খৃষ্টীয় চতুর্থ শতিকাৰ মাজভাগৰ পৰা সপ্তম শতিকাৰ মাজভাগলৈ ।
আৰম্ভণি ( Introduction ) :
খ্রীঃ চতুর্থ শতিকাৰ মধ্যভাগত বর্মনসকলৰ দ্বাৰা প্ৰাগজ্যোতিষ - কামৰূপ ৰাজ্যই কিংবদন্তীয় যুগৰ ধ্বংস কৰি ঐতিহাসিক যুগৰ পাতনি মেলি প্রায় তিনিটা শতিকাজুৰি এক ৰাজনৈতিক আৰু সাংস্কৃতিক একতাৰ উন্মেষ ঘটাইছিল । বর্মনবংশীয় ৰজাসকলে নিজকে নৰক - ভগদত্তৰ ভৌমবংশীয় অর্থাৎ কিংবদন্তীয় ৰজা নৰকৰ বংশৰ । বুলি কব খােজে ।
বর্মন বংশ ( Varman Dynasty ) :
বর্মন বংশৰ ৰাজ্য স্থাপনৰপৰাই প্রাচীন কামৰূপৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ সূত্রপাত হয় । খৃষ্টীয় চতুর্থ শতাব্দীৰ মাজ ভাগত পুষ্যবর্মন নামে এজন ৰজাই কামৰূপত ৰাজ্য স্থাপন কৰে । দৰাচলতে এইজনাই বর্মন বংশৰ আদিৰজা । এই বংশৰ ৰজাসকলে নিজকেনৰক - ভগদত্তৰ বংশধৰ বুলি ক'ব খােজে । অতএব , এই বংশক ভৌমনৰক ৰাজ বংশও বােলা হয় । এই বংশৰ তেৰজন ৰজাই কামৰূপত বৰ প্রতাপেৰে ৰাজত্ব কৰিছিল ।
পুষ্যবর্মন ( Pushya Varman ) :
পুষ্য বর্মন উত্তৰ ভাৰতৰ গুপ্ত সম্রাট সমুদ্রগুপ্তৰ সময়ছােৱাৰ আছিল । গুপ্ত সম্রাট সমুদ্রগুপ্তৰ বিখ্যাত এলাহাবাদ প্রশস্তিত প্রত্যন্ত বা সীমান্তৱর্তী ৰাজ্য হিচাপে কামৰূপৰ নাম আছে । সম্ভৱতঃ খৃঃ ৩৩৫ মানত পুষ্য বর্মন কামৰূপৰ সিংহাসনত বহিছিল । বিখ্যাত এলাহাবাদ প্রশস্তিত উল্লিখিত প্রত্যন্তনৃপতি’সম্ভৱতঃ এৱেই আছিল।কামৰূপৰৰজাইগুপ্ত সম্রাট লগত মিত্ৰতা ভাৱৰাখে আৰু গুপ্ত সম্রাটসকলৰ প্ৰভাৱাে কামৰূপত চকুত পৰে । এলাহাবাদ প্রশস্তিৰপৰা বুজা যায় যে কামৰূপ আৰু ওচৰৰে ডবাক বা ডবকা এই দুইখন ৰাজ্যই গুপ্তসকলৰ বশ্যতা স্বীকাৰ কৰিলেও স্বাধীনভাৱে নিজৰাজ্যশাসন কৰিছিল৷পুষ্যবর্মনে মহাৰাজাধিৰাজ’উপাধি গ্রহণে উক্ত কথা স্পষ্ট কৰি দিয়ে । গুপ্তপ্ৰভাৱকামৰূপৰ ওপৰত পৰাৰ প্রমাণ তেজপুৰৰ দহ - পৰ্বতীয়াৰ মন্দিৰৰ ভগ্নাৱশেষৰ স্থাপত্য , তামৰ ফলিত , গুপ্তলিপি আৰু শিলালিপিৰ গুপ্ত শব্দৰ ব্যৱহাৰৰপৰা পােৱা যায় । পুষ্য বর্মনৰ ৰাজ্যৰ বিস্তৃতি বা দেশৰ অৱস্থাৰ কথা সুন্দৰকৈ জানিব নােৱাৰি । পুষ্যবর্মনে আনুমানিক ২৫ বছৰ ৰাজত্ব কৰা পিছত ৩৮০ খৃত স্বর্গী হয় ।
সমুদ্র বর্মন ( Samudra Varman ) :
পুষ্যবৰ্মনৰ পিছত তেওঁৰ পুতেক সমুদ্র বর্মন কামৰূপৰ ৰজা হয় । এখেত এজন বিখ্যাত ৰজা আছিল আৰু পিতৃৰ দৰে মহাৰাজাধিৰাজ ’ উপাধি লৈছিল । এওঁ গুপ্ত সম্রাট দ্বিতীয় চন্দ্রগুপ্ত বিক্রমাদিত্যৰ সময়ছােৱাৰ আছিল । এৱো ২৬ বছৰ কাল ৰাজত্ব কৰিছিল বুলি জনা যায় । মুদ্র বর্মনৰ পুত্ৰ বৰ্মনৰ শাসনছােৱাৰ গুৰুত্বপূর্ণ ঘটনা হ’ল কাশ্মীৰৰ ৰজা মেঘবাহনে তেওঁৰ জীয়েক অমৃতপ্রভাক বিয়া কৰাইছিল আৰু অমৃত প্রভাই বৌদ্ধ গুৰু গুণ পায়ােক লগত লৈ গৈছিল । কাশ্মীৰত তেওঁ বৌদ্ধ ভিক্ষুকৰ কাৰণে ‘ অমৃত - ভৱন ’ নির্মাণ কৰিছিল । এই কথাই কামৰূপত বৌদ্ধ ধর্ম প্রচাৰ হােৱা স্পষ্ট কৰে । প্রায় ৪২০ খৃঃত এই বংশৰে ৰজা কল্যাণ বৰ্মনে কপিলী উপত্যকাৰ জৰাক ৰাজ্য কামৰূপ ৰাজ্যৰ । অন্তর্ভুক্ত কৰে । বর্মন বংশৰ ষষ্ঠ ৰজা মহেন্দ্র বর্মন প্রথম তাৎপর্যপূর্ণ ৰজা । ভাস্কৰ বৰ্মনৰ দুৰী তামৰ ফলিত এওঁ গুৰুত্বপূৰ্ণ ৰজা বুলি উল্লেখ আছে । গুপ্ত সম্রাটসকলৰ দুৰ্বলতাৰ সুবিধা লৈ এওঁ ৪৭০ খৃঃ আৰু ৪৮০ খৃঃৰ মাজ ভাগত দক্ষিণ - পূর্ব বঙ্গ অধিকাৰৰ কৰি আসমুদ্র কামৰূপ ৰাজ্যৰ সীমা প্রসাৰ কৰিছিল । এৱেই কামৰূপত প্রথমে অশ্বমেধ যজ্ঞ সম্পাদন কৰিছিল ।
বল বর্মন ( Bala Varman ) :
