ড: দিলীপ কুমাৰ চৌধুৰী
(সংগ্ৰহ: গৰীয়সী)
২০২০ চনৰ আদিভাগৰে পৰা ক’ৰ’না অতিমাৰীৰ বাবে বিশ্বৰ ভিন্ ভিন্ দেশত সামাজিক জীৱন ব্যাহত হৈ পৰিছে। লকডাউন (Lockdown)ৰ বাবে বিশ্বত মোটমুটিভাৱে নৃ-স্তব্ধ (Anthro Pause) অৱস্থাৰ সৃষ্টি হ’ল।
১৭ শতিকাতো প্ৰায় একে ধৰণে প্লেগ মহামাৰীয়ে বিশ্বত বিভীষিকাৰ সৃষ্টি কৰিছিল। সেই সময়ত আকাশীযানৰ প্ৰচলন নাছিল। নৌ পৰিভ্ৰমণহে (Sea travel) প্ৰচলিত আছিল। যাত্ৰী কঢ়িওৱা জাহাজবোৰ বন্দৰলৈ আহি কুৰি দিন ৰ’বলগীয়া হৈছিল; সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্য। ইয়াৰ পাছতহে যাত্ৰীসকলক জাহাজৰ পৰা ওলাই আহিবলৈ দিয়া হৈছিল। এনে প্ৰথা বৰ্তমানে আমাৰ মাজত কোৱাৰানটিন্ (Quarantine) নামে প্ৰচলিত। যোৱা কেইমাহত বিজ্ঞান সমাজত প্ৰশ্ন উঠিছে : বৰ্তমানৰ সামাজিক স্হবিৰতাৰ মাজতো বিজ্ঞান গৱেষণা সম্ভৱ নে? কেইবাখনো আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান আলোচনী আৰু সংবাদপত্ৰয়ো ১৭ শতিকাৰ বিজ্ঞানীসকলৰ কথা সোঁৱৰাই দিছে। প্লেগ মহামাৰীৰ সময়তো তেনে সামাজিক স্হবিৰতাৰ মাজতো বিজ্ঞানীসকলে গৱেষণা আৰু অধ্যয়নত ব্যস্ত নাছিল জানো? তেওঁলোকৰ অভিজ্ঞতাই আমাক বিজ্ঞানত আগ বাঢ়ি যাবলৈ অনুপ্ৰেৰণা নিদিবনে? ১৭ শতিকাৰ তেনে দুগৰাকী বিজ্ঞানী আছিল গেলিলিও গেলিলি আৰু আইজাক নিউটন। পঢ়ুৱৈসকল, আহকচোন, প্লেগ মহামাৰীৰ সময়ত তেওঁলোক দুয়োৰে অভিজ্ঞতাৰ আভাস লওঁ:
প্লেগ মহামাৰীৰ সময়ত গেলিলিওৰ বিজ্ঞানৰ সাধনা
গেলিলিও গেলিলি(১৫৬৪-১৬৪২) ইটালীত জন্মগ্ৰহণ কৰা বিশ্ববিশ্ৰুত বিজ্ঞানী। গেলিলিওৰ মৃত্যুৰ বছৰতেই আন এগৰাকী বিশ্ববিশ্ৰুত বিজ্ঞানী আইজাক নিউটন (১৬৪২-১৭২৭)ৰ জন্ম হয়।
ইটালীত প্ৰথমবাৰ প্লেগৰ আক্ৰমণ হৈছিল দুবছৰ কাল (১৫৭৫-১৫৭৭) চন। সেই মহামাৰীত ভেনিচ (Venice) চহৰতে ৫০,০০০ লোক মৃতিমুখত পৰে। সেই সময়ত গেলিলিও আছিল দহ-বাৰ বছৰীয়া শিশু। কিন্তু দ্বিতীয়বাৰৰ প্লেগ মহামাৰীৰ (১৬৩০-১৬৩৩) সময়ত গেলিলিওৰ বয়স আছিল প্ৰায় সত্তৰ। সেই সময়ত তেওঁ বিজ্ঞান গৱেষণাত ব্যস্ততাৰ শিখৰত আছিল। প্লেগ মহামাৰীৰ বাবে তেওঁ সঁচাকৈয়ে আহুকালত পৰিছিল। বৰ্তমানৰ দৰে তেতিয়াও সামাজিক দূৰত্ব (Social Distancing) আৰু আনৰ পৰা আঁতৰি থাকিবলগীয়া (Self Quarantine) অৱস্থাৰ সৃষ্টি হৈছিল। তেনে অৱস্থাতো গেলিলিও বিজ্ঞান সাধনত মগ্ন আছিল। তেওঁক বাৰু কোনে খাদ্য বা ঔষদপাতিৰ ব্যৱস্থা কৰিছিল?
