এণ্টনি হাতীবৰুৱা
তৃতীয় ষাণ্মাসিক
The most incomprehensible thing about the universe is that it is comprehensible.
-Albert Einstein
সাময়িক পৰিপ্ৰেক্ষিতত পৃথিৱীত মানুহৰ অস্তিত্ব অভিন্ন, কিন্তু খন্তেকীয়া। মানৱ জীৱনৰ এই কিছু ক্ষণতে অনুসন্ধিৎসু মনৰ মানুহে পৃথিৱী তথা বিশ্বব্ৰহ্মাণ্ডৰ অন্বেষণ কৰিব বিচাৰে, সন্ধিয়াৰ আকাশত তিৰবিৰাই থকা তৰাবোৰ ৰহস্য জানিব বিচাৰে আৰু সভ্যতা তথা প্ৰযুক্তিৰ উন্নতিৰ লগে লগে এনেবোৰ ক্ষেত্ৰত মানুহে বহুতো সফলতা প্ৰাপ্তি কৰিছে। মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা আকাশৰ জোন, বেলি, তৰা-নক্ষত্ৰবোৰে মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰি আহিছে আৰু এইবোৰৰ ৰহস্য উদ্ঘাটনৰৰ বাবে বিভিন্নজনে, বিভিন্ন সময়ত আলোচনা, পৰীক্ষা-নিৰীক্ষা, অধ্যয়ণ চলাই আহিছে। আকাশৰ ৰহস্যৰ পম খেদি ফুৰা মানুহৰ মনত বহুতো প্ৰশ্নই বাৰে বাৰে আমনি কৰি আহিছে আৰু এইবোৰৰ ভিতৰত সৌৰজগতত তথা ব্ৰহ্মাণ্ডত অন্য প্ৰাণীৰ অস্তিত্ব সৰ্বজনবিধিত আৰু মানৱ সভ্যতাৰ ক্ৰমবিকাশিত প্ৰযুক্তিৰ বাবে ই এক প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে। দৰ্শন শাস্ত্ৰৰ প্ৰশ্নৰ লগত সাদৃশ্যতা থকা এই প্ৰশ্নবোৰে বৈজ্ঞানিক মহলক বিশেষভাৱে প্ৰভাম্বিত কৰি আহিছে আৰু এইবোৰৰ অনুসন্ধান প্রক্রিয়াতে ব্রহ্মাণ্ডৰ ন-ন তথ্য উদ্ঘাটন হৈছে। এই ক্ষেত্ৰত বৈজ্ঞানিক সকলেই বৰ্তমানৰ মানৱ সভ্যতাৰ জ্ঞান সন্ধানৰ যাত্ৰাৰ পথ প্ৰদৰ্শক দায়িত্ব পালন কৰি আহিছে।
হাতীপটি তাৰকাৰাজ্যত সূৰ্যৰ দৰে নক্ষত্ৰ তথা সৌৰজগতৰ দৰে সু-সংগঠিত বহুতো গ্ৰহমণ্ডল আছে, হয়তো এইবোৰৰ পৰিসীমা আমাৰ সাধাৰণ গণনাৰ পৰিসীমাতকৈও বহুগুণেই বেছি। বৰ্তমানলৈ প্রায় ৪০০০ বৰ্হিঃ গ্ৰহৰ চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। সৌৰজগতৰ লগত বহুখিনি সাদৃশ্যতা থাকিলেও বৰ্হিঃবিশ্বৰ নক্ষত্ৰমণ্ডল, গ্ৰহমণ্ডলবোৰে কিছুমাম আচহুৱা চৰিত্ৰ দেখুৱাই আৰু এইবোৰৰ ভিতৰত প্ৰথম আবিষ্কৃত বৰ্হিঃবিশ্ব ৫১ পেগাছী বি (51 Pegasi b) ৰ নাম লেখত লব লগীয়া।