সমুদ্রবর্মনৰ মৃত্যুৰ পিছত বল বর্মন ( ১ ম ) অনুঃ খৃঃ ৪০৫ ত প্ৰাগজ্যোতিষৰ ৰজা হয় আৰু খৃঃ ৪২০ লৈ শাসন কৰে । তেওঁৰ বিষয়ে নিধানপুৰ তাম্রশাসনত এইদৰেউল্লেখ কৰা হৈছে — ‘ অপ্রতিহত সৈন্য যাৰ ৰক্ষাকৱচ স্বৰূপ আছিল , সেই বলবর্মা এই নৃপতিৰ ( সমুদ্র বর্মন ) দত্তদেৱী গর্ভজাত পুত্ৰ আছিল । তেওঁৰ সেনাবাহিনী স্বচ্ছন্দেশক্র বিপক্ষে আগবাঢ়ি গৈছিল ।
কল্যাণ বর্মন ( Kalyan Varman ) :
বলবৰ্মনৰ পিছৰ জন বিখ্যাত নৃপতি আছিল কল্যাণবর্মন । তেওঁৰ ৰাজত্বকাল খৃঃ ৪২০ ৰ পৰা খৃঃ ৪৪০ লৈকেবুলি সন্দেহ হৈছে । তাম্রশাসনত এওঁক প্রজাবৰ্গৰপ্রতিক্যলাণকাৰী আৰু শত্রু নিধনকাৰী হিচাপে বর্ণনা কৰা হৈছে । উল্লেখযােগ্য যে , তেওঁৰ স্বাস্থ্য চন্দ্ৰৰ দৰে উজ্জল আছিল । কল্যাণবৰ্মনৰ শাসনছােৱাৰ বিষয়ে বিশেষ কোনাে গুৰুত্বপূর্ণ সমল পােৱা নাযায় ।
গণপতি বর্মন ( Ganapati Varman ) :
কল্যাণবৰ্মনৰ পৰৱৰ্তী সময়ত তেওঁৰ পুত্র গণপতিবৰ্মনে খৃঃ ৪৪০ ৰপৰা দহভচৰমান শাসনকৰিছিল । বুলি সন্দেহ কৰা হয় । নিধানপুৰ শাসনত তেওঁ গণপতিৰ নিচিনা দানী আৰুঅজস্র গুণমণ্ডিত আছিল বুলি উল্লেখ আছে । ডুবি শাসনত তেওঁক গণেন্দ্রবর্মন নামেৰে অৱতাৰণা কৰা হৈছে । তেওঁৰ শাসনছােৱাত বিশেষ কোনাে ধৰণৰ গুৰুত্বপূর্ণ ঘটনা নাছিল যেন অনুমান হয় ।
মহেন্দ্র বর্মন ( Mahendra Varman ) :
গণপতিবর্ষনে তেওঁৰজীৱনৰ শেষার্ধৰ্তৰাজহুৱাভাৱেপুত্র মহেন্দ্রবর্মনকৰাজসিংহাসন প্ৰদান কৰিছিল । ডুবিতাসনত উল্লেখ আছে যে “ শজয়ী আৰুইন্দ্ৰৰ সমান সাহস থকা , চন্দ্ৰৰ দৰেদীপ্তিমান মহেন্দ্রবর্মন নামযজ্ঞদেৱীৰ এজনেৰাজ্য শাসন কৰিছিল আৰু প্ৰজাসকলক নিজৰ পুত্ৰৰ দৰে সম্পূৰ্ণ ৰক্ষা কৰিছিল ।। মহাসাগৰ পর্যন্ত বিশাল পৃথিৱী বিজয় কৰি বলেৰে শত্ৰুক নাশ কৰি ইন্দ্ৰৰ দৰে সেই ৰজাজনে যজ্ঞ সম্পন্ন কৰিছিল । ” উল্লেখযােগ্য যে , নালন্দামাটিৰ মােহৰত তেওঁ দুবাৰকৈ অশ্বমেধযজ্ঞ অনুষ্ঠিত কৰাৰ কথা উল্লেখ আছে । নিধানপুৰ তাম্রশাসনেও তেওঁ অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কথা কয় ।
নাৰায়ণ বর্মন ( Narayan Varman ) :
মহেন্দ্ৰবৰ্মনৰ উত্তৰাধিকাৰী আছিলনাৰায়ণবর্মন । তেওঁ খৃঃ ৪৮৫ ৰ পৰা খৃঃ ৫১০ লৈ শাসন কৰিছিল । তেওঁৰশাসনকাল সম্পর্কে বিশেষ কোনাে সমল পােৱা নাযায় । এওঁৰ শাসনৰ সময়ত আভ্যন্তৰীণ অশান্তি বা কোনাে ধৰণৰ বহিঃ আক্রমণ হােৱা নাছিল । নিধানপুৰ তাম্রশাসনত তেওঁৰ কথা উল্লেখ আছে ।
ভূত বর্মা বা মহাভূতবর্মা ( Bhutivarma or Mahabhutavarma ) :
পুষ্য বর্মনৰ পৰৱৰ্তী সময়ত সপ্তম ৰজা ভূত - বর্মা বা মহাভূতবর্মা এজন মহা পৰাক্ৰমীৰজা আহিল । ( ৫১০-৫৫৫ খৃঃ ) । ভাস্কৰ বৰ্মাৰ নিধানপুৰ তামৰ ফলিৰ পৰা খ্যাত যে তেওঁৰ দিনৰ কামৰূপ এখন লেখত লবলগীয়া ৰাজ্য আছিল । উত্তৰ - ভাৰতত দুর্দান্ত হুণবিলাকৰ হেঁচাত আৰু আক্ৰমণত গুপ্ত সম্রাটসল অনেক দুর্বল হােৱাৰ সুবিধা লৈ মহীভূতবৰ্মাই পুণ্ড্রবর্ধন বাংলাদেশ ( উত্তৰবঙ্গ ) কামৰূপ ৰাজ্যৰ অন্তর্ভুক্ত কৰে । নন ৰাজ্য জয় কৰি গৌৰৱৰ চিন স্বৰূপে পুণ্ডবর্ধনত জন ব্রাহ্মণক মাটি দান আৰু অশ্বমেধ যজ্ঞ সমাপন কৰিছিল । মহাভূতবাই সম্ভৱতঃ চিলেট , ত্ৰিপুৰা আৰু কাছাৰ অঞ্চলল তেওঁৰ ৰাজ্যভুক্ত কৰিছিল । এওঁৰ দিনতেই কামৰূপ ৰাজ্যৰ সীমা চাৰিওফালে বিশাল হয় আৰু ভাৰতবৰ্ষৰ ৰাজনীতিত অংশ গ্রহণ কৰা বিষয়ত এৱেই ভাস্কৰ বৰ্মাৰ বাটকটীয়া । ভূতিবৰ্মাৰ পিছৰ তৃতীয় ৰজা স্থিত বর্মা এজন প্ৰভাৱশালী ৰজা আছিল ৷ তেওঁ নিজ ৰাজ্য অটুট ৰাখি অশ্বমেধ যজ্ঞা সমাপন কৰে । এওঁৰ পিছৰ ৰজা সুস্থিত বর্মা— এওঁৰ আন এটা নাম মৃগাঙ্ক । আদিত্য সেনৰ আপসাদ লিপিতভূৰ্মিাক প্রসিদ্ধ ৰজা’বুলি উল্লেখ কৰিছে । গুপ্তৰজা মহাসেনণ্ডগুৰ লগত যুদ্ধত হাৰি পুণ্ড্রবর্ধন ভুক্তি হেৰুৱাব লগা হয় ।
