কবিতা
১. বৰষুণ
এইবাৰো বৰষুণ নাহিল,
দ্বিতীয়টো বসন্ত পাৰ হৈ গ'ল |
নাঙলটোও ফাটি ছিৰাছিৰ হল ৰ'দত |
কোৰখনকে ভৰষা কৰি বহি আছোঁ|
যোৱাবাৰ বসন্ততে কুলিজনিক কৈছিলোঁ-
তোৰ দেউকা এখনকে হৈ দিওঁ,
মোকো লৈ যা !
কোনোবা বৰ্ষাসিক্ত অৰণ্যলৈ,
একেলগে শালি খেতি কৰিম |
তাই ক'লে-
পিছে মোৰ দেউকাখন কাক দি যাম ?
সেইখন যে মোৰ তোতকৈও আপোন |
যাওঁতে যাওঁতে তাই কৈ গ'ল,
অহাবাৰ বসন্তত দেৱী পুজা কৰিবি,
মই সুধিছিলো: কোন দেৱীক ?
তাই ছাগে নুশুনিলে !
দেউকা দুখন কোবাই কোবাই গুছি গ'ল |
এইবাৰ বসন্তত দেৱী পুজা কৰিলোঁ
ভাবিলো বৰষুণ আহিব,
ৰঙা কুকুৰা এটাও উৎৰ্সগা কৰিছিলো |
কিন্তু বৰষুণ নাহিল |
একো নকলেও,
অহাবাৰ বসন্তত কি কৰিম !
২. এজনী নিজৰাৰ সন্ধানত
সপোনত এজনী নিজৰা বৈ অহা দেখিলো,
মোৰ পথাৰখন মৰ-মৰ কৈ তিয়াই নিছিল |
নিজৰাজনীৰ সন্ধানত ঘূৰি ফুৰিছো,
মোৰ পথাৰখনত চিৰালফাট দিছে |
হয়তো মোৰ সোণাৰুজোপা নুফুলিব এইবাৰো !
৩. এজনী নিজৰা
তাই জনা নাছিল যে,
মোৰ পথাৰত পানীৰ অভাৱ |
বাৰিষা হিল-দ'ল ভাঙি আহিছিল, মোৰ দুখ দেখি |
গোটেই পথাৰখন তিয়াই নিছিল, মৰ-মৰ কৈ,
তাইৰ পলসুৱা পানীৰে |
কিন্তু,
তাই মোৰ কোৰখনৰ সৈতে জাপিটোও উটাই লৈ গল |
তাইৰ কোৱাল সোতৰ আগত মই আছিলো অসহায় |
৪. এৰাসুতিৰ বিলখন
নিজৰাজনী আতৰি গ’ল বহুদুৰ
সুতি সলাই সলাই কোনোবা অচিন পথাৰ পালিগৈ
দুৰনিত কুলু-কুলু শব্দ শুনো খৰালি,
বাৰিষা শুনো মৰমৰনিৰ শব্দ,
বহুদুৰ আতৰি গলগৈ নিজৰাজনী৷
একালৰ মোৰ উৰ্বৰা পথাৰত
শুভ্ৰ বালিচৰ, উৰ্বৰা পলস, আৰু জাবৰৰ দ’ম,
বালিচৰত গজি উঠিছে খাগৰি আৰু বনৰীয়া ফুল,
পলসত গজি উঠিছে সেউজীয়া ঘাহঁ,
আৰু জাবৰৰ দ’ম বোৰত বাহঁ সাজিছে বালিমাহি চৰায়ে৷
এৰাসুতিটো এখন বিল হৈ পৰিল,
বিলখনৰ চাৰিওফালে গঢ়ি উঠিছে এখন হাবিও,
আজাৰ,পানী মধুৰী, দীঘলতি, ইকৰা, খাগৰিৰে৷
পানী কাউৰী, শৰালি হাহঁ অতিথি হয় প্ৰতিদিনে৷
এইবাৰ মেটেকাবোৰো আকাশ বেঙুনীয়া কৰি ফুলিছিল৷
এটা জুপুৰী সাজিছো বিলখনৰ পাৰতে,
এইবাৰ ৰঙালাওৰ খেতি কৰিছিলো বিলৰে পাৰত,
গাঠিয়ে গাঠিয়ে লাগিছিল লাও, উভয়নদী হয়৷
ভাবিছো, এইবাৰ তাত শালি ধানৰ খেতি কৰিম৷
৫. মই শব্দবোৰ সংজ্ঞাবদ্ধ কৰো, তোমালৈ
মই শব্দবোৰ সংজ্ঞাবদ্ধ কৰো, তোমালৈ
ক’ম বুলি হৃদয়ৰ কথা ,
কুৰুকি কুৰুকি, নিজৰি নিজৰি
বৈ অহা হৃদয়ৰ ভাষাবোৰ কবলৈ,
তোমাৰ শব্দত সমাৰোপিত
মোৰ জীৱনৰ স্মৃতিবোৰ কবলৈ,
ওঁঠৰ কম্পন আৰু লাস্যময় কবলৈ৷
মই শব্দবোৰ সংজ্ঞাবদ্ধ কৰো, তোমালৈ
মোৰ সপোনবোৰ ক’বলৈ,
একলা একলা বাঢ়ি অহা,হৃদয়ৰ যাতনাবোৰ ক’বলৈ,
হৃদয় তন্ত্ৰীৰ ঝংকাৰ ক’বলৈ৷
মই শব্দবোৰ সংজ্ঞাবদ্ধ কৰো, তোমালৈ
আকাশত ধপলিয়াই ফুৰা ডাৱৰবোৰৰ,
লুকা ভাকু কৰা জোনটোৰ, আৰু
গাজি গোমৰি থকা মেঘৰ দৰে,
উজাগৰে থকা, হৃদয়ৰ কথাবোৰ ক’বলৈ৷
মই শব্দবোৰ সংজ্ঞাবদ্ধ কৰো, তোমালৈ
পুৱাৰ সোণালী আভাৰে কঢ়িয়াই অনা ব্যাথাবোৰ,
লুইতৰ বিশালতাৰ নিস্তব্ধতা,তোমাৰ ওঁঠদুটিৰ মৌনতা আৰু
মোৰ হৃদয়ত মাকো মাৰি থকা কথাবোৰ ক’বলৈ৷
৬. প্ৰেমৰ সুমঠিৰা জ্বলে
হৃদয় উজাৰি প্ৰেম আহে তোলৈ,
মই নিদিওঁ উজাৰি,
ভয় হয়!