ইটালীৰ পিছা (PISA) বিশ্ববিদ্যালয়ত তেওঁ চিকিৎসা বিজ্ঞানত অধ্যয়নৰ বাবেহে যোগদান কৰিছিল। সেই বিষয়তে অধ্যয়নৰত হৈ থকাহেঁতেন গেলিলিওৱে হয়তো বিশ্ববিশ্ৰুত চিকিৎসাবিজ্ঞানীয়ে হ’লহেতেঁন। কিন্তু তেওঁ সেই বিষয় ত্যাগ কৰি পদাৰ্থ আৰু জ্যোতিৰ্বিজ্ঞানতহে মন দিলে । ১৫৯২ চনত তেওঁ পাদুৱা (PADUA) বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে । তাতেই তেওঁ দূৰবীন যন্ত্ৰৰ সহায়ত চন্দ্ৰ, বৃহস্পতি আৰু আন আন তাৰকাৰ বিষয়ে নতুন ৰহস্য উদঘাটন কৰে । একে সময়তে তেওঁৰ বন্ধু এগৰাকীয়ে গেলিলিওক প্লেগ মহামাৰীৰ ওপৰত লিখা এখন মূল্যৱান গ্ৰন্থ উপহাৰ দিয়ে । গেলিলিওৰ বহুতো লেখনিত সেয়েহে প্লেগ মহামাৰীৰ বিষয়ে উল্লেখ আছে ।
প্লেগ মহামাৰীৰ সময়তেই গেলিলিওৰ মহান গ্ৰন্থ ‘The Dialogue of the Two Systems’ প্ৰকাশ হৈছিল । সেই সময়ত তেওঁ আছিল সত্তৰ বছৰীয়া । পিছে মহামাৰীয়ে গেলিলিওৰ বাবে সুবিধা আৰু বাধা দুয়োটাৰে সৃষ্ট কৰিছিল । হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞান ইতিহাসৰ অধ্যাপিকা মাৰ্কাচে (Hannah Marcus) অলপতে সেই বিষয়ে “Scientific American” নামৰ আলোচনী এখনত বিশদভাৱে আলোচনা কৰিছে ।
১৬৩২ চনৰ বসন্ত কালত গেলিলিওয়ে ৰোমলৈ গৈ গ্ৰন্থখনৰ প্ৰকাশৰ দিহা কৰিবলৈ যো-জা কৰিছিল, কাৰণ তাৰ বাবে পোপৰ (Pope) অনুমতিৰ আৱশ্যক । কিন্তু সেই সময়তে ফ্লোৰেঞ্চ (Florence) চহৰত প্লেগ মহামাৰীৰ আৱিৰ্ভাৱ হয় । গতিকে ততাতৈয়াকৈ কিতাপখন তাতেই ছপা হৈ ওলাল । মহামাৰীৰ বাবে কিতাপখনৰ অতিৰিক্ত মুদ্ৰণ ( copy) ৰোম পাবলৈ ছমাহ লাগিল । সেই ছমাহৰ ভিতৰতে কিতাপখনে বিজ্ঞ সমাজত অভুতপূৰ্ব সঁহাৰি লাভ কৰিলে । কিতাপখনত গেলিলিওৱে তেওঁৰ আৱিষ্কাৰসমূহ শুদ্ধভাৱে প্ৰকাশ কৰিবলৈ সুবিধা পালে । আৱিষ্কাৰক হিচাপে গেলিলিওক বিজ্ঞ সমাজে স্বীকৃতি প্ৰদান কৰিলে । কিতাপখন পোপৰ হাতত পৰাৰ লগে লগে পিছে গেলিলিও বিপদৰ সন্মুখীন হ’ল । পোপ আৰু তেওঁৰ লগৰ ধৰ্মযাজকসকলে অসন্তুষ্টি প্ৰকাশ কৰিলে । তেওঁলোকে গেলিলিওক প্লেগৰ সুবিধা