চন্দ্রমুখ বর্মন ( Chandramukha Varman ) :
ভূতিবৰ্মনৰ পৰৱৰ্তী সময়ত আনুমানিক খৃঃ ৫৫৫ ত চন্দ্রমুখবর্মন ৰজা হয় । তেওঁৰ দহবছৰীয়া শাসনছােৱা ঘটনা বিস্তৃত নাছিল যেন ধাৰণা হয় । উল্লেখযােগ্য যে , তাম্রশাসনত তেওঁ শত্রু নিধন কৰি সাগৰ পর্যন্ত ৰাজ্যৰ সীমা বিস্তাৰ কৰিছিল বুলি আছে । শত্রু নিধন আৰু সাগৰলৈকে ৰাজ্য বিস্তাৰ কথাটোৰ পক্ষে সমসাময়িক কোনাে সমলত একো ঘটনাৰ প্ৰভাৱ পােৱা নাযায় ।
স্থিত বর্মন ( Sthnita Varman ) :
স্থিতবৰ্মনৰশাসনছােৱা আনুমানিক খৃঃ ৫৬৭৫-৫৮৫লৈ ঠাৱৰকৰা হৈছে । উল্লেখযােগ্য যে , দুবাৰকৈ অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰালৈ চাই স্থিতবৰ্মনৰ ৰাজত্বকাল ঘটনাবহুলআছিল বুলি ধাৰণা হয় । উল্লেখযোেগ্য যে , তাম্রশাসনত তেওঁ ৰাজ অভিষেক অনুষ্ঠান আয়ােজন কৰাৰ কথা আছে । কামৰূপীয় ৰজাই বৈদিক । প্রণালীবে এই অনুষ্ঠান আয়ােজন কৰা এয়ে প্রথম লিপিত গুৰুত্বপূৰ্ণ উৎস ।
সুস্থিত বর্মন ( Susthita Varman ) :
স্থিত বৰ্মনৰ পৰৱৰ্তী সময়ত সুস্থিতবর্মন ৰজা হয় । নালন্দা মাটিৰ মােহৰত সুস্থিৰ আৰু বাণভট্টৰ হর্ষ চৰিতত তেওঁৰনাম মৃগাংক বুলি অৱতাৰণা আছে । হর্ষচৰিতত তেওঁক এক প্রভাবশালীৰজা হিচাপে বিশ্লেষণ কৰা হৈছে । বিভিন্ন ৰজাক যুদ্ধত হৰুৱাই কতলীয়া কৰাৰ কথা ইয়াত উল্লেখ আছে । এই গ্রন্থই তেওঁক মহাৰাজাধিৰাজ’উপাধি দিছে ।
সুপ্রতিস্থিত বর্মন ( Supratisthita Varman ) :
সুস্থিতবৰ্মনৰ পৰৱৰ্তী সময়ত তেওঁৰ জ্যেষ্ঠ পুত্র সুপ্রতিষ্ঠিত বর্মন অতি কম বয়সতে ৰজা হয় । কেতবােৰ পণ্ডিতে সুপ্রতিষ্ঠিতবর্মন ৰাজপাটত উঠাৰ আগতেই অর্থাৎ যুৱৰাজ অৱস্থাতেই মৃত্যু হৈছিল বুলি কব খােজে । নালন্দা মাটিৰ মােহৰ আৰু ডুবি তাম্ৰশাসনৰ পৰা আহৰণ কৰা সমলমতে কম দিনৰ বারে হ'লেও তেওঁযে সিংহাসনত বহিছিল বুলি অনুমান কৰিব পাৰি । ডুবি তাম্রশাসনত উল্লেখ আছে “ পিতাকৰ মৃত্যুৰ পিছত জ্যেষ্ঠতা অনুসাৰে শাস্ত্ৰৰ বিধিমতে তেওঁক ৰজাৰূপে অধিষ্ঠিত কৰা হৈছিল । ” সুস্থিতবৰ্মনৰ কণিষ্ঠ পুত্র আছিল ভাস্কৰবর্মন ।
কুমাৰ ভাস্কৰ বৰ্মন ( Kumar Bhaskar Varman ) :
সুস্থিত বৰ্মনৰ দুজন পুত্ৰ আছিল — সুপ্রতিস্থিতবর্মন আৰু ভাস্কৰবৰ্মন।সুপ্রতিস্থিতবৰ্মনৰজা হলেও তেওঁৰ শাসনছােৱা দীর্ঘদিনীয়া নাছিল । সিংহাসনত উঠাৰ কিছুদিন পিছতে তেওঁৰ মৃত্যু হয় । বৰ্মাৰ ডুবি তামৰ ফলিৰপৰা জনা যায় যে সুপ্রতিষ্ঠিত বর্মন ৰজা হােৱাৰ কিছুদিন পিছতেই মহাসেনগুপ্তৰ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হয় । সুপ্রতিষ্ঠিত বর্মন আৰু ভায়েক ভাস্কৰ বৰ্মন দুয়াে কৰতোেৱা নৈ পাৰ হৈ মহাসেনগুপ্ত লগত যুদ্ধ কৰে । যুদ্ধত পৰাজয় বৰণ কৰি তেওঁলোেক সুকলমে নিজ ৰাজ্যলৈ ঘূৰি আহে । এই যুদ্ধৰ পিছতেই সুপ্রতিষ্ঠিত বর্মনৰ মৃত্যু হয় ( ৫৯৪ খৃঃ ) আৰুভায়েক ভাস্কৰ বৰ্মন ৰাজপাট আৰােহণ কৰে।ভাস্কৰ বৰ্মনেই বর্মন বংশৰ শ্ৰেষ্ঠ ৰজা । দৰাচলতে , এওঁ কুমাৰ ভাস্কৰ বৰ্মন নামেৰেহে প্রখ্যাত । এওঁ অতি কম বয়সতে সিংহাসন পদার্পণ কৰে । ভাস্কৰ বৰ্মাৰ শাসনৰ বিষয়ে ভিন ভিন সমল আছে । এই সমলবিলাক ( ১ ) কুমাৰ ভাস্কৰ বৰ্মাই মাটি দান কৰা ‘ নিধানপুৰ আৰু ডুবী তামৰ ফলি ( ২ ) বাণভট্ট হর্ষ চৰিত আৰু হর্ষ চৰিত ( ৩ ) চীনৰ বৌদ্ধ সন্ন্যাসী হিউৱেন চাঙৰ ভ্ৰমণ বৃত্তান্ত আৰু তেওঁৰ জীৱনী । তদুপৰি প্রাচীন নালন্দা বিশ্ববিদ্যালয়ৰ ভগ্নাৱশেষৰ মাজত ভাস্কৰ বৰ্মাৰ এটি মােহৰাে পােৱা গৈছে । অতএব , চতুর্থ ( ৪ র্থ ) শতাব্দীৰপৰা সপ্তম শতিকালৈকে বর্মা ’ বা বর্মন উপাধিৰ ৰজাসকলে কামৰূপত ৰাজত্ব কৰিছিল । ৫৯৪ খৃঃত সিংহাসনত উঠি ভাস্কৰ বৰ্মাই এটা নৱ চনৰ সূত্রপাত কৰে । ইয়াকেই ‘ ভাস্কৰাব্দ ’ বা কামৰূপী চন বুলি কোৱা হয়
