১) একোটিকৈ বাক্যত উওৰ লিখা্ঁ
ক)ওজা শব্দটো কি শব্দৰ পৰা ওলাইছে ?
উত্তৰঃওজা শব্দটো সংস্কৃত 'উপাধ্যায়' শব্দৰ পৰা ওলাইছে।
খ)ওজাপালি অনুষ্ঠানত কেইজন গায়ক থাকে?
উত্তৰঃএই অনুষ্ঠানত সাধাৰণতে তিনিজনৰ পৰা সাতজনলৈ গায়ক থাকে।
গ)অসমৰ ওজাপালি প্ৰধানকৈ কেইটা ভাগত বিভক্ত আৰু কি কি?
উত্তৰঃঅসমৰ ওজাপালি প্ৰধানকৈ দুটা ভাগত বিভক্ত ,সেয়ে হ'ল - সুকনান্নী ওজাপালি আৰু বিয়াহৰ ওজাপালি।
ঘ)বিষয়বস্তু অনুসৰি ওজাপালিৰ ভাগ দুটা কি কি ?
উত্তৰঃবিষয়বস্তু অনুসৰি ওজাপালিৰ ভাগ দুটা হ'ল- মহাকাব্য আশ্ৰিত ওজাপালি আৰু মহাকাব্য অনাশ্ৰিত ওজাপালি।
ঙ)মনসা-সংগীত কি?
উত্তৰঃমহাকাব্য অনাশ্ৰিত ওজাপালিক মনসা সংগীত বুলিব পাৰি । সৰ্পদেৱীক বন্দনা কৰিবলে গোৱা ধৰ্মীয় গীতবোৰেই মনসা সংগীত ।
চ)সুকনান্নী’ৰ ওজা কাক বোলা হয় ?
উত্তৰঃসুকবি নাৰায়ণদেৱৰ পাঁচালী গোৱা ওজাসকলক 'সুকনান্নী' ওজা বোলা হয়।
ছ) ওজাপালিত ওজাজন কেনে ব্যক্তি হ’ব লাগে?
উত্তৰঃওজাপালিৰ ওজাজন সাংগীতিক দিশৰ সকলো ক্ষেত্ৰতে দক্ষতা আৰু সম্যক জ্ঞান থকা ব্যক্তি হ'ব লাগে।
জ) দৰঙত দাইনাপালিক কি বোলে?
উত্তৰঃদৰঙত দাইনাপালিজনক কথা শলগা বা কথা ধৰা পালিও বোলে।
ঝ) বিয়াহৰ ওজাপালি কি সংগীতৰূপে আৰু ক'ত ক'ত প্ৰতিপালিত হয়?
উত্তৰঃ বিয়াহৰ ওজাপালি মাৰ্গসংগীতৰূপে পণ্ডিতসকলৰ ধৰ্মসভাত, জাতীয় উৎসৱত বা ৰজাসকলৰ আশ্ৰয়ত প্ৰতিপালিত হয়।
২) চমু উত্তৰ লিখা্ঁ
ক) ওজাপালিৰ উৎপত্তি সম্পকত থকা জনবিশ্বাসৰ বিষয়ে লিখা্ঁ ।
উত্তৰঃ এক জনবিশ্বাস মতে, দৰঙত বহুলভাৱে প্ৰচাৰিত ব্যাসসংগীত হেনো পাৰিজাতী নামৰ এগৰাকী মহিলাই সপোনত পাইছিল। সপোনতে তাঁতশালত কাপোৰ বৈ থাকোঁতে তেওঁ হঠাতে স্বগৰ্গৰপৰা মৰ্ত্যলৈ মধুৰ সুৰযুক্ত গীতৰ ধ্বনি নামি অহা শুনিছিল। সপোনত তেওঁ আত্মবিভোৰ হৈ তাতঁশালৰ পৰা উঠি আহি মুদ্ৰাসহ নৃত্য কৰিবলে লয়। পিছত পাৰিজাতীয়ে সপোনত লাভ কৰা নৃত্য-গীত শিষ্যসকলক শিকায় আৰু তাৰ পৰাই ব্যাসসংগীতৰ উৎপত্তি বুলি আজিও সেই ঞ্চলৰ লোকে বিশ্বাস কৰে ।
