অসমীয়া ৰচনা

বিহু: স্বকীয়তা, পৰম্পৰা আৰু পৰিৱৰ্তন

ইন্দু কল্প দিহিঙীয়া

গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল পান, আগে-পাছে চাৰিটা ভঁৰাল, হৰিধ্বনি উৎসৱ কৰিয়ে, হৰি বোল৷ এনেদৰে এখন ৰচনা আৰম্ভ কৰাৰ প্ৰাসংগিকতা আছে জানো, নাই চাগে৷ বিহু নাইকিয়া হৈ সকলোফালে বিহহে থাকি গৈছে, মনত বিহ, খাদ্যত বিহ, অখাদ্যত বিহ ….. ৷ আমি ৰাতিপুৱা গধূলি মোনা লৈ বিহ কিনিব যাওঁ, মোনা ভৰাই বিহ আনি ঘৰত সকলোকে খাব দিওঁ আৰু নিজে খাওঁ৷ উপায় যে নাই, আজি অসমীয়াৰ নদন-বদন ঘৰখনটো নাই৷ থাকিবনো কিয় বাৰু, আমি জানো বীৰ লাচিতৰ বংশধৰ হয়? আমি জানো বীৰ চিলাৰায়ৰ বংশধৰ হয়? নিশ্চয় নহয়! কাৰণ তেওঁলোকৰ বংশধৰবোৰ, মোৱামোৰিয়া, মান নাইবা ইংৰাজৰ লগত ৰণ কৰি কৰি নাইকিয়া হ’ল৷ আনে ৰণ কৰোতে যিবোৰে ৰণ নকৰি ধোবাং জুৰি শুই থকা ধোদসকলৰে বংশধৰ আমি৷ অন্যহাতে, স্বৰ্গদেউৰ ৰুদ্ৰসিংহৰ দিনত অসমীয়া সংস্কৃতিয়ে এক অনন্য ৰূপ লৈছিল, আনকি বিহু নাম সংস্কৃতত ৰচনা কৰা হৈছিল,

নৃত্যাদি ললিতং হৰিগুণ বলিতং

গায়তি বিহু বিলাসম্৷

কটিত সুৰসনং মুখৰিত ৰসনং

নটি পটল মৃদু হাসম ৷৷

কিন্তু, আজি যেন আমি সম্পূৰ্ণ জাতিটো অঠায় সাগৰত৷ সেইদিনা মই বিহুৰ চুটি লৈ ঘৰলৈ আহিছিলো, ১০ এপ্ৰিল, ২০১৮ ৷ ৰাতিপুৱা ৭.০০ বজাত, চিলাপথাৰৰ দোকান-পোহাৰ বন্ধ, মই আচৰিত, কাৰণ সেইদিনা মংগলবাৰ, সাপ্তাহিক বজাৰ, গোটেই অঞ্চলৰ এখন ডাঙৰ বজাৰ বিহুৰ চাৰিদিনৰ আগৰ বজাৰ আৰু বন্ধ ৷ লাহে লাহে গাওঁৰ ফালে অহিব ধৰিলো, মানুহবোৰে বাৰিৰ শাক-পাচলি লৈ, তামোল-পান লৈ, নাইবা গোহালীৰ গৰু এটা বা এজনিকে লৈ বজাৰৰ ফালে আগবাঢ়িছে ৷ মনতে ভাবিলো, কোনোবা সোনমণি, ধনমণিয়ে দেঊতাকক আব্দাৰ কৰি বজাৰ পথাইছে এডাল জোনবিৰীৰ বাবে, গামখাৰুৰ বাবে! কিন্ত বজাৰ বন্ধ, কোনোবা ছাত্ৰ সংগঠনে বন্ধ দিছে ৷ ঘৰলৈ আহি অলপ বিচাৰ খোচাৰ কৰাত বন্ধদিয়াৰ কাৰণতো শুনি আৰু আচৰিত হ’লো৷ বৰ্তমান আমাৰ বিহুৰ, আমাৰ সংস্কৃতিৰ এইটোৱেই হৈছে থুলমূল ৰূপ ৷ আৰু এটা আনুষংগিক ঘটনাৰ কথা কব বিচাৰিছো, গুৱাহাটীৰে মোৰ এজন ন-বন্ধুৱে মোক ঘৰলৈ অহাৰ আগত কৈছিল, গুৱাহাটীত ডাঙৰ বিহু হয়, ইয়াতহে বিহু চাব লাগে৷ মই ক’লো, মোৰ কাৰণে ঘৰ যোৱাতোহে বিহু! সকলো মানুহৰ মানসিকতা একে কোৱাৰ ধৃস্ততা মই নকৰো, কিন্তু আজি অসমীয়া সমাজত এনে মানুহৰ সংখ্যা বহু বেচি, যিসকলে বিহু আৰু বিহুমেলাৰ মাজত ৰ্পাথক্য নাজানে৷ মোৰ বাবে, বাণিজ্য মেলা, মালিনী মেলা, আৰু এশ-অযুত মেলাৰ ভিতৰত বিহু মেলাও এক মেলা বিশেষ অন্য একো নহয় ৷ বহাগ বিহু, মাঘ বিহু বা কঙালী বিহুৰ লগত একো তুলনাৰ নহয় ৷