সপ্তম শতিকাৰ আগভাগত ভাস্কৰ বৰ্মা পূব ভাৰতৰ একচ্ছত্রপতি হৈ উঠে । এই সময়ত উত্তৰ ভাৰতত থানেশ্বৰৰজা হর্ষবর্ধন শিলাদিত্যই ( ৬০৬-৬৪৭ ) থানেশ্বৰৰপৰা কাজলৈ ৰাজধানতুলিআনি থানেশ্ব আৰু মৌখৰি ৰাজ লগ লগাই এখন বিশাল সাজ্য গঢ়ি তােলে । এই সময়ত বঙ্গদেশৰ ৰ্গোৰ ৰজা শশাঙ্কও এজন প্রভাবশালী ৰজা আছিল । শশাঙ্কৰ বীৰত্বত ভাস্বৰবৰ্মা সশঙ্কিত হৈ উঠিল । শশাঙ্কই কামৰূপ ৰাজ্যৰ শান্তি - শৃংখলা নষ্ট হােৱাৰ অনুমানত আৰু শশাঙ্কৰ দ্বাৰা কামৰূপ ৰাজ্যৰ শান্তি শৃংখলা নষ্ট হােৱাৰ সন্দেহত আৰু শশাঙ্কৰ হাতৰপৰা হৃত ৰাজ্য পুণ্ড্রবর্ধন পুনরুদ্ধাৰৰ অৰ্থে ঠেড়ি ৰাজ্যৰ প্ৰতি বিদ্ধেষভাৱ পােষণ কৰিছিল । হর্ষবর্ধনৰ লগত সম্পর্ক স্থাপন কৰি ভাস্কৰ বৰ্মাই নিজ ৰাজ্য সুপ্রতিষ্ঠিত কৰি ভ্ৰাতৃহন্তা শশাঙ্কক এপালি শিক্ষা দিবৰ কাৰণে সাজু হৈছিল । এনে সন্ধিক্ষণতে হর্ষবর্ধন আৰু ভাস্কৰ বৰ্মাৰ সম্পর্ক স্থাপন । হয় । ভাস্কৰ বৰ্মাই এই সুযােগ এৰি নিদিলে । তেওঁ হর্ষবর্ধনৰ লগত মিত্রতা স্থাপনৰ অৰ্থে হসেবেগ নামে এজন বিচক্ষণ লােকক দূত হিচাপে নানান উপহাৰ আৰু ভেটিৰ সৈতে হর্ষবর্ধনৰ ৰাজ সভালৈ প্ৰেৰণ । কৰি মিত্ৰতা কৰে । উক্ত মিত্রতাই ভাস্কৰৰ লক্ষ্য সাধন কৰাৰ উপৰিও শশাঙ্কৰল গৌৰৱ ধ্বসেকৰিলে ।
গৌড়ৰ লগত যুদ্ধ ( War with Gaura ) :
উত্তৰ ভাৰতৰ হৰ্ষ আৰু পূব ভাৰতৰ ভাস্কৰবৰ্মাৰ মাজত হােৱা মিত্ৰতাৰ বাবে দুয়ােজন মহাৰজাই দুফালৰপৰা গৌড় ৰাজ্য আক্রমণ কৰিলে । অনুমান হয় যে , এই দুই মিলিত শক্তিক ভয় কৰি শশাঙ্কই ৰাজধানী কর্ণসুবর্ণ ত্যাগ কৰি উৰিষ্যালৈ পলায়ন কৰে আৰু ভাস্কৰবৰ্মনে শশাঙ্কৰৰাজ্যপুড্রবর্ধন ( উত্তৰ বংগ ) আৰু কৰ্ণ সুবর্ণ অধিকাৰ কৰে ( ৬১২ খৃঃ ) । কিছুমানে ক'ব খােজে যে , শশাঙ্কৰ মৃত্যুৰ পিছতেই ভাস্কৰ বৰ্মাই এইবােৰ ৰাজ্য অধিকাৰ কৰিছিল ।
ৰাজ্যৰ সীমা ( Boundary of the State ) :
কুমাৰ ভাস্কৰ বৰ্মনে শশাঙ্কৰ হাতৰপৰা হৃত ৰাজ্য পুণ্ড্রবর্ধন উদ্ধাৰ আৰু গৌড়কর্ণসুবর্ণ অধিকাৰ কৰাত তেওঁৰ ৰাজ্য পূবে শদিয়াৰপৰা পশ্চিমফালে বিহাৰৰ পূর্ণিয়া জিলাৰ কুশী নৈলৈকে এই বৃহৎ ভূমিখণ্ডত বিশাল হৈছিল । সাম্প্রতিক সময়ৰ মৈমনচিং জিলাৰ এছােৱা আৰু শ্রীহট্টও ইয়াৰ ভিতৰত আছিল । উক্ত কথা হিউৱেন চাঙৰ বিৱৰণীত বিদ্যমান আৰু সেই সময়ত কামৰূপ ৰাজ্যৰ সীমাই চীন আৰু ব্ৰহ্ম দেশৰ সীমা পাইছিল বুলি জানিব পাৰি ।
উত্তৰ ভাৰতৰ ৰাজনৈতিক দৃশ্যপট ( Political Scenario of North India ) :
ভাস্কৰ বৰ্মনৰ কাৰ্যপন্থাৰ গভীৰতা কেৱল মাথােন নিজৰ ৰাজ্যৰ মাজতে আবদ্ধ হৈ থকা নাছিল , তেখেতেসপ্তম শতিকাৰ প্ৰথমার্ধৰ উত্তৰ ভাৰতৰৰাজনীতিৰ দৃশ্যপটতাে একতাৎপর্যপূর্ণবৰঙণি যােগাবলৈ সক্ষম হৈছিল।উত্তৰ ভাৰতৰৰাজনীতিত বিৰজিতক এককঠিন পৰিস্থিতিত ভাস্কৰবৰ্মনৰশাসনকালৰ প্রাৰম্ভণি হৈছিল আৰু তেওঁ নিজ ৰাজনৈতিক গুৰুত্বত বুদ্ধিমত্তাৰে নিজকে উক্ত ৰাজনৈতিক পৰিস্থিতিৰ লগত জড়িত কৰি প্ৰাগজ্যোতিষ - কামৰূপ ৰাজ্যৰ গৌৰৱক ইয়াৰ উচ্চ বিন্দুলৈ নিব পাৰিছিল ।
হর্ষবর্ধন আৰু ভাস্কৰবৰ্মনৰ সম্পর্ক ( Relation between Harshavardhana and Bhaskar Varman ) :