কেনেবাকৈ,
তই উটি ভাহি যাৱ বুলি৷
গুপোতে জ্বলে প্ৰেমৰ সুমথিৰা, উমি উমি ৷
৭. ধুমুহা
এয়াইটো ধুমুহা,
হৃদয়ত বলিলেই উৰাই লৈ যায়
আশা আৰু ভৰষাৰ দুয়োখনি চালি,
মোৰ হৃদয়ত বলে ওৰেৰাতি৷
৮. অকলশৰীয়া তয়ো ছাগে
অকলশৰীয়া তয়ো ছাগে,
মোৰ দৰেই৷
সিমান্তৰৰ পহৰী হিমালয়ৰ দৰে,
অকলশৰীয়া মই৷
আমাৰ পথাৰৰ গৰহাজোপাৰ দৰে,
অকলশৰীয়া মই৷
তয়ো ছাগে অকলশৰীয়া মোৰ দৰেই৷
হৃদয়ৰ কথাবোৰ কবলৈ,
একেলগে হাঁহীবলৈ, কান্দিবলৈ
অকলশৰীয়া মই৷
তয়ো ছাগে অকলশৰীয়া মোৰ দৰেই৷
৯. তোৰ আৰু মোৰ হৃদয়
লাইবেৰিটো শুকান, মৰুভূমিৰ দৰে,
কোনো সাগৰ নাই, জোৱাৰ নাই!
সৈয়েহে, লাইবেৰিট তোৰ সৈতে বহিব বিছাৰো৷
তই থাকিলেই যে হৃদয়ত ধুমুহা আহে,
শিলাবৃষ্টি হয়৷
কাৰণ,
তোৰ হৃদয়খন যে সাগৰ,
জোৱাৰ ভাতাৰ উৰ্মিমলা,
মোৰ পাষান হৃদয়ত,
খুন্দিয়াই- খুন্দিয়াই
খোদিত কৰে, প্ৰেমৰ ভাস্কয্য,
সোনালী সপোন, আৰু উৰ্বৰা সমতল৷
ব’ল গুচি যাওঁ কৰ’বালৈ
ব’ল গুচি যাওঁ কৰ’বালৈ, বিহংগৰ দৰে
সাগৰৰ পাৰত বহি, সূৰ্যাস্ত চাম৷
ক’চিৰ সূত্ৰত ৰঙা হোৱা সূৰ্যৰ পোহৰ কোলাত লৈ শুই যাম৷
পিৰামিডৰ পৰা ফ্ৰেচনেলিয় আপবৰ্তীত পোহৰবোৰ চাম, থৰ লাগি৷
নীলৰ পাৰত বহি
সভ্যতাৰ ৰঙীন দিনবোৰ কল্পনা কৰিম৷
ব’ল গুচি যাওঁ কৰ’বালৈ, বিহংগৰ দৰে,
ঈজিপ্তৰ জলফাইৰ তেল আৰু ডালিম ৰসৰ
সোৱাদ লৈ বিভোৰ হম৷
এলেপ’ৰ বিবিধ ব্যঞ্জন আৰু আইচক্ৰিমৰ সোৱাদ লম৷
চীনৰ টেঙা-মিঠা তৰকাৰী আৰু
সাগৰীয় মাছৰ সোৱাদ লৈ বিচৰণ কৰি ফুৰিম মুক্ত আকাশত৷
আমি,
ঔ-টেঙা মাগুৰ মাছৰ জুল, হাঁহ বাহঁগাজ, ডাল-কচু,
মাতিমাহ আৰু গাহৰি মাংসৰ আঞ্জাও লৈ লম,
(তই মেচাকিৰ আগ আৰু খৰিচাও লব পাৰ)৷
ব’ল গুচি যাওঁ কৰ’বালৈ, বিহংগৰ দৰে
আমাজনৰ গভিৰ অৰণ্যত নিশা কটাম,
কচ্চত মৰিচিকা খেদি হেৰাই যাম একেলগে,
এন্টৰ্কটিকাৰ ঠেটোৱৈ ধৰা জাৰত,
সাৱতা সাৱোতি কৰি শুম৷
কাজিৰঙাটো দুটা ৰাতি কটাই যাম,
লুইতেদি ভতিয়াই সুন্দৰবনত বিহাৰ কৰিম৷
সাগৰত উটি-ভাহি ফুৰিম,
আন্দামান, নিকোবৰ, …
ব’ল গুচি যাওঁ কৰ’বালৈ, বিহংগৰ দৰে,
শেষত, জাতিংগাত একেলগে আত্মজাহ যাম৷
১০. নিদ্ৰাহীনতা
কিয় বাৰে বাৰে সাৰ পাই যাওঁ মাজৰাতি!
কোলাহল? নে অসহনীয় নিস্তব্ধতা?
স্মৃতি বোৰে আমনি কৰে শব্দহীন কোলাহলেৰে,
বন্ধ কোঠাত কিৰকিৰনিৰ প্ৰতিদ্ধনি হয়,
মগজুৰ তন্ত্ৰীবোৰে ঝঙ্কাৰৰ সৃষ্টি কৰে, মাজৰাতি৷
সকলোবোৰ সপোনত মাথো দেখো আশাহীনতা,
আশাবোৰ শুকাই শুকাই নাইকিয়া হৈ গৈছে,
খৰালিৰ নদীখনৰ দৰে৷
মাছমৰিয়া ডেকা-গাভৰুবোৰো নাহে এতিয়া৷
নিদ্ৰাহীনতাতে লিখি যাওঁ জীৱনৰ শেষ দফা,
প্ৰতিৰাতি লিখি লিখিও সম্পূৰ্ণ নহয়, নাজানো কিয়?
হয়তো, ই মোৰ জিয়াই থকাৰ প্ৰমান!
