অগ্নিগড় তেজপুৰত থকা এটা প্রাচীন গড় । কথিত আছে যে কন্যা উষাক সুৰক্ষিত কৰি ৰাখিবৰ বাবে তেতিয়াৰ তেজপুৰ নগৰৰ চাৰিওফালে বাণ ৰজাই এটা গড় বা দুর্গ মৰাইছিল । ( সেইবাবে তেজপুৰৰ প্রাচীন নাম কন্যাপুৰ ) বিশাল ব্ৰহ্মপুত্ৰৰ কাষত অৱস্থিত এই গড়ৰ চৌদিশে অহর্নিশে জুই ( অগ্নি ) জ্বলাই ৰখা হৈছিল , যাতে কোনাে অবাঞ্ছনীয় মানুহ তাৰ ভিতৰত প্ৰৱেশ কৰিব নােৱাৰে । সেয়ে ইয়াৰ নাম অগ্নিগড় । এই গড়ৰ মাজতেই আছিল বাণ ৰজাৰ জীয়াৰী উষাৰ কাৰেং । উষাই তাৰে ভিতৰত সখীসকলৰ দ্বাৰা পৰিৱেষ্টিত হৈ বাস কৰিছিল । তেজপুৰ নগৰৰ এটি সৰু টিলাক এতিয়াও অগ্নিগড় বােলা হয় । আগেয়ে এই টিলাৰ পৰা হেনাে জুই ওলাইছিল । পৌৰাণিক কাহিনী মতে উষাই , অগ্নিগড়ত থাকোঁতেই , এদিন সপােনত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক দেখিলে আৰু চিনি নােপােৱা সত্ত্বেও সেইজনক বিয়া কৰাবলৈ উদ্বাউল হ’ল । ঊষাৰ বুদ্ধিমতী , চিত্রকলাত নিপুণ আৰু যাদুকৰী সখী চিত্রলেখাই ভাৰতৰ বিভিন্ন ৰাজবংশৰ যুৱকসকলৰ ছবি আঁকি , উষাক দেখুৱাই অনিৰুদ্ধক চিনাক্ত কৰিলে । ঊষাৰ মানসিক অৱস্থালৈ চাই চিত্রলেখাই তেওঁৰ হৰলুকী বিদ্যাৰে অনিৰুদ্ধক হৰণ কৰি আনি অগ্নিগড়ৰ ভিতৰ পােৱালে আৰু দুয়ােৰে মাজত গন্ধৱ বিবাহ পাতি দিলে । পাছে বাণ ৰজাই সেই কথাৰ সম্ভেদ পাই অনিৰুদ্ধক ধৰি নি পােতাশালত থ’লে । খবৰ পাই অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ সসৈন্যে শ্রীকৃষ্ণ ( হৰি ) শােণিত পুৰলৈ আহিল আৰু যুদ্ধৰ প্রস্তুতি আৰম্ভ হ'ল । ইফালে বাণৰ আৰাধ্য দেৱতা শিৱ ( হৰ ) বাণ ৰজাৰ হৈ যুদ্ধত অৱতীৰ্ণ হয় । ইয়েই বিখ্যাত হৰি - হৰৰ যুদ্ধ । পাছত অৱশ্যে দুয়ােপক্ষৰে বুজাবুজিহ’ল । অনিৰুদ্ধকমুকলি কৰি উষা - অনিৰুদ্ধৰ বিবাহক আনুষ্ঠানিক স্বীকৃতি দিয়া হ'ল । তেজপুৰত অৱস্থিত অগ্নিগড়ক সম্প্রতি পর্যটনস্থলী হিচাপে গঢ়ি তােলা হৈছে । ১৯২১ চনত তেতিয়াৰ তেজপুৰ পৌৰসভাৰ সভাপতি পদ্মনাথ গােহাঞিবৰুৱাই ইয়াতে স্থাপন কৰে পদ্ম পার্ক । বর্তমান এই