১) প্ৰথমে কোৱা্ঁ তাৰ পাছত লিখা :
ক) ঐ অ! ভাত লৈ আহ!-শুনিছনে?" – কথাষাৰ কোনে কাক কৈছিল?
উত্তৰঃ কথাষাৰ শিশুৰামে ,ভদৰীক কৈছিল।
খ) বেথাই বহুৱাৰে সৈতে শিশুৰামৰ কিয় খকা –খুন্দা লাগিছিল?
উত্তৰঃমাটিৰ সীমা ঠেলা বাবে বেথাই বহুৱাৰে সৈতে শিশুৰামৰ থকা -খুন্দা লাগিছিল।
গ) ভদৰীয়ে বিবাহিত জীৱনৰ অপৰীহাৰ্য অংগবোৰ কি কি বুলি ভাবিছিল?
উত্তৰঃভুকুটো, ঢকাটো চৰটো গোৰটো আৰু কাঠখৰি আৰু ঢেকিঠোৰাৰ মাৰটো, উঠা বহা খোৱা-লোৱা আদিবোৰ ভদৰীয়ে বিবাহিত জীৱনৰ অপৰিহাৰ্য অংগ বুলি ভাবিছিল।
ঘ) ভদৰীক শিশুৰামৰ আক্ৰমণৰ পৰা কোনে ৰক্ষা কৰিবলৈ আহিছিল?
উত্তৰঃভদৰীক শিশুৰামৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰামৰ বেলেগতীয়া ভায়েক কিনাৰাম আহিছিল।
ঙ) শিশুৰামক হাজোতৰ পৰা ডাক্টৰে কিয় ভদৰীৰ ওচৰলৈ লৈ আনিছিল?
উত্তৰঃডাক্তৰে কম্পাউণ্ডাৰৰ মুখে ৰোগীৰ সকলো অৱস্থাৰ ভূ পাই পাশিশুৰামক ভদৰীৰ উচৰ আনি দিলে। কিয়নো তাই আৰু জীয়াই থকাৰ আশা নাই।
চ) ভদৰীয়ে ডাক্টৰৰ ওচৰত কেনেকৈ গা কাটিছিল বুলি বুজাইছিল?
উত্তৰঃভদৰীয়ে কৈছি্ল যে- দেউতা ইশ্বৰ! ধৰ্ম্মাৱতাৰ! এওঁৰ কোনো দোষ নাই, এওঁক এৰি দিয়ক । বেটী গোলামীয়ে চুলি চিঙি কাতৰ কৰি মাতিছো, মোৰ , গিৰিহঁতক এৰি দিয়ক । মাছ বাছিবলৈ যাওঁতে উজুটি খাই পাতি থোৱা মৈদাত পৰি্ বেটী গোলামীৰ গা কাটীছে।
ছ) শিশুৰামে কিমানদিন ফাটেক খাটিচিছিল?
উত্তৰঃপৰিশ্ৰমেৰে সৈতে তিনিমাহ ফাটেক খাটিছিল।
২) বুজা আৰু লিখা :
গৰুটো=গৰুজাক।
মাছটো =মাছবোৰ।
শিক্ষকগৰাকী=শিক্ষকসকল।
পৰ্বতটো=পৰ্বতশ্ৰেণী
৩) বাক্য ৰচনা কৰা
কেকলি-গথনিঃ মানুহজনক কাৰ্যটো কৰিবদিয়াত তেওঁ কামটেো নকৰি কেকলি-গাথনিহে কৰি আছে।
পেটে কঁকালে লগাঃমানুহজনে একো খাব নাপাই ভোকত পেটে ককালে লাগিছে।
লঘোনে-ভোকেঃআজি তিনিদিনে ধৰি ৰমেনৰ পৰিয়ালটোৱে লঘোনে-ভোকে আছে।
উঠা-বহাঃআমাৰ সমাজত দেখা যায় যে সৰুমানুহবোৰে ডাঙৰৰ আগত উঠা-বহা কৰে।
খোৱা-লোৱাঃআমি সকলোৱে খোৱা-লোৱাৰ প্ৰতি জত্ন লব লাগে।
৪) উদাহৰণ চাই বাকীখিনি কৰা্ঁ
সচাঁ =মিছা।
অসীম=সসীম।
যুগুত=অযুগুত।
সহ্য= অসহ্য।
জ্ঞানী= মূৰ্খ।
৫) বুজা আৰু লিখা্
বাইক=বাক্য।
লগন=লগ্ন।
কৰম=কৰ্ম।.
ধৰম=ধৰ্ম।
বিৰিখ=বিৰ্খ।
ভকতি=ভক্তি।
জনম=জন্ম।
[ ৬ ] পাঠটোত শিশুৰামে পথাৰত হাল বাই খেতি কৰাৰ কথা উল্লেখ আছে । খেতি কৰিবলৈ খেতিয়কক কি কি লাগে তাৰ এখন তালিকা যুগুত কৰাঁ।
উত্তৰঃ
কৃষি সজুলি
১/ নাঙল
২/কোৰ
৩/জৱকা
৪/দলিমাৰি,
৫/মৈ
[ ৭ ] পাঠটিৰ ৰচকগৰাকীক কি কি কাৰণত ৰসৰাজ আৰু সাহিত্যৰথী ’ বুলি অভিহিত কৰা হয় সেই বিষয়ে একোটিকৈ টোকা যুগুত কৰাঁ।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ যি ৰচনা সেয়া অপূৰ্ব। অসমীয়া ভাষা সাবিত্যৰ পুৰণি ভৰালটোক নতুন সৃষ্টীৰে বিনন্দীয়াকৈ বেজবৰিৱাদেৱে সজাই থৈ গৈছে। তেওঁ নোহোৱা বয় সাহিত্যৰ এটা অংশ নাথাকিল হয় ।তেওঁৰ মুখ্য ৰচনাৰাজি এনেধৰণৰ জোনাকী, কবিতা , উপন্যাস, বাঁহী ,সাধুকথা, নাঠক,চুটি গল্প, নানা প্ৰবন্ধ। সেয়েহে আমি তেওঁক ৰসৰাজ আৰু সাহিত্যৰথী বুলি অভিহিত কৰা হয়।
[ ৮ ] ভাব বহলাই লিখ :
আঁঠুৱা চাই ঠেং মেলা।
উত্তৰঃমহ নিবাৰণৰ বাবে আঁঠুৱা ব্যৱবাৰ কৰা বয়। আঁঠুৱা যিমান দীঘল সেই মতে ঠেং মেলি আঁঠুৱাৰ তলত শুব লাগে। চুটি আঁঠুৱাত ঠেং মেলি দিলে, আঁঠুৱা দাং খাই মহ সোমাই কামুৰিব, তেতিয়া আঁঠুৱা তৰাৰ কোনো অৰ্থ নাথাকিব। তদুপৰি আঁঠুৱাও ফাটিব। গতিকে আঁঠুৱাৰ জোখ অনুযায়ীহে ঠেং মেলা উচিত। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে আই চাইহে ব্যয় কৰিব লাগে। নিজৰ সামৰ্থ্য চাইহে কাম কৰিব লাগে । আয়তকৈ ব্যয় বেছি হ'লে ধাৰত পোত খাব লাগিব সেয়েহে সামৰ্থতকৈ বেছি কৰিব খুজিলে ডাঙৰ বিপদত পৰিব লগা হয়।