বিহু মেলাই আমাক কি দিছে, এবাৰ ভালকৈ বিশ্লেষন নকৰিলে ন্যায় কৰা নহব, আজিৰ তথাকথিত সময়হীন জীৱনত, বিহুমেলাই এখন মঞ্চ প্ৰদান কৰিছে, য’ত আমি একেলগে হাঁহিছোঁ, নাচিছোঁ, খাইছোঁ, গাইছোঁ৷ এচাম যুৱকক জীবিকা নিৰ্বাহত সহায় কৰিছো, আমি আমাৰ জাতীয় সংস্কৃতিৰ নিৰ্দশন অনান্য সমাজ তথা পৃথিৱীৰ আগত দাঙি ধৰিছোঁ ৷ বিনিময়ত আমি কি হেৰুৱাইছোঁ, আজি মোৰ গাৱঁৰ হুঁচৰি দলটোৰ অবস্থা তথৈবচ হোৱাৰ এটা প্ৰধান কাৰণ বিহুমেলা ৷ পাঠকসকল হয়তু আচৰিত হব, মই কিয় এনেকে কৈছো? মই ২ নং বেতনিপাম, সাপেখাতি গাওঁৰ স্থায়ী বাসিন্দা, আমাৰ গাঁৱৰ হুঁচৰি দল অঞ্চল বিখ্যাত আছিল ৷ আজি অসমৰ বহু বিহু মঞ্চত আমাৰ বিহুৱাই বিহু কৰে, কিন্তু গাওঁৰ হুঁচৰি দল ধৰি ৰখাত আমি বিফল হৈছিলো, কাৰণ তেওঁলোকৰ অবিহনে এই কাম সম্ভৱ নাছিল৷ বছৰচেৰেক চেষ্টা কৰাৰ পাচত আকৌ হুঁচৰি দলটো গঠন কৰা হ’ল আৰু আজিকোপতি যথাৰীতি হুঁচৰি কৰি আহা হৈছে, কিন্তু কিমান দিন নাজানো৷ কিয়নো, অসমীয়াৰ কৃষিভিত্তিক সমাজখনো দিনে-দিনে নাইকিয়া হৈ আহিছে, গতিকে বিহুৰ দৰে এটা সংস্কৃতি অপ্ৰাষংগিক হৈ পৰাতো আচৰিত হব লগা একো নাই ৷ কিন্তু আমি যেন বাপতি সাহোন বিহুক যেনেতেনে ৰখাৰ আপ্ৰাণ চেষ্টা কৰিছোঁ, সদ্যহতে ই ফলপ্ৰসু হোৱাতকৈ যেন ওভতগোৰেহে নাচিছে ৷ ইয়াৰ কাৰণ বা কি ? হয়তো, আমি বিহুৰ প্ৰকৃত স্বৰূপটো পাহৰি পেলাইছো, নাইবা বিহু কি হয়তো আমি বুজিব পৰা নাই? এতিয়া প্ৰশ্ন হয়, বিহু কি? চমুকৈ ক’ব হ’লে বিহু অসমীয়া জাতিৰ জীৱনশৈলী, জীয়াই থকাৰ কলা, প্ৰেমত পৰাৰ কলা৷ আমি একেলগে একগোট হৈ যি কৰো সেয়াই বিহু ৷ তেতিয়াহলে, বিহু চিৰ-পৰিৰ্বতনশীল! বিহুক ধৰি ৰাখিবৰ চেষ্টা কৰা বৃথা৷ পৰিবৰ্তনটো মোৰ ভাল নালাগিব পাৰে, কাৰণ বিহুত কেচামাটিৰ গোন্ধ কমি আহিছে, গাৰ ঘামৰ গোন্ধ কমি আহিছে৷ কিন্তু, সমাজখনে যেন এই পৰিবৰ্তন গ্ৰহণ কৰি লোৱা যেন লাগে৷ গাড়ি-ঘোঁৰাই ফুৰোতে যি বোৰ গান শুনো, নাইবা গাওঁৰ ৰাষ্টাৰে যাওঁতে যিবোৰ গান শুনো তাকে মই ইয়াৰ প্ৰমাণ হিচাবে ললো৷ চহৰ-নগৰৰ মানুহৰ বিষয়ে ক’ব নিবিচাৰো, কিন্তু গাঁৱলৈ আহিলে মই মোৰ পুৰণা গাওঁখন হেৰুৱাই পেলোৱা যেন লাগে৷ ঢেকিৰ মাত নুশুনো, কুলিৰ মাত নুশুনো, সকলোতকৈ ডাঙৰ কথা, গাওঁৰ মদগজ ডেকাবোৰ দিনৰ-দিনটো কেৰম আৰু তাচ খেলি পাৰ কৰোৱা দেখো৷ এনে নহয় যে গাৱঁত কাম নাই, মঠাউৰিৰ পাছফালে খালি মাটিৰে থাহ খাই আছে৷ ঘৰৰ বাৰীবোৰত শাক এটা নাই! দেখি আচৰিত হব লগা হয়৷ বিহুৰ পৰিবৰ্তন মানে জাতীটোৰ জীৱনশৈলীৰ পৰিবৰ্তন, আৰু জীৱনশৈলীৰ পৰিবৰ্তন যদি যোগাত্মক নহয় তেন্তে ই নিশ্চয় চিন্তনীয়৷

