উত্তৰ ( ১ ) আহােম ৰাজ্য অবস্থিত আছিল ব্ৰহ্মপুত্ৰ উপত্যকাত , আৰু অসমৰ কেওদিশ পাহাৰ পর্বতেৰে ঘেৰা । পাহাৰীয়া জনদাতিসকলৰ উপদ্ৰৱৰ পৰা নিজ প্রজাসকলক সুৰক্ষা প্রদান কৰাটো । স্বৰ্গদেউসকলৰ অন্যতম মুখ্য কর্তব্য আছিল ।
পাহাৰীয়া জনজাতিসকলে সাধাৰণতে দুটা মুখ্য কাৰণৰ ভিত্তিত আহােম ৰাজ্যত উপদ্ৰৱ চলাইছল ।
( ক ) জনজাতিসমূহৰে একাংশ চৰিত্রগতভাৱে হিংস্ৰ আছিল আৰু যুদ্ধ যাত্রা তেওঁলােকৰ সংস্কৃতিৰ | অংগ আছিল ।
( খ ) পাহাৰ অঞ্চলত শস্যৰ উৎপাদন খুব কমকৈ হৈছিল বাবে খাদ্যৰ বাবেও তেওঁলােকে ভৈয়ামত উপদ্ৰৱ চলাইছিলহি । এই দুটা মুখ্য কাৰণৰ লগতে আৰু এটা কাৰণ নিহিত হৈ আছিল – ডলা , মিচিং ( গাছি ) আদি জনজাতিয়ে দাস হিচাবে খটুৱাবলৈ ভৈয়ামৰ প্ৰজাক ধৰি লৈ গৈছিল ।
( ২ ) পাহাৰীয়া জাতিসমূহক বুজি পােৱাৰ বাবে আহােম স্বৰ্গদেউসকলে আৰম্ভণিৰে পৰা সেইসমূহৰ প্রতি সহনশীল আৰু উদাৰনৈতিক মনােভাৱ প্ৰদৰ্শন কৰি আহিছিল ।
( ৩ ) প্রতিজন ৰজাই পাহাৰীয়া জনজাতিসকলৰ সৰু - সুৰা ভুলত্রুটিসমূহ ক্ষমা কৰিছিল আৰু তেওঁলােকৰ সৈতে মৈত্রী সম্পর্ক বৰ্তাই ৰাখিব খুজিছিল । তেতিয়াও যদি কোনাে জনজাতিয়ে উপদ্ৰৱ অব্যাহত ৰাখে , সিহঁতৰ ওপৰত কঠোৰ দমননীতি প্রয়ােগ কৰি বশলৈ অনা হৈছিল ।
( ৪ ) আহােম সৈন্যবাহিনী পাহাৰলৈ উঠি গৈছিল , ঘৰ - দুৱাৰ জ্বলাই দিছিল আৰু পােহনীয়া জীৱ জন্তুবােৰ খেদি লৈ আহিছিল । দৰকাৰ হ'লে পণবন্দী হিচাৰে সিহঁতৰা কিছু মানুহ ধৰি অনা । হৈছিল । কিন্তু সিহঁত নামি আহি স্বৰ্গদেৱৰশৰণাপন্ন হলে ভবিষ্যতে তেনে কার্য নকৰাৰ প্রতিশ্রুতি লৈ পুনৰ সম্ভাৱ প্রতিষ্ঠা কৰা হৈছিল ।
( ৫ ) আহােম ৰজাই চুতীয়া কছাৰী আদি ৰাজ্য জয় কৰি নিজ ৰাজ্যৰ সৈতে চামিল কৰিছিল ।
আহােম ৰজাই বিভিন্ন জনজাতিসকলৰ সৈতে প্রতিষ্ঠা কৰা সম্পর্ক :
১। নগাৰ সৈতে সম্পর্ক :
চুকাফাৰ পৰা চুখামফা পর্যন্ত আহােম স্বৰ্গদেউসকলে বিভিন্ন নগা উপজাতিসমূহৰ সৈতে সাধাৰণ মৈত্রীয় সম্পর্কে প্রতিষ্ঠা কৰি আহিছিল । ভৈয়ামত উপদ্ৰৱানগাসকলৰ ওপৰত কঠোৰ দমনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । স্বৰ্গদেউ প্রতাপ সিংহই নগাসকলৰ সৈতে এক ৰাজনৈতিক ব্যবস্থা পকা কৰিবলৈ প্ৰথমবাৰৰ বাবে যত্ন কৰে । নগা পাহাৰৰ নামনি অঞ্চলৰ একোখণ্ড মাটি নগখাট নামাকৰণেৰে নগাসকলৰ বাবে নির্দিষ্ট কৰি দিয়া হয় আৰু নগাখাটৰ পাইকসকলক বার্ষিক ধান , উৎপাদিত অন্য শস্যাদি নােক যােগাবলৈ নির্দেশ দিয়া হয় । নগা কটকী নামৰ বিষয়াজনে নগাথাটসমূহ পৰিচালনা কৰিছিল ।
২৷ পচা ব্যবস্থা:
অৰুণাচলৰ অধিবাসী ডফলা ( নিছি ) আৰু মিৰিসকলৰ বাবে প্রতাপসিংহই পচা ব্যৱস্থা প্রবর্তন কৰে । পচা ব্যবস্থাও নাঘাটৰ দৰেই আছিল লেনগাঘাটৰ দৰে পচা ব্যৱস্থাত মাটি নির্দিষ্ট কৰি দিয়া হােৱা নাছিল । ডফলা আৰু মিৰি পাহাৰৰ নামনিত কিছুমান পাইকক নি বহুওৱা হৈছিল আৰু প্ৰতিঘৰে । বার্ষিক এৰা ধান আৰু কিছু কড়ি ডফলা মিৰিক যােগাবলগীয়া হৈছিল ।
৩৷ মিকিৰৰ সৈতে সম্পর্ক :
মিকিসকলৰ স্বভাৱ যথেষ্ট নম্র আহােম ৰাজত্বকালৰ ভিতৰত মিকিৰসকলে এইবাবেই মাথােন বিদ্রোহ কৰিছিল । মিকিৰ আৰু জয়ন্তীয়াসকলৰ ব্যৱসায়ী জাতি । জয়ন্তীয়াসকলৰ স্বভাৱ মিকিৰসকলতকৈ উগ্ৰ আছিল । মিকিৰসকলৰ হাটকৰ কৰ বিনিময়ত অসমৰ ভিতৰত সমাৰ কৰিবলৈ অনুমতি প্রদান কৰা হৈছিল । জয়ন্তীয়াসকলােক সেই অনুমতি দিয়া হৈছিল , তেওঁলােকে উপদ্ৰৱ আৰম্ভ কৰিলত ব্যৱসায় পথসমূহ বন্ধ কৰি দিয়া হৈছিল । তেনে ব্যৱস্থা গ্ৰহণ কৰিলেই জয়ন্তীয়াসকল সৈমান হৈছিল । আৰু সৈমান হলেই তেওঁলােকক ব্যৱসায়ৰ স্বাধীনতা পুনৰ প্ৰদান কৰা হৈছিল ।
৪৷ ভূটীয়াসকলৰ সৈতে সম্পর্ক :
ভূটায়াসকলাে ব্যৱসায়ী জনজাতি । কিন্তু দৰং অঞ্চলত ভূটীয়াসকলেও ভৈয়ামৰ প্ৰজাৰ ওপৰত মাজে সময়ে উপদ্ৰৱ কৰিছিল । স্বৰ্গদেউ প্রতাপসিংহই তেওঁলােকক সেই কাৰ্যৰ পৰা বিৰত কৰাৰ উদ্দেশ্যৰে ভূটান দৰং - সীমান্তত নখন দুৱাৰ প্ৰতিষ্ঠা কৰিলে ।
দুৱাৰসমুহৰ ওপৰত ভূটীয়াৰ অধিকাৰ প্ৰতিষ্ঠা হ'ল , কিন্তু বিনিময়ত ভূটীয়াসকলে আহােম ৰজাক বার্ষিক কৰ দিয়াৰ ব্যৱস্থা প্রবর্তিত হ'ল । মােৱামৰীয়া বিদ্ৰোহৰ সময়ত ভূটীয়াসকলে বিদ্রোহী কৃষ্ণনাৰায়ণ আৰু কিছুসংখ্যক বিদ্রোহীক আশ্রয় দিয়াৰ বাবে ভূটানৰ সৈতে আহােম ৰজাৰ সম্পর্ক বেয়ালৈ ঢাজ খাইছিল । ১৮০২ চনত পুনৰ দুয়ােদেশৰ মাজত সম্পর্ক কিছু উন্নত হয় ।
জনজাতি নীতিৰআন দিশঃ
( ১ ) আহােম স্বৰ্গদেউসকলে জনজাতীয় মূলৰ মানুহক আহােম গােষ্ঠীভুক্ত কৰাৰ নিৰৱচ্ছিন্ন প্রচেষ্টা চলাই আহিছিল ।
( ২ ) বশেষভাৱে মিচিং জনজাতিৰ বহুত মানুহ আহােম গােষ্ঠীভুক্ত হয় । জনজাতি সকলৰ মাজত উপযুক্ত আৰু দক্ষজনক উপযুক্ত বিষয়বাব দিও বশ কৰা হৈছিল ।
( ৩ ) বিভিন্ন জনজাতিৰ সমাজৰ কন্যা স্বৰ্গদেউসকলে বিবাহ কৰাই গােষ্ঠীগত সমন্বয় সাধাৰণ চেষ্টা কৰিছিল । সাধাৰণ আহােম প্রজাকো তাকে কৰিবলৈ উৎসাহ প্রদান কৰা হৈছিল । অৱশ্যে ডফলা , ভূটীয়া আদিৰ সৈতে বৈবাহিক সম্পর্ক গঢ়াৰ নজিৰ এতিয়া পর্যন্ত উদঘাটন হােৱা নাই ।
( ৪ ) সকলাে প্রচেষ্টা স্বত্বেও পাহাৰীয়া জনজাতিসমূহে কিন্তু মাজে মাজে আহােম ৰাজ্যত উপদ্ৰৱ চলায়ে আছিল ।
( ৫ ) সিহঁতৰ বিৰুদ্ধে স্বৰ্গদেউ সকল সদাসতর্ক হৈ থাকিবলগীয়া হৈছিল ।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
উত্তৰ : আৰম্ভণি : ৰুদ্ৰসিংহৰ ৰাজত্বকাল আৰু তেওঁৰ ঘটনাৱলী অসম ইতিহাসৰ গুৰুত্বপূর্ণ অধ্যায় । চৰিত্র আৰু কৃতিত্বৰ দিশত আমি তেখেতৰ নাম বাৰুকৈয়ে ৰােমন্থন কৰিব লাগিব । ১৬৯৬ খৃষ্টাব্দত গদাধৰ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ দুই পুতেক লাই আৰু লেচাইৰ ভিতৰত প্রথম লাই শিঙৰি ঘৰত উঠি আহােম মতে চুঘ্রাংফা আৰু হিন্দুমতে ৰুদ্ৰসিংহ নাম লৈ গড়গাঁৱত আহােমৰ ৰাজপাটত উঠে ।
ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ মুখ্য ঘটনাৱলীঃ
নগা অভিযানঃ নগাসকলক দমন কৰিবলৈ ১৭০২ খৃঃত আহােম ৰজাৰ চাং ফুকনে যাত্রা কৰিলে আৰু যুদ্ধ নকৰাকৈ বুদ্ধিৰে নগা কেইজনমানক ধৰি আনি স্বৰ্গদেৱৰ ওচৰত ক্ষমা বিচৰাত নগাবােৰৰ বিদ্রোহে শাম কাটিলে । এই নগাৰােৰ বৰদুৱৰীয়া , পানীদুৱৰীয়া বা নামচঙীয়া কন্যাক নগা আছিল ।
কছাৰীৰ বিপক্ষে অভিযানঃ সপ্তদশ শতাব্দীত আহােম ৰজা মােগলৰ লগত যুদ্ধ - বিগ্রহত লিপ্ত থকাৰ । সুবিধা লৈ কছাৰী তাম্ৰধ্বজে ৰুদ্ৰসিংহৰ ৰাজত্বকালত নিজকে স্বাধীন বুলি ঘােষণা কৰিলে । ৰুদ্ৰসিংহই এসময়ৰ কৰতলীয়া কছাৰীসকলক দমন কৰিবলৈ দৃঢ় প্রতিজ্ঞ হ’ল আৰু সেই লক্ষ্য ১৭০৬ খৃঃৰ শেষৰ ফালে সৈন্য বাহিনীৰ এটা ভাগ বৰবৰুৱাৰ অধীনত ধনশিৰীৰ বাটেৰে আৰু আনটো । ভাগ পানী ফুলৰ অধীনত কপিলীৰ বাটেৰে কছাৰী ৰাজ্য আক্রমণ কৰিবলৈ পঠিয়ালে । ধনশিৰীৰ বাটেৰে বৰবৰুৱা আগবাঢ়ি কছাৰীৰ নামি দুর্গ অধিকাৰ কৰি নাদেৰেঙৰ বাটেৰে । কছাৰীক খেদি নি কছাৰীৰ ৰাজধানী মাইবঙত ওলয়াগৈ । এই বাতৰি পাই তাম্ৰধ্বজ মাইবং এৰি খাচপুৰলৈ মানুহকে ধৰি অনেক বন্ধু পালে । পলাই যায় । মাইবং দখল কৰি বৰবৰুৱাই ৭০০ বন্দুক , ৬০ টা হাতী , ৫০০ তৰােৱাল , ৩২০ জন ।
জয়ন্তীয়াৰ বিপক্ষে অভিযানঃ তাম্ৰধ্বজে তেতিয়া নিজৰ ভূল স্বীকাৰ কৰি ক্ষমা বিচাৰে আৰু লগতে তেওঁকজয়ন্তীয়া ৰজা ৰামসিংহৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ আহােম ৰজাৰ সহায় বিচাৰে । ৰুদ্ৰসিংহৰ কথামতে ৰামসিংহই তাম্ৰধ্বজক এৰি দিবলৈ মান্তি নােহােৱাত ১৭০৭ খৃঃৰ শেষৰ ফালে ৰুদ্ৰসিংহই বৰবৰুৱা আৰু বৰফুকনৰ অধীনত দুটা প্রকাণ্ড ফেীজ জয়ন্তীয়াপুৰ আক্ৰমণ কৰিবলৈ পঠায় । বৰবৰুৱাই ডেমেৰাৰ বাটেৰে কছাৰী ৰাজ্যৰ মাজেদি আগবাঢ়ি বালেশ্ব আৰু মুলাগুণল জয়ন্তীয়াৰ আচ্ছা অধিকাৰ কৰিলে ।
বঙ্গ - অভিযানঃৰুদ্ৰসিংহই নিজ গৌৰৱ বঢ়াবলৈকে হওঁক বা মােগলক গঙ্গা নৈৰ সিপাৰে ৰাখি গঙ্গাৰ এছােৱ নিজৰ ৰাজ্যৰ ভিতৰুৱা কৰিবলৈকে হওঁক , বঙ্গদেশ আক্রমণ কৰিবৰ উদ্দেশ্যে নিজ ৰাজ্যৰ ভিতৰুৱা কৰিবলৈকে হওঁক বঙ্গদেশ আক্রমণ কৰিবৰ উদ্দেশ্যে এক বিৰাট আঁচনি হাতত লয় ।। ৰুদ্ৰসিংহই কোচবিহাৰ , ত্ৰিপুৰা , কছাৰী জয়ন্তীয়া আদি আহােম ৰাজ্যৰ সকলােকে একগােট কৰি এটা বিৰাট ফৌজ গঠন কৰিলে আৰু সসৈন্য উত্তৰ গুৱাহাটীলৈ আগুৱাই আহিল । তেওঁৰ সকলাে । আয়ােজন কাৰ্যকৰী হ'বলৈ নৌ - পাঁওতেই বসন্ত ৰােগত আক্ৰান্ত হৈ স্বৰ্গদেউ ৰুদ্ৰসিংহ ১৭১৪ খৃষ্টাব্দ আগষ্ট মাহত গুৱাহাটীৰ বাহৰতে স্বর্গী হ'ল । মহাৰাজ ৰুদ্ৰসিংহই নিজ দেশ সর্বাঙ্গ সুন্দৰ আৰু গৌরবােজ্জ্বল কৰিবলৈ যিবােৰ ব্যৱস্থাৰ মাজেদি নানা কার্য সম্পাদন কৰিছিল , সেইবােৰেই স্বৰ্গদেৱৰ বহুমুখী প্রতিভাৰ জ্বলন্ত প্রমাণ দিয়ে ।