লোৱা বুলি দোষাৰোপ কৰিলে । সেই বছৰৰ (১৬৩২) ছেপ্টেম্বৰ মাহত গেলিলিওক ৰোমলৈ আহি পোপৰ আগত হাজিৰ হ'বলৈ আদেশ দিলে। গেলিলিওয়ে আবেদন কৰিলে প্লেগ মহামাৰীৰ বাবে তেওঁৰ বিচাৰ যেন ফ্ল'ৰেঞ্চতেই (Florence) হয়। পিছে তেওঁৰ প্ৰাৰ্থনা মঞ্জুৰ নহ'ল - তেওঁৰ বিচাৰ ৰূমতহে হ'ব।
১৬৩৩ চনৰ ২০ জানুৱাৰীৰ দিনা গেলিলিওয়ে যাত্ৰা আৰম্ভ কৰিলে। মহামাৰীৰ সেই সময়ত প্ৰচলিত নিয়ম মতে চলাচলৰ (Quarantine) নিষিদ্ধ কাল বৰ বেছি দীঘলীয়া আছিল। সেয়েহে ছমাহৰ পাছতহে তেওঁৰ বিচাৰ হ'ল। পোপৰ সন্মুখত তেওঁ দোষ স্বীকাৰ কৰিলে। তেওঁক যাৱজ্জীৱন কাৰাবাসৰ শাস্তি বিহা হ'ল। কিন্তু বয়সৰ ফালে চাই তেওঁক নিজৰ বাসগৃহতে আজীৱন কাৰাবন্দীত্বৰ আদেশ দিলে। গেলিলিও ফ্ল'ৰেঞ্চ (Florence) লৈ উভতি গ'ল আৰু তাতে গৃহবন্দী জীৱন আৰম্ভ কৰিলে।
গেলিলিওৰ জীৱনত তিনিটা বিপদে লগ দিলেহি। প্লেগ মহামাৰী, চৰকাৰী নিয়মৰ দীঘলীয়া কোৱাৰানটিন (Quarantine) আৰু খোৱা-বোৱাৰ ব্যৱস্থা। তদুপৰি তেওঁৰ মাত্ৰ এখন পুথি ( গেলিলিওৰ শেষ পুথি) " The Discourses and Mathematical Demonstrations Relating to Two New Sciences" তেতিয়াও লিখা শেষ হোৱা নাছিল। সেই সময়ত গেলিলিওক সুশ্ৰুষা আগ বঢ়াইছিল তেওঁৰ জীয়ৰী মেৰিয়াই। ভাৰ্জিনিয়া গেলিলি (১৬০০-১৬৩৪) হ'ল গেলিলিওৰ মৰমৰ জীয়ৰী। তেৰ বছৰ বয়সত তেওঁ গিৰ্জাৰ সান্ন্যাসিনী (Nun) হয় আৰু Sister Maria Celeste নাম লয়।
গেলিলিওই এটা নিৰ্জন কোঠাত অকলশৰীয়াকৈ জীৱন নিৰ্বাহ কৰিছিল। প্লেগ মহামাৰীৰ নিয়ম অনুসৰি (Protocol) তাত আন মানুহৰ প্ৰৱেশ নিষিদ্ধ। মেৰিয়াই গেলিলিওৰ বাবে নিয়মিত হিচাপে খোৱাবস্তু, ঔশধ আৰু এখন উপদেশমূলক চিঠি কোঠাৰ বাহিৰতে থৈ দিছিল। ঔষধ খোৱাৰ উপদেশমূলক চিঠি এখনৰ লিখিনিত মেৰিয়াৰ উপদেশ আছিল এনেধৰন- "Take it every morning before eating, in a dose about the size of a Walnut, followed immediately by drinking a little Greek or other good wine, and they say it provides a marvellous defence against Plague."