আমাৰ হ’ল কি? ক’ত ভুল হ’ল? কোনে ভুল কৰিলে? এশ-এবুৰি প্ৰশ্ন, কিন্ত সঠিক উত্তৰহে নাই ৷ মোৰ অনুভৱ হয় যেন, ব্ৰিটিছৰ আমোলৰ অন্তৰ আগত আমি হয়তো পৰাধীন আছিলো নাইবা ৰজাৰ ৰাজত্বৰ তলত আছিলো কিন্তু স্বাধীনচিতিয়া মনৰ আছিল৷ কিন্তু স্বাধীনতাই যেন আমাৰ মনবোৰহে পৰাধীন কৰি দিলে৷ কাৰণ বুঢ়া-মেথাৰ মুখত শুনামতে তেওঁলোকৰ লৰালিকালত ঘৰৰ পথাৰত, বাৰীত, পুখুৰীত সকলো বস্তুৱে পোৱা গৈছিল ৷ লোনপুঙৰ লোন নাপালে খাৰ দি নিমখৰ দৰে সোৱাদ কৰা সৈছিল, আমি সকলোফালেই স্বাধীন আছিলো৷ কিন্তু, আজি এদিন বজাৰ বন্ধ থাকিলে অসমীয়াৰ জুইশালত যেন জুই নজ্বলে, এনে স্বাধীনতা জানো আমাৰ প্ৰয়োজন আছিল? তথাকথিত সভ্যতা আৰু গোলকীকৰণৰ প্ৰভাৱত আজি পৃথিবীখন আমাৰ হাতৰ মুঠিত বুলি কোৱা হয়, কিন্তু সঁচা অৰ্থত আছেনে আমাৰ হাতত কিবা, নে এই কথা মাথো এক বাণিজ্যিক কাৰচাজি, সথিক তথ্য সময়েহে দিব৷ ২০১৫ চনৰ কথা, ন-কৈ অসমত বাতৰিৰ চেনেলবোৰ হ’ব ধৰিছিল, আমাৰ গাওঁত মাঘবিহুৰ যোগাৰ চলি আছিল৷ বিহুৰ উৰুকালৈ দুদিন বাকী, গাৱঁৰ ডেকাবোৰে লগলাগি ভেলাঘৰতে কাম কাজ লাগি আছিলো, তেনেতে আহিল বাতৰি চেনেলৰ দুজনমান৷ তেওঁলোকে আমাক কলে যে এটা ৰেকৰ্দিং কৰিব, গতিকে গাৱঁৰ সকলোকে ঢোল-তাল লৈ ভেলাঘৰত এটা অনুষ্ঠান কৰিব লাগে৷ গাৱঁৰ মানুহবোৰো মান্তি হ’ল দুৰদৰ্শনত ওলাম বুলি৷ কিন্তু, মোৰ স্মৃতিয়ে ঢুকি পোৱালৈকে ঢোল-তাল বজায় মাঘ বিহু পালন কৰা আগতে দেখা নাছিলো৷ আমাৰ ঘৰত বছৰৰ বাৰমাহে ঢোল-তাল খোল-নাগাৰা সকলো থাকে, কিন্তু আইতাহঁতে কৈছিল যে অসময়ত ঢোল-তাল বজালে ধানত পোক লাগে৷ চেনেলৰ লোককেইজনে আকৌ আব্দাৰ কৰিল যে মেজিটো সাজি দিব লাগে, আমাৰ গাৱঁৰ নিয়মমতে আমি ভোজখোৱাৰ আগতহে মেজি সাজো৷ সেইদিনা একেসময়তে বহুকেইটা বিহুৰ পৰম্পৰা গাওঁখনে ভাঙিছিল মাত্ৰ বাতৰি চেনেল বিশেষৰ বাবে৷

এতিয়া প্ৰশ্ন হয়, আমি বিহু সংস্কৃতি পালন কৰিছো নে বিহু সংস্কৃতিৰ পৰম্পৰা? এতিয়া হয়তো পাঠকসকল বিবুদ্ধিত পৰিবও পাৰে, কাৰণ ইহঁতৰ পাৰ্থক্যনো কি? বিহুৰ পৰম্পৰা হৈছে আমাৰ পূৰ্বপুৰুষসকলৰ দান, তেওলোকৰ নদন-বদন বাৰীখনৰ কাহিনী, মূগাৰ আঠকঠীয়া কাপোৰখনৰ কাহিনী, হাজাৰ বাৰ বিদেশীক অসমৰ সীমাৰ পৰা কচুকটা দি খেদাৰ কাহিনী, তেওঁলোকৰ প্ৰেম আৰু স্বাভিমানৰ কাহিনী, প্ৰকৃতিৰ ৰং-ৰূপ দেখি উৎপন্ন হোৱা তেওঁলোকৰ হৃদয়ৰ হেন্দোলনি৷ অন্যহাতে, আমাৰ হৃদয়ৰ হেন্দোলনিবোৰ হৈছে আজিৰ বিহু সংস্কৃতি৷ দুয়োটাৰে মাজত বৈশিষ্টগত তফাৎ অতি বেছি, গতিকে আমাৰ বাবে বিহুৰ পৰম্পৰাবোৰ আজি অপ্ৰাষংগিক হৈ আহিছে আৰু আমি এটা বীৰ জাতিৰ সন্তান বোলাৰ গৰ্বকন দিনে দিনে নাইকিয়া হৈ আহিছে৷ বিহুগান বোৰে সময় আৰু বিহুৰ বিবৰ্তনৰ বাক্যিক দলিল, উদাহৰণ স্বৰূপে, তাহানি কোনোবা বিহুৱাই ৰাতিবিহুত নাচনীৰ বাবে গাইছিল,

তুমি কৰি যাবা ৰোৱনি দাৱনি

মইনো বাই যাম হাল;

