকা শ্ৰেণীজাত বৈষম্য দূৰ কৰা হৈছিল ।
২. ফ্রান্সত ব্যক্তি আৰু নাগৰিক অধিকাৰ ঘােষণা ও ছােৰ দৰ্শনৰ আধাৰত ব্যক্তিৰ চৰ্ত আৰু স্বাধীনতা ঘােষণা কৰা হয় । এই ঘােষণা অনুসৰি ব্যক্তিৰ চৰ্তবােৰ হ'ল— ( ক ) স্বাধীনতাৰ স্বত্ব ( খ ) সম্পত্তিৰ স্বত্ব ( গ ) নিৰাপত্তাৰ স্বত্ব আৰু ( ঘ ) নিষ্পেষণ বাধা দিয়াৰ স্বত্ব ।
৩. এক নতুন আৰু সমৰূপ ( New and Uniform ) শাসন ব্যৱস্থা প্রতিষ্ঠা কৰা হয় । সমগ্ৰ দেশখনক তিৰাশীখন প্রদেশত ভাগ কৰি প্রদেশসমূহক পুনৰ জিলাত ভাগ কৰা হয় ।
৪. বাস্তিল দুর্গ দখলৰ দিনটো অর্থাৎ ১৪ জুলাই জাতীয় দিবস ( National Day ) হিচাপে পালন কৰিবলৈ লােৱা হয় ।
৫. অর্থনৈতিক সংস্কাৰঃ অর্থনৈতিক উন্নয়নৰ বাবে বিভিন্ন পৰিকল্পনা প্রস্তুত কৰা হয় । খ্রীষ্টান ধৰ্মৰ বিশাল ভূ - সম্পত্তিসমূহ বাজেয়াপ্ত কৰি সেইবােৰ আমানত ( Security ) হিচাপে ৰাখি কাগজব মুদ্রা তৈয়াৰ কৰা হয় ।
৬. খ্রীষ্টান ধর্মযাজকসকলক ৰাষ্ট্ৰৰ অধীন কৰা হয় আৰু তেওঁলােকৰ নিয়মীয়া দৰমহাৰ ব্যৱস্থা কৰা হয় । ১৭৯০ খৃঃত যাজকসকলৰ অসামৰিক সংবিধান ( Civil Constitution of Clergy ) প্রস্তুত কৰি ধৰ্মাজকসকলক এই সংবিধানৰ প্ৰতি আনুগত্য প্রদর্শন কৰিবলৈ নির্দেশ দিয়া হয় । এই সংবিধান গ্ৰহণ কৰা যাজকসকলক " সমত যাজক " ( Jwing Clergy ) আৰু গ্ৰহণ নকৰাসকলক বিমত যাজক " ( Non Jwing Clergy ) বােলা হয় । সমত যাজকসকলেহে দৰমহা পাইছিল । আনহাতে , এই যাজকসকলক পােপে অস্বীকাৰ কৰিছিল ।
৭ , ১৭৯১ চনত এখন সংবিধান ৰচনা কৰি বলবৎ কৰা হয় । এই সংবিধান । মণ্টেৰ ক্ষমতা বিভাজন সূত্রৰ ওপৰত প্রতিষ্ঠিত আছিল । এই সংবিধান অনুসৰি বজাক কার্যপালিকাৰ দায়িত্ব দিয়া হৈছিল যদিও সৈন্যবাহিনী , যাজক সম্প্রদায় আৰু স্থানীয় চৰকাৰৰ ওপৰত তেওঁৰ কর্তৃত্ব নাছিল । ৰজাক সহায় কৰিবৰ বাবে মন্ত্রী । পৰিষদৰ ব্যৱস্থা কৰা হয় । ৭৪৫ জন সদস্যৰে এখন বিধানসভা গঠন কৰি ইয়াৰ কামকাল দুবছৰ ধার্য কৰা হয় । ন্যায়পালিকাক পৃথক কৰি তােলা হয় । এই সংবিধানে । " মতা বিকেন্দ্রীকৰণ কৰি স্থানীয় চৰকাৰৰ মাজত অক্ষমতা প্রদান কৰে ।
এনেদৰে ফৰাচী বিপ্লৱক সর্বসাধাৰণ শ্ৰেণীৰ অংশগ্রহণে ফ্রাত সম্পূর্ণ বাজতন্ত্ৰৰ সলনি সীমিত ৰাজতন্ত্র প্রতিষ্ঠা কৰে । এই সাংবিধানিক সংসদে ফ্রান্সৰ ৰাজনৈতিক , সামাজিক , অর্থনৈতিক , ধর্মীয় আদি সকলাে দিশতে পৰিৱৰ্তন আনিছিল ।
● ৰাজতন্ত্ৰৰ পতন ( Fall of Monarchy )
ফ্রান্সৰ ৰজা ষষ্ঠদশ লুই সম্পূর্ণ ৰাজতন্ত্রত ( Complete Monarchy ) বিশ্বাসী । আছিল । ফৰাচী বিপ্লৱীসকলে কৰা গণতান্ত্রিক সংস্কাৰসমূহ ( Constitutional Reforms ) তেওঁ সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাছিল আৰু সুবিধা পালেই ইয়াৰ বিৰােধিতা কৰিছিল । যাজক , অভিজাত আৰু ৰাজবংশৰ একাংশই বিপ্লৱীসকলৰ কাৰ্যৰ সুবিধা পালেই বিৰােধিতা কৰিছিল । এই লােকসকলে বিপ্লৱৰ সময়ত ফ্ৰান্সৰ পৰা পলাই যােৱা অভিজাতসকলৰ ( Emigri ) লগত গােপনে যােগাযােগ কৰি ফ্রান্সত পূৰ্বৰ অৱস্থা প্রতিষ্ঠা কৰিব বিচাৰিছিল । এই এমিত্ৰিসকলৰ নেতৃত্ব দিছিল সম্রাট । ভায়েক কাউন্ট - দ্য - অটোবাই । ৰাণী মেৰী এন্টনিয়েটৰ ককায়েক অষ্টিয়াৰ সহাট দ্বিতীয় । লিওপণ্ডে ফৰাচী বিপ্লৱ বিৰােধী বিদেশীসকলৰ নেতৃত্ব লৈছিল । এওঁলােক সকলােৱে ফ্রান্স আক্ৰমণৰ বাবে সাজু হৈ উঠিছিল । এই ফৰাচী বিপ্লব বিৰােধীসকলৰ লগ ল'বৰ বাবে ষষ্ঠদশ লুই আৰু মেৰী এন্টনিয়েটে ছদ্মবেশেনে ফ্রান্স এৰি পলাই যাব বিচাৰােতে বিপ্লৱীসকলৰ হাতত ধৰা পৰে । ১৭৮৯ চনৰ ২০ জুনত হােবা সম্রাটৰ এনে পলায়নবাদী । কার্যক দেশদ্রোহী আখ্যা দিয়া হয় । ইয়াৰ পাছত নেচনেল কনভেনছন ( National Convention ) নামেৰে এখন জাতীয় সভাৰ আহ্বান কৰা হয় । এই সভাই ফ্রান্স ৰাজতন্ত্ৰৰ অৱসান ঘটাই নতুন শাসন প্রতিষ্ঠা কৰে । এই নেচনেল কনভেনছনে সম্রাটৰ বিচাৰ আৰম্ভ কৰে । এই বিচাৰত ৰজা দোষী সাব্যস্ত হয় আৰু সম্রাট ষষ্ঠদশ লুইক প্রাণদণ্ডৰ নির্দেশ দিয়া হয় । ইয়াৰ লগে লগেই ফ্রান্সত প্রথমবাৰলৈ ৰাজতন্ত্ৰৰ অৱসান ঘটে । এনেদৰেই সামাজিক শ্ৰেণীৰ অংশগ্রহণে ফ্রান্সত ৰাজনৈতিক পট পৰিৱর্তন কৰিছিল ।
● সন্ত্রাসৰ ৰাজত্ব ( Reign of Terror )
ফৰাচী বিপ্লৱৰ সময়ত ফ্রান্সৰ সম্রাট ষষ্ঠদশ লুইৰ মৃত্যুদণ্ড দিয়াৰ পাছত ফ্রান্স আভ্যন্তৰীণ বিশৃংখলতাই দেখা দিয়ে । তদুপৰি ৰাজতন্ত্র প্রচলিত থকা বিদেশী ৰাষ্ট্রসমূহেও ফ্রান্সত ৰাজতন্ত্র পুনৰ প্ৰতিষ্ঠাৰ বাবে সংগঠিত হয় । অষ্ট্ৰিয়াৰ সম্রাট লিও পণ্ডে পুছিয়াৰ সম্রাট দ্বিতীয় ফ্রেডাৰিক উইলিয়ামৰ ( Federick Willium II ) লগ লাগি পিলনিষ্ট ( Pillnitz ) নগৰত ঘােষণা কৰিছিল যে ফ্ৰান্সৰ ৰাজতন্ত্র প্রতিষ্ঠা আৰু শান্তি স্থাপন ইউৰােপৰ সকলাে ৰজাৰ উদ্দেশ্য । বিদেশী ৰাষ্ট্ৰসমূহৰ এই পিলনিষ্ট ঘােষণাই দেশপ্রেমিক ফৰাচীসকলৰ মনত দেশপ্রেমৰ ভাব অধিক জাগ্রত কৰি তােলে । ফ্রান্সৰ স্বাধীনতা । তথা প্রজাতন্ত্র বিপদাপন্ন হােৱাৰ এনে পৰিস্থিতিত ফ্রান্সৰ বিপ্লৱীসকলে তথা জেকবিনসকলে ক্ষমতা অধিগ্রহণ কৰি সত্ৰাসৰ যােগেদি জনসাধাৰণক ঐক্যবদ্ধ কৰি । বিদেশী আক্রমণ প্রতিৰােধ কৰিব বিচাৰিছিল । ফ্রান্সত নতুনকৈ পতা নির্বাচন মতে যিখন নতুন সংসদ গঠিত হ'ল এই সংসদ জাতীয় অভিৱৰ্তন ( National Convention , 1792-95 ) হিচাপে পৰিচিত । ফ্ৰান্সৰ আভ্যন্তৰীণ বিশৃংখলতাৰ নিয়ন্ত্রণ আৰু বহিঃ আক্ৰমণৰ পৰা প্ৰতিৰক্ষা পাবৰ বাবে জাতীয় অভিবর্তনে জন নিৰাপত্তা সমিতিৰ ( Committee of Public Safety ) হাতত কাৰ্যপালিকাৰ সম্পূর্ণ ক্ষমতা অর্পণ কৰিছিল । ১২ জনীয়া সদস্যৰে গঠিত এই সমিতিৰ হাতত ফ্রান্সৰ প্ৰতিৰক্ষা , শাসন আৰু প্ৰগতিৰ সম্পূর্ণ দায়িত্ব অর্পণ কৰা হৈছিল । জন নিরাপত্তা সমিতিৰ কঠোৰ শাসনক সন্ত্রাসৰাজ বা সন্ত্রাসৰ ৰাজত্ব ( Reign of Terror ) হিচাপে অভিহিত কৰা হয় । এই সমিতিৰ প্রধান অংগসমূহ আছিল—
( ক ) সাধাৰণ নিৰাপত্তা সমিতি ( Committee of General Security )
( খ ) বিপ্লৱী আদালত ( Revolutionary Tribunal ) আৰু
( গ ) সংসদ মিছন ( Deputies in Mission ) ।
সন্ত্ৰাসৰাজৰ সময়ছােৱাত জাতীয় অভিৱৰ্তনৰ সদস্যসকলে কঠোৰ নীতি নির্ধাৰণ কৰি ফ্ৰান্সৰ শাসন পৰিচালনা কৰিছিল । এই জাতীয় অভিৱৰ্তনত সে আৰু বাওঁ দুই পক্ষৰ সদস্য আছিল ( জেকবিনসকল আৰু জিৰােনিষ্টসকল ) । জেকবিনসকলৰ উল্লেখযােগ্য নেতা আছিল ডেন্টেনা ( Denton ) , মেৰেট ( Marat ) , ৰৱছপিয়ে ( Robospier ) , কাৰণাে ( Camot ) , চেইন্ট জষ্ট ( St. Jost ) ইত্যাদি । এই লােকসকলে নিম্ন মধ্যবিত্ত শ্রেণী আৰু কৃষক প্রতিনিধিত্ব কৰিছিল । ফ্ৰান্সৰ আভ্যন্তৰীণ আৰু বৈদেশিক সমস্যাৰ পৰা ৰক্ষা কৰিবৰ বাবে এই সাধাৰণ শ্ৰেণীৰ প্রতিনিধিসকলে । কঠোৰ , সময়ােপযােগী আৰু বাস্তৱ কাৰ্যপন্থা গ্ৰহণ কৰিছিল । জন নিৰাপত্তা সমিতিৰ অন্তর্গত সাধাৰণ নিৰাপত্তা সমিতিয়ে এক বিৰাট সৈন্যদল গঠন কৰিছিল । গণতন্ত্র । প্রতি সম্পূর্ণ আনুগতা থকা এই সৈনিকসকলে গণতন্ত্রৰ শত্ৰসকলক দেশৰ ভিতৰে বাহিৰে বাছি উলিয়াই নিধন কৰিছিল । গণতন্ত্র বিৰােধীসকলক বাছি উলিয়াই লিটিলত ( এবিধ শিৰচ্ছেদ কৰা শাল ) দি হত্যা কৰা হৈছিল । ৰাণী মেৰী এন্টনিয়েটে , মন্ত্রী মাদাম ৰ'লাকে ধৰি পেৰিচত প্রায় পাঁচ হাজাৰ লােকক গিল টিনত বধ কৰা হৈছিল । বিপ্লৱী আদালতে বিচাৰসমূহ কৰি তৎক্ষণাত কঠোর শাস্তিৰ ব্যৱস্থা কৰিছিল । আনহাতে , সংসদ মিছনে নাগৰিকক যুদ্ধলৈ পঠোৱা , ৰেচন - পাতি সংগ্রহ কৰা , যুদ্ধক্ষেত্ৰত সৈনিক । গতিবিধি লক্ষ্য কৰা আদি কামবােৰ কৰিছিল ।
১৭৯৮ খৃঃত জেকবিন দলত হােৱা বিভাজনৰ ফলত ফ্রান্সত সন্ত্রাসৰ ৰাজত্বৰৰ অন্ত পৰিছিল । অৱশেষত ডেণ্টন , ৰবচপিয়েৰ আদিকো গিলটিনত দি বধ কৰা হৈছিল ।
● ডাইৰেক্টৰী গঠন ( France under Directory , 1795-99 )
ফ্রান্সত সন্ত্রাসৰ ৰাজত্বৰ অন্ত পৰাৰ লগে লগে ৰক্ষণশীল মধ্যবিত্তসকলৰ হাতলৈ শাসন ক্ষমতা আহে । তেওঁলােকে ফ্ৰান্সৰ শাসনকার্যৰ বাবে তৃতীয়বাৰৰ বাবে এখন সংবিধান ৰচনা কৰে । ১৭৯৫ চনত ৰচনা কৰা ফ্ৰান্সৰ এই সংবিধানৰ মূল লক্ষ্য আছিল দ্বিসদনযুক্ত এখন সংসদ । এই সংবিধানে কার্যপালিকা হিচাপে পাঁচজন সদস্যৰে গঠিত এখন ডাইৰেক্টৰী প্রতিষ্ঠা কৰে । এই পাঁচজন সদস্যৰ মূল সদস্যজন প্রেচিডেন্ট হিচাপে গণ্য কৰা হৈছিল আৰু তিনিমাহৰ অন্তৰে অন্তৰে এই সদস্য পাঁচজনৰ প্ৰতিজনেই গ্রেচিডেন্ট হিচাপে গণ্য হৈছিল । এই ব্যৱস্থাৰ ফলত ফ্ৰান্সৰ শাসন ব্যৱস্থাত পুনৰ অৰাজকতাই দেখা দিছিল । ডাইৰেক্টৰীৰ শাসন ব্যৱস্থাত ফ্ৰান্সৰ অর্থনৈতিক আৰু সামাজিক দিশত কোনাে ধৰণৰ উন্নয়ন পৰিলক্ষিত হােৱা নাছিল । ১৭৯৫ চনৰ আগলৈকে ফ্রান্স বিপ্লৱৰ নীতি জনতাই অর্থাৎ সর্বসাধাৰণ লােকে নিৰ্দ্ধাৰণ কৰিছিল । কিন্তু ডাইৰেক্টৰী গঠনৰ পাছত জনসাধাৰণৰ অংশগ্ৰহণৰ বাট বন্ধ হয় । কিছু বছৰ পাছতে অর্থাৎ ১৭৯৯ চনত ডাইৰেক্টৰীৰ এজন সদস্য নেপােলিয়ন বােনাপার্টে সকলাে ক্ষমতা নিজৰ হাতলৈ আনে । তেওঁ নিজকে ফ্ৰান্সৰ সকলাে সার্বভৌম ক্ষমতাৰ অধিকাৰী হিচাপে প্রতিষ্ঠা কৰে । এনেদৰেই সামাজিক শ্ৰেণীৰ অংশগ্রহণে আৰম্ভ কৰা ফৰাচী বিপ্লৱৰ এক বিফল পৰিণতি ঘটে আৰু সামাজিক শ্রেণীৰ অংশগ্ৰহণৰ সুবিধা সম্পূৰ্ণৰূপে লােপ পায় ।
লেখক: স্বপ্না কাকতি
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
যিসকল বীৰৰ বীৰত্বৰ কাহিনীৰে বিশ্ব ইতিহাসৰ পৃষ্ঠা ভৰাই ৰাখিছে , সেইসকলৰ ভিতৰত উল্লেখযােগ্য নাম হৈছে নেপােলিয়ন বােনাপার্ট । ফৰাচী বিপ্লৱৰ পাছত ফ্রান্স ইতিহাসৰ মূল নায়কজন হৈ পৰিছিল নেপােলিয়ন বােনাপার্ট । “ মই বিপ্লৱৰ সন্তান আৰু ময়ে বিপ্লৱক ধ্বংস কৰিছাে ” বুলি নেপােলিয়নে যি ঘােষণা কৰিছিল তেওঁৰ সেই বক্তব্যতে নিজৰ ব্যক্তিত্ব , চৰিত্র , আদর্শ , উদ্দেশ্য , উচ্চাকাংক্ষা আদি সকলাে প্রকাশ পাইছে । নেপােলিয়নক যুদ্ধৰ ৰক্ষক আৰু ভক্ষক— এই দুই ধৰণেই অভিহিত কৰিব পাৰি । ফৰাচী বিপ্লৱৰ সময়ত ফ্রান্সত সকলাে দিশতে যি জটিল পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেই সমস্যাসমূহৰ সমাধানৰ জৰিয়তে ফ্ৰান্সৰ আর্থ - সামাজিক তথা ৰাজনৈতিক পৰিৱৰ্তনৰ যি অহৰহ প্রচেষ্টা চলি আছিল তাৰ ফলস্বৰূপেই আর্বিভার হৈছিল নেপােলিয়ন বােনাপার্ট ।