গেলিলিওৰ জীয়ৰী মেৰিয়া আৰু পৰিয়াল তথা বন্ধুবৰ্গৰ সহযোগত প্লেগ মহামাৰীৰ সময়তো গেলিলিওয়ে কেনেকৈ সু-জীয়াই থাকি বিজ্ঞানত গভীৰভাৱে মনোনিবেশ কৰিব পাৰিছিল, বিজ্ঞান ইতিহাসত ই এক লেখত ল'বলগীয়া দৃষ্টান্ত। বৰ্তমানৰ ক'ৰ'না অতিমাৰীৰ সময়ত লকডাউন, সামাজিক দূৰত্ব আদি নতুন সামাজিক প্ৰথাৰ ( New Normals) প্ৰচলনৰ অসুবিধা সত্বেও বিজ্ঞানীসকলক গৱেষণাৰত হৈ থাকিবলৈ গেলিলিওৰ উদাহৰনে নিশ্চয় অনুপ্ৰাণিত কৰিব।বিজ্ঞান ইতিহাসবিদ হান্না মাৰ্কছৰ (Hanna Marcas) ভাষাত - "Galileo's life teaches us that pursuing science has never been straight forward during an epidemic and that is none the less essential to persevere"
প্লেগ মহামাৰী আৰু আইজাক নিউটন (১৬৪২-১৭২৭)
১৬৫৫ চনৰ গ্ৰীষ্ম কালৰ কথা। নিউটন তেতিয়া কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ। সেই বছৰৰে ২০ জুলাইৰ দিনাখন কেম্ব্ৰিজ চহৰত ৫ বছৰীয়া শিশু এজনৰ মৃত্যু হয়। চিকিৎসকসকলে মৃতদেহটো পৰীক্ষা কৰি নিশ্চিত হ'ল যে শিশুটোৰ মৃত্যুৰ কাৰণ হ'ল প্লেগ ( Babonic Plague)। কেম্ব্ৰিজ চহৰৰ বিষয়াসকল নিশ্চিত হ'ল যে লণ্ডনৰ পৰা মহামাৰী আহি কেম্ব্ৰিজ পালেহি। তেওঁলোকে ততালিকে "Lockdown" ঘোষণা কৰিলে আৰু বিশ্ববিদ্যালয়খন বন্ধ কৰি দিলে। আন বহুতো ছাত্ৰ-ছাত্ৰীৰ দৰে নিউটনো গৃহমুখী হ'ল। দিনটো আছিল ১৬৬৫ চনৰ ৭ আগষ্ট। গাঁওখন আছিল কেম্ব্ৰিজৰ পৰা ৬০ মাইল ( ৯৬ কিলোমিটাৰ) দূৰৰ উলচটোৰপ ( Woolsturope) নামৰ কৃষিপাম। তাতে মানুহৰ সংগৰ পৰা (Social Isolation) আঁতৰি নিউটনে সম্পূৰ্ণভাৱে গণিত আৰু পদাৰ্থবিজ্ঞানৰ অধ্যয়নত বিভোৰ হৈ মুঠ আঠ মাহ কটাই ১৬৬৬ চনৰ ২০ মাৰ্চৰ দিনা কেম্ব্ৰিজলৈ উভতি আহে।
