বস্তু বা পদাৰ্থ
অধ্যায়-১
প্রশ্নাৱলীঃ
(১) তাপৰ পৰিবাহী মানে কি?
উত্তৰঃ তাপ পাৰ হৈ যাব পৰা পদাৰ্থক তাপৰ পৰিবাহী বোলে।
(২) অস্বচ্ছ পদার্থ কাক বােলে ?
উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে সেইবোৰ পদাৰ্থকে অস্বচ্ছ পদাৰ্থ বোলে।
(৩) সকলাে পদার্থ কিহেৰে গঠিত ?
উত্তৰঃ সকলো পদাৰ্থ সৰু সৰু কণিকাৰে গঠিত।
(8) গােটা বা কঠিন বস্তু কিয় বৈ নাযায় ?
উত্তৰঃ কঠিন পদাৰ্থৰ কণিকাবোৰ নিজৰ ঠাই এৰি নাযায়। সেইবাবে গোটা বস্তু বৈ নাযায়।
(৫) জুলীয়া আৰু গেছীয় পদার্থ কিয় বৈ যায় ?
উত্তৰঃ জুলীয় পদাৰ্থৰ কণিকাবোৰ একে ঠাইতে নাথাকে সহজে এটাইৰ পৰা আন এঠাইলৈ যাব পাৰে। সেইকাৰণে জুলীয়া আৰু গেছীয় পদাৰ্থ বৈ যায়।
(৬) পদাৰ্থৰ কণিকাবােৰৰ মাজত ফাঁক থাকে। এইটো দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰঃ এটা কাঁচৰ গিলাচত পানী অলপ লোৱা। কিমানখিনিলৈ পানী লোৱা হ'ল কিবাহেৰে এটা চিন দিয়া। পানীখিনিত অলপ চেনি বা নিমখ ঘুটি লোৱা তাৰ পিছত দেখিবা যে চেনিখিনি লাহে লাহেদেখা নোপোৱা হৈ যাব। আমি গম পাম যে চেনিখিনি পানীত মিহিল হ'ল। এতিয়া দাগটোলৈ চোৱা পানীখিনি দাগটোৰ ওপৰলৈ উঠা নাই কিন্তু চেনিখিনি পানীৰ ভিতৰতে আছে। এতিয়া আমি বুজি পালো যে কণিকাৰ মাজত ফাঁক আছে।
(৭) পানীত দ্ৰৱিত হােৱা তিনিবিধ আৰু দ্ররিত নােহােৱা তিনিবিধ পদার্থৰ নাম লিখা।
উত্তৰঃ পানীত দ্ৰৱিভূত হোৱা তিনিবিধ পদাৰ্থ হ'ল চেনি, নিমখ আৰু ভিনেগাৰ। আৰু পানীত দ্ৰৱিভূত নোহোৱা তিনিবিধ পদাৰ্থ হ'ল হালধি, কেৰাচিন আৰু সৰিয়হৰ তেল।
(৮) নিমখ বা চেনি খােলাকৈ ৰাখিলে কিয় ভিজে?
উত্তৰঃ বায়ুত কিছুমান জলীয় বাস্প মিহলি হৈ থাকে । নিমখ বা চেনি খোলাকৈ ৰাখিলেএই জলীয় ভাপ মিহলি হোৱাৰ ফলত নিমখ বা চেনি খিনি ভিজে।
(৯) নমনীয়তা মানে কি?
উত্তৰঃ কিছুমান বস্তুক হাতুৰীৰে কোবাই সহজে চেপেটা কৰিব পৰা ধৰ্মটোকে নমনীয়তা বোলে।
(১০) ক’লা ৰঙৰ চছমা ব্যৱহাৰ কৰাৰ সুবিধা কি?
উত্তৰঃ ক'লা ৰঙৰ চছমা পৰিধান কৰা সুবিধা হ'ল সূৰ্য্য়ৰ পোহৰ পোনে পোনে চকুত নপৰে।
(১১) স্বচ্ছ পদার্থ মানে কি? দুবিধ স্বচ্ছ পদাৰ্থৰ নাম লিখা।
উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে সম্পূৰ্ণকৈ পোহৰ পাৰ হৈ যায় সেইবোৰ পদাৰ্থকে স্বচ্ছ পদাৰ্থ বোলে। উদাহৰণস্বৰূপেঃ কাচ বায়ু।
(১২) কিছু চেনি অলপ পানীত মিহলি হৈ আছে। চেনিখিনি কেনেকৈ পৃথক কৰিবা? ছবি আঁকিবা।
উত্তৰঃ
(১৩) তিনিবিধ পদাৰ্থৰ (যেনে, পানী, বায়ু আৰু কাচৰ) তিনিটাকৈ ভৌতিক ধর্ম লিখা।
উত্তৰঃ পানীঃ ১) পানী কণিকাৰে গঠিত।
২) পানীত আন কিছুমান বস্তু মিহলি হয়।
৩) পানীৰ মাজেদি তাপ প্ৰৱাহিত হয়।
বায়ুঃ ১) বায়ু স্বচ্ছ।
২) বায়ুত আন পদাৰ্থও মিহলি হ'ব পাৰে।
৩) বায়ু তাপৰ সু-পৰাৱাহী।
কাচঃ ১) কাচ তাপৰ সু-পৰিৱাহী।
২) কাচ স্বচ্ছ।
৩) কাচ ঠুনুকা।
কাচ বায়ু।
(১২) কিছু চেনি অলপ পানীত মিহলি হৈ আছে। চেনিখিনি কেনেকৈ পৃথক কৰিবা? ছবি আঁকিবা।
উত্তৰঃ
(১৩) তিনিবিধ পদাৰ্থৰ (যেনে, পানী, বায়ু আৰু কাচৰ) তিনিটাকৈ ভৌতিক ধর্ম লিখা।
উত্তৰঃ পানীঃ ১) পানী কণিকাৰে গঠিত।
২) পানীত আন কিছুমান বস্তু মিহলি হয়।
৩) পানীৰ মাজেদি তাপ প্ৰৱাহিত হয়।
বায়ুঃ ১) বায়ু স্বচ্ছ।
২) বায়ুত আন পদাৰ্থও মিহলি হ'ব পাৰে।
৩) বায়ু তাপৰ সু-পৰাৱাহী।
কাচঃ ১) কাচ তাপৰ সু-পৰিৱাহী।
২) কাচ স্বচ্ছ।
৩) কাচ ঠুনুকা।
(১৪) শুদ্ধ নে অশুদ্ধ : চিন দিয়া।
(ক) ঘােলা পানী পৰিষ্কাৰ পানীতকৈ বেছি স্বচ্ছ। শুদ্ধ / অশুদ্ধ
উত্তৰঃ অশুদ্ধ
(খ) পানী তপতালে কণিকাবােৰৰ মাজত ফাঁক কমে। শুদ্ধ / অশুদ্ধ
উত্তৰঃ শুদ্ধ
(গ) মাটি পুৰিলে কঠিনতা বেছি হয়। শুদ্ধ / অশুদ্ধ
উত্তৰঃ শুদ্ধ
(ঘ) এগিলাচ পানীত এচামুচ নিমখ মিহলালে পানীখিনিৰ আয়তন বাঢ়ে। শুদ্ধ / অশুদ্ধ
উত্তৰঃ অশুদ্ধ
(ঙ) ঠুনুকা পদাৰ্থৰ নমনীয়তা বেছি । শুদ্ধ / অশুদ্ধ
উত্তৰঃ অশুদ্ধ
১৫) ক অংশৰ লগত খ অংশ লগাই বাক্য বোৰ সম্পূন্ন কৰা ।
ক অংশ
খ অংশ
ৰবৰৰ বল
শিলৰ কঠিনতা
তপতালে লোহাৰ
কাঠতকৈ লোহাৰ
তেলসনা কাগজ
চকমাটিতকৈ বেছি।
ঠুনুকা নহয়।
নমনীয়তা বাঢ়ে।
তাপ পৰিবাহিত বেছি।
কাচতকৈ স্বচ্ছ নহয়
উত্তৰঃ ৰবৰৰ বল ঠুনুকা নহয়
শিলৰ কঠিনতা চকমাটিতকৈ বেছি
তপতালে লাহাৰ নমনীয়তা বাঢ়ে
কাঠতকৈ লোহাৰ তাপ পৰিবাহিত বেছি
তেলসনা কাগজ কাচতকৈ স্বচ্ছ নহয়
Lesson 2
শিল, মাটি আৰু খনিজ পদাৰ্থ
□ প্ৰশ্নাৱলী
(১) গেদীয় শিল কাক বোলে ?
উত্তৰঃ বাৰিষা পাহাৰৰ পৰা পানী বেগাই তললৈ নামি আহোঁতে শিলৰ টুকুৰা, বালি, সৰু গছ-গছনি, আদি উটুৱাই লৈ আহে। এইবোৰ পাহাৰৰ নামনিত বা নদীৰ বুকুৱেদি বৈ গৈ সাগৰৰ তলিত তৰপে তৰপে জমা হয়। এই তৰপবোৰৰ ওপৰত বহু বছৰ ধৰি হেঁচা পৰি থকাৰ বাবে এইবোৰ এসময়ত শিললৈ পৰিৱৰ্তন হয়। ইয়াকে গেদীয় শিল বোলে।
(২) ৰূপান্তৰিত শিলৰ বিষয়ে লিখা ?
উত্তৰঃ গেদীয় আৰু আগ্নেয় শিল কেতিয়াবা পৃথিৱীৰ ভিতৰলৈ সোমাই যায়।ভূমিকম্পৰ ফলতে তেনে হ'ব পাৰে।।পৃথিৱীৰ ভিতৰভাগ অতি তপত।আকৌ ভিতৰত ওপৰভাগৰ ভীষণ হেঁচা পৰে।তাপ আৰু হেঁচাই আগ্নেয় আৰু গেদীয় শিলৰ পৰিৱৰ্তন ঘটায়।ফলত নতুন শিলৰ সৃষ্টি হয়।এনে শিলক ৰূপান্তৰিত শিল বোলা হয়।স্লেট (চিলথ),মাৰ্বল,নাইছ আদি ৰূপান্তৰিত শিল।
(৩) মণিক কি ?
উত্তৰঃ শিলত কিছুমান বিশেষ পদাৰ্থ থাকে।এনেবোৰ পদাৰ্থৰ নিৰ্দিষ্ট গাঁথনি থাকে আৰু এই পদাৰ্থবোৰকে মণিক বোলে।
(৪) শিল কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ শিল তিনি প্ৰকাৰৰ। ১) আগ্নেয় শিল। ২) গেদীয় শিল। ৩) ৰূপান্তৰিত শিল।
(৫) আগ্নেয় শিলৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ পৃথিৱীৰ একেবাৰে ভিতৰভাগত পদাৰ্থবোৰ গলিত অৱস্থাত থাকে। ইয়াক মেগ্মা বোলে । কেতিয়াবা কিছুমান কাৰণত এইবোৰ পৃথিৱীৰ বাহিৰলৈ ওলাই আহে। এইবোৰক লাভা বোলা হয়। লাভাবোৰ চাৰিওফালে বৈ গৈ চেঁচা হয় আৰু টান শিলত পৰিণত হয়। এনে শিলৰ নাম আগ্নেয় শিল।গ্ৰেনাইট এবিধ আগ্নেয় শিল।
(৬) মাটি কেনেকৈ সৃষ্টি হয় লিখা ।
উত্তৰঃ ধূলি-বালিৰ লগত মৰা-পঁচা জীৱবোৰ মিহলি হৈ মাটিৰ সৃষ্টি হয়।
(৭) মাটি স্থানান্তৰিত হোৱাৰ তিনিটা কাৰণ লিখা ।
উত্তৰঃ মাটি স্থানান্তৰিত হোৱাৰ তিনিটা কাৰণ হ'ল-
১) বৰষুণ বা জান-জুৰিৰ পানীয়ে পাহাৰৰ মাটি খহাই নিয়ে।সেইবোৰ পাহাৰৰ তলত বা সমান অঞ্চলত জমা হয়।
২) বতাহে ধূলি-বালি উৰুৱাই নিয়ে।মৰুভূমিৰ বালি উৰুৱাই নি বতাহে নতুন মৰুভূমিৰ সৃষ্টি কৰে।
৩) মানুহেও ঘৰ-বাৰী,ৰাস্তা-ঘাট,সাজিবলৈ মাটি স্থানান্তৰ কৰে।
(৮) শিলৰ মাজে মাজে পানী জমা হ'লে তেনে শিল ফাটিব পৰে । কিয় ?