ফৰাচী বিপ্লৱৰ সফলতাৰ প্রথম পদক্ষেপ হিচাপে ১৭৯২ খৃঃৰ ২২ ছেপ্টেম্বৰত ফ্রান্সৰ জাতীয় অভিৱর্তনে ( National Convention ) পােন প্ৰথমবাৰৰ বাবে ফ্রান্স পৰা ৰাজতন্ত্র উচ্ছেদ কৰি গণতন্ত্র প্রতিষ্ঠা কৰে । ফ্রান্সৰ বুৰবন বংশৰ সম্রাট ষষ্ঠদশ লুইক প্রাণদণ্ড দিয়াৰ পাছত ফ্রান্সত যি গণতন্ত্রৰ ভেঁটি প্রতিষ্ঠা কৰা হয় , সেই গণতন্ত্র শাসকসকলে ফ্রান্সৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন কৰি ফ্রান্সৰ উন্নয়নৰ পৰিকল্পনা কৰিছিল । ১৭৯৫ চনত এই নেচনেল কনভেনচনে এখন । নতুন সংবিধান ৰচনা কৰি ফ্রান্সত এক নতুন শাসনব্যৱস্থা প্রবর্তন কৰে । ফ্রান্সৰ এই নতুন সংবিধান অনুসৰি পাঁচজন সদস্যৰে গঠিত “ ডাইৰেক্টৰী ” নামৰ এখন সমিতিৰ হাতত কার্যনির্বাহক ক্ষমতা প্রদান কৰা হয় । এই ডাইৰেক্টৰীৰ সদস্যসকলক বিধানমণ্ডলে নির্বাচন কৰে । ডাইৰেক্টৰীৰ কার্যকাল পাঁচবছৰ ধার্য কৰি প্ৰতিবছৰে একোজন সদস্য । সলনি কৰাটো স্থিৰ কৰা হয় । কিন্তু ফ্রান্সত মাত্র চাৰিবছৰৰ বাবেহে এই ডাইৰেক্টৰীৰ শাসন বৰ্তি থাকিবলৈ সক্ষম হয় ।
ফ্রান্সত সন্ত্ৰাসৰ ৰাজত্বৰ অন্ত পেলােৱা আৰু ৰাজতন্ত্ৰৰ সমর্থকসকলক সম্পূর্ণরূপে । দমন কৰি দেশত শান্তি - শৃংখলা বজাই ৰখাটোৱেই ডাইৰেক্টৰীৰ মূল লক্ষ্য আছিল যদিও বৈদেশিক নীতিৰ ক্ষেত্ৰত লােৱা কিছু ভুল সিদ্ধান্তই ডাইৰেক্টৰীৰ শাসনৰ প্রতি ভাবুকিৰ সৃষ্টি কৰে । বৈদেশিক শক্তিসমূহ ফ্রান্সৰ বিপক্ষে একত্ৰিত হােৱাৰ উমান পাই ফৰাচীসকলে ফ্রান্সক ৰক্ষাৰ বাবে এজন যােগ্য নেতাৰ সন্ধান কৰে । সেইছােৱা সময়ত ফ্রান্সৰ ভিতৰে বাহিৰে সকলাে ক্ষেত্রতে সফল হােৱা আৰু জনপ্রিয়তা লাভ কৰা একমাত্র ব্যক্তিজন হৈ উঠিছিল নেপােলিয়ন বােনাপার্ট । সেয়েহে বাস্তৱ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ১৭৯৯ খৃঃৰ নৱেম্বৰ মাহত ডাইৰেক্টৰীৰ অনাতম সদস্য আবে চিয়ে ( Abe Sieyes ) আৰু ভাতৃ লুচিয়েনৰ ( Lucien ) সহায়ত নেপােলিয়নে ডাইৰেক্টৰীৰ শাসন অন্ত পেলাই নিজকে কনচুল ( Consul ) হিচাপে প্রতিষ্ঠা কৰে । ১৭৯৯ চনৰ পৰা ১৮০৪ চনলৈ ফ্রান্সত কনচুলৰ শাসন চলিছিল । কনচুলৰ শাসনকালত ফ্রান্সত যি সংবিধান ৰচনা কৰা হৈছিল সেই সংবিধান “ কনষ্টিটিউচন অব দ্য ইয়েৰ এইট " ( Constitution of the year viii ) হিচাপে জনা গৈছিল । এই সংবিধান অনুসৰি তিনিজন কনচুলৰ হাতত ফ্ৰান্সৰ শাসনৰ দায়িত্ব দিয়া হৈছিল । এই তিনিজন কনচুলৰ ভিতৰত নেপােলিয়ন আছিল মুখ্য কনচুল ( Chief Consule ) । কচুলসকলে চিনেটৰ সদস্যসকলক ( Senate ) নির্বাচন কৰিব পাৰে আৰু চিনেটৰ সদস্যসকলে তর্কসভা ( Tribunate ) আৰু বিধানসভাৰ ( Legislative Body ) সদস্যসকলক নির্বাচন কৰিব পাৰে । মুখ্য কনচুজনে প্রস্তুত কৰা আইনৰ প্ৰস্তাৱসমূহ তর্কসভাই আলােচনা কৰাৰ পাছত বিধানসভাই তাক অনুমােদন জনালেহে আইন হিচাপে গৃহীত হােৱাৰ ব্যৱস্থা আছিল । ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে এই ব্যৱস্থাত সম্পূর্ণ ক্ষমতা মুখ্য কনচুলজনৰ হাতত আছিল কাৰণ বিধানমণ্ডলক তেওঁ নিয়ােগ কৰিছিল বাবে তেওঁৰ বিপক্ষে মাত মাতিব পৰা সাহস বিধান মণ্ডলৰ সদস্যসকলৰ কাৰােৱেই নাছিল ।
অতি কম সময়ৰ ভিতৰতে নেপােলিয়নৰ আধিপত্যবাদী ব্যক্তিত্ব , বুদ্ধিমত্তা আৰু কার্যক্ষমতাৰ আগত বাকী দুজন কনচুল একেবাৰে অকর্মণ্য হিচাপে বিবেচিত হৈছিল । ফলত ডাইৰেক্টৰীৰ শাসকসকলৰ পৰা অতীষ্ঠ হৈ উঠা ফ্ৰান্সৰ জনসাধাৰণে নেপােলিয়ন বীৰত্ব , নীতি আৰু ব্যক্তিত্বত আকর্ষিত হৈ গণভােটৰ জৰিয়তে তেওঁৰ স্বেচ্ছাচাৰিতাক স্বীকৃতি দিয়ে । ১৮০২ খৃঃত দ্বিতীয় বাৰ হােৱা গণভােটৰ জৰিয়তে নেপােলিয়ন বােনাপার্টে নিজকে আজীৱন কনচুল হিচাপে প্রতিষ্ঠা কৰে । এনেদৰেই ১৭৬৯ চনৰ ১৫ আগষ্টত কার্চিকা দ্বীপৰ আজেচিও নগৰত জন্মগ্রহণ কৰা নেপােলিয়ন বােনাপার্টে নিজৰ ব্যক্তিত্ব , বুদ্ধিমত্তা , দক্ষতা তথা সময়ােপযােগী বাস্তৱ কার্যপন্থাৰ জৰিয়তে অতিকম সময়ৰ ভিতৰতে নিজকে ফ্ৰান্সৰ সর্বোচ্চ ক্ষমতাৰ অধিকাৰী হিচাপে প্রতিষ্ঠা কৰে । ইটালীয় বংশজাত চার্চ আৰু লেটি জিয়াৰ দ্বিতীয় পুত্র নেপােলিয়নে পেৰিচ মহানগৰীৰ ওচৰৰ ব্রিয়েন নগৰীত গণিত , ইতিহাস , দর্শন আৰু সামৰিক বাহিনীত ছেকেণ্ড লেফটেনেন্ট হিচাপে নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল । কনচুল হিচাপে প্রতিষ্ঠা হােৱাৰ পাছত তেওঁ ফ্রান্সৰ উন্নয়নৰ বাবে বিভিন্ন সংস্কাৰমূলক কার্য্য হাতত লৈছিল ।
I. আভ্যন্তৰীণ সংস্কাৰ ( Internal Reforms ) ঃ
নেপােলিয়নে ফ্রান্সৰ আভ্যন্তৰীণ বিকাশৰ বাবে বিভিন্ন সংস্কাৰমূলক কার্যসূচী গ্রহণ কৰিছিল । তেওঁৰ সংস্কাৰসমূহ হ’ল—
১ ) প্রশাসনিক সংস্কাৰ ( Administrative Reform )
২ ) শিক্ষাৰ সংস্কাৰ ( Educational Reform )
৩ ) ধর্মীয় সংস্কাৰ ( Religious Reform )
৪ ) অর্থনৈতিক সংস্কাৰ ( Economic Reform ) আৰু
৫ ) অন্যান্য সংস্কাৰ ( Other Reform )
১ ) প্রশাসনিক সংস্কাৰ ( Administrative Reform ) ঃ
প্রশাসনিক ক্ষেত্ৰত নেপােলিয়নে কিছু নতুনত্ব আনিব বিচাৰিছিল । তেওঁৰ সংস্কাৰৰ প্রধান লক্ষ্য আছিল দেশৰ শান্তি - শৃংখলা প্রতিষ্ঠাৰ দ্বাৰা সৰ্বাংগীন উন্নয়ন তথা নিজকে দেশৰ সার্বভৌম ক্ষমতাৰ অধিকাৰী হিচাপে প্রতিষ্ঠা কৰা । নেপােলিয়নে প্রশাসনিক দিশত কৰা সংস্কাৰসমূহ আছিল—
( ক ) কেন্দ্রীভূত শাসনব্যবস্থা ( Contralised Administration ) নেপােলিয়নে ফ্রান্সত কেন্দ্রীভুত শাসন প্রতিষ্ঠা কৰিছিল । স্থানীয় প্রশাসন আৰু ক্ষমতাৰ বিকেন্দ্রীকৰণ নীতিৰ তেওঁ বিৰােধী আছিল । মেয়ৰ , চাব - মেয়ৰ , চাব - প্রিফেক্ট আদি সকলাে স্থানীয় প্রশাসনক তেওঁ নিজেই নিযুক্তি দিছিল । নেপােলিয়নৰ মতে এক সবল কেন্দ্রীভূত শাসনেহে ফ্রান্সৰ স্থিৰতা আনিব পাৰিব । অৱশ্যে নেপােলিয়নৰ এই নীতি ফৰাচী বিপ্লৱৰ গণতান্ত্রিক নীতিৰ সম্পূর্ণ বিৰােধী আছিল ।
( খ ) সমতা ( Equality ) ঃ নেপােলিয়নে ফৰাচী বিপ্লৱৰ এক মূল নীতি সমতাৰ নীতি’ক সম্পূর্ণরূপে সমর্থন জনাইছিল । তেওঁৰ মূল আদর্শ আছিল “ আইনৰ ওচৰত সকলাে সমান , সকলােৱে সমান সুবিধা ভােগ কৰিব লাগে ” , তেওঁ সামাজিক শ্রেণী ধর্ম , বংশ আদিৰ বৈষম্য একেবাৰে মানি লােৱা নাছিল । তেওঁৰ প্ৰধান নীতি আছিল জন্মগত বা বংশগত উচ্চ - নীচৰ সলনি যােগ্যতাক সম্মান প্রদর্শন কৰা । বিভিন্ন নিযুক্তিৰ ক্ষেত্ৰত তেওঁ সামাজিক উচ্চ - নীচ বিচাৰ নকৰি সম্পূর্ণ প্রতিভা আৰু মেধাৰ ভিত্তিত নিযুক্তি দিছিল । শিক্ষিত প্রতিভাৱান লােকসকল বিশেষকৈ জাতীয় বী , সাহিত্যিক , শিল্পী , বৈজ্ঞানিক আদিৰ প্ৰতিভাক সামাজিক স্বীকৃতি দি তেওঁলােকক সমাজৰ এক সন্মানিত তথা আগশাৰীৰ সম্প্রদায় হিচাপে পৰিগণিত কৰিছিল ।
( গ ) আইনৰ সংস্কাৰ ( Reform in Law ) নেপােলিয়নে আইনৰ সংস্কাৰ সাধন কৰি আইনৰ চকুত সকলােকে সমানে হিচাপে প্রতিষ্ঠা কৰিছিল । তেওঁ বহুদিনৰ পৰা অত - ত'ত সিঁচৰিত হৈ থকা আইনসমূহ একগােট কৰি লিপিবদ্ধ কৰিছিল । এই আইন “ নেপােলিয়ন সংবিধি ” ( Code of Nepolean ) হিচাপে জনাজাত । তেওঁ বিচাৰ ব্যৱস্থা স্বচ্ছ আৰু বাস্তবমুখী কৰিবৰ উদ্দেশ্যে বিশেষজ্ঞৰ হতুৱাই দেৱানী আৰু ফৌজদাৰী আইনসমূহৰ পৰীক্ষা কৰাইছিল । তেওঁৰ এই আইনৰ সংস্কাৰসমূহ পাছলৈ । ইউৰােপৰ অন্যান্য দেশসমূহেও গ্রহণ কৰিছিল ।
২ ) শিক্ষাৰ সংস্কাৰ ( Educational Reform ) : নেপােলিয়নে এক জাতীয় শিক্ষানীতি গ্রহণ কৰিছিল । তেওঁ শিক্ষাৰ দায়িত্ব পুর্বৰ গীর্জাৰ হাতৰ পৰা চৰকাৰৰ হাতলৈ আনিছিল । তেওঁৰ মতে শিক্ষাৰ মূল লক্ষ্য হােৱা উচিত নৈতিক আদর্শ আৰু কঠোৰ শৃংখলা । শিক্ষা বিস্তাৰৰ উদ্দেশ্যে তেওঁ বহুতাে বিদ্যালয় , মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপন কৰিছিল ।
৩ ) ধর্মীয় সংস্কাৰ ( Religious Reform ) ঃ নেপােলিয়নে ফ্রান্সৰ ধর্মীয় ক্ষেত্ৰতাে সংস্কাৰ সাধন কৰিছিল । তেওঁৰ মতে ধর্ম হ'ল “ এক ৰাজনৈতিক হাতিয়াৰ , সমাজ বন্ধনৰ উপায় আৰু নিৰাপদ ব্যৱস্থা ” ( a useful political instrument , a social cement and a safety valve ) cod ধর্মক ৰাষ্ট্ৰৰ নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হৈছিল । ১৮০২ খৃঃত তেওঁ পােপ সপ্তম পীউৰ লগত এক চুক্তি স্বাক্ষৰ কৰিছিল । এই চুক্তিক ধর্মচুক্তি বা কনকর্দা ( Concorda ) হিচাপে জনা যায় । এই চুক্তিৰ প্ৰধান চর্তসমূহ আছিল—
ক ) কেথলিক ধর্ম ফ্ৰান্সৰ ৰাষ্ট্ৰীয় ধৰ্মৰূপে স্বীকৃতি হয় ।
খ ) বিপ্লৱৰ সময়ত বাজেয়াপ্ত ধর্মোত্তৰ মাটি - সম্পত্তিসমূহ ঘূৰাই দিয়া নহ'ব ।
গ ) গীর্জাই ধৰ্মৰ নামত কৰ লগাব নােৱাৰিব ।
ঘ ) ধর্মযাজকসকলে ৰাষ্ট্ৰৰ পৰা দৰমহা পাব ।
ঙ ) শিক্ষাক ধর্মীয় নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰা হয় ইত্যাদি ।
৪ ) অর্থনৈতিক সংস্কাৰ ( Economic Reform )
নেপােলিয়নৰ অর্থনৈতিক সংস্কাৰসমূহৰ ভিতৰত উল্লেখযােগ্য আছিল—
ক ) ব্যৱসায় আৰু শিল্পীসকলক আর্থিক সাহায্য প্রদানৰ বাবে বেংক প্রতিষ্ঠা ।
খ ) মুদ্রানীতিৰ সংস্কাৰ ।
গ ) ৰাজহ নিৰ্দ্ধাৰণ আৰু সংগ্ৰহৰ ক্ষেত্ৰত সংস্কাৰ ইত্যাদি ।
৫ ) অন্যান্য সংস্কাৰ ( Other Reform )
নেপােলিয়নে কেৱল ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰতে সীমাবদ্ধ থকা নাছিল । তেওঁ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰটো বিভিন্ন সংস্কাৰমূলক কাম কৰিছিল । তেওঁ বহু নতুন ৰাস্তা - ঘাট আৰু দলং নিৰ্মাণ কৰিছিল । ৰাস্তাৰ কাষত গছ ৰুই শােভাবর্ধন কৰাৰ লগতে বাটৰুৱাৰ সুবিধা কৰি দিছিল । তেওঁ পেৰিচ নগৰখন অতি সুন্দৰকৈ সজাই তুলিছিল । শিল্পী সাহিত্যিকসকলৰ প্রতি সম্মান প্রদর্শন কৰি তেওঁলােকক সমাজত আগস্থান দিছিল । তেওঁ আনকি সৈনিকসকলৰ লগত শিল্পী ৰখাৰৰ ব্যৱস্থা কৰিছিল । ইটালী , ইজিপ্ট আদি আক্ৰমণৰ সময়ত তাৰ স্থাপত্য আৰু ভাস্কর্যসমূহ যাতে নষ্ট নহয় তাৰ প্রতি লক্ষ্য ৰাখিছিল । তেওঁ বিভিন্ন দেশৰ শিল্পকলাৰ নমুনা সংগ্রহ কৰি আনি সেইবােৰ নিজ দেশত সযত্নে ৰাখিছিল । এই কার্যসমূহৰ জৰিয়তে তেওঁৰ মনৰ সাংস্কৃতিক আৰু বৌদ্ধিক দিশটোৰ প্রতিফলন ঘটিছিল । এনেবােৰ সংস্কাৰধৰ্মী কার্যৰ ফলত অতি কম সময়ৰ ভিতৰতে তেওঁ ফ্রান্সৰ জনপ্রিয় নেতা হিচাপে পৰিগণিত হৈছিল । তেওঁৰ কেন্দ্রীভূত শাসন তথা স্বেচ্ছাচাৰিতা ফৰাচী বিপ্লৱৰ পৰিপন্থী আছিল যদিও ফ্রান্স জনসাধাৰণে তেওঁক কনচুল হিচাপে চিৰস্থায়ীভাৱে নিযুক্তি পােৱাত সমর্থন কৰিছিল । ফৰাচী বিপ্লৱৰ গণতান্ত্রিক ভাবধাৰাক তেওঁ নির্মূল কৰিছিল যদিও তেওঁৰ আভ্যন্তৰীণ সংস্কাৰসমূহে ফ্ৰান্সৰ উন্নতিত অৰিহণা যােগাইছিল ।।
II . নেপােলিয়নৰ যুদ্ধসমূহ আৰু মহাদেশীয় নির্বন্ধ নীতি ( Napoleonic Wars and Continental System ) :