১৬৬৫ চনত নিউটন আছিল ২৪ বছৰীয়া যুৱক। মানসিক চিন্তাধাৰাৰে নতুন মৌলিক আৱিষ্কাৰৰ বাবে সেইয়া আছিল উত্তম কাল। সেই কালছোৱাতে গণিত, বিজ্ঞান, বলবিজ্ঞানচ, পোহৰ-বিজ্ঞান আৰু মহাকৰ্ষণ তত্ত্বৰ নতুন ধাৰণাবোৰ নিউটনৰ মনত আবিৰ্ভাৱ হয় আৰু টুকাবহীত (Note Book) লিপিবদ্ধ কৰি থয়। বিজ্ঞানী নিউটনৰ বিষয়ে অৱগত প্ৰায়বোৰ পঢ়ুৱৈয়ে নিশ্চয় আপেল সৰি পৰা কাহিনীটো শুনিছে। কথিত আছে যে নিউটন এদিন বাগিছা এখনত বহি আছিল। হঠাতে তেওঁৰ মূৰৰ ওপৰত আপেল এটা সৰি পৰিল। এই ঘটনাৰ আলমতে তেওঁৰ হেনো মাধ্যাকৰ্ষণৰ ধাৰণাটো উদয় হয়। যদি সঁচাকৈয়ে তেনে ঘটনা এটা ঘটিছিল সেই মুহূৰ্তটোৱো উল্লেখ কৰা আঠ মাহৰ অকলশৰীয়া কালৰ ভিতৰত ঘটাৰ সম্ভাৱনা বেছি। এনি মিৰাবিলিছ (Annie Mirabilis) শব্দ দুটা লেটিন ভাষাৰ। ইয়াৰ অসমীয়া ৰূপান্তৰ- আশ্চৰ্যনক বছৰকেইটা। প্ৰতিগৰাকী বিজ্ঞানী আৰু লেখকৰ জীৱনৰ কেইটামান বছৰ বিশেষভাৱে উল্লেখযোগ্য। সেই কালছোৱাত মহৎ সৃষ্টিবোৰ প্ৰকাশ হৈ ওলায়। নিউটনৰ ক্ষেত্ৰত তেনেধৰণৰ তবধ লগোৱা বছৰটো আছিল ১৬৬৫ চনটো। নিউটনৰ নিজৰ ভাষাত " I was in the prime age for invention and minded mathematics and philosophy more than at any other time".
সেয়া আছিল সোতৰ শতিকাৰ কথা। আজি একৈশ শতিকাৰ ২০২০ চনৰ আদিভাগৰে পৰা বিশ্বৰ বিভিন্ন দেশৰ বিজ্ঞানীসকল একেধৰণৰ লকডাউনৰ সন্মুখীন হ'ল। নিজকে আঁতৰাই ৰখা( Self Quarantine), সামাজিক দূৰত্ব বজাই ৰখা(Social Distancing), মুখা পিন্ধা( Face Mask) আদি নতুন নিয়মৰ( New Normals) বান্ধোনত সোমাই গ'লোঁ। এনে অৱস্থাটো দেশ-বিদেশৰ বিজ্ঞানী সকলে গেলিলিও বা নিউটনৰ দৰে মৌলিক সৃষ্টি কৰিব পাৰিছেনে? কাৰণ, তাহানিৰ সাধাৰণ জ্ঞানৰ মতে তেনে অকলশৰীয়া অৱস্থাতহে প্ৰতিভাৰ বিকাশ হয়।"Great ideas don't require the tedious work of sustained attention and hard thinking; in turn come only in the right circumstances, like enforced isolation during an epidemic". ইয়াৰ প্ৰকৃত উত্তৰৰ বাবে হয়তো ২০২২ চনলৈ বাট চাব লাগিব। তেতিয়ালৈকে বৰ্তমানৰ অতিমাৰীৰ ভয়াবহ ৰূপ শিকিৎসাবিজ্ঞানৰ অৱিষ্কাৰে বিনাশ কৰিব বুলি বিশ্ববাসীয়ে আশাৰে বাট চাই আছে।