খ) মহাকাব্যত আশ্ৰিত ওজাপালি প্ৰধানকৈ কিহৰ কাহি্নীৰ ওপৰত নিভৰ কৰে? এইবিধ ওজাপালিৰ ভাগবোৰ দেখুওৱা্ঁ।
উত্তৰঃমহাকাব্যত আশ্ৰিত জাপালিয়ে প্ৰধানকৈ মহাভাৰত আৰু ৰামায়ণৰ লগতে পুৰাণৰ কাহিনীৰ ওপৰত নিৰ্ভয় কৰে।
ইয়াৰ ভাগবোৰ হ'ল -
ক) ব্যাসসংগীত বা বিয়াহৰ ওজাপালি বা ব্যাস গোৱা ওজাপালি।
খ) ৰামায়ণ সংগীত বা ৰামায়ণ গোৱা ওজাপালি ।
গ) ভাউৰা বা ভাৱৰীয়া বা ভাইৰা ওজাপালি।
ঘ) দুৰ্গাবৰী ওজাপালি।
ঙ) সত্ৰীয় ওজাপালি বা বিয়হীয়া ওজাপালি।
চ) পাঞ্চালী বা দুলড়ী ওজাপালি।
গ) মহাকাব্য অনাশ্ৰিত ওজাপালিৰ ভাগবোৰ কি কি?
উত্তৰঃ মহাকাব্য অনাশ্ৰিত ওজাপালিৰ ভাগবোৰ এনেধৰণৰ-
ক) সুকনান্নী ওজাপালি বা ৰং গোৱা ওজাপালি ।
খ)বিষহৰিৰ গান।
গ)মাৰৈপূজাৰ গান বা মাৰেগান।
ঘ) পদ্মপুৰাণৰ গান।
ঘ) ওজাপালিত দাইনাপালিজন কেনে হ’ব লাগে?
উত্তৰঃ দাইনাপালিজন বাকপট, উপস্থিত, বুদ্ধিসম্পন্ন, ৰসিক আৰু সমসাসয়িক তথা দৈনন্দিন জীৱনৰ ঘটনা-প্ৰবাহৰ লগত সু পৰিচালিত হ'ব লাগে। তদুপৰি তেওঁ নানা উপমা, কৌতুক, অতিৰঞ্জিত কথাৰ সহায়ত হাস্যৰস সৃষ্টি কৰি সমসাময়িক ঘটনাৰ লগত মূল বিষয়বস্ত ৰজিতা খুৱাই মনোৰমকৈ দাঙি ধৰিব পৰা ব্যক্তিত্বসম্পন্ন গুণৰ অধিকাৰী হ'ব লাগে।
ঙ) ব্যাসগোৱা ওজাপালিৰ ওজা আৰু পালিসকলৰ সাজপাৰৰ বিষয়ে লিখা্ঁ।
উত্তৰঃবৰ্তমান প্ৰচলিত ব্যাস গোৱা ওজাপালিৰ ওজাজনে চৌকাচাপনক চোলাৰে সংলগ্ন ঘূৰণীয়া জামা পৰিধান কৰে। সেই জামা নৃত্যৰ লগে লগে আকৰ্ষণীয়কৈ ফুলি উঠে। মূৰত অৰ্ধনৈকাকৃতিৰ পাগুৰি, কঁকালত টঙালি, কান্ধৰ দুয়োকাষে দীঘলকৈ ওলোমাই লোৱা ৰঙীন ফুলাম পছৰা, হাতত গামখাৰু, গলত মণিমালা, হাতৰ আঙুলিত আঙঠি, ভৰিত নূপুৰ, কপালত চন্দনৰ ফোঁট।
আৰু পালিসকলে শুধ বগা ধূতি, চাপক চোলা, মূৰত ডিম্বাকৃতিৰ পাগুৰি, কান্ধত গামোচা আৰু কপালত চন্দনৰ ফোঁট লয়।
চ) সুকনান্নী ওজাপালীত ওজা,দাইনাপালি আৰু পালিসকলৰ সাজসজ্জাৰ বিষয়ে লিখা্ঁ।
