আপোনাৰ সন্তান আপোনাৰ নহয়। তেওঁলোক জীৱনটোৰ নিজৰ প্ৰতি থকা আকাংক্ষাৰহে পুত্ৰ-কন্যা। তেওঁলোক আপোনাৰ মাধ্যমেৰে আহে কিন্তু আপোনাৰ পৰা নাহে আৰু যদিও তেওঁলোক আপোনাৰ লগত আছে, তথাপিও তেওঁলোক আপোনাৰ নহয়।
আপুনি কদাচিত তেওঁলোকক মৰম দিব পাৰে, কিন্তু আপোনাৰ চিন্তাধাৰা নিদিব, কাৰণ তেওঁলোকৰ নিজস্ব চিন্তাধাৰা আছে। আপুনি হয়তো তেওঁলোকৰ শৰীৰটোক বান্ধি ৰাখিব কৰে কিন্তু তেওঁলোকৰ আত্মাক নহয়, কাৰণ তেওঁলোকৰ আত্মাই ভৱিষ্যতৰ গৃহত বাস কৰে, য'লৈ আপুনি আপোনাৰ সপোনতো যাব নোৱাৰে। আপুনি নিজে তেওঁলোকৰ দৰে হ’বলৈ চেষ্টা কৰিব পাৰে কিন্তু তেওঁলোকক আপোনাৰ নিচিনা কৰিবলৈ চেষ্টা নকৰিব, কাৰণ জীৱন কেতিয়াও পিছুৱাই নাযায়, অথবা অতীতৰ লগত সময়ৰ অপব্যয় নকৰে।
আপোনালোক সেই ধনুৰ দৰে, যাৰ পৰা আপোনালোকৰ সন্তান জীৱন্ত কাঁড় হিচাপে আগলৈ প্ৰক্ষেপিত হয়। ধনুৰ্বিদজনে সময়ৰ অনন্ত পথত তাৰ চিহ্ন দেখে আৰু তেওঁ নিজৰ সমস্ত শক্তিৰে আপোনাক বেঁকা কৰে, যাতে তেওঁৰ কাঁড়বোৰ দ্ৰুত হয় আৰু বহুদূৰলৈ যাব পাৰে। ধনুৰ্বিদৰ হাতত বেকাঁ হোৱাটো আপোনাৰ বাবে আনন্দৰ কাৰক হ'বলৈ দিয়ক। কিয়নো তেওঁ উৰি যোৱা কাঁড়ক যেনেকৈ ভাল পায়, ঠিক তেনেদৰে তেওঁ স্থিৰ ধনুকো ভাল পায়।
[ Kahlil Gibran ৰ 'The Prophet' ৰ পৰা উদ্ধৃত, ১৯২৩ ]