১) উত্তৰ লিখাঃ
ক) কুম্পুৱে সপোনত কি দেখিছিল?
উত্তৰঃকুম্পুৰে সপোনত দুটা ভূতৰ পোৱালি আৰু দুজনী ভূত দেখিছিল।
খ) ভূতৰ পোৱালিকেইটা দেখিবলৈ কেনেকুৱা?
উত্তৰঃভূতৰ পোৱালিকেইতাৰ দেখাত নাক জিলিকা ,চকু টেলেকা পিলিকা পিলিকা ,এটা ক'লা এটা বগা ,নাঙঠ-পিঙঠ।
গ) ভূতৰ পোৱালীকেইটাই কি কি কৰিছিল?
উত্তৰঃ ভূতৰ পোৱালিকেইতাই ইটোৱে আনটোৰ লগত কথা পাতি আছিল , কিবা-কিবি ফুচ্ ফুচ্ কিবা গাইছিল আৰু কিবা কাম কৰিছিল , সিবতে যখিনীকেইজনীক চুলিত ধৰি নচুৱাইছিল।
ঘ) কুম্পুৰ মাকে ভূতৰ বিষয়ে কি বুলি কয়?
উত্তৰঃভূতে বোলে মানুহ ধৰি খায়, পুখুৰীলৈ নি ভৰিকিতা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায়।
ঙ) কুম্পুৰ কিয় ভূতলৈ ভয় নাই?
উত্তৰঃকিয়নো তাক ভূতে একোকে কৰা নাই, সিহতে তাৰ ওচৰলৈ আহিবলৈ সাহসেই কৰা নাই, সেয়ে তাৰ ভূতলৈ ভয় নাই বুলি কৈছে।
২) কুম্পুৰ সপোনঃ ভূতৰ পোৱালি পদ্যটিৰ কথাখিনি নিজৰ ভাষাৰে লিখাঁ।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচনা কৰা এই কবিতাটোত কুম্পুৰে দেখা সপোনএটাৰ বিষয়ে কৈছে। কুম্পুৰে সপোনত ভূতৰ বিষয়ে যি দেখিছিল সেয়া মাকৰ আগত কৈছিল যে -মা মই আজি ভূতৰ পোৱালি দুটা আৰু দুজনী দেখিলো সিহতৰ নাক জি্লিকা,চকু টিলিকা টিলিকা। এটা ক'লা এটা বগা , নাঙঠ-পিঙঠ ভূত ,সিহতে কথা পাতে নাক জোকাৰি , কুম্পুৰে মাকক কৈছে যে মা সিহতৰ নাচ চাবলৈ বৰ ভাল, । ভূতৰ পোৱালিকেইতাই
যখিনীকেইজনীক চুলিত ধৰি চৰ দিয়েআৰু নাচিবলৈ দিয়ে , যখিনীয়ে নাচে ককাল ভাঙি । আৰু ভূতৰ পোৱালিয়ে ঠেং দাঙি নাচে। কুম্পুৰৰ মাকে তাক কৈছিল যে ভূতে বোলে মানুহ ধৰি খায় আৰু ভৰি ওপৰ কৰি বোকাত মীৰ সুমোৱাই দিয়ে। পিছে কুম্পুৰে লগ পোৱা ভূতে তাৰ ওচৰলৈ আহিবলৈ সাহেই কৰা নাই, আৰু সি কৈছে ভয় কৰা লৰাকহে ভূতে ধৰি কিলায়।
কুম্পুৰে কৈছে ভূতৰ পেৱালিকেইতাৰ কানত ধৰি সি মুচৰি দিয়ে,আৰু সিহতে চিঞৰে। সি বিচাৰি ফুৰা ভূতৰ পোৱালি কেইতাক সি পোৱা বুলি কৈছে আৰু পুতলা থকা আলমাৰিটোত সুনমাই থ'লে। আৰু শেষত মাকে সাৰ পোৱাই দিলে বুলি কৈছে আৰু তাৰ ভূতলৈ বুলি ভয় নাইকিয়া হ'ল।
৩) ৰুপকো্ঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্যৰ বিষয়ে এখন ৰচনা লিখা্ঁ।
উত্তৰঃ ধাইনাম।
৪)চমু টোকা লিখা্ঁঃ
ক)জয়মতীঃসতী জয়মতীৰ জন্ম শিৱসাগৰ জিলাৰ মাদুৰী গাওতঁ । জয়মতীৰ প ত্নীৰ নাম গদাপাণি । জয়মতী আহোম ধৰ্মৰ আছিল । জয়মতীৰ দুজন পুত্ৰ লাই আৰু লেচাই আছিল। গদাপাণিৰ কাৰণে জয়মতী জেৰেঙা পথাৰত চাওদাঙৰ হাতত মৃত্যু হয়।
খ)শিল্পী দিৱসঃ জ্যোতিপ্ৰসাদৰ স্মৃতিত এই শিল্পী দিৱস হিচাপে পালন কৰা হয়। আমি ১৭ জানুৱাৰীত শিল্পী দিৱস বিদ্যালয় বা আনান্য গাওঁ সমূহত আৰু সামাজিক ক্ষেত্ৰত উদযাপন কৰা হয়। এই শিল্পী গৰাকীৰ পৰলোক প্ৰাপ্তিত এই দিৱস পালন কৰা হয়।
গ)জ্যোতি চিএবনঃজ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত। প্ৰথম আৰু বৰ্তমানলৈ একমাত্ৰ ষ্টুডিঅ'। জ্যোতিপ্ৰসাদৰ জয়মতী শৱটিঙৰ বাবে ভোলাগুৰি চাহবাগিছাত পাতি লোৱা অস্থায়ী চিত্ৰবন এই শব্দ দুটা লগ লগাই জ্যোতি চিত্ৰবন ৰখা হয়। ১৯৬১ চনত প্ৰতিষ্ঠা কৰা হয়। ১৯৬৮চনত কাৰ্যক্ষম হৈ উঠে।
৫) বিপৰীত লিংগ নিণয় কৰা্ঁ
যখ-যখিনী
ভূত=ভূতুনী।
সিংহ=সিংহিনী।
শিয়াল=শয়ালা।
বোন্দা=জাঁই।
শৰ=ভেলেঙ্গী।
৬)কাক কি বোলে?
গৰুৰ পোৱালি=দামুৰি।
মাছৰ পোৱালি=পোনা।
ভেকুলীৰ পোৱালী=লালুকী।
কাৱৈ মাছৰ পোৱালী=কাৱৈতিলা।
গৰৈ মাছৰ পোৱালী=গৰৈচিৰিকা।