থাৈেনশ্বৰ আৰু কনৌজৰ শাসনৰ ক্ষমতাক কেন্দ্র হিচাপে লৈয়েই হর্ষবর্ধনে গৌড়ক এপালি শিক্ষা দিবলৈ মনস্থ কৰিছিল । এই খবৰ পাই কুমাৰ ভাস্কৰ বৰ্মনে হংসরেগনামৰ এক কটকীক হৰ্ষৰ লগত সম্পর্ক স্থাপনৰ লক্ষ্যেৰে পঠাইছিল । হর্ষবর্ধনেশশাংকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰি নিজৰাজধানীৰ পৰা আগবাঢ়ি গল।ৰাজধানী এৰি হর্ষ অগ্ৰসৰ হােৱাৰ পিছতে ভাস্কৰবৰ্মনৰকটকীহংসবেগেকামৰূপৰ ৰজাঘৰৰ অমূল্য সম্পদ বৰুণ ছত্র সহ বহু মূল্যবান বস্ত্র , অলংকাৰ , খাদ্যসামগ্রী আদি লৈ হর্ষক লগ কৰিলে ।
হিউৱেন চাঙৰ কামৰূপ আগমন ( Hie - un - tsang's Kamrup Expedition ) :
৬৩০ খৃত বিখ্যাত চীনা বৌদ্ধ সন্ন্যাসী হিউৱেন চাং ভাৰতলৈ আহি ভাৰতৰ নানা ঠাই ফুৰি - চাকি শেষত নালন্দালৈ প্ৰৱেশ কৰিছিল আৰু তাতে আচার্য শীলভদ্রৰ ওপৰত বৌদ্ধ ধর্ম শাস্ত্র চর্চা কৰিছিল । ভাস্কৰ বৰ্মাই এইজন ধার্মিক আৰু পণ্ডিত সন্ন্যাসীৰ কথা শুনি তেওঁক কামৰূপলৈ নিমন্ত্রণ কৰি অনাইছিল । ৬৪৩ খৃঃত হিউৱেন চাং কামৰূপলৈ আহি প্রাগজ্যোতিষপুৰত ভাস্কৰ বৰ্মাৰ সভাত প্রায় এমাহ কাল কটায় । ভাস্কৰ বৰ্মনে এই চীনা সন্ন্যাসীজনক সম্মান প্রদর্শন কৰিছিল আৰু তেওঁৰ লগত জ্ঞান অধ্যয়ন কৰিছিল । তেওঁৰ লিখিত বিৱৰণৰপৰা ভাস্কৰ বৰ্মাৰ সময়ৰ অসমৰ আর্থ - সামাজিক , ৰাজনৈতিক পৰিস্থিতি সম্পর্কে জানিব পাৰি । পৰৱৰ্তী সময়ত হর্ষবর্ধনৰ আক্ৰমণত বাধ্য হৈ ভাস্কৰ বৰ্মাই ৰাজ মহলত সসন্মানে । হিউৱেন চাঙক হর্ষবর্ধনৰ হাতত সমর্পন কৰে ।
হিউৱেন চাঙৰ টোকাৰ বিৱৰণী ( Explanation of Hie - un - tsang's account ) :
হিউৱেনচাঙে তেওঁৰ বিশ্লেষণত অৱতাৰণা কৰিছে যে কামৰূপৰাজ্যৰ পৰিসীমা ১০,০০০ লিতকৈও বেছি ( ১৭০০ মাইলতকৈ বেছি ) আৰু ৰাজধানী প্রাগজ্যোতিষপুৰৰ পৰিসীমা ৩০ লি ( ৬ মাইল ) আছিল । ভাস্কৰ বৰ্মনৰ ৰাজ্যৰ পূবদিশত শাৰী শাৰী পাহাৰ আছিল আৰু এই ঠাইবােৰত কোনাে গুৰুত্বপূৰ্ণ নগৰ নাছিল । এই পাহাৰসমূহ দক্ষিণ - পশ্চিম চীনৰ বৰ্বৰ লােকসকল বাস কৰাঠাইৰ সীমা পর্যন্ত বিশাল আছিল । কামৰূপ ৰাজ্যৰ দক্ষিণ - পূর্বফালে দলে দলে হাতী ঘূৰি ফুৰা বুলিও হিউৱেনচাঙে মন্তব্য কৰিছে । হিউৱেনচাঙে মানুহৰ মুখৰ পৰাহে উত্তৰােক্ত কথাবােৰ শুনা বুলি অৱতাৰণা কৰিছে । হিউৱেন চাঙে মন্তব্য কৰা শাৰী শাৰী পাহাৰবােৰে যেনে , সম্প্রতি অৰুণাচল প্রদেশ , নাগালেণ্ড , মণিপুৰ আদিৰ পাহাৰীয়া ঠাইসমূহকে সূচাইছিল এই বিষয়ে কোনাে ধৰণৰ সন্দেহনাই।দক্ষিণ - পূর্ব ফালৰ হাতীৰ বিচৰণ ভূমিকআমি ব্ৰহ্মদেশ বুলি ভাবিব পাৰে । হিউৱেনচাঙৰ বিশ্লেষণৰ পৰা ভূটান অঞ্চলে ভাস্কৰ বৰ্মনৰ ৰাজ্যৰ ভিতৰুৱা আছিল বুলি ভাবিব পাৰি ।
কনৌজৰ ধর্ম সভা ( Religious Conference of Kanauj ) :
হর্ষবর্ধনে চীনদেশীয় পর্যটক হিউৱেন চাঙৰ সন্মানার্থে কনৌজত এখন ধর্ম সভা পাতিছিল । সেই সভালৈ ভাস্কৰ বৰ্মাও নিমন্ত্রিত হৈছিল । উক্ত সভাত কুমাৰ ভাস্কৰ বৰ্মাই উপযুক্ত আদৰেৰে ৰজাসকলৰ আগশাৰীত স্থান পাইছিল । হর্ষবর্ধনে ভাস্কৰ বৰ্মাক বন্ধুভাৱে সন্মান দেখুৱাইছিল । ধর্মসভাত আৰু ধৰ্মৰ সমদলত ভাস্কৰক আগস্থান দিয়া হৈছিল । প্রয়াগৰ পঞ্চবার্ষিক উৎসৱতাে ভাস্কৰ বৰ্মাক যথেষ্টআদৰ - সন্মান কৰা হৈছিল ।
চীনৰ লগত সম্বন্ধ ( Relations with China ) :