নেপােলিয়ন বােনাপার্ট আছিল এজন বিশ্ববিখ্যাত বীৰ । আলেকজেণ্ডাৰ , জুলিয়াচ চিজাৰ আদিৰ দৰেই নেপােলিয়নেও বিশ্ববিজয়ৰ সপােন দেখিছিল । নেপােলিয়নৰ তীক্ষ্ণ বুদ্ধি , সমৰ কৌশল আৰু সময়ােপযােগী বাস্তৱ সিদ্ধান্তই তেওঁক বিশ্বৰ অন্যতম বীৰ - যােদ্ধাসকলৰ শাৰীত স্থান পাবলৈ সক্ষম কৰি তুলিছিল । ফৰাচী বিপ্লৱৰ সময়তে ফ্রান্সত নেপােলিয়নৰ উত্থান ঘটিছিল । তেওঁৰ সমগ্ৰ জীৱন যুঁজ - বাগৰৰ মাজেদিয়েই । অতিক্রম কৰিছিল । ১৬ বছৰ বয়সতে ফৰাচী সামৰিক বাহিনীৰ চেকেণ্ড লেফটেনেন্ট পদত যােগদান কৰা নেপােলিয়নে ফৰাচী বিপ্লৱৰ সময়ত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছিল । সেই বিপ্লৱৰ সময়ত ১৭৯৩ চনত তুলন বন্দৰৰ পৰা ইংৰাজ সৈন্যবাহিনীক খেদি পঠাই তেওঁ প্ৰথমবাৰৰ বাবে নিজৰ বীৰত্বৰ পৰিচয় দিছিল । ১৭৯৫ চনত তেওঁ পেৰিচৰ উন্মত জনতাক দমন কৰিবলৈ সক্ষম হৈছিল । নেপােলিয়নৰ এনেবােৰ সফল কাৰ্যৰ বাবে তেওঁ উচ্চপদস্থ বিষয়াসকলৰ দৃষ্টিগােচৰ হৈছিল । ২২ বছৰ বয়সত নেপােলিয়ন বােনাপার্টত ডাইৰেক্টৰ কাৰণেই ইটালিয়ান সেনাধ্যক্ষ পতাৰ পাছৰ পৰাই তেওঁৰ বিজয় অভিযান আৰম্ভ কৰে । তেতিয়াৰ পৰা ১৮১৫ চনৰ ১৮ জুনত ৱাটাৰলু যুদ্ধত হাৰি চেইন্ট হেলেনা দ্বীপত নির্বাসন পােৱালৈকে নেপােলিয়নৰ জীৱনটো আছিল বহু যুদ্ধ - বিগ্ৰহেৰে ভৰা । নেপােলিয়নৰ যুদ্ধসমূহক পর্যায়ক্রমে তলত দিয়া ধৰণে ভাগ কৰিব পৰা যায় --
১ ) প্রথম ইউৰােপীয় মিত্ৰসংঘৰ লগত হােৱা যুদ্ধ ( ১৭৯৩-৯৭ খৃঃ ) ( War with 1st coalitin of European powers , 1793-97A.D . )
২ ) দ্বিতীয় ইউৰােপীয় মিত্ৰসংঘৰ লগত হােৱা যুদ্ধ , ১৭৯৮-১৮০১ খৃঃ ( War with 2nd coalition of European powers , 1798-1801 A.D. )
৩ ) তৃতীয় মিত্ৰসংঘৰ লগত হােৱা যুদ্ধ , ১৮০৫-১৮০৭ খৃঃ ( War the Third coalition 1805-1807 A.D. )
৪ ) ইংলেণ্ডৰ বিৰুদ্ধে অর্থনৈতিক অৱৰােধী , ১৮০৬-১৮১৪ খৃঃ ( Economic Blockade against England , A.D. 1806-1814 )
৫ ) স্পেনিচ যুদ্ধ বা উপসাগৰীয় যুদ্ধ , ১৮০৮-১৮১৩ খৃঃ ( Spanish war or Peninsular war , A.D. 1808-1813 )
৬ ) ৰাছিয়াৰ লগত হােৱা যুদ্ধ , ১৮১২ খৃঃ ( War with Russia , A.D. 1812 )
৭ ) চতুর্থ মিত্ৰসংঘৰ লগত হােৱা যুদ্ধ , ১৮১৩-১৮১৫ খৃঃ ( War with Fourth coalition , A.D. 1813-1815 )
১ ) প্রথম ইউৰােপীয় মিত্ৰসংঘৰ লগত হােৱা যুদ্ধ , ১৭৯৩-১৭৯৭ খৃঃ ( War with First coalition of European power , 1793-1797 A.D. ) :
ফ্ৰান্সৰ জাতীয় মহাসভাই ( National Convention ) যি সংবিধান প্রস্তুত কৰি উলিয়াইছিল , সেই সংবিধান অনুসৰি ফ্ৰান্সৰ প্ৰশাসনৰ দায়িত্ব পাঁচজন সদস্যৰে গঠিত এখন ডাইৰেক্টৰীৰ ( Directory ) হাতত অৰ্পণ কৰা হৈছিল । এই ডাইৰেক্টৰীৰ সন্মুখত আভ্যন্তৰীণ আৰু বৈদেশিক বিভিন্ন সমস্যাই দেখা দিছিল । সেইছােৱা সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো আছিল ফ্রান্স গণতন্ত্ৰৰ বিপক্ষে থকা সকলাে শত্রক নির্মূল কৰা । ইতিপূর্বে সন্ত্রাসৰ ৰাজত্বৰ সময়ছােৱাত গণতন্ত্রবিৰােধী সকলাে শক্তি মষিমূৰ কৰা হৈছিল । কিন্তু ফ্ৰান্সৰ এনে ৰাজতন্ত্র বিৰােধী কার্যই অন্যান্য ৰাজতান্ত্রিক ৰাষ্ট্রসমূহক ভীতিগ্রস্ত কৰি তুলিছিল । সেয়েহে সকলােবােৰ ৰাজতান্ত্রিক আৰু গণতন্ত্রবিৰােধী শক্তি ফ্রান্সৰ বিপক্ষে একত্ৰিত হৈছিল । সেয়েহে ফ্রান্স ডাইৰেক্টৰী শাসন ব্যৱস্থাই এই গণতন্ত্র বিৰােধী শক্তিসমূহৰ বিৰুদ্ধে যুদ্ধ কৰাৰ পৰিকল্পনা প্রস্তুত কৰিছিল । সেই সময়ৰ ফ্ৰান্সৰ প্রধান শত্রু আছিল ইংলেণ্ড , অষ্ট্রিয়া আৰু চার্ডিনিয়া । ইতিমধ্যে ইংলেণ্ড , হলেণ্ড , পুছিয়া , চার্জিনিয়া আৰু স্পেইনে ফ্রান্সৰ বিপক্ষে প্রথম ইউৰােপী মিত্রসংঘ গঠন কৰিছিল । সেইসমত ইংলেণ্ডৰ নৌ - শক্তি যথেষ্ট শক্তিশালী হােৱাৰ বাবে ফ্রান্সে প্রথমে অষ্ট্রিয়া আৰু পুছিয়া আক্ৰমণৰ লক্ষ্য হিচাপে লৈছিল । ফ্ৰান্সৰ ডাইৰেক্টৰ কাৰনােৱে অষ্ট্রিয়াক দুফালৰ পৰা আক্ৰমণ কৰাৰ পৰিকল্পনা প্রস্তুত কৰিছিল । এই পৰিকল্পনা অনুসৰি ফ্রান্সে জার্মানী আৰু ইটালী দুয়ােফালৰ পৰা গৈ অষ্ট্রিয়া আক্রমণ কৰাৰ সিদ্ধান্ত লৈছিল । সেই অনুসৰি জর্ডন ( Jourdon ) আৰু ম'ৰেৰ ( Moreau ) ৰ অধীনত এদল সৈন্য জার্মানীলৈ আৰু নেপােলিয়নৰ অধীনত অন্য এদল সৈন্য ইটালী অভিযানৰ বাবে অগ্ৰসৰ হৈছিল ।
● ( ক ) প্রথম ইটালী অভিযান ( ১৭৯৬-৯৭খৃঃ ) ঃ নেপােলিয়নে এক বিশাল সৈন্যবাহিনী লৈ ইটালী অভিযান আৰম্ভ কৰে । অতি সােনকালেই নেপােলিয়নৰ সৈন্যবাহিনী চার্ডিনিয়াৰ টুৰিনত উপস্থিত হয় । ইয়াৰ পাছত নেপােলিয়নে অষ্ট্রিয়া , চার্ডিনিয়া আৰু বৃটেইনৰ সৈন্যবাহিনীক ওফৰাই পেলাই চেভয় আৰু নাইচ হস্তগত কৰে । ইয়াৰ পাছত ক্রমে অষ্ট্ৰিয়াৰ সৈন্যবাহিনীৰ প্রচণ্ড বাধা নেওচি মিলান , লেম্বাৰডি আৰু মন্টুৱা দখল কৰে । নেপােলিয়নে বাচোন ' ( Bassano ) , আৰকোলা ( Arcola ) আৰু ৰিভলিত ( Rivoli ) অষ্ট্রিয়াৰ সৈন্যবাহিনীক পৰাস্ত কৰাৰ পাছত অতি সহজে ভেনিচ ( Venice ) দখল কৰে । অষ্ট্রিয়াৰ উপায়ন্তৰ হৈ নেপােলিয়নৰ লগত কেম্প'ফর্মিত চুক্তি ( Treaty of Compoformio , A.D. 1797 ) স্বাক্ষৰিত কৰিবলৈ বাধ্য হয় । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নেপােলিয়নে অষ্ট্রিয়ান নেডাৰলেণ্ড আৰু আয়নিয়ান । দ্বীপসমূহ ফ্ৰান্সৰ ভিতৰুৱা কৰে ।
নেপােলিয়নে পােপৰ ৰাজ্যতাে আক্রমণ আৰম্ভ কৰে । এই আক্ৰমণত ভয় খাই নেপােলিয়নৰ লগত সন্ধি কৰে । পােপৰ অধীনৰ সৰু সৰু ৰাজ্যবােৰ লগ লগাই নেপােলিয়নে চিজাল পাইন প্রজাতন্ত্র ( Cisalpine ) প্রতিষ্ঠা কৰে । এই সাফল্যৰ পাছত নেপােলিয়নে ভিয়েনা ( Vienna ) অভিমুখে অগ্ৰসৰ হােৱাত অষ্ট্ৰিয়াৰ সম্রাট দ্বিতীয় ফ্লেক্সিচে ( Francis II ) ভয় খাই নেপােলিয়নৰ লগত কেম্পফর্মিও চুক্তিখন স্বাক্ষৰিত কৰিছিল । এই চুক্তিৰ চৰ্তমতে নেপােলিয়নে লাভ কৰা সুবিধাবােৰ হ'ল—
১ ) এই চুক্তিৰ দ্বাৰা ফ্রান্সৰ সীমা বাইন ( Rhine ) আৰু এলপলৈ ( Alps ) বিভাৰিত হয় ।
২ ) অষ্টিয়ান নেদাৰলেণ্ড , চেভয় আৰু নাইন ফ্ৰান্সৰ অধীন হয় ।
৩ ) আয়নিয়ান দ্বীপসমূহ ফ্রান্সে লাভ কৰাৰ ফলত ইজিপ্ট আৰু আফ্রিকালৈ ফ্রান্সৰ দুৱাৰ মুকলি হয় ।
৪ ) এই যুদ্ধই প্রথম ইউৰােপীয় মিত্রশক্তিক ধ্বংস কৰে ।
৫ ) ফ্রান্স অধিকৃত অঞ্চলসমূহত নেপােলিয়নে নতুনকৈ গৱৰ্ণৰ নিযুক্তি দি সেই অঞ্চলসমূহৰ শাসনৰ দায়িত্ব দিয়ে ।
নেপােলিয়নৰ ইটালী অভিযানৰ সাফল্যই পৰােক্ষভাৱে ইটালীকো সহায় কৰিছিল । এই জয়ৰ পাছত ইটালীৰ লােকসকলে এক উন্নতমানৰ আৰু সু - শৃংখল শাসন ব্যৱস্থা লাভ কৰিছিল ।
● ( খ ) ইজিপ্ট অভিযান ( Egyptian Expedition ) ও ইটালী অভিযানৰ সাফল্যৰ পাছত নেপােলিয়নে ইজিপ্ট অভযান চলায় । এই অভিযানত তেওঁ ইংলেণ্ড অধিস্থিত মাল্টা দ্বীপ ( Malta Island ) দখল কৰাৰ পাছত পিৰামিড়ৰ যুদ্ধত ইজিপ্টৰ সৈন্যবাহিনীক পৰাস্ত কৰে । তেওঁ এই বিজয়ৰ পাছত নীল নদীৰ অৱবাহিকা অঞ্চলত পুৰণি শাসন আঁতৰাই নতুন শাসন প্ৰৱর্তন কৰে । কিন্তু নীল নদীৰ পাৰত হােৱা যুদ্ধত ( Battle of Nile , 1798 ) ইংৰাজ নৌ সেনাপতি নেলচনৰ হাতত নেপােলিয়ন পৰাস্ত হয় । এই পৰাজয়ৰ সুবিধা লৈ ইজিপ্টৰ লােকসকলে নেপােলিয়নৰ বিৰুদ্ধে বিদ্রোহ কৰে । নেপােলিয়নৰ এই ইজিপ্ট অভিযানত পাচহাজাৰ ফৰাচী সৈনিকৰ মৃত্যু হােৱাৰ লগতে ৩০০০ ফৰাচী সৈনিক বন্দী হয় । উপায় নাপাই ১৭৯৯ চনৰ ২১ আগষ্টত নেপােলিয়নে কোনােমতে প্রাণৰক্ষা কৰি পেৰিচত আহি উপস্থিত হয় ।
২. দ্বিতীয় ইউৰােপীয় মিত্ৰসংঘৰ লগত হােৱা যুদ্ধ , খৃঃ ১৭৯৮-১৮০১ ( War with second coalition of European Power , A.D. 1798-1801 ) :
ফ্রান্সৰ বিৰুদ্ধে পুনৰ বৃটেইন , ৰাছিয়া আৰু অষ্ট্রিয়া মিলিত হৈ দ্বিতীয় মিলিত বাহিনী বা দ্বিতীয় ইউৰােপিক মিত্রসংঘ গঠন কৰিছিল । ১৭৯৮ চনৰ পৰা ১৮০১ চনলৈ এই মিলিত বাহিনীয়ে ফ্রান্সৰ লগত বিভিন্ন যুদ্ধত মুখামুখি হৈছিল । ইতিমধ্যে নেপােলিয়ন ইজিপ্ট অভিযানত ব্যস্ত থাকোতেই এই মিত্ৰসংঘৰ সৈন্যবাহিনীয়ে ফ্রান্স আক্রমণ কৰে । নেপােলিয়ন ফ্রান্সত নথকাৰ সুবিধা লৈয়েই মিলিত বাহিনীয়ে ফ্রান্স ওপৰত এই আক্রমণ চলাইছিল যদিও নেপােলিয়ন ইজিপ্টৰ পৰা ঘূৰি আহি এই বাহিনীৰ আক্ৰমণৰ প্রত্যুত্তৰ দিয়ে । নেপােলিয়নে দ্বিতীয়বাৰৰ বাবে ইটালী আক্রমণ কৰি তাৰপৰা অষ্ট্রিয়াক খেদি পঠাবলৈ সক্ষম হয় । এই যুদ্ধত পৰাজয় বৰণ কৰাৰ পাছত অষ্ট্রিয়াই ফ্ৰান্সৰ লগত লুনেভাইল চুক্তি ( Peace of Lunevile , 1800 ) স্বাক্ষর কৰে । ইয়াৰ পাছতে ফ্ৰান্সৰ লগত জয়ৰ আশা নেদেখি ৰাছিয়াই মিত্রসংঘ ত্যাগ কৰে । ফলত কোল ইংলেণ্ডহে ফ্রান্সৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখে । বহুদিন চলা যুদ্ধত অৱশ হৈ শেষত ফ্রান্স আৰু ইংলেণ্ডেত মিত্ৰতাৰ চুক্তি কৰিবলৈ বাধ্য হয় । নিজ নিজ দেশৰ আভ্যন্তৰীণ বিষয়ত মনােযােগ দিবৰ বাবে যুদ্ধ সমাপ্তিৰ কাৰণে ফ্রান্স আৰু ইংলেণ্ডৰ মাজত হােৱা এই চুক্তি এমিয়েনৰ চুক্তি ( Treaty of Amienr , 1802 ) নামেৰে ঐনাজাত ।
৩ ) তৃতীয় মিত্ৰসংঘৰ লগত হােৱা যুদ্ধ , খৃঃ ১৮০৫-১৮০৭ ( War with the Third Coalition , A.D. 1805-1807 ) :
এমিয়েনৰ চুক্তিয়ে ফ্ৰান্সৰ লগত অন্য ইউৰােপীয় শক্তিসমূহৰ শত্রুতা অন্ত কৰিব । পৰা নাছিল । ইতিমধ্যে ইটালী , স্পেইন আৰু হলেণ্ডত ফ্ৰাৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছিল । আনহাতে , এইবােৰ দেশত বৃদ্ধি হােৱা ফ্রান্সৰ প্ৰভাৱাে বৃটিছ ব্যৱসায় বাণিজ্যৰ ওপৰত ওলােটা প্রভাৱ পেলাইছিল । অর্থাৎ বৃটেইনৰ ব্যৱসায়ত লােকচান হ'বলৈ আৰম্ভ কৰিছিল । সেইবাবে ১৮০৩ চনত ইংলেণ্ড ফ্রান্সৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰে । এইবাৰ ফ্রান্স আৰু স্পেইনৰ যুটীয়া বাহিনীয়ে ইংলেণ্ড বাহিনীৰ মুখামুখি হয় । বহুদিন ধৰি যুদ্ধ চলাৰ সময়তে ইংলেণ্ডে অষ্ট্রিয়া , ৰাছিয়া আৰু চুইডেনৰ লগ লাগি । তৃতীয় মিত্র সংঘ ( Third Coalition ) গঠন কৰে । ১৮০৫ চনত ফ্রান্স তৃতীয় মিত্ৰসংঘৰ আক্ৰমণৰ মুখামুখি হয় । মিত্র সংঘৰ আক্ৰমণৰ খবৰ পাই নেপােলিয়নে অর্তকিতে অষ্ট্রিয়া আক্রমণ কৰে । এনে অর্তকিত আক্ৰমণত তিষ্ঠিব নােৱাৰি অস্ট্রিয়াই ৫০,০০০ সৈন্যৰে ফ্ৰান্সৰ ওচৰত আত্মসমর্পণ কৰে ( ২০ অক্টোবৰ ১৮০৫ ) । এই বিজয়ৰ পাছদিনা অর্থাৎ ১৮০৫ চনৰ ২১ অক্টোবৰত ফ্রান্সে ট্রেফেলগাৰত ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ কৰে । ( Battle of Traffegar ) । কিন্তু এইবাৰ ফ্রান্স আৰু স্পেইনৰ যুটীয়া বাহিনী ইংলেণ্ডৰ নৌ - সেনাপতি নেলচনৰ ( Nelson ) হাতত বৰ বেয়াকৈ পৰাস্ত হয় । তথাপি এই পৰাজয়ে নেপােলিয়নক হতাশ কৰিব পৰা নাছিল । ১৮০৫ চনৰ ডিচেম্বৰত ফ্রান্সে অষ্টাৰলিজৰ যুদ্ধত ( Battle of Austerlitz ) অষ্ট্রিয়া আৰু ৰাছিয়াৰ মিলিত বাহিনীক পৰাস্ত কৰে । অষ্টাৰলিজৰ যুদ্ধৰ ইউৰােপৰ ইতিহাসত যথেষ্ট গুরুত্ব আছে । কাৰণ এই যুদ্ধৰ ফলত ইউৰােপৰ এক বৃহৎ অংশ নেপােলিয়নৰ হাতলৈ আহে । এই যুদ্ধৰ ফলত পৱিত্ৰ ৰােমান সাম্রাজ্য ধ্বংস হােৱাৰ লগতে অষ্ট্রিয়াখনাে বহু খণ্ড - বিখণ্ড হৈ পৰে ।