ই প্ৰমান দুখ, বেদনা, যাতনাৰ সৈতে মোৰ সহবাসৰ,
আৰু নিদ্ৰাহীনতাৰ৷
১১. গাইনদী মোক বিছাৰি নাহিবি
গাইনদী মোক বিচাৰি নাহিবি মোৰ গাওঁলৈ বাৰিষা,
আন গাৱেঁ গাৱেঁও নিবিছাৰিবি মোক৷
মই বুজিছো, তই মোক দেখা নাই বহুদিন,
মোলৈ মনত পৰিছে ছাগে তোৰো বহুত,
মোৰ দৰেই৷
বাৰিষাৰ শেষতেই মই যাম,
সাউতকৈ মঠাউৰি পাৰহৈ তোৰ কাষ পামগৈ৷
মোৰ গাওঁলৈ নাহিবি গাইনদী, মোক বিচাৰি৷
তই যে খঙত ঘূলা পানীৰে আউলী-বাউলী হৈ তাণ্ডৱ ক’ৰ,
তোৰ আতংকত পেপুৱা লাগে সকলোৱে৷
তোৰ মৰমৰনিৰ শব্দই বুকু কপায় খেতিয়কৰ,
গায়-দামৰীয়েও সেম্বলীয়াই তোৰ হুংকাৰত৷
তই মোক বিছাৰি নাহিবি মোৰ গাওঁলৈ গাইনদী,
ময়ে যাম তোৰ কাষলৈ৷
তই আঁহো বুলিলে তোক জানো ৰাখিব পাৰি,
ঘাইপথ, মাঠাউৰি, পথাৰ, হাবি সকলো মহতিয়াই আহিবি তই,
হলেও তই নাহিবি৷
ক্ষতিপূৰণ
মোক ক্ষতিপূৰণ হিচাবে অলপ উশাহ লাগে,
ঠাণ্ডা বা গৰম উশাহ নহয়,
দীঘল বা চুটিও নহয়,
এইবোৰ মোৰ আছে।
মোক ক্ষতিপূৰণত লাগে অলপমান সাধাৰণ উশাহ৷
সৰুতে আইৰ কোলাত শুই থাকোতে লোৱা উশাহৰ দৰে,
অলপমান একেবাৰেই সাধাৰণ উশাহ লাগে।
ভোগালী বিহুৰ আঞ্জা
আখলঘৰত এখন ৰণ হব,
লাইশাক, মূলাশাক, মেমেধু,.....
চিৰা-দৈ, আখৈ, লাড়ু, ......
ঘিলা পিঠা, তিল পিঠা, আৰু কত কি !
ঞয়ৰভঙাৰ গাহৰি মাংস, মেৰ-লাইৰ ঠাৰি আৰু পকা ঔ-টেঙাঁ,
পৰকিয়া প্ৰেমৰ দৰে, মিঠা-টেঙাঁ সোৱাদ ৷
আৰু লগত, তাইৰ কঁকালৰ দৰে লাহি-পাহি,
ন-লাহি ধানৰ, ন-ভাত৷
লফা শাকৰ লগত বৰালি মাছৰ,
আহাৰ মাহৰ মৃদু বতাহৰ দৰে,
নাইবা, তাইৰ প্ৰেমৰ দৰে আঠা লগা আঞ্জা৷
বেমাৰৰ উক
পুৰণা বেমাৰবোৰ আকৌ উক দিছে।
অসুখবোৰে লগ এৰা বহুদিনেই হৈছিল,
হয়টো বছৰচেৰেকেই হ'ল।
বুকুৰ অবুজন বিষতো উকাওটেই,
আনিছিলো এবোজামান ঔষধ৷
এতিয়া সকলো ঔষধৰে ম্যাদ উকলি গ'ল।
মই আশা কৰিছিলো,
বেমাৰবোৰ ঘুৰি নহাৰ,
আশা কৰিছিলো নিৰুগি হৈ থাকাৰ চিৰজীৱন,
আৰু আশা কৰিছিলো
অযুত-নিযুত আশা,
জহৰা-মাউৰা আশা
উক দিছে মোৰৰ বিষতোও,
হাতখনো কপে ঘনে ঘনে,
হেইতোও মোৰ পুৰনা বেমাৰ৷
১. উজনিলৈ, ভটিয়াই
এজাক আত্মা ভঁৰলুমূখত,
বগা কাপোৰ পাৰি বহি আছে,
সন্মুখত এযোৰ তবলা, তাল আৰু হাৰমনিয়াম ৷
মুখত মুখা লগাই থৈছে সকলোৱে ৷
মোক চিঞৰি সুধিলে, সকলোতকৈ বুঢ়া জনে
“ক’লৈ যাৱ অ’ ডেকা ল’ৰা?”
মই কলো, “উজনিলৈ” !
“তেনেহ'লে ভটিয়াই গৈছ কিয়?”
মই মিচিকিয়াই শুধিলো, আপোনালোক নো কোন ?
তেওঁলোকে উত্তৰ দিব নিবিচাৰিলে !
মাথো মিচিকিয়ালে ৷
মই আগুৱাই গলো, উজনিলৈ ! মোৰ মতে ৷
২. মৃতদেহ লুইতৰ বুকুত
সাত-আঠ টা মৃতদেহ, লুইতৰ বুকুত৷
গেলি-পচি পুটিগন্ধময়, বগা-ক’লা পোকেৰে ভৰ্তি আৰু মাখি৷
বোধহয়, এটা দেহ পুৰুষৰ বাকিকেইটা মহিলাৰ৷
লুইতৰ পানীত একাকাৰ হৈ গৈছে
তেওঁলোকৰ গলিত দেহ, মৰা তেজ-পুঁজ৷
ঢোঁৱা কাউৰি আৰু চিলনীৰ কৰা আজোঁৰা৷
মোৰ শ্বাৱাৰেদি নিগৰি নিগৰি পৰিছে,
তেওঁলোকৰ গলিত দেহ, মৰা তেজ-পুঁজ৷
মই ধোব খুজিছো, মোৰ মলিয়ন দেহ আৰু মন,
গলিত দেহ, মৰা তেজ-পুঁজৰ পানীৰে৷
৩. আন্ধাৰ
বিশ্বব্ৰক্ষ্মাণ্ডৰ প্ৰতিটো কণে-কণে আন্ধাৰৰ বাস,
