1। শুদ্ধ উত্তৰটো বাছি উলিওৱা :
i ) এজোপা উদ্ভিদৰ মুখ্য প্রজনন অংগ হ’ল—
a ) ডাল । b ) পাত c ) মুকুল d ) ফুল
উত্তৰঃ d ) ফুল
ii ) পুং আৰু স্ত্রী জননকোষৰ মিলনক কি বুলি জনা যায় ?
a ) নিষেচন b ) পৰাগযােগ c ) বীজৰ গঠন d ) মুকুলন
উত্তৰঃ a ) নিষেচন
iii ) মৃদগত কাণ্ডৰ কি অংগৰপৰা নতুন উদ্ভিদৰ সৃষ্টি হয় ?
a ) শুল্কপত্র b ) গাঁঠি c ) মুকুল d ) শিপা
উত্তৰঃ d ) শিপা
iv ) পূৰঠ ডিম্বাশয়ে গঠন কৰে—
a ) বীজ b ) জননকোষ c ) ভ্রণ d ) ফল
উত্তৰঃ b ) জননকোষ
v ) ফুলৰ কি অংশৰপৰা ফলৰ সৃষ্টি হয় ?
a) বৃতি b ) গর্ভমুণ্ড c ) পৰাগধানী d ) গর্ভাশয়
উত্তৰঃ d ) গর্ভাশয়
২. খালী ঠাই পূৰ কৰা :
i ) পুংকেশৰৰ পৰাগৰেণু গর্ভমুণ্ডত থিতাপি লােৱাকে পৰাগযোগ বােলে ।
ii ) পুং আৰু স্ত্রী জননকোষৰ মিলনক নিষেচন বােলে ।
iii ) উদ্ভিদদেহৰ অংশৰপৰা নিষেচন নােহােৱাকৈ অন্য উদ্ভিদ সৃষ্টি হােৱা ক্রিয়াক অযৌন প্ৰজনন বোলে ।
3. ) চমু উত্তৰ দিয়া ।
i ) যৌন প্রজনন বুলিলে কি বুজা ?
উত্তৰঃ প্ৰতিটো জীৱই নিৰ্দিষ্ট জীৱনকালত অতিক্ৰম কৰি পৈণত অৱস্থাত উপনীত হয়। লগে লগে জীৱটো যৌন প্ৰজনন বাবে সাজু হয়।
ii ) স্বপৰাগযােগ আৰু ইতৰ পৰাগযােগৰ পার্থক্য লিখা ।
উত্তৰঃ স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ পাৰ্থক্য তলত উল্লেখ কৰা হ'ল -
১। একেজোপা গছৰ একেপাহ বা আন এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰাগৰেণু সংস্থাপিত হোৱাকে স্ব-পৰাগযোগ বোলে।
আনহাতে দুজোপা ভিন ভিন গছৰ ফুলৰ মাজত ঘটা প্ৰক্ৰিয়াক ইতৰ পৰাগযোগ বোলে।
iii ) বীজৰ কি কি গুণৰ বাবে বতাহে এঠাইৰপৰা আনঠাইলৈ বিস্তাৰণ কৰাব পাৰে ?
উত্তৰঃ বীজৰ কোমলতা,
iv ) ফুলৰ নিষেচন বুলিলে কি বুজা ?
উত্তৰঃ গৰ্ভমুণ্ডত থিতাপি লোৱা পৰাগৰেণুৰ অংকুৰণ ঘটি পৰাগনলীকাৰ সৃষ্টি হয়। ই ক্ৰমে বৰ্ধিত গৰ্ভমুণ্ডৰ মাজেৰে গৰ্ভাশয় অভিমুখী গতি কৰে। পৰাগনলীকাৰ মাজেদি শুক্ৰাণু বা পুংজননকোষ ক্ৰমে ডিম্বক অভিমুখী হয়। পিছত ভ্ৰূণস্থলীত প্ৰৱেশ কৰি ডিম্বাণুৰ সৈতে সংযোজিত হৈ যোজনকোষ গঠন কৰে। এই প্ৰক্ৰিয়াটোক নিষেচন বোলে।
v ) মানুহে কিদৰে বীজৰ বিস্তাৰণ ঘটাব পাৰে ?
উত্তৰঃ এডাল গছৰ পৰা উলোৱা বীজ আন এঠাইত নি ৰুই দিব পাৰে।
4. বিৱৰণ দি উত্তৰ দিয়া : .
i ) উচ্চ পর্যায়ৰ উদ্ভিদৰ ক্ষেত্ৰত কি কি প্রকাৰে অংগজ প্রজনন সম্ভৱ হয় চিত্ৰ আৰু উদাহৰণ দি বর্ণনা কৰাঁ ।
উত্তৰঃ উচ্চ পৰ্যায়ৰ উদ্ভিদৰ ক্ষেত্ৰত স্বাভাৱিক পদ্ধতি, আৰু কৃত্ৰিম পদ্ধতিৰে অংগজ প্ৰজনন হয়।
স্বাভাৱিক প্ৰজনন- কিছুমান উদ্ভিদৰ সচৰাচৰ নিজে অংগজ প্ৰজনন হয়। ইহতৰ শিপা, কাণ্ড নাইবা পাতে মুকুল বা কলি বহন কৰে। এইবোৰে পাছলৈ গছৰ ৰূপত ৰূপান্তৰিত হয়।
কৃত্ৰিম পদ্ধতি- ফল-মূল অথবা খেতি কৰা লোকসকলে কৃত্ৰিম পদ্ধতিৰে উদ্ভিদৰ বংশ বৃদ্ধি কৰে। কিছুমান উদ্ভিদ যেনে- কুঁহিয়াৰ, নেমু, চজিনা, জবা আদিৰ ডাল কাটি মাটিত পুটি থলে পিছত নতুনকৈ পোখা মেলে। লিচু, আম, মধুৰিআম, ডালিম জাতীয় পুলি কলম দি নতুন পুলি বিকাশ কৰিব পাৰি।
ii ) ফুলৰ ইতৰ পৰাগযােগ সম্পন্ন কৰিবলৈ মাধ্যমবিলাকে কি কি সুবিধাৰে পৰাগযােগ সম্পন্ন কৰে উদাহৰণৰ সৈতে বর্ণনা কৰাঁ ।
উত্তৰঃ কোনো ফুলে পতংগক আকৰ্ষণ কৰিবলৈ মৌ নিঃসৰণ কৰে। আন কেতবোৰত উজ্জ্বল ৰং তীব্ৰ গোন্ধ আদি থাকে।