শাসন ব্যৱস্থা ঃ ৰুদ্ৰসিংহই অকল মাথােন যে যযাদ্ধাই আছিল এনে নহয় , তেখেত এজন সুশাসকো আছিল । ৰাজকার্য সুচাৰুৰূপে পৰিচালনাৰ কাৰণে স্বৰ্গদেৱে কাকতী , কটকী , বৈৰাগী , খাওন আৰু দলে— এই পাঁচোটা নতুন খেলৰ সৃষ্টি কৰে । কাকতীসকলে ৰজাৰ দনৰ জমা খমা খৰচ , পাইকৰ হিচাপ ৰাখিছিল । তাৰ ভিতৰত ৰজাৰ ঘৰত থকা জনে চাংকাকতি নাম পাইছিল । কটকীসকলৰ কাম আছিল বিভিন্ন দেশৰ ৰজা - মহাৰজাৰ লগত সম্বন্ধ স্থাপনৰৰাজকীয় চিঠি - পত্র অনা - নিয়া কৰা । ৰজাৰ ঘৰত থকা কটকীক বােলা হৈছিল । বৈৰাগীসকলে ছদ্মবেশেৰে ফুৰি বিভিন্ন দেশৰ প্ৰজাৰ চলন - যুবণ , আচাৰ - ব্যৱহাৰ , সাজ - পাৰ , অলঙ্কাৰ আৰুৰীতি - নীতিৰ সম্ভেদ ৰজাক বিতংকৈ যােগাব লাগিছিল ।
নির্মাণকার্য ঃ ( ১ ) স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ নাম যাউতিযুগীয়া কৰিবৰ কাৰণে জেৰেঙা পথাৰত জয়সাগৰ । পুখুৰী আৰু পাৰতে জয়দৌল নামৰ এটি দৌল নির্মাণ কৰিছিল ।
( ২ ) নির্মাণকার্যৰ ভিতৰত বিষ্ণুদৌল শিৱদৌল আদি ; হলেশ্বৰ , শুক্ৰেশ্বৰ আদি দেৱালয় , পুখুৰী , আলি শিলৰ সাকো উল্লেখযােগ্য ।
( ৩ ) ৰুদ্ৰসিংহই ঘনশ্যাম নামৰ এজন সুনিপুণ কাৰিকৰৰ হতুৱাই মেটেকাত ৰংপুৰ নামেৰে এখন মনােৰম নগৰ পাতে । তেতিয়াৰ পৰাই ৰংপুৰ আহােমৰ ৰাজ্যৰ ৰাজধানী হয় ।
( ৪ ) ৰংপুৰ ৰুদ্ৰসিংহই ইটাৰ পকীঘৰ সজাইছিল ।
( ৫ ) ৰনাথৰ দৌল , কাৰেংঘৰ নামডাং আৰু ডিমৌৰ শিলৰ সাঁকো , খৰিকটীয়া আলি , মেটেকাৰ আলি , তাই আদি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ কীর্তিচিন ।।
শিক্ষা ব্যবস্থা আৰু জ্ঞানী লােকৰ সমাদৰঃ ৰুদ্ৰসিংহই পণ্ডিত , গুণী - জ্ঞানী ব্যক্তি , শিল্পী আদি লােকক মাতি আনি আহােম ৰাজ্যত মাটি ভেটি দি বহুৱাইছিল । তেওঁৰ ৰাজ সভাত পণ্ডিত কবিৰাজ চক্রবর্তী , সানন্দ দ্বিজ আদিয়ে যথেষ্ট সমাদৰ পাইছিল । কবিৰাজ চক্রবর্তীয়ে সচিত্র শঙ্খচূড় বধ কাব্য ৰচনা কৰাৰ উপৰিও গীতগােবিন্দ শকুন্তলা আদি পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ।
হিন্দু ধৰ্মৰ গুৰুত্ব : স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ধৰ্মভাৱ বৰ প্ৰবল আছিল আৰু শেষলৈ নিভাজ শক্তি হিন্দু । হ'বলৈ মন কৰিছিল । অসমৰ সকলাে গােসাঁই - মহন্ত তেওঁৰ প্ৰজা হােৱাৰ বাবে গৰু ভজিবৰ উদ্দেশ্যে তেওঁ নদিয়া - শান্তিপুৰ শাক্ত গােসাই ন্যায়বাগীশক দেশলৈ আনি কামাখ্যাত মাটিবাৰী দি স্থাপন কৰে ।
মূল্যায়ন :
( ১ ) মুঠতে ৰুদ্ৰসিংহই ওঠৰ বছৰ কাল ৰাজত্ব কৰিছিল । এই কালছােৱাৰ ভিতৰত এইজনা স্বৰ্গদেৱে সম্পাদন বা কার্যৱলীয়ে তেৱেই যে আহােম স্বৰ্গদেউসকলৰ মাজত শ্রেষ্ঠ এই কথা স্পষ্ট কৰে ।
( ২ ) ৰুদ্ৰসিংহৰ চৰিত্ৰ আৰু শাসন প্রণালী অতি উন্নত ধৰণৰ হােৱাৰ কাৰণে তেওঁক মােগল বাদােহ আকবৰৰ লগত তুলনা কৰি অসমৰ আকবৰ বুলি আখ্যা দিয়া হয় ।
( ৩ ) ৰুদ্ৰসিংহ অসাধাৰণ বুদ্ধিসম্পন্ন লােক আছিল আৰু দেশৰ হকে , প্রজাৰ হকে অনেক সজ কাম কৰিছিল । বৈষ্ণৱ গােসাঁই মহন্তসকলক সত্ৰ পাতি মাজুলীত স্থাপন আৰু হিন্দু ধৰ্মৰ প্রতি আগ্রহে তেওঁৰ ধর্ম বিষয়ত উদাৰতাৰ প্রমাণ দিয়ে ।
( ৪ ) বিদেশী ধৰণৰ সাজ - পাৰ , মােগলাই টুপী প্রভৃতি তেওঁৰ দেশত প্রচলন কৰাইছিল । বিদ্যোৎসাহী । ৰজা হিচাপে নিজে অশিক্ষিত হলেও বিদ্যা শিক্ষাৰ সমাদৰ কৰিছিল ।
( ৫ ) এজন শিল্পানুৰাগী ৰজাও আছিল । এই বিষয়ত তেওঁক মােগল সম্রাট চাহাজাহানৰ লগত তুলনা কৰিব পাৰি ।
( ৬ ) চাহজাহানৰ দৰে ৰুদ্ৰসিংহয়াে অনেক দৌল , নগৰ , কাৰেংসাঁকো সজাইছিল । অসমৰ স্থাপত্য , ভাস্কর্য , সাহিত্য এই সকলাে দিশতে স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ দান অতুলনীয় ।
( ৭ ) খেল - ধেমালি , নৃত্য , থলুৱা গীত মাত আদিৰাে উৎসৰ্ষ সাধন কৰাত স্বৰ্গদেৱৰ যথেষ্ট বৰঙণি
( ৮ ) মুঠতে আহােম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকাল পূব ভাৰতৰ মধ্যযুগৰ ভাৰত বুৰঞ্জীত এটি বিশেষ উল্লেখযােগ্য অধ্যায় ।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
উত্তৰ : আৰম্ভণি ঃ শিৱসিংহৰ ৰাজত্ব কালৰ গুৰুত্বৰ প্ৰভাৱ বিশেষভাৱে মনকৰিবলগীয়া । স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত শিৱসিংহই আহােমৰ মতে চুত্যেনফা নাম লৈ আহােম ৰাজপাটত উঠে । পিতৃৰ আদেশ অনুসৰি কৃষ্ণানন্দ ন্যায়বাগীশৰ ওচৰত শৰণ লৈ উজনি আৰু নামনি অসমত তেওঁক বহুত ব্রহ্মাত্তৰ মাটি দি নীলাচল পাহাৰত থাকিবলৈ দিয়ে ।
ডফলা ( নিছি ) অভিযানঃ ১৭১৭ খৃষ্টাব্দত পূর্বফালৰ তাগিন ডলাবােৰে ভৈয়ামলৈ নামি আহি সীমান্ত অঞ্চলবিলাকত নানা উপদ্ৰৱ কৰাত সিহঁতৰ বিৰুদ্ধে বজাই এদল সৈন্য পঠিয়াই সিহঁতক দমন কৰে । ভৱিষ্যতে সিহঁতৰ সম্ভাব্য উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে ডফলা পাহাৰৰ নামনি অঞ্চলত এটা গড় মৰালে ।
মাটি পিয়ল ব্যৱস্থা : স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালতে কামৰূপ আৰু বকতাত মাটি পিয়ালৰ কাম সাধনা হয় । তেতিয়াৰপৰা মাটিৰ জমাবন্দী আৰু ‘ পেৰা - কাকতৰখাৰ প্ৰথা হ'ল । এই কাকতত সকলাে ধৰণৰ আবাদী আৰু নিষ্কৰ মাটিৰ কালিৰে সৈতে টোকা লিখি ৰখা হৈছিল ।
হিন্দু ধৰ্মৰ প্ৰভাৱঃ শাক্ত ব্রাহ্মণ , গণক আদিৰ প্ৰভাৱত শিৱসিংহ ঘােৰ শাক্ত হৈ উঠে । তেওঁ বহুত ব্রাহ্মণ মহন্ত আৰু বহু সত্ৰ আৰু দেৱালত ব্রহ্মেত্তৰ আৰু দেৱােত্তৰ মাটি দান কৰিছিল । স্বৰ্গদেউৰ আদেশেতে অক্লান্ত আৰু দীর্ঘেশ্বৰীৰ দৌল সজোৱা হয় । স্বৰ্গদেউৰ ধাই গৰাকীয়েও শিৱসাগৰত ধাই আলি নামৰ এটা ডাঙৰ আলি বন্ধাইছিল ।
ৰজাৰ ছত্রভঙ্গ যােগ ঃ কিছুদিন ৰাজত্ব কৰাৰ পিছত জ্যোতিষী পণ্ডিত আৰু দেওধাই - বাইলুৎসকলে ৰজাৰ ' ছত্রভঙ্গ যােগ ’ পৰা বুলি কোৱাত ৰজাই বৰ ভয় খালে আৰু তেওঁলােকৰ উপদেশ অনুসৰি ১৭২২ খৃষ্টাব্দত ৰজাই বৰকুঁৱৰী ফুলেশ্বৰীক ' বৰ বজা ’ পাতি ৰাজকার্য চলাবলৈ দিলে আৰু ৰজাই দৈৱ - বিপাকৰ পৰা হাত এৰাবলৈ দেৱালয়ত আৰুব্রাহ্মণ - মহন্তসকলক অনেক দান - দক্ষিণা কৰিলে । বৰ ৰজা ফুলেশ্বৰী নটৰ জীয়ৰী আছিল । তেওঁ পূৰ্বৰ নাম ‘ ফুলমতী’নাচনী আছিল ।
বৰ ৰজা ফুলেশ্বৰীঃ ৰাণী হৈ ফুলেশ্বৰীয়ে প্ৰমতেশ্বৰী নাম লৈছিল আৰু ৰজাৰাণী দুয়ােৰে নামত টকা আৰু মােহৰ মৰােৱা হৈছিল । ফুলেশ্বৰী কুঁৱৰীৰ হিন্দু ধর্ম প্রতি আসক্তি আছিল । ৰজাৰ সন্মতি সাপেক্ষে গােপাল আতা - পন্থী বৈষ্ণৱ ধর্মগুৰুসকলক শাক্ত মতৰ ওচৰত সেও মনাবলৈ চেষ্টা কৰিছিল । এবাৰ ' বৰ ৰজা ফুলেশ্বৰীয়ে দূর্গাপূজা পাতি মােৱামৰীয়া বা মায়ামৰা মহন্ত প্রমুখ্যে অনেক বৈষ্ণৱ - মহন্তক নিমন্ত্রণ কৰি আনি বলেৰে তেওঁলােকক মূৰ্ত্তি সেৱা কৰালে । কপালত ৰঙা সেন্দুৰ , ৰঙা চন্দন আৰু বলি কটা তেজৰ ফোট দিয়ালে আৰু নির্মালি প্রসাদ লােৱাই নৰ - নাগতি কৰিলে । ফুলেশ্বৰী কুঁৱৰী বিদ্যোৎসাহিনী আছিল আৰু শিক্ষাৰ সুব্যৱস্থা কৰিছিল । এওঁৰ দিনতে গৌৰীসাগৰ পুখুৰী আৰু দৌল , বৰপাত্ৰ দৌল আৰু পুখুৰী কৰােৱা হয় । আহােম ৰাজত্ব কালত সিংহাসন আহৰণ কৰা এবেই প্রথম তিৰােতা ।
অম্বিকা দেবী ঃ ১৭৩১ খৃষ্টাব্দত ফুলেশ্বৰী কুঁৱৰী বৰ ৰজা স্বর্ণী হােৱাত তেওঁৰে ভনীয়েকক ৰজাই । বিয়া কৰাই অম্বিকা দেৱী নাম দি ‘ বৰ ৰজা পাতে । এওঁৰ নামতাে মুদ্রা মৰােৱা হৈছিল । এৱো শিৱসাগৰ দৌল , পুখুৰী আৰু দেৱালয় সজায় । ১৭৩৮ খৃষ্টাব্দত অম্বিকা দেৱী - স্বর্গী হােৱাত শিৱসিংহই অনাদীনামত আন এগৰাকী ভার্যা লৈ সর্বেশ্বৰী নাম দি বৰ ৰজা পাতিলে । এওঁক নামেৰেও মােহৰ মৰােৱা হৈছিল । কুঁৱৰীসকলক ৰাণী পাতি ৩০ বছৰ ৰাজত্ব কৰাৰ পিছত স্বৰ্গদেউ শিৱসিংহ ১৭৪৪ খৃষ্টাব্দত স্বর্গী । হয় । স্বৰ্গদেৱ শিৱসিংহ শাস্ত্ৰ - প্রিয় লােক আছিল । তেওঁ সংস্কৃত শাস্ত্ৰ অসমীয়ালৈ অনুবাদ কৰাইছিল । ৰাজকবি কবিৰাজ চক্ৰৱৰ্তীয়ে শকুন্তলা নাটকখনি সুৱলা অসমীয়া পদ্যলৈ অনুবাদ কৰিছিল । ৰাণী অম্বিকাৰ উদ্যোগত ১৭৩৪ খৃতসুকুমাৰ বৰকাথে হস্তীবিদ্যাৰ্ণৰ নাম অমূল্য অসমীয়া সচিত্র গ্রন্থ ৰচনা কৰে ।