হিউৱেন চাঙৰ বিশ্লেষণত পােৱা যায় যে ভাৰতৰপৰা চীনলৈ যােৱাৰ পথ ভাস্কৰবৰ্মাৰ তত্ত্বাৱধানত আছিল ৷ ' NewHistory of the Tang Dynasty ' ত থকা মতে , হিউৱেনচাঙৰবাণীত হর্ষবর্ধনৰ গুণ গৰিমাৰ কথা শুনি ৱাং - হিউৱেন - চীনামৰ এজন ৰাজকটকীক কেতবােৰ অশ্বৰােহীসহ ভাৰতবৰ্ষলৈ প্ৰেৰণ । কৰে । উক্ত কটকীদলে ভাৰতৰ মাটিত পদার্পণ কৰাৰ আগে আগে হর্ষবর্ধনৰ মৃত্যু হয় । এখেতেই বর্মন বংশৰ শেষ ৰজা । পৰৱৰ্তী সময়ত কনৌজত বিশৃংখল পৰিৱেশৰ সূত্রপাত হয় । এনেহেন পৰিৱেশৰ সুবিধা লৈ হর্ষবর্ধনৰ মন্ত্ৰীঅর্জুনেবলপূর্বকভাৱেৰাজক্ষমতা দখল কৰে।নতুন ৰজা অর্জুনে চীনা কটকী দলটোক অসন্মান কৰি , তেওঁলােকৰ অশ্বাৰােহীসকলক ধ্বংস কৰিলে ।
ৰাজ্য ( Kingdom ) :
কামৰূপ ৰাজ্যৰ সীমা সেই সময়ত প্রায় ১৭০০ মাইল আৰু ৰাজধানী প্রাগজ্যোতিষ বিশাল ৩০ লি বা ছয় মাইল । ইয়াৰ মাটি চাপৰ আৰু সাৰুৱা ৷ শস্য নিয়মিতভাৱে উৎপাদন হয় । নদী আৰু পুখুৰীৰ । পৰা পানী আনি চহৰত দিয়া হয় । দেশৰ জলবায়ু স্বাস্থ্যকৰ বা গৰমােনহয় আৰুশীতাে নহয় । ৰাজধানীৰপৰা সীমান্তলৈ যাওতে প্রায় দুমাহ লাগে । পথবােৰ বৰ দুর্বল । কামৰূপৰ দক্ষিণ - পূর্বছােৱাত হাতী যথেষ্ট পােৱা যায়।ৰাজ্যৰ পূৰ্বসীমাত পর্বতশ্রেণী আছে । কোনাে সাগৰ নাই । মিথিলাৰ পূব ভাগ তেতিয়া কামৰূপৰ অন্তৰ্গত আছিল আৰু দুয়াে ৰাজ্যৰ মাজত গভীৰ সম্বন্ধ গঢ়ি উঠিছিল । মিথিলাৰপৰা বহুত ব্রাহ্মণ - কায়স্থ আহি কামৰূপত বসতি কৰিবলৈ ধৰে ।।
ৰজা ( King ) :
ৰজা প্রত্যুৎপন্নমতী , বিদ্যোৎসাহী আৰু প্ৰজাসকলে শিক্ষাৰ প্রতি অনুৰাগী আছিল । দূৰৱর্তী দেশৰপৰা পণ্ডিতসকলে শিক্ষা আৰু কামৰ কামৰ কাৰণে ইয়ালৈ আহে । ৰজা নিজে বৌদ্ধধর্মী নহয় , বিদ্বান বৌদ্ধ ভিক্ষুসকলক তেওঁ বৰ আদৰ কৰে । ভাস্কৰ আছিল এজন ব্রাহ্মণ । তেওঁৰ আন এটা নাম কুমাৰ ।
অধিবাসী ( Inhabitants ) :
কামৰূপৰ মানুহবিলাক সৰল আৰু উদাৰ স্বভাৱৰ আছিল । দৰাচলতে , মানুহবিলাক আকৃতিত চুটি চাপৰ গাৰ বৰণ পীতবৰণীয়া আছিল । এই দেশৰ আৰু মধ্য দেশৰ ভাষাৰ মাজত প্রভেদ খুব কম । ইয়াৰ অধিবাসীবিলাকে দেৱ - দেৱীৰ পূজা - অর্চনা কৰে , বৌদ্ধ ধর্মৰ প্রতি তেওঁলােক আস্থাশীল নহয় । যি দুই চাৰিজন বৌদ্ধ আছে তেওঁলােকে গােপনে বুদ্ধৰ পূজা উপাসনা কৰে । বিভিন্ন দেৱ মন্দিৰ আৰু বহু সম্প্রদায়ৰ লােক আছে । কামৰূপৰ মানুহে কঁঠাল গছ আৰুনাৰিকল গছ যথেষ্ট বােৱে আৰু ফলাে প্রচুৰ পৰিমাণে হয় ।
শিল্প কলা ( Art ) :
শিল্পকলাৰ দৃষ্টিকোণত ভাস্কৰ বৰ্মনৰসময়ছােৱাত অসম দেশৰ শিল্প কৰা আদিও উৎপাদন হৈছিল ৷ কুমাৰ ভাস্কৰবৰ্মাই হর্ষবর্ধনলৈ প্ৰেৰণ কৰা উপহাৰ আদিয়ে ইয়াৰস্পষ্টউদাহৰণ।উপহাৰবিলাকৰ ভিতৰত আছিল কাৰুকাৰ্যপূর্ণ ‘ আভােঘ ’ , সাঁচিপতীয়া পুথি , ৰং বােলােৱা বেতৰ কাঠ , পাট আৰু মুগাৰ কাপােৰ , নানা ধৰণৰ বাচন - বৰ্তন , মিঠৈৰ কলহ , তুলিৰে আঁকা ছবি ইত্যাদি ।
নৌবাহিনী ( Navel ) :
কুমাৰ ভাস্কৰ বৰ্মনৰ এটা বিশাল নৌ - বাহিনী আছিল আৰু কৰ্ণ সুবর্ণ জয় কৰিবলৈ যাওতে তেওঁ উক্ত নৌ - বাহিনী লৈ গৈছিল । নো নির্মাণ শিল্পত আৰু নৌ যুদ্ধত অসমীয়াসকল পাকৈত আছিল । তেওঁলােকে লােৰ অস্ত্র - শস্ত্র নির্মাণ কৰি ল'ব জানছি । হিউবেন চাঙৰ বিৱৰণ কামৰূপৰ ইতিহাসৰ এটি গুরুত্বপূর্ণ আৰু তাৎপর্যপূর্ণ উপাদান । তেওঁৰ বিশিষ্ট বিশ্লেষণৰ মুল্য অধিক কাৰণ ইয়ে ভাৰ বৰ্মনৰ সময়ৰ ইতিহাস সুন্দৰ ৰূপত প্ৰকাশ কৰিব পাৰিছে । এওঁ প্রণয়ন কৰা মতে ভাব ব্রাহ্মণ নাছিল , তেওঁ ক্ষত্রিয় আৰু শৈৱ আছিল ।
চৰিত্ৰ আৰু কৃতিত্ব ( Character and Achievements ) :