উত্তৰঃ শিলবোৰৰ ফাটৰ মাজত পানী জমা হয়। পানী বেছি চেঁচা হ'লে বৰফ হয়। পানী বৰফ হ'লেও আয়তন বাঢ়ে।তেতিয়া শিলৰ ওপৰত হেঁচা পৰে। তাৰ ফলতো শিল ফাটে।
(৯) শিল গৰম-চেঁচা হৈ থাকিলে ভাঙে । তাকে দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।
উত্তৰঃ
(১০) মাটিৰ প্ৰধান উপাদান দুটাৰ বিষয়ে লিখা ।
উত্তৰঃ মাটিৰ প্ৰধান উপাদান দুটা হ'ল- ১) কঠিন খনিজ পদাৰ্থ ২) জৈৱিক পদাৰ্থ।
১) মাটিত সৰু শিল, বালি আৰু বোকা-কণিকা মিহলি হৈ থাকে। চকুৰে নেদেখা সৰু সৰু বালিৰ কণিকাবোৰকে বোকা-কণিকা বোলে।এই আটাইখিনিকে কঠিন খনিজ পদাৰ্থ বোলা হয়।
২) জীৱ-জন্তু, গছ-গছনি গেলি-পঁচি মাটিত মিহলি হয়।এইবোৰক জৈৱিক পদাৰ্থ বোলা হয়।
(১১) সাৰুৱা মাটি কাক বোলে ?
উত্তৰঃ মাটিত গেলি-পঁচি যোৱা জীৱ-জন্তু বেছি পৰিমাণে মিহলি হ'লে তাক সাৰুৱা মাটি বোলে।
(১২) সাৰ কাক বোলে আৰু কেই প্ৰকাৰৰ ? প্ৰতিবিধৰ তিনিটাকৈ উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ পদাৰ্থই মাটি সাৰুৱা কৰে,সেইবোৰকে সাৰ বোলে। সাৰ দুই প্ৰকাৰৰ। ১) জৈৱিক সাৰ আৰু ২) ৰাসায়নিক সাৰ।
১) জৈৱিক সাৰৰ তিনিটা উদাহৰণ হ'ল- গৰু-ম'হৰ গোবৰ, গৰ-ম'হৰ মূত, শুকান পচন সাৰ।
২) ৰাসায়নিক সাৰৰ তিনিটা উদাহৰণ হ'ল- ইউৰিয়া, এম'নিয়াম ছালফেট, ছুপাৰ ফছফেট।
(১৩) পচন সাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি ?
উত্তৰঃ এটা বাল্টি বা টিন লোৱা। চাৰি ভাগৰ এক অংশ জাবৰ-জোঁথৰেৰে পূৰ কৰা। তাৰ ওপৰত চাৰি ভাগৰ এক অংশ কেঁচা পাতেৰে আৰু চাৰি ভাগৰ এক অংশ কেঁচা গোবৰেৰে পূৰোৱা। একেবাৰে ওপৰত মাটি দি বাল্টিটো চেঁচা ঠাইত থোৱা। মাজে-সময়ে পানী দিবা। তিনি মাহমানৰ মূৰত বস্তুখিনি মিহলি কৰি দিয়া। পাঁচ-ছয় মাহৰ মূৰত আটাইবোৰ পঁচি সাৰ হয়। এনেকৈ পচন সাৰ তৈয়াৰ কৰিব পাৰি।
(১৪) মাটিৰ সংৰক্ষণ কাক বোলে ? মাটি সংৰক্ষণৰ দুটা উপায় বৰ্ণনা কৰা ।
উত্তৰঃ মাটিৰ গুণ আৰু পৰিমাণ ৰক্ষা কৰাকে মাটি সংৰক্ষণ বোলা হয়। মাটি সংৰক্ষণৰ দুটা উপায় হ'ল-
১) বাৰিষা নদ-নদীত পানী বেছি হ'লে তেতিয়া পানী বেগাই বয়। নদীৰ সোঁতে পাৰৰ মাটি খহায়। এনে খহনীয়া ৰোধ কৰিবলৈ পাৰত শিলৰ বান্ধ দিয়া হয়। নদীৰ পাৰত বেছিকৈ গছ-গছনি ৰুলেও খহনীয়া বন্ধ হয়।
২) সৰু-বৰ উদ্ভিদে বেছ ভালদৰে সংৰক্ষণ কৰে। গছ-বনৰ শিপাই মাটিত খামুচি ধৰি থাকে। গছ-গছনি থকা মাটি বৰষুণৰ পানীত উটি নাযায়। বতাহেও উৰুৱাই নিব নোৱাৰে। গছ-গছনি যিমানে কমিব, মাটিৰ গুণ আৰু পৰিমাণ সিমানে কমিব।
(১৫) মেগ্মা কি ?
উত্তৰঃ পৃথিৱীৰ একেবাৰে ভিতৰভাগত পদাৰ্থবোৰ গলিত অৱস্থাত থাকে। ইয়াক মেগ্মা বোলে।
(১৬) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া ।
(ক) গ্ৰেনাইট এবিধ আগ্নেয় শিল হয়/ নহয় ।
উত্তৰঃ হয়।
(খ) মাৰ্বল এবিধ গেদীয় শিল হয়/ নহয় ।
উত্তৰঃ নহয়।
(গ) ছিলিকাত মাথোঁ ছিলিকন থাকে/ নাথাকে ।
উত্তৰঃ নাথাকে।
(ঘ) আলতীয়া মাটিয়ে পানী আৰু বায়ু ধৰি ৰাখে/ নাৰাখে ।
উত্তৰঃ ৰাখে।
(ঙ) সাৰে মাটি কোমল কৰে/ নকৰে ।
উত্তৰঃ কৰে।
(চ) ইউৰিয়া এবিধ জৈৱিক সাৰ হয়/ নহয় ।
উত্তৰঃ নহয়।
(১৭) খালী ঠাই পূৰণ কৰাঁ ।
(ক) লাভা গোট মাৰি জমা হৈ হৈ সৃষ্টি হোৱা পাহাৰকে আগ্নেয়গিৰি বোলে ।
(খ) স্লেট এবিধ ৰূপান্তৰিত শিল ।
(গ) ছিলিকাৰ আন এটা নাম কোৱাৰ্টছ ।
(ঘ) মাৰ্বলত কাৰ্বনেট নামৰ পদাৰ্থবিধ পোৱা যায় ।
(ঙ) পানী বৰফ হ'লে আয়তন বাঢ়ে ।
(চ) বোকা-কণিকা হ'ল চকুৰে নেদেখা বালিৰ সৰু সৰু কণিকা ।
(ছ) এম'নিয়াম ছালফেট এবিধ ৰাসায়নিক সাৰ ।
(জ) ধান আলতীয়া মাটিত হয় ।
(১৮) মাটিৰ স্থানান্তৰণৰ তিনিটা কাৰণ লিখা ।
(১৯) তলত বাক্যটো লিখি বাক্যটোত নাথাকিবগীয়া পাচলি কেইবিধৰ নাম X চিনেৰে কাটি দিয়া ।
শীতকালত জিকা, আলু, কবি, ভেণ্ডি, পালেং, নিলাজী, আদি পাচলি হয় ।
উত্তৰঃ জিকা আৰু ভেণ্ডি শীতকালত নহয়।
(২০) দুটা আগ্নেয়গিৰিৰ নাম লিখা ।
উত্তৰঃ দুটা আগ্নেয়গিৰিৰ নাম হ'ল- আফ্ৰিকাৰ কিলিমাঞ্জাৰো, ইটালীৰ ভিছুভিয়াছ।
(২১) পচন সাৰ কাক বোলে ?
উত্তৰঃ জৈৱ পদাৰ্থক প্ৰাকৃতিক ভাৱে বিঘটন ঘটাই প্ৰস্তুত কৰা এবিধ জৈৱিক সাৰকেই পচন সাৰ বোলে।
Lesson 3
বতৰ, বায়ু পানী
◻️ প্ৰশ্নাৱলী
(১) মানুহৰ ওপৰত বতৰৰ প্ৰভাৱৰ বিষয়ে দহটা শাৰী লিখা ।
উত্তৰঃ মানুহৰ বহু কাম বতৰৰ ওপৰত নিৰ্ভৰশীল। বৰষুণৰ বতৰত পথাৰত পানী পৰিলেহে ধান খেতি ভাল হয়। ধান খেতিত লগা পানী ঘাইকৈ বৰষুণৰ পৰাই পোৱা যায়। কিছুমান খেতিৰ কাৰণে আকৌ বেছি বৰষুণ ভাল নহয়। শাক-পাচলিৰ খেতিত বেছি বৰষুণ নালাগে।জহকালিৰ বৰষুণৰ বতৰত এনে খেতি কৰা ভাল নহয়।জাৰকালিৰ শুকান বতৰতহে এনে খেতি ভাল হয়।ডাঙৰ নদী বা সাগৰত মাছ মাৰিবলৈ যোৱা মানুহৰ কাৰণে ধুমুহা অতি ভয়াৱহ। ধুমুহাত মানুহৰ বহু ক্ষয়-ক্ষতি হয়। সেয়েহে বতৰ সম্পৰ্কে জানিবলৈ মানুহে অতীতৰেপৰা যত্ন কৰি আহিছে।
(২) আবেলিৰ ৰ'দৰ তাপ ভৰ দুপৰীয়াৰ ৰ'দত তাপতকৈ কম কিয় ?