মূল্যায়ন : শিৱসিংহই জ্যোতিষীৰ উপদেশত সিংহাসন পৰিত্যাগ কৰি ৰাণীসকলৰ ওপৰত ৰাজ্য শাসনৰ ভাৰ দিয়ে । তিনিওগৰাকী ৰাণী শাক্ত - পন্থী আছিল । শাসন কার্যত এওঁলােক সম্পূর্ণ অনভিজ্ঞ আছিল । ৰাজধৰ্মই প্রজাৰ— এই অন্ধ বিশ্বাস লৈ ফুলেশ্বৰী কুঁৱৰীয়ে বৈষ্ণৱ মহন্তসকলৰ লগত অসহনীয় আচৰণ কৰি তেওঁলােকৰ ধর্মবিশ্বাসত আঘাত হানে ।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
উত্তৰ : আৰম্ভণি : বাজেশ্বৰ সিংহৰ ৰাজত্ব কাল অসম বুৰঞ্জীৰ এটি গৌৰৱময় অধ্যায় । প্রমত্তসিংহৰ মৃত্যু । পিচত স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ তৃতীয় পুত্র বৰজনা গােহাইদেউ মােহনমালা কোঁৱৰ গাত বসন্তৰ দাগ থকাৰ কাৰণে ভায়েক ৰাজেশ্বৰ সিংহৰ ৰাজপাটত উঠে আৰু মােহনমালাক নামৰূপলৈ নিৰ্বাসন দিয়ে । শিঙৰি ঘৰত উঠি আহােমৰ মতে এওঁৰ নাম চুমো হয় । হিন্দু পণ্ডিতসকলৰ গণনা মতে এওঁ ৰংপুৰত ৰাজধানী পাতিলে ।
ডফলাৰ ( নিছি ) লগত সম্পর্ক ঃ ১৭৫৮ খৃষ্টাব্দত আহােম ৰাজ্যৰ সীমাত ডফলাবিলাকে উপদ্ৰৱ আৰম্ভ কৰে । শাস্তি বিধান কৰাৰ অৰ্থে ডফলা দুৱাৰবিলাকত কোঠ মৰাই ডফলাইত ভৈয়ামলৈ অহাৰ বাট বন্ধ করা হয় ।
মিকিৰৰ লগত সম্পর্ক ঃ ১৭৬৫ খৃষ্টাব্দত মিকিৰবিলাকক দমন কৰিকৰ আদায় কৰিবলৈ চােনলা আৰু কপিলী যমুনা নৈয়েদি দুটা আহােম সেনাৰ ফৌজ পঠোৱা হয় । এই দুটা সামৰিক অভিজ্ঞানৰ অন্তত মিকিৰবিলাক আহােম ৰজাৰ নত হয় ।
কছাৰীৰ লগত সম্পর্ক ঃ ৰাজেশ্বৰ সিংহৰ দিনত সন্ধিকাৰী নামৰ এজন কছাৰী ৰজাৰ বৰ প্রখ্যাত হৈ উঠিছিল । কছাৰী ৰজা সন্ধিকাৰী আহােম ৰজাৰ ওচৰত হাজিৰ নােহােৱাত বৰফুকনে এটা ফৌজ লৈ ৰহা পালেগৈ । ভয় খাই কছাৰী ৰজা আহি স্বৰ্গদেৱ সেৱা জনালে ।
মণিপুৰৰ লগত সম্পর্ক : কছাৰী ৰজা সন্ধিকাৰীৰ লগত মণিপুৰৰ ৰজা জয়সিংহও মানবিলাকৰ বিৰুদ্ধে আহােম ৰজাৰ সহায় বিচাৰি আহিছিল ।
জয়ন্তীয়া অভিযান : ১৭৬৯ খৃষ্টাব্দত জয়ন্তীয়া ৰাজ্য আৰু আহােম ৰাজ্যৰ মাজত বিবাদ লাগে । বৰবৰুৱাই ৰহাৰ পৰা জয়ন্তীয়া ৰাজ্য অভিমুখে অভিযান আৰম্ভ কৰোঁতেই এই বিবাদৰ পৰিসমাপ্তি হয়
কীর্তিচন্দ্ৰ বৰবৰুৱা : গেগেন্ধেলা বৰবৰুৱাই কৃতকাৰ্য্যতাৰে মানৰ বিৰুদ্ধে মণিপুৰ অভিযান চলােৱা বাবে স্বৰ্গদেৱে সন্তুষ্ট হৈ তেওঁক'কীৰ্ত্তিচন্দ্র নাম দিয়ে । পিছলৈ তেওঁ কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা নামে বিখ্যাত । ৰাজেশ্বৰ সিংহ সুদক্ষ লােক হ'লেও কীৰ্ত্তিচন্দ্র গেন্ধেলা বৰুৱাৰ হাতত সকলাে ৰাজ্যকাৰ্যসপি দি নিজে আমােদৰ কাল কটাবলৈ ভাল পাইছিল । ক্রাড়ীখেলৰ মানুহ কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱায়াে স্বৰ্গদেউৰ এই অন্যমনস্কতা আৰু নিষ্ক্রিয়তাৰ সুবিধা । লৈ নিজ প্রতিপত্তি বঢ়াবলৈ ধৰিলে । তেওঁৰ উগ্র স্বভাৱ আৰু অবাৱনীয় প্রতিপত্তি দেখি ভালেমান বিষয়া ভিতৰি ভিতৰি অসন্তুষ্ট হৈছিল ।
মােৱামৰীৰয়াৰ ওপৰত অত্যাচাৰঃ মােৱামৰীয়া মহন্তই ফুলেশ্বৰী কুঁৱৰীৰ হাতত পােৱা তীব্র অপমানৰ কথা সুঁৱৰি ৰাজেশ্বৰ সিংহৰ দিনতে তেওঁৰ শিষ্যৰ সংখ্যা বজ ল’বলৈ যােৰহাটৰ মালৌ পথাৰত সকলাে শিষ্য লগ লগালে । নিজৰ প্ৰতিভাৰ কথা জানিব পাৰি ৰাজদ্ৰোহৰ সংকল্প কৰি শিষ্যৰ মাজত ৰাজ - বিদ্বেষ প্রচাৰ কৰিলে । মােৱামৰীয়া মহন্তৰ প্ৰতাপৰ কথা শুনি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ঐশ্বর্য - বিভূতি দি মােৱামৰীয়া মহন্তৰ সমক্ষক দিহিঙৰ মহন্তক হাত কৰি ল'লে ।
ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালৰ গুৰুত্বঃ
( ১ ) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত কোনাে বহিঃশত্ৰৰ আক্রমণ নােহােৱাৰ কাৰণে তেওঁ নিৰাপদে দিন কটাইছল আৰু প্ৰজাহিতকৰ কাম কৰিবলৈ সময় পাইছিল ।
( ২ ) ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত গড়গাঁৱৰ কাৰেংঘৰ , ৰংপুৰ নগৰৰ তলাতল ঘৰ সজোৱা হৈছিল ।
( ৩ ) বশিষ্ঠাশ্রম , মণিকণেশ্বৰ , চিত্ৰাচল বা নবগ্রহ নেঘেৰিটিং আৰু শুক্রেশ্বৰ দেৱাল এইজনা ৰজাৰ দিনতে নির্মিত হয় ।
( ৪ ) কামাখ্যাৰ নটা মন্দিৰ , শিলপুখুৰী , বৰফুকনৰ আলি , ডেকা বৰবৰুৱা আলি আদি নির্মাণ কৰি ৰাজ্যৰ গৌৰৱ বঢ়াইছিল ।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
উত্তৰঃ ( ১ ) মৰাণ বৰাহী আদি জনজাতি অধ্যুষিত অঞ্চলতে আহােমসকলে ভেটি স্থাপনকৰাত স্বাভাৱিকতেই আহােম ৰাজ্যৰ প্ৰথম অধিবাসীসকলৰ ভিতৰত মৰাণ , বৰাহী আদি লােকসকলেই অধিক সংখ্যক আছিল । এওঁলােকৰ নিজা পৰিচয় নাথাকিলেও বৈবাহিক সম্বন্ধৰ মাজেৰে আহােমসকলৰ লগত মিলি গৈছিল ।
( ২ ) ৰজাঘৰৰ পৰিয়াল , বুঢ়াগােহাঁইৰ পৰিয়াল , বৰগােহাঁইৰ পৰিয়াল আৰু দেওধাই , মহন , বাইলুং আৰু চিৰিং পৰিয়াল - সাতটা পৰিয়ালেই আছিল আহােমৰ সম্ভ্রান্তবংশীয় পৰিয়াল । এওঁলােকক সাতঘৰীয়া আহােম বুলিও জনা যায় ।
( ৩ ) হিন্দুবৰ্ণৰ ভিতৰুৱাসকলৰ ভিতৰত ব্রাহ্মণ , কায়স্থ , গণক আৰু কলিতাসকলে উচ্চ আসন আৰু পদবী লাভ কৰিছিল ।
( ৪ ) কোচ , যােগী , কেওত , তাতী , বণিয়া , হীৰা , সােণােৱাল , তেলী আদি সম্প্রদায়েও আহােম ৰাজ্যত বাস কৰি ভিন্ন প্রকাৰৰ কৰ্মত লিপ্ত হৈছিল । এনেদৰে বিভিন্ন জনগােষ্ঠী আৰু বিভিন্ন ধৰ্মৰ লােক আহােম যুগৰ অসমত বাস কৰিছিল ।
( ৫ ) সম্রান্তবংশীয় আৰু অভিজাসকলৰ সমানে পুৰােহিত শ্রেণীয়ে শ্রেষ্ঠ আসন লাভ কৰিছিল ।
( ৬ ) “ অপাইকান চমুৱা'সকলে সমাজত স্থান লাভ কৰিছিল । এওঁলােকৰ অর্থনৈতিক জীৱন মধ্যসীমা আছিল ।
( ৭ ) ৰাজ্যৰ বেছিভাগ লােকেই আছিল কৃষক । এওঁলােকক পাইক বােলা হৈছিল । অর্থনৈতিক ভাৱে তেওঁলােক দুর্বল আছিল । অৱশ্যে সমাজত কিছু স্বাধীনতা লাভ কৰিছিল । আহােম যুগৰ সমাজ আছিল গাৱঁলীয়া সমাজ । ৰাজধানী গড়গাৱো কিছুমান গাঁৱৰ সমষ্টি আছিল , ঘৰবােৰ সাধাৰণ কাঠবােৰেৰে সজা হৈছিল ।
( ৮ ) ভাৰতৰ অন্যান্য প্রান্তত তিৰােতাসকলে যি ধৰণে সামাজিক মর্যাদা লাভ কৰিছিল , তাৰ তুলনাত অসমীয়া সমাজত নাৰীক উচ্চ স্থান দিছিল । পর্দা প্রথা প্রচলন ছিল ।
( ৯ ) উচ্চ সম্প্রদায়ৰ নাৰীসকলৰ চাল চলনত কিছু সামাজিক বাধা আছিল । তিৰােতাসকলে ঘৰুৱা কামৰন কৰাৰ লগতে খেতি - বাতিত গৃহস্থক সহায় কৰিছিল । সূতা কটা আৰু কালােৰ বােৱাটো । নিজৰ পাৰদৰ্শিতাৰ চিন হিচাপে পৰিলক্ষিত হৈছিল ।
( ১০ ) মূলা গাভৰু , ফুলেশ্বৰী , জয়মতী আদিৰ দৰে আহােম ৰমণীসকলে প্রমাণ কৰে যেনাৰী সমাজ পুৰুষৰ সমানে আগবঢ়া আছিল ।
( ১১ ) আহােম ৰাজত্বত দাস প্রথাৰ প্ৰচলনৰ কথা জানা যায় । সম্ভ্রান্ত পৰিয়ালসকলে দাসৰ জৰিয়তে খেতি - বাতি কৰিছিল । দাস বা চাকসকলৰ পুত্ৰসকলাে চাকৰ বুলিয়েই পৰিগণিত হৈছিল । অর্থনৈতিক অবস্থাই দাস প্রথাক অনুপ্ৰেৰণা যােগােৱা বুলি ক'ব পাৰি ।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
উত্তৰ : আৰম্ভণি ঃ উল্লেখ্য যে , ১৯১৯ চনৰ ২৩ ডিচেম্বৰত ভাৰত শাসন আইন ১৯১৯ ' নামে এই বিধি ব্রিটিছ সংসদত গৃহীত হৈ আইনত পৰিণত হয় । ই ভাৰতবৰ্ষৰ ইতিহাসৰ এটি গুরুত্বপূর্ণ অধ্যায়
১৯১৯ চনৰ ভাৰত শাসন আইনৰ বৈশিষ্ট্যসমূহঃ
১৯২১ চনৰ ১ এপ্রিলৰ পৰা বলৱ হােৱা এই আইনৰ উল্লেখযােগ্য দিশসমূহ তলত আলােচনা । কৰা হ'ল ।
( ১ ) গভর্ণৰ শাসনাধীন প্রদেশৰ সংখ্যা পূর্বৰ তিনিখন পৰিৱর্তে ৮ খনলৈ বাঢ়িল । পূর্ব প্রেছিডেন্সি কেইখনক ধৰি আঠখন প্রদেশ আছিল— বংগ , মাদ্রাজ , বােম্বে , সংযুক্ত প্রদেশ , পাঞ্জাৱ , বিহাৰ , উৰিষ্যা , মধ্যপ্রদেশ আৰু অসম ।
( ২ ) ১৯১৯ চনৰ আইনে কেন্দ্ৰত এখন দ্বি - সদনযুক্ত বিধানসভা প্রস্তুত কৰে । দুই সদনৰ এখন হ’ব কেন্দ্রীয় বিধান সভা আৰু আনখন ৰাজ্যসভা । ৰাজ্যসভাৰ সদস্য সংখ্যা ৬০ জন হ’ব । এই সদস্যসকলৰ ৩৩ জন নির্বাচিত আৰু ২৭ জন গভর্ণৰ জেনেৰেলৰ মনােনীত আছিল ।
( ৩ ) বিধানসভাত মুঠ ১৪৫ জন সদস্য থাকিব , তাৰে ১০৩ জন নির্বাচিত আৰু বাকী ৪২ জন মনােনীত । নির্বাচিত সদস্যসকলৰ ক্ষেত্ৰত সাধাৰণ সমষ্টিবাদ দি মুছলমান , শিখ , ইউৰােপীয় , ভাৰতীয় বণিক সম্প্রদায় , মাটিগিৰি আদি বিভিন্ন শ্রেণীৰ বাবে সংৰক্ষিত আসন আছিল ।।
( ৪ ) প্রাদেশিক বিধান পৰিষদৰ প্রাধান্যও বৃদ্ধি পালে । প্রাদেশিক বিধান পৰিষদত তিনিপ্রকাৰৰ সদস্য থাকিব । পদেন , মনােনীত আৰু নির্বাচিত । মুঠ সংখ্যাৰ ৭০ % সদস্য মনােনীত হ'ব লাগিব । ২০ % অধিক চৰকাৰী সদস্য থাকিব নােৱাৰিব ।