উত্তৰঃ সুকনান্নী ওজাপালিত ওজাজনে ধৰ্মীয় পৱিত্ৰতাৰ প্ৰতীক কপাহী বা পাটৰ শুদ্ধবগা পোছাক পিন্ধে। ওজা দাইনাপালি আৰু পালিয়ে ধুতি আৰু চাপকন চোলা পৰিধান কৰে আৰু দীঘল চাদৰ এখনেৰে মূৰত পাগ মাৰে। ওজাৰ পাগটো ডিম্বাকৃতিৰ। দাইনাপালি আৰু পালিৰ পাগ মৈৰাচকীয়, অৰ্থাৎ পাৈগমৰা চাদৰৰ আগটো মূৰৰ আগফালে মৈৰাই চালি ধৰা অৱস্থাৰ দৰে ওলাই থাকে। পালিৰ কান্ধত একোখন ফুলাম গামোচা থাকে । ওজাই কপাহী বা পাটৰ দহিত কদমসহ পদুম ফুল থকা চাদৰ এখন কান্ধেৰে মেৰিয়াই লয়। ওজাজনৰ গলত সোণৰ ঢোল-মাদলী, আৰু ৰূপৰ খট খোৱা মাদলী কাণত সোণৰ কেৰু , হাতত ৰূপৰ গামখাৰু আৰু আঙুলিত আঙঠি পিন্ধে । দাইনাপালি জনে ওজাজনৰ দৰে হাতত গামখাৰু আৰু ঘট খুওঁৱা ৰূপৰ মাদলী আৰু আঙুলিত ৰূপৰ আঙঠি ব্যৱহাৰ কৰা বাহিৰে বাকী পালিবোৰৰ মাজত অলংকাৰ -পাতিৰ ব্যৱহাৰ প্ৰায় নাই বুলিবই পাৰি। তদুপৰি, ওজা আৰু পালিসকলে কপালত ৰঙা ফোঁট লয়।
ছ) ওজাপালিত কিয় পুতলা নাচৰ ক্ৰমবিৱতিত ৰুপ বুলি কব পৰা যায়?
উত্তৰঃনাৰায়ণদেৱৰ পদ্মপুৰাণ পাঁচালী বা ওজাপালি সাহিত্য আৰু কবিজনা পাঁচালী কবিৰূপে অসমত জনাজাত হৈ আহিছে। সংস্কৃত পাঞ্চালী বা পাঞ্চালিকা শব্দৰ পৰা ওলোৱা পাঁচালী সাহিত্যক ওজাপালিৰ সাহিত্য বুলি কোৱাৰ মূলতে হ'ল এই গীত পদ সাধাৰণতে ওজাপালিয়ে প্ৰদৰ্শন কৰে। পাঁচালী শব্দৰ অৰ্থ পুতলা ঐতিহ্যপূৰ্ণ প্ৰাচীন পুতলা নাচৰ লগত ওজাপালিৰ মিল আছে ।পুতলা বা পাঁচালী নাচৰ আৰ্হিত বিবিধ নৃত্য, গীত, মুদ্ৰা, বাদ্যৰ সহায়ত সুৰযুক্তকৈ আবৃত্তি কৰা হয় বাবে এই গীতক পাচালী গীত বোলে । এইফালৰ পৰা ওজাপালিক পুতলা নাচৰ ক্ৰমবিৱৰ্তিত ৰূপ বুলি কব পৰা যায়।
৩) প্ৰসংগ সংগতি দশাই বাখ্যা কৰা্ঁ
অসমৰ ওজাপালি অনুষ্ঠানৰ মহত্ব আৰু গভীৰতা আন অনুষ্ঠানৰ সতে তুলনা কৰিব নোৱাৰি।
উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি আপোন পাঠৰ আৰ্ন্তগত ওজাপালি নামৰ পাঠটোৰ পৰা উৎকলন কৰা হৈছে।
অসমৰ যি সংস্কৃতি তাৰ এটা ডাঙৰ অংগ ওজাপালি। ওজাপালি প্ৰধানকৈ দুটা ভাগত বিভক্ত - সুকনান্নী ওজাপালি আৰু বিয়াহৰ ওজাপালি। এই ওজাপালিসমূহৰ যি অনুষ্ঠান হয় তাত কোনো আধুনিক বাদ্যৰ সংযোগ কৰা দেখা নাযায় ইয়াত কেৱল খুটি তালহে ব্যৱহাৰ কৰা হয়। ওজাপালিত কোনো ৰং-বিৰঙৰ সাজ- পাৰ বপৰিধান কৰা দেখা নাযায়। ওজাপালিত সাধাৰণতে তিনিজনৰ পৰা সাতজনলৈ গায়ক থাকে। ইয়াত এজনে গায়ক থাকে এইবোৰ পাৰ্থক্যৰ ভিত্তিত ওজাপালিক আন অনুষ্ঠানৰ লগত তুলনা কৰিব নোৱাৰি।
৪) চমু টোকা লিখা্ঁঃ
ক) সুকবি নাৰায়ণদেৱঃ সুকবি নাৰায়ণদেৱ এগৰাকী পাঁচালী কবি আছিল। নাৰায়ণদেৱে ৰটনা কৰা এখন গ্ৰন্থৰ নাম - পদ্মপুৰাণ . কোনো কোনো পণ্ডিতৰ মতে নাৰায়ণদেৱৰ দৰঙী বা ধাৰয়ণ ৰাজত্ব কালৰ কবি।
খ) দেওধনী নৃত্যঃ দেওধনী এবিধ পুৰণিকলীয়া নৃত্য । অসমৰ জনজাতীয় লোকসকলৰ মাজত এই নৃত্যৰ প্ৰচলন বেছি। অসমৰ দেৱী পূজাত বহু জনজাতিৰ মাজত দেওধনী নৃত্যৰ প্ৰচলন আছে। দৰঙত এই নৃত্য বেছি জনপ্ৰিয়। কেঁচাইখাইতী, সুবচনী , দুৰ্গা, বাথৌ ,ব্ৰাই আদি পূীজাত নাচে
গ) কবি মনকৰঃমনকৰ মনসা বিষয়ক পাঁচালী সাহিত্যৰ নিৰ্মাতা। তেওঁ ৰজা জপ্লেশ্বৰ কালৰ লোক। মাকৰ নাম কালিন্দ্ৰী। মনকৰ এজন ওজা বা গীতাল আছিল।
ঘ) কবি দুৰ্গাবৰঃএগৰাকী পাঁচালী কবি আছিল। বিশ্বসিংহৰ দিনৰ কবি আছিল । এওঁ কায়স্থ কুলত জন্ম হয়। জনা যায় যে তেওঁ নীলাচলত থাকিহে সাহিত্য চৰ্চা কৰে।
ঙ) মাৰেগানঃৰাভাসকলৰ মাজত মাৰেগান নামেৰে বহুলভাৱে প্ৰচলিত সুকনান্নী ওজাপালিয়ে সৰ্পদেৱী বিষহৰী মাৰেপূজাত কোনো মনসা কবিৰে ৰচিত পদ নাগায়।
৬] সন্ধি ভাঙা আৰু কৰাঁঃ
গায়ক=গৈ+অক।
নায়ক=নৈ+অক।
সংস্কৃত=সম+কৃত।
নৌকা +আকৃতি=নৌকাকৃতি।
ডিম্ব+আকৃতি =ডিম্বাকৃতি।
মনোৰম=মনঃ+ৰম।
গৱেষণা=গো+এষণা।
৭] নতুন শব্দ সাজা ঃ
অনুষ্ঠান+ইক=অনুষ্ঠানিক।
সংগীত+ইক =সংগীতিক।
পুৰাণ+ইক =পুৰাণিক।
সমাজ+ইক=সমাজিক।
লোক+ইক =লোকিক।
সংস্কৃত +ইক= সংস্কৃতিক।
ৰস+ইক =ৰসিক
[৮] বিপৰীত শব্দ লিখাঃ
প্ৰাচীন=আধুনিক।
বিশাল=ক্ষুদ্ৰ।
শিষ্য= গুৰু।
মৰ্যাদা =অমৰ্যাদা।
ৰসিক =অৰসিক।