পোহৰৰ মাজে মাজে,
ক্ষুদ্ৰতকৈ ক্ষুদ্ৰতম ফাকে ফাকে আন্ধাৰৰ বাস,
আন্ধাৰ নশ্বৰ, আন্ধাৰৰ মৃত্যু নাই |
আন্ধাৰে নিজৰ বুকুফালি জন্ম দিছিল পোহৰ,
জকমকিয়া পোহৰ সকলোৰে প্ৰিয়,
কিন্তু, জহি জহি যাহ যায় আন্ধাৰত |
আন্ধাৰ নশ্বৰ, আন্ধাৰৰ মৃত্যু নাই |
৪. ধ্বংসযজ্ঞৰ পুজাৰী
ধ্বংসযজ্ঞৰ পূজাৰী মই
তাণ্ডৱ মোৰ প্ৰিয় নৃত্য
ধ্বংসৰ আবাহন কৰো মই, প্ৰতিদিন, প্ৰতিৰাতি |
বাৰিষাৰ নদীৰ পাৰত গৈ নদীক কওঁ,
উফন্দি উঠা, তাণ্ডৱ কৰা,
মোৰ ধাননি বোৱাই নিয়া |
মোৰ সুখৰ সংসাৰ উটাই নিয়া |
মোৰ আবাহনতেই নদী পাগলি হয়,
বাউলি হয়, উন্মাদ নৃত্য কৰে |
ব্ৰক্ষ্মপুত্ৰক কওঁ, প্ৰতিদিনে,
তচনচ্ কৰা এই মথাউৰি,
সভ্যতাৰ দুৰ্গন্ধ ধুই নিয়া |
চহৰ, নগৰ, মহানগৰবোৰ মুক্ত কৰা যান্ত্ৰীকতাৰ পৰা |
পৃথিৱীক কওঁ,
জাগ্ৰত কৰা তোমাৰ শত শত সুপ্ত আগ্নেয়গিৰি |
কপাই তুলা সম্পূৰ্ণ ধৰা,
নাশ কৰা জীয়াই থকা প্ৰতিতো বিকল্প |
মাথো ধ্বংস কৰা, ধ্বংস |
সূৰ্য্যক কওঁ,
তোমাৰ ক্ৰোধৰ লেলিহান বঢ়াই তোলা,
দপ-দপকৈ জ্বলাই তুলা, প্ৰতিটো সেউজীয়া ভৱিষ্যত |
শুকুৱাই নিয়া প্ৰতি টোপাল তেজ আৰু পানী |
ধ্বংসযজ্ঞৰ পূজাৰী মই,
তাণ্ডৱ মোৰ প্ৰিয় নৃত্য
ধ্বংসৰ আবাহন কৰো মই, প্ৰতিদিন, প্ৰতিৰাতি |
৫. মোৰ দেশ
ধংসপ্ৰাপ্ত দেশ,
অপভ্ৰংশ ভাষা,
বিকাৰগ্ৰষ্ট মস্তিস্ক |
কণ কণ দেহ,
জুন-জুনিয়া হাড়,
শুকান চকু |
আপাদালহীন কানন,
সুৰামত্ত মালি,
আসুৰিক ৰাজকুমাৰ |
মুক্তদেশ, বন্দী প্ৰজা,
শতেক কাকতি ফৰিং,
ভাৱৰীয়া ভাৱত মত্ত |
৬. হেৰ' অসমীয়া
হেৰ' অসমীয়া,
বুৰঞ্জীৰ পাত নাচাৱ কিয় ?
কানাই বৰশী বোৱা শিলালিপি চা !
নুশুন জানো, পৃথু মহাৰাজৰ শব্দ,
অসমীয়াৰ তেজৰ ভৈৰৱ নৃত্যৰ উদাত্ত কণ্ঠ,
নুশুন জানো, মৃত্যুৰ আৰ্তনাদ আৰু বিজয়ৰ শ্লগান,
নুশুন জানো, মৃত্যুৰে অমৰ হোৱা সৈনিকৰ শেষ নি:শ্বাসৰ সুৰ |
হেৰ' অসমীয়া,
ইতিহাসৰ পাত নাচাৱ কিয় ?
চা, দিহিঙীয়া ৰজাৰ তৰুণ তেজৰ দপদপনি,
মূলাগাভৰুৰ সাহ আৰু দেশপ্ৰেম,
তুৰ্বকৰ অতৰ্কিত আক্ৰমণ, আৰু চা,
হাজাৰ হাজাৰ ডেকা কনচেংৰ বীৰত্ব |
হেৰ' অসমীয়া,
জয়ধ্বজ সিংহ স্বৰ্গদেউক সোধ ?
স্বদেশ হেৰুৱাৰ দুখ আৰু গ্লানি,
আৰু সোধ, পৰাধীনতাৰ চাকনৈয়াত অসমীয়াৰ বলিদান |
চক্ৰধ্বজ সিংহ স্বৰ্গদেউক সোধ ?
সুখৰ ভাতগৰাহৰ কথা,
শৰাইঘটীয়া বৰফুকন, হাজৰিকাবোৰক, নাইবা সৈনিকবোৰক সোধ,
শতৰুৰ তেজেৰে লুইতৰ পানী ৰঙা কৰাৰ কৌশল |
হেৰ' অসমীয়া,
সাৰ-পা,উঠ !
বেলি লহিয়াবৰ হ'ল !
বিষ্ণু-জ্যোতি ককাইদেউৰ গান মুঠিত বান্ধি উলাই আহ,
বুকুত হাত থৈ শুন,
তোৰ হৃদয়ত শৰাইঘটীয়াৰ তেজে কোৰ্হাল কৰিছে |
আমি জানো ধোদৰ বংশধৰ হয় ?
উঠ, মোমাই কটা গড়ে চকুলো টুকিছে |
৭. অপমৃত্যু
ঘট ঘট কৈ দুটা বলধে,
মোৰ সন্মুখতে হ্ৰদতো পি খালে !
মই একো কৰিব নোৱৰিলো |
তোৰ চকুপানীবোৰ নিজৰিছিলহে,
কাউৰী কেইজনীয়ে,
শিলগুটি পেলাই পেলাই পুটি পেলালে |
মোৰ হ্ৰদতোৰ মৃত্যু হল, অপমৃত্যু |
তোৰ চলচলিয়া চকু দেখি মই বুজিছো,
তই মুখলধাৰে কান্দিবি মোৰ হ্ৰদতোৰ বাবে !