( ৫ ) প্রতিখন গভর্ণৰ শাসিত প্রদেশত চাৰিজন সদস্যৰে গঠিত একোখনকৈ কার্যনির্বাহক পৰিষদ পতা হৈছিল ।
( ৬ ) ভাৰত সচিবৰ দা - দৰমহা পূর্বে ভাৰতবৰ্ষৰ ৰাজকোষৰ পৰা দিয়াৰ ব্যৱস্থা আছিল যদিও এই আইনে এই দৰমহা ব্রিটিছ ৰাজকোষৰ পৰা দিয়াৰ ব্যৱস্থা কৰিলে ।
( ৭ ) কেন্দ্রীয় বিধান পৰিষদৰ ক্ষমতাও বাঢ়িল । সমগ্র ব্রিটিছ ভাৰতৰ বাবে এই পৰিষদে আইন তৈয়াৰ কৰিব পাৰিছিল । ব্রিটিছ ভাৰতৰ সকলাে চৰকাৰী সেৱাৰ বিধি এই পৰিষদে তৈয়াৰ কৰিব পাৰিছিল ।
( ৮ ) সুৰক্ষা , ধর্ম , আর্থিক দিশ জড়িত কিছু বিষয়ত গভৰ্ণৰ জেনেৰেলৰ আগতীয়া পৰামর্শ নােহােৱাকৈ বিল উত্থাপন কৰিব নােৱাৰিছিল । যিকোনাে বিল , যিকোনাে পর্যায়ত গভৰ্ণৰ জেনেৰেলে অগ্রাহ্য কৰিব পাৰিছিল ।
( ৯ ) কেন্দ্রীয় বিধানসভাৰ কার্যকাল ৩ বছৰ আৰু ৰাজ্যসভাৰ ৫ বছৰ ধার্য কৰা হৈছিল । প্রাদেশিক বিধানসভাৰ কাৰ্যকাল আছিল ৩ বছৰ ।
( ১০ ) কেন্দ্রীয় আৰু প্রাদেশিক চৰকাৰৰ মাজত ক্ষমতাৰ ভাগবিতৰণ কৰা হৈছিল দুটা ভাগত— ( ১ ) কেন্দ্রীয় বিষয় , ( ২ ) প্রাদেশিক বিষয় । প্রতিক্ষা , মুদ্রা , বৈদেশিক সম্পর্ক , ডাক আৰু তাৰ , আইন , যােগাযােগ আদি বিষয় কেন্দ্রীয় সূচীত আৰু স্থানীয় স্বায়ত্ত শাসন , গড়কাপ্তানী , জনস্বাস্থ্য , শিক্ষা , আইনশৃংখলা আদি বহু বিষয় প্রাদেশিক সূচীত সন্নিৱিষ্ট কৰা হ'ল ।
( ১১ ) প্রাদেশিক সূচীত থকা বিষয়সমূহক দুটা স্তৰত ভাগ কৰি এই আইনে প্রদেশসমূহত দুইতৰপীয়া শাসন বা ডায়ার্কি প্রৱৰ্তন কৰিলে । এই ব্যৱস্থা মতে প্রাদেশিক সূচীৰ বিষয়সমূহ দুটা ভাগত বিভক্ত হ'ব । সংৰক্ষিত আৰু বদলিকৃত । সংৰক্ষিত বিষয়সমূহ প্রদেশৰ গভর্ণৰে তেওঁৰ কার্য । নির্বাহক পৰিষদৰ সদস্যসকলৰ সহায়ত নিয়ন্ত্রণ কৰিব ।
( ১২ ) অধিক পৰিষৰৰ বিষয়বােৰ এই সংৰক্ষিত সূচীৰ অন্তর্ভুক্ত আছিল । বদলিকৃত বিষয়বােৰ গভর্ণৰে মন্ত্ৰীসকলৰ তত্বাৱধানত দি নিয়ন্ত্রণ কৰিব । এই মন্ত্রীসকল গভর্ণৰে নির্বাচিত সদস্যসকলৰ মাজৰ পৰা নির্বাচন কৰিব । এই দুইতৰপীয়া ব্যৱস্থাটোকে ডায়ার্কি বােলা হৈছিল ।
ডায়ার্কি প্রৱর্তনঃ
১৯১৯ চনৰ আইনৰ অধীনত এখন গভর্ণৰ শাসিত ৰাজ্য হিচাপে অসমতাে ‘ ডায়ার্কি ’ প্রবর্তন হয় । অসম বিধান পৰিষদৰ সদস্য সংখ্যা আছিল ৫৩ জন । দৰাচলতে , পৰিষদৰ ইউৰােপীয়ান বিভাগত সভাপতি , এজন কাউন্সিল , তিনিজন চৰকাৰী মনােনীত সদস্য , দুজন অনা - চৰকাৰী মনােনীত সদস্য আৰু দুজন চাহখেতিয়ক , বাণিজ্য , উদ্যোগ আদি ক্ষেত্ৰত সদস্য নির্বাচিত হৈছিল । ভাৰতীয়সকলৰ ভিতৰত এজন কাউন্সিল , সাতজন অনা - চৰকাৰী মনােনীত সদস্য আৰু বত্রিছজন দুয়ােটা উপত্যকাৰ পৰা বিভিন্ন শ্রেণী , সম্প্রদায় আদিক প্রতিনিধিত্ব কৰি নির্বাচিত হােৱা সদস্য আছিল ।
বদলিকৃত বিষয় :
অসমৰ ক্ষেত্ৰত বদলিকৃত বিষয়’ৰসংখ্যাটো আন প্ৰদেশৰ হিচাবত হ্রাস আছিল । আন প্ৰদেশত পূৰ্বৰে পৰাই বদলিকৃত বিষয়ৰ অন্তৰ্গত বহু বিষয় অসমত পাছলৈহে সংৰক্ষিত তালিকাৰ পৰা ইয়ালৈ আহে । শিতানত ধার্য কৰা হৈছিল । ১৯২৭-২৮ চনত মুঠ বাজেটৰ মাত্র ৩০.২ % আৰু ১৯৩৫-৩৬ চনত মুঠ বাজেটৰ ৩৬.৭ % এই বদলিকৃত শিতানত ধার্য কৰা হৈছিল ।
সামৰণি :
প্রার্থীসকলক নির্বাচিত কৰাৰ বাবে ভােটাৰ হ'বলৈও অর্থনৈতিক দিশৰে যােগ্যতা অর্জন কৰিব লাগিছিল । ব্রহ্মপুত্র উপত্যকাত কমপক্ষেও ১৫ টকা মাটিৰ খাজনা দিয়া আৰু গােৱালপাৰা বা সুমা উপত্যকাত কমপক্ষেও এটকা চৌকিদাৰী কৰ দিয়াজনেহে ভােটাধিকাৰ লাভ কৰিছিল । ১৯২১ চনৰ পৰা ১৯৩৬ চনলৈ এই ' ডায়ার্কি ’ ব্যৱস্থাত মুঠ চাৰিখন সংস্কাৰ পৰিষদ বহিছিল । এই সংস্কাৰ পৰিষদ কেইখনৰ সময়ছােৱাত ভালেমান গুৰুত্বপূর্ণ বিষয়ত সদনত বিবাদ হৈছিল ।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
উত্তৰ : আৰম্ভণি : '
লাইন ' বা ' ৰেখা ’ ব্যৱস্থাক প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰত , প্ৰব্ৰজনৰ ক্ষেত্ৰখনত এক ' লক্ষণ ’ ৰেখাৰ দৰে প্রয়ােগ কৰে ব্রিটিছ ঔপনিবেশিক চৰকাৰে । অসমত এই নির্দিষ্ট ক্ষেত্ৰত লাইন বাৱস্থাৰ উদ্ভাৱনাে আছিল ব্রিটিছ ঔপনিবেশিকতাবাদী চিন্তাৰ ফচল আৰু প্রয়ােগাে কৰিছিল তেওঁলােকেই । অসমৰ পূৰ্বৰ প্রশাসন কালবিলাকত , মানুহ বা সমাজক নির্দিষ্ট চাৰিসীমাৰ ভিতৰত বান্ধি ৰাখিবলৈ প্রয়াস কৰা হৈছিল বুলি জনা নাযায় । ব্রিটিছবিলাকে আমদানীকৃত অথবা প্রব্রজিত চাহ শ্রমিকবােৰৰ ক্ষেত্ৰত ‘ লাইন ব্যবস্থা'ৰ পৰীক্ষা কৰি চাব খুজিছিল ' Garden Line System ' ৰ দ্বাৰা । বাগানবিলাকত আজিও মজদুৰ লাইন ' , কুলি লাইন ' আদি শব্দৰ চিনাকি আজিও আছে ।
লাইন ব্যবস্থাৰ মুখ্য উদ্দেশ্য :
লাইন ব্যবস্থা প্রচলনৰ আঁৰত দুটা মুখ্য উদ্দেশ্য থকা যেন লাগে
( ১ ) প্রব্রজিত বা আমদানীকৃত মানুহবােৰক এক ভৌগােলিক লাইন'ৰ মাজত আবদ্ধ ৰাখি , এহাতে তেওঁলােকক থলুৱা লােকেৰে মিলি যােৱাৰ পৰা আঁতৰাই ৰাখি নিজ ইচ্ছামতে , দমনেৰে কামত অটুওৱা আৰু
( ২ ) নির্দিষ্ট সীমাৰ মাজত ৰখাটো থলুৱাৰ ওচৰত প্ৰদৰ্শন কৰি , প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে খিলঞ্জীয়াৰ ক্ষোভ কমাই ৰখা । ‘ লাইন ব্যৱস্থাক ’ আচলতে পূর্ববংগীয় বঙালী প্ৰব্ৰজনকাৰীবােৰৰ লগতহে ঘাইকৈ সংশ্লিষ্ট কৰি বিশ্লেষণ চলােৱা হয় । পূর্ববংগীয় বাঙালী মুছলমান— ঘাইকৈ বর্তমান বাংলাদেশ মৈমনসিংহ জিলাৰ পৰা হেৰাহােৰে সােমাই অহা প্ৰব্ৰজনকাৰীৰ সৈতেহে ‘ লাইন ব্যৱস্থা ’ ঘনিষ্ঠভারে সংশ্লিষ্ট হ'লগৈ এটা সময়ত । এই প্রত্ৰজনৰ উর্ধমুখী মাত্রা ; যাৰ বাবে খিলঞ্জীয়া সমাজৰ জনসংখ্যা আৰু অসমৰ মাটিৰ দখলীস্বত্বৰ ক্ষেত্ৰত ভাবুকি আহিছিল । এইসকল প্ৰব্ৰজনকাৰীক অসমত লাইন ব্যস্থাৰ অধীনত ৰখাৰ নীতিটোৰ জন্ম অথবা ধাৰণা হৈছিল ১৯১৬ চনত আৰু ইয়াৰ প্রথম প্রয়ােগ হৈছিল নগাঁৱত ১৯২০ চনত । এই বৱস্থাৰ দ্বাৰা পূর্ববংগীয় সেই প্ৰব্ৰজনকাৰীসকলক বসতি দিয়াৰ ব্যৱস্থা কৰা হ'ল ' Low and Prone Riverline ' অঞ্চলবােৰত ।
লাইন ব্যবস্থা দর্শন :
লাইন ব্যৱস্থাৰ দৰ্শন দৃষ্টিগােচৰ কৰি ঔপনিৱেশিক চৰকাৰে অসমৰ মাটিকে তিনিভাগত ভগালে ( ক ) কেবল পূর্ববংগীয় প্ৰব্ৰজনকাৰীয়ে বাস কৰিবলগা মাটি ( খ ) এনে প্ৰব্ৰজনকাৰীয়ে বাস কৰিব নােৱৰা মাটি আৰু ( গ ) প্ৰব্ৰজনকাৰীসকল আৰু খিলঞ্জীয়াই বাস কৰিব পৰা মাটি
য'ত দুয়ােপক্ষৰ মাটিৰ মাজত এড়াল ৰেখা থাকিব । এই লাইন ব্যৱস্থাৰ নিৰপেক্ষ বিশ্লেষণ কৰি চালে দেখা যাব যে ব্যৱস্থাটোৰ সু - প্ৰভাৱ আৰু কু প্রভাৱ দুয়ােটাই আছিল সুকীয়া - সুকীয়াকৈ ; যথাক্রমে খিলঞ্জীয়া আৰু প্ৰব্ৰজনকাৰীৰ স্বাৰ্থৰ বাবে । খিলঞ্জীয়াৰ মানসিকতাই লাইন - ব্যৱস্থাৰ ধাৰাবাহিকতাৰ সপক্ষে মত দিছিল নিম্নোক্ত সু প্ৰভাৱৰ কাৰণে
( ১ ) খিলঞ্জীয়াই প্ৰব্ৰজনকাৰী মুছলমানসকলক নিজৰ চুবুৰীয়া হিচাপে অথবা খিলঞ্জীয়াৰ নিজা । লাইনৰ কাষত বা ভিতৰত বিচৰা নাছিল ।।
( ২ ) এই প্ৰব্ৰজনকাৰীসকল কুখ্যাত অপৰাধী চৰিত্ৰ আৰু খিলঞ্জীয়া মহিলাৰ স্বাধীন চলন - ফুৰণৰ ক্ষেত্ৰত এক প্রত্যাহ্বান ।
( ৩ ) পূর্ববংগীয় মুছলমান প্ৰব্ৰজনকাৰীৰ হেঁচাত অসমৰ সাংস্কৃতিক আৰু প্রশাসনিক ক্ষেত্ৰত প্রত্যাহ্বান আহি পৰাৰ শংকা থাকে ।
( ৪ ) লাইন ব্যৱস্থাইহে সেই প্ৰব্ৰজনকাৰীসকলক শান্তিপূর্ণ হৈ থাকি অসমীয়া ভাষা - সংস্কৃতিৰে মিলি পৰাত সহায় কৰিবগৈ ।
( ৫ ) দৰাচলতে , লাইন ব্যৱস্থাইহে খিলঞ্জীয়া জনসাধাৰণ আৰু তেওঁলােকৰ ভৱিষ্যৎ প্রজন্ম বাবে অসমত যথােপযুক্ত ভূমি সংৰক্ষণ কৰি ৰাখিব পাৰিব ।
( ৬ ) লাইন ব্যৱস্থা দূৰীকৰণ হ'লে প্ৰব্ৰজনকাৰীসকলে এটা সময়ত অসমৰ সমস্ত ভূমি দখল । কৰি লােৱাৰ শংকা থাকিব ।
( ৭ ) লাইন ব্যৱস্থাইহে খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষা প্রদান কৰিব ; বিশেষকৈ অসমীয়া সমাজৰ দুর্বল জনগােষ্ঠীবিলাকক প্ৰব্ৰজনকাৰীৰ আগ্রাসনৰ পৰা বচাব ।
( ৮ ) অসমৰ ভূমি পুত্ৰৰ স্বাৰ্থৰ সুৰক্ষা আৰু ' অসমীয়া জাতিৰ অৱধাৰণাৰ সুৰক্ষা দিব লাইন ব্যৱস্থাইহে ।
( ৯ ) অগত্যা প্রব্রজনৰ হেঁচাত অসমীয়া জাতিসত্ত্বা লুপ্ত হৈ অসম হৈ পৰিব পাৰে এখন মুছলমান । প্রদেশ বা বঙালীৰ প্রদেশ ।
পূর্ববংগীয় প্ৰব্ৰজনকাৰী বা সামগ্রিকভাৱে বহিৰাগতৰ দৃষ্টিকোণেৰে লাইন ব্যৱস্থা ক্ষতিকাৰক হ'ব পাৰে । তেওঁলােকৰ স্বাৰ্থৰ সপক্ষে কিছুমানে লাইন ব্যৱস্থাৰ কুপ্রভাব সম্পর্কে ধাৰণা লৈছিল এনেকৈ