ভাস্কৰ বৰ্মন পূব ভাৰতৰ এজন প্রভাবশালী নৃপতি আছিল । তেওঁৰ বীৰত্বত উত্তৰ - ভাৰতৰ শেষ হিন্দু সম্রাট হর্ষবর্ধনে মুগ্ধ হৈ তেওঁৰ লগত মিত্ৰতাে সুব্রত বা খাইছিল । ভাস্কৰ এজন ৰাজনীতিজ্ঞ ৰজা আছিল আৰু নিজৰ বুদ্ধিমত্তাৰ ফলশ্ৰুতিত হর্ষবর্ধনব লগত তেওঁলােকৰ পৰম শত্রু শশাঙ্কৰ বিৰুদ্ধে যুদ্ধ কৰি নিজৰ স্বাধীনতা ৰক্ষা কৰিছিল । হর্ষবর্ধনৰপৰা ভাস্কবে ৰজাৰ আদৰ লাভ কৰিছিল আৰুকনৌজ আৰু প্রয়ােগব মেলাত বৰ সমাদৰ লাভ কৰিছিল ।। ভাস্কৰ বৰ্মনৰ তামৰ ফলিৰপৰা তেওঁ শৈৱ বুলি জানিব পাবি । হর্ষচৰিতততা তেওঁক শৈৱ বুলি কোৱা হৈছে । ভাস্কৰ বৰ্মা বৰ ধার্মিক ৰজা আছিল ৷ তেওঁ ধর্ম বিষয়ত বৰ সৰল আছিল আৰু হিউৱেনচাঙৰ লগত বৌদ্ধ ধর্মৰ আলােচনা কৰিছিল আৰু জ্ঞান অধ্যয়ন কৰিছিল । কুমাৰ ভাস্কৰ বৰ্মন বিদ্বান আৰু বিদ্যোৎসাহী ৰজা আছিল । তেওঁ বিদ্বান লােকক বৰ আদৰ - সন্মান । কৰিছিল । তেওঁ সেই সময়ৰ নালন্দা বিশ্ববিদালয়লৈ গৈছিল আৰু তাত দান আৰু মােহৰ আদি দি নিজৰ । দূৰদৰ্শীতাৰ কথা ব্যক্ত কৰিব পাৰিছিল । ভাস্কৰবৰ্মাৰ এটা বিশাল নৌবাহিনীআছিল । অশ্বাৰােহী , পদাতিক আৰুহাতীও তেওঁৰ সৈন্যবাহিনীত । আছিল।তামৰ ফলি মহা নৌহত্যপতিত এই কথা পােৱা যায় । তেওঁ কামৰূপক উন্নতিৰ উচ্চ শিখৰলৈ নিছিল । তেওঁৰ চৰিত্ৰত সকলাে উদাৰ গুণ প্রকাশ হৈছিল ।
কুমাৰ ভাস্কৰ বৰ্মনৰ মূল্যায়ন ( Evaluation of Kumar Bhaskar Varman ) :
( ১ ) ভাস্কৰ বৰ্মন নিঃসন্দেহে পুৰণি অসমৰ এগৰাকী বিখ্যাত আৰু প্ৰভাৱশালী ৰজা আছিল ৷ তেওঁৰ ৰাজত্বতেই পুৰণি কামৰূপ ৰাজ্যই সর্বভাৰতীয় ৰাজনৈতিক পর্যায়ত প্রতিষ্ঠা লাভ কৰাৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক দৃশ্যপটতাে এক নতুন পােহৰ আনিব পাৰিলে ।
( ২ ) নিধানপুৰ তাম্রফলি মতে , কলিযুগৰ পুঞ্জীভূত অন্ধকাৰ দূৰীকৰণ কৰি পৃথিৱীত আর্যধর্ম স্থাপন কৰিবৰ হেতুকেই কুমাৰ ভাস্কৰবৰ্মাৰ আবিৰ্ভাৱ হৈছিল । কুমাৰ ভাস্কৰ বৰ্মনৰ গােটেই জীৱনজোৰা প্রয়াস আৰু ভূমিকাই নিশ্চয়কৈ তেওঁৰ দূৰদৰ্শীতাৰ কথাকেই সূচায় ।
( ৩ ) হিউৱেনচাঙৰ বিশ্লেষণৰ পৰা জ্ঞাত যে কুমাৰ ভাস্কৰ বৰ্মনৰ সময়ছােৱাত কামৰূপ সর্বভাৰতীয় পর্যায়ত এক গুৰুত্বপূৰ্ণ শ্রেষ্ঠ শিক্ষা কেন্দ্র হিচাবে সন্মান পাইছিল । ডুবি তাফলি মতে , কুমাৰ ভাস্কৰ বর্মনে শাস্ত্রসমূহৰ তাৎপর্য আৰু অধ্যয়নৰ কাৰণে স্বকীয় বুদ্ধিৰ বিকাশ কৰাৰ লগতে সুমধুৰ আৰু কাব্যিক বাগ্মীতাৰ জ্ঞান পাইছিল ।
( ৪ ) হিউৱেনচাঙে কামৰূপৰ জনসাধাৰণৰ শিক্ষাৰ প্রতি গুৰুত্ব থকাৰ কথা উল্লেখ কৰাৰ লগতে দুৰৱৰ্তীৰ শিক্ষাৰ অনুৰাগীসকল এই ৰাজ্যলৈ চৰ্চাৰ বাবে অহা বুলি অৱতাৰণা কৰিছে ।
( ৫ ) কুমাৰ ভাস্কৰ বৰ্মন এজন ধর্ম প্রিয় নৃপতি আছিল আৰু তেওঁ বিভিন্ন ধর্ম পন্থা আৰু বিশ্বাসৰ প্রতি সৰল ভাৱ প্ৰদৰ্শন কৰিছিল ।
( ৬ ) কুমাৰ ভাস্কৰবৰ্মনে সিংহাসনত পদার্পন কৰিয়েই এক নতুন চনৰ সূত্রপাত কৰে । ইয়াকেই ‘ ভাস্কৰাব্দ বা কামৰূপী চন ' বুলি কোৱা হয় ।
( ৭ ) ডুবি আৰু নিধানপুৰ তাফলিৰ পৰা কুমাৰ ভাস্কৰবৰ্মনে এক আর্যকৃত শাসকৰূপে আর্য ধৰ্মৰ প্ৰসাৰ আৰু বিস্তৃতিৰ লক্ষ্যেৰে বহুব্রাহ্মণক মাটি বৃত্তি দান কৰি নিজ ৰাজ্যতে প্রতিষ্ঠা কৰিছিল বুলি অনুমান । কৰিব পাৰি ।।
( ৮ ) কুমাৰ ভাস্কৰবৰ্মন এজন ৰাজোচিত গুণাৱলী , কর্তব্যনিষ্ঠা আৰু জনসাধাৰণৰ কল্যাণৰ আদৰ্শৰ মহিমাৰে আৰু পিতৃসুলভ নিষ্ঠাৰে দেশ ৰাজত্ব কৰি ৰাজ্যবাসীক ঐক্য - শান্তিৰ সুযােগ দিয়াৰ লগতে শিক্ষা - দীক্ষা আৰু সংস্কৃতিৰ দিশতাে এক বিশেষ প্রভাৱ বিস্তাৰ কৰিব পাৰিছিল — সেয়া নিঃসন্দেহ ।
প্রাচীন অসমৰ বৰ্মনসকল— এটি বিশ্লেষণ ( The Varmans of Ancient Assam- An Explanation ) :