তুমি লগাই যাবা বিহুলৈ বিহুৱান

মইনো পাতি যাম শাল৷

আহোম স্বৰ্গদেওৰ লগত হুঁচৰি দলে ধেমালী কৰোঁতে গাইছিল,

স্বৰ্গদেও গৈছিলে পহু মাৰিবলৈ

চোঙতে গধূলি হ’ল;

কুঁৱৰীয়ে সুধিলে ক’মে কি এবুলি

জাল ফালি হৰিণা গ’ল৷

তাৰ পাচতে দেশ পৰাধীন হ’ল, দেশত ন-ন বস্তু আহিব ধৰিল৷ ৰেল, জাহাজ, টেলিগেৰাফ, ইত্যাদি ইত্যাদিয়ে দেশ ভৰি পৰিল, বিহুগানবোৰেও নতুন ৰূপ ললে,

উজায়ে আহিলে কোম্পানীৰ জাহাজ ঐ

পিথবী টলবল দেখোঁ;

চপাই দে চপাই দে কোম্পানীৰ জাহাজ ঐ

মনোমতীৰ বাতৰি সোধাঁ৷

আৰু আজি, আমাৰ ইনটাৰনেটৰ দিনত এস. এম. এস., মবাইল ফোন, আদি বিহু গানত দেখিব পোৱা যায়৷ মৰমলগা ভন্টিজনীক ডিস্ক’ নাচিবলৈ হাক দিবলৈকো ডিস্ক’ সুৰত বিহুগান ৰচনা কৰা দেখা গ’ল৷ যে কি নহওক বিহুৰ এটা বৈশিষ্ট্য পৰিবৰ্তন হোৱা নাই, ই সদায় অসমীয়াৰ প্ৰেম নিবেদনৰ মাধ্যম আছিল আৰু আজিও একে৷ পূৰ্বপুৰুষসকলৰ বিহুত প্ৰয়োজনীয়তাই প্ৰাধান্য পাইছিল, অন্যহাতে আজি ভোগ-বিলাসে প্ৰাধান্য পোৱা দেখা যায়৷ স্বাধীনতাৰ আগত আৰু পাছৰ গোটাচেৰেক দশকত গাওঁৰ সকলো অনুষ্ঠান গঠনত চৰকাৰৰ যি ভূমিকা, বিহু, নামঘৰ আৰু জনজাতীয় ধৰ্মানুষ্ঠানবোৰৰ ভূমিকাযে অধিক আছিল ই তৰ্কৰ বাহিৰত৷ বিহুৱে সমাজখনত একেদাল দোলেৰে বান্ধি ৰাখিছিল, গতিকেই বিহুৱে সৰ্বদা অসমীয়া পেটৰ ভোক, অন্তৰৰ দুখ, সমাজৰ শোক দূৰ কৰি আহিছিল৷ বৰ্তমান ভূপেন হাজৰিকাৰদেৱে বুঢ়া লুইতক নিজৰ নিৰ্বিকাৰতাৰ বাবে যিবোৰ প্ৰশ্ন কৰিছিল মোৰো বিহুক একেদৰে প্ৰশ্ন কৰিবৰ মন যায়, বিস্তীৰ্ণ পাৰৰে … বাপতি সাহোন তুমি, বাপতি সাহোন হোৱা কিয়?


বিহুৰে বিৰিণা


মোৰ জন্ম বহু হাজাৰ বছৰেই হ’ল৷ বৰ্তমান মই আলৰ বুঢ়া, ভালকৈ মনতেই নাই কেতিয়ানো জন্ম হৈছিলো৷ মানুহবোৰে মৰমতে নাম বিহু ৰাখিলে৷ যিদিনা খামিডাঠ অসমীয়া পাহুৱাল ডেকাৰ হৃদয়খন, কোনোবা গাভৰুক দেখি খেতৰে পোৱাৰ দৰে হেৰুৱাইছিল, সেইদিনাই মোৰ জন্ম৷

সোমেশ্বৰ-শাওনী, মঙলা-ফাগুনী, ভোগাই-সোৱাগী, আঘোনা-ভোগদৈ, কুলাই-ৰহিলা, ভলুকা-কেতেকী, ভলৌ-সৰুমাই, নালিয়া-মালতি, ধনীৰাম-লাহদৈ, গদাই-ৰুনুমাই, কিনাই-মলাদৈ, ৰুপাই-পানীমলা, তিলেশ্বৰ-পুনিমলা, আদিয়ে অতি সজতনে বুকুৰ উমেৰে আঁহতৰ তল, বুঢ়া যুৰিয়া জামুকৰ তল, ঔটেঙাৰ তলত মোক উমলাই ডাঙৰ কৰিলে৷ সিহঁতৰ প্ৰেমৰ অগজাননী দিবলৈ মোক আঘোনৰ পথাৰৰ পৰাই কৈ পথাই-

তোলৈ চাই ৰাঙলী বান্ধি যাঁও ডাঙৰী

গৰা চপাই বান্ধি যাঁও নাঁও৷

আৰু উত্তৰো আহে মোৰ লগতে,

ধানে কাটিবৰে হেঙুলীয়া কাঁচিখন

এখনিয়ে নাকাটে বন,

চকুৰ আগতে সৰুটি কলিজা

পথাৰত নবহে মন৷

মনিকী-মধুৰী, শলপুনা, সুৱাগমনি, চিকনকলি, নিয়ৰকদম, মালভোগ, বৰা, জহা ধানৰ আমোল-মোল গোন্ধতে মই লহ-পহকৈ ডাঙৰ হলো৷