( ক ) লাইনব্যবস্থা হৈছে মানৱ বা মানৱীয় প্রগতিৰ পথত দলিয়াই দিয়া অ - প্রাকৃতিক বাধা ।
( খ ) উক্ত ব্যবস্থা বৈষম্যমূলক ; যিয়ে ‘ অসমীয়া আৰু প্ৰব্ৰজনকাৰীৰ মাজত অকলশৰীয়া অৱস্থা , নৈতিক - আর্থিক দুর্দশাহে কঢ়িয়াই আনি ' fellow - feeling ' , শুভ - ইচ্ছা , সহায় সমর্থন , আদৰ্শৰ পৰিৱৰ্তন আৰু সংমিশ্ৰণত বাধা আনিব ।
( গ ) উক্ত ব্যৱস্থা সাম্প্রদায়িক ভাবাপন্ন ; যিয়ে সাম্প্রদায়িক বিভাজনৰ স্পষ্ট ইংগিত বহন কৰি বিপদজনক ভৱিষ্যতহে আনিব ।।
( ঘ ) প্ৰব্ৰজনকাৰী আৰু থলুৱা বাসিন্দাৰ মাজত তিক্ততাৰ সৃষ্টি আৰু বৃদ্ধি কৰি যাব ।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
উত্তৰ : আৰম্ভণি ঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্তানুযায়ী অসম দেশ ইংৰাজৰ অধীন হয় আৰু অসমত ইংৰাজৰ শাসন প্রতিষ্ঠা হয় । কিন্তু ইংৰাজসকলৰ নতুন শাসন ব্যৱস্থাই অতি কম সময়ৰ ভিতৰত ভাৰতীয় জনসাধাৰণৰ অসমৰ জনসাধাৰণকো অসন্তুষ্ট কৰি তােলে । মােৱামৰীয়া বিদ্রোহী আৰু মানৰ আক্ৰমণৰ দ্বাৰা প্ৰীড়িত অসমীয়া জনসাধাৰণে ইংৰাজ সকলৰ পৰা ভাল শাসন আশা কৰিছিল । ইয়াৰ বিপৰীতে ইংৰাজসকলে অসমীয়া জনসাধাৰণৰ ওপৰত ৰাজনৈতিক সামাজিক , অর্থনৈতিক আদি সকলাে দিশৰ ফালৰ পৰা নতুন শােষণ নীতি আৰম্ভ কৰি অসমীয়া জনসাধাৰণ দুগুণে অতীষ্ঠ কৰে । ইয়াৰ ফলত ইংৰাজৰ প্ৰতি অসমীয়া মানুহৰ মন বিদ্রোহী হৈ উঠে । সেয়ে ভাৰতৰ আন আন ঠাইত সংঘটিত হােৱা ১৮৫৭ চনৰ চিপাহী বিদ্রোহত অসমৰ জনসাধাৰণে এই বিদ্রোহত অংশগ্রহণ কৰিছিল ।
চিপাহী বিদ্ৰোহৰ কাৰণসমূহঃ
( ১ ) সাধাৰণ শ্ৰেণীৰ ক্ষোভ : ইংৰাজ সকলৰ নতুন অর্থনৈতিক শােষণে অসমৰ সাধাৰণ শ্ৰেণীৰ । লােকক অতি ক্ষোভিত কৰি তুলিছিল । ইংৰাজ সকলৰ ছত্রছায়াত শাসন ভাৰ চলােৱাৰ পুৰন্দৰ সিংহ এজন দুর্বল ৰজা আছিল । পুৰন্দৰ সিংহই যাতে স্বেচ্ছাই শাসনভাৰ ত্যাগ কৰে তাৰ কাৰণে তেওঁ বহন কৰিব নােৱাৰা পৰিমাণৰ ক'ৰৰ জাপি দিছিল । এই কৰৰ বােজা সাধাৰণ শ্রেণী বা খেতিয়ক শ্ৰেণীৰ ওপৰত পৰিছিল ।
( ২ ) মধ্যবিত্ত আৰু অভিজাত শ্ৰেণীৰ ভূমিকা ঃ অসমৰ মধ্যবিত্ত আৰু অভিজাত শ্রেণীও নতুন । ইংৰাজ শাসনৰ ওপৰত অসন্তুষ্ট হয় । আহােমৰ শাসনকালত এইসকল লােকে সকলাে কৰৰ পৰা মুক্ত হৈ জীৱন যাপন কৰাৰ সুবিধা লাভ কৰিছিল । নতুন শাসনে সাধাৰণ শ্ৰেণীৰ লগতে তেওঁলােকেও চৰকাৰক বিভিন্ন কৰ দিব লগা হৈছিল । ইয়াৰ উপৰি ইংৰাজ চৰকাৰে জাতি বর্ণ নির্বিশেষে সকলাে শ্ৰেণীৰ লােককে এক কৰিব বুলি এই দুই শ্ৰেণীয়ে ভয় কৰিছিল । ইয়াৰ ফলত তেওঁলােকৰ সামাজিক মর্যাদাও বিনষ্ট হ'ব বুলি ভাবিছিল ।
( ৩ ) ধর্মীয় নীতি : আহােম স্বৰ্গদেউসকলে পৃষ্ঠপােষকতা কৰাৰ দৰে কামাখ্যা মন্দিৰ আৰু তেনে । ধর্মীয় অনুষ্ঠানলৈ ইংৰাজসকলে অনুদান আদি আগবঢ়োৱাত ব্রাহ্মণ পুৰােহিত আদি লােকসকলৰ প্ৰভাৱ হ্রাস পাই দেশত ধৰ্মৰ প্ৰভাৱ কমি যাব বুলিও সকলাে প্ৰজাৰ মনত ইংৰাজ বিৰােধীভাব জাগি উঠিছিল ।
( ৪ ) নিয়ােগ নীতিঃ সেই সময়ৰ ইৰাজৰ নিয়ােগ নীতিও অভিজাত শ্ৰেণীৰ স্বার্থবিৰােধী আছিল । লিখা পঢ়াৰ ক্ষেত্ৰত আগবঢ়া যিকোনাে শ্ৰেণীৰ লােককে বিশেষকৈ অনা অসমীয়া , বঙালী লােকক কামত নিয়ােগ কৰিছিল । তাৰ ফলত স্বাভাৱিকতে স্থানীয় অভিজাত শ্ৰেণীৰ লােকসকল ক্ষুন্ন হয় । এনে এটা পৰিস্থিতিৰ অন্ত পেলােৱা কাৰণে ৰজা চন্দ্রকান্ত সিংহ আৰু পুৰন্দৰ সিংহ উভয়েই চিন্ত কৰিছিল । দুয়ােজনৰ মৃত্যু হােৱাত তেওঁলােকৰ আশা পূৰণনহ'ল । পুৰন্দৰ সিংহৰ নাতিয়েক কর্পেশ্বৰ সিংহ সেই সময়ত সৰু আছিল যদিও আগৰ পৰা অভিজাত শ্রেণীৰ সা - সুবিধাতে জীৱন নির্বাহ কৰা ৰাজ বিষয়া মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ জৰিয়তে তেওঁ অসমত ইন্দ্রবংশীয় ৰাজত্বৰ পুণৰ সপােন দেখিছিল ।
চিপাহী বিদ্ৰোহৰ ফলাফল
( ১ ) ভাৰত আন আন ঠাইৰ দৰে অসমতাে ১৮৫৭ খৃঃৰ বিদ্রোহ সফলতা লাভ কৰিব নােৱাৰিলে ।।
( ২ ) ইংৰাজসকলে এই বিদ্রোহ সহজতে দমন কৰে ।
( ৩ ) এই বিদ্ৰোহৰ কোনাে উপযুক্ত নেতা নাছিল ।
( ৪ ) মণিৰাম দেৱানে কিছুমান বিদ্রোহীৰ লগত যােগাযােগ ৰাখি অসমৰ চিপাহী বিদ্রোহ আগুৱাই নিছিল যদিও ঘৰুৱা শৰ কাৰণে তেওঁ সফল হ'ব নােৱাৰিলে । উক্ত জাগৰণে পিছৰ কালত অসমীয়া মানুহক দেশৰ স্বাধীনতা সংগ্রাম যােগদান কৰিবলৈ অনুপ্রাণিত কৰি তুলিছিল ।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
উত্তৰ : ( ১ ) ইংৰাজৰ শাসন কালৰ প্রথম ভাগত ভাৰতীয় লােকসকলৰ শিক্ষাৰ প্রধান কেন্দ্রস্থল আছিল । পাঠশালা , মাদ্ৰাছা আৰু মােক্তাব । হিন্দুসকলে টোল আৰু পাঠশালা আৰু মুছলমান সকলে মােক্তাবত শিক্ষা গ্রহণ কৰিছিল । এই অনুষ্ঠানবােৰত সংস্কৃত , ফাৰ্চী আৰু আৰবী ভাষাৰ মাধ্যমেৰে শিক্ষা প্রদান পদ্ধতি আছিল ।
( ২ ) শিক্ষাৰ বিষয়সমূহ আছিল দর্শন , ব্যাকৰণ , তর্কশাস্ত্র , ধর্মশাস্ত্র আদি । সেই সময়ৰ ভাৰতীয় লােকৰ বর্তমান শিক্ষাৰ কোনাে বিষয়ৰ লগত পৰিচয় নাছিল ।
( ৩ ) ইংৰাজ শাসকসকলে পােন প্রথমে ভাৰতৰ প্রাচীন শিক্ষা ব্যৱস্থাৰ ওপৰত হাত দিব বিচৰা । নাছিল । তাৰ পৰিৱর্তে সিবােৰৰ ক্ষেত্ৰত উৎসাহ প্রদান কৰিছিল । কিন্তু পৰিস্থিতি আৰু পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে উনবিংশ শতিকাৰ আৰম্ভণিত ইংৰাজ মনােভাৱৰ যথেষ্ট পৰিৱৰ্তন ঘটিল । এই সংক্রান্ততে ১৮১৩ চনত ইষ্ট - ইণ্ডিয়া কোম্পানীক ভাৰতীয় ৰাজহৰ পৰা বছৰি একলাখ টকাকৈ শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰাৰ কৃত্বৰ্ত দিয়া হয় ।
( ৪ ) খৃষ্টান মিছনেৰীসকলৰ ব্যক্তিগত উদ্যমৰ ফলতে ভাৰতত ইংৰাজী শিক্ষাৰ জনপ্রিয়তা বাঢ়ি আহে ।। এইক্ষেত্ৰত বঙ্গদেশত উল্লেখযােগ্য বৰঙণি যােগােৱা লােক কেইজন হ’ল উইলিয়াম কেৰী , জচুৱা মার্চমেন আৰু ডেভিদ হেয়াৰ । তেওঁলােকৰ প্ৰচেষ্টাতে কলিকতাত হিন্দু কলেজ নামে এখন কলেজ প্রতিষ্ঠা কৰা হয় । এইখনেই ভাৰতবৰ্ষৰ প্রথম কলেজ । এই কলেজখনেই ১৮৫৪ চনৰ পৰা প্রেচিডেন্সি কলেজ নামে পৰিচিত হয় ।
( ৫ ) উনবিংশ শতিকাৰ মাজভাগৰ পৰাই ভাৰতত ভিন ভিন প্রদেশৰ লগতে অসমতাে খৃষ্টান । মিছনেৰীসকলৰ আৰু ইংৰাজসকলৰ যত্নত ইংৰাজী তথ্য পাশ্চাত্য শিক্ষাৰ প্ৰসাৰ ঘটে ।
( ৬ ) মিছনেৰীসকলৰ আৰু ইংৰাজসকলৰ যত ইংৰাজী স্কুল প্রতিষ্ঠা কৰাৰ লগতে ছপাশাল আদি প্রতিষ্ঠা কৰি শিক্ষা বিস্তাৰৰ সু - ব্যৱস্থা কৰিছিল । এই উদ্দেশ্যে ১৮৩৬ চনত অসমত দুখন স্কুল । স্থাপন কৰে আৰু ইয়াৰ গুৰি ধৰােতা হ’ল আমেৰিকান ব্যপ্টিষ্ট মিছনৰ দুগৰাকী সদস্য মিচেছ । ব্রাউন আৰু মিচেছ কাৰ্ডাৰ । অসমীয়া ভাষা সাহিত্যৰ উন্নয়নৰ ক্ষেত্ৰত মিছনেৰীসকলৰ অৱদান লেখত ল'বলগীয়া ।
( ৭ ) উইলিয়াম বিনচনৰ অসমীয়া ভাষাৰ ব্যাকৰণ ( ১৮৬৪ ) মিছেছ এছ , আৰ , ৱাৰ্ডৰ ইৰাজী । অসমীয়া শব্দকোষ ( ১৮৩৯ ) মিছেছ এইচ . বি.এল কট্টাৰৰ ইংৰাজী অসমীয়া ঘণ্ডবাক্য কোষ ( ১৯৭৭ ) আদিৰ নিচিনা অমূল্য গ্রন্থই অসমীয়া ভাষাৰ ভেঁটি টনকিয়াল কৰি তুলিছিল ।
( ৮ ) অসমীয়া ভাষা নজনা ইংৰাজ শাসকসকলে বঙ্গদেশৰ পৰা অসমলৈ অনা বঙালী কেৰাণীবােৰে অসমীয়া ভাষা বঙালী ভাষাৰ অপভ্রংশ বুলি কৰা অপ - প্রচাৰত পতিয়ন গৈ ১৮৩৬ চনৰ পৰা । অসমৰ পঢ়াশালী আৰু আদালতত অসমীয়া ভাষাৰ ঠাইত বঙালী ভাষাৰ প্ৰচলন আৰম্ভ হয় ।
( ৯ ) অসমত অসমীয়া ভাষাৰ বিলুপ্তি ঘটিছিল যদিও ইয়াৰ পুনৰুদ্ধাৰৰ কাৰণে চেষ্টা চলি আহিছিল । এনে প্রচেষ্টাৰ মূল আত ধৰিছিল ব্যপ্তিষ্ট খৃষ্টান মিছনেৰীসকলে । ১৮৪৩ খৃত ব্যপ্তিষ্ট মিছনেৰী খৃষ্টান দল অসমলৈ আহে আৰু শিৱসাগৰত বসতি কৰিবলৈ লয় । ধর্ম প্রচাৰৰ সুবিধাৰ কাৰণে তেওঁলােকে অসমীয়া ভাষাৰ পুনৰ প্রৱর্তনৰ কাৰণে প্রচেষ্টা চলায় । সেই উদ্দেশ্যে তেওঁলােকে ১৮৪৬ খৃঃত শিৱসাগৰৰ পৰা মাহেকীয়া অসমীয়া বাতৰি কাকত ' অৰুণােদয় ' প্রকাশ কৰে ।
( ১০ ) ঢেকীয়াল ফুকনেই আছিল উক্ত অসমীয়া লােকসকলৰ ভিতৰত উল্লেখযােগ্য । তেওঁ ইংৰাজীত লিখা ' AFew Remarks on Assamese Language ' নামৰ পুথিখনৰ জৰিয়তে অসমীয়া ভাষাৰ স্বতন্ত্রতা সম্পর্কে আলােচনা কৰে । উল্লেখযােগ্য যে ঢেকীয়াল ফুকনৰ তীক্ষ্ণ বুদ্ধি , যুক্তিসংগত বিচাৰ আৰু গভীৰ স্বদেশ প্রেমৰ কথা জানিব পাৰি কর্ণেল হপকিনচন চাহাবে বঙ্গদেশৰ ৰাজা ৰামমােহন ৰায়ৰ লগত আনন্দৰাম ঢেকীয়াল ফুকনক তুলনা কৰিছিল ।