কিন্তু,
মই পানীবোৰ ৰাখিম ক’ত,
মোৰ হ্ৰদতোৰ মৃত্যু হল, অপমৃত্যু |
কাউৰীবোৰৰ শিলগুটি দি পানী খোৱাতো পুৰণা অভ্যাস |
তই নাকান্দিবি |
৮. দু:খিত মই
দু:খিত মই,
তোমাৰ সন্মুখত কন্দাৰ বাবে |
তুমি চকুলোবোৰ হয়তো নেদেখিলা,
তোমাক দেখিলেই যে বৰষুণ আহে মোৰ হৃদয়ত |
সময়বোৰ হেৰাই যায়,
মোৰ চকুলোবোৰ বৰষুণত হেৰোৱাৰ দৰে |
সময়বোৰ মলি মলি
হৃদয়ৰ বিষবোৰ পখালো |
ওমৰৰ তীৰ্থৰ দৰে হেৰাই নযায়, বিষবোৰ সময়ৰ সোঁতত |
মাজনিশা উক দিয়ে হৃদয়ত,
বিষাক্ত কৰি পুৱতি নিশা |
৯. বসন্ত আহে একেদৰেই
হাজাৰটা শীতকাল দেখিলো,
কঠিন, শুকান, কথোৰ, নিষ্ঠুৰ |
গছৰ শুকান ছালৰ, লঠঙা ডালৰ চকুলোও দেখিলো,
পদপথৰ আবাসীৰ কম্পনৰ
থক-থক শব্দৰ কৰুণ সুৰো শুনিলো |
কিন্তু বসন্ত সদায়ে আহে,
হয়তো, সকলোবোৰগছ সজীৱ হৈ নুঠে বসন্তত,
নতুন আবাসী আহে পদপথলৈ,
কিন্তু বসন্ত আহে, একেদৰেই |
১০. মই দেখিছো
মই বৃহৎ বৰগছৰ পাত সৰি লঠঙা হোৱা দেখিছো
দেখিছো, ডালবোৰ ভাঙি যোৱা
পছাঁ টোকোৰাবোৰ বতাহত উৰা
দেখিছো, অগ্নিকাষ্ট হোৱা ৷
মই দেখিছো, সভ্যতাৰ শুকান পৰশত
মৰিশালি হোৱা নদীৰ পাৰ ৷
বকৰানি হোৱা, প্ৰানোচ্চল উপত্যকা
দেখিছো, নদীৰ ধলে চকুলো টোকা ৷
মই দেখিছো, বানত ঠানবান হোৱা ভবিষ্যত ৷
ফুলনিত কহুৱা আৰু
নাদ বালিত পোত যোৱা ৷
দেখিছো, বিধষ্ট ঘৰৰ মজিয়াত
কলামোচ’ৰা সাপে কণী পৰা ৷
আৰু বানত মাউৰা হোৱা সন্তানৰ কান্দোন ৷
মই দেখিছো, যাযাবৰি নিশাৰ ক’ত দুৰ্বুধ্য সপোন ৷
দেহ বিক্ৰী কৰা গাভৰুৰ দ’ল
সিহঁতৰ হৃদয় ভৰা ব্যাথা আৰু চকুলো ৷
১১. মাজ নিশাৰ কাহিনী
ওঁঠৰ ভাষাবোৰ হেৰাই, সপোনৰ চাকনৈয়াত
মৃত বিহঙ্গ হৈ উৰি ফুৰে, মাজনিশা
ডায়েৰীৰ পাতত খোদিত হয় আত্মহত্যাৰ টোকা ৷
প্ৰতিদিনে হত্যা কৰো নিজক
কবৰত ফুল হৈ ফুলে সপোনবোৰৰ চকুলো
আৰু নিগৰি নিগৰি বয় গংগাৰ দৰে ৷
যেন, ধুই লৈ যাব খোজে হৃদয়বোৰ
উটাই লৈ যাব খোজে ব্যাথাবোৰ ৷
জীবিত হোৱাৰ দুৰ্বাৰ হেপাহত জীয়াই থাকো
হয়তো, মোৰ জন্মৰো কাৰণ আছে
তোৰ ৰঙীন হোৱা গালদুখনত
খঙত ফুলি উঠা নাকটোত
আৰু তোৰ শেৱালীবুলিয়া হাঁহিত
নাইবা, নিৰবধি বৈ থকা লুইতত ৷
১২. মই কান্দিব বিচাৰো
মই কান্দিব বিচাৰো, চকুলো বোৱাই
শাওনৰ কলহেধলা বৰষুণৰ দৰে ৷
মোৰ যে চকুলোবোৰ গোট মাৰিল
হৃদয়ৰ কোঠালিবোৰত বৰফচেঁচা হৈ
লাগি আছে চকুলোবোৰ ৷
আমাৰ আগৰ ৰেলৰ কাৰখানাৰ আৰ্বজনাবোৰত
জীবনৰ ফলনৰ অনুদৈঘিক অনুকলনৰত
হৃদয়বোৰ দেখি কেনে লাগে জান’
সিহঁতৰ জীৱনবোৰ মাঠো অসংযত
কেনেকৈ অনুকলন কৰিব ?
সৌ সিদিনা, এটা কুকুৰ পোৱালী মৰিল, মোৰ আগতে
গাড়ীৰ চকাৰ তলত,
আগতো মৰিছে কেইবাটাও ৰেলৰ আলিত
কানৈ কলেজৰ সন্মুখতে
আমি নাকেৰে শুঙি শুঙি ভক্ষ্যন কৰিলো, সিহঁতৰ মৃতদেহবোৰ৷
সেয়েহে, মোৰ চকুলোবোৰ বৰফ হৈ গৈছে ৷
সৌ সিদিনা, চৌকিডিঙিত সৰু ল’ৰা এটাই কৈছিল
“দাদা দুই ৰুপিয়া হব?”
পল্টন বজাৰ, থানা চাৰিয়ালি, সকলোতে
সিদিনা, শিৱসাগৰৰ বাছষ্টেণ্ডটো খুজিছিল
“আপোনালোকৰ যোৰি চালামত থাকিব” বুলি
সিহঁতৰ সকলোফালৰ সিচৰিত দুখ বেদনা দেখিও
মই কান্দিব নোৱাৰো ৷
মই কান্দিব বিচাৰো,
মোৰ হৃদয়ক অলপ উম লাগে
বৰফ গলাৰ জোখাৰে,
মোক চকুলো লাগে সাগৰৰ সমান,
মই কান্দিব বিছাৰো মুখলধাৰে ,
শাওনৰ কলহেধলা বৰষুণৰ দৰে ৷
১৩. চাকনৈয়া
আকাশত শগুনৰ ডাৱৰ
চিলনীৰ অবাধ বিচৰন
মাজনিশা, সাৰ পাওঁ শিয়ালৰ চিঞৰত ৷
প্ৰেমৰ সপোন দেখা জানো সম্ভৱ ?
সম্ভৱ জানো ৰঙা গোলাপৰ সপোন দেখা ?