‘ৰাতি-বিহু’ নামৰ ফটিকা প্ৰাণ কৰি বহাগৰ প্ৰতিটো ৰাতিয়ে ৰমৰমিয়া উৎসৱৰ সৃষ্টি কৰো৷ কেতিয়াবা নালিয়া-ভদিয়া হঁতে প্ৰমিলীহঁতৰ লগত বিহুনাম গাই গাই কথাৰ বাগি লাগে,

আগলৈ নাচালো গুৰিটি কাটিলো

চিলা পৰেবতৰে বাঁহ

মিৰিকৈ মিচিমিৰ দোৱানো বুজিলো

চেনাইৰ নুবুজিলো আঁশ৷

আৰু উত্তৰো আহে তেনেকৈয়ে,

কানে চাই জাংফাই দিব পাৰ যদি

গানো চাই খনিয়া দিম

মোকে যদি চেনাই ঐ মোৰ বুলি লৱ

দেহা উবুৰিয়াই দিম৷

এনেকৈয়ে


বিহু আৰু বিহুৰ পৰিৱৰ্তন

ইন্দু, ৰঞ্জন, সুস্মিতা

গবেষক, পদাৰ্থবিজ্ঞান বিভাগ

এইবেলি আহুধান পানীয়ে মাৰিলে

ওপৰে গজিলে মামী,

চৰাই চিৰিকতি উৰে যোৰা পাতি

তাৰো সমান নহলো আমি |

এই যোজনাটোৱে বিহুৰ নিজস্বতা আৰু গুন দুয়োতাই উদঙাই দেখুৱাইছে, কৃষি আৰু প্ৰেম| তথাকথিত চহা সমস্যা আজিও একে, বানপানী আৰু এজনী কাথে কাথে খোৱা সংগীনি বিচৰা | কিন্তু আনুসাংগিক গোলকীকৰণে আমাৰ বিহুৰ প্ৰতি থকা ধাৰণাত যেন এখন ৰ্পদা টানি ধৰিছে | এই প্ৰবন্ধতোৰ মূখ্য উদ্দেশ্য হৈছে, গোলকীকৰণৰ নামত বিহুৰ সকৃয়তাত হেৰফেৰ কৰা কিমান যুক্তিসংগত| আমাৰ নিজৰ সন্তানৰ দৰে, নিজৰ বুকুৰ তেজ দি, পেট‍ৰ ভোক দি ডাঙৰ দীঘল কৰা বিহুৰ আজিৰ ৰূপতোত আমি সন্তুষ্টনে ? ১৯৭২ চনত যেতিয়া বানে মোৰ গাওঁখন ধুই নিছিল, গাওঁৰ ডেকা-গাভৰুৱে পেটত গামোচা বান্ধি দুৱাৰে দুৱাৰে গৈ হুঁচৰি কৰিছিল, গাওঁৰ স্কুলখন মেৰামতি কৰিবৰ বাবে, নামঘৰটো মেৰামতি কৰিবৰ বাবে | ৰঙালীয়েই হওক বা ভোগালীয়েই হওক, বিহুৱে সদাই অসমীয়াৰ পেট‍ৰ ভোক, অন্তৰৰ দুখ আৰু সমাজৰ শোক দূৰ কৰি আহিছে | কিন্তু কিছুদিনৰ পৰা লক্ষ্য কৰিছো যেন বিহুৱে আসমীয়াৰ প্ৰতি থকা মৰম হেৰুৱাই পেলাইছে, বক্ষ্মপুত্ৰৰ দৰেই সকলো পতক্ষ্যদৰ্শী সয়েই থাকিব বুলি জেদ কৰি থকা যেন অনুভৱ হয় |

বিহু, বছৰ, মাহ, দিন গণ‍নাতকৈ বহু পুৰণি, যি সময়ত অসমীয়াই কৃষিভিত্তিক সমাজ গঠন আৰম্ভ কৰিছিল, তেতিয়াই গৰ্ভৱতী প্ৰকৃতিয়ে ভূমিস্ত কৰিছিল বিহুৰ |হয়তো চহা গাওঁলীয়াই নিজৰ খেতি দৰাক সন্তুষ্ট কৰি অধিক সশ্য পোৱাৰ আশাৰে যৌন উদ্দিপক গান আৰু নাচ কৰিছিল, "চহা বিশ্বাস" | সময়ৰ সুতত আজি তাকে আমি বিহু বুলি নামাংকৰণ কৰিলো | বিহুৰ স্বতস্ফুত ধৰ্মক বহু সময়ত বুৰঞ্জীত নতুন ধাৰ দি সংস্কতিৰ জন্ম দিয়া হৈছিল, হুঁচৰি তাৰে এটা জলন্ত উদাহৰণ | কিন্তু পৰাধীনতাই বিহুকো বহু জ্বলা দিছিল, বোধহয় বিহুৱেও পৰাধীনতা স্বীকাৰ কৰি লৈছিল | নহলেনো, হলিৰাম ঢেকিয়াল ফুকন, আনন্দৰাম ঢেকিয়াল ফুকন, গুনাভিৰাম বৰুৱা, কমলাকান্ত ভট্টচাৰ্য় আদি ব্যক্তিয়ে বিহুক "অশ্বীল" ঘোষণা কৰিব পাৰিলে হয় জানো | সেইসময়ৰ বহু বৰেণ্য ব্যক্তিসকলে বিহুক অকৰম, কু-কৰম, কু-ৰীতি, ব্যভিচাৰ বুলি গৰিহণা দিছিল | যে কি নহওক, লক্ষ্মীনাথ বেজবৰুৱা,