১৯৯৫ চনৰ ৬অক্টোবৰত, মিচেল মেয়ৰ আৰু ডিডিয়াৰ কিউল'জে প্ৰথমবাৰৰ বাবে তেওঁলোকে আবিষ্কাৰ কৰা বৰ্হিঃবিশ্ব বা বৰ্হিঃগ্ৰহৰ কথা ৰাজহুৱাকৈ প্ৰকাশ কৰে। এই গ্ৰহটোৱে ৫১ পেগাছি (51 Pegasi) নক্ষত্ৰক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰে আৰু বৈজ্ঞানিক দুজনে ইয়াৰ নামে ৰাখিলে ৫১ পেগাছি বি (51 Pegasi b)। এই গ্ৰহটো পৃথিৱীৰ পৰা ৫০ আলোকবৰ্ষ দূৰত্বত অৱস্থিত। সৌৰজগতৰ বৃহস্পতি গ্ৰহৰ লগত সাদৃশ্যতা থকা এই গ্ৰহটো পৃথিৱীতকৈ ১৩০০ গুণ বেছি আয়তনৰ আৰু ৩০০ গুণ বেছি ওজনৰ। ইমান বিশালকায় গেছ-পূৰ্ণ গ্ৰহটো ইয়াৰ প্রদক্ষিত নক্ষত্ৰ ৫১ পেগাছিৰ পৰা মাত্ৰ ৮ মিলিয়ন দূৰত্বত অৱস্থিত। অতি কম দূৰত্বত অৱস্থিত হোৱাৰ বাবে ৫১ পেগাছি বিক ইয়াৰ নক্ষত্ৰৰ চাৰিওফালে প্রদক্ষিণ কৰিতে কেৱল চাৰিদিন সময়ৰ প্ৰয়োজন হয় আৰু গ্ৰহটোৰ উষ্ণতাও প্ৰায় ১০০০° চেলচিয়াছ বুলি বৈজ্ঞানিক সকলে ঠাৱৰ কৰিছে। বৃহস্পতই গ্ৰহৰ লগত সাদৃশ্যতা থাকিলেও প্রদক্ষিত নক্ষত্ৰৰ পৰা লোৱা অৱস্থানে পৰম্পৰাগতভাৱে চলি অহা গ্ৰহজাগতিক প্ৰণালীৰ প্ৰবক্তাসকলক চিন্তাৰ খোৰাক দিছিল, কিয়নো পৰম্পৰাগত প্ৰণালী অনুসৰি বিশালকায় গেছ-পূৰ্ণ গ্ৰহবোৰ প্রদক্ষিত নক্ষত্ৰৰ পৰা দূৰত অৱস্থিত হব লাগে।
প্ৰথম বৰ্হিঃবিশ্বৰ আৱিষ্কাৰৰ পিছতেই আমেৰিকান জ্যোৰ্তিৰবিজ্ঞানী পল বাটলাৰ আৰু জিঅ'ফি মাৰ্চিয়ে তেওঁলোকৰ টেলিস্ক'প ৫১ পেগাছিৰ দিশে আৰু এক বিশদ নিৰীক্ষণৰ পাছত মেয়ৰ আৰু কিউল'জে আবিষ্কাৰ কৰা ৫১ পেগাছি বিক নিশ্চিতি প্ৰদান কৰে | কিছুদিনৰ নিৰীক্ষন তথা অধ্যয়নৰ পাছত তেওঁলোকেও গুটা নতুন বৰ্হিঃগ্ৰহৰ সন্ধান লাভ কৰে | তদুপৰি তেওলোকে পৰম্পৰাগত গ্ৰহজাগতিক প্ৰণালীত কিছু নৱ সংযোজন কৰি বিশ্লেষন কৰে যে কেনেদৰে এটা বিশালকায় গেছ- পূৰ্ণ গ্ৰহে প্ৰথমে প্ৰদক্ষিত নক্ষত্ৰৰ পৰা দূৰত্ব সৃষ্টি হৈ পৰৱৰ্তী সময়ত নক্ষত্ৰ দিশে আগবাঢ়ি আহি থাকে |
পৃথিৱীৰ পৰা বহু আলোকবৰৰ্ষ দূৰত্বত অৱস্থিত এই গ্ৰহবোৰৰ সঠিক অনুশৰন কৰা মুঠেই সহজ নহয় এনেবোৰ অসুবিধাৰ সমাধীন হিচাপে বিকিৰিত পোহৰ অধ্যয়ন (Transit Photometry) আৰু বৈসিক গতিবেগ প্ৰণালী (radial velocity method) ৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হয় | বিকিৰিত পোহৰ অধ্যয়ন প্ৰণালীত বৰ্হিঃগ্ৰহবোৰে প্ৰদক্ষিণ কৰি থকা নক্ষত্ৰবোৰৰ পৰা বিকিৰিত পোহৰ আৰু বৈসিক গতিবেগ প্ৰণালীত নক্ষত্ৰবোৰৰ স্থানিক পৰিৱৰ্তনৰ ওপৰত অধ্যয়ন কৰা হয় |
যি সময়ত , বৰ্হিঃবিশ্বৰ সন্ধান প্ৰধানশৈলীৰ জ্যোৰ্তিৰবিজ্ঞনৰ অন্তৰ্গত নাছিল , সেই সময়তে মেয়ৰ আৰু কিউল'জে কৰা বৰ্হিঃবিশ্ব (Exoplanet) ই বৈজ্ঞানিক মহলত এক খলকনিৰ সৃষ্টি কৰিলে আৰু জ্যোৰ্তিৰবিজ্ঞানৰ ক্ষেত্ৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিলে |