Olop Bigyan Olop Godyo
সৰি পৰা ইলেকট্ৰন
এনেকৈয়ে এদিন হঠাৎ ইলেকট্ৰন এটা সৰি পৰে আকাশৰ পৰা
কিয় কোনেও নাজানে
ইলেকট্ৰন আমাৰ প্ৰথম প্ৰেম
চৈধ্য বিলিয়ন বছৰ পুৰণি এই ভালপোৱা
আজি বহুদিনৰ পৰা CERN ৰ পদূলি শুঙি ফুৰিছোঁ
ইলেকট্ৰনৰ গোন্ধেৰে আমোলমোল পদূলি
শাৰী শাৰী ষ্ট্ৰীট লাইটৰ পোহৰত
ফ'টনবোৰে নাচি উঠে, জোনাকে গান গায়
জোন গলি বৈ যায়
ঠিকনাবিহীন জোনাকী পৰুৱাই কিয় জানো
কৃষ্ণ গহ্বৰত ঠিকনা বিচাৰি হেৰায়
এন্ধাৰত জোনাক লুকায়
এন্ধাৰে এদিন সুধিলে: 'বেটাৰ হাফ' ক'ত থাকে ইলেকট্ৰনৰ ?
পোহৰে জানে-- সেই প্ৰেমকাহিনী
পোহৰে চিনে-- প্ৰেমিক প'জিট্ৰনটি
হেঁপাহৰ পোহৰ জ্বলি যেতিয়া ছাই হয়
জোনবাইৰ বুকুত শুই সিহঁতে
আকাশৰ তৰা গণে
ক'ৰ পৰা জানো! এছাটি পোহৰ ভাঁহি আহি.... আস্ !
সৰি পৰে ইলেকট্ৰন
নীৰৱে, অকলশৰে...
Published in Bijnan Jeuti (ISSN: 2319-3085), Vol. 56, Issue 1, June-July 2021.
তৰাৰ দেশৰ সাধু
মই যেতিয়া চকু মুদি তোমাৰ কথা ভাবোঁ
আৰু চকু মেলি যেতিয়া তোমাৰ দুচকুলৈ চাওঁ
মই দুখন তৰাৰ দেশ দেখা পাওঁ
এখনত তুমি মই উমলি থাকোঁ, আনখনত
তোমাৰ মোৰ দৰে আন কোনোবাই
সৰু থাকোঁতে ৰাতি ৰাতি আকাশ চাই
এই যে ঢাৰিত বহি ককা-আইতাৰ সাধু শুনিছিলোঁ
মাজতে আঙুলিৰ মূৰত তৰা গণি ফলিত লিখিছিলোঁ
গণনাত আমাৰ সদায় আউল লাগিছিল
আজিকালি মই জেমচ ৱেব টেলিস্কোপত বহি
তৰাৰ দেশত ঘূৰি ফুৰোঁ
এন্ধাৰৰ কুঁৱলী ফালি তৰাবোৰৰ হিচাপ কৰোঁ
আৰু এটা কম্পিউটাৰত সাঁচি ৰাখোঁ
হিচাপত আউল লগাবলৈ মোৰ সৈতে এতিয়া তুমিও নাই
মোৰ ফলিখনো তোমাৰ ওচৰতে থাকি গ'ল বোধহয়
এইবাৰ ব'হাগত তোমাক কি উপহাৰ দিম জানা?
―এহাল নতুন তৰা
মোৰ টেলিস্কোপটোৰ জেপত সাঁচি থৈছো সযতনে
আকাশত জোনবাই দেখিলেই যে প্ৰণাম কৰিছিল ককা-আইতাই
তেওঁলোকৰ নামতে তৰা দুটিৰ নাম থ'ম
জোনবাইৰ বুকুত এটা পৰীক্ষাগাৰ সাজিম
ভালপোৱাৰ ৰসায়নাগাৰ
দুটা বিকাৰত লুকাই থ'ম দুখন তৰাৰ দেশ
এটা বিকাৰত তুমি গলি যাবা, আনটোত মই
ভিন্ন অনুপাতত তোমাৰ সৈতে মোক মিহলালে
চোৱা...., তোমাৰ-মোৰ মিশ্ৰণটোৱে ৰং সলায়
নীলাৰ পৰা ৰঙা, ৰঙাৰ পৰা গুলপীয়া
গুলপীয়া গৈ আকৌ ৰংহীন হয়
এয়া কি ৰসায়ন !
এয়াই কি জীৱন !
Published in Bijnan Jeuti (ISSN: 2319-3085), Vol. 56, Issue 7, June-July 2022.
গছ নোহোৱা দেশৰ কাহিনী
শুনিব নেকি গছ নোহোৱা দেশৰ কাহিনী
উৱলি যোৱা শ এটাই মোক সুধিলে
গছ নোহোৱা দেশত ফুলেনে ফুল
জীৱনৰ, ময়ো সুধিলো
ফুলে..... সূৰ্যমুখী.....নীলা ৰঙৰ...
অক্সিজেনশূন্য কেনভাছত
গধূলি গধূলি
শ্বাসৰুদ্ধ উশাহবোৰে
সেউজীয়া কঢ়িয়াই ফুৰা হাতবোৰে
কাৰাগাৰৰ ৱালত সানি থয় অম্লজান
গোপনে গোপনে
গছৰ সমাধিত গঁজি উঠা ফ্লাই অ'ভাৰত
কাউৰীবোৰ বহিব খোজে
চিত্ৰলেখা আজি যাবগৈ
"চিত্ৰলেখা, চিত্ৰলেখা, চিত্ৰ এখন আঁকা না..."
কাৰ চিত্ৰ আঁকে চিত্ৰলেখাই ?
—সখীৰ বাবে সপোনৰ ৰাজকোঁৱৰৰ ছবি
আৰু নিজৰ বাবে বা তেওঁ আঁকে কি
মনৰ ভিতৰৰ শোৱনি কোঠাত আছে নে কোনোবা সপোনৰ কোঁৱৰ.....
সখীয়ে অনিৰুদ্ধৰ ছবিত সপি দিলে মন-প্ৰাণ-ধন
চিত্ৰলেখাই কৰে কি !
মনৰ ভিতৰৰ সেউজীয়া চিত্ৰপটত তেৱোঁ বাৰু অনিৰুদ্ধক বুলাই থৈছে নেকি ?
নে নিজৰ বাবে সংগোপনে ৰাখে তেওঁ মেডাম ক্যুৰী, আইজাক নিউটনৰ ছবি অথবা
প্ৰতিফলন আৰু আপাতন কোণৰ জোখ
প্ৰিজমৰ ঘৰ সাজি পোহৰ ছটিয়াই ফুৰা আজিৰ চিত্ৰলেখা
পুৰুষতন্ত্ৰৰ অগ্নিগড়ৰ পৰা মুক্ত হৈ উৰি ফুৰে
নিৰন্তৰে
মেডাম কুৰীৰ চহৰৰ পৰা জোনবাইৰ বুকুলৈ
তৰাৰ দেশৰ পৰা কলেজৰ শ্ৰেণীকোঠালৈ
পোহৰপিপাসী পদূলিবোৰত, আৰু কলেজৰ পোহৰ নপৰা গলিবোৰত
চিত্ৰলেখাৰ বাৰ বাৰ আহ-যাহ
শ্ৰেণীকোঠাই বাট চাই ৰয়
ব্লে'কবৰ্ডখন,
মেজত থকা চকমাটি আৰু দাষ্টাৰটো ৰৈ থাকে
তেওঁৰ ৰামধেনু হাতৰ পৰশ পাবলে'
আৰু পোহৰ বিচাৰি ফুৰা প্ৰাণচঞ্চল দেক্স-বেঞ্চবোৰে
চাই থাকে মন্ত্ৰমুগ্ধ দৃষ্টিৰে
কাণ পাতি ৰৈ থাকে পোহৰৰ সাধু শুনিবলে'
অৱধাৰিতভাৱেই শ্ৰেণীকোঠাটোৱে আজি দুৱাৰ বন্ধ কৰিছে,
কোঠাত থকা চকীৰ ভৰিবোৰে মজিয়াৰ মাটি খামুচিছে আৰু হাতবোৰে জোৰকৈ তেওঁক সাবটি ধৰিছে
যেন তেওঁক কোনো কাৰণতে যাবলৈ দিয়া নহয় এই কোঠা এৰি—
শ্ৰেণীকোঠা, চকী-মেজ, চক-ব্লে'কবৰ্ড আৰু দেক্স-বেঞ্চৰ পৰা দূৰ হৈ....
মানুহবোৰে আন্ধাৰৰ আঁৰে আঁৰে কোৱা-কুই কৰে— তেওঁ হেনো অকলে থাকে
চিত্ৰকাননৰ ৰং-বিৰঙী পখিলাবোৰে তাকে শুনি হাঁহে
আৰু ভুন-ভুন কৰি ভোমোৰাই সেই কওঁতাবোৰক কয়
—পোহৰ অকলে নাথাকে, পোহৰৰ লগত থাকে
এন্ধাৰৰ অনুপস্থিতি আৰু অমানিশা আঁতৰোৱাৰ প্ৰতিশ্ৰুতি
দুচকু প্ৰতিশ্ৰুতি আৰু এজোলোঙা জোনাক লৈ চিত্ৰলেখা আজি ওলাইছে
জীৱনৰ নতুন এটি শ্ৰেণীকোঠালৈ, আলোকসন্ধানী সময়ৰ বুকুত
পোহৰৰ ছবি আঁকিবলৈ
কলেজৰ বাৰাণ্ডাই বাৰাণ্ডাই ঘূৰি ফুৰা চিনাকি বতাহজাকেও জানো নুবুজাকৈ আছে—তেওঁ যে আজি যাবগৈ.....
বিষাদৰ বতাহ বৰ গধূৰ
তেওঁৰ খোজত সচৰাচৰ নাচি-বাগি উৰি ফুৰা ধূলিবোৰ আজি নাই— বিদায়ী খোজৰ সৈতে কোন স'তে নো উৰে সিহঁত....!
ফুলবোৰো ফুলিছে ঠিকেই, কিন্তু পাহিত হাঁহি নাই—
পোহৰৰ বাইদেউ যে যাবগৈ....
বিদায় বেলাত
হাতত কৃতজ্ঞতাৰ ফুল লৈ
শাৰী শাৰী কৈ আছে ৰৈ
এহেজাৰ উজ্জ্বল চকু, বিষাদভৰা চেমনীয়া বুকু
আৰু ৰামধেনুসনা মৌন চিত্ৰপট— আজিৰ চিত্ৰলেখা আজি এইফালেদি যাবগৈ.....
আকাশৰ ভাঁজত
আকাশৰ ভাঁজবোৰত ওলমি ৰয়
শুকুলা মেঘ
আকাশীযানত উৰি ফুৰা
যাযাবৰী হাতবোৰে চুই চায়
মেঘৰ আঁৰত কি তহঁতৰ ঘৰ?
মেঘ চুব খোজা এহাল চৰাই
মেঘ হ'ব খোজা দুখন হৃদয়
বৰষুণ হৈ আলফুলে নামি আহে
কঁচুপাতৰ ছাতিৰে তই নিজক ঢাকি ৰাখ কিয়?
বৰষুণ তোৰ ভাল নালাগে ?
নে মেঘলৈ তোৰ ইমান ভয় ?
তোৰ অভিমানী চাৱনিৰ তীক্ষ্ণতাই
থানবান কৰিব মোৰ আকাশৰ বিশালতা
আৰু মেঘৰ শুভ্ৰতা
মেঘবোৰ চোন নাই
আকাশৰ ভাঁজত মাথোঁ তই....
মানুহৰ হৈ মানুহৰ কথা
চকুৰে মণিব নোৱাৰা কণিকা কেইটামানেৰেই গঢ়িছে মোক, তোমাক,
আৰু আমাৰ মাজৰ এই প্ৰাচীৰখনক
প্ৰাচীৰখন খহাই দিম কোনোবাদিনা
প্ৰতিবছৰে আমাৰ গাঁৱৰ মানুহবোৰৰ বুকু খহি
লুইতত পমি যায়
লুইতৰ বুকুতে ৰজাঘৰীয়াই ভাত ৰান্ধি খায়
কিয় জানো মানুহৰ হৈ মানুহে কথা কোৱা
বহুদিন শুনা নাই
মই দুটা ভাটৌ পুহিম
এটাই মানুহৰ কথা ক'ব,
আনটোৱে ৰজাৰ
মানুহৰ হৈ কথা কোৱা ভাটৌটোক চাগে' সিহঁতে সজাত বন্দী কৰি থব !
সেউজীয়া
টোপ টোপ কৈ সৰি পৰা সেউজীয়াবোৰ
ধৰি নাৰাখিলো হাতৰ মুঠিত,
মুঠি খুলি জানোচা দেখো এক বৰণহীন শূন্যতা !
হেৰুওৱাৰ ভয় আৰু পোৱাৰ আনন্দ !
এনেকৈয়ে চলে নিতৌ হালধীয়া-নীলা মিলি
সেউজীয়া হোৱাৰ প্ৰস্তুতি...
সেউজীয়াবোৰ মৰুভূমিত ঢালি দিব পৰা হ'লেই ভাল আছিল
মৰীচিকা খেদি উজুটি খোৱা গাভৰুৰ ভৰিৰ নখে তেতিয়া
ৰাঙলী নকৰিলে হয় গৰম বালি
এদিন তই মোক গৰম বালিত আখৈ ভাঁজি খুৱাবি
অলপ বিজ্ঞান, অলপ আড্ডা
(১)
: বিজ্ঞাননো ক’ত আছে?
: কিতাপৰ পাতত, নোটবুকত আৰু মাৰ্কচীট-চাৰ্টিফিকেটত!
: ওহো, নহয় ৷ মাৰ্কচীট-ছাৰ্টিফিকেটত বিজ্ঞানৰ ডিগ্ৰীটোহে থাকে ৷ আৰু কিতাপ-নোটবুকত লিপিবদ্ধ থাকে বিজ্ঞানৰ ইতিহাস ৷ সেই ইতিহাসৰপৰা দৰ্শনখিনি উদ্ধাৰ কৰিব পাৰিলেই বিজ্ঞান আপোনাৰ হৃদয়ত থাকিব, আৰু থাকিব আপোনাৰ বিবেকত ৷ বিজ্ঞান আপোনাৰ চৌপাশে আছে, প্ৰকৃতিৰ প্ৰতিটো নিয়ম-ঘটনা-পৰিঘটনাত আছে ৷ আহক, আমি বিজ্ঞানেৰে বিজ্ঞান আবিষ্কাৰ কৰোঁ ৷
(২)
বিজ্ঞান পঢ়িলেও আমাৰ বহুতৰে মন-মগজুত বিজ্ঞান-চেতনা বিদ্যমান নহয় ৷ সেয়ে গ্ৰহ দোষ খণ্ডনৰ বাবে দহোটা আঙুলিত এঘাৰটা আঙুঠি পিন্ধিলেও আমি টিভিৰ পৰ্দাত অন্ধবিশ্বাসৰ বিৰোধিতা কৰিব পাৰো ৷ নামজ্বলা মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ বিজ্ঞান শিক্ষক-শিক্ষয়িত্ৰী হৈও আমি জীৱনৰ সমস্যা সমাধানৰ বাবে সঘনে জ্যোতিষীৰ ওচৰলৈ যাওঁ ৷ আমাৰ বিজ্ঞান-মনস্কতা শূন্য ৷ তেনেহ’লে ছাত্ৰ-ছাত্ৰীকনো আমি কিদৰে বৈজ্ঞানিক মানসিকতা গঢ়াৰ শিক্ষা দিব পাৰিম? ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে নামমাত্ৰ আনুষ্ঠানিক শিক্ষাৰ সুবিধা পোৱা বীৰুৱালা ৰাভাই মানুহক জগাই তুলিছে ৷ অথচ বিজ্ঞানৰ উচ্চতম ডিগ্ৰী লোৱা আমাৰ বহুতে অন্ধবিশ্বাসৰ নৰ্দমাত আজিও লুতুৰি-পুতুৰি হৈ বাগৰি আছো ৷ ব্যক্তিগত জীৱনত অন্ধবিশ্বাসী হোৱা বহুতে আকৌ বাতৰি কাকতত অন্ধবিশ্বাসৰ বিৰুদ্ধে লিখো, বিজ্ঞান-মনস্কতাৰ সমৰ্থন কৰি ৰাজহুৱা মঞ্চত ভাষণ দিওঁ আৰু টিভিৰ পৰ্দাত ডাইনী হত্যাৰ বিৰোধিতা কৰোঁ ৷ কিন্তু ব্যক্তিগত জীৱনত অন্ধবিশ্বাসী হোৱা শিক্ষিত ব্যক্তি এগৰাকীনো কিদৰে সামাজিক জীৱনত যুক্তিবাদী আৰু বিজ্ঞান-মনস্ক হ’ব পাৰে?
(৩)
জ্যোতিষ (astrology) আৰু হস্তৰেখা বিদ্যা (palmistry)ৰ কোনো বৈজ্ঞানিক ভিত্তি নাই ৷ আকাশৰ গ্ৰহ-নক্ষত্ৰৰ অৱস্থান আৰু আপোনাৰ হাতৰ তলুৱাৰ আঁক বা ৰেখাবোৰ চাই কোনেও আপোনাৰ ভূত-ভৱিষ্যত ব্যাখ্যা তথা নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷ বিজ্ঞানৰ সূত্ৰমতে গ্ৰহ-নক্ষত্ৰবোৰে মহাকাশত গতি কৰি আছে ৷ আপুনি, মই কাকূতি-মিনতি কৰিলেও বিজ্ঞানৰ নিয়মবোৰ ভাঙি কোনো জ্যোতিষীৰ ইচ্ছা-বিধান মতে গ্ৰহ-নক্ষত্ৰবোৰে অৱস্থান সলনি নকৰে ৷ হাজাৰটকীয়া আঙুঠি পিন্ধি আপুনি জ্যোতিষীক চহকী কৰিব পাৰে, গ্ৰহ-নক্ষত্ৰৰ অৱস্থান সলনি কৰিব নোৱাৰে ৷ ১৯৮৪চনত গঠিত আন্তৰ্জাতিক বৈজ্ঞানিক সমিতি এখনৰ পৰ্যবেক্ষণ মতে ব্যক্তি বা ৰাষ্ট্ৰ সম্পৰ্কে জ্যোতিষীয়ে কোৱা কথাবোৰ যিমান মিলে, এজন সাধাৰণ মানুহে অনুমান কৰি কোৱা কথাও সিমানেই মিলে ৷ গতিকে হস্তৰেখা বা জ্যোতিষবিদ্যা আপোনাক মনোৰঞ্জন দিব পৰা এক ধৰণৰ খেলহে ৷ যদি হাতত অফুৰন্ত সময় আছে তেন্তে বাতৰি কাকত, টিভি, ৰেডিঅ’ আদি সকলোতে দিয়া ৰাশিফল পঢ়ি আমোদ লওঁক ৷ মনত ৰাখিব, ৰাশিফল পঢ়ি জীৱনটো যাপন কৰিব খোজা মানুহবোৰ দুৰ্বল মনৰ অধিকাৰী ৷ মনটো ইতিবাচক চিন্তাৰে ভৰাই তোলক, আত্মবিশ্বাস সুদৃঢ় কৰক ৷ অতীতৰ অভিজ্ঞতাৰে বৰ্তমানত কৰা কামেহে আপোনাৰ ভৱিষ্যত নিৰ্মাণ/নিয়ন্ত্ৰণ কৰে, আপোনাৰ হস্তৰেখা নতুবা আকাশৰ গ্ৰহ-নক্ষত্ৰই নহয় ৷ তৎসত্ত্বেও জ্যোতিষী, হস্তৰেখাবিদৰ ওচৰত গৈ নিজৰ ভাগ্য জানিব খোজা সকললৈ উৰ্দু ভাষাৰ প্ৰখ্যাত কবি মিৰ্জা গালীবৰ কবিতা কেইশাৰীমান আগবঢ়াইছো-
“হাথো কী লকীৰো পে মত যা য়ে গালীব
নচীব উনকে ভী হোতে হ্যায় জিন কে হাথ নেহী হোতে ৷”
(Don’t go by the lines on the palm of your hand Ghalib,
Luck is bestowed even on those who don’t have hands.)
(৪)
বিজ্ঞান-মনস্কতা এখন প্ৰগতিশীল সমাজ গঢ়াৰ অপৰিহাৰ্য চৰ্ত ৷ কিন্তু আমাৰ সমাজত ইয়াৰ বৰ অভাৱ ৷ শিক্ষিত নাগৰিকসকলো বিজ্ঞানমনস্ক বুলি একে আষাৰে ক’ব নোৱাৰি ৷ গৰিষ্ঠসংখ্যক লিখা-পঢ়া কৰিব জনা, বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰী লোৱা ব্যক্তিৰ মন-মগজুত বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিব নোৱাৰাটো আমাৰ শিক্ষা-ব্যৱস্থাৰ প্ৰধান বিফলতা ৷ যি দেশত ৰাষ্ট্ৰৰ নীতি-নিৰ্ধাৰণ কৰা নেতা-মন্ত্ৰী-আমোলাসকলৰ বিজ্ঞান সম্পৰ্কে সামান্য ধাৰণাখিনিও নাই, সেই দেশৰ শিক্ষা-ব্যৱস্থা বিজ্ঞান-মনস্কতাসম্পন্ন হ’বনো কেনেকৈ?
সমাজ এখনৰ মানসিকতা যিধৰণৰ, তেওঁলোকৰ নেতাও তেনেকুৱাই হয় ৷ নতুবা, নেতা এগৰাকী যি মানসিকতাৰ অধিকাৰী, তেওঁৰ সমাজখনো তেনেকুৱা হোৱাটো তেওঁ বিচাৰে ৷ ভাৰতবৰ্ষৰ নেতাসমূহৰ গৰিষ্ঠসংখ্যকৰে বিজ্ঞান-মনস্কতা শূন্য ৷ বেছিভাগ নেতাৰ বিজ্ঞানৰ প্ৰতি কোনো ধাউতি নাই ৷ আজিকালিৰ নেতা-মন্ত্ৰীয়ে অবৈজ্ঞানিক কথা-কামৰ প্ৰচাৰ আৰু প্ৰসাৰতহে গুৰুত্ব দিয়ে ৷ বিজ্ঞানত পি এইচ ডি ডিগ্ৰী পোৱা মন্ত্ৰীয়ে কোনো বিজ্ঞানসন্মত যুক্তি-প্ৰমাণ নোহোৱাকৈয়ে ডাৰউইনৰ বিৱৰ্তনবাদ নস্যাৎ কৰি ঘোষণা কৰিব পাৰে- পাঠ্যপুথিৰপৰা ডাৰউইনৰ তত্ত্ব উঠাই দিব লাগে ৷ সমগ্ৰ বিশ্বৰ বিজ্ঞানী মহলত ডাৰউইনৰ যুগান্তকাৰী তত্ত্ব আজিও প্ৰাসংগিক ৷ কিন্তু ‘কেৱল ঈশ্বৰেহে পৃথিৱীত জীৱকূল সৃষ্টি কৰিব পাৰে’ বুলি বিশ্বাস কৰা ধৰ্মান্ধসকলেহে ডাৰউইনৰ চিন্তাক মান্যতা দিয়া নাই ৷ বিজ্ঞান এক বিশ্বাস নহয়, ই তথ্য-প্ৰমাণৰ ভিত্তিত প্ৰতিষ্ঠিত এক সত্যানুসন্ধানী প্ৰক্ৰিয়া ৷ পিছে বিজ্ঞানৰ দৰ্শন বুজিব নোৱাৰা চৰকাৰ-নেতা-মন্ত্ৰীয়ে অবিজ্ঞান বা ভুৱা-বিজ্ঞানক বিজ্ঞান বুলি গাৰ জোৰেৰে প্ৰচাৰ চলাই সৰ্বসাধাৰণক বিভ্ৰান্ত কৰিছে ৷ এনেক্ষেত্ৰত প্ৰকৃত বিজ্ঞানক বচোৱা আৰু সৰ্বসাধাৰণৰ মাজত বিজ্ঞান প্ৰচাৰ কৰাৰ বাবে কোনে আগভাগ ল’ব? শিক্ষিত সমাজে, বিশেষকৈ বিজ্ঞান অধ্যয়ন কৰা নাগৰিকসকলে, নহয়নে? পিছে গৰিষ্ঠসংখ্যক শিক্ষিত নাগৰিক নিজেই দেখোন বিজ্ঞান-বিৰোধী! সি যি নহওক, তথাপিতো বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান বচোৱাৰ দায়িত্ব ল’ব বুলি আমি আশাবাদী ৷ অৱশ্যে বিজ্ঞান বচাবৰ বাবে বিজ্ঞানৰ ছাত্ৰ বা ছাত্ৰী হোৱাটো অপৰিহাৰ্য নহয় ৷ কিন্তু তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানৰ দৰ্শন অনুধাৱন কৰিব পাৰিব লাগিব ৷