অষ্টাৰলিজৰ যুদ্ধত পৰাস্ত হােৱাৰ পাছত অষ্ট্রিয়াই প্রেচবাগৰ সন্ধি ( Treary of Presburg ) তৃতীয় মিত্র সংঘ পৰিত্যাগ কৰি ওলাই আহে । অষ্টাবলিজৰ যুদ্ধৰ ফলত নেপােলিয়নে ইউৰােপৰ এক বৃহৎ অংশ লাভ কৰাৰ লগতে ইউৰােপৰ একচ্ছত্রী সম্রাট হিচাপে মূৰ দাঙি উঠে । এই যুদ্ধৰ প্রধান ফলাফলসমূহ আছিল—
১ ) নেপােলিয়ন ইটালীৰ শাসক হয় ।
২ ) হলেণ্ডত গণতন্ত্ৰৰ ঠাইত ৰাজতন্ত্র প্রতিষ্ঠা কৰে । নেপােলিয়নৰ ককায়েক লুই নেপােলিয়ন হলেণ্ডৰ ৰজা হয় ।
৩ ) নেপােলত বুৰবন বংশৰ সম্রাটক আঁতৰাই নেপােলিয়নৰ ভাতৃ যােচেফক বজা পতা হয় ।
৪ ) ১৮০৬ চনত পৱিত্ৰ ৰােমান সাম্রাজ্যৰ পৰিৱৰ্তে ৰাইন যুক্তৰাষ্ট্র । ( Confederation of Rhine ) গঠন কৰা হয় । এই নরগঠিত যুক্তৰাষ্ট্ৰৰ অধ্যক্ষ নেপােলিয়ন নিজেই হয় ।
অষ্টাৰলিজৰ যুদ্ধৰ পাছত পুছিয়াই ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখে । কিন্তু অৱশেষত জেবা আৰু ঔষ্টোপটত হােৱা যুদ্ধত ফ্ৰান্সৰ হাতত পুছিয়া পৰাস্ত হয় । ফলত পুছিয়াৰ বহু অংশ নেপােলিয়নৰ সাম্রাজ্যৰ ভিতৰুৱা হয় । এই অঞ্চলত তেওঁ বেষ্টফেলিয়া ৰাজ্য গঠন কৰি ভায়েক জেৰােমক এই ৰাজ্যৰ দায়িত্ব দিয়ে ।
অষ্ট্ৰিয়া আৰু প্ৰুছিয়া আঁতৰি যােৱাৰ পাছতাে মিত্ৰসংঘৰ অন্য এখন দেশ ৰাছিয়াই নেপােলিয়ন তথা ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখে । অৱশেষত ১৮০৭ চনত ফিনলেণ্ডত হােৱা যুদ্ধত ফ্ৰান্সৰ হাতত ৰাছিয়া পৰাস্ত হয় । জাৰে নেপােলিয়নৰ লগত টিলচিতৰ সন্ধি ( Treaty of Tilsit ) স্বাক্ষৰ কৰে । এনেদৰে তৃতীয় মিত্ৰসংঘৰ অস্তিত্ব স্নান হৈ । পৰে ।
৪ ) ইংলেণ্ডৰ বিৰুদ্ধে অর্থনৈতিক অৱৰােধ বা মহদেশীয় নিৱন্ধ ( Economic Blockade against England or continental system , A.D. 1806 1814 ) :
ফ্রান্সৰ বিৰুদ্ধে মিলিত হােৱা অষ্ট্রিয়া , পুছিয়া আৰু ৰাছিয়াক দমন কৰাৰ পাছত ফ্রান্সৰ প্ৰধান শত্রু হৈ পৰিছিল ইংলেণ্ড । ইতিপূর্বে বহুবছৰ ধৰি চলি অহা যুদ্ধসমূহত ফ্রান্সৰ স্থলযুদ্ধসমূহত জয় হৈছিল যদিও নৌ - যুদ্ধসমূহত প্রায়ো ইংলেণ্ডৰ হাতত নেপােলিয়নৰ ফ্রান্স বাহিনী পৰা হােৱা দেখা গৈছিল । বহুদিনীয়া যুদ্ধৰ অভিজ্ঞতাৰ পৰা নেপােলিয়নে ইংলেণ্ডৰ নৌ - শক্তিৰ শ্ৰেষ্ঠতা অনুমান কৰিব পাৰিছিল । সেয়েহে অন্য উপায়েৰে ইংলেণ্ডক বশ কৰাৰ চিন্তা তেওঁ আৰম্ভ কৰিছিল । নেপােলিয়নৰ মতে ইংলেণ্ডৰ উন্নয়নৰ প্ৰধান মাপকাঠি হ’ল ইংলেণ্ডৰ বাণিজ্যিক উন্নতি তথা বাণিজ্যিক প্রসাৰ । শিল্প বিপ্লৱৰ ( Industrial Revolution ) পাছৰ পৰা ইংলেণ্ড বাণিজ্যিক দিশত যথেষ্ট আগবাঢ়ি গৈছিল । এই সময়ছােৱাত ইংলেণ্ডত বহুতাে ডাঙৰ ডাঙৰ উদ্যোগ গঢ়ি উঠিছিল । বিশ্বৰ বিভিন্ন স্থানত থকা ঔপনিৱেশসমূহৰ পৰা ইংলেণ্ডে এই উদ্যোগৰ বাবে কেঁচামাল সংগ্রহ কৰি অনাৰ লগতে এই উদ্যোগত উৎপাদিত বস্তুৰ বিক্ৰীৰ বাবে বহু বজাৰাে ঔপনিৱেশসমূহত তৈয়াৰ কৰিছিল । ফলত ইংলেণ্ড বিশ্বৰ এক অন্যতম পুজিপতি দেশ হিচাপে পৰিগণিত হৈছিল । নেপােলিয়নৰ মতে ইংলেণ্ডৰ এই শিল্প বাণিজ্য ধ্বংস কৰিব পাৰিলেহে ইংলেণ্ড দুর্বল হ'ব আৰু ফ্ৰান্সৰ শৰণাপন্ন হ'ব । গতিকে ইংলেণ্ডক অর্থনৈতিক তথা বাণিজ্যিকভাৱে পংগু কৰিবৰ বাবে নেপােলিয়নে বহুতাে নীতি নির্ধাৰণ কৰিছিল । নেপােলিয়নে ইংলেণ্ডৰ বিৰুদ্ধে কৰা এই অর্থনৈতিক অৱৰােধ বা অর্থনৈতিক যুদ্ধ মহাদেশীয় নিৱন্ধ ( Continental system ) হিচাপে জনা যায় ।
ইংলেণ্ডৰ ওপৰত অর্থনৈতিক প্রতিবন্ধকতা স্থাপনৰ বাবে ফ্রান্সৰ নেপােলিয়নে জাৰি কৰা আৰু তাৰ প্রত্যুত্তৰত ইংলেণ্ডে জাৰি কৰা প্রধান ঘােষণাসমূহ আছিল—
● ( ক ) বার্লিন ঘােষণা , ২১ নবেম্বৰ ১৮০৬ ( Berlin Decree , 21 November , 1806 ) জেনাৰ যুদ্ধৰ পাছত নেপােলিয়নে বার্লিনত প্রৱেশ কৰি ১৮০৬ চনৰ ২১ নৱেম্বৰত এই ঘােষণা কৰিছিল । এই ঘােষণাৰ জৰিয়তে ফ্রান্স আৰু তাৰ মিত্রশক্তিবােৰে ইংলেণ্ডৰ লগত ব্যৱসায় - বাণিজ্য বন্ধ কৰিছিল । নেপােলিয়নে বৃটিছ বণিকসকলক গ্রেপ্তাৰ কৰাৰ লগতে তেওঁলােকৰ সামগ্ৰীসমূহ বাজেয়াপ্ত কৰিছিল । ফ্রান্স আৰু তাৰ মিত্ৰদেশবােৰৰ কোনাে বন্দৰ ইংলেণ্ড আৰু ইয়াৰ মিত্ৰজোঁটৰ জাহাজ ব্যৱহাৰ কৰিব নােৱাৰিব বুলি কঠোৰ নির্দেশনা জাৰি কৰা হৈছিল ।
● ( খ ) ১৮০৭ চনৰ ৭ জানুৱাৰীৰ নির্দেশ ( The order of January 7 , 1807 ) ঃ ১৮০৭ চনৰ ৭ জানুৱাৰীত ইংলেণ্ড বার্লিন ঘােষণা প্রত্যুত্তৰ হিচাপে এক ঘােষণা জাৰি কৰিছিল । এই নির্দেশ অনুসৰি ইংলেণ্ডৰ বাণিজ্যিক জাহাজ যিবােৰ বন্দৰত বন্ধ কৰা হৈছিল তেনেবােৰ অঞ্চলত নিৰপেক্ষ ৰাষ্ট্ৰসমূহক বাণিজ্য বন্ধ কৰিবলৈ ইংলেণ্ডে নির্দেশ দিছিল । অর্থাৎ ইংলেণ্ডৰ বাণিজ্যিক ক্ষেত্ৰখন যাতে আনে । দমন কৰিব নােৱাৰে তাৰবাবে ইংলেণ্ডে এই ব্যৱস্থা লৈছিল ।
● ( গ ) ৱৰছ' ঘােষণা ( Warsaw Decree ) ঃ ১৮০৭ চনৰ ৭ জানুৱাৰীত নেপােলিয়নে এই ঘােষণা কৰিছিল । এই ঘােষণাৰ দ্বাৰা ফ্রান্সে ইংলেণ্ডৰ সামগ্রী সম্পূৰ্ণৰূপে বন্ধ কৰিছিল ।
● ( ঘ ) ইংলেণ্ডৰ নির্দেশ ( Orders by England ) ঃ ১৮০৭ চনত ইংলেণ্ডে ফ্রান্সক প্রত্যুত্তৰ দিবলৈ পুনৰ এক নির্দেশ জাৰি কৰিছিল । এই ঘােষণাৰ মূল কথা আছিল --
১ , যিবােৰ বন্দৰৰ পৰা ইংলেণ্ড বহিষ্কৃত সেইবােৰ বন্দৰৰ লগত ইংলেণ্ডৰ বাণিজ্য নিষিদ্ধ কৰা হয় ।
২. নিৰপেক্ষ ৰাষ্ট্ৰই ইংলেণ্ডৰ লগত বেপাৰ - বাণিজ্য কৰিব পাৰিব , কিন্তু তেনে ৰাষ্ট্ৰই ফ্ৰান্সৰ লগত বাণিজ্য সম্পূর্ণরূপে বন্ধ কৰিব লাগিব ।
৩ , ফ্রান্সৰ লগত বাণিজ্য কৰা যিকোনাে জাহাজ ইংলেণ্ডে হস্তগত কৰিব পাৰিব ।
৪. প্রয়ােজন অনুসৰি নিৰপেক্ষ ৰাষ্ট্রৰ জাহাজসমূহে ইংলেণ্ডৰ বন্দৰসমূহ চুই যাব লাগিব ।
● ( ঙ ) মিলান ঘােষণা ( Milan Declaration )ঃ ১৮০৭ চনৰ ১৭ ডিচেম্বৰত নেপােলিয়নে এই ঘােষণা কৰিছিল । এই ঘােষণা অনুসৰি ইংলেণ্ডৰ বন্দৰৰ পৰা অহা নিৰপেক্ষ জাহাজো ফ্রান্সে জব্দ কৰিব পাৰিব ।
● ( চ ) ইংলেণ্ডৰ দ্বিতীয় নির্দেশ ( Second order of England ) ঃ ১৮০৮ চনত বৃটিছ কাউন্সিলে দ্বিতীয় এক নির্দেশ যােগে নিৰপেক্ষ ৰাষ্ট্ৰসমূহৰ বাণিজ্যৰ ক্ষেত্ৰত অধিক কঠোৰ নীতি গ্রহণ কৰিছিল ।
● ( ছ ) ট্রায়েনন শুল্ক ( Trianon Tariff ) ঃ ১৮১০ চনৰ ৫ আগষ্টত নেপােলিয়নে । এই ঘােষণাৰ জৰিয়তে চোৰাং বৃটিছ সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক ধার্য কৰি দিছিল ।
● ( জ ) ফন্টেইনব্ৰুৰ ঘােষণা ( Fonteinableau Declaration ) ঃ ১৮১০ চনৰ অক্টোবৰত নেপােলিয়নে ফন্টেইনৰ ঘােষণা জাৰি কৰে । এই ঘােষণা মতে ফৰাচী অধিকৃত অঞ্চলত বৃটিছ সামগ্রী পালে বাজেয়াপ্ত কৰা হ'ব বুলি স্থিৰ কৰা হয় ।
এইদৰে নেপােলিয়নে ইংলেণ্ডক বশ কৰিবৰ বাবে অর্থনৈতিক যুদ্ধ ঘােষণা কৰিছিল যদিও এই মহাদেশীয় নিৱন্ধৰ ( Contiuntal system ) কিছুমান আসোঁৱাহ দেখা যায় । যেনে –
১. নেপােলিয়নে বৃটিছ সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰিছিল যদিও তাৰ স্থান ল'বৰ বাবে কোনাে বিকল্প ব্যবস্থা কৰা হােৱা নাছিল ।
২. এই ব্যৱস্থাই ইউৰােপৰ অর্থনীতিত অনিষ্ট কৰিছিল ।
৩. এই ব্যৱস্থাৰ দ্বাৰা বস্তুৰ দাম বহু পৰিমাণে বৃদ্ধি পাইছিল ।
৪. এই নির্দেশৰ ফলত মিত্রৰাষ্ট্ৰবােৰৰ লগত ফ্ৰান্সৰ সম্পৰ্কৰ অৱনতি ঘটিছিল ।
৫. এই নির্দেশ মনাবলৈ ফ্রান্সে বহুদেশৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিল ।
সেয়েহে নেপােলিয়নৰ মহাদেশীয় নিৱন্ধ বাস্তৱক্ষেত্ৰত সফল হােৱা দেখা নগৈছিল । এই বিফলতাৰ প্ৰধান কাৰণ আছিল
১ , ৰাছিয়া , পুছিয়া আৰু অষ্ট্রিয়াই এনে কঠোৰ নীতি মানি ল'বলৈ অস্বীকাৰ কৰিছিল ।
২. হলেণ্ডৰ ৰজা নেপােলিয়নৰ ভাতৃ জোৰাম বােনাপার্টে এই নীতি মনাতকৈ নিজৰ সিংহাসন ত্যাগ কৰিবলৈকে প্রস্তুত হৈছিল ।
৩. চুইডেনেও এই নীতি মানি ল'বলৈ অস্বীকাৰ কৰিছিল ।
৪. নেপােলিয়নৰ মহানিৱন্ধৰ নীতিৰ ফলত পােপৰ লগত তেওঁৰ তিক্ততাপূর্ণ । সম্পর্ক আৰু অধিক বেয়াৰ ফালে গৈছিল ।
৫. পর্তুগালেও এই নীতি মানি ল'বলৈ অস্বীকাৰ কৰিছিল ।
৫ , স্পেনিচ যুদ্ধ বা উপসাগৰীয় যুদ্ধ , খৃঃ ১৮০৮-১৮১৩ ( Spanish war or Peninsular war , A.D. 1808-1813 ) :
স্পেনিচ যুদ্ধ বা উপসাগৰীয় যুদ্ধ নেপােলিয়নৰ জীৱনৰ এক উল্লেখযােগ্য ঘটনা । এই যুদ্ধই নেপােলিয়নৰ জীৱনৰ গতি সলনি কৰিছিল । ফৰাচী বিপ্লৱৰ সময়ৰ পৰা নেপােলিয়ন ফ্রান্স তথা ইউৰােপত যি অবিৰত জয়যাত্ৰা আৰম্ভ হৈছিল , এই যুদ্ধৰ পাছৰ পৰা তেওঁৰ সেই গতি স্তিমিত হৈ পৰিছিল । সঁচা অৰ্থত ক'বলৈ গ'লে এই যুদ্ধৰ পাছৰ পৰা নেপােলিয়নৰ সাম্রাজ্য পতনমুখী হৈ পৰিছিল । এই যুদ্ধ আছিল । স্বাধীনতাপ্রিয় স্পেইনবাসীৰ বাবে বিদেশী শাসকৰ বিৰুদ্ধে কৰা স্বাধীনতা যুদ্ধ । এই যুদ্ধত স্পেইনক ইংলেণ্ডে সহায় কৰিছিল ।
১৮০৭ চনত ফৰাচী সৈন্যই স্পেইন দখল কৰা হত তাৰপৰা বুৰবন ৰজাক আঁতৰাই নেপােলিয়নৰ ককায়েক যােচেফক ৰজা পাতি মহাদেশীয় নিৱন্ধ নীতিৰ প্রয়ােগ কৰে । কিন্তু স্পেইনৰ জনসাধাৰণে এনে বিদেশী শাসকৰ বিৰুদ্ধে সৰৱ হৈ উঠি যুদ্ধ ঘােষণা কৰে । স্পেইনক সহায় কৰিবৰ বাবে ১৮০৮ চনৰ আগষ্টত বৃটিছ সেনাপতি আর্থাৰ বেললেচুলিৰ নেতৃত্বত এটি ইংৰাজ বাহিনী আহি স্পেইনত উপস্থিত হয় । স্পেইন আৰু নেপােলিয়নৰ মাজৰ এই যুদ্ধ ১৮০৮ চনৰ পৰা ১৮১৩ চনলৈ চলিছিল । প্রথম অৱস্থাত ফৰাচী সৈন্যই ইংৰাজ সৈন্যক স্পেইনৰ পৰা বাহিৰ কৰি দিবলৈ সক্ষম হৈছিল । কিন্তু খৃঃ ১৮১২ ত বেললেচলিয়ে চেলামানকাৰ যুদ্ধত ফৰাচী সৈন্যক পৰাস্ত কৰি স্পেইনৰ ৰাজধানী মাদ্রিছ চহৰ ফুৰাচীসকলৰ কবলৰ পৰা উদ্ধাৰ কৰে । ইয়াৰ পাছত কেইবাখনাে যুদ্ধত স্পেইনৰ হাতত নেপােলিয়নৰ পৰান্ত হয় ।
স্পেইনৰ কৃতকার্যতাই ইউৰােপৰ অন্যান্য স্বাধীনতাপ্রিয় লােকসকলকো নেপােলিয়নৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰেৰণা যােগালে । ফলত নেপােলিয়নৰ বিশাল সাম্রাজ্য ধ্বংসৰ ফালে আগবাঢ়ে । এই স্পেনিচ যুদ্ধ বা উপসাগৰীয় যুদ্ধই নেপােলিয়নৰ দৰে ধীৰ যােদ্ধাৰাে ধ্বংস মাতি আনিবলৈ সক্ষম হৈছিল । এই যুদ্ধত পৰাজয়ৰ বিষয়ে নেপােলিয়নে নিজেই এনেদৰে মন্তব্য কৰিছিল— “ It was the Spanish ulcer that ruined me " " .