( ১১ ) ইংৰাজসকলে ভাৰতবৰ্ষত উচ্চ শিক্ষা কাৰণেও প্রচেষ্টা হাতত লৈছিল । এই উদ্দেশ্যে ১৮৯২ চনত চিলেটত আৰু ১৯০১ চনত গুৱাহাটীত ক্রমে দুখন কলেজ স্থাপন কৰে ।
( ১২ ) ইংৰাজসকলে উচ্চ শিক্ষাৰ ব্যৱস্থা কৰাৰ উপৰি প্ৰাথমিক শিক্ষাৰ উন্নতিৰ হ'কেও বিভিন্ন ব্যবস্থা গ্ৰহণ কৰিছিল । প্রাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি ইণ্টাৰমিডিয়েলৈকে পঢ়াৰ ব্যৱস্থা কৰিছিল ।
( ১৩ ) ডিব্ৰুগড়ৰ বেৰী হােৱাইট মেডিকেল স্কুল আৰু গুৱাহাটীৰ আর্নল কলেজে ইংৰাজসকলে । স্থাপন কৰিছিল । স্বাধীনতা লাভৰ আগতে অসমত প্রাথমিক স্কুল ৭৫৭৪ খন মজলীয়া স্কুল । ৭৪২ খন , উচ্চ ইংৰাজী স্কুল ১৯১ খন আৰু মহাবিদ্যালয়ৰ সংখ্যা ১৭ খন হৈছিলগৈ । শিক্ষাৰ ক্ষেত্ৰত উৎসাহ প্রদানৰ উদ্দেশ্যে মেধাৱী ছাত্ৰৰ বাবে জলপানীৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
উত্তৰ : আৰম্ভণি :
অসমত নৱ চেতনাৰ উন্মেয় হােৱাৰে পৰা ছাত্ৰসকলেই নৱজাগৰণৰ ব্যৱস্থাটোত আগভাগ লৈছিল । কলিকতাত পঢ়িবলৈ যােৱা ছাত্ৰসকলে নিজৰ প্রদেশ তথা ভাষা - সংস্কৃতিৰ কাৰণে অসমীয়া সন্মিলনী , অসমীয়া ছাত্ৰৰ সাহিত্য সভা , অসমীয়া ভাষা উন্নতি সাধিনী সভা আদি অনুষ্ঠানৰ জন্ম দিছিল ।
অসম ছাত্র আন্দোলনৰ ভূমিকাঃ
উল্লেখ্য যে , আসাম এছ'চিয়েচনৰ গুৱাহাটী অধিৱেশনৰ মণ্ডপতেই লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হােৱা সভাত ‘ অসম ছাত্র সম্মিলন ’ নামে এটা সংগঠনৰ জন্ম হয় । হেৰেশ্ব প্রসাদ বৰুৱা সন্মিলনৰ সম্পাদক আৰু জ্ঞাননাথ বৰা সহঃ সম্পাদক নির্বাচিত হয় ।
অসমীয়া ছাত্র সমাজৰ শাৰীৰিক , মানসিক শৈক্ষিক সাংস্কৃতিক প্রভৃতিৰ বিকাশৰ উদ্দেশ্যৰে গঠন হােৱা অসম ছাত্ৰ সন্মিলন ৰাজনীতিৰ পৰা দূৰত থকাৰ কথা আছিল যদিও কার্যক্ষেত্ৰত তেনে কৰা সম্ভৱ নহ'ল ।
অসমত চলা ভাৰত স্বাধীনতা সংগ্রামৰ কাৰ্যসূচীত পৰােক্ষ বা প্রত্যক্ষভাৱে অসম ছাত্র সন্মিলন জড়িত হৈ পৰিল । ১৯২১ চনৰ অসহযােগ আন্দোলনত এই ছাত্র সন্মিলনৰ অৱদানৰ ফলতেই অসমৰ শিক্ষাধিকাৰ কানিংহামে ছাত্ৰসকলৰ অভিভাৱকৰ পৰা ছাত্ৰসকলে আন্দোলনত অংশগ্রহণ নকৰাৰ প্রতিশ্রুতি বিচাৰিব লগা হৈছিল ।
চন্দ্ৰনাথ শৰ্মা , হেমচন্দ্ৰ বৰুৱা , পদ্মধৰ চলিহা আদি পাছৰ কালৰ কুশল ৰাজনীতিজ্ঞ হিচাপে পৰিচিত হয় । অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনসমূহত দেশৰ প্রসিদ্ধ শিক্ষাবিদ , ৰাজনৈতিক নেতা , চিন্তাবিদ আদিক আমন্ত্রণ কৰা হৈছে ।
পদ্মনাথ গােহাঞি বৰুৱা , আচার্য প্রফুল্ল চন্দ্ৰ ৰায় বি আৰ ভাণ্ডাৰকাৰ , কৃষ্ণকান্ত সন্দিকৈ , চি এফ এলুজ আদিয়ে আদিয়ে অসম ছাত্র সন্মিলনৰ অধিৱেশনত সভাপতিৰ আসন অলংকিত কৰিব পাৰিছিল । “ মিলন ’ নামে ছাত্র সন্মিলনৰ মুখপত্ৰত সন্মিলনৰ বিভিন্ন বাবাতৰিৰ উপৰি বহু গুৰুত্বপুর্ণ লেখা বাহিৰ হৈছিল ।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
Ans: আৰম্ভণি ঃ ১২২৮ চনৰ পৰা ১৮২৬ চন পর্যন্ত দীর্ঘ ছশ বছৰকাল আহােম ৰাজা বৰ্ত্তি আছিল । সেই সময়ছােৱাত সময়ৰ অগ্রগতি আৰু মূল্যবােধৰ পৰিৱৰ্তন , সংস্কৃতি সমন্বয় আদিৰ বাবে শাসন ব্যৱস্থালৈও পৰিৱৰ্তন আহিছিল । ১৬৭৫ চনত ডাঙৰীয়া - বিষয়া সকলাে মিলি আতন বুঢ়াগােহাঁইৰাজসিংহাসনত বহিবলৈ অনুৰােধ কৰিছিল , কিন্তু তেওঁ সেই অনুৰােধ ৰক্ষা কৰিবলৈ সম্মত হােৱা নাছিল ।
আহােম ৰাজতন্ত্র প্রধান বৈশিষ্ট্যৰােৰ বিশ্লেষণঃ
আহােম প্রশাসনৰ ৰাজতান্ত্রিক দিশঃ চুকাফাৰ পৰা চন্দ্রকান্ত সিংহ পর্যন্ত ৰজাসকলৰ ৰাজত্বৰ ক্ৰমত মাঘােন দুবাৰ যতি পৰিছিল —১৩৭৬৮০ চন আৰু ১৩৮৯-৯৭ চনৰ সময় দুছােৱাত । সেই দুছােৱা সময়ত ৰজা পাতিবলৈ উপযুক্ত কোঁৱৰ নােহােৱাৰ বাবে ডাঙৰীয়া দুজনে প্রশাসন পৰিচালনা কৰিছিল ।
ৰজা আছিল সর্বোচ্চ ক্ষমতাৰ অধিকাৰী । চুহুংমুং , প্রতাপসিংহ , গদাধৰ সিংহ আৰু ৰুদ্ৰসিংহই স্বেচ্ছাচাৰী ৰাজতন্ত্ৰৰ সুন্দৰ নিদর্শন প্রতিষ্ঠা কৰি থৈ গৈছে । ৰজাৰ মুখৰ কথাই আছিল আইন । বুঢ়গােহাঁইৰপৰা বৰা পর্যন্ত সকলাে মন্ত্ৰী আৰু বিষয়া আছিল ৰজাৰ সেৱক মাত্র । ৰজাৰ আদেশ কার্যকৰী কৰিবলৈকে তেওঁলােকে কার্যনির্বাহ কৰিছিল ।
দেশৰ সমূহ সম্পদ আৰু প্রজাৰে ৰজা আছিল গৰাকী । তেওঁ বুঢ়াগােহাঁই পর্যন্ত সকলাে মন্ত্রী বিষয়াক নিযুক্তি দিব পাৰিছিল , পদচ্যুত কৰিব পাৰিছিল আৰু দোষ পালে মৃত্যুদণ্ডকে দৰি সকলাে প্রকাৰৰ দণ্ড বিহিব পাৰিছিল ।
সামন্ততান্ত্রিক দৃষ্টিকোণ ঃ আহােম ৰজাৰ সকলাে উচ্চখাপৰ বিষয়া আছিল একো একোজন সামন্ত । দৰমহাৰ পৰিবৰ্তে তেওঁলােকে প্রস্থিতি অনুসৰি শ পূৰাৰ পৰা কেইবা হাজাৰ পূৰা পর্যন্ত মাটিৰ একোটা অঞ্চল পাইছিল আৰু ইউৰােপৰ ভূমিদাস সদৃশ এচাম নিজস্ব পাইক কাম - কাজ কৰিবৰ অর্থে লাভ কৰিছিল । সেইসকল পাইকৰ ওপৰত গৰাকীসকলৰ পূর্ণ অধিকাৰ বর্তিছিল ।
যুদ্ধৰ নিজ নিজ পাইকসকলক লৈ তেওঁলােকে ৰজাৰ পক্ষে যুদ্ধত যােগ দিব লাগিছিল । অৱশ্যে ইউৰােপীয় সামন্ত - প্রথাৰ দৰে আহােম ৰাজ্যৰ সামন্ত প্রথা ইমান কটকটীয়া ভেটিৰ ওপৰত প্রতিষ্ঠিতি হােৱা নাছিল ।
গণতান্ত্রিক দৃষ্টিকোণ : তিনিজনীয়া ডা - ডাঙৰীয়া একত্ৰিত হৈ সাধাৰণতে এজন ৰজা নির্বাচন কৰিছিল আৰু সেই নির্বাচনৰ ক্ষেত্ৰত কোনাে বিশ্বস্বাদ নেকাটিছিল । যদি পূৰ্বৰ ৰজাজনৰ কোনাে উপযুক্ত পুত্র নেতাকে , চুকাফাৰ বংশােদ্ভৱ যিকোনাে এজন কোঁৱৰক আনি ৰজা পতা হৈছিল ।
ৰজা নির্বাচনৰ ক্ষেত্ৰত হােৱা খেলিমেলি দূৰ কৰিবলৈ ৰজা চুহুংমুডে নিজৰ পাঁচজন পুতেকক পাঁচটা ফৈদত বিভক্ত কৰি দিছিল । কিন্তু পৰৱৰ্তীকালৰ বুৰঞ্জী অধ্যয়ন কৰিলে দেখা যায় , ৰজা সদায়ে উক্ত পাঁচটা খেলৰ পৰা নির্বাচন কৰা হােৱা নাছিল ।
এজন ৰজা অত্যাচাৰী হিচাবে পৰিগণিত হলে গােহাঁই তিনিজনাই মেলপাতি ৰজা ভঙাৰৰ বহুত দৃষ্টান্ত আছে । ত্যাওকামথি , চুমফা , নৰীয়া ৰজা আদি তেনে কেইটিমান দৃষ্টান্ত ।
গণতান্ত্রিক চৰিত্ৰটো অন্য কিছু দিশতাে ফুটি উঠে । দেশখন কিবা সংকটৰ সন্মুখীন হ'লে বৰকৗহ । বজাই ৰাইজ গােটোৱা হৈছিল আৰু সেই সভাত সাধাৰণ পাইকেও মাত মাতিব পাৰছিল । ৰজাই কিবা ভুল সিদ্ধান্ত ল'লেও পাইকে তাৰ বিৰােধিতা কৰাৰ দৃষ্টান্ত আছে ।
হেমেনা নামৰ এজন ব্যক্তিয়ে গড়গাঁও নগৰ সাজিবৰ সময়ত নিজৰ ভাগৰ মাটি এৰি নিদিয়াও হেবেনাৰ মৃত্যু পর্যন্ত সেইদিশৰ গড় আধৰুৱা হৈ ৰৈছিল । মীৰজুমলাৰ হাতত পৰাস্ত হােৱাৰ পিছত সাধাৰণ পােহাৰীয়েও ৰজা জয়ধ্বজ সিংহক টান কথা শুনাইছিল ।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
উত্তৰ : আৰম্ভণি ঃ মধ্যযুগীয় অসম আছিল কৃষিভিত্তিক ৰাজ্য । ব্যৱসায় - বাণিজ্যৰ চলতি হৈছিল যদিও ই আছিল তেনেই চালুকীয়া পৰ্যায়ৰ ।
কৃষিভিত্তিক সমাজব্যবস্থাত পাইক প্ৰথাৰ গুৰুত্ব আছিল অসীম । প্রথম পর্যায়ৰ আহােম ৰজাসকলৰ শাসনকাল অসমীয়া সমাজৰ চৰিত্ৰ আছিল নিতান্তই সৰল । সেই পৰ্যায়ত ৰাজস্ব প্রশাসনৰ বিশেষ বৈশিষ্ট্যপূর্ণ ৰূপ নাছিল ।
চুডাংফাৰ পৰা চুহুংমুং পর্যন্ত সময়ছােৱাত অসমৰ সমাজ ব্যৱস্থালৈ কিছু জটিলতা আহে আৰু অর্থনৈতিক জীৱনাে জটিল হ’বলৈ আৰম্ভ কৰে ।
চুহুংমুঙৰ ৰাজত্বকালত জটিলতা বৃদ্ধি পায় আহােম ৰাজ্যৰ পৰিসৰ বৃদ্ধিৰ লগে লগে । ৰাজস্ব প্রশাসনৰ এক নির্দিষ্ট ৰূপ গঢ়লৈ উঠে তাৰাে কিছুদিনৰ পিছতঃ স্বৰ্গদেউ প্রতাপ সিংহৰ ৰাজত্বকালত । পাইক প্রথাঃ আহােম বাজতন্ত্ৰৰ ৰাজহ প্রশানৰ মূল ভেঁটি আছিল ' পাইক প্রথা ' । পাইক প্রথা অনুসৰি ৰাজ্যৰ ১৫-৫০ বছৰ ভিতৰৰ সকলাে সক্ষম ব্যক্তি আছিল একোজন পাইক । পাইকসকলে ৰাষ্ট্ৰৰ পৰা দুপুৰীকৈ মাটি নিষ্কৰভাৱে লাভ কৰিছিল ।
বিনিময়ত প্ৰতিজন পাইকে ৰজাঘৰত ৩ মাহকৈ বৃদ্ধি কৰে । বিনা দৰমহাত কাটি দিবলগীয়া হৈছিল । অর্থাৎ , কোনাে টকা - পইচা খৰছ নকৰাকৈ প্রশাসনে গঠনমূলক কাম , নির্মাণ কার্য , প্রজাহিতকৰ কাম সম্পাদন কৰিব পাৰিছিল আৰু পাইকসকলাে ৰজাঘৰক মাটিৰ খাজানা দিয়াৰ পৰা ৰেহাই পাইছিল ।
পাইকসকলে গাইপতি লাভ কৰা দুপুৰ ( মতান্তৰে তিনিপুৰা ) মাটিৰ ওপৰন্সি গােটে প্রতি চাৰিপুৰা ( পিছলৈ তিনিপুৰা ) মাটি লাভ কৰিছিল । কিন্তু পাইকসকলে লাভ কৰা মাটি উত্তৰাধিকাৰ সূত্রে লব্ধ নাছিল
ৰাজকীয় বিষয়াবৰ্গ আৰু মন্ত্রীমণ্ডলীয়ে পদৱী অনুযায়ী কিছু মাটি লাভ কৰিছিল । আৰু সেই মাটিত খেতি - বাতি কৰিবৰ অৰ্থে কিছুসংখ্যক পাইকো লাভ কৰিছিল । বিষয়ামন্ত্ৰীসকলে লাভ না মাটি আৰু পাইকসকলাে কিন্তু উত্তৰাধিকাৰ সূত্রে লব্ধ নাছিল ।