খৃঃ চতুর্থ শতিকাৰ মাজভাগত বর্মনসকলৰদ্বাৰা প্ৰাগজ্যোতিষ কামৰূপৰাজ্যই কিংবদন্তীয় যুগৰ প্ৰাচীৰ ভাঙি ঐতিহাসিক যুগৰ পাতনি ঘটাই প্রায় শতিকাজুৰি এক ৰাজনৈনিতিক আৰু সাংস্কৃতিক একতাৰ জন্ম । দিছিল । দৰাচলতে প্রাগজ্যোতিষ কামৰূপৰ এই ঐক্য , ভিন্ন ৰাজবংশ আৰু ৰজাৰ অধীনত পৰৱর্তী প্রায় পাঁচটামান শতিকালৈকে বর্তি থাকি এই অঞ্চলৰ ৰাজনৈতিক আৰু সাংস্কৃতিক দিশলৈ যে এক বহুল অৱদান । আৰু পৰিৱৰ্তন আনিছিল সি নক'লেও হ'ব ।
( ১ ) বর্মনসকলৰ দিনৰ পৰাই ভূখণ্ডৰ ইতিহাসে ধুসৰ আৰু অনিশ্চিত অৱস্থাৰ পৰা বহুখিনি মুক্তি পালে ।
( ২ ) সাহিত্যিক সমল , বিদেশী ভ্রমণকাৰীৰ লেখা আৰু নিৰ্ভৰযােগ্য লিপিসমূহে যােগান ধৰা তথ্যৰ দ্বাৰা এই কালছােৱাৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ইতিহাস ঐতিহাসিক সমলেৰে পৰিপুষ্ট ।
( ৩ ) পুৰণি অসমৰ প্রকৃতৰাজনৈতিক ইতিহাস বর্মনসকলৰ দিনৰ পৰাই শুভাৰম্ভ হৈছেবুলি সম্ভেদ পােরা যায় ।
( ৪ ) বর্মনবংশীয় ৰজাসকলে নিজকেনৰক - ভগদত্তৰ ভৌমবংশীয় অর্থাৎ কিংবদন্তীয় ৰজানৰকৰবংশধৰ বুলি পৰিচয় দিয়ে ।
( ৫ ) প্রাগজ্যোতিষ - কামৰূপৰ পৰৱৰ্তীসকলাে ৰজাই বা ৰাজবংশই এইদৰে নিজকে নৰকৰ বংশধৰ বুলি পৰিচয় দিয়ে ।
( ৬ ) প্রাক - মধ্যযুগীয় ৰজাসকলে নিজকে উচ্চবংশজাত হিচাপে প্রতিষ্ঠা আৰু নিজৰ ৰাজনৈতিক মর্যাদা বিধিসম্মত কৰিবলৈ মহাকাব্যদ্বয়ৰ নায়কসকল বা চন্দ্র - সূর্য আদি বংশ সদ্ভুত বুলি দেখুৱা বা প্রতিষ্ঠা কৰাৰ পৰম্পৰা এটা আৰম্ভ কৰিছিল ।
( ৭ ) সমসাময়িক অসমৰ ৰজাসকলেও এই পৰম্পৰাৰ আলমলৈ নিজকে বিষ্ণুপুত্র নৰকৰ বংশধৰ বুলি দাবী কৰিছিল ।
( ৮ ) প্রাগজ্যোতিষ - কামৰূপৰ ৰজাই এনে দাবী কৰাৰ প্রাচীনতম তথ্য খুঃ সপ্তম শতিকাৰ ভাস্কৰ্মনৰ ডুবি আৰু নিধানপুৰ তাম্রশাসন আৰুবাণভট্ট হর্ষচৰিততহে উল্লেখ পােৱা যায় । খৃঃ সপ্তম শতিকাৰ পূর্ব কোনােটো সমলতে প্রাগজ্যোতিষৰ ৰজাই নিজৰ আঁতি গুৰি সম্পর্কে এনে দাবী কৰাৰ উমান পােৱা নাযায় ।
( ৯ ) খৃঃ চতুর্থ শতিকালৈকে একদীঘলীয়া কাল একেটা ৰাজবংশইৰাজত্বকৰা কথাটো বহুলাংশে সম্ভৱপৰ নহয় ।
( ১০ ) বর্মনসকলে নিজকে নৰক বংশীয় বােলা কথাষাৰ সম্পূর্ণ কৃত্রিম যেন অনুমান হয় ।
( ১১ ) হিউৱেন চাঙে ভাস্কৰবৰ্মনক ব্রাহ্মণ আছিল বুলি উল্লেখ কৰালৈ চাই নগেন্দ্রনাথ বসুৱে বৰ্মনসকল স্লেছ ব্রাহ্মণ আছিল বুলি মত পােষণ কৰিছে ।
( ১২ ) হিউৱেন চাঙে হর্ষবর্ধন আৰু ভাৰতৰ অন্যান্য প্রান্তৰ ৰজাসকলৰ জাতি পৰিচয়ত নাই , দীঘলীয়া সময় কামৰূপত কটোৱাৰ পিছত হিউরেন চাঙে ভাস্কৰৰ জাতিবর্ণ পৰিচয়ৰ ক্ষেত্ৰত কোনােমতেই ভুল কৰিব নােৱাৰে ।
( ১৩ ) নক লাল বৰুৱাই বর্মনসকলক ক্ষত্রিয় বুলি অভিহিত কৰিছিল ।
( ১৪ ) প্রতাপ চন্দ্র চৌধুৰীয়ে পৰােক্ষভাৱে পুষ্যবর্মনক আলপাইন গােষ্ঠীয় বুলি কৈ নৰকৰ লগত যােগসূত্র স্থাপন কৰিছে । আৰ . চি.মজুমদাৰৰ মতেনৰকাসুৰৰ বংশধৰ হিচাপে পুষ্য বর্মন অনার্য আছিল , পিছলৈ । তেওঁ গােড়া ব্রাহ্মণ্য ধর্মত দিক্ষিত হৈছিল ।
( ১৫ ) সূনীতি কুমাৰ চেটাৰ্জীৰ মতে বর্মনসকলন - ক্ষত্রিয় বা অনা হিন্দু - মঙ্গোলীয় পৰিয়ালৰ হিন্দুকৃত শ্লেছ । আছিল ।
( ১৬ ) জনগােষ্ঠীয় অধ্যয়নৰ দ্বাৰা পর্যবেক্ষণ কৰিলে সুনীতি কুমাৰ চেটাৰ্জীৰ মতটো বেছি গ্রহণযােগ্য বুলি । কব পাৰি ।
( ১৭ ) খৃঃ ছতুর্থ শতিকাৰ মধ্যভাগত বর্মনবংশৰ প্রতিষ্ঠা পূৰ্য্যবর্মন এই কিতৰে এজন বা অনা হিন্দু ইন্দো মঙ্গোলীয় পৰিয়ালৰ হিন্দুকৃত শ্লেছ আছিল আৰু পৰৱৰ্তীকালৰ তাম্রশাসনসমূহত তেওঁৰ উত্তৰাধিকাৰীসকলে নিজকেউচ্চবংশজাত হিচাপে দেখুৱাবলৈ বিষ্ণুৰ পুত্ৰনৰকবংশীয় বুলি চিনাকি দিছিল ।■
উৎস: অসমৰ ইতিহাস চৰ্চা। (নিৰঞ্জন চন্দ্ৰ পাঠক/গুপ্তজিৎ পাঠক)
আগবঢ়ালে: ৰাজিনুৰ ইছলাম।