৬. ৰাছিয়াৰ লগত হােৱা যুদ্ধ , ১৮১২ ( War with Russian , A.D. , 1812 ) :
টিলছিটৰ সন্ধি অনুসৰি ফ্রান্স আৰু ৰাছিয়াৰ মাজত বন্ধুত্ব স্থাপন হৈছিল । কিন্তু এই বন্ধুত্ব বৰ বেছি দীর্ঘস্থায়ী নহ'ল । ইয়াৰ প্ৰধান কাৰণ আছিল—
( ক ) ফ্রান্সে ৰাছিয়াক চুইডেন আৰু তুর্কী সাম্রাজ্যৰ বিৰুদ্ধে সহায় কৰা নাছিল ।
( খ ) মহাদেশীয় নিৱন্ধই ৰাছিয়াৰ অৰ্থনীতিত আঘাত হানিছিল ।
সেয়েহে ৰাছিয়াই ফ্ৰান্সৰ সলনি ইংলেণ্ডৰ লগতহে বন্ধুত্ব কৰিবলৈ আগুৱাই যায় । ৰাছিয়াই ইংলেণ্ডৰ লগত পুনৰ বাণিজ্যিক সম্পর্ক স্থাপন কৰাত ১৮১২ চনত নেপােলিয়নে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰে । কিন্তু এইবাৰ ৰাছিয়াৰ হাতত পৰাক্ত হৈ নেপােলিয়ন আহি ফ্রান্স পায়হি ।
৭. চতুর্থ মিত্রসংঘৰ লগত হােৱা যুদ্ধ , ১৮১৩-১৮১৫ খৃঃ ( War with Fourth coalition , 1813-1815 A.D. ) :
স্পেইন আৰু ৰাছিয়াৰ লগত নেপােলিয়নৰ পৰাজয় হােৱাৰ পাছত ফ্রান্স তথা নেপােলিয়নৰ শত্ৰু ৰাষ্ট্ৰবােৰে তেওঁক হৰুৱাবৰ বাবে পুনৰবাৰ একত্রিত হয় । সেয়েহে ১৮১৩ চনত তেওঁলােকে চতুর্থ মিত্রসংঘ ( Fourth Coalition ) গঠন কৰে । ১৮১৩ , চনৰ পৰা এই মিত্রসংঘই নেপােলিয়নৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে । ১৮১৩ চনৰ আগষ্টত হােৱা ড্রোডেনৰ যুদ্ধত ( Battle Druden ) নেপােলিয়নে অষ্ট্রিয়াক পৰা কৰে । এইখন যুদ্ধই আছিল নেপােলিয়নৰ জীৱনৰ শেষ বিজয়ৰ যুদ্ধ ।
ইয়াৰ পাছত ১৮১৩ চনৰ ১১ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ চলা লিপজিগৰ যুদ্ধত মিত্ৰসংঘৰ সৈন্যবাহিনীৰ হাতত নেপােলিয়ন বৰ বেয়াকৈ পৰাস্ত হয় । এই যুদ্ধৰ অন্তত মিলিত বাহিনীয়ে ফন্টেইনব্লুত ( Treaty of Fontainbleau ) সন্ধি কৰি নেপােলিয়নৰ পৰাজয়ক চিৰস্থায়ী কৰাৰ চেষ্টা কৰে । ১৮১৪ চনৰ ১৩ এপ্রিলত এই সন্ধিৰ স্বাক্ষৰ কৰাৰ পাছত ইংলেণ্ড , পুছিয়া , অষ্ট্রিয়া , ৰাছিয়া আদি মিত্ৰসংঘৰ ৰাষ্ট্ৰবােৰ একগােট হৈ নেপােলিয়ানক এলবা ( Elba ) দ্বীপলৈ নির্বাসন দিয়ে । ইয়াৰ পাছত বুৰবন । বংশৰ অষ্টদশ লুইক ফ্ৰান্সৰ সিংহাসনত বহুওৱা হয় ।
কিন্তু ১৮১৫ চনৰ ২৬ ফ্রেব্রুৱাৰীত নেপােলিয়ন পুনৰ আহি ফ্রান্সত উপস্থিত হয় আৰু অষ্টদশ লুইক আঁতৰাই পুনৰ ফ্ৰান্সৰ সিংহাসন অধিকাৰ কৰে । এইবাৰ মিত্র শক্তিসমূহ পুনৰ একত্ৰিত হৈ নেপােলিয়নৰ বিৰুদ্ধে যুদ্ধ কৰে । ইংলেণ্ডৰ রেলিংটন আৰু পুছিয়াৰ বুচাৰৰ ( Blucher ) নেতৃত্বত এক সন্মিলিত বাহিনীয়ে ১৮১৫ চনৰ ১৮ জুনত হােৱা ৱাটাৰলু যুদ্ধত ( Battle of Waterloo ) নেপােলিয়নক পৰাস্ত কৰে । এই পৰাজয়ৰ পাছত নেপােলিয়নক দক্ষিণ আটলান্টিক মহাসাগৰৰ নির্জন দ্বীপ চেণ্ট হেলেনালৈ ( St. Helena ) নির্বাসন দিয়া হয় । এই নির্জন দ্বীপতে ১৮২১ চনৰ ৫ মে'ত নেপােলিয়নৰ মৃত্যু হয় । এনেদৰেই ৫২ বছৰ বয়সত এই বিশ্ববিখ্যাত বীৰজনৰ জীৱনৰ কৰুণ সমাপ্তি ঘটে ।
III , নেপােলিয়নৰ পতন ( Fall of Napoleon ) :
বিশ্ব সর্বশ্রেষ্ঠ বীৰসকলৰ ভিতৰত অন্যতম আছিল নেপােলিয়ন বােনাপার্ট । তেওঁ আছিল এক সুদক্ষ সেনানায়ক , যােদ্ধা , সু - শাসক , সু - সংস্কাৰক তথা চতুৰ ৰাজনীতিও । নিজৰ ব্যক্তিত্ব , দক্ষতা , আৰু যােগ্যতাৰ বলত তেওঁ অতি কম সময়ৰ ভিতৰতে ফ্ৰান্সৰ সর্বোচ্চ ক্ষমতাৰ অধিকাৰী হৈছিল । নেপােলিয়নৰ প্রধান লক্ষ্য আছিল কমান্সক ইউৰােপৰ ভিতৰতে আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰত পৰিণত কৰা আৰু ফৰাচী । জাতিক এক শক্তিশালী জাতি হিচাপে গঢ়ি তােলা । কম সময়ৰ ভিতৰতে তেওঁ নিজ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছিল । ইংলেণ্ডৰ বাহিলে প্রায় সকলােবােৰ ইউৰােপীয় । ৰাষ্ট্ৰই নেপােলিয়নৰ অধীনতা মানি ল'বলৈ বাধ্য হৈছি কিন্তু অত্যধিক উচ্চাকাংক্ষা , মুমতালিপ্সা , স্বজনপ্রীতি আৰু বিভিন্ন নীতিৰ প্ৰয়ােগৰ ফলত উত্থানৰ দৰেই সমানে তেওঁৰ পতনাে আৰম্ভ হৈছিল । মহাদেশীয় নিৱন্ধনীতিৰ ফলত ইউৰােপৰ প্ৰায়বােৰ দেশ নেপােলিয়নৰ শত্ৰু হৈ পৰিছিল । স্পেনিচ যুদ্ধত পৰাজয়ে তেওঁৰ এই পতন অধিক দ্রুততৰ কৰি তুলিছিল । তদুপৰি মস্কো অভিযান আছিল নেপােলিয়নৰ আটাইতকৈ ভুল সিদ্ধান্ত । ৰাছিয়াৰ ভৌগােলিক অৱস্থিতিৰ ভালদৰে অধ্যয়ন নকৰাকৈ ফৰাচী বাহিনী ৰাছিয়াৰ মাজভাগলৈ সােমাই গৈ যি চৰম পৰিস্থিতিৰ সন্মুখীন হ'ব লগা । হৈছিল । ফৰাচী সৈন্যবাহিনী অন্য বিজয়ী দেশসমূহৰ সৈন্য মকৰল কৰাৰ ফলতাে । বহুতৰ মতে ফৰাচী সৈন্যবাহিনীৰ শক্তি হ্রাস পাইছিল । ইউৰােপৰ বিভিন্ন দেশ জয় কৰাৰ পাছতাে সেই দেশসমূহত স্থানীয় লােকৰ সলনি নিজৰ পৰিয়ালৰ লােকক শাসনৰ মুৰব্বী পতাৰ ফলত নেপােলিয়ন তেনে অঞ্চলৰ লােকসকলে সহজভাৱে ল'ব পৰা নাছিল । পােপৰ লগত শত্রুতাইও নেপােলিয়নৰ পতন মাতি আনিছিল । ফৰাচী বিপ্লৱৰ মূল নীতি “ স্বাধীনতা , সমতা আৰু ভাতৃত্বৰ প্রতি তেওঁ সম্পূর্ণ আওকাণ কৰা পৰিলক্ষিত হৈছিল । ফৰাচী বিপ্লৱৰ মূল লক্ষ্য গণতন্ত্ৰৰ সলনি তেওঁ নিজকে সার্বভৌম ক্ষমতাৰ অধিকাৰী হিচাপে প্রতিষ্ঠা কৰিছিল । এনেবােৰ কাৰণতে । মিত্ৰসংঘৰ হাতত তেওঁ পৰাস্ত হৈ চেণ্ট হেলেনা দ্বীপলৈ নির্বাসিত হ'ব লগা হয় । নিজৰ এনে অসীম উচ্চাকাংক্ষাৰ বাবেই নেপােলিয়নৰ পতন হৈছিল ।
IV . ভিয়েনা কংগ্ৰেছ ( Congress of Vuenna )
ভিয়েনা কংগ্ৰেছ বা ভিয়েনা মহাসভাক বিশ্বৰ প্ৰথমখন আন্তর্জাতিক সন্মিলন হিচাপে আখ্যা দিব পৰা যায় । নেপােলিয়নৰ পতনৰ পাছত ইউৰােপীয় দেশসমূহে । বিভিন্ন সমস্যা সমাধানৰ বাবে অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত মিলিত হৈছিল । এই ভিয়েনা মহাসভাৰ মূল উদ্দেশ্য আছিল—
১ ) ফৰাচী বিপ্লৱ আৰু নেপােলিয়নে সৃষ্টি কৰা সমস্যাসমূহৰ সমাধান কৰা ।
২ ) ফৰাচী বিপ্লৱৰ বৈপ্লৱিক আদৰ্শক সম্পূৰ্ণৰূপে ধ্বংস কৰা ।
৩ ) ফৰাচী বিপ্লৱৰ সময়ত প্রতিষ্ঠিত গণতন্ত্রক সম্পূৰ্ণৰূপে নির্মূল কৰি তাৰ ঠাইত ৰাজতন্ত্র প্রতিষ্ঠা কৰা ।
৪ ) ইউৰােপৰ পুনৰ নিৰ্মাণ কৰি নেপােলিয়নে জয় কৰা ৰাজ্যসমূহ নিজৰ মাজত ভগাই লৈ পূর্বৰ স্থিতি বাহাল ৰখা ইত্যাদি ।
নেপােলিয়নৰ দ্বিগ্বিজয়সমূহে ইউৰােপীয় ৰাজতান্ত্রিক শক্তিসমূহৰ প্রতি বিভীষিকাৰ সৃষ্টি কৰিছিল । এই শক্তিসমূহে বাৰে বাৰে একগােট হৈও নেপােলিয়নক পৰাভূত কৰিবলৈ অসমৰ্থ হৈছিল । কিন্তু লিপজিগৰ যুদ্ধই তেওঁলােকৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনে । এই যুদ্ধৰ পাছৰ পৰাই পুনৰ তেওঁলোেক একগােট হৈ নেপােলিয়ন পতনৰ বাবে গােপনে চেষ্টা আৰম্ভ কৰে । নেপােলিয়নৰ ১৮১৪ চনৰ ১৩ এপ্রিলত ইউৰােপীয় চতুর্থ মিত্র শক্তিৰ হাতত হােৱা পৰাজয়ৰ পাছত ফন্টেইৰ সন্ধিমতে তেওঁক এলবা দ্বীপলৈ নির্বাসন দিয়া হয় । এই চুক্তি অনুসৰি বুৰবন বংশৰ অষ্টাদশ লুইক ( Louis XVIII ) ফ্ৰান্সৰ সম্রাট হিচাপে ঘােষণা কৰা হয় । এই সন্ধিৰ চৰ্তৰ আধাৰতে ভিয়েনা মহাসভাৰ আলােচনা আৰম্ভ হৈছিল । নেপােলিয়নৰ পতনত মুখ্য ভূমিকা লৈছিল অষ্ট্ৰিয়াৰ ৰাজকুমাৰ মেটানিকে । সেয়েহে তেওঁৰ কার্যাৱলীৰ প্ৰতি সন্মতি জনাই অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত এই মহাসভাৰ আয়ােজন কৰা হৈছিল । ভিয়েনা মহাসভা চলি থকা অৱস্থাতে নেপােলিয়ন এলবাৰ পৰা পলাই আহি অষ্টাদশ লুইক অপসাৰিত কৰি পুনৰ ফ্ৰান্সৰ সিংহাসন অধিকাৰ কৰে । এই বাতৰি পাই মিলিত বাহিনীয়ে পুনৰ নেপােলিয়নৰ লগত যুদ্ধ কৰি ১৮১৫ চনৰ ১৮ জুনত ৱাটাৰুলু যুদ্ধত সম্পূৰ্ণৰূপে নেপােলিয়নক পৰাস্ত কৰে । এই পৰাজয়ৰ পাছত নেপােলিয়ন চেন্ট হেলেনা দ্বীপলৈ নির্বাসন দি ইউৰােপীয় ৰাজতান্ত্রিক শক্তিসমূহ ভিয়েনা মহাসভাত আলােচনাৰ বাবে মিলিত হয় ।
ভিয়েনা মহাসভাত ইউৰােপৰ বিভিন্ন দেশৰ সম্রাট , ৰাজপ্রতিনিধি , দার্শনিক , পণ্ডিত , ৰাজনীতিক , সেনাধ্যক্ষ আদিয়ে যােগদান কৰিছিল । এই মহাসভাত যােগদান । কৰা কেইজনমান উল্লেখযােগ্য প্রতিনিধি আছিল—
১ ) অষ্ট্ৰিয়াৰ সম্রাট প্রথম ফ্রেন্সিচ আৰু মেটাৰনিক ( Euperor Prancis I of Austria and Metternick . )
২ ) ৰাছিয়াৰ সম্রাট প্রথম আলেকজেণ্ডাৰ ( Czar Alexander I of Russia . )
৩ ) পুছিয়াৰ ৰজা তৃতীয় ফেডাৰিক উইলিয়াম আৰু তেওঁৰ মন্ত্রী হার্ডেনবার্গ ( Federick William III of Prussia and his Minister Hardonberg . )