পদ্মনাথ গোহাঞিবৰুৱা, ৰজনীকান্ত বৰদলৈৰ দৰে মনিশীৰ অপ্ৰাণ চেস্টাৰ ফলত তথাকথিত শিক্ষিত সমাজে বিহুক সন্মান প্ৰদান কৰিলে |

এতিয়া থুলমুলকৈ মোৰ লৰালি কালৰ বহাগ বিহুৰ এটা স্মৃতি কব বিছাৰিছো, গৰু বিহুৰ দিনা দেউতাই দোকমোকালিতে শুৱাৰ পৰা উঠাই দিয়ে আৰু কয় "হৰুকাই, যা গোহালিতো চাই আহ, গৰুবোৰ শুই আছে নে থিয় হৈ আছে?" |দেউতাক পুথায়ে, তেওঁক পুলিন পুথাসকলে শিকাইছিল, যে গৰু বিহুৰ দিনা গোহালিত গৰু শুই থাকিলে বানপানী কমকৈ হয় নহলে বানপানী বেছি হয় | বিহু পালনৰ সকলো নীতি নিয়মত এখন কৃষিভিত্তিক সমাজৰ প্ৰতিবিম্ব দেখা পোৱা যায় | কিন্তু আজি আমি কৃষিৰ পৰা বহু দুৰ আতৰি অহা যেন ', গাওঁতো প্ৰায় একেই অবস্থা |গতিকে বিহুৰ নীতি নিয়মৰ প্ৰাসংগিকতা কমি অহাত আচৰিত হবলগীয়া একো নাই | ত‍থচ বিহুৰ নতুন ৰূপটো গ্ৰহন কৰিবৰ সময়ত বুকুত এক অবোজ বেদনাই দহি যায় |বৰ্তমান বিহু পালন কৰা দেখিলে মোৰ মেকুৰি‍ৰ সাধুটোহে মনত পৰে, ' এজন সন্তানে দেউতাক ঢুকোৱাৰ পাছত, সকাম কৰাৰ সময়ত মেকুৰিক পলহত বান্ধিলোৱাটো নিয়ম বুলি ভাবি লৈছিল আৰু গোতেই গাওঁখনত মেকুৰি বিছাৰি চলাথ কৰিছিল | বিহুৰ নিয়মবোৰত আপোনাৰ নিজৰ জীৱনৰ স্বতস্ফোত‍তা অনুভৱ হয়নে ? যদি নহয় ! তেন্তে আপোনাৰ সংস্কৃতি নহয় ! সম্ভৱত আপোনাৰ পূৰ্বপুৰুষৰ | বিহুক ৰক্ষ্যা কৰিব খোজা প্ৰতি অসমীয়াই নিজৰ জীৱনশৈলীক প্ৰকৃতিৰ উচৰত ৰাখি অলপহলেও অকৃত্ৰিম জীৱন যাপনৰ চেস্টা কৰাতো ভাল | বিহু গান গায়,

মঞ্চত নাচনি নচুৱাই, নাইবা হুঁচৰি কৰিয়েই বিহুক ৰক্ষ্যা কৰা সম্ভৱনে ? কাৰণ বিহু হৈছে অসমীয়াৰ জাতিৰ জীৱনশৈলী, জীয়াই থকাৰ কলা, প্ৰেমত পৰাৰ কলা |

বিহু বা যিকোনো সংস্কৃতি বৰ্তমান যিধৰণে পৰিৱৰ্তন হৈছে সেয়া সচাকৈ চিন্তনীয় | এচাম বুদ্ধিজীয়ে পৃষ্ঠায়ে পৃষ্ঠায়ে টোকা লিখিছে, যে এই পৰিৱৰ্তনে আমাৰ জাতীয় একতা, বৈশিষ্ট, নিযশ্বতা ... আদি ধ্বংস কৰিছে, কিন্তু ধনাত্মক প্ৰভাৱহে মৰিচিকাৰ দৰে | লৰালি কালতে পঢ়া হেম বৰুৱাৰ এটা অৰ্থহীন যেন লগা কবিতা বাৰে বাৰে অৰ্থপূৰ্ন হৈ ধৰা দিছেহি,

মই এটা মানুহ লগ পাইছিলোঁ

দিগ্বলয় খেদি লৰি ফুৰা |

তাৰ কাষ চাপি মই 'লো;

``তুমি মূৰ্খ; মিছাতে কিয় লৰি ফুৰিছা?"

হাঁহি এটা মাৰি সি কৈ ' ;

``তুমি হে মূৰ্খ মই নহয়"