পার্কক ঊষা - অনিৰুদ্ধ উদ্যান নামেৰে ন - কৈ নামকৰণ কৰা হৈছে । ঊষা - চিত্রলেখাৰ চিত্র আঁকি থকা মুর্তি , চিত্রলেখাই অনিৰুদ্ধক হৰণ কৰি অনাৰ মূর্তি , অনিৰুদ্ধৰ বন্দিত্ব , হৰি - হৰৰ যুদ্ধৰ মুর্তি আদিৰে সমৃদ্ধ ঊষা অনিৰুদ্ধ উদ্যান পর্যটকৰ বাবে আকর্ষণীয় । পৌৰাণিক কীর্তিস্তম্ভযুক্ত অগ্নিগড়ৰ ওখ টিলাৰ পৰা কাষৰ ব্ৰহ্মপুত্ৰৰ দৃশ্য বৰ মনপৰশা ।
উৎস: অসম বুৰঞ্জীকোষ (শান্তনু কৌশিক বৰুৱা)
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
কবি , সাহিত্যিক , নাট্যকাৰ । ১৯০৩ চনৰ ৯ ছেপ্টেম্বৰত গুৱাহাটীত জন্ম । পিতৃ ৰমাকান্ত হাজৰিকা , মাতৃ নিৰুপমা হাজৰিকা । ১৯২৮ চনত কটন কলেজৰ পৰা স্নাতক পৰীক্ষাত উত্তীর্ণ ; গুৱাহাটীৰ আল ল কলেজৰ পৰা আইনৰ ডিগ্রী লাভ । গুৱাহাটীৰ সােণাৰাম হাই স্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰি ( ১৯৩১ ) ক্ৰমে কটন কলেজত যােগদান ( ১৯৪৫ ) আৰু ১৯৬১ চনত তাৰে অসমীয়া বিভাগৰ মুৰব্বীৰূপে অৱসৰ গ্রহণ । ১৯২৮ চনত ‘ মিলন ’ আলােচনীৰ সম্পাদক । কিছুদিন শিশু আলােচনী দীপকৰাে সম্পাদক আছিল । স্কুলীয়া দিনৰে পৰা সাহিত্য চর্চা কৰা অতুল চন্দ্ৰ হাজৰিকাই প্রায় ডেৰশ বিভিন্ন বিষয়ৰ পুথি ৰচনা কৰে । তেওঁৰ প্রথম প্রকাশিত পুথি কবিতা সংকলন ‘ মণিমালা ’ ( ১৯৩০ ) । আন প্রকাশিত পুথি ও দীপালী ’ ( ১৯৩০ ) , ‘ বেউলা ’ ( ১৯৩৩ ) , ‘ পাঞ্চজন্য ( ১৯৩১ ) , তপােবন ( ১৯৫৫ ) , কনৌজ কুঁৱৰী ( ১৯৩৩ ) , ‘ টিকেন্দ্রজিৎ ( ১৯৫৯ ) , কথা কীর্তন ’ ( ১৯৪৫ ) , কথা দশম ’ ( ১৯৪৬ ) , নীলা চৰাই ’ ( ১৯৪৮ ) , ‘ এণ্ডাৰছনৰ সাধু ' ( ১৯৬১ ) , মানস প্রতিমা ’ ( ১৯৪৮ ) , ‘ আহুতি ’ ( ১৯৫২ ) , মঞ্চলেখা ( ১৯৬৭ ) , ‘ স্মৃতিলেখা ’ ( আত্মজীৱনী ) আদি । বহুকেইখন মূল্যৱান গ্রন্থ সম্পাদক । ইয়াৰ ভিতৰত ‘ বেজবৰুৱা গ্রন্থাৱলী ’ ( প্রথম আৰু দ্বিতীয় খণ্ড ) , ‘ অসম সাহিত্য সভাৰ ভাষণাৱলী ’ উল্লেখযােগ্য । অসম সাহিত্য সভাৰ লগত ঘনিষ্ঠভাৱে জড়িত আছিল । ১৯৫৯ চনত অসম সাহিত্য সভাৰ সভাপতি । অসমৰ নাট্য জগতৰ ইতিহাস বিষয়ক সুবৃহৎ গ্রন্থ ‘ মঞ্চলেখা’ৰ বাবে ১৯৬৯ চনত সাহিত্য অকাডেমী বঁটা লাভ । ১৯৭১ চনত পদ্মশ্রী সন্মানেৰে বিভূষিত । ১৯৮২ চনত লাভ কৰে অসম সাহিত্য সভাৰ সাহিত্যাচার্য ’ উপাধি । ১৯৮৬ চনৰ ৭ জুনত মৃত্যু ।