উত্তৰঃ সূৰ্য্য়ৰ ৰশ্মি বায়ুমণ্ডল ভেদ কৰি পৃথিৱী পায়হি। সেই কাৰণে বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰ আহিলে কম পৰিমানৰ ৰশ্মি আৰু কম দূৰ আহিলে বেছি পৰিমানৰ ৰশ্মি ভূ-পৃষ্ঠ পায়। ভৰ দূপৰীয়া সূৰ্য্য় ঠিক মূৰৰ ওপৰত থাকে। এই সময়ত সূৰ্য্য়ৰ পৰা অহা ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে কম দূৰত্ব পাৰ হৈ আহে। আবেলি সূৰ্য্য় মূৰৰ ওপৰত নাথাকে। আবেলি সূৰ্য্য়ৰ ৰশ্মি হেলনীয়াকৈ আহে। সেইবাবে সূৰ্য্য়ৰ ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰত্ব পাৰ হৈ আহে। সেই কাৰণে এনে ৰশ্মিয়ে কঢ়িয়াই অনা তাপৰ পৰিমান কম।
(৩) বতৰ পৰিৱৰ্তনৰ কাৰণ কি লিখা ।
উত্তৰঃ বতৰ পৰিৱৰ্তনৰ বিভিন্ন কাৰণ পোৱা যায়-
১) বায়ুমণ্ডত থকা জলীয় ভাপৰ কাৰণে বতৰ পৰিৱৰ্তন হয়।
২) পানীয়ে বতৰ পৰিৱৰ্তনত সহায় কৰে।
৩) বৰষুণ সকলো ঠাইত সমান নোহোৱাৰ ফলত বতৰ পৰিৱৰ্তন হয়।
(৪) পৃথিৱীৰ পানীৰ পৰা অনবৰতে ভাপ ওলাই থাকে ইয়াকে দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা ।
উত্তৰঃ এটা প্লাষ্টিকৰ মোনাত এচামুচমান পানী ভৰাই লোৱা। সূতা এডালেৰে মোনাটোৰ মুখখন ভালদৰে বন্ধ কৰি লোৱা। ইয়াৰ পিছত মোনাটো ৰ'দত থোৱা। তাৰ পিছত মোনাটো ভিতৰলৈ আনিলে দেখা যাৱ মোনাটোৰ ভিতৰফালে পানীৰ সৰু টোপাল দেখা যাব। পানী চামুচৰ কিচু অংশ ভাপ হৈ মোনাৰ দাঁতিত লাগি টোপাল বান্ধে। মোনাটো ৰ'দত নথৈ ঘৰৰ ভিতৰত ৰাখিলেও এনেদৰে পানীৰ টোপাল দেখা যাব। ইয়াৰ পৰা ইয়াকে বুজা যায় যে পানীৰপৰা অনবৰতে ভাপ ওলাই থাকে।
(৫) বায়ুমণ্ডলত যে অনবৰতে জলীয় ভাপ থাকে এটা পৰীক্ষাৰ সহায়ত দেখুওৱা ।
উত্তৰঃ এটা গিলাচত পানী লৈ তাত কেইটুকুৰামান বৰফ বা অলপ আইছক্ৰীম লৈ পেলাই দিয়া। অলপ পিছতে গিলাচৰ বাহিৰফালে ধোঁৱাৰ নিচিনা চামনি এটা পৰে। হাতেৰে চুই চালে গিলাচৰ বাহিৰফালটো ভিজা ভিজা লাগে। আচলতে এই চামনিটো পানীৰ সৰু সৰু কণিকাৰে গঠিত। বতাহত থকা জলীয় ভাপ ঠাণ্ডা গিলাচত লাগি চেঁচা হৈ পানীৰ কণিকাত পৰিণত হয়। ইয়াৰ পৰা বুজা যায় যে বায়ুমণ্ডলত অনবৰতে জলীয় ভাপ থাকে।
(৬) মেঘ কি ? মেঘৰ পৰা বৰষুণ কেনেকৈ হয় ?
উত্তৰঃ দিনৰ ভাগত সূৰ্য্য়ৰ তাপত লাহে লাহে পানী বাষ্প হয়। পানীৰ বাষ্পক জলীয় ভাপ বোলে। বতাহে জলীয় ভাপ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ ফুৰে। পৃথিৱীৰ যিমান ওপৰলৈ যোৱা হয়, বায়ু সিমান চেঁচা হয়।জলীয় ভাপ চেঁচা হ'লে পুনৰ পানী হয়। পানীৰ ভাপ চেঁচা বায়ুৰ লগ লাগি পুনৰ সৰু সৰু পানীৰ কণিকা হৈ পৰে। এই কণিকাবোৰ অতি পাতল। আকাশত এই কণিকাবোৰ ভাঁহি ফুৰে। এই কণিকাবোৰৰ সমষ্টিয়েই মেঘ।
আকাশত ভাঁহি ফুৰা সৰু সৰু পানীৰ কণিকাবোৰ লগ লাগি মেঘ বা ডাৱৰৰ সৃষ্টি হয়। ডাৱৰৰ কণিকাবোৰত জলীয় ভাপ যাগ হৈ থাকে। ফলত কণিকাবোৰৰ আকাৰ বাঢ়ি যায়। কণিকাবোৰ ডাঙৰ হ'লে পানীৰ টোপাল হৈ পৰে। পানীৰ টোপালবোৰ তেতিয়া গধুৰ হয় আৰু আকাশত থাকিব নোৱাৰা হয়। তেতিয়া এই টোপালবোৰ তললৈ সৰি পৰে। এনেকৈ মেঘৰ পৰা বৰষুণ সৃষ্টি হয়।
(৭) জলচক্ৰ কাক বোলে ?
উত্তৰঃ পানী ভাপ হৈ ওপৰলৈ যোৱা আৰু পুনৰ পানী ঘূৰি অহাটো চলিয়েই থাকে। ইয়াকে জলচক্ৰ বোলে।
(৮) জলচক্ৰ চলি নাথিকিলে কি হ'ব ?
উত্তৰঃ জলচক্ৰ চলি নাথাকিলে পৃথিৱীত বৰষুন নহব আৰু মৰুভূমিৰ সৃষ্টি হ'ব।
(৯) কুঁৱলী আৰু নিয়ৰ কেনেকৈ হয় লিখা ।
উত্তৰঃ বায়ুমণ্ডলত সকলো সময়তে পানীৰ কণিকাৰ বাহিৰেও সৰু সৰু আন কণিকা ওপঙি থাকে। এইবোৰ হ'ল ধূলি, ধোঁৱা, বৰফৰ সৰু সৰু গুড়ি আদি। কেতিয়াবা ধূলি, ধোঁৱাৰ কণিকাক আশ্ৰয় কৰি পানীৰ ভাপ চেঁচা হৈ পানীৰ কণিকাত পৰিণত হয়। জাৰকালি চেঁচা বতৰত ধূলি আদিৰ লগতে থকা এই কণিকাবোৰে বায়ুমণ্ডত ছাটি ধৰে। এয়েই কুঁৱলি।
জাৰকালি সূৰ্য্য় অস্ত যোৱাৰ পাছত মাটি, গছ-গছনি, শিল, আদি চেঁচা হৈ পৰে। এইবোৰ বায়ুতকৈও সোনকালে চেঁচা হয়ষ এই চেঁচা মাটি, শিল, আদিতো কুঁৱলিৰ কণিকা বা বায়ুৰ জলীয় ভাপ লগ লাগি পানীৰ টোপালত পৰিণত হয়। ইয়াকে নিয়ৰ বোলে।
(১০) জলবতাহ আৰু স্থলবতাহ কি ?
উত্তৰঃ দিনৰ ভাগত মাটিভাগ পানীতকৈ গৰম হয়। মাটিৰ ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায়। তেতিয়া পানীৰ ওপৰৰ বায়ু মাটিলৈ বয়। পানীৰ ওপৰৰ পৰা অহা বাবে এই বতাহক জলবতাহ বোলে।জলবতাহ দিনৰ ভাগত বলে।
ৰাতি পানী ভাগ মাটিতকৈ বেছি গৰম হৈ থাকে। সেইবাবে পানীৰ ওপৰৰ বায়ু ওপৰলৈ উঠি যায়। এই ঠাই পূৰাবলৈ মাটিভাগৰ পৰা বতাহ পানীৰ ফালে বলে। ইয়াকে স্থলবতাহ বোলে।
(১১) পানী দূষিত হোৱাৰ কাৰণবোৰ লিখা ।
উত্তৰঃ খাল-বিল পুখুৰীৰ পানী বৈ নাথাকে। এনে পানীত উদ্ভিদৰ পঁচা পাত-শিপা, লেতেৰা আৱৰ্জনা, ধূলি-মাকতি মিহলি হৈ পানী দূষিত হ'ব পাৰে। বাহিৰৰ পৰা লেতেৰা পানী সোমালেও পানী দূষিত হয়। কিছুমান বীজানু পানীত থাকে। ইও পানী দুষিত কৰে। মগৰ অঞ্চলৰ কল- কাৰখানাৰ অপকাৰী পদাৰ্থও পানী দূষিত কৰে।ইয়াৰ উপৰিও খেতি-বাতিত ব্য়ৱহাৰ হোৱা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য় আদি পানীত মিহলি হৈও পানী দূষিত হয়।
(১২) দুখন গ্ৰীষ্মপ্ৰধান আৰু শীতপ্ৰধান দেশৰ নাম লিখা ।
উত্তৰঃ দুখন গ্ৰীষ্ম প্ৰধান দেশ হ'ল-- ভাৰত, শ্ৰীলংকা।
দুখন শীতপ্ৰধান দেশ হ'ল-- ৰাছিয়া, নৰৱে।
(১৩) বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰ আহিলে পৃথিৱীত পৰা সূৰ্য্যৰ ৰশ্মিৰ পৰিমাণ কম হয় কিয় ?
উত্তৰঃ সূৰ্য্য়ৰ ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে সৰকি আহোঁতে কিছু অংশ বায়ুমণ্ডলত থকা বিভিন্ন কণিকাত খুন্দা খাই সিঁচৰিত হৈ যায়। ফলত বায়ুমণ্ডলৰ মাজেৰে বেছি দুৰ আহিলে কম পৰিমানৰ ৰশ্মি পৃথিৱীত পৰেহি।
(১৪) খৰাং বতৰ কি ?
উত্তৰঃ জহকালি বহু দিন বৰষুন নোহোৱাকৈ থাকিলে খৰাং হয়। খৰাং বতৰত পথাৰৰ পানী শুকায়, পথাৰত ফাট মেলে। খৰাং বতৰ বেছি দিন থাকিলে খাল-দোং আদিও শুকায়।
(১৫) শিল-বৰষুণ কেনেকৈ হয় ?
উত্তৰঃ কেতিয়াবা কেতিয়াবা বায়ুমণ্ডলৰ ওপৰফালে বায়ু অতিপাত চেঁচা হয়। তেতিয়া মেঘৰ কণিকাবোৰ গোট মাৰি বৰফ হয়। বৰফৰ কণিকা পৃথিৱীত পৰেহি। বৰফৰ কণিকাবোৰ ডাঙৰ হৈ পৃথিৱীত পৰিলে শিল-বৰষুণ হয়।
(১৬) শুদ্ধত ✓ চিন দিয়া ।
(ক) মেৰু অঞ্চল পৃথিৱীৰ মাজভাগতকৈ ঠাণ্ডা । শুদ্ধ / অশুদ্ধ
উত্তৰঃ শুদ্ধ।
(খ) জলীয় ভাপ পানীৰ গেছীয় অৱস্থা । শুদ্ধ / অশুদ্ধ
উত্তৰঃ শুদ্ধ।
(গ) বন্ধ কোঠাত কাপোৰ সোনকালে শুকায় । শুদ্ধ / অশুদ্ধ
উত্তৰঃ অশুদ্ধ।
(ঘ) মাটিতকৈ পানী সোনকালে গৰম হয় । শুদ্ধ / অশুদ্ধ
উত্তৰঃ অশুদ্ধ।
(ঙ) পানীতকৈ মাটি সোনকালে ঠাণ্ডা হয় । শুদ্ধ / অশুদ্ধ
উত্তৰঃ শুদ্ধ।
(১৭) একোটা শব্দেৰে পূৰোৱা ।
(ক) বতৰ পৰিৱৰ্তনত ___________ মুখ্য ভূমিকা লয় ।
উত্তৰঃ সূৰ্য্য়ৰ তাপ আৰু পোহৰে।
(খ) শুকান বতৰ ____________ পাওঁ ।
উত্তৰঃ জাৰকালি।
(গ) পানীভাগৰ পৰা মাটিভাগলৈ বোৱা বতাহক __________বোলে ।
উত্তৰঃ জলবতাহ।
(ঘ) ডাৱৰীয়া বতৰত জলীয় ভাপ ______________থাকে ।
উত্তৰঃ বেছি।
(ঙ) বৰষুণ জোখাৰ একক হ'ল _____________ ।
উত্তৰঃ ছেণ্টিমিটাৰ।
Lesson 4
কাৰ্য্য, বল আৰু শক্তি
◻️ প্ৰশ্নাৱলী
(১) বল কাক বোলে ?
উত্তৰঃ টনা, ঠেলা, হেঁচা, দঙা আদিবোৰকে বল বোলে।
(২) শক্তি কাক বোলে ?