সপোন দেখো মাথো,
কেচা তেজৰ, মৰিশালিৰ, মৃতদেহৰ, কঙ্কালৰ ---
লথঙা দালত ৰঙীন সপোন দেখা কবিজন ভাগৰি গৈছে,
শীতৰ থৰঙা জাৰত থৰথৰকৈ কপিছে
বসন্তৰ বাবে ৰৈ ৰৈ কান্দিছে
শুই যাব বিছাৰিছে তেওঁ নিদ্ৰাত, চিৰনিদ্ৰাত।
১৪. মোৰ সংগী
বৰদৈচিলাৰ পৰা আজোৰি,
এটা উশাহ ভৰাই দিছিল হৃদয়ত, আয়ে৷
লগতে সোমাই আহিছিল,
এজাক ঘূৰ্ণি বতাহ, এজাক বৰষুণ, আৰু
এহাল গাজনি-ধেৰেকনি যমজ৷
কোঠ মাৰি বহিছিল সকলোবোৰ হৃদয়ত৷
মোৰ লগতেই বাঢ়িছিল সিহঁতো,
এতিয়া সিহঁত মদগজ যৌৱন প্ৰাপ্ত, মোৰ দৰেই৷
ধপলিয়াই ফুৰে হৃদয়ৰ কোণে কোণে,
তুলপাৰৰ সৃষ্টি কৰে হৃদয়ত৷
১৫. অশীৰীৰ প্ৰেম
নগ্নতা মোৰ প্ৰীয় পোচাক,
এই পোচাক পিন্ধিয়েই মই শুব যাওঁ ৰাতি,
সপোন দেখো আৰু উঠো, ৰাতিপুৱা৷
বতাহজাকে জোমি চাই যায়, খিৰিকিয়েদি,
অশীৰীৰ আত্মাবোৰক সংবাদ দিয়েগৈ৷
এজনী অশীৰী আহে মোৰ বিচনালৈ প্ৰতি ৰাতি,
মোৰ সংগী হবলৈ৷
মোৰ সকিয়নি শুনিও, মোৰ প্ৰেমত পৰিছে তাই৷
তাই প্ৰেমত পৰিছে, এটা নগ্ন দেহৰ,
এখন নগ্ন হৃদয়ৰ৷
ময়ো আপেক্ষা কৰো তাইৰ, প্ৰতি ৰাতি৷
ময়ো প্ৰেমত পৰিব বিছাৰো তাইৰ,
তাইৰ শূন্য হৃদয়ৰ, শূন্য দেহাৰ৷
১৬. সপোনৰ দাম কিমান?
পিঁয়াজ কিমান মহঙা?
চাউলৰ দাম কিমান?
ডাইল কিমানত পোৱা যায় বজাৰত?
কিনিব পাৰিছেনে আপোনি, ডাইল, চাউল, তেল?
আপোনি কিনিব পাৰিছেনে সপোন?
ককা-আজোঁককাৰ সপোন!
এখন সোনালী অসমৰ সপোন!
আপোন মেটমৰা ভৰাঁলৰ সপোন!
সপোন দেখিব পাৰিছেনে?
জ্যোতি-বিষ্ণু-ভূপেনৰ অসমৰ!
কিয় ইমান মহঙা হয় সপোনবোৰ?
শ্বহীদৰ তেজৰ বিনিময়তহে কিয় বিক্ৰী কৰে সপোনবোৰ?
গণতন্ত্রত ইমান মহঙা হয় জানো সপোনবোৰ?
এয়াই যদি জনতাৰ শাসন হয়,
মোক জনতাৰ শাসন নালাগে৷
১৭. দু:স্বপ্নৰ পোহাৰ
সপোনৰ বণিকবোৰে মেলি দিছে দু:সপ্নৰ পোহাৰ
বুৰঞ্জীৰ ধ্বংসাৱশেষৰ মাজে-মাজে
আন্ধাৰ ৰাতি ফান্দ পাতি ধৰে দু:স্বপ্নবোৰ৷
বৰগীত আৰু জিকিৰৰ মাজৰ পৰাও ধৰি নিছিল এটা দু:সপ্ন৷
বজাৰত বিক্ৰী কৰিছিল স্বপ্নৰ দৰে,
মানুহবোৰেও কিনি নিছিল সেই দু:স্বপ্ন, স্বপ্নৰ দৰে৷
মহানগৰীৰ মাজমজিয়াত তিনিটা দু:স্বপ্নৰ জন্ম হৈছিল,
এটা দাস্টবিনত আৰু এটা ব্ৰক্ষ্মপুত্ৰত পেলাই দিছিল,
আনতো কামাক্ষ্যৰ চৰণত দি আহিছিল মহানগৰ বাসিয়ে৷
আজি বণিকৰ বিপণিত সেই তিনিওটা দু:স্বপ্নও দেখিলো,
নতুন ৰূপত, স্বপ্নৰ সাজসজ্জাৰে, বিক্ৰীৰ বাবে৷
সাৱধান,
আপুনি কিন্তু আপোনাৰ বহা কোঠালি নসজাব, হেই দু:স্বপ্নৰে৷
১৮. ভোকৰ তাৰনা
পেটৰ তাৰনাৰ তাপত তপতোৱা ভোক,
শীতৰ জাজাবৰ জাৰৰ কপনি।
তথাপিও প্ৰতীক্ষ্যা কৰিছে হাজাৰজনে,
সোণালী ভবিষ্যতৰ,
শতিকা শতিকা ধৰি।
একেই তাৰনা, ধৰ্মহীন, জাতিহীন৷
চহৰ-নগৰৰ জাবৰৰ দ’মত,
কাউৰীৰ, চিলনীৰ, ভিক্ষাৰীৰ, মানসিক ৰুগীৰ, কুকুৰৰ--
বানত সৰ্বশান্ত কৃষকৰ,
সেই একেই ভোকৰ তাৰনা৷
১৯. অৰ্থহীন সাথৰ
কল্পনা আৰু পৰিকল্পনা যেতিয়া বিলাসিতা হয়,
সপোনবোৰ মাথো সাথৰ হৈ ৰয়,
এক গভীৰ অৰ্থহীন সাথৰ।
আৰু জীৱন হৈ পৰে জিয়াই থকাতকৈ তুচ্ছ।
তৃপ্ত, সন্তষিত সপোনৰ শেষ হয় পুৱাই,
গ্লানীত ভৰি পৰে হৃদয়, প্ৰতিদিনে৷
মোৰ সন্দেহ হয় মোৰ জীৱনক আৰু চৰিত্ৰক
জীয়াই নাথাকিবৰ মন যায়৷
আৰু যদি জীয়াই থকা মাথো কাম হয়,
কিনো জীয়াম?