(৫)
“Anyone who claims to understand quantum theory is either lying or crazy”- ৰিচাৰ্ড পি. ফ্যাইনমেন
কোৱান্টাম তত্ত্বই কুৰি শতিকাৰ বিজ্ঞান জগতত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল ৷ মেক্স প্লেংক, আৰউইন স্ৰ’ডিনজাৰ, ৱাৰ্নাৰ হাইজেনবাৰ্গ, নীলছ ব’ৰ, মেক্স ব’ৰ্ন আদিৰ দৰে মহান বিজ্ঞানীৰ চিন্তা-চৰ্চাৰ অৱদান হ’ল কোৱান্টাম তত্ত্ব ৷ এই তত্ত্বই প্ৰতিষ্ঠিত পদাৰ্থ বিজ্ঞানৰ ভেটি লৰাই দিছিল ৷ চকুৰে মণিব নোৱাৰা সৰু সৰু কণা বা বস্তুবোৰে নিউটনৰ গতিসূত্ৰ মানি নচলে ৷ কোৱান্টাম বলবিদ্যাৰ সূত্ৰই নিয়ন্ত্ৰণ কৰে ক্ষুদ্ৰাতিক্ষুদ্ৰ বস্তুৰ গতি-বিধি ৷ কোৱান্টাম জগতত অন্তৰ্নিহিত সম্ভাৱিতা (probability) আৰু অনিয়শ্চয়তা (uncertainty)ৰ ধাৰণাই বহুতো প্ৰতিষ্ঠিত পদাৰ্থ বিজ্ঞানীক এই নতুন তত্ত্বটোৰ প্ৰতি সন্দিহান কৰি তুলিছিল ৷ আইনষ্টাইনৰ দৰে মহৎ বিজ্ঞানীয়েও আৰম্ভণিতে কোৱান্টাম তত্ত্ব মানি লোৱা নাছিল ৷ সেয়ে আইনষ্টাইনৰ মুখেৰে নিগৰিত হৈছিল-‘God does not play dice with the universe’৷ পিছে সেই আইনষ্টাইনেই কোৱান্টাম বলবিদ্যাৰ সহায়ত আলোক-বৈদ্যুতিক পৰিঘটনা (photo-electric effect) ব্যাখ্যা কৰি নোবেল বঁটা লাভ কৰিছিল ৷ পৰমাণুৰ পৰা আৰম্ভ কৰি অসীম মহাশূন্যৰ বিভিন্ন ৰহস্য ভেদ কৰাত আজি কোৱান্টাম তত্ত্বই সহায় কৰিছে ৷ সি যি নহওক, কোৱান্টাম তত্ত্বৰ বিষয়ে বিস্তৰ আলোচনা কৰাৰ পৰা বিৰত থাকিও এটা কথা উল্লেখ কৰিব খুজিছোঁ- নিউটনীয় বলবিদ্যাত ‘চেতনা’ (consciousness)ৰ কোনো স্থান নাই যদিও কোৱান্টাম তত্ত্বত ইয়াৰ অৱস্থিতি আছে ৷ মানুহৰ মন(mind)ৰ গতিবিধিৰ লগত কোৱান্টাম বলবিদ্যাৰ সম্পৰ্ক কি তাৰ বিষয়ে উচ্চ পৰ্যায়ৰ গৱেষণা ইতিমধ্যে আৰম্ভ হৈ গৈছে ৷ আশা কৰিছোঁ সময়ত বহুতো ৰহস্যৰ সম্ভেদ পোৱা যাব ৷ কোৱান্টাম টানেলিং (quantum tunneling) বুলি কোৱান্টাম বিজ্ঞানত এটা পৰিঘটনা আছে ৷ একদম সহজ ভাষাত ক’বলৈ হ’লে- ক্ষুদ্ৰাতিক্ষুদ্ৰ বস্তু এটাই কোনো বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰি আগুৱাই যোৱাটোৱেই হ’ল কোৱান্টাম টানেলিং ৷ বিশ্বব্ৰক্ষাণ্ডৰ বিভিন্ন ভৌতিক প্ৰক্ৰিয়াত কোৱান্টাম টানেলিঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ উদাহৰণস্বৰূপে, কোৱান্টাম টানেলিঙৰ ফলত সূৰ্যত নিউক্লীয় সংযোজন (nuclear fusion) প্ৰক্ৰিয়া সংঘটিত হ’ব পাৰে ৷ নিউক্লীয় সংযোজন প্ৰক্ৰিয়াৰ বাবেই আমাৰ সূৰ্যটো হৈ পৰিছে অফুৰন্ত শক্তিৰ ভঁৰাল ৷ সি যি কি নহওক, কোৱান্টাম টানেলিঙে আমাৰ জীৱনলৈ এটা গুৰুত্বপূৰ্ণ বাৰ্তা দিছে- barriers are there to be overcome, অৰ্থাৎ প্ৰতিবন্ধকতা অতিক্ৰম কৰি সকলোৱে আগুৱাই যাব লাগে ৷ যদি আপোনাৰ জীৱনত কিবা প্ৰতিবন্ধকতা আছে তেন্তে জ্যোতিষীৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই, আত্মবিশ্বাসেৰে বাধাৰ প্ৰাচীৰ ভাঙি আগুৱাই যাওঁক ৷ ষ্টিফেন হকিঙৰ দৰে বিশ্ববিশ্ৰুত বিজ্ঞানীৰ কাহিনী পঢ়ক, মনোবল বাঢ়িব ৷
শেষত, আপোনালোকলৈ বিজ্ঞানী ব’ৰে কোৱা তাৎপৰ্যপূৰ্ণ মন্তব্য এটা আগবঢ়াই কোৱান্টামৰ সাধু সামৰিছো-‘If quantum mechanics hasn’t profoundly shocked you, you haven’t understood it yet’৷ হয়, ঠিকেই বুজিছে, কোৱান্টাম তত্ত্ব সঁচাকৈয়ে অতি বিস্ময়কৰ, ৰোমাঞ্চক আৰু অতি আমোদজনক ৷
(৬)
ঈশ্বৰ বিশ্বাসী ছাত্ৰ এজনে বিজ্ঞানৰ শিক্ষকজনক সুধিলে- ছাৰ, আপুনি যদি এই মুহূৰ্তত ঈশ্বৰক লগ পায়, কি ক’ব?