উত্তৰঃ কাম কৰিবলৈ বল দিয়াৰ সামৰ্থ্য়কে শক্তি বোলে।
(৩) স্থিতি শক্তি কাক বোলে ?
উত্তৰঃ বস্তুৱে নতুন অৱস্থানৰ বাবে পোৱা শক্তিক স্থিতি শক্তি বোলে।
(৪) শাৰীৰিক শক্তি কাক বোলে ?
উত্তৰঃ শৰীৰৰ বলেৰে কাম কৰিব পৰা শক্তিক শাৰীৰিক শক্তি বোলে। যেনেঃ চাইকেল চলোৱা, বস্তু দঙা।
(৫) মাধ্যাকৰ্ষণীয় শক্তি কি ?
উত্তৰঃ পৃথিৱীয়ে সকলো বস্তুকে নিজৰ ফালে টানে আৰু ইয়াক মধ্য়াকৰ্ষণীয় বল বোলে।মধ্য়াকৰ্ষণীয় বলেৰে কাম কৰিব পৰা শক্তিক মধ্য়াকৰ্ষণীয় শক্তি বোলে।
(৬) বৈদ্যুতিক শক্তিৰ পৰা তাপ আৰু পোহৰ শক্তি পোৱাৰ এটা উদাহৰণ ।
উত্তৰঃ বৈদ্য়ুতিক শক্তিয়ে এটা বাল্ব জ্বলায়। বাল্বটোৰ ওচৰত হাতখন ধৰিলে গৰম লাগে কাৰণ ইয়াৰ পৰা তাপ নিৰ্গত হয় আৰু বাল্বটোৰ পৰা পোহৰো ওলায়। বৈদ্য়ুতিক শক্তি তাপ আৰু পোহৰ শক্তিলৈ সলনি হয়।
(৭) শাৰিৰিক শক্তিৰ পৰা স্থিতি শক্তি পোৱাৰ এটা উদাহৰণ দিয়া ।
উত্তৰঃ শাৰিৰিক শক্তিৰ পৰা স্থিতি শক্তি পোৱাৰ এটা উদাহৰণ হ'ল- চাবি দিয়া ঘড়ীৰ ভিতৰত এচটা পাত পাক খাই থাকে। পাতচটাক স্প্ৰিং বোলা হয়। চাবি দিলে শৰীৰৰ শক্তি ব্য়ৱহাৰ হয়। চাবি দিলে পাতচটা বেছি পাক খায়। এইটো পাতচটাৰ নতুন অৱস্থান। তেতিয়য়া পাতচটাই স্থিতি শক্তি লাভ কৰে। এই শক্তি শাৰীৰিক শক্তিৰ পৰা আহি স্থিতি শক্তি লাভ কৰে।
(৮) বৈদ্যুতিক শক্তিৰ পৰা চুম্বকীয় শক্তি পোৱাৰ এটা পৰীক্ষা বৰ্ণনা কৰা ।
উত্তৰঃ বৈদ্যুতিক শক্তিৰ পৰা চুম্বকীয় শক্তি পোৱাৰ এটা পৰীক্ষা বৰ্ণনা কৰা হ'ল-
এটা গজাল আৰু অলপ দীঘল তাঁৰ লোৱা হল। গজালটোত তাঁৰডাল দহ পাকমান মেৰিয়াই লোৱা হ'ল। তাঁৰডালৰ মূৰ দুটা বৈদ্য়ুতিক কোষ এটাৰ দুয়ো মূৰত সংযোগ কৰা হ'ল। এতিয়া গজালটোৱে আন গজাল আৰু আলপিনক আকৰ্ষণ কৰিব। অৰ্থাৎ তাঁৰ মেৰিওৱা গজালটো চুম্বক হৈ পৰে। এনে চুম্বকৰ নাম বিদ্য়ুৎচুম্বক। তাঁৰডালেদি বৈদ্য়ুতিক শক্তি পায়। ই গজালটোক চুম্বকীয় শক্তি প্ৰদান কৰে। গতিকে এই পৰীক্ষাটোত বৈদ্য়ুতিক শক্তি চুম্বকীয় শক্তিলৈ পৰিৱৰ্তন হয়।
(৯) কয়লা আৰু পেট্ৰ'লৰ পৰা কি কি শক্তি পাব পাৰি লিখা ।
উত্তৰঃ কয়লা আৰু পেট্ৰ'লৰ পৰা তাপ শক্তি, গতি শক্তি, শব্দ শক্তি আৰু পোহৰ শক্তি পোৱা যায়।
(১০) বৰষুণৰ লগত সূৰ্য্যৰ তাপ আৰু পোহৰ শক্তিৰ সম্পৰ্ক কি ?
উত্তৰঃ বৰষুণৰ লগত সূৰ্য্য়ৰ তাপ আৰু পোহৰ শক্তি ওতঃপোতঃ ভাৱে জড়িত। সূৰ্য্য়ৰ তাপত পৃথিৱীৰ পানী লাহে লাহে ভাপ হয়। ভাপৰ পৰা ডাৱৰ হয় আৰু ডাৱৰৰ পৰা বৰষুণ হয়।
(১১) শুদ্ধ নে অশুদ্ধ : ✓ চিন দিয়া ।
এটা উদাহৰণ : ফুটবলটো গুৰিয়ালে কাম কৰা হয় । শুদ্ধ /অশুদ্ধ
উত্তৰঃ শুদ্ধ।
(ক) চাৰাইটোক উৰিবলৈ শক্তি লাগে । শুদ্ধ /অশুদ্ধ
উত্তৰঃ শুদ্ধ।
(খ) গৈ থকা গাড়ী এখনৰ স্থিতি শক্তি থাকে । শুদ্ধ /অশুদ্ধ
উত্তৰঃ অশুদ্ধ।
(গ) পানী ওপৰৰ পৰা পৰিলে স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰ হয় । শুদ্ধ /অশুদ্ধ
উত্তৰঃ শুদ্ধ।
(ঘ) ঘড়ীৰ স্প্ৰিঙত স্থিতি শক্তি থাকে । শুদ্ধ /অশুদ্ধ
উত্তৰঃ শুদ্ধ।
(ঙ) যন্ত্ৰই ইন্ধনৰ সহায়ত কাম কৰে । শুদ্ধ /অশুদ্ধ
উত্তৰঃ শুদ্ধ।
(১২) খালী ঠাই পূৰোৱা ।
(ক) _____ শক্তিয়ে বাল্বটো জ্বলায় ।
উত্তৰঃ বৈদ্য়ুতিক।
(খ) গছত লাগি থকা আমটোৰ ________ শক্তি থাকে ।
উত্তৰঃ স্থিতি শক্তি থাকে।
(গ) ভাপ ইঞ্জনত তাপ শক্তি ________ শক্তিলৈ সলনি হয় ।
উত্তৰঃ গতি শক্তিলৈ ।
(ঘ) বাল্বত বৈদ্যুতিক শক্তি পৰা _______ শক্তি আৰু ______শক্তি পাব পাৰি ।
উত্তৰঃ তাপ শক্তি আৰু পোহৰ শক্তি পাব পাৰি।
(ঙ) সকলো শক্তিৰ মূলতে হ'ল সূৰ্য্যৰ ______ আৰু ______ শক্তি ।
উত্তৰঃ তাপ আৰু পাহৰ শক্তি।
(চ) বিদ্যুৎচুম্বকত বৈদ্যুতিক শক্তি _______শক্তিলৈ সলনি হয় হয় ।
উত্তৰঃ চুম্বকীয় শক্তিলৈ সলনি হয়।
Lesson 5
উদ্ভিদৰ আহাৰ
◻️ প্ৰশ্নাৱলী
(১) পত্ৰৰন্ধ্ৰ কি ?
উত্তৰঃ গছৰ পাতবোৰৰ তল পিঠিত কিছুমান নিচেই সৰু সৰু বিন্ধা থাকে এই বিন্ধাবোৰক পত্ৰৰন্ধ বোলে।
(২) গছৰ শিপাৰ কাম কি ?
উত্তৰঃ গছৰ শিপাৰ কাম হ'ল মাটিত খোপনি পুতি গছডাল ধৰি ৰখা আৰু মাটিৰ পৰা পানী আৰু সাৰ শুহি লোৱা।
(৩) শিপাৰবোৰ কেনেকুৱা বৰ্ণনা কৰা ।
উত্তৰঃ সকলো গছৰ শিপা একে নহয়। কিছুমান গছৰ গুৰিৰপৰা এথোপা সৰু, মিহি চুলিৰ দৰে শিপা ওলায়।যেনেঃ পিঁয়াজ, ঘাঁহ, ধান। কিছুমান গছৰ গুৰিৰ পৰা এডাল ডাঙৰ শিপা ওলায় এইডাল ঘাই শিপা। এই ঘাইশিপাৰ পৰা কিছুমান ডাঙৰ শাখা শিপা ওলায়। ঘাই শিপা আৰু শাখা শিপাৰ মূৰৰ পিনে কিছুমান সৰু, তেনেই মিহি শিপা ওলায় এইবোৰৰক চুলি শিপা বোলে। যেনেঃ ভেন্দি, জিকা, মটৰমাহ, আম আদিৰ শিপা।
(৪) গছৰ পাতত কি কি থাকে ?
উত্তৰঃ গছৰ পাতত পত্ৰহৰিৎ আৰু পত্ৰৰন্ধ্ৰ থাকে এই পত্ৰৰন্ধ্ৰৰ মাজেৰে গছৰ পাতত বায়ু সোমায়। গছৰ পাততে আহাৰ তৈয়াৰ হয়।
(৫) গছে পাততহে খাদ্য তৈয়াৰ কৰিব পাৰে। কিয় ?
উত্তৰঃ গছৰ পাতত সৰু সৰু বিন্ধা থাকে, ইয়াক পত্ৰৰন্ধ বোলে। পত্ৰৰন্ধৰ মাজেৰে গছৰ পাতত বায়ু সোমায়। বায়ুত অক্সিজেন, নাইট্ৰ'জেন, কাৰ্বন-ডাই-অক্সাইড আদি গেছ থাকে। পত্ৰহৰিতে সূৰ্য্য়ৰপৰা পোহৰ শক্তি শুহি ৰাখে।ইপিনে শিপাই শুহি লোৱা পানী পাতলৈ যায়। তাৰ পিছত পোহৰ শক্তি সহায়ত পানী আৰু কাৰ্বন-ডাই-অক্সাইড লগ লাগে। এই কামটো গছৰ পাততহে হয়। ইয়াৰ ফলত কাৰ্বহাইড্ৰেট নামৰ এবিধ পদাৰ্থ তৈয়াৰ হয়। ইয়েই হ'ল গছৰ খাদ্য় আৰু এই প্ৰক্ৰিয়াটো কেৱল গছৰ পাততহে হয়।
(৬) গছৰ কাম কি কি ?
উত্তৰঃ গছৰ কামবোৰ হ'ল-
১) গছৰ শিপাই মাটিৰ পৰা পানী আৰু সাৰ শোহে।
২) এই পানী আৰু সাৰ গছৰ ডাল, পাত, ফুল, ফল সকলো অংগলৈ যায়।
৩) গছত ফুল ফুলে আৰু ফুলৰ পৰা ফল হয়।
৪) গছে পাতত আহাৰ তৈয়াৰ কৰে।
(7) ক্লৰ'ফিলৰ কাম কি ?
উত্তৰঃ গছৰ পাতত ক্ল'ৰফিল নামৰ এবিধ পদাৰ্থ থাকে। ক্ল'ফিলৰ অসমীয়া নাম পত্ৰহৰিৎ। ক্লৰ'ফিলৰ ৰং সেউজীয়া। সেইবাবে গছৰ পাতৰ ৰঙো সেউজীয়া হয়।ক্লৰ'ফিলে সূৰ্য্য়ৰ পোহৰ শক্তি ধৰি ৰাখে।
(৮) পাতত খাদ্য তৈয়াৰ হ'বলৈ কি কি বস্তুৰ প্ৰয়োজন ?
