সত্যৰ আৱিষ্কাৰ কৰিবলৈ দুজনৰ প্ৰয়োজন: এজনে শব্দৰে ক'বলৈ আৰু এজনে ইয়াক বুজিবলৈ।
[ খালিল জিব্ৰানৰ 'Sand and Foam' ৰ পৰা উদ্ধৃত, ১৯২৬ ]
এবাৰ মই মোৰ হাতখন কুঁৱলীৰে ভৰাই দিলোঁ। তাৰ পিছত মুঠিটো খুলিলো আৰু কুঁৱলীখিনি এটা কৃমি হৈ পৰিল। মই হাতখন বন্ধ কৰি পুনৰ মেলিলোঁ, আৰু চোৱা, তাত এটা চৰাই আছে। আকৌ মই হাতখন বন্ধ কৰি পুনৰ মেলিলোঁ, আৰু তাৰ ফুটাটোত ওপৰলৈ মুখ কৰি দুখী মুখেৰে এজন মানুহ থিয় হৈ আছিল। আৰু তাৰপিছত আকৌ মই হাতখন বন্ধ কৰি দিলোঁ আৰু যেতিয়া খুলিলো, তাত কুঁৱলীৰ বাহিৰে আন একো নাছিল। কিন্তু মই অতি মিঠা গীত এটি শুনিবলৈ পাইছিলোঁ।
[ চেন্দ আৰু ফ'ম ]
তুমি মাছ বিচৰাৰ পিছত যিসকলে তোমাক সাপ দিয়ে, তেওঁলোকৰ হয়তো সাপৰ বাহিৰে আন একো দিবলৈ নাথাকিব পাৰে। সেইটো তেতিয়া তেওঁলোকৰ ফালৰ পৰা উদাৰতা।
[ চেন্দ আৰু ফ'ম ]
সাত শতিকাৰ আগতে গভীৰ উপত্যকাৰ পৰা সাতটা বগা কপৌ পৰ্বতৰ বৰফৰ দৰে বগা শিখৰলৈ উৰি আহিছিল। এই উৰণ চোৱা সাতজন মানুহৰ ভিতৰত এজনে ক’লে: “মই সপ্তম কপৌৰ ডেউকাত ক’লা দাগ এটা দেখিছোঁ।”
বৰ্তমান সময়ত, সেই উপত্যকাৰ মানুহে সাতটা ক’লা কপৌৰ কথা কয়, যি বৰফৰ পাহাৰৰ শিখৰলৈ উৰি গৈছিল।
[ চেন্দ আৰু ফ'ম ]
যেতিয়া জীৱনটোৱে নিজৰ হৃদয়ৰ গান গাবলৈ কোনো গায়ক বিচাৰি নাপায়, তেতিয়া জীৱনে নিজৰ মনৰ কথা ক’বলৈ এজন দাৰ্শনিকৰ জন্ম দিয়ে।
[ চেন্দ আৰু ফ'ম ]