৪ ) ইংলেণ্ডৰ লর্ড কেষ্টলৰীগ আৰু ৱেলিংটনৰ ডিউক ( Lord Castllereagh and Duke of Wellington from England . )
৫ ) ফ্রান্সৰ টেলিৰ ( Talleyrand of France . )
ভিয়েনা মহাসভাৰ আলােচনাৰ প্রধান বিষয়বস্তু আছিল ইউৰােপৰ পুনৰ গঠন তথা ১৭৯২ খৃঃৰ পূৰ্বৰ ফ্ৰান্সৰ যি সীমা আছিল সেই সীমালৈ ফ্রান্স উভতি যােৱা । ইতিপূর্বে ইউৰােপৰ প্রধান চাৰিশক্তি ইংলেণ্ড , ৰাছিয়া , পুছিয়া আৰু অষ্ট্রিয়া ১৮১২ চনৰ পৰা ১৮১৪ চনলৈ বিভিন্ন স্থানত গােপনে মিলিত হৈ আলােচনা অনুষ্ঠিত কৰি আছিল । এই সময়ছােৱাত তেওঁলােকে ছয়খন গােপন চুক্তি স্বাক্ষৰিত কৰিছিল । ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযােগ্য চুক্তিখন আছিল পেৰিচ চুক্তি । এই চুক্তিসমূহৰ আধাৰতে ভিয়েনা মহাসভাৰ প্রতিনিধিসকলে আলােচনা আৰম্ভ কৰিছিল । এই মহাসভা প্রচণ্ড বাক - বিতণ্ডাৰ মাজেৰে অনুষ্ঠিত হৈছিল কাৰণ মিত্রগগাটৰ প্ৰতিখন দেশেই ইউৰােপীয় শান্তি শৃংখলাতকৈ নিজৰ ব্যক্তিগত স্বার্থ আৰু লাভালাভৰ ওপৰতহে গুৰুত্ব দিছিল ।
ভিয়েনা মহাসভাৰ প্রতিনিধিসকলে কেইটামান নীতি গ্রহণ কৰিছিল । এই মৌলিক নীতিসমূহ আছিল—
১ ) নায্য অধিকাৰৰ নীতি ( Principle of Legitimacy )
২ ) শক্তি ভাৰসাম্য নীতি ( Principle of Balance of power )
৩ ) ক্ষতিপূৰণৰ নীতি ( Principle of Compensation or Principle of Rewards and Punishment )
● ১ ) নায্য অধিকাৰৰ নীতি ( Principle of Legitimacy ) ঃ এই নীতিৰ মূল লক্ষ্য নেপােলিয়নে যিবােৰ ঠাইৰ শাসকক উচ্ছেদ কৰিছিল , সেইবােৰ ঠাইত পুনৰ সেইসকল শাসকক প্রতিষ্ঠিত কৰিব লাগে । ফ্রান্সৰ বৈদেশিক মন্ত্রী তথা প্রতিনিধি টেলেৰাই এই নীতি আগবঢ়াইছিল । ভিয়েনা মহাসভাই সর্বসিদ্ধান্ত মর্মে এই নীতি গ্রহণ কৰিছিল । এই নীতি অনুসৰি তলৰ অঞ্চলসমূহত পূৰ্বৰ অৱস্থা ঘূৰাই অনা হৈছিল—
ক ) স্পেইন , চিচিলি আৰু নেপােলচত পূর্বৰ বুৰবন ৰাজবংশ প্রতিষ্ঠা করা হয় ।
খ ) হলেণ্ডত অঞ্জে ৰাজবংশক পুনৰ প্রতিষ্ঠা কৰা হয় ।
গ ) চার্ডিনিয়া আৰু পীডমণ্টত চেভয় ৰাজবংশ প্রতিষ্ঠা কৰা হয় ।
ঘ ) পােপৰ ৰাজ্যত পােপক পুনৰ প্রতিষ্ঠা কৰা হয় ।
ঙ ) নেপােলিয়নে প্রতিষ্ঠা কৰা জার্মান যৌথতন্ত্র ভাঙি এই সৰু সৰু ৰাজ্যবােৰ পূর্বৰ ৰজাসকলক ঘূৰাই দিয়া হয় ।
চ ) লম্বাদী আৰু ভেলেচিয়াত অষ্ট্ৰিয়াৰ আধিপত্য পুনৰ প্রতিষ্ঠা কৰা হয় ।
ছ ) ষষ্ঠদশ লুইৰ ভাতৃ অষ্টদশ লইক বুৰবন বংশৰ উত্তৰাধিকাৰী হিচাপে ফ্রান্স সিংহাসনত বহুওৱা হয় ।
● ২ ) শক্তি ভাৰসাম্য নীতি ( Principle of Balance of Power )ঃ এই নীতিৰ মূল উদ্দেশ্য আছিল ইউৰােপীয় দেশসমূহৰ শক্তিৰ সমতা স্থাপন কৰা । প্রতিখন দেশেই সমানে শক্তিশালী হ'লেহে অন্য দেশক আক্রমণ কৰিব নােৱাৰিব তথা অন্য আক্ৰমণৰ পৰা নিজকে প্ৰতিৰক্ষা দিব পাৰিব । সেয়েহে নেপােলিয়নে জয় কৰা অঞ্চলসমূহৰ সীমা পুনৰ নিৰ্দ্ধাৰণ কৰি সকলাে ৰাষ্ট্রকে সমানে শক্তিশালী কৰাৰ চেষ্টা কৰা হৈছিল । এই নীতি কার্যকৰী কৰাৰ ক্ষেত্ৰত তলৰ পদক্ষেপসমূহ লােৱা হৈছিল—
১ ) পীডমেণ্ড আৰু চেভয়ক চার্ডিনিয়াৰ লগত লগ লগােৱা হয় ।
২ ) বেলজিয়ামক হলেণ্ডৰ লগত লগ লগােৱা হয় ।
৩ ) ছিয়াৰ শক্তি বৃদ্ধি কৰা হয় ।
৪ ) ইটালীত অষ্ট্রিয়াৰ প্রাধান্য পুনৰ প্রতিষ্ঠা কৰা হয় ।
● ৩ ) ক্ষতিপূৰণৰ নীতি ( Principle of Compensation or principle of Rewards and punishment ) ঃ এই নীতি অনুসৰি নেপােলিয়নৰ বিৰুদ্ধে যুদ্ধ কৰি জয়লাভ কৰা দেশসমূহক পুৰস্কৃত কৰাৰ আৰু নেপােলিয়নৰ লগত সহযােগিতা কৰাসকলক শাস্তি প্রদানৰ ব্যৱস্থা কৰা হৈছিল ( Rewards to the victors and retributions to the vanquished ) । এই নীতিৰ দ্বাৰা পুৰস্কৃত হােৱা দেশসমূহ হল--
ক ) ইংলেণ্ডে নেপােলিয়নৰ বিৰুদ্ধে কৰা যুদ্ধৰ ক্ষতিপূৰণ লাভ কৰে । ইংলেণ্ডে কেপ কলনি , সিংহল , দক্ষিণ আফ্রিকা , গিয়েনা , আইনীয়ান দ্বীপপুঞ্জ আৰু কৰাচী আৰু স্পেনিচ বাণিজ্যিক কুঠিসমূহ লাভ কৰে ।
খ ) ৰাছিয়াই বেচেৰেকীয়া , ফিনলেণ্ড আৰু গ্রেস্তষ্ঠাড়ি অ ৱার্চ লাভ কৰে ।
গ ) পুছিয়াই উত্তৰ চেক্সনী , দানজিন্স , পােজেন , ৰাইন অঞ্চল , থর্ন আৰু পশ্চিম পমেৰ ' নিয়া লাভ কবে ।
ঘ ) হলেণ্ডে অষ্ট্রিয়ান নেডাৰলেণ্ড লাভ কৰে ।
ঙ ) নেডাৰলেণ্ডৰ পৰিৱর্তে অষ্ট্ৰিয়াক উত্তৰ ইটালীৰ লােম্বার্ডি আৰু ভেনেচিয়া দিয়া হয় । পশ্চিম ইটালীৰ পামা , মডেনা আৰু টাচকানিত অষ্ট্ৰিয়াৰ হেৱবার্গ । বংশৰ ( Habsburg Dynasty ) লোকক ৰজা পতা হয় ।
চ ) চুইভেনে নৰৱেক লাভ কৰে । এই অঞ্চলটো ডেনমার্কৰ পৰা কাঢ়ি অনা । হয় ।
ছ ) চুইডেনৰ পমেনিয়াক ৰাছিয়া আৰু পুছিয়াৰ মাজত ভগাই দিয়া হয় । আনহাতে ক্ষতিপূৰণৰ নীতি অনুসৰি নেপােলিয়নৰ মিত্রশক্তিবােৰক শাস্তিৰ ব্যৱস্থা কৰা হয় । উদাহৰণস্বৰূপে
ক ) ফ্রান্সে যুদ্ধৰ ক্ষতিপূৰণ হিচাপে সত্তৰ ( ৭০ ) নিযুত ফ্রেংক ভৰিব লগা হয় ।
খ ) ডেনমার্কৰ পৰা নৰৱেক কাঢ়ি অনা হয় ।
এনেদৰেই ভিয়েনা মহাসভাই ফৰাচী বিপ্লৱ আৰু নেপােলিয়নৰ সাম্রাজ্যৰ পুনৰ গঠন কৰি ইউৰােপত পূৰ্বৰ অৱস্থা বাহাল কৰাৰ চেষ্টা চলায় । এই মহাসভাত গ্রহণ কৰা সিদ্ধান্তসমূহ “ ভিয়েনা বন্দোবস্ত ” ( Vienna Settlement , 1815 ) হিচাপে জনা যায় । তদুপৰি এই ভিয়েনা বন্দোবস্তৰ নীতিসমূহ বাস্তৱত কার্যকৰী কৰিবৰ বাবে ইউৰােপীয় মৈত্রী সংঘৰ ( Concert of Europe ) ব্যৱস্থা কৰা হয় ।
লেখক: স্বপ্না কাকতি
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
পটভূমি : ফৰাচী বিপ্লৱৰ পিছৰ সময়ছােৱাত অর্থাৎ নেপােলিয়নৰ পতনৰ পাছত ইউৰােপৰ ৰাজনীতিবিদসকলে ইউৰােপ মহাদেশৰ ৰাজনৈতিক পুনৰ গঠনৰ কামত ন - উদ্যমেৰে মনােনিবেশ কৰে । ফন্টেইন ব্লু সন্ধিৰ চৰ্তমতে নেপােলিয়নক এলবা দ্বীপলৈ নির্বাসিত কৰাৰ পিছত ইউৰােপ মহাদেশৰ নৰূপায়ণৰ পৰিস্থিতিৰ সৃষ্টি হয় । অৱশেষত ইউৰােপৰ প্রতিনিধিবর্গ মিলিত হৈ অষ্ট্রিয়াৰ ৰাজধানী ভিয়েনাত এখন সন্মিলনৰ আয়ােজন কৰে । ইয়াই হৈছে ভিয়েনা কংগ্ৰেছ । উক্ত সন্মিলনত যােগদানকাৰী সদস্যবিলাকৰ ভিতৰত প্ৰধানকৈ ৰাছিয়াৰ জাৰ আলেকজেণ্ডাৰ , পুছিয়াৰ ফ্রেডেৰিক উইলিয়াম , অষ্ট্রিয়াৰ প্রথম ফ্রান্সিছ , ডেনমার্ক , বেভেৰিয়া আৰু ৱার্টেম বার্গৰ ৰজাৰ উপৰিও বিভিন্ন দেশৰ প্রতিনিধিসকলৰ ভিতৰত প্ৰধানকৈ অষ্ট্ৰিয়াৰ প্রিঞ্চ মেটাৰনিক , ফ্রান্সৰ টেলিৰাণ্ড , ইংলেণ্ডৰ কেচালৰিগ আৰু ৱেলিংটন আদি উল্লেখযােগ্য । মেটাৰনিক আছিল ভিয়েনা কংগ্ৰেছ সন্মিলনৰ প্রধান হােতাস্বরূপ ।
ইউৰােপৰ ৰাজনৈতিক পুনৰ গঠনেই আছিল ভিয়েনা কংগ্ৰেছৰ প্রধান সমস্যা । এই সংক্রান্তত তিনিটা মুখ্য নীতি অবলম্বন কৰা হয় । সেইবােৰ হৈছে— ( ১ ) ন্যায় অধিকাৰ ( ২ ) শক্তি - সাম্য আৰু ( ৩ ) ক্ষতিপূৰণ । উক্ত তিনিটানীতিৰ প্ৰয়ােগেৰে সন্মিলনে ইউৰােপক পুনৰ গঠন কৰিব বিচাৰিছিল যদিও অদূৰ ভৱিষ্যতে ফ্ৰান্সৰ অগ্রগামী ক্ষমতা প্রসাৰৰ পথা ৰুদ্ধ কৰাই আছিল সন্মিলনৰ প্ৰধান নীতি ।
ইউৰােপৰ পুনৰ গঠন : ভিয়েনা সন্ধিৰ জৰিয়তে নিম্নোক্ত ব্যৱস্থাবােৰ গ্ৰহণ কৰা হৈছে ।
( ক ) ফ্রান্স ও বিপ্লৱৰ পিছৰছােৱা সময়ত ফৰাচী সাম্রাজ্যৰ সংশােধন কৰি ফ্রান্সক বিপ্লৱৰ আৰম্ভণিৰ ৰাজ্যৰ সীমালৈ সংকোচন কৰা হয় আৰু প্রাক্ - বিপ্লৱৰ বুৰবন বংশৰ প্রতিনিধি অষ্টাদশ লুইক ৰজাৰ পদত অধিষ্ঠিত কৰা হয় । লগতে ফ্রান্সে যাতে আকৌ অগ্রগ্রাসী ক্ষমতা লাভ কৰিব নােৱাৰে তাৰ বাবে ফ্রান্সৰ উত্তৰ সীমাত হলেণ্ডৰ লগত বেলজিয়ামক সাঙুৰি এখন শক্তিশালী ৰাজ্য গঠনৰ ব্যৱস্থা গ্ৰহণ কৰা হয় । ফ্রান্সে যথেষ্ট পৰিমাণৰ যুদ্ধৰ ক্ষতিপূৰণ দিয়াৰ লগতে বিভিন্ন দেশৰপৰা আহৰণ কৰা শিল্প - সামগ্ৰীবােৰ উভতাই দিবলগীয়া হয় । অদূৰ ভৱিষ্যতে ফ্রান্সৰ অগ্রগামী নীতিক প্রতিৰােধ কৰাৰ কাৰণে এটা শক্তিশালী প্রতিবেশী ৰাষ্ট্ৰৰ বেষ্টনী গঠন কৰা হয় ।
( খ ) ৰাছিয়া ও ভিয়েনাৰ পুনঃ সংগঠিত হােৱাৰ বাবে ৰাছিয়া বহু পৰিমাণে লাভবান হয় । ইয়াৰ ফলত ৰাছিয়াই ফিনলেণ্ড , বেচাৰচিয়া , তুৰস্ক সাম্রাজ্যৰ কিছু অংশ , পােলেণ্ডৰ বাৰশ্বে আদি লাভ কৰিলে ।
( গ ) পুছিয়া ঃ পুনৰ গঠিত হােৱাৰ ফলত পুছিয়াই এক নতুন মাত্রা লাভ কৰে । পােজেন , থর্ণ , ডানজিগ , চেক্সনিৰ উত্তৰাংশ , পােমাৰেণিয়া আৰু ৰাইন নদীৰ পাৰৰ প্রদেশবােৰ লাভ কৰি অদূৰ ভৱিষ্যতে জার্মানীৰ নেতৃত্ব লাভৰ পথত ছিয়াই এক নতুন গতি লাভ কৰে ।