উত্তৰঃ পাতত খাদ্য় তৈয়াৰ হ'বলৈ সূ্ৰ্য্য়ৰ পোহৰৰ লগতে পানী আৰু কাৰ্বন-ডাই-অক্সাইড লাগে।
(৯) উদ্ভিদক শক্তি কিয় লাগে ? এই শক্তি ক'ৰ পৰা পায় ?
উত্তৰঃ উদ্ভিদক কাম কৰিবলৈ শক্তি লাগে।
উদ্ভিদে শক্তি কাৰ্ব'হাইড্ৰেটৰ পৰা পায়।
(১০) অৰ্কিডৰ শিপাই ক'ৰ পৰা পানী আহৰণ কৰে ?
উত্তৰঃ অৰ্কিডৰ শিপাই বায়ুৰ পৰা জলীয় বাষ্প শুহি লয়।
(১১) এবিধ ফুল নুফুলা উদ্ভিদৰ নাম লিখা ।
উত্তৰঃ এবিধ ফুল নুফুলা উদ্ভিদৰ নাম হ'ল- ঢেঁকীয়া।
(১২) পত্ৰৰন্ধ্ৰৰ কাম কি ?
উত্তৰঃ পত্ৰৰন্ধ্ৰৰ মাজেৰে পাতত বায়ু সোমায় আৰু শিপাই বেছিকৈ শুহি লোৱা পানী পত্ৰৰন্ধ্ৰৰে ভাপ হৈ ওলাই যায়।
(১৩) খালী ঠাই পূৰোৱা ।
(ক) __________ থকা বাবে পাতৰ ৰং সেউজীয়া ।
উত্তৰঃ পত্ৰহৰিৎ থকা বাবে।
(খ) গছৰ পাতত থকা বিন্ধাবোৰক ________ বোলে ।
উত্তৰঃ পত্ৰৰন্ধ্ৰ বোলে।
(গ) ক্লৰ'ফিলে __________ শক্তি ধৰি ৰাখে ।
উত্তৰঃ ক্লৰ'ফিলে সূৰ্য্য়ৰ পোহৰ শক্ত ি ধৰি ৰাখে।
(ঘ) পাতত তৈয়াৰ হোৱা খাদ্যবিধৰ নাম _________ ।
উত্তৰঃ কাৰ্বহাইড্ৰেট ।
(ঙ) পোহৰ নাপালে গছপুলি বাঢ়িব __________ ।
উত্তৰঃ নোৱাৰে।
(চ) গছে খাদ্য প্ৰস্তুত কৰিবলৈ __________ গেছৰ প্ৰয়োজন ।
উত্তৰঃ কাৰ্বন-ডাই- অক্সাইডৰ গছৰ প্ৰয়োজন।
(১৪)তলত উল্লেখ কৰা গছবোৰৰ কোন অংশত খাদ্য জমা হৈ থাকে ?
এটা উদাহৰণ : আম ফল।
দুপৰটেঙা পাত।
মিঠা আলু শিপা।
সৰিয়হ গুটি।
কলগছ গা-গছ বা কাণ্ড।
গাজৰ শিপা।
বাদাম গুটি।
Chapter - 4 ::
প্ৰশ্নাৱলী
(১) ফুলৰ প্ৰধান অংশ কেইটা কি কি ? ছবি আঁকি দেখুওৱা ।
উত্তৰঃ ফুলৰ প্ৰধান অংশ কেইটা হ'ল- চুপহি, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ।
(২) কিছুমান গুটি নগজাৰ দুটা কাৰণ লিখা ।
উত্তৰঃ কিছুমান গুটি নগজাৰ দুটা কাৰণ হ'ল-
১) অপৈনত গুটিৰ পৰা গজালি নোলায়।
২) পোক-পৰুৱাই খাই নষ্ট কৰিলেও গুটি নগজে।
(৩) গুটি গজিবলৈ কি কি লাগে লিখা ।
উত্তৰঃ গুটি গজিবলৈ পানী ,বায়ু আৰু তাপ লাগে। ইয়াৰি যিকোনো এটা জোখত নাপালে গুটি নগজে।
(৪) ফুল নোহোৱাকৈ গুটি হ'ব পাৰেনে ?
উত্তৰঃ ফুল নোহোৱাকৈ গুটি হব নোৱাৰে।
(৫) পৰাগযোগ কাক বোলে ?
উত্তৰঃ পৰাগৰেণু গৰ্ভকেশৰত পৰাকে পৰাগযোগ বোলে।
(৬) গুটিৰ ভিতৰত থকা অংশটোৰ নাম কি ?
উত্তৰঃ গুটিৰ ভিতৰত থকা অংশটোৰ নাম হ'ল- ভ্ৰণ।
(৭) পাঁচবিধ এটা গুটি থকা আৰু পাঁচবিধ এটাতকৈ বেছি গুটি থকা ফলৰ নাম লিখা ।
উত্তৰঃ পাঁচবিধ এটা গুটি থকা ফলৰ নাম হ'ল- আম, জাম, লিচু, বগৰী, আমলখি।
পাঁচবিধ এটাতকৈ বেছি গুটি থকা ফলৰ নাম হ'ল- কঁঠাল, আপেল, কমলা, বিলাহি, বেল।
(৮) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া ।
(ক) সকলো ফুলৰ ভিতৰত মৌৰস থাকে/নাথাকে ।
উত্তৰঃ নাথাকে।
(খ) পুংকেশৰৰ মূৰত ডিম্বক তৈয়াৰ হয়/নহয় ।
উত্তৰঃ হয়।
(গ) পৰাগৰেণু নহ'লেও গুটি হ'ব পাৰে/ নোৱাৰে ।
উত্তৰঃ নোৱাৰে।
(ঘ) বতাহ উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে/ নকৰে ।
উত্তৰঃ কৰে।
(ঙ) বটলত ভৰাই থোৱা শুকান গুটি গজিব পাৰে/নোৱাৰে ।
উত্তৰঃ নোৱাৰে।
(চ) পানীত ডুব গৈ থকা বীজৰ পৰা গজালি ওলায়/নোলায় ।
উত্তৰঃ নোলায়।
Lesson 7
গুটিৰ বিস্তাৰণ
◻️ প্ৰশ্নাৱলী
(১) গুটিৰ বিস্তাৰণ কাক বোলে ?
উত্তৰঃ গছ এজোপাৰ গুটি দূৰলৈকে সিঁচৰিত হৈ পৰাকে গুটিৰ বিস্তাৰণ বোলে।
(২) গুটিৰ বিস্তাৰণৰ চাৰিটা উপায় লিখা। প্ৰত্য়কৰে একোটাকৈ উদাহৰণ দিয়া।
উত্তৰঃ গুটি বিস্তাৰৰ চাৰিটা উপায় হ'ল
১) বতাহৰ দ্বাৰা গুটি বিস্তাৰণ। কিছুমান গুটি সৰু আৰু পাতল, বতাহে এনে গুটি উৰুৱাই নি দূৰৈত পেলায়। যেনেঃ শিমলু, চজিনা, শাল গছৰ গুটি।
২) পানীৰ সোঁতত গুটি বিস্তাৰণ। নৈ আৰু সাগৰৰ কাষত গছ থাকে। তেনেবোৰ গছৰ গুটি পানীত উটি দূৰলৈ যায়। যেনেঃ সাগৰৰ পাৰত থকো নাৰিকল গছ।
৩) প্ৰাণীৰ দ্বাৰা গুটি বিস্তাৰণ। চৰাই, কেৰ্কেটুৱা, বান্দৰ আদিয়ে ফলবোৰ লৈ গৈ আন ঠাইত বা আন গছৰ ওপৰত খায়। তেতিয়া গুটিবোৰ গছজোপাৰ পৰা আঁতৰত পৰেগৈ।কিছুমান গছৰ গুটিত শুং থাকে, মানুহ বা আন প্ৰাণীৰ গাত লাগি ধৰি এঠাৰপৰা আন ঠাইলৈ বিয়পি পৰে। যেনেঃ বিয়নিসাবটা।
৪) ফল জোৰেৰে ফাটিলেও ছিটিকি পৰে আৰু বহু দূৰৈত পৰাৰ ফলত আন ঠাইলৈ বিস্তাৰিত হয়। যেনেঃ মাটিমাহ, টেঙেচি, তিল ইত্য়াদি।
(৩) গছৰ আটাইবোৰ গুটি গছজোপাৰ তলতে গজি বাঢ়িব নোৱাৰে । কাৰণটো লিখা ।
উত্তৰঃ কিছুমান গছৰ গুটি গছজোপাৰ তলতে সৰি পৰে আৰু গুটিবোৰৰ পৰা একেলগে গজালি ওলায়। কিন্তু সকলো গজালি সমানে বাঢ়িব নোৱাৰে কাৰণ সকলো গজালিয়ে সমানে বাঢ়িবলৈ যথেষ্ট পৰিমানৰ পানী, সাৰ আৰু ঠাই নাপায়।
(৪) বতাহ আৰু পানীয়ে গুটি কেনেদৰে বিস্তাৰিত কৰে লিখা ।
উত্তৰঃ বতাহে গুটি উৰুৱাই নিয়ে। কিছুমান গছৰ গুটি সৰু, পাতল সেইবাবে বতাহে এনে গুটি সহজে উৰুৱাই নি দূৰৈত পেলায়। কিছুমান গছৰ গুটিত সৰু পাখি লাগি থাকে আৰু কিছুমান গুটিত সৰু আঁহ লাগি থাকে এই পাখি আৰু আঁহৰ সহায়ত গুটিবোৰ বতাহত ভাঁহি দূৰলৈ যাব পাৰে।
পানীৰ দ্বাৰাও গুটি বিস্তাৰণ হয়। নৈ আৰু সাগৰৰ কাষত থকা গছৰ গুটি পানীত উটি দূৰলৈ যায় উদাহৰণস্বৰূপে, সাগৰৰ পাৰত থকা নাৰিকলৰ গছ। নাৰিকলৰ বাকলি শুকান আঁহ যুক্ত হোৱাৰ বাবে পানীত ওপঙি থাকে আৰু পানীত উটি-ভাঁহি নাৰিকল বহু দূৰলৈ যায়গৈ।
(৫) প্ৰানীয়ে গুটি কেনেকৈ বিয়পায় লিখা ।
উত্তৰঃ প্ৰাণীয়ে গুটি বহু দূৰলৈ বিয়পায়। চৰাই, বান্দৰ, কেৰ্কেটুৱাই ফলবোৰ লৈ গৈ আন ঠাইত খাইগৈ তেতিয়া গছজোপাৰ গুটি গছজোপাৰপৰা আঁতৰত পৰেগৈ।মানুহেও ফলৰ গুটিবোৰ গছজোপাৰ পৰা দূৰৈত পেলায়। কিছুমান ফল খাওঁতে গুটিবোৰ পানীৰ পেটলৈ যায়। পাছত মলৰ লগত গুটিবোৰ বাহিৰ হয়। কিছুমান গছৰ গুটিত শুং থাকে। শুঙৰ সহায়ত গুটিবোৰ মানুহ বা আন প্ৰাণীৰ গাত লাগি ধৰে আৰু গুটিবোৰ আন ঠাইত বিয়পি পৰে। এনেদৰে বিভিন্ন ধৰণে প্ৰাণীয়ে গুটি বিস্তাৰিত কৰে।
(৬) পকিলে জোৰেৰে যোৱা দুবিধ ফলৰ নাম লিখা ।
উত্তৰঃ পকিলে জোৰেৰে যোৱা দুবিধ ফলৰ নাম হ'ল- তিল আৰু মাটিমাহ।
(৭) খাওঁতে গুটি পেটলৈ যোৱা পাঁচবিধ ফলৰ নাম লিখা ।
উত্তৰঃ খাওঁতে গুটি পেটলৈ যোৱা পাঁচবিধ ফলৰ নাম হ'ল- বিলাহি, বেঙেনা, ডালিম, তিয়হ, মধুৰিআম ।
(৮) খালী ঠাই পূৰ কৰা ।
(ক) কপাহৰ গুটি __________ দ্বাৰা বিস্তাৰিত হয় ।
উত্তৰঃ বতাহৰ দ্বাৰা।
(খ) তিলৰ গুটি _________ পৰে ।
উত্তৰঃ ছিটিকি পৰে।
(গ) মধুৰীআমৰ গুটি প্ৰণীৰ _________ লগত বিয়পে ।
উত্তৰঃ প্ৰাণীৰ মলৰ লগত বিয়পে।
(ঘ) শুঙৰ সহায়ত আনৰ গাত লাগি ধৰি বিয়পা এবিধ গুটি হ'ল _______ ।
উত্তৰঃ বিয়নিসাবটা।
(৯) 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা ।
‘ক’
নাৰিকল
বনগুটি
মদাৰৰ গুটি
ভোটএৰাৰ গুটি
‘খ’
বতাহে উৰুৱাই নিয়ে
পানীৰ সোঁতত উটি যায়
ফাটি ছিটিকি পৰে
শুঙৰ সহায়ত আন প্ৰানীৰ গাত লাগি ধৰে ◼️
উত্তৰঃ নাৰিকল পানীৰ সোঁতত উটি যায়।
বনগুটি শুঙৰ সহায়ত আন প্ৰাণীৰ গাত লাগি যায়।
মদাৰৰ গুটি বতাহে উৰুাই নিয়ে।
ভোটএৰাৰ গুটি ফাটি ছিটিকি পৰে।
Lesson 8
আমাৰ দৰকাৰী উদ্ভিদ
⬜ প্ৰশ্নাৱলী
(১) শস্য কোনবোৰ ?