গগাহাঁই তিনিজনাৰ বিলতীয়া পাইক গাইপতি ১০,০০০ কৈ আছিল । ৰাজমন্ত্ৰীজনে অতিকিজি ১,০০০ পাইক আৰু কাইচুক বিলাত ভােগ কৰিবলৈ পাইছিল । বৰবৰুৱা আৰু বৰফুকনৰ তলত ১২ , ০০০ কৈ পাইক আছিল তেওঁলােকে ব্যক্তিগত কামত ৮১০ টাকৈ পাইক খটাব পাৰিছিল ! যুকসকলে লাভ কৰিছিল গাইপ্রতি ৬০০ পাইক । স্বতন্ত্র দায়িত্বৰ বৰুৱাসকলেও ৬০০ কৈ পাইক খটুৱাব পাৰিছিল ।
পাত্র - মন্ত্ৰী আৰু বিষয়াবহ নিজ নিজ পাইকসকলৰদ্বাৰা তেওঁলােকৰ নামত নিবন্ধ কৰি দিয়া মাটিত খেতি - বাতি কৰাইছিল আৰু উৎপাদনৰ একাংশ ৰজাঘৰত দিব লাগিছিল ।
খেলব্যৱস্থাঃ পাইক ব্যৱস্থাৰ সৈতে টকা - পয়টাৰ সম্পর্ক বিশেষ নাছিল । টকা - পইচাৰ সম্পৰ্কীয় কথাৰ সৈতে অৱশ্যে খেল ব্যৱস্থা জড়িত হৈ আছে । বিভিন্ন বৃত্তিৰ লােকসকলক ভিন ভিন খেলত বিভক্ত কৰা হৈছিল । যিসকল বৃত্তিজীৱী লােক , তেওঁলােকে কাম অনুসৰি ৰজাঘৰক কৰ সােধাবলগীয়া হৈছিল । সােণােৱাল আৰু কঁহাৰসকলে বার্ষিক ৫ টকা , মাছমৰীয়া আৰু তেলীয়ে ৩ টকা আৰু তাতীয়ে বার্ষিক ২ টকাকৈ কৰ সােধাবলগীয়া হৈছিল । চিহাবুদ্দিন তালিছৰ মতে , কেৱল সােণােৱালসকলৰ পৰাই ৰজাঘৰে বার্ষিক ৮০,০০০ ৰ পৰা ১ , ০৮ , ০০০ টকা পর্যন্ত কৰ আদায় কৰিছিল ।
ৰজাঘৰে আদায় ককা অন্যান্য কৰৰ ভিতৰত কামৰূপ আৰু দৰং জিলাৰ পৰা সংগ্ৰহ কৰা ঘৰমূলি কৰ বিশেষ উল্লেখযােগ্য । মােগলৰ আৰ্হিত নামনি অসমক ২৪ টা পৰণাত বিভক্ত কৰি পৰণাসমূহৰ দায়িত্বত একোজন চৌধুৰী নিযুক্ত কৰা হৈছিল ।
চৌধুৰীকতালুকদাৰ , পাটোৱাৰী আৰু ঠাকুৰীয়া পদৱীৰ বিষয়া তিনিজনে ৰাজহ সংগ্ৰহৰ বেলিকা সহায় কৰিছিল । কৰৰ পৰিমাণ আহিল ঘৰে প্রতি এটকা । ঘৰমূলি সেই কৰক কামৰূপত ‘ খৰিকটনা ’ দৰংজিলাত জুহালৰ কৰ ' আৰুনগাঁৱত ‘ পাইকাৰী কৰ'বা গা - ধন বােলা হৈছিল ।
হাট - বজাৰ , দুৱাৰ আৰু চকীসমূহৰ পৰাও ৰজাঘৰৰ ভাল আয় হৈছিল । তদুপৰি কতলীয়া ৰজাসকলৰ পৰা অহা কৰ , বনজ সম্পদৰ পৰা অহা কৰ , ঘাটকৰ আদি আছিল ৰাজকোষৰ উল্লেখযােগ্য আয়।
মুদ্রা ব্যবস্থা ঃ আহােম স্বৰ্গদেউসকলে সােণ আৰুৰূপৰ আঠচুকীয়া মােহৰ মৰােৱাইছিল । এতিয়ালৈকে আৱিস্কৃত মুদ্ৰাৰ ভিতৰত সবাতােকৈ প্রাচীন মুদ্ৰাটো স্বৰ্গদেউ চুক্লেনমুঙে মৰােৱাইছিল । প্রথম ভাগৰ মােহৰবােৰত আহােমৰ লিপি ব্যৱহাৰ কৰা হৈছিল । স্বৰ্গদেউ জয়ধ্বজ আৰু চক্ৰধ্বজ সিংহই সংস্কৃত আৰু অসমীয়া ভাষা লিপিও ব্যৱহাৰ কৰিছিল ।
স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ পৰা আহােমৰ শেষ দিন পর্যন্ত ৰজাসকলে অসমীয়া ভাষা । লিপি ব্যৱহাৰ কৰিছিল । মাজতে শিৱসিংহই ফার্সী ভাষাও ব্যৱহাৰ কৰি মুদ্ৰা মৰােৱাইছিল ।
মোহৰ : আহােম যুগৰ মােহৰ বিলাকত ৰজাজনৰ নাম সিংহানত আৰােহণৰ তাৰিখৰ লগতে তেওঁৰ উপাস্য দেৱতাৰ নামাে খােদিত কৰা হৈছিল । মুদ্রাসমূহত সৰুকৈ পাখিলগা সিংহৰ ছবি অংকিত কৰিছিল । গদাধৰ সিংহৰ মুদ্ৰাত ময়ুৰ চৰাই চিত্রও খােদিত কৰা পৰিলক্ষিত হয় ।
সামৰণি : ৰাজহ বাৱস্থাত মােহৰসমূহৰ ভূমিকা সম্বন্ধে সবিশেষ জনা নেযায় । সাধাৰণ পাইকে মােহৰ পৰিৱর্তে কড়িহে ব্যৱহাৰ কৰিছিল বুলি অনুমান হয় । কতলীয়া ৰজাৰ পৰা সংগৃহীত কৰ ব্যৱসায়ীসকলৰ পৰা সংগৃহীত কৰ , বৃত্তিয়াল সকলে দিবলগীয়া কৰ আদিৰ ক্ষেত্ৰতহে মুদ্রা ব্যৱহৃত হৈছিল যেন অনুমান হয়
আহােম ৰাজত্বৰ মাজতে মােৱমৰীয়াসকলেও মুদ্ৰা মৰােৱাইছিল । কিন্তু সেই মুদ্রা আঠচুকীয়া নাছিল , নচুকীয়া আছিল ।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
উত্তৰ : আৰম্ভণি ঃ আহােম ৰজাসকলে অসমত ১২২৮ খৃষ্টাব্দলৈকে প্রায় ৬০০ বছৰ কাল ৰাজত্ব কৰিছিল । একেৰাহে ৬০০ বছৰ কাল ৰাজত্ব কৰাৰ উদাহৰণ বুৰঞ্জীত প্রায় নাই বুলিয়েই ক’ব পাৰি ।
মধ্য যুগীয়া শাসন হিচাপে আহােমসকলৰ শাসন ব্যবস্থা বৰ উন্নত আছিল । আহােম শাসনৰ বাৱস্থাৰ বিষয়ে জানিবলৈ নিৰ্ভৰযােগ্য সমলৰ অভাৱ নাই । আহােমসকলে লিখা বুৰঞ্জীবােৰ , মুছলমান ঐতিহাসিকৰ বিৱৰণ আৰু শেষলৈ ইংৰাজ বিষয়ৰ লিখিত বিৱৰণবােৰে আহােম ৰজাৰশাসন প্রণালী । সম্পর্কে বিতংকৈ জনাত বৰ সহায় কৰে ।
আহােমৰশাসন প্রণালীঃ
( ১ ) ৰাজতন্ত্র : আহােম ৰজাসকলে ৰাজতান্ত্রিক পদ্ধতিৰে দেশ শাসন কৰিছিল । তেওঁলােকৰ কোনাে লিখিত সংবিধান নাছিল । পূব পৰম্পৰা আৰু পুৰণি ৰীতি - নীতি অনুসৰি দেশ শাসন কৰা হৈছিল ।
ৰাজ্যৰ সর্বময় কর্তা আছিল স্বৰ্গদেৱ বা ৰজা । ৰজাই সকলাে বিষয়তে বুঢ়াগােহাঁই এই তিনিজনা মন্ত্রী বা ডা - ডাঙৰীয়াৰ পৰামৰ্শ লৈছিল । এই তিনিজনা ডাঙৰীয়া একগােট হৈ ৰজাকো ভঙা - পতা কৰিব পাৰছিল । ৰাজ্য সুচাৰুৰূপে চলাবৰ কাৰণে ৰজাৰ অধীনত শাসন বিভাগ , ৰাজহ বিভাগ , বিচাৰ বিভাগ , সামৰিক বিভাগ আদি বিভিন্ন বিভাগ আছিল ।
( ২ ) ৰাজপদ : আহােম ৰাজপদ সাধাৰণতে বংশানুক্রমিক আছিল । কিন্তু ৰাজপদৰ প্রার্থী প্রথম আহােম ৰজা চুকাফাৰ বংশধৰ হ'ব লাগিব । ৰজাৰ মৃত্যুৰ পিছত সাধাৰণতে ৰজাৰ জ্যেষ্ঠপুত্রই ৰাজপাট পাইছিল । কিন্তু এই নিয়মৰ ব্যতিক্রমমা নােহােৱা নহয় ।
কোনাে সময়ত পুতেক ৰজা নহৈ ভায়েক ৰজা হৈছিল । মাজে সময়ে ভতিজা বা ৰাজ পৰিয়ালৰ দূৰ - সম্পৰ্কীয় কোঁৱৰাে ৰজা হৈছিল । ৰাজ ৰক্ত গাত নােহােৱা কোনােৱেই ৰজা হ’ব নােৱাৰিছিল ।
গাত ঘূণ থকা বা অঙ্গ বিকল হােৱা কোনাে কোঁৱৰকে যে ৰাজপাটত বহিব দিয়া নহৈছিল এই নিয়ম চন্দ্রকান্তৰ কাৰণে উদ্ভাবন কাৰ হৈছিল । আহােম ৰজাসকলৰ উপাধি ' স্বৰ্গদেউ ' আহােম ভাষাৰ ' চাও ফা ’ শব্দৰ পৰা হৈছিল ।
( ৩ ) মেলঃ স্বৰ্গদেৱসকলৰ সতি - সন্ততি , কুঁৱৰীসকলক মাটি - বাৰী সম্পত্তি দি একোটা গােট কৰি । মেল বােলা হৈছিল । ফুকন বা বৰুৱা উপাধিৰ বিষয়া একোজনক মেল পৰিচালনাৰ দায়িত্ব দিয়া হৈছিল , যেনে — নামৰূপী মেল , সৰু মেল , মাজু গাভৰু মেল ৰাইডঙীয়া মেল , পৰ্বতীয়া মেল ইত্যাদি ।
( ৪ ) শিঙৰি ঘৰত উঠা উৎসৱ : আহােমসকলৰ ৰাজ অভিষেক উৎসৱত যথেষ্ট গুৰুত্ব দিয়া হৈছিল ; এই উৎসৱক শিঙৰি ঘৰত উঠা উৎসৱাে বােলা হৈছিল । শিঙৰি ঘৰত উঠাৰ নীতি - নিয়ম বৰ দীঘলীয়া আছিল ।
চুকাফাই প্রথমে চৰাইদেউত ৰাজধানী পাতিছিল , আৰু এই ঠাইক ৰজাসকলে পবিত্র জ্ঞান কৰিছিল । ৰজাই চোমদেও বিগ্রহ ডিঙিত অৰি লৈ আৰু হাতত হেংডাজেৰে সৈতে মতা হাতীত উঠি চৰাইদেউ পৰ্বতলৈ গৈ যথানিয়মে এটা আঁহত গছ - পুলি ৰুইছিল ।
( ৫ ) ডাঙৰীয়া শ্রেণী ঃ বুঢ়াগোঁহাই , গোঁহাই , পাত্ৰগোঁহাই , বৰ বৰুৱা আৰু বৰযুদ্ধ— এই পাঁচজনক পাত্রমন্ত্রী বােলা হৈছিল । এওঁলােকে ৰজাক দিহা পৰামর্শ দিছিল । প্রথম তিনিজনৰ যি কোনাে এজনক ৰাজমন্ত্রী পতাৰ নিয়ম আছিল ।
ৰাজ পদবীৰ দৰে গোঁসাইসকলৰ পদো বংশানুক্রমিক আছিল । সাধাৰণতে পিতাকৰ মৃত্যুৰ পিছত পুতেক সেই পদত অধিষ্ঠিত হােৱাৰ নিয়ম আছিল । ৰজাই ইচ্ছামতে যেই সেই বংশৰ উপযুক্ত লােকক গোঁহাই পদত নিযুক্ত আৰু পদচ্যুত কৰিব পাৰিছিল । বাৰ পােৱা প্রধান ডাঙৰীয়াসকলৰ প্রত্যেককে দৰমহাৰ বিনিময়ত নির্দিষ্ট সংখ্যাৰ পাইক বা সাধাৰণ প্ৰজাক গৰাকী কৰি দিয়া হৈছিল ।
( ৬ ) আন আন বিষয়বর্গ : আহােম ৰাজ্যৰ সীমা বাঢ়ি যােৱাত ৰজাই আৱশ্যক অনুসৰি আন আন । বিষয় নিযুক্ত কৰিছিল । এই নতুন বিষয়াসকলৰ ভিতৰত বৰবৰুৱা আৰু বৰফুকন সকলােতকৈ ক্ষমতাশালী আছিল । গােহাঁই ফৈদৰ পৰা বৰবৰুৱা আৰু বৰফুকন হ'ব নােৱাৰিছিল । এই দুটা । পদৰ ১২ টা পৰিয়াল বেলেগ নির্দিষ্ট কৰি দিয়া হৈছিল ।
প্রথম গোঁহাই তিনিজনাৰ শাসনৰ বাহিৰত থকা অঞ্চলৰবাৰৰ ওপৰত বৰবৰুৱা শাসন কৰ্ত্তা আছিল ।
( ৭ ) বৰবৰুৱাঃ বৰবৰুৱা বিষয় স্বৰ্গদেৱ প্ৰতাপসিংহৰ দিনত সৃষ্টি কৰা হৈছিল । এওঁ শাসন সংক্রান্ত আৰু বিচাৰৰ ঘাই বিষয়া আছিল । সময়ত তেওঁ যুদ্ধ পৰিচালনা কৰিব লাগিছিল । এই পদ পুৰুষানুক্রমিক নাছিল । বৰবৰুৱাকো দৰমহাৰ সলনি এহেজাৰ পুৰা নিৰ মাটি ২৫ গােট লিকচে দিয়াৰ ব্যৱস্থা আছিল ।
( ৮ ) বৰফুকনঃ স্বৰ্গদেৱ প্ৰতাপসিংহৰ দিনতে কলঙৰ পৰা মােগল ৰাজ্যৰ সীমনালৈকে নামনি অসম অঞ্চলৰ ৰাজ প্রতিনিধি হিচাপে বৰফুকনৰ বিষয় বাব সৃষ্টি কৰা হয় । পৰৱৰ্তী সময়ত কলিয়াবৰৰ পৰা গােৱালপাৰালৈ এই গােটেই অঞ্চলটোৰ বৰফুকন শাসনকর্তা আছিল । বৰফুকনৰ বিষয়বাৰ বৰ গুৰুত্বপূৰ্ণ আছিল । তেওঁৰ নিজা বিচাৰ চৰাও আছিল । বৰফুকনেও দৰমহাৰ সলনি বৰবৰুৱাৰ দৰে মাটিৰ । লিকচৌ পাইছিল ।