“জীৱন আৰু প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ মই কাহানিও আপোনাৰ প্ৰয়োজনবোধ নকৰিলো ৷” শিক্ষকজনে হাঁহি মাৰি ক’লে ৷
জোন, বেলি, তৰা আৰু ক’ৰ’না
বিশ্বৰ সৰ্বোৎকৃষ্ট সাহিত্যবোৰৰ এখন তালিকা প্ৰস্তুত কৰিলে তাত মহাভাৰত মহাকাব্যখনে নিঃসন্দেহে স্থান পাব ৷ উল্লেখ্য যে বিজ্ঞানবাদী ইতিহাসবিদসকলৰ মতে মহাভাৰতখন কোনো ঐতিহাসিক দলিল নহয়, ই হৈছে এক কল্পনাশ্ৰয়ী সাহিত্য, কবিৰ অপূৰ্ব সৃষ্টি ৷ এই মহাকাব্যৰ আলমতে ভাৰতৰ বিভিন্ন ভাষাত অগণন সাহিত্যৰ সৃষ্টি হৈছে ৷ এই মহাভাৰতৰে এটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ হ’ল মহাৰথী কৰ্ণ ৷ এই কৰ্ণৰ জন্ম হৈছিল কুন্তীৰ গৰ্ভত আৰু সূৰ্যদেৱৰ ঔৰসত ৷ ঘটনাক্ৰমে কৌন্তেয় কৰ্ণ সমাজৰ নিম্ন বৰ্ণৰ এহাল দম্পতীৰহে সন্তান বুলি জগতত পৰিচিত হৈ পৰিছিল ৷ সেয়েহে প্ৰতিভাৱান হৈও কৰ্ণই বৰ্ণবাদী স্থিতাৱস্থাৰ বিৰুদ্ধে প্ৰতিমুহূৰ্তে সংগ্ৰাম কৰিহে নিজক প্ৰতিষ্ঠা কৰিবলগীয়া হৈছিল ৷ অৰ্থাৎ মহাবীৰ কৰ্ণ আছিল পৰিৱৰ্তনকামী যোদ্ধা ৷ সি যি হওক, আখ্যান মতে কৰ্ণৰ প্ৰকৃত পিতৃ সূৰ্যদেৱ দৰাচলতে আমি আকাশত দেখি থকা সূৰ্যটোহে ৷ প্ৰাচীন কালত ভাৰতৰ মানুহে সূৰ্য বা বেলিটোক দেৱতা বুলি পূজা কৰিছিল, এতিয়াও বহুত মানুহে সূৰ্যক দেৱতা বুলি বিশ্বাস কৰে, নিতৌ সূৰ্য-প্ৰণাম কৰে ৷ সূৰ্যদেৱৰ ঐশ্বৰিক মহিমাৰ বাবেহে জীৱজগতে সূৰ্যৰ পৰা তাপ আৰু পোহৰ পায় বুলি তেওঁলোকে বিশ্বাস কৰে ৷ পিছে বিজ্ঞানেনো এই প্ৰসংগত কি কয় ? বিজ্ঞানৰ মতেও সূৰ্যটো দেৱতা বা ঈশ্বৰ নেকি ?
এই প্ৰশ্নটোৰ উত্তৰ বিচৰাৰ আগতে বিজ্ঞান মানেনো কি জানি লোৱাটো ভাল হ’ব ৷ বিজ্ঞান মানে সত্যানুসন্ধান ৷ বিজ্ঞানে পৰীক্ষা-নিৰীক্ষা কৰি সাক্ষ্য-তথ্য-প্ৰমাণ-যুক্তিৰ ভিত্তিতহে সত্যৰ সন্ধান কৰে, তথ্য-প্ৰমাণ অবিহনে বিশ্বাসৰ ভিত্তিত বিজ্ঞানে কোনো মন্তব্য নিদিয়ে ৷ এয়াই বিজ্ঞানৰ সুন্দৰতা ৷ বিগত সময়ছোৱাত বৈজ্ঞানিকসকলে অধ্যয়ন কৰি পাইছে যে বেলিৰ পোহৰ আৰু তাপৰ কাৰণ কোনো দৈৱিক মহিমা বা শক্তি নহয়, বৰং কেতবোৰ ৰাসায়নিক বিক্ৰিয়াহে ৷ নিউক্লীয় সংযোজন বিক্ৰিয়াৰ ফলতহে সূৰ্যত যথেষ্ট শক্তি, অৰ্থাৎ পোহৰ আৰু তাপ উৎপন্ন হয় ৷ হাইদ্ৰ’জেন নিউক্লীয়াছবোৰৰ সংযোজন হৈ অবিৰতভাৱে হিলিয়াম নিউক্লীয়াছৰ লগতে প্ৰচুৰ শক্তি উৎপন্ন হয় সূৰ্য নামৰ তৰাটোত ৷ সহজ ভাষাত ক’বলৈ হ’লে, সূৰ্যত অনবৰতে পাৰমাণৱিক বোমা সদৃশ অগণন বিস্ফোৰণ সংঘটিত হৈ থাকে ৷ এই বিস্ফোৰণৰ শব্দ আমি শুনিবলৈ নাপাওঁ, কিন্তু সূৰ্যৰ পোহৰ আহি পৃথিৱী পায় ৷ ইয়াৰ কাৰণ এয়ে যে পোহৰৰ নিচিনাকৈ শব্দই মাধ্যম অবিহনে গতি কৰিব নোৱাৰে ৷ গতিকে শব্দই মহাকাশ, মানে মহাশূন্যৰ মাজেৰে পাৰ হৈ আহিব নোৱাৰে ৷ সূৰ্যৰ দৰে তৰা এই বিশ্বব্ৰহ্মাণ্ডতত অগণন আছে ৷ প্ৰতিটো তৰাৰে হয়তো নিজা নিজা এখন সৌৰজগত আছে ৷ গতিকে সূৰ্য কোনো দেৱতা বা ঈশ্বৰ নহয় ৷ ই প্ৰধানতঃ পদাৰ্থকণাৰে গঠিত এটা বৃহৎ মহাকাশীয় অৱয়ব, এক সুবিশাল শক্তিৰ ভাণ্ডাৰ ৷ বহুতো বিজ্ঞানীৰ মতে কোটি কোটি বছৰ পিছত এদিন সূৰ্যত বিদ্যমান হাইদ্ৰ’জেনবোৰ শেষ হোৱাৰ ফলত নিউক্লীয় সংযোজন প্ৰক্ৰিয়াটো সমাপ্ত হ’ব আৰু তেতিয়া সূৰ্যটো এটা মৃত তৰা হৈ পৰিব পাৰে ৷ মৃত সূৰ্যই পৃথিৱীৰ বাবে অনুকূল পোহৰ আৰু তাপ হয়তো যোগান ধৰিব নোৱাৰিব ৷ ফলত পৃথিৱীৰ জীৱজগতখন হয়তো নিঃশেষ হৈ যাব ! হয়তো সৌৰজগতৰ আন বহুতো গ্ৰহ সূৰ্যত জাহ যাব, হয়তো সৌৰজগতৰ অইন এটা গ্ৰহত পৃথিৱীত হোৱাৰ দৰে জীৱৰ উৎপত্তি আৰু বিৱৰ্তন হ’ব ৷ বিজ্ঞানীসকলে গৱেষণা কৰি এনেবোৰ সম্ভাৱনা ব্যক্ত কৰিছে, এই সম্পৰ্কীয় গৱেষণা অৱশ্যে এতিয়াও চলিয়েই আছে ৷ ভৱিষ্যতৰ গৱেষণাই বা আমাক আৰু কি কি নতুন জ্ঞান দিয়ে সেয়া সময়তহে জানিব পৰা যাব ৷ কিন্তু বিজ্ঞানে যিমান অগ্ৰগতি লাভ কৰিলেও এই পৃথিৱীত এনেকুৱা মানুহ আছে যিসকলে বিজ্ঞানৰ আও-ভাও নাপায় ৷ এইসকলৰ বাবে সূৰ্য আজিও দেৱতা ৷ সূৰ্য সন্তুষ্ট হৈ নাথাকিলে মানুহৰ জীৱনত ইয়াৰ প্ৰভাৱ পৰিব বুলি তেওঁলোকে বিশ্বাস কৰে আৰু সেয়ে ইয়াক পূজা কৰে ৷ একেদৰে আকাশত চন্দ্ৰ বা জোনবাইক দেখিও হাতযোৰ কৰি প্ৰণাম কৰা মানুহো আছে ৷ শিল্পী-সাহিত্যিকসকলক যে শিল্প-সাহিত্য সৃষ্টি কৰিবলৈ জোনবায়ে কিমান অনুপ্ৰেৰণা যোগাই আহিছে! আমাৰ সমাজত জোনাবায়ে এক সুকীয়া গুৰুত্ব লাভ কৰিছে ৷ জোনাবাইৰ গীত গাই মাতৃবোৰে কণমানিবোৰক নিচুকাইছে ৷ আকাশৰ জোনবাই আনি দিম বুলি প্ৰেমিকে প্ৰেমিকাৰ মন ভুলাইছে, জোনৰ বুকুত ঘৰ সাজি সংসাৰ কৰাৰ কথা পাতিছে ৷ আৰু যে কত কি ! কিন্তু এই জোনবাইটো দৰাচলতে শিল-বালিৰে ভৰা এটা উপগ্ৰহ, আমাৰ পৃথিৱীতকৈ আকাৰত বহুত সৰু ৷ বোধহয় প্ৰশান্ত মহাসাগৰৰ সমান ডাঙৰ হ’ব জোনটো ৷ জোনৰ বুকুত পানী নাই, বতাহ নাই ৷ প্ৰেমিক-প্ৰেমিকাৰ হৃদয় ভাগিলেও এই কথা ক’বই লাগিব যে জোনবাই বসবাসৰ অনুপযোগী ৷ অৱশ্যে মহাকাশ যানেৰে এই জোনবাইৰ দেশলৈ বিজ্ঞানীসকল গৈছে, তাত খোজ কাঢ়ি চাইছে ৷
সূৰ্যটো, জোনটো, আমাৰ এই পৃথিৱীখন বা আন আন গ্ৰহ-উপগ্ৰহবোৰ আৰু আকাশত দেখা-নেদেখা অগণন তৰাবোৰ, অৰ্থাৎ আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখন মহানাদ নামৰ বিস্ফোৰণ(!) এটাৰ ফলত সৃষ্টি হৈছে বুলি গৰিষ্ঠসংখ্যক বিজ্ঞানীয়ে মত পোষণ কৰিছে ৷ আজিৰ পৰা প্ৰায় ১৪ বিলিয়ন বছৰ আগতে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ আৰম্ভণি হৈছিল ৷ বিভিন্ন প্ৰাকৃতিক কিম্বা বৈজ্ঞানিক প্ৰক্ৰিয়া বা পৰিঘটনাৰ মাজেৰে আহি বিশ্বব্ৰহ্মাণ্ডখনে আজিৰ এই অৱস্থাটো পাইছে ৷ আৰম্ভণিৰ কালছোৱাত বিভিন্ন পদাৰ্থ কণিকা আৰু প্ৰতিপদাৰ্থ কণিকাৰ সৃষ্টি হৈছিল, আৰু এইবোৰৰ মাজত বিভিন্ন প্ৰকাৰৰ ক্ৰিয়া-বিক্ৰিয়া হৈ বিভিন্ন পৰমাণুৰ সৃষ্টি হ’ল ৷ পৰমাণুবোৰৰ মাজত ৰাসায়নিক বিক্ৰিয়া হৈ কেতবোৰ সৰল অণু উৎপন্ন হ’ল ৷ বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বপ্ৰথম অণুটো HeH+ বুলি গৱেষণাৰ পৰা গম পোৱা গৈছে ৷ সৰল অণুবোৰৰ মাজৰ ৰসায়নে কেতবোৰ জটিল অণু বা যৌগৰ সৃষ্টি কৰিলে ৷ এনেদৰেই জৈৱ-যৌগৰ আবিৰ্ভাৱ হ’ল ৷ বিভিন্ন ভৌতিক প্ৰক্ৰিয়াৰ ফলত যথাসময়ত বিভিন্ন তৰা-গ্ৰহ-উপগ্ৰহ ইত্যাদিৰো সৃষ্টি হ’ল ৷ উপযুক্ত প্ৰাকৃতিক পৰিৱেশত উপযুক্ত স্থানত জৈৱ-যৌগৰ পৰাই জীৱৰ উৎপত্তি হ’ল ৷ আমাৰ পৃথিৱীত এটা সময়ত এইদৰে জীৱ সৃষ্টি হোৱাৰ উপযুক্ত পৰিৱেশ এটা তৈয়াৰ হৈছিল বাবেই পৃথিৱীত জীৱজগত এখনৰ সৃষ্টি হ’ল, ডাৰউইনৰ জৈৱ-বিৱৰ্তন প্ৰক্ৰিয়াই জীৱজগতখনক আগুৱাই লৈ গ’ল ৷ সৌৰজগতৰ আন গ্ৰহ-উপগ্ৰহবোৰত এই উপযুক্ত পৰিৱেশটো নাই বাবেই বোধহয় তাত কোনো জীৱৰ আজিকোপতি জন্ম হোৱা নাই ৷ বিশ্বব্ৰহ্মাণ্ডৰ দূৰ-দিগন্তৰ কোনো গ্ৰহত অৱশ্যে পৃথিৱীত থকাৰ দৰে জীৱ থাকিবও পাৰে বুলি বিভিন্ন বিজ্ঞানীয়ে সম্ভাৱনা ব্যক্ত কৰিছে ৷ সি বাৰু যি হওক, আমাৰ দেহটো যিবোৰ পদাৰ্থ কণিকাৰে গঠিত, মহাকাশৰ তৰাবোৰো সেই একেই পদাৰ্থ কণিকাৰেই গঠিত ৷ কথাটো বৰ আমোদজনক আৰু বিস্ময়কৰ নহয় নে? ইয়াতকৈও আমোদজনক কথাটো হ’ল, মহাকাশত থকা এই গ্ৰহ-নক্ষত্ৰৰ অৱস্থান তথা গতিবিধিয়ে পৃথিৱী নামৰ গ্ৰহটোত বসবাস কৰা মানুহ নামৰ জীৱবিধৰ জীৱন আৰু ভাগ্য নিয়ন্ত্ৰণ কৰে বুলি আৰু জ্যোতিষীৰ পৰা লোৱা একোটা আঙুঠিয়ে গ্ৰহ-নক্ষত্ৰৰ গতিবিধি সলনি কৰি মানুহৰ ভাগ্য সলনি কৰি দিব পাৰে বুলি একাংশ মানুহে আজিও বিশ্বাস কৰে ৷ এই বিশ্বাসৰ যে কোনো বৈজ্ঞানিক ভিত্তি নাই তাক দোহৰাৰ নিশ্চয় প্ৰয়োজন নাই ৷