মাঠু প্ৰশ্নৰ মিচিল,
থকাসৰকা কৰি যোৱা কল্পনা আৰু পৰিকল্পনা
২০. জীৱ
জীৱটো অকনমান অকনমান থৈ যাওঁ সকলোতে,
কপৌফুল জোপাত, মনোহৰ কল জোপাত, গমাড়ী জোপাত …৷
সিহঁতি সজতনে ৰাখে, দাঙৰ কৰে মোৰ জীৱটো৷
হাল বাওঁতেও পথাৰত,
প্ৰতিটো আঁচে আঁচে এখুদ এখুদকৈ ৰাখি যাওঁ জীৱটো৷
ধানৰ লগতে মোৰ জীৱটোও বাঢ়ে, সেঁউজীয়া হয়৷
যেতিয়া সন্ধ্যা জীৱন যোজঁত অৱস হৈ উভতো,
বতাহজাকে ৰজনিগন্ধাজোপাৰ পৰা অলপমান জীৱ আনি দিয়ে,
মই আকৌ সজীব হৈ পৰো ফুৰফুৰিয়া গন্ধত৷
২১. আই মোৰ ভয় লাগিছে
আই, আজি মোৰ ভয় লাগিছে
বুকোখন ধপধপকৈ কপিছে,
অসহাই অসহাই অনুভৱ কৰিছো বৰকৈ।
অলপ আগতেই বতাহজাকে কৈ গলহি
কালিলৈ এজাক ধুমুহা আহিব বুলি৷
তই বাৰে বাৰে কৈছিলি!
নৰাখিনি কাটি ঘৰটো চাবলৈ৷
পিতাই, মাঘ মাহৰ গাজনিকেইটা শুনিয়েই
তই জানিছিলি আৰু কৈছিলি,
‘বৰপুনা এইবাৰ বৰদৈচিলা আহিব, খঙত
ঘৰতো বান্ধ মজবোতকৈ৷’
পিতাই, মই কেতিয়াও শিকিব নোৱাৰিলো তুৰ পৰা,
কেনেকৈ তই গৰু বিহুৰ দিনাই কৱ!
“বৰপুনা, এইবাৰ বান আহিব”
“এইবাৰ খৰাং হব৷”
আই,
২২. ****
জুই জ্বলিছে ক’ত?
ছাই ক’ত? আঙঠা আৰু ধুঁৱা ক’ত?
আপোনি দেখা নাই জুই!
আপোনাৰ ভিতৰতো দেখা নাই?
তেন্তে, মোৰ হৃদয়খন আপোনি নেদেখিব!
মোৰ চকুত দেখা নাই আপোনি,
ৰঙা, ৰঙা আঙঠা আৰু ধুঁৱা৷
আপোনি নেদেখিব,
কাৰন আপোনিতো চোৱা নাই মোৰ চকুলৈ কেতিয়াও,
আপোনি অহা নাই মোৰ পজালৈ৷
ৰাজপথৰ জনসমুদ্ৰ দেখিছেনে আপোনি?
সেয়াও আপোনাৰ দৃষ্টিগোচৰ হোৱা নাই নেকি?
নহব পাৰে আপোনাৰ!
আপোনি যে ঘৰ সাজিছে ডাৱৰৰ মাজত,
ভ্ৰমন কৰে আকাশেৰে৷
জনতাৰ পেতৰ জুইত জ্বলা, ভুকৰ কৰকৰণি শব্দ
সেয়াওতো শুনা নাই চাগে আপোনি৷
পতিতা নাৰীৰ চিৎকাৰ, বলৎকাৰিৰ অট্টহাস্য
তাকোতো নোশুনে আপোনি৷
কাৰণ, আপোনিতো ঘৰ সাজিছে সাগৰৰ মাজত,
চাৰিওফালে পানীৰ কোলাহল৷
তাতে আপোনাৰ চোতালত নৃত্য-গীতৰ সমাসাৰ৷
অবুধ শিশুৰ সপোনবোৰৰ কথা ভাবেনে কেতিয়াবা?
সিহঁতে কি হব বিছাৰে সিহঁতৰ ভবিষ্যতত?
ডাক্তৰ, ইঞ্জীনিয়াৰ, কিম্বা, অধিবক্তা, বৈজ্ঞানিক, কৃষক?
আপোনি জানো জানে,
বোকা-বালি খছকিও সপোন দেখে হাজাৰ হাজাৰ শিশুৱে,
দিনতোত এহাজ খায়ো সপোন দেখে!
আপোনিতো হীত-তাপ নিয়ন্তিত কোঠাত দেখে সপোন,
সেইবোৰকে ভাবে ছাগে আপোনি, নহয়নে?
২৩.