লেখক: শান্তনু কৌশিক বৰুৱা।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
শিৱসাগৰ নগৰৰ পৰা প্রায় ছয় কিলােমিটাৰ নিলগত থকা এটা । ৰজাদিনীয়া পুখুৰী । এই পুখুৰীটো স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ( ১৬৪৮-১৬৬৩ ) দিনত খন্দোৱা হৈছিল । এই পুখুৰী পুৰণি পুখুৰী নামেৰেও জনাজাত ।
লেখক: শান্তনু কৌশিক বৰুৱা।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
নৱবৈষ্ণৱ যুগৰ কবি । জন্ম হাজোত , আনুমানিক ১৫২০ চনত । তর্কতপাণ্ডিত্য লাভকৰি ‘ অনন্তকন্দলিনাম পায় । পাছলৈ ‘ শ্রীচন্দ্র ভাৰতী ’ , ‘ ভাগৱত ভট্টাচার্য ’ উপাধিৰে বিভূষিত । সাহিত্যকৃতি কাব্যঃ কুমৰ হৰণ ’ , বৃত্রাসুৰ বধ ’ , ‘ মহীৰাৱণ বধ । নাট ও ‘ সীতাৰ পাতাল প্রৱেশ আদি । মাধৱ কন্দলিৰ দ্বাৰা প্ৰভাৱিত হৈ ৰামায়ণ ’ ( এই ৰাময়ণক মাধৱ কন্দলিৰ ৰামায়ণৰ ভাগৱতী সংস্কৰণ বুলি কোৱা হয় ) ৰচনা ; শংকৰদেৱৰ নিৰ্দেশত ভাগৱতৰ মধ্য আৰু শেষ দশমৰ অনুবাদ । ষষ্ঠদশ শতিকাৰ শেষৰ ফাললৈ ( আনু . ) মৃত্যু
লেখক: শান্তনু কৌশিক বৰুৱা।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
আহােম কুঁৱৰী সর্বেশ্বৰীৰ আন এটা নাম । এনাদৰী নামেৰেও পৰিচিত । পিতৃ সলাল গােহাঁই আৰু মাতৃ কেৰী । অম্বিকা দেৱীৰ মৃত্যুৰ পাছত স্বৰ্গদেউ শিৱ সিংহই অনাদৰীক বিয়া কৰাই সর্বেশ্বৰী নাম দিয়ে আৰু তেওঁৰ হাতত ৰাজ্যৰ শাসনভাৰ এৰি বৰৰজা ’ পাতে । অনাদৰীয়ে প্রায় তিনি বছৰ ৰাজত্ব কৰে আৰু মাতৃৰ নামেৰে কেৰী ৰাজমাও দৌল নির্মাণ কৰােৱায় । অনাদৰীৰ ৰাজত্ব কালতে পেড়া কাকতৰ প্রচলন হয় । ৰাজকার্য পৰিচালনাৰ ক্ষেত্ৰত দক্ষ আছিল ।
লেখক: শান্তনু কৌশিক বৰুৱা।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।