উত্তৰঃ মানুহৰ প্ৰধান খাদ্য় তৃণজাতীয় উদ্ভিদৰ পৰা পায়। তৃণজাতীয় উদ্ভিদৰ গুটিক শস্য় বোলে। যেনেঃ ধান, মাহ,ঘেঁহু ইত্য়াদি।
(২) পাঁচবিধ শস্য উদ্ভিদৰ নাম লিখা ।
উত্তৰঃ পাঁচবিধ শস্য উদ্ভিদৰ নাম হ'ল- ধান, মাহ, ঘেঁহু, গোমধান, বজ্ৰা আদি।
(৩) আঁহ থকা গছ কেইবিধমানৰ নাম লিখা ।
উত্তৰঃ আঁহ থকা গছ কেইবিধমানৰ নাম হ'ল- কপাহ, শিমলু, মৰাপাত, চিচি, ৰেমি, মাটিকঁঠাল আৰু নাৰিকল।
(৪) অসমৰ কোনবোৰ গছৰ পৰা কাঠ পোৱা যায় ?
উত্তৰঃ অসমৰ শাল, চেগুন, গমাৰি,বনচোম, তিতাচঁপা আদি গছৰ পৰা কাঠ পোৱা যায়।
(৫) শস্যত থকা পুষ্টিকৰ দ্ৰব্যবিধ কি ?
উত্তৰঃ শস্য় থকা পুষ্টিকৰ দ্ৰব্য়বিধ হ'ল- প্ৰ'টিন।
(৬) দাইলত কোনবিধ পুষ্টিকৰ দ্ৰব্য বেছিকৈ থাকে ?
উত্তৰঃ দাইলত প্ৰ'টিন নামৰ পুষ্টিকৰ দ্ৰব্য়বিধ বেছিকৈ থাকে।
(৭) মাটিকাঁদুৰি, দুপৰটেঙা, চিৰতা, মানিমুনি, জাৰ্মানি বন, আদা, ব্ৰাক্ষী, আদি উদ্ভিদৰ কি ঔষধি ণ্ডণ আছে তোমাৰ ছাৰ/বাইদেউ আৰু আনক সুধি লাখা ।
উত্তৰঃ মাটিকাঁদুৰিঃ মাটিকাঁদুৰি খালে দৃষ্টিশক্তি বৃদ্ধি হোৱাৰ উপৰিও ছাল সুন্দৰ হয়। ই পেটৰ কাৰণেও ভাল।
দুপৰটেঙাঃ দুপৰটেঙা পাত পিহি ৰাতিপুৱা খালী পেটত খালে পাথ্বৰ নহয়।
চিৰতাঃ চিৰতা কৃমি নাশক।
মানিমুনিঃ মানিমুনি ৰস খালে পেট ভালে থাকে।
জাৰ্মানি বনঃকাটা-ছিঙাত তেজ ওলোৱা বন্ধ কৰে।
আদাঃ আদা খালে পাচন শক্তি বৃদ্ধি হয় ।
ব্ৰাহ্মীঃ স্মৃতি শক্তি বৃদ্ধি কৰে।
(৮) খালী ঠাই পূৰণ কৰা ।
(ক) ঘেঁহু এবিধ _________ উদ্ভিদ ।
উত্তৰঃ তৃণজাতীয় উদ্ভিদ।
(খ) ছয়াবিনত __________ থাকে ।
উত্তৰঃ ছয়াবিনত প্ৰ'টিন থাকে।
(গ) ছিনক'না গছৰ পৰা ________ প্ৰস্তুত কৰা হয় আৰু ই ______ বেমাৰ ভাল কৰে ।
উত্তৰঃ কুইনাইন। মেলেৰিয়া।
(ঘ) _________ গছৰ পৰা শণ সূতা পোৱা যায় ।
উত্তৰঃ চিচি গছৰ পৰা।
(ঙ) প্ৰকৃতিৰ পৰা পোৱা শ্ৰেষ্ঠ সূতাবিধৰ নাম _________ সূতা ।
উত্তৰঃ ৰেমি সূতা।
(চ) যৱৰ আন এটা নাম ________ ।
উত্তৰঃ বাৰ্লি।
Lesson 9
প্ৰাণী আৰু প্ৰাণীৰ আহাৰ
◻️ প্ৰশ্নাৱলী
(১) প্ৰাণীক আহাৰ কিয় লাগে ?
উত্তৰঃ সকলো প্ৰাণী জীয়াই থাকিবলৈ আহাৰ লাগে। আহাৰ খালেহে গাত শক্তি পায় আৰু প্ৰাণীৰ দেহ গঠন হ'বলৈও আহাৰৰ প্ৰয়োজন।
(২)তৃণভোজী প্ৰাণী কাক বোলে ? পাঁচবিধ তৃণভোজী প্ৰাণীৰ নাম লিখা ।
উত্তৰঃ যিবোৰ প্ৰাণীয়ে কেবল ঘাঁহ-বন খাই জীয়াই থাকে সৈই বোৰ প্ৰাণীক তৃণভোজী প্ৰাণী বোলে। যেনেঃ গৰু, হৰিণা, পহু, হাতী, ম'হ।
(৩) পাঁচবিধ মাংসভোজী প্ৰাণী নাম লিখা ।
উত্তৰঃ পাঁচবিধ মাংসভোজী প্ৰাণীৰ নাম হ'ল- বাঘ, সিংহ, ফেঁচা, চিলনী, ভেকুলী আদি।
(৪) উদ্ভিদ আৰু মাংস দুয়োটা খোৱা পাঁচবিধ প্ৰাণী নাম লিখা ।
উত্তৰঃ উদ্ভিদ আৰু মাংস দুয়োটা খোৱা পাঁচবিধ প্ৰাণীৰ নাম হ'ল- মানুহ, শিয়াল, কুকুৰ, এন্দুৰ, নিগনি আদি।
(৫) পৰজীৱী কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ প্ৰাণীয়ে আন প্ৰাণীৰ দেহৰ পৰা আহাৰ শুহি লয়, সেইবোৰ প্ৰাণীক পৰজীৱী প্ৰাণী বোলে। যেনেঃ পেলু, কৃমি, ওকণি, উৰহ আদি।
(৬) পেলনীয়া বস্তুবোৰ কিয় গেলি-পাঁচি যায় ?
উত্তৰঃ পেলনীয়া খোৱা বস্তু আৰু জাৱৰ-জোঁথৰত কিছুমান ভেঁকুৰ আৰু বেক্টেৰিয়া গজে ইহঁতে এইবোৰৰ পৰাই আহাৰ পায় ভেঁকুৰ বেক্টেৰিয়া য'ত গজে, সেইবোৰ বস্তু গেলি-পঁচি যায়।
(৭) পাগুলি খোৱা মানে কি ? পাগুলি খালে কি হয় ?
উত্তৰঃ গৰু,ম'হৰ দৰে তৃণভোজী প্ৰাণীবোৰে যথেষ্ট পৰিমানে ঘাঁহ খায়। ঘাঁহ প্ৰথমে পেটলৈ যায় পিছত আকৌ পেটৰ পৰা মুখলৈ উলিয়াই আনি চোৱাই খায়। এনেদৰে খোৱাকে পাগুলি খোৱা বোলে।
পাগুলি খালে ঘাঁহ-বন বোৰ ভালদৰে হজম হয়।
(৮) উদ্ভিদ নাথাকিলে মাংসভোজী প্ৰাণীবোৰ জীয়াই থাকিবনে ? যদি নাথাকে, কিয় ?
উত্তৰঃ উদ্ভিদ নাথাকিলে মাংসভোজী প্ৰাণীবোৰ জীয়াই নাথাকিব কাৰণ মাংসভোজী প্ৰাণীবোৰে তৃণভোজী প্ৰাণীৰ মাংস খাই জীয়াই থাকে।তৃণভোজী প্ৰাণীৰ প্ৰধান খাদ্য় হ'ল উদ্ভিদ গতিকে উদ্ভিদ নাথাকিলে তৃণভোজী প্ৰাণী জীয়াই নাথাকিব আৰু তৃণভোজী নাথাকিলে মাংসভোজী প্ৰাণী জীয়াই নাথাকিব।
(৯) উদ্ভিদে কি কি পদাৰ্থ উৎপন্ন পৰে ?
উত্তৰঃ উদ্ভিদে কাৰ্ব'হাইড্ৰেট বা শৰ্কৰা, প্ৰ'টিন, তেল, চৰ্বী আৰু ভিটামিন উৎপন্ন কৰে।
(১০) জৈৱ-ৰায়াসনিক শক্তি কাক বোলে ?
উত্তৰঃ কাৰ্বহাইড্ৰেট, প্ৰ'টিন, তেল, চৰ্বী, ভিটামিন আদিত থকা শক্তিক জৈৱ-ৰাসায়নিক শক্তি বোলে।
(১১) শস্য খোৱা চৰাইৰ ঠোঁটৰ গঠন কেনে হয় ? দুবিধ শস্য খোৱা চৰাই নাম লিখা ।
উত্তৰঃ শস্য় খোৱা চৰাইৰ ঠোঁট চুটি আৰু টান।
দুবিধ শস্য় খোৱা চৰাইৰ নাম হ'ল- ঘৰচিৰিকা, পাৰ।
(১২) পেলিকান চৰায়ে কিদৰে আহাৰ খায় ?