( ৯ ) স্থানীয় শাসনকর্তাঃৰজাৰ ভায়েক বা ওচৰ সম্পৰ্কৰ কোঁৱৰক চাৰিং আৰু তিপমাৰ ৰজাৰ বাব দিয়া হৈছিল । চাৰিং ৰজা আহােম ৰাজ্যৰ যুৱৰাজ আছিল । এওঁলােকৰ বাহিৰেও শদিয়া খােৱা গোঁহাই , মৰম্ভী খােৱা গোঁহাই , সলাল গোঁহাই , কাজলীমুখীয়া গোঁহাই — এইবিলাকো স্থানীয় শাসনকর্তা আছিল ।
দৰং , ডিমৰুৱা , ৰাণী , বৰদুৱাৰ , নদুৱাৰ আৰু বেলতলা আদি আহােমৰ তলতীয়া ৰাজ্যবিলাকৰ ৰজাবিলাকেও স্থানীয় শাসনকর্তাৰ দৰে নিজ নিজ অঞ্চল শাসন কৰিছিল । জাগী । আৰু কাজলীমুখৰ সীমান্ত চকীত একোজন গোঁহাই স্থানীয় শাসনকর্তাৰ বাব দিয়া হৈছিল ।
( ১০ ) চোৰাংচোৱা বিভাগঃ আহােম ৰজাসকলে চোৰাংচোৱা ব্যৱস্থা অতি কটকটীয়াকৈ ৰাখিছিল । ইয়াতে মাৰিলে টিপা গড়গাঁও পালেগৈ শিপা’– এই কথাৰ পৰাই চোৰাংচোৱা ব্যৱস্থা কেনে । আছিল ধাৰণা কৰিব পাৰি ।
( ১১ ) পাইক , গােট , খেলঃআহােমৰ সভ্রান্ত শ্রেণী আৰু বিষয়াবৰ্গ আৰু তেওঁলােকৰ লগুৱা - লিগিৰাৰ বাহিৰে , যােল্ল বছৰ পূৰ্ণ হােৱা সকলাে প্ৰজাক পাইকৰ শ্ৰেণীত পেলােৱা হৈছিল আৰু মাটি ৰণুৱাৰৰ কাম দিয়া হৈছিল । সাধাৰণ খেল আৰু মেলৰ অধীনত থকা পাইকক কাড়ি পাইক বােলা হৈছিল । সাধাৰণতে তিনিজন পাইকৰ গােটেই একোটা গােট কৰা হৈছিল । এই গােটৰ সংখ্যা কেতিয়াবা চাৰিটাও হৈছিল ।
প্রত্যেক গােটৰ একোজন বছৰত চাৰি মাহকৈ ৰজাৰ ঘৰত খাটি দিয়াৰ নিয়ম আছিল । পাইক বিলাকে আলি খন্দা , গড় মৰা , পুখুৰী খন্দা দল , দেৱালয় , কাৰেং কোঠ নিৰ্মাণ কৰা কামত খাটিব লাগিছিল ।
( ১২ ) খেল ঃ পাইকবােৰত পুনৰ খেলত ভগােৱা হৈছিল আৰু প্ৰতিটো খেলত একোজন বিষয়া আছিল কুৰিজন পাইকৰ ওপৰত একোজন বৰা , এশজনৰ ওপৰত শইকীয়া , এহেজাৰৰ ওপৰত হাজৰিকা , তিনি হেজাৰৰ ওপৰত ৰাজখােৱা আৰুছ হেজাৰৰ ওপৰত একোজন ফুকন আছিল । খেলবিলাক প্রধান ডাঙৰীয়াসকলৰ মাজত ভগাই দিয়া হৈছিল ।
ৰজাৰ নিজৰ নিয়মিত সৈন্য বাহিনী নথকাত যুদ্ধৰ সময়ত বিষয়াসকলে নিজৰ নিজৰ মানুহ লৈ যাব লাগিছিল । আহােমসকলৰ এই খেল প্ৰথাৰ মােগলৰ মনচবদাৰী প্ৰথাৰ লগত ৰিজাব পাৰি ।
( ১৩ ) ৰাজহ বিভাগ ঃ আহােম ৰজাই প্রজাৰ পৰা প্রত্যক্ষ ভাৱে ধন বা শস্যৰে ৰাজহ নলৈছিল । সকলাে কামৰ কাৰণে ৰজা আৰু বিষয়া সকলােৱে পাইকৰ ওপৰত নিৰ্ভৰ কৰিছিল । সমস্ত প্রজাক চমুৱা খেলুৱা আৰু মেলুৱ– এই তিনি শ্রেণীত ভাগ কৰা হৈছিল ।
ৰজাৰ কাম কৰিব নােখােজা চমুৱা ’ প্রজাববাৰে পুৰাত দুটাকৈ খাজনা দিব লাগিছিল । বস্তীৰ মাটিৰ নিমিত্তে এটকাকৈ ঘৰৰ কৰ বা ঘৰ মুৰি কৰ দিব লাগিছিল । বক্তিৰ মাটিৰ বাদে বাকী মাটিৰ পিয়ল কৰা হৈছিল । দূৰৰ আৱালী মাটি দখল কৰিলে নাঙলটোৱে প্রতি এটকাকৈ দিব লাগিছিল ।
( ১৪ ) বিচাৰ বিভাগ ঃ আহােমসকলৰ ৰাজত্ব কালত কোনাে বেলেগ বিচাৰ বিভাগ নাছিল । ৰজাই বিচাৰৰ উচ্চতম অধিপতি আছিল ।
তিনিজন মন্ত্রী , বৰবৰুৱা , বৰফুকনে নিজৰ নিজৰ এলেকাৰ গােচৰ লৈছিল । তেওঁলােকৰ অধীনত নায়সােধা ফুকন পদবীৰ বিষয়াই গােচৰ লৈছিল । তেওঁলােকৰ বিচাৰত সন্তুষ্ট নহ'লে ৰজাৰ ওচৰত আপীল চলিছিল আৰু ৰজাৰহকে ন্যাসােধা ফুকনে বিচাৰ লৈছিল । মতামত কাৰণে কাকতি , গণক , পণ্ডিত লােকক সহায় কৰিছিল ।
আহােম ৰজাৰ দিনত দণ্ডবিধি বৰ কঠোৰ আছিল । দোষীৰ অঙ্গ হানি কৰা , গৰম লােৰে গাত দাগ দিয়া , চমতাৰে কোবােবা আদি শাক্তিৰ ব্যৱস্থা আছিল । বিদ্রোহী প্রাণদণ্ড দিয়া হৈছিল । খাবলৈ নিদি মৰা , জীয়াই জীয়াই চাল বখলােৱা , তপত তেল দিয়া নচচা শুলত দিয়া , ফচিী দিয়া ইত্যাদি প্রাণ দণ্ডৰ বেলেগ বেলেগ প্ৰকাৰ আছিল ।
( ১৫ ) মুদ্রা ব্যবস্থা : আহােম ৰাজত্বৰ আদি ছােৱাত মুদ্রা - মােহৰ মৰােৱা ব্যৱস্থা নাছিল । চুহুংমুং বা দিহিঙীয়া ৰজাৰ মুদ্ৰায়েই সম্ভৱ মুদ্ৰাৰ প্রাচীনতম নিদর্শন । শিঙৰি ঘৰত উঠাৰ পিছতহে ৰজাই মুদ্রা মৰােৱাইছিল । আহােম ৰজাৰ মুদ্ৰা - মােহৰ আঠ চুকীয়া আছিল ।
আহােম যুগৰ মুদ্ৰাবােৰত ৰজাৰ নাম শক আৰু ইষ্টদেৱতাৰ নাম পােৱা যায় । মুদ্ৰাবােৰৰ লিপি আহােম , দেৱনাগৰী আৰু অসমীয়া আছিল ।
( ১৬ ) সামৰিক বিভাগ : আহােম ৰজাসকলৰ দিনত কোনাে স্থায়ী সৈন্য বাহিনী নাছিল । মােৱামৰীয়া বিদ্ৰোহৰ পিছতহে স্বৰ্গদেৱে গেীৰীনাথ সিংহৰ ৰাজত্ব কালত কাপ্তান গোঁহাইৰ অধীনত বৃটিছ পল্টনৰ আৰ্হিৰে স্থায়ী ফৌজ গঠন কৰা হৈছিল । প্রতিজন বয়সস্থ পাইকৰণুৱা আছিল ।
সৈন্য বাহিনীত মকৰল কৰাৰ কোনাে বাধ্যতামূলক ব্যৱস্থা নাছিল । ৰজাঘৰীয়া আহবানত প্রতােক পাইকেই তেওঁলােকৰ বিষয়াৰ অধীনত ৰণলৈ ওলাইছিল । অসমীয়া সেনা স্থল যুঁজ আদি । সকলােতে বিচক্ষ আছিল ।
( ১৭ ) সীমান্ত প্রশাসন ঃ আহােমসকলে ব্রহ্মপুত্র উপত্যকাত আধিপত্য বিস্তাৰ কৰাৰ লগতে উত্তৰে পূবে আৰু দক্ষিণ সীমান্তত থকা পৰ্বতীয়া ৰজা আৰু জনজাতিৰ লগত সম্পর্ক ৰাখিবলগীয়া । হৈছিল । আহােম স্বৰ্গদেউসকলে এই পৰ্বতীয়া মানুহবােৰ লগত সাম , নাম , দণ্ড , ভেদে এই নীতিৰে চলিছিল ।
উত্তৰে ভােট , আঁকা , দফলা , মিৰ , আৰ , উত্তৰ - পূবে মিচিমি , খামতি , চিংফৌ , নগা আৰু দক্ষিণে , নগা , মিকিৰ খাচিয়া আৰু জয়ন্তীয়া , কছাৰী আদি জাতিৰ লগত সততে যুঁজবাগৰ ৰা মিলা - প্ৰীতিৰে মাজেৰে চলিব লগা হৈছিল ।
পৰ্বতীয়া জনজাতিয়ে বিশেষকৈ অর্থনৈতিক কাৰণতহে আহােম ৰাজ্যৰ সীমান্তত উপদ্ৰৱ কৰিছিল বুলি ক'ব পাৰি , কাৰণ তেওঁলােকৰ জীৱিকা নির্বাহৰ সমস্যা আৰু ভৈয়ামৰ বেপাৰ বাণিজ্যৰ লগত বিশেষ সম্বন্ধ আছিল ।
সামৰণি :
আহােম ৰজাসকলৰ এটা বুজন সংখ্যকে পৰ্বতীয়া জনজাতিৰ লগত বৈবাহিক সম্বন্ধ কৰি মিত্ৰতা সূত্রত আৱদ্ধ হৈছিল । সীমান্তত বিদ্রোহ মাত্রা কমাবৰ অৰ্থে মিত্ৰতাৰ উপৰিও কিছুমান কোষ্ঠ , গড় , দুৱাৰ বা চকী , সজা আৰু বিশেষ কৰা ব্যৱস্থাৰে আহােম ৰাজ্যক সুৰক্ষিত কৰা হৈছিল ।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।
Ans : ভূঞাসকল ক’ৰ মানুহ আছিল সেই বিষয়ে বুৰঞ্জীবিদসকলৰ বিভিন্ন মত আছে । ভূএসকলৰ আদি বাসস্থান সম্বন্ধে তেওঁলােকে এইদৰে কয়—
● গুৰুচৰিতত উল্লেখ কৰা মতে কমতাৰ ৰজা দুর্লভনাৰায়ণ আৰু গৌড়ৰ ৰজা ধর্মনাৰায়ণৰ মাজত মিত্রতা স্থাপন হােৱাত বন্ধুত্বৰ চিন হিচাপে ধর্মনাৰায়ণ সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ অসমলৈ পঠাইছিল আৰু সেই কায়স্থসকলেই ভূঞা ।
● গাথা শােৱলী মতে ভূঞাসকল কনৌজৰ মানুহ । মুছলমানে যেতিয়া কনৌজ অধিকাৰ কৰি গাে ব্রাহ্মণ বধ কৰিছিল তেতিয়াই ' ভূএসকল প্রথমে গৌড় ৰাজ্যলৈ আৰু তাৰপিছত কমতালৈ আহে ।
● বুৰঞ্জীবিদ মীনহজৰ মতে মুছলমানসকলে গৌড় ৰাজ্য আক্রমণ কৰাত বহুতাে ব্রাহ্মণ আৰু হিন্দু পৰিয়াল কামৰূপ আৰু উৰিষ্যালৈ যায় ।
● ৰামচৰণ ঠাকুৰৰ গুৰুচৰিত মতে , কনৌজত থাকোতেও ভূঞাসকলে মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰিছিল । কমতা ৰজাৰ আদেশতো তেওঁলােকে মুছলমানৰ লগত যুদ্ধ কৰিছিল । তাৰ পাছত তেওঁলােকে উজাই । আহি কামৰূপত বাস কৰে ।
● দৰং ৰাজবংশাৱলীৰ মতে , ভূঞাসকল গণক সম্প্রদায়ৰ মানুহ আৰু তেওঁলােকে কোচ ৰজা বিশ্বসিংহৰ আগৰে পৰা কামৰূপত বাস কৰিছিল ।
● ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ভূঞাসকলে আৰিমত্ত ৰজাৰ মন্ত্ৰীৰ বংশধৰ বুলি কয় ।
● বুৰঞ্জীবিদ ৰায়বাহাদুৰ কণকলাল বৰুৱাৰ মতে ভূঞাসকল ১৩১৪ খ্রীষ্টাব্দৰ পৰাই অসমত বাস কৰাৰ প্রমাণ আছে , কিন্তু তেওঁলােকৰ আদি বাসস্থান বিষয়ৰ কোনাে প্রমাণ নাই ।
ভূঞাসকল অসমলৈ আহি শােৱণশিৰিৰ পৰা কপিলীলৈকৈ এই বিস্তীর্ণ অঞ্চলত বসবাস কৰে । আৰু ৰাজ্য পাতে । ভূঞাসকলৰ মুখীয়ালজনক শিৰােমণি ভূএ বােলা হৈছিল । ত্রয়ােদশ শতিকাৰ মুছলমানে কামৰূপ আক্রমণ কৰাৰ পাছৰ পৰা ভূঞাসকলৰ নিজৰ শক্তি প্রকাশ পাইছিল ।
কামৰূপৰ পৰাক্ৰমীৰজাসকলৰ দিনত ভূঞাসকলে তলতীয়া ৰজা হিচাপে ৰাজ্য শাসন কৰিছিল । পিছৰ কামৰূপৰ দুৰ্বল ৰজাৰবাৰৰ দিনত তেওঁলােকে স্বাধীন ৰজা হিচাপে ৰাজা চলাইছিল । কামৰূপ ৰজা দুর্লভনাৰায়ণ ৰাজত্বকালতে ভূঞাসকল স্বাধীনতা ঘােষণা কৰে ।
মৃণাঙ্ক অপুত্রক হােৱা বাবে তেওঁৰ পিছত খান নামৰ এজন ভূঞাই কমতাপুৰ সিংহাসনত বহে । এইদৰেই ভূঞসকলে ষােড়শ শতিকালৈ ৰাজ্য শাসন কৰিছিল ।
ৰচনা কৰি অসমীয়া সাহিত্যৰ ভেটি সুদৃঢ় কৰিছিল । শংকৰদেৱে ভাগৱত , কীর্তনঘােষা ৰচনা কৰি নামধৰ্ম প্ৰচাৰ কৰিছিল । সংস্কৃত ভাগৱত অসমীয়া লৈ অনুবাদ কৰিছিল । কীৰ্তন আৰু দশমস্কন্ধ ভাগৱত শংকৰদেৱৰ কীর্তিস্তম্ভ ।
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।