--- এইবুলি সি আকৌ লৰিবলৈ ললে |


কৃষ্ণগহ্বৰৰ আঙুঠি



কৃষ্ণগহ্বৰ (Black Hole) বৃশ্ববক্ষ্মাণ্ডৰ এটা অসাধাৰণ বস্তু, কৃষ্ণগহ্বৰৰ নক্ষ্যত্ৰ বা গ্ৰহবোৰৰ দৰে চাৰিউফালে কঠিন পৃষ্ঠ নাথাকে৷ বহু সময়ত ইয়াক মহাকাশৰ আটাইতকৈ সৰল বস্তু হিচাবেও কোৱা হয়৷ সূৰ্যৰ দৰে নক্ষ্যত্ৰবোৰ অতন্ত্য গৰম হাইদ্ৰজেন আৰু হিলিয়াম গেছৰ সমস্তি, গেছবোৰ স্বতস্ফূতভাবে ঘতি থকা পাৰমাণবিক পক্ৰিয়াৰ বাবেই ১০ লাখ মান ডিগ্ৰি উষ্ণতাত দিনে-নিশাই জ্বলি থাকে৷ পাৰমাণবিক পক্ৰিয়াত হাইদ্ৰজেন আৰু হিলিয়াম গেছবোৰ জ্বলি যি চাপৰ সৃষ্টি হয় হেই চাপেই তৰাটোক সন্তুলিত কৰি ৰাখে, কিন্তু এই পক্ৰিয়াৰ অন্তত ব’ৰন, কাৰ্বন, …, আইৰনৰ দৰে গধুৰ পৰমাণুবোৰৰ সৃষ্টি হয়৷ এনেদৰে যেতিয়া এটা বিশাল তৰাৰ সকলো পাৰমাণবিক শক্তি জ্বলি শেষ হৈ যায়, তেতিয়া মহাকৰ্ষণীয় আকৰ্ষণ বলে তৰাটোৰ আভ্যন্তৰিন গেছৰ চাপ নেউচি তৰাটোক চেপি, ইয়াৰ কেন্দ্ৰত অতি গধুৰ এক ক্ষুদ্ৰ স্থানৰ সৃষ্টি কৰে৷ মাতৃ তৰাটোৰ ভৰ অনুহৰি এই প্ৰদ্ধতিতে বগা বামণ তৰা (White dwarf), নিউত্ৰন তৰাৰ (Neutron star) বা কৃষ্ণগহ্বৰৰ জন্ম হয়৷ কৃষ্ণগহ্বৰৰ ভৰ আমাৰ সূৰ্যৰ তুলনাত কেইবাগুণো গধুৰৰ পৰা সূৰ্যৰ ভৰতকৈ কোটি কোটি গুণ গধুৰ হব পাৰে৷ ইয়াৰ চাৰিউফালে এখন গোলাকাৰ কাল্পনিক পৃষ্ঠৰ কল্পনা কৰিব পাৰি যাক ইভেন্ট হৰাইজন (Event Horizon) বুলি কোৱা হয়৷ কোনো বস্তুৱে যদি এই ইভেন্ট হৰাইজন পাৰ হৈ ভিতৰলৈ সোমায় যায় সি আৰু উলাই আহিব নোৱাৰে, আনকি পোহৰো উলাই আহিব নোৱাৰে৷ এই গুণৰ বাবেই ইয়াক কৃষ্ণগহ্বৰৰ অৰ্থৎ ক’লা গহ্বৰৰ বুলা হয়৷ হাতিপতীকে ধৰি সকলোবোৰ গেলেস্কিৰ কেন্দত এটা অতি গধুৰ কৃষ্ণগহ্বৰ থাকে, এই কৃষ্ণগহ্বৰেই সমগ্ৰ গেলেস্কিৰ গতি আৰু প্ৰগতি প্ৰভাবিত কৰে৷ চাৰ ৰ’জাৰ পেনৰজ্, প্ৰফেচৰ এনৰিয়া গেজ্, আৰু প্ৰফেচৰ ৰেইনহাৰ্ড গেনজেলে গেলেস্কিৰ কেন্দ্ৰত থকা অতি গধুৰ কৃষ্ণগহ্বৰ আবিস্কাৰৰ বাবেই এই বছৰ অৰ্থাৎ ২০২০ চনৰ ন’বেল পুৰস্কাৰে সন্মানিত কৰে৷

আমি পোহৰৰ সহায়ত বৃশ্ববক্ষ্মাণ্ডৰ সকলো বস্তু দেখি পাওঁ, যিহেতু কৃষ্ণগহ্বৰৰ পৰা পোহৰো উলাই নাহে, গতিকে ইয়াক পোনপটিয়াকৈ দেখি পোৱা অসম্ভৱ৷ কৃষ্ণগহ্বৰৰ চাৰিওফালে থকা গেছ, ধূলিকণা, তৰা ইত্যাদিৰ গতিক পর্যবেক্ষণ কৰি কৃষ্ণগহ্বৰৰ উপষ্ঠিতিৰ আনুমান কৰিব পাৰি৷ বিষেশকৈ কৃষ্ণগহ্বৰৰ চাৰিউফালে থকা গেছবোৰে এক্ৰিচিয়ান দিস্ক নামৰ এখন অতন্ত্য গৰম থালিৰ দৰে আক্ৰিতিৰ সৃষ্টি কৰে৷ ইয়াৰ পৰা নিৰ্গত হোৱা বিদুৎ-চুম্বকিয় তৰংগক (উদাহৰন স্বৰূপে, এস্ক-ৰে তৰংগ, ৰেডিঅ’ তৰংগ, ইত্যাদি) পর্যবেক্ষণ কৰিও কেন্দত থকা কৃষ্ণগহ্বৰৰ অনুমান লগোৱা হয়, ইয়াৰ দাৰা কৃষ্ণগহ্বৰৰ ভৰ আৰু ঘূৰ্নণৰ গতিৰো অনুমান কৰিব পাৰি৷