উত্তৰঃ পেলিকান চৰাইৰ ঠোঁট দীঘল আৰু বৰশীৰ দৰে বেঁকা। তলৰ ঠোঁটটোত ৰবৰৰ মোনাৰ দৰে এটা টোটোলা থাকে। টোটোলাত পানী সোমায়। পানীখিনিত মাছ থাকিলে ঠোঁট দুটা চেপি দিয়ে। তেতিয়া পানীখিনি ওলাই যায়।
(১৩) শুদ্ধ বাক্যটো লিখা ।
(ক) পখিলা আৰু জোকৰ আহাৰ গোটা/জুলীয়া ।
উত্তৰঃ জুলীয়া।
(খ) ভেকুলীয়ে জিভাৰ সহায়ত পোক-পৰুৱা চোবাই খায়/গোটে গোটে গিলি থয় ।
উত্তৰঃ গোটে গোটে গিলি খায়।
(গ) ভাটৌৰ দুয়োটা ঠোঁট সমান/সমান নহয় ।
উত্তৰঃ সমান নহয়।
(ঘ) প্ৰ'টিনত এবিধ জৈৱ-ৰাসায়নিক শক্তি থাকে/নাথাকে ।
উত্তৰঃ থাকে।
(ঙ) ওকণি পৰজীৱী প্ৰাণী হয়/নহয় ।
উত্তৰঃ হয়।
Lesson 10
প্ৰাণীৰ থকা ঠাই
◻️ প্ৰশ্নাৱলী
(১) কোনবোৰ প্ৰাণী গুহাত থাকে ?
উত্তৰঃ বাঘ, সিংহ, হাতী আদি ডাঙৰ ডাঙৰ প্ৰাণী বোৰ গুহাত থাকে।
(২) মাটিত গাঁত আৰু সুৰংগ খান্দি থকা প্ৰাণী কোনবোৰ ? এনেদৰে থাকিলে কি সুবিধা পোৱা যায় ?
উত্তৰঃ মাটিত গাঁত আৰু সুৰংগ খান্দি থকা প্ৰাণীবোৰ হ'ল- শিয়াল, এন্দুৰ আদি সৰু সৰু প্ৰাণীবোৰ।
এনেদৰে থাকি সিহঁতে নিজকে অতিপাত ঠাণ্ডা, গৰম, বৰষুণৰ পৰা ৰক্ষা কৰে। তদুপৰি মাটিৰ তলত আন চিকাৰী শত্ৰুৰপৰাও হাত সাৰি থাকে।
(৩) মকৰাই জাল কেনেকৈ বান্ধে ? কিয় বান্ধে ?
উত্তৰঃ মকৰাই নিজৰ গাৰ পৰা ওলোৱা ৰসেৰে জাল বান্ধে।
মকৰাই নিজৰ আহাৰৰ গোটাবৰ বাবে জাল বান্ধে। মহ, মাখি,ফৰিং আদি উৰণীয়া প্ৰাণীবোৰ মকৰাজালত পৰিলে লাগি ধৰে আৰু উৰি যাব নোৱাৰা হয়। তেতিয়া মকৰাই এইবোৰ প্ৰাণীৰ গাৰ ৰস শুহি খায়।
(৪) পোক-পৰুৱাৰ বাসস্থান ক'ত ?
উত্তৰঃ পোক-পৰুৱাৰ বাসস্থান হ'ল মাটিৰ তলত থকা সৰু সৰু সুৰুঙা।
(৫) লেটা কাক বোলে ?
উত্তৰঃ পখিলা আৰু চগাৰ কণীৰ পৰা বিছা হয়। বিছাবোৰে নিজৰ মুখৰ পৰা ৰস উলিয়াই। ৰসবোৰ গোট মাৰি পাতল সূতাৰ দৰে হয়। এই সূতাবোৰ গাৰ চাৰিওফালে মেৰিয়াই বিছাবোৰ সোমাই থাকে। তেতিয়া এইবোৰক লেতা বোলে।
(৬) টোকোৰা আৰু পাতসিয়া চৰায়ে কেনেকৈ বাহ সাজে ?
উত্তৰঃ টোকোৰা চৰায়ে গছৰ পাতৰ আগত বাহ সাজে। এইবিধ চৰায়ে ঘাঁহ-বন আৰু পাতেৰে পাক লগাই ঠিক সূতা চিলোৱাৰ দৰে বৰ মজবুত বাহ সাজি লয়।
পাতসিয়া চৰায়ে পাতৰ কাষ দুটা ঠোঁটেৰে চিলাই জোৰা লগাই বাহ সাজে।
(৭) কোনবিধ প্ৰাণী তোমাৰ বাৰু ঘৰচীয়া কৰিবলৈ মন যায় ? প্ৰাণীবিধৰ উপকাৰিতাৰ বিষয়ে কেইশাৰীমান লিখা ।
উত্তৰঃ মোৰ গৰুক ঘৰচীয়া কৰিবলৈ মন যায়।
গৰু এবিধ বৰ উপকাৰী প্ৰাণী।গৰুৱে খেতি পথাৰত হাল বোৱাকে ধৰি বিভিন্ন কামত আমাক সহায় কৰে।গাই গৰুৱে আমাক গাখীৰ দিয়ে।
Lesson 11
আমাৰ আহাৰ
□ প্ৰশ্নাৱলী
(১) আমি কিয় আহাৰ খাওঁ ?
উত্তৰঃ আমি জীয়াই থাকিবলৈ আহাৰ খাওঁ। আহাৰে আমাক শক্তি যোগান ধৰে আৰু শৰীৰৰ বিভিন্ন অংগ ঠিকমতে গঠন হৈ বাঢ়ি যোৱাত সহায় কৰে।
(২) পুষ্টিকৰ বস্তু কোনবোৰ ?
উত্তৰঃ পুষ্টিকৰ বস্তু হ'ল প্ৰ'টিন, কাৰ্বহাইড্ৰেট আৰু চৰ্বী।
(৩) আমাক সৰহকৈ দৰকাৰ হোৱা পুষ্টিকৰ বস্তু কেইবিধ কি কি ?
উত্তৰঃ আমাক সৰহকৈ দৰকাৰ হোৱা পুষ্টিকৰ বস্তু কেইবিধ হ'ল- প্ৰ'টিন, কাৰ্বহাইড্ৰেট আৰু চৰ্বী।
(৪) আমাৰ আহাৰত কিয় প্ৰ'টিন থকা উচিত ?
উত্তৰঃআমাৰ আহাৰত প্ৰ'টিন এই কাৰণে দৰকাৰ প্ৰ'টিনে আমাৰ শৰীৰৰ সকলো অংশ , যেনে- চুলি, তেজ, ছাল, হাড়, মাংসপেশী ইত্য়াদিবোৰ গঠনৰ বাবে প্ৰয়োজনীয় বস্তু যোগান ধৰে।
(৫) কম পৰিমাণত প্ৰয়োজন হোৱা পুষ্টিকৰ বস্তু দুবিধ কি ?
উত্তৰঃ কম পৰিমাণত প্ৰয়োজন হোৱা পুষ্টিকৰ বস্তু দুবিধ হ'ল- ভিটামিন বা খাদ্য়প্ৰাণ আৰু খনিজ পদাৰ্থ।
(৬) সুষম আহাৰ কি ?
উত্তৰঃ বয়স আৰু শৰীৰৰ অৱস্থা অনুসৰি পুষ্টিকৰ বস্তুবোৰ ঠিক জোখত থকা আহাৰক সুষম আহাৰ বোলে।
(৭) কেঁচুৱা আৰু বাঢ়ি আহা ল'ৰা-ছোৱালীৰ আহাৰ কেনে হোৱা উচিত ?
উত্তৰঃ কেঁচুৱা আৰু বাঢ়ি অহা ল'ৰা- ছোৱালীৰ আহাৰত প্ৰ'টিন, ভিটামিন আদি পুষ্টিকৰ বস্তুবোৰ আনতকৈ বেছি পৰিমানে দিয়া উচিত।
(৮) শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবিধমান খনিজ পদাৰ্থৰ নাম লিখা ।
উত্তৰঃ শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবিধমান খনিজ পদাৰ্থৰ নাম হ'ল- ছ'ডিয়াম, পটেছিয়াম, আইৰণ বা লো, আয়'ডিন, কেলছিয়াম ইত্য়াদি।
(৯) তলৰ ছবিবোৰ চাই কোনবিধ খাদ্যদ্ৰব্যত কি কি পুষ্টিকৰ বস্তু বেছিকৈ পোৱা যায় তাৰ এখন তালিকা প্ৰস্তুত কৰা ◼️
(ক) অমিতাঃ ভিটামিনজাতীয় খাদ্য়।
(খ) মূলাঃ খনিজ লৱণজাতীয় খাদ্য়।
(গ) ডালিমঃ কাৰ্বহাইড্ৰট আৰু খনিজ লৱণজাতীয় খাদ্য়।
(ঘ) কণীঃ প্ৰ'টিন আৰু চৰ্বীজাতীয় খাদ্য়।
(ঙ) মাছঃ প্ৰ'টিনজাতীয় খাদ্য়।
(চ) কলঃ কাৰ্বহাইড্ৰেটজাতীয় খাদ্য়।
(ছ) আঙুৰঃ ভিটামিনজাতীয় খাদ্য়।
Lesson 12
আমাৰ শৰীৰ
◻️ প্ৰশ্নাৱালী
(১) আমাৰ শৰীৰৰ ভিতৰত থকা কেইটামান অংগৰ নাম লিখা ।
উত্তৰঃ আমাৰ শৰীৰৰ ভিতৰত থকা কেইটামান প্ৰধান অংগৰ নাম হ'ল- মগজু বা মস্তিস্ক, হৃদপিণ্ড বা কলিজা, হাঁওফাঁও, যকৃৎ, পাকস্থলী, অন্ত্ৰ ইত্য়াদি।
(২) আমাৰ শৰীৰৰ সকলো অংগকে অক্সিজেন লাগে । শৰীৰৰ বিভিন্ন অংগই অক্সিজেন কেনেকৈ পায় ?
উত্তৰঃ আনি উশাহ লঁওতে অক্সিজেন হাঁওফাঁওত সোমায়। তেজে হাঁওফাঁওৰ পৰা শৰীৰৰ সকলো অংগলৈ অক্সিজেন লৈ যায়। অক্সিজেন নাপালে শৰীৰৰ কোনো অংগই কাম কৰিব নোৱাৰে।
(৩) উশাহ বন্ধ হ'লেই মানুহৰ মৃত্যু হয়। কিয় ?
উত্তৰঃ আমি উশাহত অক্সিজেন লওঁ। উশাহত লোৱা অক্সিজেন হাঁওফাঁওত সোমায় আৰু তেজে হাঁওফাঁওৰ পৰা অক্সিজেন শৰীৰৰ সকলো অংগলৈ কঢ়িয়াই লৈ যায়। অক্সিজেন নাপালে শৰীৰৰ কোনো অংগই কাম কৰিব নোৱাৰে। সেয়েহে উশাহ বন্ধ হৈ গ'লেই মানুহৰ মৃত্য়ু হয়।
(৪) নিশাহত আমি এবিধ গেছ এৰি দিওঁ। গেছবিধ কি ?
উত্তৰঃ নিশাহত এৰি দিয়া গেছ বিধ হ'ল- কাৰ্বন-ডাই-অক্সাইড।
(৫) আমাৰ স্থায়ী দাঁত কেইটা ? স্থায়ী দাঁত কেইবিধ ? প্ৰতিবিধে নাম লিখা ।
উত্তৰঃ আমাৰ স্থায়ী দাঁত ৩২ টা।
স্থায়ী দাঁত চাৰিবিধ। সেইকেইবিধ হ'ল-
১)আগ দাঁত
২) কুকুৰ দাঁত
৩) আগজমি দাঁত
৪) জমি দাঁত
(৬) আমি কিয় খোৱা আহাৰ ভালদৰে চোবাব লাগে ?
উত্তৰঃ আহাৰ ভালদৰে চোবাই খালেহে হজম হয়। সেয়েহে সদায় আহাৰ খাওঁতে ভালদৰে চোবাই খাব লাগে।
(৭ ) আমাৰ ইন্দ্ৰিয় কেইটা আৰু কি কি ?