( ঘ ) অষ্ট্রিয়া ও অষ্ট্রিয়া নতুনকৈ গঠন হােৱাৰ পথ মুকলি হােৱাত ই পােলেণ্ডৰ অংশ আৰু ইলিৰিয়ান প্রদেশসমূহ লাভ কৰিলে । হলেণ্ডৰ হাউচ - অৱ - অৰেঞ্চক বেলজিয়াম প্ৰদান কৰাৰ ক্ষতিপূৰণ হিচাপে অষ্ট্রিয়া দক্ষিণ ইটালী দিয়া হয় ।
( ঙ ) জার্মানী ঃ অষ্ট্রিয়াৰ পূৰ্বৰ দাবী প্রত্যাহাৰ কৰি অন্তর্ভুক্ত ৰাজ্যবােৰৰ স্বাধীনতাৰ দাবী গ্ৰহণ কৰি জার্মানীত ৩৯ খন ৰাজ্যৰ জাৰ্মান কনফেডাৰেশ্বন নামৰ এখন যুক্তৰাষ্ট্র গঠন কৰা হয় ।
( চ ) ইটালী ও সমগ্র ইটালীত নেপােলিয়নে এক ঐক্য - সংহতিৰ বান্ধোনেৰে আৱৰি ৰাখিছিল । নেপােলিয়নৰ এই বেষ্টনীক বিনষ্ট কৰি উত্তৰ ইটালী অষ্ট্ৰিয়াক দিয়া হ'ল আৰু বাকী অংশক সৰু সৰু কিছুমান স্বাধীন ৰাষ্ট্ৰত ভাগ কৰি মধ্যযুগীয়া ভৌগােলিক অৱস্থাপ্রাপ্ত
( ছ ) ইংলেণ্ড ও ইংলেণ্ড নেপােলিয়নৰ প্রধান শত্রু হিচাপে বিবেচিত হৈছিল । নেপােলিয়নৰ পতনৰ দিশত ইংলেণ্ডৰ ভূমিকা সবাতােকৈ বেছি লগতে ক্ষয় - ক্ষতিও আছিল বহুল পৰিমাণৰ । অতএব , ইংলেণ্ডে ক্ষতিপূৰণ হিচাপে লাভ কৰিলে হেলিগােলেণ্ড , মাল্টা , সিংহল , কেপকলােনি , আইয়ােপিয়ান দ্বীপপুঞ্জ আদি ।
( জ ) চুইডেন ও বিভাজনৰ সময়ছােৱাত ডেনমার্কৰ পৰা নৰৱেক ছিন্ন কৰি চুইডেন লগত সংযােগ কৰা হয় ।
ভিয়েনা বন্দবস্তৰ প্ৰধান চর্তসমূহ ঃ
ইউৰােপৰ মানচিত্রখন নেপােলিয়নৰ পতনৰ পৰৱৰ্তী সময়ছােৱাতনৰূপেৰে অংকন । কৰাৰ প্রয়ােজন আহি পৰে । সেই উদ্দেশ্যেৰেই ১৮১৫ চনত ইউৰােপীয় শক্তিবর্গই অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত এখন আহ্বান কৰে । উক্ত সভাকে ভিয়েনা কংগ্ৰেছ বা মহাসভা হিচাপে জনা যায় । প্রধান শক্তিসমূহৰ আগত ভিয়েনাত কংগ্ৰেছ বহাৰ প্ৰাক্ মুহূর্ততত বহুতাে সমস্যাই দেখা দিয়ে ।
( ক ) ইউৰােপ মহাদেশত শান্তি স্থাপন কৰা ।
( খ ) ইউৰােপৰ পুনঃ সংগঠন ।
( গ ) ইউৰােপত শান্তি - ভংগকাৰী দেশসমূহক শাস্তি বিধান আৰু ইয়াৰ বিপৰীত দেশবােৰৰ ক্ষয় - ক্ষতি ক্ষতিপূৰণ আদায় কৰা ।
( ঘ ) যুদ্ধকালীন মিত্রশক্তিবােৰৰ মাজত হােৱা পাৰম্পৰিক চুক্তিবােৰৰ কাৰ্যকৰীকৰণ কৰা ।
( ঙ ) ফ্ৰান্সৰ বুৰবন বংশৰ পৰিস্থিতি আছিল কংগ্ৰেছৰ আগত দেখা দিয়া প্রধান সমস্যা । সেয়েহে কংগ্রেছৰ প্রতিনিধিত্সকলে উক্ত সমস্যাসমূহ আঁতৰ কৰাৰ কাৰণে কিছুমান নির্দিষ্ট নীতি নির্ধাৰণৰ প্রয়ােজনীয়তাৰ কথা চিন্তা ভাবিছিল ।
অৱশেষত উক্ত সমস্যাসমূহ আতৰ কৰাৰ বাবে প্রতিনিধিবর্গই তিনিটা প্রধান কার্যকৰী নীতি গ্রহণ কৰে । ( ক ) প্রাক্ বিপ্লৱৰ অৱস্থাৰ প্রৱর্তন , ( খ ) ক্ষতিপূৰণ , ( গ ) ইউৰােপীয় ৰাজ্যসমূহৰ ভাৰসাম্য ৰক্ষা কৰা ।
( ক ) প্রাক বিপ্লব অৱস্থাৰ পুনঃ প্রবর্তন ঃ ফৰাচী বিপ্লৱৰ আগৰছােৱা সময়ত ইউৰােপীয় ৰাজ্যৰ চাৰিসীমা যেনে ধৰণৰ আছিল পুনৰ একে অৱস্থাতে ৰখাৰ প্রধান অর্থ হ’ল প্রাক্ বিপ্লৱ অৱস্থাৰ পুনঃ প্রৱর্তনৰ ৰীতি অৱলম্বন কৰা । ফৰাচী প্রতিনিধি টেলিৰেণ্ডে এই নীতিৰ প্ৰস্তাৱ উত্থাপন কৰে । তেওঁৰ প্রধান উদ্দেশ্য আছিল– অগ্রাসায়ী প্রতিনিধিসকলৰ হাতােৰাৰ পৰা ফ্রান্সক ৰক্ষা কৰি তাত বুৰবন ৰাজবংশব প্রতিষ্ঠা কৰা । মেটানিকে নিজৰ স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি অতি আগ্ৰহেৰে এই নীতি গ্রহণ কৰে আৰু নেপােলিয়নৰ দিনৰ ৰাষ্ট্র ব্যৱস্থাৰ বৈধতা সম্পর্কে অস্বীকাৰ কৰে । উক্ত নীতি প্রয়ােগ কৰি ফ্ৰান্সৰ বুৰবন বংশক পুনৰ ফ্রান্সত প্রতিষ্ঠা কৰা হয় ।
উক্ত সময়ছােৱাত ষােড়শ লুইৰ ভায়েক অষ্টাদশ লুইক ৰজা হিচাপে স্বীকৃতি প্রদান কৰা হয় । চার্দিনিয়া , হলেণ্ড , চেভয় আৰু অরেঞ্জ ৰাজবংশৰ পুনৰ প্রতিষ্ঠা কৰা হয় । একেদৰে বিভিন্ন ৰাজবংশসমূহক আগৰ দৰে ৰাজ্যসমূহ উভতাই দিয়া হয় ।
ক্ষতিপূৰণ : ক্ষতিপূৰণ উভতাই প্রদান কৰাটোৱেই আছিল কংগ্ৰেছৰ দ্বিতীয় নীতি । নেপােলিয়নৰ সৈতে হােৱা যুদ্ধত ইংলেণ্ড , অষ্ট্রিয়া , পুছিয়া , ৰাছিয়া আৰু চুইডেনৰ যথেষ্ট । ক্ষয় - ক্ষতি হৈছিল । সেইহেতুকে বিজিত ৰাষ্ট্ৰবােৰক শাস্তি প্রদান কৰি বিজয়ীসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হয় ।
( ১ ) নৰৱেক ডেনমার্কৰ পৰা নিলগাই চুইডেনৰ হাতত অৰ্পণ কৰা হয় । চুইডেনে । ৰাছিয়াক ফিনলেণ্ড আৰু পুছিয়াক পামাৰেনিয়াৰ এটা অংশ প্রদান কৰে ।
( ২ ) নেপােলিয়নক সহায় কৰা বাবে চেক্সনিয়ে নিজৰ কিছু অংশ পুছিয়াৰ হাতত অৰ্পণ কৰিবলগীয়া হয় ।
( ৩ ) নেপােলিয়নৰ ধ্বংসমুখী যাত্ৰাত বিশিষ্ট ভূমিকা গ্রহণ কৰা বাবে ৰাছিয়া , পুছিয়া আৰু ইংলেণ্ড বিস্তৰ পৰিমাণে উপকৃত হয় ।
( ৪ ) ৰাছিয়াই ফিনলেণ্ড , পােলেণ্ডৰ বেছিভাগ অংশ আৰু বেছাৰভিয়া লাভ কৰি ইউৰােপৰ ৰাজনীতিত গুৰুত্বপূর্ণ স্থান লাভ কৰে ।
( ৫ ) পুছিয়াই পেপালেণ্ডৰ একাংশ , পামাৰেণিয়া আৰু ৰাইনলেণ্ডৰ অধিকাংশ লাভ কৰে ।
( ৬ ) ইটালী আৰু জাৰ্মানীত অষ্ট্ৰিয়াৰ প্ৰভূত্ব বিস্তাৰ হয় । ইয়াৰ ফলত অষ্ট্রিয়া , ইটালী আৰু জাৰ্মানীৰ জাতীয় ঐক্যৰ অন্তৰায় স্বৰূপ হৈ পৰে ।
( ৭ ) ট্রিনিডাড , মৰিছাছ , টবেক , সিংহল ( শ্রীলংকা ) , হেলিগােলেণ্ড , মাল্টা আৰু কেপ - অর - গুড় - হােপ লাভ কৰি ঔপনিৱেশিক দিশত ইংলেণ্ডে গুৰুত্ব লাভ কৰে । *
( গ ) ইউৰােপীয় ৰাজ্যসমূহৰ ভাৰসাম্য ৰক্ষা: ইউৰােপীয় নেতৃবর্গই অদূৰ ভৱিষ্যতে ফ্ৰান্সৰ সাম্ভাব্য বিপদৰ পৰা ইউৰােপ ৰক্ষা কৰাৰ উদ্দেশ্যে ভাৰসাম্য নীতি গ্রহণ কৰে । ( ১ ) ফ্ৰান্সৰ সীমা বিপ্লৱৰ আগৰ অৱস্থালৈ সীমিতকৰণ কৰা হয় । ( ২ ) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে সমুদায় অংশ ফ্রান্সৰ ওপৰত অৰ্পন কৰা হয় ।
সমালােচনা : ওপৰত উল্লেখিত ব্যৱস্থাসমূহ কার্যকৰণৰ জৰিয়তে ইউৰােপীয় শক্তিবৰ্গই ইউৰােপৰ ৰাজনৈতিক মানচিত্ৰখন নৰূপেৰে গঢ়ি তােলাত সফল হয় । উক্ত কামত ঘােষিত হােৱা উচ্চ আদৰ্শৰ প্রতিফলনৰ ঠাইত ৰাষ্ট্ৰবােৰৰ অগ্রাসী দৃষ্টিভংগী , পাৰস্পৰিক অবিশ্বাস আৰু সামূহিক প্রগতিৰ চিন্তাৰ অভাৱ স্পষ্টভাৱে প্ৰকট হৈ পৰিছে । সদস্যসকলৰ প্রধান লক্ষ্যসমূহৰ ভিতৰত প্ৰধানকৈ নিজৰ স্বাৰ্থ সুৰক্ষিত কৰা , যুদ্ধত যিকলে কৃতিত্ব দেখুৱাইছিল তেওঁলােকক ক্ষতিপূৰণ দিয়া , প্রত্যেকৰে ন্যায্য অধিকাৰ ঘূৰাই দিয়া , ইউৰােপৰ শক্তি সাম্য অটুট ৰখা , সর্বোপৰি ফ্রান্সে যাতে ভৱিষ্যতে পুনৰায় মূৰ দাঙি উঠিব । নােৱাৰে তাৰ কাৰণে যথাযথ ব্যৱস্থা গ্রহণ আদিয়েই আছিল অন্যতম । ন্যায্য অধিকাৰ ’ , ‘ ক্ষতিপূৰণ আৰু শক্তি সাম্য’– এই তিনিটা নীতি ভিয়েনা কংগ্ৰেছে অনুসৰণ কৰিছিল । তাৎক্ষণিক ফলস্বৰূপে পােন্ধৰ বছৰৰ পাছতেই ১৮৩০ চনৰ ফৰাচী বিপ্লৱৰ জৰিয়তে ভিয়েনা কংগ্ৰেছৰ আন্তঃগাঁথনি ভাঙি পেলােৱাৰ প্রচেষ্টা আৰম্ভ হয় ।
ভিয়েনা কংগ্রেছৰ চৰ্তসমূহ যথাযথভাৱে পালন কৰাৰ ক্ষেত্ৰত বহুতাে সমস্যাই দেখা দিছিল । পাৰম্পৰিকভাৱে প্রচলিত অভিজাততান্ত্রিক ব্যৱস্থা আৰু যুদ্ধোত্তৰ মিত্ৰ ৰাজ্যবােৰৰ মাজত থকা চুক্তিবােৰৰ বাবে ভিয়েনা কংগ্ৰেছৰ লক্ষ্য আদর্শ বাস্তৱত ৰূপায়িত কৰাত বাধাৰ সৃষ্টি হৈছিল । ভিয়েনা কংগ্ৰেছে নিজৰ লক্ষ্য সাধনত কৃতকার্যতা লাভ কৰিব নােৱাৰিলেও ইউৰােপৰ ৰাজনৈতিক ক্ষেত্ৰখনত যে ভিয়েনা কংগ্ৰেছ পথ প্রদর্শক আছিল তাত কোনাে সন্দেহৰ অৱকাশ নাই ।
ভিয়েনা কংগ্ৰেছৰ ৰাজ্য : ফৰাচী বিপ্লৱৰ পাছৰ সময়ছােৱাত অর্থাৎ নেপােলিয়নৰ পতনৰ পাছত ইউৰােপৰ ভৌগােলিক চিত্ৰখন ন - ৰূপেৰে সজাই তােলাৰ ক্ষেত্ৰত প্রধান ইউৰােপীয় শক্তিসমূহৰ মুখ্য প্রতিনিধিসকলে অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনা চহৰত ১৮১৪ চনত মিলিত হয় । সন্মিলনত অংশগ্রহণকাৰী লােকসকলৰ ভিতৰত প্ৰধানকৈ ; বিভিন্ন দেশৰ ৰজা , সাংবাদিক , কূটনীতিবিদৰ উপৰিও ইংলেণ্ডৰ কেলৰী , ফ্রান্সৰ টেলিৰেণ্ড আৰু অষ্ট্রিয়াৰ মেটাৰনিকে আছিল বিশেষভাৱে উল্লেখযােগ্য । ভিয়েনা সভাই ইউৰােপত শান্তি স্থাপনৰ কাৰণে বিভিন্ন আদর্শৰে অনুপ্রাণিত হৈ কাম কৰাৰ প্রতিশ্রুতি ৰাখিছিল যদিও ভিয়েনা সন্মিলনৰ বিভিন্ন কার্যাৱলীক সাংঘাতিকভাৱে বিৰুদ্ধাচাৰণ কৰা হয় ।
ভিয়েনা কংগ্ৰেছৰ সমালােচনাৰ কাৰকসমূহ ঃ
( ১ ) ভিয়েনা কংগ্ৰেছৰ সদস্যবিলাক আছিল প্রধানতঃ অভিজাততান্ত্রিক । গণতন্ত্র বা জাতীয়তাবাদ তেওঁলােকৰ বাবে গ্রহণযােগ্য নাছিল । তেওঁলােকে নিজৰ নিজৰ স্বার্থৰ বাবে ব্যক্তিগত সম্পত্তিবােৰ ভােগ কৰাৰ দৰে ইউৰােপৰ পুনৰ গঠনৰ কামবােৰ সম্পাদন কৰিছিল । .