আমাৰ দেহত কেতবোৰ ৰাসায়নিক বিক্ৰিয়া আৰু জৈৱিক প্ৰক্ৰিয়া অনবৰতে সংঘটিত হৈ থাকে, যাৰ ফলত আমি চলা ফুৰা কৰিবলৈ শক্তি পাওঁ, আমাৰ দেহ বৃদ্ধি হয়, অৰ্থাৎ আমি জীয়াই থাকোঁ ৷ এক কথাত ক’বলৈ হ’লে জীৱন মানে দৰাচলতে কেতবোৰ জৈৱ-ৰাসায়নিক আৰু জৈৱ-ভৌতিক প্ৰক্ৰিয়াহে ৷ এই বিক্ৰিয়া বা প্ৰক্ৰিয়াবোৰ বন্ধ হৈ গ’লেই আমাৰ বা জীৱৰ মৃত্যু হয় ৷ এই যে আমি উশাহত বায়ু লওঁ, ইয়াৰ অক্সিজেন গেছে আমি খোৱা খাদ্যৰ সৈতে জাৰণ বিক্ৰিয়া কৰি যথেষ্ট পৰিমাণৰ শক্তিৰ লগতে পানী আৰু কাৰ্বন-ডাই-অক্সাইড বা এঙাৰ গেছ উৎপন্ন কৰে ৷ এই এঙাৰ গেছ আমি আকৌ নিশাহত এৰি দিওঁ ৷ সেউজীয়া গছ-গছনিয়ে এই কাৰ্বন-ডাই-অক্সাইড বায়ুমণ্ডলৰ পৰা শোষণ কৰি সূৰ্যৰ পোহৰত সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য (যিবোৰ আচলতে ৰাসায়নিক যৌগ) উৎপাদন কৰে ৷ (ৰসায়ন বিজ্ঞানীসকলে বহুতো প্ৰক্ৰিয়া বা বিক্ৰিয়া প্ৰকৃতিৰ পৰা শিকি-বুজি নিজৰ পৰীক্ষাগাৰত কাৰ্যকৰী কৰে, অৰ্থাৎ অতি সহজ ভাষাত ক’বলৈ হ’লে বিজ্ঞানীসকলে প্ৰকৃতিক অধ্যয়ন আৰু অনুকৰণ কৰে ৷ এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো যদি আমি কৃত্ৰিমভাৱে পৰীক্ষাগাৰত কাৰ্যকৰী কৰিব পাৰোঁ, কিমান যে ভাল হ’ব, নহয় নে?) কেতবোৰ অণুজীৱই আমাৰ দেহত প্ৰৱেশ কৰি শৰীৰত সংঘটিত হৈ থকা স্বাভাৱিক জৈৱিক আৰু ৰাসায়নিক প্ৰক্ৰিয়াবোৰত ব্যঘাত জন্মায় নতুবা কেতবোৰ বিসংগতিৰ সৃষ্টি কৰে ৷ জীৱদেহৰ এনে বিসংগতি বা অস্বাভাৱিকতাকে ৰোগ বুলিও কোৱা হয় ৷ বিভিন্ন বেক্টেৰিয়া আৰু ভাইৰাছে মানৱ দেহত বিভিন্ন ৰোগৰ সৃষ্টি কৰি আহিছে ৷ চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে অৱশ্যে মানুহে এনে বহুতো ৰোগ নিয়ন্ত্ৰণ বা নিৰ্মূল কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন প্ৰজাতিৰ অণুজীৱৰো উৎপত্তি হয় ৷ ইয়াৰে কিছুমান প্ৰজাতিয়ে মানুহৰ দেহত মাৰাত্মক ৰোগৰ সৃষ্টি কৰে ৷ বিজ্ঞানীসকলে অৱশ্যে তেওঁলোকৰ অধ্যয়ন আৰু গৱেষণাৰে এনে ৰোগ আৰু ৰোগ সৃষ্টিকাৰী অণুজীৱক নিয়ন্ত্ৰণ কৰিবলৈ সদায়ে চেষ্টা কৰি আহিছে ৷ ক’ৰ’না ভাইৰাছে মানৱ দেহত ক’ভিড-১৯ নামৰ ৰোগৰ সৃষ্টি কৰি ২০১৯ চনৰ শেষভাগৰ পৰাই পৃথিৱীবাসীক সন্ত্ৰস্ত কৰি ৰাখিছে ৷ ক’ভিড-১৯ মহামাৰীয়ে প্ৰায় সমগ্ৰ বিশ্বকে স্তব্ধ কৰি পেলাইছে, লাখ লাখ মানুহে ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৷ কিন্তু নিৰৱিচ্ছিন্ন গৱেষণাৰ ফলত বিজ্ঞানীসকলে অতি কম দিনৰ ভিতৰতে ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে, ক’ভিডৰ ঔষধো আৱিষ্কাৰ কৰিছে ৷ ইয়াৰ ফলত পৃথিৱীৰ কোটি কোটি মানুহৰ জীৱন ৰক্ষা পৰিছে ৷ অৱশ্যে ক’ভিড ভেকচিন আৰু উপযুক্ত চিকিৎসা-সুবিধাৰ পৰা বঞ্চিত কোটি কোটি মানুহে এতিয়াও ক’ভিডৰ ভয়ত দিন কটাবলগীয়া বা প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ এনেকুৱা এক পৰিস্থিতিতে ভাৰতৰ বিভিন্ন ঠাইত ক’ৰ’না দেৱীৰ পূজা-অৰ্চনা কৰা হৈছে বুলি অলপতে বাতৰি কাকতত ওলাইছে ৷ চকুৰে মণিব নোৱাৰা ক’ৰ’না ভাইৰাছটোক একাংশ বিজ্ঞানমনস্কতাহীন ভাৰতীয়ই ‘দেৱী’ বুলি পূজা কৰিছে যাতে ক’ৰ’নাৰ ফলত মানুহৰ মৃত্যু নহয় ৷ দেখিলেনে বাৰু, হঠাতে কিদৰে এগৰাকী আৰাধ্য দেৱীৰ জন্ম হ’ল ? অজ্ঞতা আৰু ভীতিগ্ৰস্ততাৰ পৰিণামতে মানুহৰ মনত ঈশ্বৰ-বিশ্বাস জন্মে ৷ চালাক বেপাৰীবোৰে মানুহৰ এনে ঈশ্বৰ-বিশ্বাসকে মূলধন হিচাপে লৈ সমাজত ধৰ্মৰ নামত ব্যৱসায় আৰু ৰাজনীতি কৰে ৷ এনে সমাজৰ কেতিয়াও উত্তৰণ নহয় ৷ অজ্ঞতাবশতঃ নতুবা বিজ্ঞানমনস্কতাৰ অভাৱৰ বাবেই আজিও ভাৰতবৰ্ষৰ বহুতো লোকে সূৰ্যক ঈশ্বৰ বুলি ভাবে, আকাশত থকা গ্ৰহ-নক্ষত্ৰৰ অলৌকিক শক্তি আছে বুলি বিশ্বাস কৰে, পূজা-পাতাল কৰিলে বসন্তৰ পৰা আৰম্ভ কৰি ক’ভিডলৈকে সকলো বেমাৰ ভাল হৈ যাব বুলি বিশ্বাস কৰে ৷ এনে বিশ্বাস কিম্বা অন্ধবিশ্বাসে কাৰো জীৱন ৰক্ষা কৰিব নোৱাৰে, কিন্তু বিজ্ঞানে পাৰে ৷ সেয়েহে সমাজত মঠ-মন্দিৰত-মছজিদ-গীৰ্জাতকৈ বেছি চিকিৎসালয়, গৱেষণাগাৰ, বিজ্ঞানসন্মত শিক্ষাৰ অনুষ্ঠানৰহে প্ৰয়োজন ৷ পিছে আমাৰ দেশত চিকিৎসালয়-বিজ্ঞানাগাৰৰ তুলনাত মঠ-মন্দিৰৰ সংখ্যা বহুত বেছি ৷
Published in Bijnan Jeuti (ISSN: 2319-3085), Vol. 56, Issue 3, October-November 2021.