উত্তৰঃ আমাৰ ইন্দ্ৰিয় পাঁচ বিধ। সেইকেইবিধ হ'ল-
১) চকু ২)কাণ ৩) নাক ৪) জিভা ৬) ছাল
(৮) আমি খোৱাবস্তুৰ সোৱাদ কেনেকৈ পাওঁ ?
উত্তৰঃ দাঁতেৰে চোবাই গুৰি কৰি লোৱা খোৱাবস্তুবোৰ লেলাউটিৰ লগত মিহলি হয় তেতিয়া খোৱা বস্তুৰ সোৱাদ পোৱা যায়। জিভাৰ সহায়ত আমি মিঠা নে তিতা, টেঙা নে নিমখীয়া গম পাওঁ।
(৯) মগজুৱে কাৰ সহায়ত শৰীৰৰ সকলো অংগৰ লগত যোগাযোগ ৰাখে ?
উত্তৰঃ মগজুৱে স্নায়ুতন্ত্ৰৰ সহায়ত শৰীৰৰ সকলো অংগৰ লগত যোগাযোগ ৰাখে।
(১০) তন্ত্ৰ কাক বোলে ? পাচন তন্ত্ৰ আৰু ৰেচন তন্ত্ৰ কাক বোলে ?
উত্তৰঃ মুখ, জিভা, দাঁত, পেট, অন্ত্ৰ, যকৃৎ, ইত্য়াদি কেইবাটাও অংগই আহাৰ হজম হোৱাত সহায় কৰে। তেতিয়াহে আহাৰত থকা শক্তি আৰু পুষ্টি আমি পাঁও। এইদৰে কোনো এটা কাম কৰোঁতে কেইবাটাও অংগই ভাগ লয়। এই অংগবোৰকে একেলগে তন্ত্ৰ বোলে।
খোৱা খাদ্য় হজম কৰা তন্ত্ৰক পাচন তন্ত্ৰ বোলে।
যিবোৰ অংগই শৰীৰত উৎপন্ন হোৱা অদৰকাৰী বস্তুবোৰ বাহিৰ হৈ যোৱাত সহায় কৰে, এইবোৰক একেলগে ৰেচন তন্ত্ৰ বোলে।
(১১) আমাৰ শৰীৰৰ সকলো কাম কাম-কাজ কোনটো অংগই নিয়ন্ত্ৰণ কৰে ?
উত্তৰঃ আমাৰ শৰীৰৰ সকলো কাম-কাজ মগজুৱে নিয়ন্ত্ৰণ কৰে।
(১২) স্নায়ু কোনবোৰ ? স্নায়ু কাম কি ? এটা উদাহৰণ দিয়াঁ ।
উত্তৰঃ মস্তিষ্কৰ পৰা কিছুমান অতি পাতল, মিহি সূতাৰ দৰে অংশ ওলায় এইবোৰকে স্নায়ু বোলে।
স্নায়ুবোৰৰ কাম হ'ল- শৰীৰত গৰম বা ঠাণ্ডা বস্তু লাগিলে ছালত থকা স্নায়ুবোৰে নিমিষতে মগজুক এই বিষয়ে জনায়। মগজুৱে লগে লগে শৰীৰৰ অংশটো তাৰ পৰা আঁতৰাই আনিবলৈ স্নায়ু মাজেৰেই এই নিৰ্দেশ পঠিয়াই। স্নায়ুবোৰৰ সহায়ত মগজুৱে অনবৰতে শৰীৰৰ সকলো অংগ কি অৱস্থাত আছে গম পায়। শৰীৰৰ প্ৰত্য়েকটো তন্ত্ৰ মগজুৰ নিৰ্দেশতে চলি থাকে। চকুৰে বস্তু এটা চালে চকুত থকা স্নায়ুবোৰে লগে লগে বস্তুটোৰ ছবিখনৰ খবৰ মগজুলৈ পঠিয়াই। তেতিয়াহে আমি বস্তুটো দেখা পাওঁ।
(১৩) জঁকা কাক বোলে ? ইয়াৰ কাম কি ?
উত্তৰঃ শৰীৰত থকা হাড়ৰ সজ্জাটোকে জকা বোলে।
ইয়াৰ কাম হ'ল- জঁকাটোৱে শৰীৰৰটোক আটিল হৈ থকাত সহায় কৰে।
(১৪) ৰক্ত সঞ্চালন তন্ত্ৰ কাক বোলে ? ইয়াৰ কাম কি ?
উত্তৰঃ হৃদপিণ্ড আৰু কিছুমান তেজ পৰিবাহী নলী লগলাগি যি তন্ত্ৰ গঠন হৈছে তাক ৰক্ত সঞ্চালন তন্ত্ৰ বোলে।
ইয়াৰ কাম হ'ল- ৰক্ত সঞ্চালন তন্ত্ৰই শৰীৰত তেজ চলাচল কৰোৱায়।
(১৫) ডাঙৰ মানুহৰ মগজুটোৰ ওজন কিমান ?
উত্তৰঃ ডাঙৰ মানুহৰ মগজুৰ ওজন ১ কিল'গ্ৰামতকৈ অলপ বেছি।
Lesson 13
আহাৰ আৰু সুস্বাস্থ্য
◻️ প্ৰশ্নাৱলী
(১) পুষ্টিকৰ বস্তু কিয় খাব লাগে ?
উত্তৰঃ আমাৰ শৰীৰত বিভিন্ন অংগ-প্ৰতংগ থাকে। এই অংগ-প্ৰতংগ বোৰ গঠন হ'বলৈ আৰু শৰীৰে দৰকাৰী কাম কৰিবলৈ পুষ্টিকৰ বস্তু খাব লাগে। খোৱা বস্তুতে শৰীৰ গঠনৰ বাবে দৰকাৰী পুষ্টিকৰ বস্তুবোৰ থাকে।
(২) সুষম আহাৰ কি ?
উত্তৰঃ শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ বস্তুবোৰ ঠিক হিচাপত থকা আহাৰকে সুষম আহাৰ বোলে।
(৩) কেঁচা শাক-পাচলি আৰু ফল-মূল কিয় খাব লাগে ?
উত্তৰঃ কিছুমান শাক-পাচলি আৰু ফল-মূল কেঁচাকৈ খাব লাগে। এইবোৰ শাক-পাচলি আৰু ফল-মূলত শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন, কিছুমান খনিজ পৰ্দাথ আৰু প্ৰ'টিন থাকে। সিজালে বা ৰান্ধিলে, এই পুষ্টিকৰ গুণবেৰ কমি যায়। সেইবাবে এইবোৰ পাচলি কেঁচাই খাব লাগে।
(৪) খোৱাবস্তু কিয় ভালদৰে ধুই পৰিষ্কাৰ কৰি ল'ব লাগে ?
উত্তৰঃ বাৰীৰপৰা চিঙি অনা বা বজাৰৰ পৰা অনা খোৱা বস্তুত ধূলি-মাকতি লাগি থাকে। অপৰিষ্কাৰ ধুলি-মাকতি লাগি থকা বস্তুত বিভন্ন ৰোগৰ বীজাণু থাকে। এইবোৰ ধূই নাখালে এই বীজানুবোৰে শৰীৰত নানান ধৰণৰ ৰোগৰ সৃষ্টি কৰে। সেইবোবে খোৱা বস্তুবোৰ ভালদৰে ধূই খাব লাগে।
(৫) খোৱাবস্তু কিয় ভালকৈ চোবাই খাব লাগে ?
উত্তৰঃ খোৱাবস্তু ভালদৰে চোবাই খাব লাগে চোবাই নাখালে খোৱাবস্তু ঠিকমতে হজম নহয়।
(৬) দাঁত-মুখ ভালদৰে নুধুলে কি হয় ?
উত্তৰঃ দাঁত-মুখ ভালদৰে নুধুলে খোৱাবস্তুবোৰ দাঁতত লাগি থাকে। এইবোৰত ৰোগৰ বীজানুৱে বাহ লয় আৰু দাঁত পোকে খায়।
(৭) আমি কিয় পৰিশ্ৰম কৰিব লাগে ?
উত্তৰঃ আমি নিতৌ পৰিশ্ৰম কৰিব লাগে। পৰিশ্ৰম কৰিলে শৰীৰৰ বিভিন্ন অংগ-পতংগলৈ ঠিকমতে তেজ চলাচল কৰাত সহায় হয়। নিয়মীয়াকৈ ব্য়ায়াম, যোগাসন কৰিলে, খোজ কাঢ়িলে আৰু খেলা-ধূলা কৰিলে এজন সুস্বাস্থ্য়ৰ অধিকৰী হৈ থাকিব পাৰি।
(৮) মন ভালে ৰাখিবলৈ কি কি কৰিব পাৰি ?
উত্তৰঃ ভাল স্বাস্থ্য়ৰ লগতে মনটোও ভাল কৰি ৰাখিব লাগে। মনটো ভাল কৰি ৰাখিবলৈ ভাল কিতাপ পঢ়া, গান শুনা, গান গোৱা, খেলা-ধূলা কৰা, ভাল নাটক, চিনেমা চোৱা আদি কাম বোৰ কৰিব পাৰি।
(৯) খোৱাবস্তু কিয় ঢাকি ৰাখিব লাগে ?
উত্তৰঃ খোৱা বস্তু খোৱাৰ আগতে ভালদৰে ঢাকি থ'ব লাগে। নহ'লে এইবোৰত ধূলি-মাকতি, মাখি, পঁইতাচোৰা, ইত্য়াদি পোক-পৰুৱা পৰিব পাৰে। এইবোৰে ৰোগৰ বীজানু আনি খোৱাবস্তুত পেলায়হি।
(১০) গাজৰ, বিলাহী আদি কিয় সিজাই খাব নালাগে ?
উত্তৰঃ গাজৰ, বিলাহি আদি সিজাই খাব নালাগে। এইবোৰ শাক-পাচলিত শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন, কিছুমান খনিজ পদাৰ্থ আৰু প্ৰ'টিন থাকে। সিজালে বা ৰান্ধিলে এই পুষ্টিকৰ গুণবোৰ কমি যায়।
(১১) খোৱাবস্তু ভালে ৰখাৰ দুটা উপায় উল্লেখ কৰা ।
উত্তৰঃ খোৱা বস্তু ভালে ৰখাৰ দুটা উপায় হ'ল-
১) ৰেফ্ৰিজেৰেটৰ বা ফ্ৰিজত থৈ ফল-মূল, শাক-পাচলি আৰু নানা খোৱা বস্তু ভালেমান দিনলৈ সতেজ কৰি ৰাখিব পাৰি।
২) জাম-জেলি আচাৰ তৈয়াৰ কৰিও খোৱা বস্তু ভালদৰে ৰাখিব পাৰি।
(১২) আমাৰ শৰীৰটো কিয় পৰিষ্কাৰ কৰি ৰাখিব লাগে ?
উত্তৰঃ অপৰিষ্কাৰ হৈ আৰু লেতেৰা মলিয়ন কাপোৰ পিন্ধি থাকিলে আমাৰ শৰীৰত বিভিন্ন ৰোগৰ বীজানুৱে বাহ লয়। সদায় খোৱাৰ আগতে ভালদৰে হাত নুধুলে নখত থকা বিভিন্ন বীজানু শৰীৰত প্ৰবেশ কৰে। ভালদৰে দাঁত নামাজিলে দাঁতত খোৱা বস্তু লাগি থাকে আৰু এইবোৰত ৰোগৰ বীজানুৱে বাহ লয় আৰু দাঁত পোকে খায়। সেয়েহে পুষ্টিকৰ খাদ্য় খোৱাৰ উপৰিও আমি সদায় পৰিষ্কাৰ হৈ থাকিব লাগে।