( ২ ) ভিয়েনা সভাৰ সিংহভাগ কাম কাজ সভাৰ বাহিৰত হােৱা কাৰণে ভিয়েনা কংগ্ৰেছক এখন সভা বুলি ধৰিব পৰা নগৈছিল ।
( ৩ ) সিদ্ধান্তবােৰৰ ক্ষেত্ৰত প্রতিপক্ষৰ মাজত প্ৰায়ে মত - বিৰােধে দেখা গা কৰি উঠিছিল । নিজৰ স্বাৰ্থ পূৰণৰ বাবে আলােচনাৰ কালছােৱাত তেওঁলােকৰ মাজত যুদ্ধৰ সম্ভাৱনাই দেখা দিছিল ।
( ৪ ) ভিয়েনাত কিছুমান চুক্তি সম্পাদন কৰা হৈছিল যিবিলাকে ইউৰােপৰ ভৱিষ্যৎ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰিব পৰা নাছিল ।
( ৫ ) শক্তিৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে সৰু - সুৰা দেশবােৰৰ চাৰিসীমাৰ পৰিৱর্তন সাধন কৰা হয় । নিজৰ নিজৰ ৰাজবংশবােৰক শক্তিশালী কৰাৰ বাবে বৃহৎ শক্তিগােষ্ঠীসমূহে ইউৰােপৰ জাতিসমূহক নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিছিল ।
( ৬ ) কংগ্রেছৰ শক্তিগােষ্ঠীসমূহে ইটালীৰ ওপৰত অষ্ট্রিয়াৰ কর্তৃত্ব স্বীকাৰ কৰি ভেনিচ আৰু জেনােৱাৰ দৰে সৰু সৰু ৰাষ্ট্ৰবিলাকৰ স্বাধীনতা খর্ব কৰে ।
( ৭ ) চুক্তিসমূহৰ জৰিয়তে জার্মানসকলৰ আশা - আকাঙ্খৰ ওপৰত এক মাৰমুখী আঘাত হনা হয় আৰু সৰু দেশবােৰৰ বিস্তৃতিৰ ক্ষেত্ৰত অষ্ট্রিয়া বা পুছিয়াৰ স্বার্থলৈ লক্ষ্য ৰাখি সেইবােৰ কৰ্তন কৰি উক্ত দেশবােৰত বহতীয়া শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় ।
( ৮ ) হলেণ্ডৰ লগত বেলজিয়াম , চুইডেনৰ নৰৱে আদিৰ সংযুক্তিকৰণ সন্মিলনৰ সম্পূর্ণ জাতীয়তা বিৰােধী কাম - কাজবােৰৰ ভিতৰত অন্যতম আছিল ।
( ৯ ) জাতীয়তাবাদৰ বিৰােধী ভিয়েনাৰ এই চুক্তিৰ ফলত অতি কমসময়ৰ ভিতৰত এই ৰাজ্যসমূহত জাতি , ধর্ম , ভাষা , ৰাজনৈতিক , অর্থনৈতিক আৰু সামাজিক দিশত বৈষম্যৰ সৃষ্টি হােৱাৰ লগে লগে ইউৰােপৰ বিভিন্ন অঞ্চলত সশস্ত্র বিদ্রোহে গা কৰি উঠে ।
( ১০ ) ঐতিহাসিক সকলৰ মতে ভিয়েনা মহাসভা হৈছে এখন চাৰি শক্তিৰ বন্দোবস্তিৰ “ দলিল স্বৰূপ । ইয়াৰ ফলশ্ৰুতিত , পৰাজিত শক্তিসমূহে অনিচ্ছা সত্ত্বেও সকলােবােৰ সিদ্ধান্ত বিনা দ্বিধাই মানিব লগা হৈছিল । ইয়াৰ মূলনীতিসমূহ মাত্র কাগজে - পত্ৰইহে কার্যকৰীকৰণ কৰা হৈছিল ।
( ১১ ) নেপােলিয়নৰ পতনমুখী যাত্ৰাত অগ্রণী ভূমিকা গ্ৰহণ কৰা বাবে ৰাছিয়া , পুছিয়া , অষ্ট্রিয়া আৰু ইংলেণ্ড বহু পৰিমাণে লাভাৱান্বিত হয় । ৰুছিয়াই ফিনলেণ্ডৰ উপৰিও পােলেণ্ডৰ একাংশ , পামাৰেণিয়া আৰু ৰাইনলেণ্ডৰ অধিকাংশ লাভ কৰে ।
( ১২ ) ইটালী আৰু জাৰ্মানীত অষ্ট্রিয়াৰ আধিপত্য বিস্তাৰ হয় । মৰিছাছ , ট্রিনিডাভ , টৱেগ , সিংহল আৰু কেপ অৱ গুৰ্ডহ’প ইংলেণ্ড লাভ কৰাৰ পিছৰ পৰা ঔপনিবেশিক ক্ষেত্ৰত ইংলেণ্ডে এক নতুন দিশৰ সূচনা কৰে ।
ভিয়েনা সন্মিলনত বিভিন্ন উচ্চ আদৰ্শৰ কথা উনুকিওৱা হৈছিল যদিও তাক কোনেও কার্যকৰীকৰণৰ কৰা নাছিল । আলেকজেণ্ডাৰে প্ৰায়ে আদৰ্শৰ কথা কৈছিল যদিও তেওঁৰ কোনাে স্থিৰতা নাছিল । স্বেচ্ছাচাৰী ৰাজতন্ত্রৰ এজন পৃষ্ঠপােষক হােৱা বাবে ৰাজকোৱৰ মেটাৰনিকক প্রতিক্রিয়াশীলতাৰ প্রতীক বুলি গণ্য কৰা হৈছিল ।
ভিয়েনা সন্মিলনৰ জৰিয়তে ৰাজপ্রতিনিধিবৰ্গ আৰু সভাসদসমূহে নিজ স্বার্থৰ বিপৰীতে কোনাে কাম কৰিব নােৱাৰাৰ বাবে ১৮১৫ চনৰ ভিয়েনা কংগ্ৰেছ সন্মিলনৰ ৰাজনৈতিক পুনৰ গঠনৰ আন্তঃগাঠনি আধা শতিকাৰ ভিতৰতে বালিৰ বান্ধৰ দৰে খহি পৰে ।
লেখক: গুপ্তজিৎ পাঠক।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
ইউৰােপীয় কনছার্ট : ফৰাচী বিপ্লৱৰ পিছৰ সময়ছােৱাত অথাৎ নেপােলিয়নৰ পতনৰ পিছত ইউৰােপৰ প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তনৰ প্রয়ােজন আহি পৰে । ভিয়েনা কংগ্ৰেছৰ জৰিয়তে ১৮১৫ চনত ইউৰােপৰ ৰাজনৈতিক মানচিত্র পুনৰ নিৰ্ধাৰণ কৰা হয় ।
পৰম্পৰাগত ধ্যান ধাৰণাৰে উদ্বুদ্ধ হৈ ভিয়েনা কংগ্ৰেছৰ ৰাজনীতিবিদসকলে গণতন্ত্র পৰিৱর্তে ইউৰােপত প্রাক্ বিপ্লৱ ৰাষ্ট্ৰৰ ব্যৱস্থা পুনঃ সংস্থাপন কৰে । ফ্রান্স তথা বিপ্লৱী আদর্শই যাতে ভিয়েনা কংগ্ৰেছৰ জৰিয়তে নকৈ প্রতিষ্ঠা লাভ কৰা ইউৰােপৰ শান্তি - শৃংখলাত বাধা আৰােপ কৰিব নােৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত কংগ্ৰেছৰ কর্মকর্তাসকলে গুৰুত্ব আৰােপ কৰে । তেওঁলােকৰ চিন্তাধাৰাক বাস্তৱত ৰূপ দিয়াৰ বাবে ৰাছিয়াৰ জাৰ প্রথম আলেকজেণ্ডাৰে পৱিত্র চুক্তি’ৰ সৃষ্টি কৰে ।
অষ্টিয়াৰ প্রিন্স মেটাৰনিকৰ প্ৰচেষ্টাত ১৮১৫ চনতৰুছিয়া , পুছিয়া আৰুইংলেণ্ডে চতুঃশক্তিৰ মৈত্রী নামৰ অনুষ্ঠানটোৰ জন্ম দিয়ে । সেইসময়ৰ পৱিত্ৰ সংঘ ’ নামৰ অনুষ্ঠানটিতকৈ ইয়াৰ গুৰুত্ব যথেষ্ট আছিল । উক্ত দুই সমবায়ৰ যােগেদি ইউৰােপীয় শক্তিবৰ্গৰ মাজত হােৱা ঐক্য সম্প্রীতিৰ বন্ধনক কনচার্ট অৱ ইউৰােপ ’ বা ইউৰােপীয় ঐক্যতান বুলি অভিহিত কৰা হৈছে ।
কনচাৰ্টৰ লক্ষ্য আৰু উদ্দেশ্যসমূহঃ উক্ত চুক্তি প্রধান উদ্দেশ্যসমূহ আছিল—
( ক ) ভিয়েনা কংগ্ৰেছৰ চৰ্তসমূহ পূৰণ কৰা
( খ ) ইউৰােপত শান্তি প্রতিষ্ঠা কৰা
( গ ) স্বাক্ষৰকাৰীসকলৰ মাজত পাৰস্পৰিক বুজা পৰা অটুট ৰখাৰ কাৰণে মাজে সময়ে সন্মিলনত মিলিত হােৱা ।
উল্লেখযােগ্য যে , উক্ত সিদ্ধান্তসমূহৰ ওপৰত মেটানিকে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল ।
কনচাৰ্টৰ প্রধান কার্যাবলীসমূহ ঃ
এই - লা - চেপেনৰ কংগ্রেছ ১৮১৮ :
১৮১৮ চনত এই - লা - চেপেনত চতুঃশক্তি চুক্তি তথা ইউৰােপীয় সমবায়ৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হয় । উক্ত কংগ্ৰেছে বহুতাে সমস্যাৰ ক্ষেত্ৰত সমাধানৰ উপায় প্রদান কৰে ।
( ক ) নির্ধাৰিত সময়ৰ পূর্বে ফ্রান্সে ক্ষতিপূৰণ আদায় দিয়াত সন্মিলন সন্তুষ্ট হৈ ফ্রান্সকো শক্তি সমবায়ৰ সদস্য ৰাষ্ট্ৰ হিচাপে অন্তর্ভূক্ত কৰি লােৱা হয় । মিত্র শক্তিৰ সৈন্যবাহিনী ফ্রান্সৰ পৰা অপসাৰিত কৰা হয় ।
( খ ) জার্মানীৰ ৰজাসকলৰ অভাৱ অভিযােগ সমূহৰ ওপৰত ব্যৱস্থা গ্রহণ কা ।
( গ ) অষ্ট্রিয়া আৰু গুছিয়াৰ ইহুদীসকলৰ নাগৰিক অধিকাৰ আদিৰ ওপৰত ব্যৱস্থা গ্রহণ কৰে ।
ট্রপাে সন্মিলন ১৮২০
ইউৰোপত উদ্ভৱ হােৱা সমস্যাসমূহৰ সমাধান কৰিবলৈ আৰু ইউৰােপীয় মিত্র শক্তিসমূহৰ মাজত দেখা দিয়া পাৰস্পৰিক সন্মিলনখন ট্রপােত অনুষ্ঠিত হয় । ১৮২০ চনত স্পেইন , পর্তুগাল আৰু নেপালছৰ উদাৰ নৈতিক শাসন স্থাপনৰ ফলশ্ৰুতিত বিদ্ৰোহৰ সূত্রপাত হয় । প্রতিক্রিয়াশীল মেটাৰনিকে অষ্ট্ৰিয়াৰ স্থায়িত্বৰ গুৰুত্বৰ কথা অনুধাৱন কৰি উদাৰ নৈতিক আন্দোলনক সমর্থন নাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে ।
মেটানিকে বিপ্লৱাত্মক আন্দোলন সম্প্ৰসাৰণ হােৱাৰ ক্ষেত্ৰত বাধা প্রদান কৰি সেইবােৰে যাতে মূৰ তুলি উঠিব নােৱাৰে তাৰ বারে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে । মেটাৰনিকৰ উক্ত নীতিৰ ফলশ্রাতিত আলেকজেগুৰিৰাে উদাৰ নৈতিক মতাদৰ যথেষ্ট পৰিৱৰ্তন ঘটে ।
‘ ট্রপাে প্রােটোকোল ’ নামৰ এখন ‘ ঘােষণা পত্ৰৰ মাধ্যমেদি উক্ত দেশবােৰৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু প্রায়বােৰ বিদ্রোহ নির্মূল কৰি পূৰ্বৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্রচেষ্টা হাতত লােৱা হয় । গণতান্ত্রিক ইংলেণ্ডৰ বাবে উক্ত নীতি কোনােপধ্যেই গ্রহণযােগ্য নাছিল । অতএব , উক্ত বৈঠকৰ পাছত কনচাৰ্টৰ পৰা ইংলেণ্ড বাহিৰ হৈ যায় । ফ্রান্সৰ ক্ষেত্ৰতাে ট্রপাে প্রােটোকোল গ্রহণ কৰাৰ ক্ষেত্ৰত বিৰােধৰ সৃষ্টি হ'ল । সঁচা অৰ্থত উক্ত কংগ্ৰেছৰ সময়ছােৱাৰ পৰাই কনচাৰ্টৰ মাজত বিভেদৰ বীজ অঙ্কুৰিত হয় ।
লাইক কংগ্ৰেছ , ১৮২১
১৮২১ খৃঃত ইউৰােপীয় শক্তিবর্গ পুনৰ লাইবাক সন্মিলনত মাধ্যমেদি একত্রিত হয় । এই কার্য সংঘটিত হয় প্রধানকৈ ‘ ট্রেলাে প্রােটোকোল ঘােষণাৰ অনিশ্চয়তাৰ পিছৰ সময়ছােৱাত । ইয়াৰ জৰিয়তে শক্তি প্রয়ােগৰ দ্বাৰা নেপচত ফাণ্ডিনণ্ডক পুনৰ প্রতিষ্ঠা কৰাৰ অধিকাৰ অষ্ট্রিয়াক প্ৰদান কৰা হয় । পিয়েডমণ্টত উদ্ভৱ হােৱা বিদ্রোহ অষ্ট্রিয়াই কঠোৰ হাতেৰে দমন কৰে । অতএব , ইটালী পুনৰ অষ্ট্ৰিয়াৰ সংস্পৰ্শলৈ আহে ।
ভােৰােনা কংগ্ৰেছ , ১৮২২
ইউৰােপৰ কনচাৰ্টৰ অন্তিমখন সভা ১৮২২ খৃঃত ভেৰােনাত অনুষ্ঠিত হয় । উক্ত সন্মিলনত প্ৰধানকৈ স্পেইন আৰু গ্ৰীচৰ বিপ্লৱৰ বিভিন্ন প্রশ্নাৱলী সম্পকে পর্যালােচনা কৰা হয় । এইক্ষেত্ৰত ইংলেণ্ড গ্ৰীচৰ স্বাধীনতাৰ সপক্ষে আছিল । ইংলেণ্ড স্পেইনৰ স্বাৰ্থৰক্ষাৰ পক্ষপাতি আছিল ।
আনহাতে , স্পেইনৰ বিদ্রোহ দমনৰ প্রধান দায়িত্ব ফ্রান্সৰ হাতত অৰ্পন কৰা হয় । স্পেইনৰ আমেৰিকাত থকা উপনিৱেশবােৰৰ বিদ্রোহ দমন কৰাৰ ক্ষেত্ৰত আমেৰিকা আৰু ইংলেণ্ডে সহানুভূতিশীল মনােভাৱৰ পৰিচয় দিয়ে । আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি মনৰােৱে তেওঁৰ বিখ্যাত মনবাে নীতি'ৰ দ্বাৰা আমেৰিকাত কোনাে ইউৰােপীয় হস্তক্ষেপক সহ্য কৰা নহ'ব বুলি কঠোৰভাৱে ঘােষণা কৰে । ফলশ্রুতিত ইউৰােপীয় শক্তিগােষ্ঠীৰ স্বার্থ ভীষণভাৱে ক্ষুন্ন হয় । ইয়াৰ পিছৰ পৰাই ক্রমশঃ ইউৰােপীয় মিত্র শক্তিসমূহৰ মাজত সন্দেহৰ বীজ অংকুৰিত হােৱাৰ ফলস্বৰূপে তেওঁলােকৰ মাজত থকা মিত্ৰতাৰ ভাৱ উক্ত অধিৱেশনৰ জৰিয়তে সমাপ্তি হয় ।
ইউৰােপীয় শক্তি সমবায়ৰ বিফলতাৰ কাৰণসমূহ ঃ
( ক ) শক্তি সমবায়সমূহৰ প্ৰধান ভেটি গণতন্ত্র আৰু জাতীয়তা বিৰােধী প্রতিক্রিয়াশীল নীতিৰ ওপৰত প্ৰধানকৈ আধাৰিত আছিল ।
( খ ) ৰাজনৈতিক ক্ষেত্ৰখনৰ ওপৰত দৃষ্টি নাৰাখি নিজৰ স্বাৰ্থ সমূহক লক্ষ্য কৰি সাময়িকভাৱে নিজৰ স্বার্থ পূৰণত সাফল্যমণ্ডিত হৈছিল যদিও সি আছিল অতি নগণ্য সময়ৰ বাবেহে ।
( গ ) ইউৰােপীয় শক্তি সমবায়ববাৰে নিজৰ ক্ষমতাসমূহ নির্দয়ভাৱে দূর্বল ৰাষ্ট্ৰসমূহৰ ওপৰত ন্যস্ত কৰাৰ বাবে এটা সময়ত ইংলেণ্ড উক্ত সমবায়ৰ পৰা বাহিৰ হৈ আহে ।
( ঘ ) ‘ ট্রোপা প্রােটোকল নীতি ইংলেণ্ডে সম্পূর্ণভাৱে পৰিত্যাগ কৰে আৰু শক্তি সমবায়ৰ পৰা বাহিৰ হৈ আহে ।
( ঙ ) আমেৰিকাৰ বিদ্রোহী উপনিৱেশসমূহক পুনৰ স্পেইনৰ অধীনলৈ অনাৰ বাবে শক্তি সমবায়ৰ সিদ্ধান্তসমূহক আমেৰিকাই মনৰাে নীতিৰ জৰিয়তে কঠোৰভাৱে প্রতিবাদ জনায় ।
( চ ) ইংলণ্ডতে বিৰূপ প্ৰভাৱ পৰে । শক্তি সমবায়ৰ পৰা ইংলেণ্ডৰ পৰিত্যাগ কার্যই আছিল শক্তি সমবায় বিফলতাৰ এক গুৰুতৰ কাৰণ বুলি অভিহিত কৰা হৈছে ।
( ছ ) শক্তি সমবায়সমূহৰ মাজত প্ৰচলিত হৈ থকা স্বার্থ , দ্বন্দ্ব আৰু পৰস্পৰৰ প্রতি থকা সন্দেহৰ বাবে তেওঁলােকে নিষ্ঠাৰে কাম - কাজ কৰিব পৰা নাছিল ।
( জ ) জাতীয়তাবাদ আৰু গণতন্ত্র প্রতি ঘৃণা আৰু বিপ্লৱৰ আশংকা তেওঁলােকক ঐক্যতাৰ বান্ধোনেৰে একত্রিত কৰিছিল যদিও তেওঁলােকৰ স্বাৰ্থ আছিল বেলেগ বেলেগ আৰু পৰম্পৰ বিৰােধীভাৱাপন্ন ।
১৮১৫ চনৰ পৰা প্রায় এক দশকজোৰা এক দীঘলীয়া পৰিক্ৰমা এই ইউৰােপীয় শক্তি সমবায়ে ইউৰােপৰ ৰাজনীতি সম্পূর্ণভাৱে নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল । আন্তর্জাতিক সন্মিলন ব্যৱস্থাৰ জৰিয়তে আন্তর্জাতিক শান্তি স্থাপনৰ আদৰ্শৰে অনুপ্রাণিত হােৱা ইউৰােপীয় শক্তি সমবায়সমূহ নিঃসন্দেহে বিংশ শতিকাৰ আন্তর্জাতিক প্রতিষ্ঠানবােৰৰ অভিভাৱকস্বৰূপ আছিল । কিন্তু কেৱল পাঁচখন ৰাষ্ট্ৰৰ মাজত থকা সীমাবদ্ধতা আৰু ফ্রান্স , ইংলেণ্ড আৰু আমেৰিকাৰ বিৰােধিতাৰ ফলশ্ৰুতিত উক্ত শক্তি সমবায় ধ্বংসৰ গৰাহলৈ আগবাঢ়ি যায় ।
লেখক: গুপ্তজিৎ পাঠক।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।