মহানাদ (big bang) বিস্ফোৰণৰ পাছতেই বোধহয় ইলেক্ট্ৰনৰ জন্ম হৈছিল ! এই 'বিগ বেং' সংঘটিত হৈছিল আজিৰ পৰা প্ৰায় ১৩.৭ বিলিয়ন বছৰ আগত । এক বিলিয়ন মানে ১০০ কোটি । কিন্তু মানুহে ইলেক্ট্ৰনৰ কথা ১৮৯৭ চনৰ আগলৈকে জনা নাছিল । এই বৰ্ষতে জে. জে. থমছন নাম্ৰ বিজ্ঞানী এগৰাকীয়ে কেথ'ড ৰশ্মিৰ বিষয়ে অধ্যয়ন কৰি থাকোতে ইলেক্ট্ৰন নামৰ মৌলিক কণাটোৰ আৱিষ্কাৰ কৰিছিল আৰু ১৯০৬ চনত বিজ্ঞানীগৰাকীয়ে পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল । ইলেক্ট্ৰন এটা অতি ক্ষুদ্ৰ ভৰ আৰু ঋণাত্মক আধানযুক্ত কণা । আনহাতে এই জে. জে. থমছন্ৰ পুত্ৰ জৰ্জ পি. থমছনে ইলেক্ট্ৰনৰ তৰংগসদৃশ ধৰ্ম আৱিষ্কাৰ কৰি ১৯৩৭ চনত নোবেল পুৰস্কাৰ লাভ কৰিছিল । অৰ্থাৎ, সহজ ভাষাত ক'বলৈ হ'লে, পিতৃয়ে ইলেক্ট্ৰনক পদাৰ্থ-কণা বুলি কৈ নোবেল পালে আৰু পুত্ৰই ইলেক্ট্ৰনক তৰংগ বুলি কৈ (পিতৃৰ কথাক মোটামোটিভাৱে ভুল বুলি কৈ) নোবেল পালে ! আমাৰ ৰক্ষণশীল সমাজৰ গৌৰৱশালী ঐতিহ্যৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে জে. জে. এজন দুৰ্ভগীয়া পিতৃ আৰু জৰ্জ এজন অসংস্কাৰী পুত্ৰ, নহয় জানো ? কিন্তু আমাৰ দৃষ্টিত জে. জে. এগৰাকী গৌৰৱশালী পিতৃ আৰু জৰ্জ এগৰাকী সুযোগ্য সন্তান; দুয়োগৰাকী বিজ্ঞানজগতৰ ধ্ৰুৱতৰা । সি যি হওক, কোৱন্টাম তত্ত্ব মতে ইলেক্ট্ৰনৰ দৰে অতিশয় ক্ষুদ্ৰ কণিকা এটাই পদাৰ্থ আৰু তৰংগ উভয়ৰে ধৰ্ম দেখুৱায় (wave-particle duality) । গতিকে থমছন পিতৃ-পুত্ৰ কোনো অশুদ্ধ নহয় ।
আমাৰ চিনাকি বিশ্বব্ৰহ্মণ্ডখনৰ প্ৰায় সকলো পদাৰ্থই পৰমাণুৰে গঠিত; এই পৰমাণুবোৰ আকৌ ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন কণাৰে গঠিত । কিন্তু প্ৰটন আৰু নিউট্ৰনক পদাৰ্থৰ মৌলিক একক বুলি আজিকালি গণ্য কৰা নহয়, ইহঁত কেতবোৰ কোৱাৰ্কেৰে গঠিত । সেয়ে কোৱাৰ্কহে পদাৰ্থৰ মৌলিক একক । (আমি অৱশ্যে ইয়াত কোৱাৰ্কৰ কথা আলোচনা কৰাৰ পৰা বিৰত থাকিম ।) ইলেক্ট্ৰন এটা দেখিবলৈ কেনেকুৱা বা ই কিমান ক্ষুদ্ৰ আপোনাৰ বাৰু জানিবৰ মন নাযায় নে ? কিন্তু দুখৰ কথা এয়ে যে আমি খালী চকুৰে পৰমানু এটাকে মনিব নোৱাৰো, পৰমাণুৰ ভিতৰত থকা ইলেক্ট্ৰন চাবলৈ আৰু বহু দূৰ ! ই ইমানেই সৰু যে ইয়াৰ আকাৰ আপুনি আনকি কল্পনাও কৰিব নোৱৰে । বিশ্বসাহিত্যৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টিশীল লেখকগৰাকীয়েও ইলেক্ট্ৰন এটা কিমান সৰু তাক বোধহয় কল্পনা কৰিব নোৱাৰিব । মই নিশ্চিত, কোনো ভঙুৱায়ো নোৱাৰিব । অৱশ্যে ইলেক্ট্ৰন এটাৰ আকৃতি সম্পৰ্কে আপুনি অতি সহজে ধাৰণা কৰিব পাৰে- ই নিশ্চয় গোলাকাৰ হ'ব, ঠিক ফূটবল এটাৰ দৰে ! কিন্তু আপোনাৰ ধাৰণা শুদ্ধ হয়নে আপুনি বা মই কোনেও নাজানো ! পদাৰ্থ বিজ্ঞানৰ তত্ত্বমতে ইলেক্ট্ৰন এটা বিশুদ্ধ গোলাকৃতিৰ নহ'বও পাৰে; ই দেখিবলৈ প্ৰায় 'ৰাগ্বী বল' এটাৰ দৰে হ'ব পাৰে ! সেয়ে পদাৰ্থ বিজ্ঞানীসকলে এই ক্ষুদ্ৰাতিক্ষুদ্ৰ কণাটো চাবলৈ, ই কিমান ডাঙৰ তাক জুখিবলৈ বা ইয়াৰ আকৃতি জানিবলৈ পৰীক্ষা-নিৰীক্ষা চলাই আছে । আপোনালোকে জানি হয়তো আচৰিত হ'ব যে ইতিমধ্যে ইলেক্ট্ৰনৰ আকাৰ-আকৃতিৰ জোখ লোৱাও হৈছে, কিন্তু এতিয়ালৈ কোনো এটা পৰীক্ষাই ইলেক্ট্ৰনৰ আকৃতি গোলক এটাৰ দৰে নহয় বুলি প্ৰমাণ কৰাত সফল হোৱা নাই । ভৱিষ্যতে সফল হ'ব পাৰিব বুলি বিজ্ঞানীসকলে আশা কৰিছে । উল্লেখ্য যে এই পৰীক্ষাবোৰ অতি জটিল, কষ্টসধ্য আৰু অত্যাধিক ব্যয়বহুল । সেয়ে এনেকুৱা পৰীক্ষাবোৰ আৰম্ভ কৰাৰ আগতে পৰীক্ষাটোত ব্যৱহাৰ হ'বলগীয়া অণু বা পৰমাণুৰ বিষয়ে তাত্ত্বিক অধ্যয়ন কৰাৰ প্ৰয়োজন হয় । তাত্ত্বিক দৃষ্টিকোণৰ পৰা সকলো ঠিকে থাকিলেহে পৰীক্ষা আৰম্ভ কৰা হয় । তদুপৰি পৰীক্ষাবোৰৰ ফলাফল সঠিকভাৱে বিশ্লেষণ কৰিবলৈ কেতবোৰ internal parameter-অৰ প্ৰয়োজন যিবোৰ কেৱল relativistic quantum mechanical calculation-ৰ সহায়তহে নিৰ্ধাৰণ কৰিব পাৰি, আন কোনো পৰীক্ষাৰ সহায়ত এই parameter বোৰ পাব নোৱাৰি । নিজৰ PhD গৱেষণাত এই অভাজনে এনেকুৱা তাত্ত্বিক কাম কৰিছোঁ । আপোনালোকে নিশ্চয় ভাবিছে- কল্পনাতীতভাৱে ক্ষুদ্ৰ কণিকা এটাৰ আকৃতি জনাৰ জানো কিবা দৰকাৰ আছে, এই তালুকদাৰক PhD ডিগ্ৰী লাভ কৰাত সহায় কৰাৰ বাদে ই জানো অইন মানুহৰ বা দেশৰ কিবা কামত আহিব ! চিধাচিধিকৈ চাবলৈ গ'লে এনেকুৱা গৱেষণাই দেশৰ জিডিপি নবঢ়ায়, বজাৰত ইয়াক বেচিবও নোৱৰি ! কিন্তু এনেকুৱা গৱেষণাই প্ৰকৃতিৰ বা আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ কেতবোৰ ৰহস্যৰ সন্ধান দিব পাৰে, চিন্তাশীল মানুহৰ অনুসন্ধিৎসু মনক খাদ্য যোগাব পাৰে । কোৱা বাহুল্য যে মানুহৰ অনুসন্ধিৎসাই মানৱ সভ্যতাক আগুৱাই লৈ গৈছে আৰু ভৱিষ্যতেও লৈ যাব । 'বিগ বেং' তত্ত্বমতে আমাৰ বিশ্বব্ৰহ্মাণ্ডত পদাৰ্থ আৰু প্ৰতিপদাৰ্থৰ পৰিমাণ সমান হ'ব লাগে । কিন্তু বৰ্তমানৰ ব্ৰহ্মাণ্ডখনত প্ৰতিপদাৰ্থ নাই বুলিবই পাৰি । এই পদাৰ্থ-প্ৰতিপদাৰ্থৰ অসমতাৰ কাৰণ মাৰ্ক্সবাদ্ৰ সহায়তো ব্যাখ্যা কৰিব নোৱাৰি, কেৱল ইলেক্ট্ৰনৰ আকৃতি সম্পৰ্কীয় জ্ঞানেহে এনে অসমতাৰ আঁৰৰ বিজ্ঞান বুজাত সহায় কৰিব পাৰে ।
Advanced Topics in Chemistry