কৃষ্ণগহ্বৰৰ প্ৰথম ধাৰণা মহামতি আইনষ্টানৰ সাধাৰণ আপেকিক্ষতাবাদৰ সুত্ৰৰ পৰা পোৱা য়ায়৷ এই সুত্ৰৰ মতে, স্থান আৰু কাল (Space-time) এখন ৰবৰৰ পৃষ্ঠৰ দৰে ভাবিব পাৰি, পৃষ্ঠখনত যিমানে গধুৰ গ্ৰহ, নক্ষত্ৰ থাকে হেইমতেই বক্ৰ ৰূপ ধাৰণ কৰে৷ গতিকে, আমাৰ চাৰিউফালে থকা স্থান আৰু কালৰ ধৰ্ম তাত উপষ্ঠিত ভৰৰ উপৰত নিৰ্ভৰ কৰে৷ সকলো বস্তুৰ গতি পথো স্থান আৰু কালৰ বক্ৰতাই নিৰ্ধাৰন কৰে৷ উদাহৰণ স্বৰূপে, পৃথিবীৰ চাৰিউফালৰ বক্ৰতা পৃথিবীৰ ভৰে নিৰ্ধাৰণ কৰে, আৰু হেই বক্ৰতা অনুহৰি আমাৰ লগতে চন্দ্ৰ আদি কৰি সকলো কৃতিম উপগ্ৰহে গতি কৰে৷ এই সুত্ৰৰ পৰাই জানিব পৰা যায় যে পোহৰ গতিপথ সাধাৰনতে সৰল ৰৈখিক, অৰ্থাত পোহৰ সদাই পোনে পোনে গতি কৰে৷ আনহাতে পোহৰ কোনো অতন্ত্য গধুৰ বস্তুৰ কাষেৰে গতি কৰিলে গতিপথ বেকা হৈ যায়৷ যিহেতু, কৃষ্ণগহ্বৰৰ উচৰত স্থান আৰু কালৰ ধৰ্ম অতি চৰম হৈ পৰে গতিকে কিছুমান পোহৰ কৃষ্ণগহ্বৰৰ চাৰিওফালে গোলকিয় গতিত ঘূৰি ফুৰে৷ এনে পোহৰে কৃষ্ণগহ্বৰৰ চাৰিওফালে আঙুঠিৰ দ্বৰে আক্ৰিতিৰ সৃষ্টি কৰিব৷

বিজ্ঞানীসকলে বহুবছৰ আগৰে পৰা কৃষ্ণগহ্বৰৰ আঙুঠিৰ অনুমান কৰিছিল, কিন্তু ইয়াক পৃথিবীৰ পৰা পর্যবেক্ষণ কৰা আসম্ভব আছিল৷ কাৰণ ইয়াৰ বাবে পৃথিবীৰ সমান আকৃতিৰ টেলিস্ক’পৰ প্ৰয়োজান, যিতু নিৰ্মাণ কৰা সম্ভব নহয়৷ কিন্তু আসম্ভবক সম্ভব কৰি তুলাই যে মানব সভ্যতাৰ বিষেশ গুণ৷ বিজ্ঞানীসকলে পৃথিবীৰ বিভিন্ন স্থানত থকা ৰেডিঅ’ টেলিস্ক’প বোৰ চুপাৰ কম্পিউটাৰৰ জৰিয়তে একেলগ কৰি অপেক্ষিক ভাবে পৃথিবীৰ সমান টেলিস্ক’পৰ নিৰ্মণ কৰে, ইয়াক ইভেন্ট হৰাইজন টেলিস্ক’প বুলও জনা যায়৷ এই টেলিস্ক’পৰ জৰিয়তেই, ২০১৯ চনত বিজ্ঞানীসকলে আনুমান কৰা ধৰনেই প্ৰথম কৃষ্ণগহ্বৰৰ ছাঁৰ এখন ছবি উঠোৱা হয়৷ ছবি উঠোৱা এই কৃষ্ণগহ্বৰটোৰ নাম মেচিয়াৰ ৮৭ (M 87), ই আমাৰ হাতিপতীৰ কাষৰ ভাৰ্গ’ গেলেস্কি সমষ্টিৰ কেন্দত থকা এটা অতিকায় কৃষ্ণগহ্বৰ৷ এই ছবিৰ পৰা বিজ্ঞানীসকলে গনণা কৰি উলিয়াই যে এই কৃষ্ণগহ্বৰটোৰ ভৰ সূৰ্যৰ ভৰতকৈ ৬.৫ বিলিয়ন গুণ অধিক বেচি৷ বৰ্তমান বিজ্ঞানীসকলে আমাৰ হাতিপতীৰ কেন্দত থকা ছেযিটাৰিয়াচ এ* নামৰ অতিকায় কৃষ্ণগহ্বৰটোৰ ছবি উঠোৱাৰ কামত দূৰ্ত গতিৰে আগবাঢ়িছে৷

এই আবিস্কাৰে মহাকাশবিজ্ঞান আৰু জ্যোতিবিজ্ঞানৰ ক্ষেত্ৰত নতুন দিগন্তৰ সুচনা কৰে৷ ই আইনষ্টানৰ সাধাৰণ আপেকিক্ষতাবাদৰ সুত্ৰৰ সত্য-সত্যতাৰ প্ৰমাণ দিলে, লগতে মহাকাশত কৃষ্ণগহ্বৰৰ উপষ্ঠিতিৰ পোনপটিয়া প্ৰমাণ দিলে৷ মানুহৰ বৌধিক জ্ঞানৰ দাৰা উপজা কৃষ্ণগহ্বৰৰ আজি বাস্তবিক ৰূপত আবিস্কাৰ হ’ল৷ গতিকেই কৃষ্ণগহ্বৰৰ আঙুঠিৰ আবিস্কাৰ আমাৰ বৌধিক জ্ঞানৰ পৰিপক্কতা আৰু অনুসন্ধিছাৰ এক উৎকৃষ্ট নিদৰ্শন হৈ পৰিছে৷