এই যে কাহিনীটো,
লিখি লিখি শেষ নোহোৱা কাহিনীটো৷
এখন পাতত যদি বৰষুণ, বৃষ্টীপাত,
গাজনি ঢেৰেকনি, শিলাবৃষ্টী ধুমুহা।
আন্যখন পাতত আকৌ খৰাং, শুকান, কথোৰ ৰ’দ।
কৰবাত যদি মই নগ্ন, লজ্জিত, মৰ্মাহত,
আৰু কৰবাত, উৎফূলিত, আনন্দিত, প্ৰফূল্লিত।
কোনোবা এখন কাগজ আকৌ একেবাৰেই উকা।
কিছুমানত পাতত লিখিব একো নাছিল বাবে উক থাকিল,
কিছুমান ঘটনা লিখা অসম্ভব বাবে উকা থাকি গল বহু পাত,
আৰু কিছুমান মচি পেলোৱাৰ বাবে উকা হৈ থাকিল৷
বহু কাগজত মই মোৰ প্ৰেমৰ কথাও লিখিছো,
খং আৰু অভিমান বোৰৰ কথাও লিখিছো বহুত৷
প্ৰেমত হাবুদুবু খোৱা হৃদয় খনৰ বেথাবোৰৰ,
পগলামিবোৰ, নিদ্ৰাবিহীন ৰাতিবোৰৰ কথাও লিখিছো বহুত৷
প্ৰথম বাৰিষা মাছৰ উজান,
বৰষুণত তিতা আলোখনিৰ বাহ,
জুৰ লৈ ৰাতি ৰাতি মাছ ধৰাৰ আখ্যন,
পৰুৱাই পোৱাৰ কথা,
পথাৰত কোৰ চাবত, নাঙলত সিৰলীত মৰা পোক-পতঙ্গবোৰ,
আহাৰ মাহৰ ৰ’দত মোৰ পথাৰত ক’লা পৰি গেলি থকা কেচুবোৰ,
সকলোবোৰে লিখিছো পাতে পাতে৷
২৪. আমি পদাতিক
আকৌ শাপিত হ’ব জয় আৰু বিজয়,
বৈকুন্ঠৰ দুয়োজন দুৱাৰপাল৷
পৃথিৱীত জনম লব অসুৰ ৰূপত, দুধৰ্ষ শাসক ৰূপত,
নাইবা, ভয়ানক দৈত্য ৰূপত৷
বৈকুন্ঠৰ পৰা নামি আহিব ভগৱান,
তেওঁলোকক মুক্তি দিবলৈ৷
পূৰ্ণৰ সংস্থাপন কৰিবৰ বাবে৷
আৰু
আমিবোৰ পদাতিক সৈন্য,
আমাৰ মৃত্যু বা মুক্তিৰ কোনো অৰ্থ নাই, হিচাব নাই৷
আমিবোৰ মাথো সংখ্যা,
হাজাৰ, অযুত, লাখ, কোটি, নাইবা অক্ষৌহোনী৷
ভগৱানৰ যুদ্ধ অসুৰ, দৈত্য, আৰু দানৱৰ সৈতে,
আৰু আমি যুজিছোঁ আমাৰ সৈতে,
দুয়োফালেয়েই মৰিছোঁ আমিয়ে,
ভগৱানৰ পক্ষ্যেও আৰু বিপক্ষ্যেও ,
আমিযে পদাতিক৷
ভগৱান সৰ্বশক্তিমান, হাতত সুদৰ্শন,
বিপক্ষ্যৰ শীৰত আশীৰ্বাদ, হাতত মন্ত্রপুত অস্ত্ৰ, বক্ষ্মাস্ত্ৰ,
সমৰসজ্জিত ৰথ আৰু পাকৈত সাৰথি,
আমাৰ হাতত এখন তৰোৱাল আৰু ভগা ঢাল,
তেওঁলোকৰ অস্ত্ৰৰ লেলীহানত প্ৰান যায় আমাৰ,
আৰু আমাৰ হাততো প্ৰান যায় আমাৰে,
আমিযে পদাতিক৷
প্ৰতিতো যুগতে ধৰ্মসংস্থাপনৰ নামত,
প্ৰান যায় আমাৰ লাখ, অলেখ,
কাৰ ধৰ্ম ? কি ধৰ্ম ? নাজানো!
মহাকাব্য, পুৰাণ, আখ্যান, বুৰঞ্জী সকলো নিমাত,
আনকি নিমাত আমাৰ জনতাৰ শাসক আৰু শাসন৷
আজিও আমি পদাতিক৷
২৫. দায়ী কোন?
মোৰ ধাননী বোৱায় নিয়াৰ দায়ী কোন?
বৰষুন হয় জানো!
সিতো মোৰ নলে-গলে লগা বন্ধু৷
কিমান দিন যে একেলগে পানিত তিতিছো আমি,
সি আহাৰ মাহতে কলীয়া দাৱৰৰ লগত আহে,
পথাৰত চাহ-জলপান খাওঁ একেলগে,
মৈ দিওঁতে সিও উঠি লৈ মৈৰ উপৰত৷
সি জানো দায়ী হব!
মোৰ ঘৰৰ ভেটি খহায় নিয়াৰ দায়ী কোন?
নদী হয় জানো!
তাইতো মোৰ প্ৰীয় সখি৷
মোৰ সকলো অভিজ্ঞতাৰে সাক্ষী তাই,
আমি ঘন্টা-ঘন্টা ধৰি কথা পাতো কেতিয়াবা,
তায়ো সকলো কথা কয় মোক,
আৰু ময়ো কওঁ৷
তাই জানো দায়ী হব!
আমাৰ ভঁৰালৰ সাতামপুৰুষীয়া মুধৰ খুটা দুটা যে আছে,
তায়েই আনি দিছিল বহু দুৰৰ পৰা কঢ়িয়াই,
মোৰ কোনাবা কাকা আজোককাক৷
নদী, বৰষুন, মই আৰু লগত ৰ’দ,
(ৰ’দ অলপ একাচেকা)
আমি একেলগে বিস্তৰ পথাৰ সেউজীয়া কৰিছিলো,
মেতমৰা ভঁৰাল ভৰাই দিছিলো,
সুনগুটিৰে উপচাই পেলাইছিলো মোৰ চতাল৷
আৰু আজি মোৰ পথাৰত শুকান বালি,
পুলিন-পুথাৰ দিনৰ ঘৰ-ভেটি সকলো উচন,
সিহঁতৰ হাততে,
কিন্তু সিহঁত জানো দায়ী হয়?
সিহঁতো দু:খিত, মোক কৈছে সিহঁতে,
সিহঁত অস্থিৰ, অনাকাঙ্খিত ভাৱনাৰ,
কোনোবা অচিন ৰুগৰে ৰুগী!
এই অচিন অসুখৰ দায়ী কোন?
দায়ী কোন?
২৬. **
গছৰ সৰা পাতবোৰে মোৰ সৈতে কথা পাতে,
নানান কথা সিহতৰ,
আপোনি বিশ্ৱস নকৰিব সিহঁত ইমান কথাচহকি বোলি৷
মোৰো বিশ্ৱস হোৱা নাছিল প্ৰথম,
সিহঁতি কি কয় জানে
হয়তো মই,
নিশাৰ আন্ধাৰ-প্ৰয়াসী জ্বলি থকা এটা হাৰিকেন,
লাহে লাহে নুমাই যাব পুৱালৈ৷
দিগন্তত জহি জহি জাহ যোৱা মৃত্যুমুখী ধ্বনি৷
মোৰ জেপজাপিয়া বৰষুণ হৈ পৰিবলৈ মন আছিল,
মৃদু চেতাৰৰ শব্দৰ দৰে,
তোমাৰ ঘৰৰ খেৰৰ ছালত৷
তুমি যে কৈছিলা,
জেপজাপিয়া বৰষুণত শুই ভাল লাগে বুলি৷
Indu Kalpa Dihingia
Email: idihingia@iiti.ac.in
Address:
Max Planck Partner Group,
IIT Indore,
Indore
Madhya Pradesh
India